Monday, 15 August 2016

শালিকীৰ সপোন



ঘৰখনত ককাৰ দিনত নাদৰ পানী ব্যৱহাৰ কৰিছিল এতিয়া সেই নাদটো পুতি সেই ঠাইতে ৰোৱা তামোল গছৰ তামোলেৰে ঘৰৰ গিৰিহঁতনিয়ে ভাত খাই উঠি মুহুদি মাৰে নাদৰ সলনি টিউবেল ' টিউবেলটোৰ গাতে লগাই গা-ধোৱা ঘৰটো ৷ তামোল ঢকুৱাৰে দিয়া গা-ধোৱা ঘৰৰ বেৰাকেইখন প্ৰায় জহি খহি যোৱা অৱস্থা সেইকেইখন বেৰৰ ওপৰতে বহি কিয়াকহঁতে বিয়নী মেল পাতে হওঁতে তাত বিয়নী মেল পতা আৰু এটা কাৰণ আছে  গিৰিহঁতনিয়ে চুৱা বাচনবোৰ ধুবলৈ আহি চুৱাভাতবোৰ বাৰীৰ ফালে দলিয়াই দিয়ে আঁৰ চকুৰে গিৰিহঁতনিক লক্ষ্য  কৰি থকা কিয়াকহঁতৰ বাবে সেই ভাতখিনি এটা ভোজেই হৈ যায় পিছে আজি এসপ্তাহ মানৰ পৰা কিয়াকহঁতৰ সেই ভোজভাতৰ মুদা মৰিছে গিৰিহঁতনিয়ে ৰবাৰ পৰা হাঁহকেইজনীমান আনিলে ৷আৰু এতিয়া চুৱাভাতৰ গৰাকী লগৈ সেই হাঁহবোৰ ভাগ্য সুপ্ৰসন্ন থাকিলে কেতিয়াবা এটা দুটা ভাত সিহঁতৰ কপালত পৰে তাকো আক খাবলৈ ঘৰৰ মেকুৰীটোৰ পৰা অনুমতি ' লগা হয় বাৰীৰ চুকত খুদ জলকীয়া এজোপা ৰঙা হৈ পৰা দেখি সিহঁতৰ মনটো অলপ ভাল লাগিছিল যদিও গিৰিহঁতনিয়ে তাতো জাল এখনৰে ঢাকি দি সিহঁতৰ জীয়াই থকাতো কষ্টকৰ কৰি তুলিলে
-এনেকৈ সহ্য কৰি থাকিব নোৱাৰি দেই
কিয়াকে বুকুত ঠোঁটটোৰে খুঁটিয়াই খুঁটিয়াই লে
-সহ্য কৰিব নোৱাৰিলেনো কৰিবি কি?
এখন বেৰাৰ পৰা আন এখন বেৰালৈ জঁপিয়াই জঁপিয়াই টিকটকে সুধিলে
-কি কৰিবি  মানে? এইখন ঘৰত আমাৰো জানো অধিকাৰ নাই?
- তেনে নাভূত-নাশ্ৰুত কথা নকবি মানুহৰ ঘৰত শালিকীৰ অধিকাৰচৌ চৌ কৈ পৃথিৱীখন ফাটি নাযায় কিয়
-নিজৰ ঘৰৰ বাবে কুটা এডাল কঢ়িয়াবলৈ লাজ পোৱাটোৱে পৃথিৱী ফটা কথাৰ নকবি হেৰৌ সেই খন ঘৰৰ বাবে আমি কিমান কাম কৰোঁ ভাবি চাচোন.. সেই নতুন যুগৰ কুকুৰাকেইটাই মাজৰাতিয়েই ডাক দি গিৰিহঁতনিক শোৱাৰ পৰা তুলিবলৈ চেষ্টা কৰে ভাগ্যই গিৰিহঁতনিয়ে সিহঁতক বিশ্বাস নকৰি আমাক কৰে ৷আৰু আমি পুৱাই কেৰকেৰাই তেওঁক সময়ৰ উমান দিওঁ তাৰোপৰি কুকুৰা পোৱালি ধৰিবলৈ অহা কাউৰী, শেন আদি দেখিলে, সাপ দেখিলে আমিয়েই চিঞৰ-বাখৰ কৰি মানুহবোৰ মাতি দিওঁ ৷ইমানবোৰ উপকাৰৰ পাছত ভাত কেইটামান নাপালে বনে ?
-যা যা অধিকাৰ বিচাৰি তইও মানুহৰ দৰে কিবা কিবি বন্ধ দেগৈ
টিকটকে কিয়াকক ঠাট্টা সুৰত কথাষাৰ কৈ আঁতৰি ' ৷আনফালে কিয়াক ধ্যানত বহিল, কেনেকৈ কি কৰিব পাৰে তাৰে চিন্তাত
এদিন ' দ্বিতীয়দিনা শালিকা এসোপাৰ চিঞৰ বাখৰত গছৰ পাত সৰোঁ সৰোঁ অৱস্থা কিয়াকৰ নেতৃত্বত শালিকাসোপাই হাঁহৰ পৰিয়ালটোক আগচি ধৰিলে মতাহাঁহ কেইটাই প্ৰথমে যুদ্ধংদেহি মনোভাৱেৰে আছিল যদিও পাছত শালিকাসোপাৰ চিঞৰত কাণ ঘোলা হোৱাৰ ভয়ত সেও মানিলে
-আমাৰ গাত কি দোষ? আইদেৱে আমাক ভাল পায় বাবে ভাতবোৰ আমাক খাবলৈ দিয়ে তহঁতে যেনেকৈহে হুলস্থুল কৰি থাক আইদেৱে কিয় মই হোৱা হলেও তহঁতক ভাত নিদিলোহেঁতেন!
ডেকেৰী পাতিহাঁহ এজনীয়ে মুখ বিকটাই 'লে তাইৰ ফিতাহি কথা শুনি টিকটকে তাইৰ পাখি অলপ উঘালি আনো বুলি উৰা মাৰিছিলেই কিয়াকে ধমক এটা দি ৰখালে বুলিহে৷ তথাপি চকুৰ ইংগিতেৰেই সি হাঁহজনীক বুজাই দিলে যে বাধা নোপোৱা হলে আজি হাঁহজনী টকলা 'লহেঁতেন !
অৱশেষত আলোচনাৰ হুলস্থুলৰ বাবে গিৰিহঁতনিৰ ফৰ্মুটিৰ কোব খাবলৈ পোৱাৰ আগতেই দুয়োটা দলেই এই সিদ্ধান্ত 'লে যে আজিৰ পৰা হাঁহৰ পৰিয়ালে শালিকাৰ সৈতে ভাগ বতৰা কৰি খাব
কথা মতেই কাম গিৰিহঁতনিয়ে তুঁহৰ সৈতে ভাত মিলাই হাঁহক খাবলৈ দিয়ে হাঁহৰ পৰিয়ালটোৱে ভাতবোৰ যিমান পাৰে এৰি এৰি তুঁহখিনি খায় পাছত সেইভাতখিনি শালিকীসোপাৰ ভোজ হয়
হাঁহ আৰু শালিকীৰ এই মিলাপ্ৰিতিৰ ভোজন গ্ৰহণে সকলো চৰাই-চিৰিকতিৰ মন আকৰ্ষণ কৰিলে ৷আনকি ঘৰৰ অত্যাচাৰী মেকুৰী ফচঙেও সিহঁতৰ শলাগ 'লে
পিছে এমাহৰ পাছতেই কেণা লাগিল  । কথাটো সকলোৱে মন কৰিলে টিকটকৰ চিঞৰ বাখৰতহে
-তহঁতবোৰে হবলা মনেই কৰা নাই । হাঁহবোৰে আজিকালি দানাবোৰত ভাত নথয়েই । আমিবোৰে খাবলৈ গলেও সেই পখৰা কুকুৰটোক লগাই দিয়ে ।
-হয় হয় কথাটো মইও মন কৰিছোঁ । সিদিনা আমাৰ পোনাক পখৰাই ধৰিছিলেই ।
আকৌ শালিকীৰ চিঞৰ-বাখৰত ঠাইকণ গৰম হৈ উঠিল । দূৰৈৰ সভা এখনত অংশগ্ৰহণ কৰিবলৈ যোৱা কিয়াকলৈ সকলোৱে বাট চালে । তিনিদিনৰ পাছত কিয়াক আহিল । টিকটকে উশাহ নুঘুৰোৱাকৈয়ে কিয়াকক কথাখিনি কলে । কিয়াকে বৰ মন দি কথাবোৰ শুনিলে ।
-কথা দেখোন গম্ভীৰৰহ ইহঁতক আৰু এসেকা দিব লাগিব । কালিলৈ উৰুকা, তাৰ পাছত বিহু ...বিহুটো পাৰ হৈ লওক বুজিছ । তাৰ পাছতেই আলোচনা কৰিম ।
কিয়াকৰ সিদ্ধান্তত সকলোৱে সন্মতি দিলে ।
উৰুকা গল । বিহুও পাৰ হল । চুৱাপাতনিত পেলোৱা জা-জলপানেৰে পেট ভৰাই ভৰাই খাবলৈ পাই কেইদিনমান শালিকীসোপাই কথাবোৰ পাহৰিছিলেই । টিকটকে মনত পেলাই দিলতহে ।
-আলোচনাৰ কথা পাহৰিলি হবলা ?
-হেৰৌ ভালকৈয়ে খাই বৈ আছোঁচোন ।
নখত লাগি থকা মহৰ দৈৰ আঠাকণ এৰুৱাই এৰুৱাই ককককে মাত দিলে ।
-এইকেইদিনহে পাইছ তাৰ পাছত...
-তই বৰ অকণমান কথাতে লাগি থাক অ টিকটকল বাৰু ।

দুপৰীয়ালৈকে সকলো গোট খালে । আলোচনা হল । কিয়াকৰ সলনি টিকটকে এইবাৰ নেতৃত্ব ললে । টিকটকে নেতৃত্ব লোৱাৰো এটা কাৰণ আছে । আউবেলি কিয়াকে সকলোবোৰতে আগভাগ লোৱাৰ পাছত তাইৰ মান সন্মান বহুত বাঢ়ি গল । তাকে দেখি টিকটকৰ গা জ্বলি আছিল, গতিকে এইবাৰ সুবিধাটো পায় এৰি নিদিলে ।
-ৰাইজ এইবাৰ হয় ৰঙামাটি নহয় গুৱাহাটী দেই ।
টিকটকৰ গাজনিত সকলোৱে হয় হয় বুলি মূৰ দুপিয়ালে । বাচি বাচি ঠোঁট জোঙা চাই ডেকা শালিকাকেইটামানক লৈ টিকটক হাঁহৰ গঁৰালৰ ফালে উৰি গল ।
-টেপেৰিহঁত ওলাই আহ ! চাওঁ তহঁতৰ কিমান দম আছে ।
-আমাৰ ভাত খাই গাত তেল ধৰাবলৈ আহিছ । আজি তহঁতৰ তেল উলিয়াম ।
শালিকাৰ চিঞৰ বাখৰে গঁৰালৰ চাল উৰি যাওঁ যাওঁ অৱস্থা হল । পিছে এটাও হাঁহ ওলাই নাহিল । ওলাই আহিল ফচং নামৰ ঘৰৰ মেকুৰীটোহে । হাতোৰা চেলেকি চেলেকি ওলাই অহা ফচঙক দেখি শালিকাকেইটা অলপ সময় তভক মাৰি ৰল ।
-হুমিয়ে খাই মৰাহঁত,কিহৰ বাবে ইমান টেঁটু ফালিছ ? এখন্তেক শান্তিৰে শুব নোৱাৰোঁকি হৈছে ...
ফচঙৰ ধমক খাই টিকটকে মাতষাৰ যিমান পাৰে সিমান কোমল কৰি কলে-এই হাঁহকেইটাক মাতিছোঁ ককাই । সিহঁতি চুক্তি ভংগ কৰিছে । আজি সিহঁতক এপালি দিম বুলি ভাবিছোঁ ।
টিকটকৰ কথাশুনি ফচঙে পাৰেমানে পেটত ধৰি ধৰি হাঁহিলে । কোনোমতে হাঁহিটো ৰখাই সুধিলে
-হেৰৌ হাঁহকেইটা নাই বুলি তহঁতে নাজান হবলা ।
-ঈ মিছাকৈ নকবি পুৱাই মই দেখিছোঁ ।
-হওঁতে ডেকেৰী দুজনী আছে । দুয়োজনীয়ে উমনি লৈ আছে । বাকী কেইটা পেটলৈ গল নহয় !
-পেটলৈ গল ! কাৰ পেটলৈ গল ।
-কাৰ পেটলৈ যাবনো..গিৰিহঁতৰ আক । সেইকেইটা বিহুৰ ভোজ খাবলৈ বুলিহে আনিছিলবিহুলৈকে আদৰ-সাদৰ কৰি শকত-আৱত কৰি ৰাখিলে তাৰ পাছত সিহঁতৰ মাংসৰে ভোজ খালে । যা যা এতিয়া ইয়াত চিঞৰ বাখৰ কৰি নাথাকিবি  । হাঁহ মৰা সপোন পাছতো দেখিব পাৰিব ।
ফচঙৰ কথা শুনি বাকীকেইটা শালিকাই আনন্দত জঁপিয়াই জঁপিয়াই উভতি গল যদিও টিকটক ঠাইতে থৰ লাগিল । হাঁহকেইটা গিৰিহঁতে খাই পেলোৱাৰ বাবে তাৰ দুখ লাগিল নে সুখ লাগিল ধৰিবই পৰা নাই  মাথো এইটো অনুভৱ হল তাৰ নেতা হোৱাৰ সপোনো হাঁহকেইটাৰ লগতে গিৰিহঁতৰ পেটলৈ গুছি গল ! শোক এটাই তাৰ বুকুখন খুন্দা মাৰি ধৰিলে । কাকো একো নোকোৱাকৈয়ে সি বাহলৈ উৰা মাৰিলে । গোটেই ৰাতিটো তাৰ টোপনি নাহিল । মনৰ দুখতে কাহিলি পুৱাতে গৈ গা-ধোৱা ঘৰৰ বেৰাখনত বহিলগৈ । লাহে লাহে পোহৰ হল । বাহী চোতাল সাৰিবলৈ অহা গিৰিহঁতনিয়ে চোতাল সৰাৰ লগতে গোহালি চাফা কৰিলে, ছাগলীকেইজনী মেলি দিলে লগতে হাঁহৰ গঁৰালৰ দুৱাৰখনো খুলি দিলে । ইমাপৰে জুপুকা মাৰি গিৰিহঁতনিৰ কাৰ্য-কলাপ চাই থকা টিকটকৰ চকু দুটা হঠাতে তিৰবিৰাই উঠিল । টিউবেলৰ পাৰত থকা শিল এটাত ঠোঁটটো চিকুণাই আহি সি কিৰিলি পাৰিলে
-ৰাইজ আৰু এখন ৰণলৈ সাজু হওক দেই । আমাৰ এই সুখ আৰু বেছিদিনৰ লগৰী নহয় ।
টিকটকৰ চিঞৰত সুখৰ টোপনিত ঢলি থকা শালিকীবোৰ উধাতু খাই টিউবেলৰ পাৰলৈ উৰা মাৰি আহিল । কিছুমানে টিকটকৰ সন্দেহক হয় হয় বুলি শলাগিলে যদিও কিছুমানে কেঁচা টোপনি ভঙাৰ বাবে গালি পাৰি আকৌ শুবলৈ গুছি গল । টিকটকে কিন্তু কাৰোলৈ কেৰেপ নকৰি নেতা হোৱাৰ সপোন দুচকুতলৈ টিউবেলৰ পাৰলৈ চাই থাকিল ।
ডেকেৰী হাঁহ দুজনীয়ে তেতিয়া গান গাই গাই নিজৰ নিজৰ পোৱালীপাল লৈ টিউবেলৰ পানীকণত খেলি আছিল ।

মইনা আমাৰ ডাঙৰ হ
পানী খেলি খেলি পাখি গজিব
দানা পানী খাই গোটাব শকতি
কাউৰী শালিকাক ধৰিব উভতি ।।



  

No comments:

Post a Comment