Wednesday, 4 May 2016

ফচঙৰ শনিৰ দশা






কিচিম কিচিম ভাৱনাই অ
ধৰেনো হেঁচা মাৰি
তেতিয়া মই বিচনাত পৰোঁ...
এঙামুৰি এটা দি ফচঙে ইফালে সিফালে চালে । হয় সি ভবাৰ দৰেই সৰুপোনাৰ কোঠাতেই গানটো বাজিছে ফচঙে আকৌ এবাৰ কানপাতিলে
কিচিম কিচিম ভাৱনাই অ
ধৰেনো হেঁচা মাৰি...
আয়ৈ দেহী গায়কজনৰো চাগৈ তাৰ দৰেই দুখে কুলাই পাচিয়ে নধৰা হৈছে ! এইহেন ধুনীয়া বতৰতো কিচিম কিচিম গোন্ধ আৰু চিন্তা কিছুমানে ফচঙৰ টোপনি কাঢ়ি নিছিলসেইবাবেই এইসময়ত এই গানটো তাৰ নিজৰ লগত মিলি যোৱা যেন লাগিলসি গোন্ধ আৰু চিন্তাবোৰ আঁতৰাই গানটোত মন দিবলৈ চেষ্টা কৰিলে । নাই নোৱাৰিলে । খোৱা টেবুলৰ পৰা উৰি অহা মলমলীয়া মাছৰ গোন্ধটোৱে তাক একোতে মন বহাবলৈ নিদিলে । আনকালে হোৱা হলে সি ইমানপৰে গৈ নেজ ডাল পোন কৰি টেবুলৰ তলত সকলোৰে ভৰিত গা ঘঁহাই মেও মেও কৰি থাকিলহেঁতেন । কিন্তু আজিৰ কথা বেলেগ । আজি যদি টেবুলৰ তলত মেও মেও কৰিবলৈ যায় গচকত পেটু ওলাবলৈও আছে । সেই ভয়তে ফচং সেইমুৱা হোৱা নাই ।
আচলতে ফচঙৰ শনিৰদশা চলিছে । বগীবুঢ়ীয়েও অলপতে ফচঙক সঁকিয়াই দিছে –বোলো বোপা ভালে ভালে থাকিবি দেই । তোৰ বাবে আমি ডেউকা ভাঙিব নোৱাৰোঁ
বুঢ়ীয়ে অৱশ্যে ঠিকেই কৈছে । অলপতে ফচঙৰ গালৈ বুলি শনিয়ে নিক্ষেপ কৰা টাঙোন এডালে বুঢ়ীৰ সৰু বোৱাৰীয়েকক আঘাত কৰি লেঙেৰা কৰি থৈছে । সেই তেতিয়াৰে পৰা শনিৰ দশাতকৈ ফচঙৰ সংগহে সকলোৰে বাবে বিপদজনক বুলি গণ্য কৰা হৈছে । কোনে জানে কেতিয়া ফচঙৰ গাত শনি লম্ভে !!
এই শনিৰদশা আৰম্ভ হৈছিল এমাহ মানৰ আগত । সেইদিনা যিদিনা ফচঙৰ সকলোতকৈ প্ৰিয় সৰু আইদেউ ঘৰলৈ আহিছিল । আৰু লগত লৈ আহিছিল আইদেউৰ থুনুক-থানাককৈ মাত ফুটা কনমানীটো । এইগৰাকী সৰু আইদেৱেই বিয়াৰ আগলৈকে ফচঙক  আতোলতোলকৈ ৰাখিছিল । আৰু ফচঙেও অনবৰতে সৰু আইদেউক পাছে পাছে ঘুৰি ফুৰিছিল । গতিকে সৰু আইদেউ ঘৰলৈ অহা দেখি ফচঙৰ বিৰাট আনন্দ লাগিছিল । কিন্তু ফচঙৰ সেই আনন্দ চেঁচা পৰিবলৈ বেছি সময় নালাগিল । সৰু আইদেউৰ কোলাৰ নামি আহি কনমানীটোৱে যেতিয়া তাৰ নেজডালত গচকি দিলেহি তেতিয়াই সি অনুমান কৰিলে আগন্তুক দিনকেইটা যে তাৰ ভালে কুশলে নাযাব । হওঁতে কনমানীটোৰ ভাল নাম এটা আছে কিন্তু তাৰ কৰ্ম কাণ্ডই ফচংহঁতৰ সমাজত শনি নামেৰেহে কুখ্যাত কৰি তুলিলে
-জেতুকী তোৰ কলাফুলত সেই চাট কোনে মাৰিলে ?
-শনি !
-বগী বুঢ়ী ,পুৱাই কিয় ইমান টেঁটু ফালিছিলি ?
-এহ কিনো কবি আৰু, শনিয়ে সৰু বোৱাৰীজনীয়ে পাৰি থোৱা কণীকেইটা গচকি পেলালেহি । তাকে গালি দি আছিলোঁ ।
মুঠতে শনিয়ে সকলোৰে জীৱন খেলিমেলি কৰি পেলাইছিল । আৰু এই ক্ষেত্ৰত সকলোতকৈ বেছি দুৰ্গতি হৈছিল ফচঙৰ । ফচঙে ভাত খাবলৈ লব শনিয়ে আহি তাক নেজত ধৰি চোঁচৰাই লৈ ফুৰিব । ফচং শুবলৈ লব কৰবাৰ পৰা ওফাৰ-উফৰিকৈ আহি শনি গাতে পৰি দিবহি । সৰু আইদেউৰ লৰাৰ বাবে ওলোটাই আঁচোৰ এটাও মাৰিব নোৱাৰি আৰু সেই সুবিধাতে শনিয়ে ফচঙৰ জীৱন তচ-নচ কৰি পেলালে ।
-আস নোৱাৰি বুজিছ পাখৰু এনেকৈ আৰু নোৱাৰি । ইয়াৰ কিবা এটা গতি লগাবই লাগিব ।
ফচঙে কাষতে শুই থকা পখৰালৈ চাই কলে ।
-কিহৰ গতি লগোৱাৰ কথা কৈছে অঅকনমানী লৰা । তাতে আলহী । দুদিনমান থাকি গুচি যাব । অলপ সহি থাকচোন ।
পখৰাৰ কথা শুনি ফচঙৰ খং উঠি গল ।
-কি সহ্য কৰা কথা কৈছে ! যোৱা এমাহ ধৰি মই তাৰ অতপালি সহি আছোঁ । সৰু আইদেউ পুতেক বুলি কামোৰা এটাও মৰা নাই । আনকি কেনেবাকৈ ভুলতে নখ লাগে বুলি মাজে মাজে নখৰ ধাৰবোৰ শিলত ঘঁহি নাইকিয়া কৰিছোঁ । আৰু কিমান কৰিম ক ? আজি সিহঁতি মাছে ভাত খাই আছে আৰু মই সেই শনিটোৰ ভয়ত বাহিৰত বহি আছোঁ । এটা বোন্দাৰ বাবে ইয়াতকৈ আৰু দুখৰ কথা কিবা হব পাৰেনে ?
শেষৰ ফালে ফচঙৰ মাতষাৰ থোকা-থুকিকৈ ওলাল ।
-তই যি কৰিব খুজিছ কৰি থাক । কিন্তু কনমানীটোৰ যাতে একো অনিষ্ট নহয় সেইটো মন কৰিবি ।
এইবাৰ ফচঙে একো নকলে মাথো ডাঢ়িকেইডাল পকাই পকাই হাঁহি এটা মাৰি ভোৰভোৰালে-মইটো ভাবিয়েই থৈছোঁ ,মাত্ৰ শনিয়ে জালত ভৰি থলেই হল !
এইফালে গৃহস্থ ভাত খাই উঠিল সেইফালে ফচং নিজৰ পৰিকল্পনাত লাগি গল । সি প্ৰথমেই সৰুপোনাৰ কোঠাৰ বিচনাখনৰ ওচৰলৈ গল । বিচনাখনৰ উচ্চতা চাই তাৰ মন ভাল লাগি গল । ঠিক ইমানখিনি উচ্চতাই তাক দৰকাৰ । যাতে সাপো মৰে লাঠিও নাভাগে । ফচঙৰ পৰিকল্পনাৰ মতে সি শনিৰ আগত অলপ সময় ইফাল-সিফাল কৰি দেখুৱাব আৰু তাক দেখি শনিয়ে খেদি আহিব । শনিয়ে খেদাৰ লগে লগে ফচং আহি সৰুপোনাৰ বিচনাত উঠিবহি । পাছে পাছে শনিটো আহিবই । সি যেতিয়া বিচনাত উঠিব তেতিয়াই ফচঙে আচল অস্ত্ৰ পাত ব্যৱহাৰ কৰিব । ফচং আহি বিচনাৰ একেবাৰে কাষত ৰৈ দিব । আৰু শনিয়ে তাক ভুকু মাৰিবলৈ ললেই সি মাটিলৈ জাঁপ মাৰি দিব । লগে লগে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি শনিও বিচনাৰ পৰা লুটি খাই পৰিব । সৰু পোনাৰ বিচনাখন ইমান বেছি ওখ নহয় যে লুটি খাই পৰি শনিয়ে বেছিকৈ দুখ পাব । কিন্তু ইমান চাপৰো নহয় যে শনিয়ে ভয় নাখাব । বচ,ফচঙৰ প্ৰতিশোধ লোৱাও হৈ যাব লগতে শনিয়েও ফচঙক অত্যাচাৰ কৰাটো যে ভাল কাম নহয় সেইটো গম পাই যাব ।
ভবা মতেই কাম । ফচং গৈ কটাৰীৰে দুৱাৰডলি কাটি থকা শনিৰ আগত অহা-যোৱা কৰিলেগৈ শনিয়ে হাতত কটাৰখন লৈয়ে খেদা মাৰি আহিল । কটাৰখন দেখি একমুহূৰ্তৰ বাবে ফচঙে পৰিকল্পনাটো বাদ দিওঁ বুলি ভাবিছিল যদিও পাছত যি হয় দেখা যাব বুলি বিচনাত উঠিলগৈ । শনিয়ে কেইবাৰো চেষ্টা কৰি বিচনাত উঠিল । ফচং বিচনাৰ কাষলৈ গল । শনিও । শনিয়ে কটাৰীখন জোকাৰি ফচঙৰ গাত মাৰো বুলি লওঁতেই ফচঙে জাপ মাৰি দিলে । ফচঙে ভবাৰ দৰেই ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি শনি লুটি খাই পৰিল । লগে লগে এটা টেঁটুফলা চিঞৰে শুই থকা বগীবুঢ়ীকো জগাই দিলে ।
মিয়াওওওওওওওওওওওওওওওওওওওওওওওওওওও
চিঞৰটোৰ লগে লগে ঘৰ সদস্যসকলৰ দুপদুপকৈ লৰাৰ শব্দ শুনা গল । পখৰাই কি হৈছেনোঁ বুলি জুমি চাওঁতেই তাৰ চকুৰ আগদি বায়ু বেগেৰে ফচং ওলাই গআৰু সেই একে বেগেৰে অহা ফৰ্মুঠি এটাই পখৰাক লুটি খোৱাই পেলাই দিলে । তাৰপাছত বহু সময়লৈকে ঘৰখনত হুলস্থুল হৈ থাকিল যদিও ফচঙক হলে কোনেও বিচাৰি নাপালে ।
পিছদিনাখন ফচঙক দেখা গল । ঘৰ মূধচত বহি সি মাথো ভাবি আছিল তাৰ লগতে কিয় এনেবোৰ হয় । গোটেই ঘৰখনেই আজি তাৰ শত্ৰু হৈ পৰিছে । সকলোৱে মাথো তাক গালি পাৰিছে । সৰু আইদেৱেটো কৈ দিছে হয় ফচং এইখন ঘৰত থাকিব নহয় তেওঁ । আস ! সৰু আইদেৱে এনেকৈ কব পাৰেনে ?  আৰু তাৰ লগ-বন্ধুবোৰে...সৌটো পখৰা তলত ৰৈ আছে । ফচং নামি গলেই কামুৰিম বুলি । ফচঙৰ গালৈ কোনোবাই মৰা ফৰ্মুঠি এডালে পখৰাৰ আঁঠুৰ জোৰা লৰাই দিলে । সেইবাবে পখৰাই এই ৰূপ ধাৰণ কৰিছে কিন্তু সি জানো কৰোঁ বুলি কৰিছিল । তাৰ অংকৰ মতেতো সকলো ঠিকেই আছিল । সকলোবোৰ সি ভবামতেই হৈ গৈ আছিল । মাত্ৰ লুটি খাই পৰোতে গণ্ডগোলটো লাগিল । ফচঙে জাঁপ মাৰি লৰ দিবলৈ নাপালেই শনি গৈ তাৰ ওপৰতে পৰিল । গাহৰি হেন শনিটো গাত পৰোঁতে তাৰ কঁকালটোৱে বিহু দেখি গল । লগতে কটাৰীখন কাণৰ কাষেদি পাৰহৈ যোৱা যেন অনুভৱ কৰি সি চিঞৰ মাৰি উঠিছিল । তাৰ চিঞৰ শুনি শনিয়েও ভয় খাই চিঞৰি দিলে । ফলত ঘৰৰ মানুহবোৰে সি শনিক কামোৰা বুলি ভাবি যিটোহে খেদা দিলে এমাইল মান বাট দৌৰিহে সি নিজলৈ উভতি চাইছিল । নিজলৈ চায়েই ফচং কান্দোনত ঢলি পৰিছিল । বিষ আৰু শোকে তাক খুন্দা মাৰি ধৰিছিল । তেতিয়াৰে পৰা সি কান্দিয়েই আছে । লগৰ বোন্দাবোৰে বাৰু তাক কি বুলি কব ! ফচঙে হাতোৰাখনে তাৰ কাণখন চুই চালে । শনিৰ কটাৰীৰ আঘাতত আধা কাট খোৱা কাণখনত তেতিয়াও অলপ অলপ তেজ বিৰিঙি আছিল । উহ উহ উহ ! লগৰবোৰে তাক কাণকটা ফচং বুলি কব । ইয়াতকৈ আৰু লাজৰ কথা কিবা হব পাৰে নে !!!
মিয়াওওওওওওওওওওওওওওওওওওওওওওওওওওওওও

No comments:

Post a Comment