Monday, 15 August 2016

কিতাপৰ কথা



ফেচবুকত মেঘালীয়ে আৰম্ভ কৰিছিল । এই চেলেঞ্জটোৰ সন্মুখীন কেতিয়াবাই হলোঁ যদিও ব্যস্ততাৰ বাবে এই বিষয়ে একোকে লিখিব পৰা নাছিলোঁ । নতুনকৈ খোজ কাঢ়িবলৈ চেষ্টা কৰা কনমানী এটাক অকলশৰীয়াকৈ ডাঙৰ কৰোঁতে মাক এগৰাকী কিমান ব্যস্ত হব লগা হয় সেয়া কেৱল দেখা সকলেহে বুজিব পাৰিব । কনমানীটোৰ বাবেই মোৰ পঢ়া-শুনা সকলোবোৰ ধোঁৱাচাঙত উঠিল যদিও এই চেলেঞ্জটোৰ কথা মনলৈ ঘুৰি ঘুৰি আহি আছিল ।
ৰিডাৰ চেলেঞ্জ...
মই কেতিয়াৰ পৰা বাহিৰা কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ মনত নাই । মাথো ভোকাতুৰৰ দৰে বাহিৰা কিতাপবোৰ দেখিলেই পঢ়িছিলোঁ । নৱম মানত পঢ়ি থাকোঁতে বাৰ সৈতে বিয়া এখন খাবলৈ গৈছিলোঁ । কইনাৰ ঘৰ । উদুলি-মুদুলি পৰিবেশ । সেইসময়ত মই বৰকৈ সেইবোৰ পৰিবেশ ভাল নাপাইছিলোঁ বাবে ইফালে সিফালে কোঠাই কোঠাই ভুমুকি মাৰি থাকোঁতে এটা কোঠাৰ পঢ়া টেবুলত এখন কিতাপ পালোঁগৈ ।
অসীমত যাৰ হেৰাল সীমা
মই কিতাপত মূৰ গুজিলোঁ । দৰা আহিল,কইনাই কান্দিলে । কইনা বিদায় দিলে । কাহিলি কাহিলি পুৱা হল ।ময়ো কিতাপৰ শেষ পৃষ্ঠাটো পঢ়ি বেলেগ এখন পৃথিৱীৰ পৰা উভতি আহিলোঁ ।
সেই বিয়াখন(যদিও বিয়াৰ নামত মই একোকে নেদেখিলোঁ) কেৱল সেই কিতাপখনৰ বাবেই মনত ৰৈ গল ।
কিতাপৰ বাবে মনত ৰৈ যোৱা আৰু বহু সময়েই আছিল । হাইস্কুলত থাকোঁতেই টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ ঘৰৰ পৰা টিংকলখন খুজি আনি পঢ়িছিলোঁ । কৰবীবাহঁতৰ ঘৰলৈ ঘনাই যোৱাৰ মূল আকৰ্ষণটোও আছিল এই টিংকলেই । দুপৰীয়া সময়খিনিত বাতৰি কাকতখন,মৌচাক,নতুন আৱিস্কাৰখন পঢ়িবলৈ মুনমীহঁতৰ ঘৰলৈ যোৱাটো একপ্ৰকাৰৰ দৈনন্দিন কাৰ্যসূচীত সোমাই পৰিছিল । কিতাপে মোক যেনিয়ে-তেনিয়ে টানি লৈ গৈছিল । বুঢ়ী আইৰ সাধুখন পঢ়িযে কিমান সপোন দেখিলোঁ হিচাপ নাই । তেজীমলাৰ মাহীমাক গৰাকীয়ে মোক খেদি ফুৰিছিল । হয়তো সেই লৰালিতে ঘৃণা কৰা প্ৰথম ব্যক্তিগৰাকীয়েই আছিল তেজীমলাৰ মাহীমাক । অৱশ্যে মাহীমাকক দেখিব নোৱাৰা আৰু এটা ব্যক্তিগত কাৰণো আছিল । মোৰ মা ডাঙৰ হৈছিল মাহীমাকৰ ছত্ৰছায়াত ! মাজে মাজে মায়ে কৈছিল কেনেকৈ পুথাওদেৱে কিনি অনা নতুন বগা চোলাটো মায়ে চুবলৈ পোৱাৰ আগতেই মাহীমাকে হালধি সানি ঢেঁকীশালৰ বেৰৰ খুঁটা এটাৰ ফাঁকত খুচি ভৰাই থৈছিল ! মাহীমাকৰ অলেখ কাহিনীয়ে মনটো তিতা কৰি তুলিছিল । কিন্তু তাৰ মাজতে...
তেজীমলাৰ মাকৰ সাধু
প্ৰকাশক-আঁক-বাক
দাম-২৩০
আঁক-বাকৰ ২০১০-১১ বৰ্ষৰ শ্ৰেষ্ঠ উপন্যাস তেজীমলাৰ মাকৰ সাধু নামৰ মৃদুল শৰ্মাদেৱৰ উপন্যাসখনে তেজীমলাৰ সাধুটোকে আন ধৰণে ভাবিবলৈ বাধ্য কৰালে শৰ্মাদেৱেৰ প্ৰকাশভংগী ইমানেই সাৱলীল যে কিতাপখন পঢ়ি শেষ হোৱাৰ আগতেই মাহীমাকৰ পৰা মাহী শব্দটো মনৰ পৰা আঁতৰাই লৈ যায় । ৰৈ যায় মাথো মা ।
ৰৈ যোৱা শব্দৰ মাজত আৰু অলপ শব্দই কিতাপ ৰূপ লৈ লানি পাতি অহা যোৱা কৰে । তাৰে এখন হ
বাঘশাল বাঘজাল আৰু মানুহ
প্ৰকাশক-বনলতা
দাম-১২০ টকা
মোৰ বাবে পূৰবী বৰমুদৈ বাইদেউৰ লেখা মানে সহজ-সৰল ভাৱে প্ৰকাশ কৰা এলানি শব্দৰ মায়া । বাঘশাল বাঘজাল আৰু মানুহ আমাৰ দৰে পঢ়ুৱৈৰ বাবে বাইদেউৰ পৰা পোৱা এক অনন্য উপহাৰ । নীল গোসাঁই,ৰহদৈ,ডাঙৰজনা গোসাঁনীৰ পৰা আৰম্ভ কৰি জাল পৰা ওলাই যোৱা বাঘিনীজনীলৈকে সকলোৱে কিতাপখনত এক মায়াৰ সৃষ্টি কৰিছে । সেই মায়াৰ পৰা মই আজিলৈকে মুক্ত হব পৰা নাই ।
নিজৰ মাজত সোমাই থকা আৰু কিছু ভাবৰ পৰাও মই মুক্ত হব পৰা নাই ।
সেইয়া শিৱসাগৰ ছোৱালী কলেজত পঢ়ি থকা সময়ৰ কথা । প্ৰিয় লেখকক ভগৱান সদৃশ জ্ঞান কৰা সময়ৰ কথা । নাট্য মন্দিৰলৈ প্ৰিয় ভগৱান দুগৰাকীমান অহাৰ খবৰ পালো । দৌৰি গলো । ভগৱানৰ বাণীৰ দৰে তেওঁলোকৰ ভাষণবোৰ ডায়েৰীত লিখি গলো । তেনেতে এগৰাকীয়ে কলে-
নতুন চামে লেখাৰ নামত যিতি লিখি লেখাৰ মানদণ্ড নিম্নগামী কৰি তুলিছে !
মোৰ কলম ৰৈ গল ! বহুদিনলৈকে । তাৰ পাছতে পঢ়িবলৈ পালো
পপীয়া তৰাৰ সাধু
প্ৰকাশক-বনলতা
দাম-১৬০টকা
ৰীতা চৌধুৰী বাইদেউৰ এই কিতাপখন পঢ়াৰ পাছত এটা এটাকৈ মোৰো নক্ষত্ৰবোৰ খহি পৰিছিল । পপীয়া তৰা হৈ ! মই পুনৰ শব্দৰ সৈতে উজুটি খোৱাৰ প্ৰতিযোগিতা আৰম্ভ কৰি দিছিলোঁ । মাথো সলনি কৰিছিলোঁ আগৰ দৰে প্ৰিয় লেখকক ভগৱানৰ শাৰীত নাৰাখি কেৱল লেখকৰ শাৰীত ৰাখিছিলোঁ ।
কিন্তু এটি নক্ষত্ৰ মোৰ বাবে সদায়ে নক্ষত্ৰ হৈয়ে থাকিব । তেওঁৰ বাবে থকা স্থান কোনো দিনে সলনি নহয় । তেওঁ মোৰ বাবে সদায়ে নক্ষত্ৰ ।
মামণি ৰয়ছম গোস্বামী বাইদেউ ।
বহুদিন আগতে লিখিছিলোঁ-পাৰ হৈ অহা সময়ৰ প্ৰায়বোৰ ঘটনাতেই  মামণি বাইদেউৰ লেখাবোৰ সাঙুৰি চাইছোঁ, আৰু প্ৰতিবাৰেই মই এক অনন্য অনুভৱৰ গৰাকী হওঁ । মামণি বাইদেউৰ ভাষাৰে কবলৈ গলে –প্ৰশান্ত মহাসাগৰৰ অস্ত যাব খোজা সূৰ্যৰ পোহৰ উবুৰি হৈ পৰিছিল । সেই পোহৰ ফাদাৰ বুল্কেৰ চকুৰ পৰা অহা পোহৰৰ সৈতে একে আছিল । মই সেই পোহৰৰ সৈতে মুখামুখি হৈছিলো ।(অপ্সৰা গৃহ, পৃষ্ঠা নং -২১৬)
এৰা , বাইদেউৰ লেখাত প্ৰতিবাৰেই মইও তেনে এক পোহৰৰ সৈতে মুখামুখি হওঁ । সেই বাবেই চাগৈ তেওঁ শ্ৰেষ্ঠ ।

No comments:

Post a Comment