Monday, 15 August 2016

আবেগ,অসমীয়াৰ আৰু প্ৰবাসী অসমীয়া



এইয়া সেই সময়ৰ আবেগ । শাওণ মহীয়া ভূঁই ৰুই আহি আবেলি পুনৰ দ কঠীয়াতলীত কঠীয়া তুলিবলৈ যোৱা মাৰ অৱশ ভৰি দুখন দেখি সপোন দেখাৰ সময়ৰ অনুভৱ । যৌৱনৰ বতাহ জাকে আউলী-বাউলী কৰা আপোনাৰ মোৰ দৰেই কোনোবাই প্ৰেমিক-প্ৰেমিকা হৈ পাৰ্ক নতুবা হোটেলত কবিতা ৰচা সময়ত আমিবোৰ নিজৰ অনুভূতিৰ ওপৰত বাস্তৱৰ কঠিনতা আৰু সপোনবোৰ মেলি কাৰোবাৰ সন্তানক পঢুৱাইছিলোঁগৈ । কোনোজনে কেইটকামানৰ বাবে ঘৰে ঘৰে বস্তু বিক্ৰী কৰিছিলগৈ । কেৱল সপোনৰ বাবেই । মাৰ অৱশ ভৰি দুখনক শান্তি দিবলৈ,দেউতাৰ খহটা হৈ পৰা হাতখনত অলপ কোমলতা আনিবলৈ । জাৰত কঁপি কঁপি স্কুললৈ যোৱা ভাইটোৰ গাত এটা গৰম চোলা দিবলৈ ।
আপুনি জানো এইবোৰ বুজি পাব ? নাপায় ? আপুনি মাথো বুজি পায় আমি প্ৰবাসী অসমীয়া ,আমি এচি কোঠাত বহি আৰাম কৰা মানুহ । আপুনি নাজানে আমিও শাওণ মহীয়া পথাৰলৈ যোৱাৰ কথা । আলু-দাইলৰ অভাৱত কেৱল ডাল কচুৰে ভাত খোৱাৰ কথা ।
কেতিয়াবা এনে লাগে আপুনি হয়তো আমিবোৰে তেনেকৈ অভাৱত থাকি যোৱা হলেই ভাল পালেহেঁতেন । মাৰ গাঁতত সোমোৱা চকুহাল চাই চাই কাৰোবাৰ ঘৰৰ নঙলা ভাঙি থকাহঁলেই আমিবোৰ আপোনাৰ ভাষাত খাটি অসমীয়া হলোঁহেঁতেন ! ৰাস্তাই-ঘাটে টায়াৰ জ্বলাই নেতা হোৱা হলে আপোনাৰ পৰা কথা কোৱাৰ অধিকাৰ পালোঁ । ক্ষমা কৰিব আমি আপুনি ভবাৰ দৰে হব নোৱাৰিলোঁ ।
আমিবোৰে মা-দেতাৰ ঘামৰ টোপাল হিচাপ কৰি কৰি অভাৱত থাকি সপোন দেখিছিলোঁ । সেই সপোন মাৰ কাষত থাকি পুৰাব নোৱাৰা বাবেই আজি প্ৰৱাসী হলো । আপুনি জানো নাজানে মাৰ কাষৰ পৰা আঁতৰি থকা সন্তানৰ বুকুৰ ভাষা । অন্তত এইটো অনুভৱটো সকলোৰে একেই হয় ? তেন্তে কেনেকৈ কটাক্ষ কৰিব পাৰে মাৰ বুকুৰ উমৰ অবিহনে আমি সুখী !
আপুনি বিজ্ঞানী হল বুলিয়েই আমিতো বিজ্ঞানী হব নোৱাৰোঁ । আপুনি সফল ব্যৱসায়ী হল বুলিয়েই আমি জানো হম । যত আমাৰ পাৰদৰ্শিতা আছে তাতে আমি সফল হম । আৰু সেই সফলতাৰ পিছে পিছে আহিয়েই আমি প্ৰবাসী হলো ।
এতিয়া আমাৰ মায়ে অৱশ শৰীৰটো টানি লৈ ফুৰিব নালাগে । আমাৰ দেউতাৰ হাতখন মাখনৰ দৰে কোমল নহলেও ওখোৰা-মোখোৰাবোৰ সমান হৈছে । ভাইটোৰ মুখত হাঁহি বিৰিঙিছে । ফেচবুকত প্ৰচাৰ নকৰো বাবেই আনে নাজানে যদিও আমাৰ ঘৰখনৰ লগতে আন কাৰোবাৰ ঘৰ ,আনকোনোবা আমাৰ দৰে দুখীয়া শিক্ষাৰ্থীয়ে কিতাপ,ফীজ বা কাপোৰ অভাৱত হাজিৰা কৰিবলৈ যাব লগা হোৱা নাই ।
কাৰণ এটাই আমি প্ৰৱাসী ।
আমি প্ৰৱাসী । তথাপিও আমাৰ প্ৰৱাসৰ ঘৰত সোমায়ে আপুনি জাপিটো দেখিব । কিতাপৰ আলমাৰিটোলৈ চালে দেখিব হয়তো আপোনাৰ ঘৰতো সিমান অসমীয়া কিতাপ নাই যিমান আমাৰ ঘৰত আছে । আমাৰ সন্তান,আমাৰ পোহনীয়া জীৱ-জন্তুৱেও আপোনাক অসমীয়াত সম্ভাষণ জনাব । কোনোবাই সুধিলেই আমিবোৰে বুকু ফুলাই কওঁ আমি অসমীয়া । আৰু তেনেস্থলত আপুনি কয়-অসমৰ কথাত মাত মতাৰ আমাৰ কোনো অধিকাৰ নাই ?
কেৱল প্ৰৱাসী হোৱাৰ বাবেই !!

ভুলটোক আমি ভুল বুলিয়েই কম । আমাৰো যদি ভুল হয় যুক্তিৰে সেই ভুল প্ৰমাণ কৰি দেখুৱাই দিয়ক । আমি নতশিৰে মানি লম । মাথো কিবা-কিবি আবেগ অলপলৈ আমাৰ অভিমানত আঘাত কৰিবলৈ নাযাব । নহলে আবেগ আমাৰো আছে ....

No comments:

Post a Comment