Wednesday, 4 May 2016

ফচঙৰ শনিৰ দশা






কিচিম কিচিম ভাৱনাই অ
ধৰেনো হেঁচা মাৰি
তেতিয়া মই বিচনাত পৰোঁ...
এঙামুৰি এটা দি ফচঙে ইফালে সিফালে চালে । হয় সি ভবাৰ দৰেই সৰুপোনাৰ কোঠাতেই গানটো বাজিছে ফচঙে আকৌ এবাৰ কানপাতিলে
কিচিম কিচিম ভাৱনাই অ
ধৰেনো হেঁচা মাৰি...
আয়ৈ দেহী গায়কজনৰো চাগৈ তাৰ দৰেই দুখে কুলাই পাচিয়ে নধৰা হৈছে ! এইহেন ধুনীয়া বতৰতো কিচিম কিচিম গোন্ধ আৰু চিন্তা কিছুমানে ফচঙৰ টোপনি কাঢ়ি নিছিলসেইবাবেই এইসময়ত এই গানটো তাৰ নিজৰ লগত মিলি যোৱা যেন লাগিলসি গোন্ধ আৰু চিন্তাবোৰ আঁতৰাই গানটোত মন দিবলৈ চেষ্টা কৰিলে । নাই নোৱাৰিলে । খোৱা টেবুলৰ পৰা উৰি অহা মলমলীয়া মাছৰ গোন্ধটোৱে তাক একোতে মন বহাবলৈ নিদিলে । আনকালে হোৱা হলে সি ইমানপৰে গৈ নেজ ডাল পোন কৰি টেবুলৰ তলত সকলোৰে ভৰিত গা ঘঁহাই মেও মেও কৰি থাকিলহেঁতেন । কিন্তু আজিৰ কথা বেলেগ । আজি যদি টেবুলৰ তলত মেও মেও কৰিবলৈ যায় গচকত পেটু ওলাবলৈও আছে । সেই ভয়তে ফচং সেইমুৱা হোৱা নাই ।
আচলতে ফচঙৰ শনিৰদশা চলিছে । বগীবুঢ়ীয়েও অলপতে ফচঙক সঁকিয়াই দিছে –বোলো বোপা ভালে ভালে থাকিবি দেই । তোৰ বাবে আমি ডেউকা ভাঙিব নোৱাৰোঁ
বুঢ়ীয়ে অৱশ্যে ঠিকেই কৈছে । অলপতে ফচঙৰ গালৈ বুলি শনিয়ে নিক্ষেপ কৰা টাঙোন এডালে বুঢ়ীৰ সৰু বোৱাৰীয়েকক আঘাত কৰি লেঙেৰা কৰি থৈছে । সেই তেতিয়াৰে পৰা শনিৰ দশাতকৈ ফচঙৰ সংগহে সকলোৰে বাবে বিপদজনক বুলি গণ্য কৰা হৈছে । কোনে জানে কেতিয়া ফচঙৰ গাত শনি লম্ভে !!
এই শনিৰদশা আৰম্ভ হৈছিল এমাহ মানৰ আগত । সেইদিনা যিদিনা ফচঙৰ সকলোতকৈ প্ৰিয় সৰু আইদেউ ঘৰলৈ আহিছিল । আৰু লগত লৈ আহিছিল আইদেউৰ থুনুক-থানাককৈ মাত ফুটা কনমানীটো । এইগৰাকী সৰু আইদেৱেই বিয়াৰ আগলৈকে ফচঙক  আতোলতোলকৈ ৰাখিছিল । আৰু ফচঙেও অনবৰতে সৰু আইদেউক পাছে পাছে ঘুৰি ফুৰিছিল । গতিকে সৰু আইদেউ ঘৰলৈ অহা দেখি ফচঙৰ বিৰাট আনন্দ লাগিছিল । কিন্তু ফচঙৰ সেই আনন্দ চেঁচা পৰিবলৈ বেছি সময় নালাগিল । সৰু আইদেউৰ কোলাৰ নামি আহি কনমানীটোৱে যেতিয়া তাৰ নেজডালত গচকি দিলেহি তেতিয়াই সি অনুমান কৰিলে আগন্তুক দিনকেইটা যে তাৰ ভালে কুশলে নাযাব । হওঁতে কনমানীটোৰ ভাল নাম এটা আছে কিন্তু তাৰ কৰ্ম কাণ্ডই ফচংহঁতৰ সমাজত শনি নামেৰেহে কুখ্যাত কৰি তুলিলে
-জেতুকী তোৰ কলাফুলত সেই চাট কোনে মাৰিলে ?
-শনি !
-বগী বুঢ়ী ,পুৱাই কিয় ইমান টেঁটু ফালিছিলি ?
-এহ কিনো কবি আৰু, শনিয়ে সৰু বোৱাৰীজনীয়ে পাৰি থোৱা কণীকেইটা গচকি পেলালেহি । তাকে গালি দি আছিলোঁ ।
মুঠতে শনিয়ে সকলোৰে জীৱন খেলিমেলি কৰি পেলাইছিল । আৰু এই ক্ষেত্ৰত সকলোতকৈ বেছি দুৰ্গতি হৈছিল ফচঙৰ । ফচঙে ভাত খাবলৈ লব শনিয়ে আহি তাক নেজত ধৰি চোঁচৰাই লৈ ফুৰিব । ফচং শুবলৈ লব কৰবাৰ পৰা ওফাৰ-উফৰিকৈ আহি শনি গাতে পৰি দিবহি । সৰু আইদেউৰ লৰাৰ বাবে ওলোটাই আঁচোৰ এটাও মাৰিব নোৱাৰি আৰু সেই সুবিধাতে শনিয়ে ফচঙৰ জীৱন তচ-নচ কৰি পেলালে ।
-আস নোৱাৰি বুজিছ পাখৰু এনেকৈ আৰু নোৱাৰি । ইয়াৰ কিবা এটা গতি লগাবই লাগিব ।
ফচঙে কাষতে শুই থকা পখৰালৈ চাই কলে ।
-কিহৰ গতি লগোৱাৰ কথা কৈছে অঅকনমানী লৰা । তাতে আলহী । দুদিনমান থাকি গুচি যাব । অলপ সহি থাকচোন ।
পখৰাৰ কথা শুনি ফচঙৰ খং উঠি গল ।
-কি সহ্য কৰা কথা কৈছে ! যোৱা এমাহ ধৰি মই তাৰ অতপালি সহি আছোঁ । সৰু আইদেউ পুতেক বুলি কামোৰা এটাও মৰা নাই । আনকি কেনেবাকৈ ভুলতে নখ লাগে বুলি মাজে মাজে নখৰ ধাৰবোৰ শিলত ঘঁহি নাইকিয়া কৰিছোঁ । আৰু কিমান কৰিম ক ? আজি সিহঁতি মাছে ভাত খাই আছে আৰু মই সেই শনিটোৰ ভয়ত বাহিৰত বহি আছোঁ । এটা বোন্দাৰ বাবে ইয়াতকৈ আৰু দুখৰ কথা কিবা হব পাৰেনে ?
শেষৰ ফালে ফচঙৰ মাতষাৰ থোকা-থুকিকৈ ওলাল ।
-তই যি কৰিব খুজিছ কৰি থাক । কিন্তু কনমানীটোৰ যাতে একো অনিষ্ট নহয় সেইটো মন কৰিবি ।
এইবাৰ ফচঙে একো নকলে মাথো ডাঢ়িকেইডাল পকাই পকাই হাঁহি এটা মাৰি ভোৰভোৰালে-মইটো ভাবিয়েই থৈছোঁ ,মাত্ৰ শনিয়ে জালত ভৰি থলেই হল !
এইফালে গৃহস্থ ভাত খাই উঠিল সেইফালে ফচং নিজৰ পৰিকল্পনাত লাগি গল । সি প্ৰথমেই সৰুপোনাৰ কোঠাৰ বিচনাখনৰ ওচৰলৈ গল । বিচনাখনৰ উচ্চতা চাই তাৰ মন ভাল লাগি গল । ঠিক ইমানখিনি উচ্চতাই তাক দৰকাৰ । যাতে সাপো মৰে লাঠিও নাভাগে । ফচঙৰ পৰিকল্পনাৰ মতে সি শনিৰ আগত অলপ সময় ইফাল-সিফাল কৰি দেখুৱাব আৰু তাক দেখি শনিয়ে খেদি আহিব । শনিয়ে খেদাৰ লগে লগে ফচং আহি সৰুপোনাৰ বিচনাত উঠিবহি । পাছে পাছে শনিটো আহিবই । সি যেতিয়া বিচনাত উঠিব তেতিয়াই ফচঙে আচল অস্ত্ৰ পাত ব্যৱহাৰ কৰিব । ফচং আহি বিচনাৰ একেবাৰে কাষত ৰৈ দিব । আৰু শনিয়ে তাক ভুকু মাৰিবলৈ ললেই সি মাটিলৈ জাঁপ মাৰি দিব । লগে লগে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি শনিও বিচনাৰ পৰা লুটি খাই পৰিব । সৰু পোনাৰ বিচনাখন ইমান বেছি ওখ নহয় যে লুটি খাই পৰি শনিয়ে বেছিকৈ দুখ পাব । কিন্তু ইমান চাপৰো নহয় যে শনিয়ে ভয় নাখাব । বচ,ফচঙৰ প্ৰতিশোধ লোৱাও হৈ যাব লগতে শনিয়েও ফচঙক অত্যাচাৰ কৰাটো যে ভাল কাম নহয় সেইটো গম পাই যাব ।
ভবা মতেই কাম । ফচং গৈ কটাৰীৰে দুৱাৰডলি কাটি থকা শনিৰ আগত অহা-যোৱা কৰিলেগৈ শনিয়ে হাতত কটাৰখন লৈয়ে খেদা মাৰি আহিল । কটাৰখন দেখি একমুহূৰ্তৰ বাবে ফচঙে পৰিকল্পনাটো বাদ দিওঁ বুলি ভাবিছিল যদিও পাছত যি হয় দেখা যাব বুলি বিচনাত উঠিলগৈ । শনিয়ে কেইবাৰো চেষ্টা কৰি বিচনাত উঠিল । ফচং বিচনাৰ কাষলৈ গল । শনিও । শনিয়ে কটাৰীখন জোকাৰি ফচঙৰ গাত মাৰো বুলি লওঁতেই ফচঙে জাপ মাৰি দিলে । ফচঙে ভবাৰ দৰেই ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি শনি লুটি খাই পৰিল । লগে লগে এটা টেঁটুফলা চিঞৰে শুই থকা বগীবুঢ়ীকো জগাই দিলে ।
মিয়াওওওওওওওওওওওওওওওওওওওওওওওওওওও
চিঞৰটোৰ লগে লগে ঘৰ সদস্যসকলৰ দুপদুপকৈ লৰাৰ শব্দ শুনা গল । পখৰাই কি হৈছেনোঁ বুলি জুমি চাওঁতেই তাৰ চকুৰ আগদি বায়ু বেগেৰে ফচং ওলাই গআৰু সেই একে বেগেৰে অহা ফৰ্মুঠি এটাই পখৰাক লুটি খোৱাই পেলাই দিলে । তাৰপাছত বহু সময়লৈকে ঘৰখনত হুলস্থুল হৈ থাকিল যদিও ফচঙক হলে কোনেও বিচাৰি নাপালে ।
পিছদিনাখন ফচঙক দেখা গল । ঘৰ মূধচত বহি সি মাথো ভাবি আছিল তাৰ লগতে কিয় এনেবোৰ হয় । গোটেই ঘৰখনেই আজি তাৰ শত্ৰু হৈ পৰিছে । সকলোৱে মাথো তাক গালি পাৰিছে । সৰু আইদেৱেটো কৈ দিছে হয় ফচং এইখন ঘৰত থাকিব নহয় তেওঁ । আস ! সৰু আইদেৱে এনেকৈ কব পাৰেনে ?  আৰু তাৰ লগ-বন্ধুবোৰে...সৌটো পখৰা তলত ৰৈ আছে । ফচং নামি গলেই কামুৰিম বুলি । ফচঙৰ গালৈ কোনোবাই মৰা ফৰ্মুঠি এডালে পখৰাৰ আঁঠুৰ জোৰা লৰাই দিলে । সেইবাবে পখৰাই এই ৰূপ ধাৰণ কৰিছে কিন্তু সি জানো কৰোঁ বুলি কৰিছিল । তাৰ অংকৰ মতেতো সকলো ঠিকেই আছিল । সকলোবোৰ সি ভবামতেই হৈ গৈ আছিল । মাত্ৰ লুটি খাই পৰোতে গণ্ডগোলটো লাগিল । ফচঙে জাঁপ মাৰি লৰ দিবলৈ নাপালেই শনি গৈ তাৰ ওপৰতে পৰিল । গাহৰি হেন শনিটো গাত পৰোঁতে তাৰ কঁকালটোৱে বিহু দেখি গল । লগতে কটাৰীখন কাণৰ কাষেদি পাৰহৈ যোৱা যেন অনুভৱ কৰি সি চিঞৰ মাৰি উঠিছিল । তাৰ চিঞৰ শুনি শনিয়েও ভয় খাই চিঞৰি দিলে । ফলত ঘৰৰ মানুহবোৰে সি শনিক কামোৰা বুলি ভাবি যিটোহে খেদা দিলে এমাইল মান বাট দৌৰিহে সি নিজলৈ উভতি চাইছিল । নিজলৈ চায়েই ফচং কান্দোনত ঢলি পৰিছিল । বিষ আৰু শোকে তাক খুন্দা মাৰি ধৰিছিল । তেতিয়াৰে পৰা সি কান্দিয়েই আছে । লগৰ বোন্দাবোৰে বাৰু তাক কি বুলি কব ! ফচঙে হাতোৰাখনে তাৰ কাণখন চুই চালে । শনিৰ কটাৰীৰ আঘাতত আধা কাট খোৱা কাণখনত তেতিয়াও অলপ অলপ তেজ বিৰিঙি আছিল । উহ উহ উহ ! লগৰবোৰে তাক কাণকটা ফচং বুলি কব । ইয়াতকৈ আৰু লাজৰ কথা কিবা হব পাৰে নে !!!
মিয়াওওওওওওওওওওওওওওওওওওওওওওওওওওওওও

মালৈ বুলি...





আজি পুৱাৰ অনুষ্ঠানৰ নৃত্যনাটিকা আৰু খাদ্য পৰিবেশনত অংশগ্ৰহণ কৰিব প্ৰদীপ গগৈ আৰু মাধুৰীমা ঘৰফলীয়াই । খাদ্য গ্ৰহণকাৰী মেঘে ইতিমধ্যে নাক-মুখ ৰঙা কৰি পেলালেই । হয়তো অলপ পাছত পুতলা নাচো আৰম্ভ হব । তাৰ পাছত...আৰু তাৰ পাছত...
...ভৰ দুপৰীয়া পথাৰৰ মাজত থকা জামুকজোপাত উঠি থকা ছোৱালীজনীক একাঁঠু পানীৰ মাজেৰে খেদি আনি ফলা খৰিৰ কোবকেইটামান শোধাই কান্দিবলৈ এৰি দি নিজৰ কামত ব্যস্ত হৈ পৰা মানুহগৰাকীয়ে ভোৰভোৰাই কৈছিল –মাক হলে বুজি পাবি !
পুহমহীয়া জাৰত কামৰ ভৰত তিতি থকা হাতৰেই সন্তানৰ আবদাৰ পুৰাই থাকোঁতে কোনোবা পলত অৱশ হৈ পৰা দেহাই সহিব নোৱাৰি কাষতে থেনথেনাই থকা কোনোবাটি সন্তানক কৈছিল-মাক হলে বুজি পাবি ।
আস ! মাক হলে বুজি পাবি ! এইষাৰ শুনি শুনি অভ্যস্ত হৈ পৰা সন্তানে কেতিয়াবা জাঙুৰ খাই উঠে ।
-আমি কিয় বুজি নাপাম
-বুজ । কিন্তু মাক হলে আৰু গভীৰ ভাৱে বুজি পাবি ।
একেই দৃঢতাৰে তেওঁ উত্তৰ দিয়ে । সেই দৃঢতাই সন্তানক আচৰিত কৰি তুলে । আৰু...
...আৰু মাত্ৰ সাতটা মাহ । কি বুজি পায়ো ইমানদিনে বুজি পোৱা নাছিলোঁ সেয়া এই ছমাহে কৈ গল । চেঁচা চেঁচা লগা বতাহৰ মাজতো পাতল চোলা এটি পিন্ধি থকা শিশুবোৰ দেখিলে আগতেও বেয়া লাগিছিল কিন্তু এতিয়া যেন বেলেগ কিবা এটা লাগে । গাটো সিৰসিৰাই যায় । কোলালৈ চাওঁ । উমাল কাপোৰৰ মাজত মেঘে মিচিকিয়াই থাকে । হঠাতে মাকক হেৰুৱা অকমানী কুকুৰ পোৱালীকেইটাই যেতিয়া মাক আহিব বুলি বাটলৈ চাই থাকে...আস্ কব নোৱাৰোঁ কেনে এক অনুভৱে চুই যায় !!
সকলোবোৰ বেলেগ হৈ গঅনুভৱ, শিহৰণ সকলোৱে যেন ৰং সলালে ।
মাক এতিয়া কবলৈ মন যায়- মা মই দেখা পালোঁ প্ৰাপ্তিৰ আচল ৰঙ ।  যি ৰঙ আঁচলত বুলাই লৈ এদিন আপুনি আমাক কৈছিল মাক হলে বুজি পাবি ! মা মই বুজি পালোঁ সেই বাক্যশাৰীত লুকাই থকা গভীৰতাখিনি । যি গভীৰতাক কক্ষপথ কৰি আজি আমাৰ সমগ্ৰ সত্তা ঘুৰি ফুৰিছে  মা মই বুজি পালোঁ !

মেঘমন্যু,মেস্ক হাস্পাতাল আৰু ধনেশ পক্ষী....



সেয়া লেছেৰী বুটলা ধানেৰে বিহুত কাপোৰ কিনাৰ সপোন দেখাৰ সময়ৰ কথা । পঁইতাচোৰা এজনী মাৰি পৰুৱাৰ আগত দি সিহঁতৰ আলে-লেখ চোৱাৰ দিনৰ কথা । লৰা এজনে ঘৰৰ কাষৰ হাবিখনৰ পৰা চৰাই এজনী ধৰি আনি আমাক দেখুৱাইছিল । আমি ঘুৰি ঘুৰি চৰাইজনী চাইছিলোঁ । লৰাজন গুছি যোৱাৰ পাছত মায়ে কৈছিল সেইটো ধনেশপক্ষী হয় ।
ধনেশপক্ষী !
ৰাতি মায়ে ধনেশপক্ষীৰ বিষয়ে কৈছিল । কৈছিল মাইকীজনীয়ে উমনি লৈ থকা অৱস্থাত মতা ধনেশটোৱে কেনেকৈ তাইৰ আল-পৈচান ধৰে । কথাবোৰ তেতিয়া সাধু সাধু লাগিছিল । আনকি আজি অলপদিনলৈকে...
২০০৫ চন । অসমৰ এখন চৰকাৰী হাস্পতালউৎকণ্ঠাৰে ৰৈ থকা মাক আহি মহিলা ডাক্তৰ গৰাকীয়ে কঠিন সৰুৰে কলে-বাচ্চা বাচে নে নাবাচে ঠিক নাই । ওজন বৰ কম !
ভাগৰত অৱশ হৈ থকা বাইদেউক অপলক চায় মায়ে আঁৰচকুৰে তেওঁৰ প্ৰথম নাতিনীজনীলৈ ভয়ে ভয়ে চালে...তিনিটা সন্তানৰ মাতৃ মাৰ চকু লগালগ উজ্জ্বলি উঠিল-চাৰে তিনিকেজি ওজনৰ এইটি শিশুক ডাঙৰ কৰা টান কাম হব নে ।
নহ,কনমানীজনীক ডাঙৰ কৰোঁতে একোৱেই কঠিনতাৰ সন্মুখীন নহআজিও হোৱা নাই ।
২০১৫ চন । উৎকণ্ঠা আৰু ভয়ৰে অটিৰ সন্মুখত ৰৈ থকা গৃহস্থক ডাক্তৰগৰাকীয়ে অভয় দান কৰি কৈছিল-বাবামণি টেনচন নলবা । চব ঠিক হৈ যাব ।
কথাষাৰ কোৱা এঘণ্টা মানৰ পাছত কোনোবা এজনে মেঘক আনি গৃহস্থক দেখুৱাইছিল-স্বাস্থ্যৱান বাচ্চা ! ওজন দুইকেজি আঠশগ্ৰাম !কংগ্ৰেচুলেচন !
গৃহস্থৰ মুখত দৃঢ়তাৰ চাপ ফুটি উঠিছিল !
কেৱল সেইদিনাই নে, তাৰ পাছৰ দিনবোৰতো ডাক্তৰসকলে তেনেকৈয়ে আমাক সাহস যোগাইছিল । আৰু প্ৰধানকৈ সেই সাহসেই মেঘক অকলশৰে ডাঙৰ কৰিবলৈ আমাক সহায় কৰিছিল । আৰু ডাক্তৰ ...সেয়া অন্য এক অধ্যায় ।
মেঘ অহাৰ উমান পায়ে গৃহস্থৰ সহকৰ্মী এগৰাকীৰ পৰামৰ্শমতে আমি মেক্স হাস্পতাল পততপৰগঞ্জৰ ডাক্তৰ নীৰা অগ্ৰৱালৰ কাষ চাপিছিলোঁ । নীৰা অগ্ৰৱালৰ কথা আখৰে আখৰে পালন কৰি আমাৰ দিনবোৰ আগবাঢ়িছিল ।  তেওঁৰ কেবিনৰ পৰা প্ৰতিবাৰে আমি হাঁহি হাঁহি ওলাই আহিছিলোঁ । কিবা এটা নহয় কিবা এটা কথাত তেওঁ গৃহস্থক জোকাইছিলেই ।
-মাম্মাছ বেষ্ট খাব পৰা নাই ? অকে বিস্কুট এটা দিছোঁ । এইটোৰ এখন তুমি খাবা আৰু এখন বেটাক দিবা । সিও গম পাব লাগে নহয় এইবোৰ খাই কেনে লাগে !
দিনবোৰ তেনেকৈয়ে কাছৰ গতিৰে গৈ আছিল । তেনেতে এদিন ফোন এটা আহিল ...নীৰা অগ্ৰৱাল যথেষ্ট ব্যস্ত ডাক্তৰ বাবে তেখেতৰ এপইণমেণ্ট প্ৰায় এমাহৰ আগতে ললেহে পোৱা যায় । আমি সদায় দুটা আগতীয়া এপইণমেণ্ট লৈ থৈছিলোঁ । সেইদিনা মেস্কৰ পৰা ফোন আহিল এপইণমেণ্টটো বাতিল কৰিবলৈ । নীৰা অগ্ৰৱাল হঠাতে বিদেশলৈ যাব লগা হল আৰু তেওঁ সলনি আমি অনুমতি দিলে নীৰা অগ্ৰৱালে ৰেফাৰ কৰা বেলেগ এগৰাকীক ডাক্তৰৰ এপইণমেণ্ট আমাৰ বাবে বুক কৰি দিব । আমি অনুমতি দিয়াৰ অলপ পাছতে ফোনত মেছেজ আহিল । চাওঁ নাচাওঁ কৈ ডাক্তৰ গৰাকীৰ নামটো চালো-পৰিণীতা কলিতা !
যাওঁ নাযাওঁকৈ গলো । কেবিনত সোমোৱাৰ আগতে গৃহস্থ আৰু মই পাতি গৈছিলোঁ আমি অসমীয়াত তেওঁক একো নুসুধো । কেনেবাকৈ তেওঁ অসমীয়া কথা নাপাতিলে আমি এনেই লাজ পাম । পিছে আমাক আচৰিত কৰি তেওঁ অসমীয়াতেই কথা বতৰা আৰম্ভ কৰিলে । প্ৰথমবাৰতেই তেওঁক ভাল লাগিল । অৱশ্যে পাছত নীৰা অগ্ৰৱাল অহাত পুনৰ তেওঁৰ কাষলৈ গুছি গলো । কিন্তু কথাবোৰ যেন বেলেগ হবলৈ গৈ আছিল । এদিন চেকআপৰ বাবে গৈ গম পালোঁ নীৰা অগ্ৰৱাল সেইদিনা ডিউটিতে গুৰুতৰ ভাৱে অসুস্থ হৈ হাস্পতালত এডমিট হৈছে । খুব জৰুৰী অৱস্থাত থকা নীৰা অগ্ৰৱালৰ পেচেণ্টবোৰ সেইদিনা পৰিণীতা কলিতাই চাই আছিল । আমিও তাৰ মাজতে পৰিলোঁ । ঘুৰি আহোঁতে লিফট সোমাব খুজোঁতে বহুকেইজন ডাক্তৰে আগুৰি লৈ অহা হুইল চেয়াৰত বহি থকা অৱশ নীৰা অগ্ৰৱালক দেখিলোঁ । গৃহস্থ আৰু মই ইজনে-সিজনলৈ চালোঁ । আৰু সেই মুহূৰ্ততে আমি সিদ্ধান্ত লৈ ললো ইয়াৰ পাছত আমি পৰিণীতা কলিতাকহে দেখুৱাম ।
তাৰ পাছত....তাৰ পাছত নীৰা অগ্ৰৱালৰ আৰু পৰিণীতা কলিতাৰ নিৰ্দেশনা, মেক্স হাস্পতালৰ সুন্দৰ সহযোগিতা আৰু শুভাকাংশীসকলৰ আশীৰ্বাদৰে মেঘ আহিল,সময়তকৈ চৌবিশদিনৰ আগতে ।
আৰু সাধুটো ? ধনেশপক্ষীৰ সাধুটো...?
 সলনি হোৱা সাধুটো... ?
মেঘে নিজৰ উপস্থিতিৰ উমান দিলে । লগালগ মোৰ নাকটোৰ ক্ষমতা দূৰ-দিগন্তলৈকে বিয়পি পৰিল । তাতে চাৰভিকেল লেংথ কম হোৱাৰ বাবে নীৰা অগ্ৰৱালে প্ৰথমৰ পৰাই বেড ৰেষ্ট আৰম্ভ কৰি দিলে । গতিকে গৃহস্থই অফিচ,ঘৰৰ লগতে পাকঘৰটোও চম্ভালি ললে । প্ৰতিদিনে এজন ৱেটাৰৰ দৰে সুধিছিল –আজি কি খাবি ? আৰু খাই বেয়া পোৱা মইজনীয়ে সদায়ে নাক কোঁচাইছিলোঁ । মোৰ আবদাৰবোৰ বাঢ়ি গৈছিল । তেওঁ হাঁহিমুখেই সকলোবোৰ পুৰাবলৈ চেষ্টা কৰিছিল ।
প্ৰথমবাৰৰ বাবে মই অনুভৱ কৰিছিলোঁ কেৱল মাতৃগৰাকীয়েই সন্তান এটি গৰ্ভধাৰণ নকৰে মাতৃৰ লগতে পিতৃয়েও নিজৰ সন্তানৰ গৰ্ভধাৰণ কৰে.. মনেৰে ,সহযোগিতাৰে ।
সেইদিনা তেওঁ অফিচৰ পৰা আহি পাইছিলহে । মই মোৰ অস্থিৰতা কথা তেওঁক জনালোঁ । মোৰ অস্থিৰতাত তেওঁও অস্থিৰ হৈ পৰিল । পৰিণীতা কলিতালৈ ফোন কৰিলে । তেওঁ বেছি কিবা হলে এডমিট হৈ দিবলৈ কলে । তেনেতে চয়নিকাবাৰ ফোন আহিল । মই তেওঁক কথাবোৰ কলো । চয়নিকাবাৰ পৰা কথাবোৰ গম পাই অলপ পাছতে আমাৰ খবৰ সঘনাই লৈ থকা নিৰ্জুবাই  লণ্ডনৰ পৰা ফোন কৰিলে । নিৰ্জুবাই আমাক লগালগ এডমিট হবলৈ কলে । তেওঁলোকৰ কথামতেই ৰাতি এঘাৰবজাত হাস্পাতালত এডমিট হলোগৈ ।
পিছদিনা পুৱা...
উৎকণ্ঠা আৰু ভয় দুয়োটাৰে অটিৰ সন্মুখত ৰৈ থকা গৃহস্থক ডাক্তৰগৰাকীয়ে অভয়দান কৰি কৈছিল-বাবামণি টেনচন নলবা । চব ঠিক হৈ যাব ।
মেঘ আহি কোলাত উঠিল । গৃহস্থই মেঘক কাষতে শুৱাই মোক চামুচেৰে অকণ অকণকৈ পানী খুৱাই দিলে । তেতিয়াও ভালকৈ মুখখন চাবলৈ নোপোৱা মেঘৰ কণকণ আঙুলিকেইটা চুই কলো-চোৱা সেয়া তোমাৰ দেতা । আমাৰ ধনেশপক্ষীটো ।
সাধুটো সলনি হৈ গৈছিল । সাধুটোৱে আহি মোক সাৱটি ধৰিছিলহি ।
সাতদিনৰ পাছত চেকআপৰ যাওঁতে পৰিণীতা কলিতাই মেঘলৈ চাই কৈছিল-ই বাবামণিৰ দৰে হব ।
তেওঁৰ কথাত মই হাঁহিছিলোঁ । সুখেৰে । কাৰণ মইও বিচাৰোঁ সি দেতাকৰ দৰে হোৱাতো । দেতাকৰ দৰে অবিকল আন এজন হোৱাটো । যাতে অদূৰ ভবিষ্যতে আন এগৰাকী নাৰী সুখী হব পাৰে... মনৰ জোখাৰে ,প্ৰাপ্তিৰে ।।