Monday, 15 August 2016

মেঘমন্যুৰ কথাৰে -৫



মন্যু ডাঙৰ হৈছে....মেঘ ডাঙৰ হৈছে...
মায়ে কয় । কোনোবাই ফোন কৰিলে,কাৰোবাক লগ পালে মায়ে তেনেকৈ কয় । ময়ো জানো মই ডাঙৰ হৈছোঁ । আজিকালি মই দেতাৰ গাত জঁপিয়াই উঠিব পাৰোঁ । দেতাৰ ডিঙিত ভৰি থৈ শুব পাৰোঁ । বিচনাৰ পৰা নমাই দিলেই ঘৰৰ যেনিয়েই মন যায় তেনিয়েই যাব পাৰোঁ । এইয়াই প্ৰমাণ মই যে ডাঙৰ হৈছোঁ । কিন্তু আনে জানো সেইটো মানি লয় ! নলয় ! মায়েও কেৱল মানুহক শুনায়হে কয় –ই ডাঙৰ হৈছে । কিন্তু যেতিয়াই মই কিবা এটা কাম কৰিবলৈ লওঁ বাধা দিয়েই নহয়...বিচনাত বহি আমনি লাগিছে নামিবলৈ লওঁ কৰবাৰ পৰা চিলনী অহাদি আহি মোক আগৰ জেগাতে বহোৱাই দিব ! ঘৰৰ বস্তুবোৰ বিশেষকৈ মাৰ খেলিমেলি হৈ থকা কিতাপবোৰ,ষ্টাইল কৰা বস্তুবোৰ কেনেকুৱা বস্তুনো চাই চিজিলকৈ থম বুলি ভাবোঁহে মাই নিবহি নহয় কাঢ়ি... খং উঠি যায়....
সেইবাবেই আজিকালি দেতা অফিচৰ পৰা অহাৰ পাছত মই দেতাৰ লগত থাকোঁ । গাড়ী গাডী খেলোঁ ।
মই গা ধুই ভাল পাওঁ সেই কথাটো জানিও মায়ে কেৱল এবাৰহে মোক গা-ধোৱা ঘৰত সোমাবলৈ দিয়ে । ইমান আশাৰে গা-ধোৱা ঘৰৰ দৰজাৰ কাষত ৰৈ থাকোঁ নাই মায়ে দৰজা খুলি নিদিয়ে । আৰু ফ্ৰীজ নামৰ ঘৰটো যে...যেতিয়াই কোনোবাই খুলে মই ৱাকাৰত বহি থাকিলে দৌৰি যাওঁ । নাই সোমাবলৈ পোৱাটো দূৰৈৰ কথা ভালকৈ চাবলৈকে নাপাওঁ ।
মাৰ অভিযোগ মই তেওঁৰ লেপটপৰ কীবোৰ উঘালিছোঁ ,তেওঁৰ ফোনটোত বহি চুচু কৰোঁ ,ফোনত ডণাল্ড ওলাই থাকিলে তাৰ সৈতে যুদ্ধ কৰোঁ ,ভাত খালে যিমান খাওঁ তাতোতকৈ বেছি গাত সানি লওঁ । আৰু তাতোতকৈ আচৰিত অভিযোগ মোৰ হেনো দিব্য দৃষ্টি আছে ! তেওঁ লুকুৱাই থোৱা বস্তুবোৰ হেনো মই সেই শক্তিৰে বিচাৰি উলিয়াওঁ !
আস ! কেনে এক ঘোৰ অপব্যাখ্যা মোৰ বুদ্ধিৰ !!
মায়ে নাজানে এইয়া মই কৰোঁ বুলি কৰোঁ । কাৰণ তেওঁ যদি মোক আমনি কৰি থাকিব পাৰে ময়োতো তেওঁক আমনি কৰিব পাৰোঁ !
মাৰ মোৰ প্ৰতি অভিযোগেৰে ভৰি পৰিছে আৰু মোৰ মাৰ প্ৰতি অভিযোগেৰে মন ঠাহ খাই পৰিছে । ঘৰৰ যেনিয়ে তেনিয়ে অভিযোগবোৰে উখল-মাখল লগাই আছে । কিন্তু সকলোবোৰ অভিযোগে পলাই ফাট মাৰে তেতিয়াই যেতিয়া মাক মই সাৱটি ধৰোঁ আৰু মায়ে মোক বুকুৰ মাজত সোমোৱাই লয় ।
কাৰণ...
কাৰণ মোৰ বাবে মাৰ বুকুৰ উম আৰু মাৰ বাবে মোৰ স্পৰ্শৰ কাষত গোটেই পৃথিৱীয়েই মূল্যহীন ,অভিযোগটো এটা সামান্য কথা ।

আজিলৈ ইমানেই ...এতিয়া মই গাড়ী চলাও ...ফুওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওও

No comments:

Post a Comment