Monday, 15 August 2016

মেঘমন্যুৰ কথাৰে -৪


এতিয়া হেনো ফাগুন মাহ ! পুথাও-এনাইদেৱে সকলো বাধা নেওচি একেলগে আমতলত লগ হৈ জীৱন আৰম্ভ কৰা মাহটো । দেতা-মায়ে আইনী কাগজত সাক্ষৰ  কৰি পৰিচয় সলনি কৰা মাহটো । এই ফাগুনেই আওপকীয়াকৈ মোৰ অস্তিত্বৰ বীজ ৰুইছিল । মায়ে কয় এইয়া তুমি অহাৰ সম্ভাৱনাৰ মাহটো ! পিছে মোক এই মাহটোৱে ভালকৈ স্বাগতম নজনালে । মাৰ সৈতে পাৰ্কত ফাগুনৰ বতাহ খাই প্ৰথমবাৰৰ মই খোৱা বস্তু নাক আৰু মুখেৰে উলিয়াই দিলোঁ । মা-দেতাই যে কিমান ভয় খাইছিল !! লগালগ সেই বেয়া মানুহজনৰ কাষলৈ মোক লৈ গৈছিল । তেওঁ মোৰ গাত কিবা-কিবি লগাই মাক কৈছিল-বতাহ সোমালে চাগৈ !
ফাগুনৰ বতাহ !
মাৰ ভাষাত বাউলী বতাহ !
যিকিনহওক বতাহৰ মাজে মাজে ময়ো ডাঙৰ হৈ গৈছোঁ । আজিকালি পাহাৰ বগাই বগাই চেনীমাইৰ সলনি জিলেলে জিলেলে,কিৰিং কিৰিং –এই বোৰ গান চাই ভাল লাগে । ডনাল্ড,অস্কাৰ,পিংগুহঁতে শোৱাপাটীতে মোৰ লগত কথা পাতে । এককথাত কবলৈ গলে মই ব..হু..ত ডাঙৰ হলো । আশে-পাশে পোৱা বস্তুবোৰ চুই চাওঁ । সেইবোৰনো কেনেকুৱা বস্তু তাৰে উমান লবলৈ চেলেকি চাওঁ । কেতিয়াবা কোনোবাটোৰে দাঁতৰ আলুৰ খজুৱতি মাৰোঁ । মায়ে আক বিশেষ কেইটামান বস্তুৰ বাহিৰে বেলেগ বস্তু মুখত ভৰালে থপিয়াই লৈ যায় । বৰ খঙ উঠে তেতিয়া । অচিনাকী কিবা এটাৰ সৈতে চিনাকী হবলৈ হলে সেইটো চেলেকি বা মুখত ভৰাইটো চাবই লাগিব । এই অকমান কথাটোকে তেওঁ বুজি নাপায় !
মাৰ দৰে দেতায়েও বহুত কথা বুজি নাপায় । এইয়ে তেওঁ ৰাতিপুৱা অফিচ নামৰ কৰাবলৈ সদায় সদায় ওলাই যায়, তালৈ যে মোৰো যাবলৈ মন যায় এই কথাটো তেওঁ গুৰুত্ব নিদিয়ে । বাটৰ গাড়ীবোৰ দেখিলে যে মোৰ ঘৰৰ ভিতৰত সোমাবলৈ মন নাযায় সেইটো জানিও তেওঁ নুবুজাৰ ভাও জুৰে । দেতা কেতিয়াবা বিৰাট বদমাচ হৈ যায় । তথাপি দেতাক মই বহুত ভাল পাওঁ । আৰু ভাল পাওঁ বাবেই আজিকালি ৰাতি তেওঁৰ মুখত হাত লগাই শুওঁ !
 মায়ে কয়...ওও মায়ে কয় ,মোৰ প্ৰতিটো অংগী-ভংগী,চকুৰ চাৱনীক বুজি পোৱা মোৰ মায়ে কয়-যদিওবা তুমি অহাৰ আগতেই প্ৰাপ্তিয়ে মোক আৱৰি আছিল তথাপি তোমাৰ সৈতে পাৰ কৰা এই এটা এটা মুহূৰ্ত ,তোমাৰ কণ কণ আঙুলিকেইটা কৰা প্ৰতিটো স্পৰ্শ মোৰ বাবে জীৱনৰ নতুন সংজ্ঞা হৈ পৰিছে ।

মই মাৰ এইবোৰ কথা ভালকৈ বুজি নাপাওঁ । ভালকৈ বুজি পাবলৈ হলে মই ডাঙৰ হব লাগিব । দেতাৰ দৰে ওখ-ডাঙৰ...

No comments:

Post a Comment