Monday, 15 August 2016

ঈদ

পুৱা দৰজাখন খোলোঁতেই কাষৰ ঘৰৰ ৰুচীয়ে আহি শুভকামনা জনালেহি-ঈদ মোবাৰক ! প্ৰত্যুত্তৰত আমিও তেওঁলোকক শুভকামনা জনালোঁ । দুঘণ্টামান যোৱাৰ পাছতে একাঁহী খাদ্য আহিল । তাৰ পাছতে বায়েক ৰীদাই আহি ঈদৰ বাবে মেঘক পইচা দিলেহি ! মুঠতে সিখন ঘৰৰ পৰা এইখন ঘৰলৈ ঈদটো বাগৰি আহিল যেনেকৈ হোলী ,দীপাৱলীবোৰ সেইখন ঘৰলৈ বাগৰি যায় ।
এইয়া সম্প্ৰীতিৰ চিন নে ? 
২০০৩চনতে হোষ্টেলৰ নিয়মত পতা মোৰ ভণ্টি এজনী আছে । নাম জেৱিন । নিয়মত পতা ভণ্টিজনী এদিন নিজৰ হৈ পৰিল । আজিও আমাৰ মাজৰ মৰমবোৰ সেই একেদৰেই আছে ।
সেইয়াও সম্প্ৰীতিৰ সাক্ষৰ !!
উৎসৱ এটা উপভোগ কৰিবলৈ যাওঁতে আমি সম্প্ৰীতিৰ কথা ভাবিম ?  কাৰোবাৰ সৈতে সম্বন্ধ গঢ়িবলৈ যাওঁতেও সেইবোৰ কথা ভাবিম ?  নাই,আন কোনোবাই সেইবোৰ ভাবি থাকিব পাৰে আমি নোৱাৰোঁ । উৎসৱক আমি উৎসৱক হিচাপেই উপভোগ কৰিছোঁ আৰু কৰিম ।  তাৰ মোৰ সেই হিচাপে নহয় । আৰু ভালপোৱা...ভালপোৱা কেৱল অনুভৱৰ সাক্ষৰ ।
দুদিনমানৰ পাছত ৰাখী বন্ধন আহি আছে । মেঘৰ এগাল বায়েক আছে । তাৰ মাজতে ৰীদাক মই নিজেই কৈ থৈছোঁ –মই কিন্তু ভাল উপহাৰ আনি থম । ভাইকৌ ৰাখী পেহনানা পৰেগি ।
ৰীদা সাজু । জানো বুজন হোৱাৰ পাছত মেঘো সাজু হব ।কাৰণ সি এনে এখন ঘৰত জন্ম লৈছে যিখন ঘৰত না ভগৱানৰ নিয়মৰ প্ৰৱেশ আছে না গড,আল্লাৰ । মেঘ সাজু হব মানুহ হিচাপে ,সম্প্ৰীতিৰ নিদৰ্শন হিচাপে নহয় ।
সকলোলৈকে ঈদৰ শুভকামনা যাঁচিলোঁ ।


No comments:

Post a Comment