Wednesday, 4 May 2016

মেঘমন্যু,মেস্ক হাস্পাতাল আৰু ধনেশ পক্ষী....



সেয়া লেছেৰী বুটলা ধানেৰে বিহুত কাপোৰ কিনাৰ সপোন দেখাৰ সময়ৰ কথা । পঁইতাচোৰা এজনী মাৰি পৰুৱাৰ আগত দি সিহঁতৰ আলে-লেখ চোৱাৰ দিনৰ কথা । লৰা এজনে ঘৰৰ কাষৰ হাবিখনৰ পৰা চৰাই এজনী ধৰি আনি আমাক দেখুৱাইছিল । আমি ঘুৰি ঘুৰি চৰাইজনী চাইছিলোঁ । লৰাজন গুছি যোৱাৰ পাছত মায়ে কৈছিল সেইটো ধনেশপক্ষী হয় ।
ধনেশপক্ষী !
ৰাতি মায়ে ধনেশপক্ষীৰ বিষয়ে কৈছিল । কৈছিল মাইকীজনীয়ে উমনি লৈ থকা অৱস্থাত মতা ধনেশটোৱে কেনেকৈ তাইৰ আল-পৈচান ধৰে । কথাবোৰ তেতিয়া সাধু সাধু লাগিছিল । আনকি আজি অলপদিনলৈকে...
২০০৫ চন । অসমৰ এখন চৰকাৰী হাস্পতালউৎকণ্ঠাৰে ৰৈ থকা মাক আহি মহিলা ডাক্তৰ গৰাকীয়ে কঠিন সৰুৰে কলে-বাচ্চা বাচে নে নাবাচে ঠিক নাই । ওজন বৰ কম !
ভাগৰত অৱশ হৈ থকা বাইদেউক অপলক চায় মায়ে আঁৰচকুৰে তেওঁৰ প্ৰথম নাতিনীজনীলৈ ভয়ে ভয়ে চালে...তিনিটা সন্তানৰ মাতৃ মাৰ চকু লগালগ উজ্জ্বলি উঠিল-চাৰে তিনিকেজি ওজনৰ এইটি শিশুক ডাঙৰ কৰা টান কাম হব নে ।
নহ,কনমানীজনীক ডাঙৰ কৰোঁতে একোৱেই কঠিনতাৰ সন্মুখীন নহআজিও হোৱা নাই ।
২০১৫ চন । উৎকণ্ঠা আৰু ভয়ৰে অটিৰ সন্মুখত ৰৈ থকা গৃহস্থক ডাক্তৰগৰাকীয়ে অভয় দান কৰি কৈছিল-বাবামণি টেনচন নলবা । চব ঠিক হৈ যাব ।
কথাষাৰ কোৱা এঘণ্টা মানৰ পাছত কোনোবা এজনে মেঘক আনি গৃহস্থক দেখুৱাইছিল-স্বাস্থ্যৱান বাচ্চা ! ওজন দুইকেজি আঠশগ্ৰাম !কংগ্ৰেচুলেচন !
গৃহস্থৰ মুখত দৃঢ়তাৰ চাপ ফুটি উঠিছিল !
কেৱল সেইদিনাই নে, তাৰ পাছৰ দিনবোৰতো ডাক্তৰসকলে তেনেকৈয়ে আমাক সাহস যোগাইছিল । আৰু প্ৰধানকৈ সেই সাহসেই মেঘক অকলশৰে ডাঙৰ কৰিবলৈ আমাক সহায় কৰিছিল । আৰু ডাক্তৰ ...সেয়া অন্য এক অধ্যায় ।
মেঘ অহাৰ উমান পায়ে গৃহস্থৰ সহকৰ্মী এগৰাকীৰ পৰামৰ্শমতে আমি মেক্স হাস্পতাল পততপৰগঞ্জৰ ডাক্তৰ নীৰা অগ্ৰৱালৰ কাষ চাপিছিলোঁ । নীৰা অগ্ৰৱালৰ কথা আখৰে আখৰে পালন কৰি আমাৰ দিনবোৰ আগবাঢ়িছিল ।  তেওঁৰ কেবিনৰ পৰা প্ৰতিবাৰে আমি হাঁহি হাঁহি ওলাই আহিছিলোঁ । কিবা এটা নহয় কিবা এটা কথাত তেওঁ গৃহস্থক জোকাইছিলেই ।
-মাম্মাছ বেষ্ট খাব পৰা নাই ? অকে বিস্কুট এটা দিছোঁ । এইটোৰ এখন তুমি খাবা আৰু এখন বেটাক দিবা । সিও গম পাব লাগে নহয় এইবোৰ খাই কেনে লাগে !
দিনবোৰ তেনেকৈয়ে কাছৰ গতিৰে গৈ আছিল । তেনেতে এদিন ফোন এটা আহিল ...নীৰা অগ্ৰৱাল যথেষ্ট ব্যস্ত ডাক্তৰ বাবে তেখেতৰ এপইণমেণ্ট প্ৰায় এমাহৰ আগতে ললেহে পোৱা যায় । আমি সদায় দুটা আগতীয়া এপইণমেণ্ট লৈ থৈছিলোঁ । সেইদিনা মেস্কৰ পৰা ফোন আহিল এপইণমেণ্টটো বাতিল কৰিবলৈ । নীৰা অগ্ৰৱাল হঠাতে বিদেশলৈ যাব লগা হল আৰু তেওঁ সলনি আমি অনুমতি দিলে নীৰা অগ্ৰৱালে ৰেফাৰ কৰা বেলেগ এগৰাকীক ডাক্তৰৰ এপইণমেণ্ট আমাৰ বাবে বুক কৰি দিব । আমি অনুমতি দিয়াৰ অলপ পাছতে ফোনত মেছেজ আহিল । চাওঁ নাচাওঁ কৈ ডাক্তৰ গৰাকীৰ নামটো চালো-পৰিণীতা কলিতা !
যাওঁ নাযাওঁকৈ গলো । কেবিনত সোমোৱাৰ আগতে গৃহস্থ আৰু মই পাতি গৈছিলোঁ আমি অসমীয়াত তেওঁক একো নুসুধো । কেনেবাকৈ তেওঁ অসমীয়া কথা নাপাতিলে আমি এনেই লাজ পাম । পিছে আমাক আচৰিত কৰি তেওঁ অসমীয়াতেই কথা বতৰা আৰম্ভ কৰিলে । প্ৰথমবাৰতেই তেওঁক ভাল লাগিল । অৱশ্যে পাছত নীৰা অগ্ৰৱাল অহাত পুনৰ তেওঁৰ কাষলৈ গুছি গলো । কিন্তু কথাবোৰ যেন বেলেগ হবলৈ গৈ আছিল । এদিন চেকআপৰ বাবে গৈ গম পালোঁ নীৰা অগ্ৰৱাল সেইদিনা ডিউটিতে গুৰুতৰ ভাৱে অসুস্থ হৈ হাস্পতালত এডমিট হৈছে । খুব জৰুৰী অৱস্থাত থকা নীৰা অগ্ৰৱালৰ পেচেণ্টবোৰ সেইদিনা পৰিণীতা কলিতাই চাই আছিল । আমিও তাৰ মাজতে পৰিলোঁ । ঘুৰি আহোঁতে লিফট সোমাব খুজোঁতে বহুকেইজন ডাক্তৰে আগুৰি লৈ অহা হুইল চেয়াৰত বহি থকা অৱশ নীৰা অগ্ৰৱালক দেখিলোঁ । গৃহস্থ আৰু মই ইজনে-সিজনলৈ চালোঁ । আৰু সেই মুহূৰ্ততে আমি সিদ্ধান্ত লৈ ললো ইয়াৰ পাছত আমি পৰিণীতা কলিতাকহে দেখুৱাম ।
তাৰ পাছত....তাৰ পাছত নীৰা অগ্ৰৱালৰ আৰু পৰিণীতা কলিতাৰ নিৰ্দেশনা, মেক্স হাস্পতালৰ সুন্দৰ সহযোগিতা আৰু শুভাকাংশীসকলৰ আশীৰ্বাদৰে মেঘ আহিল,সময়তকৈ চৌবিশদিনৰ আগতে ।
আৰু সাধুটো ? ধনেশপক্ষীৰ সাধুটো...?
 সলনি হোৱা সাধুটো... ?
মেঘে নিজৰ উপস্থিতিৰ উমান দিলে । লগালগ মোৰ নাকটোৰ ক্ষমতা দূৰ-দিগন্তলৈকে বিয়পি পৰিল । তাতে চাৰভিকেল লেংথ কম হোৱাৰ বাবে নীৰা অগ্ৰৱালে প্ৰথমৰ পৰাই বেড ৰেষ্ট আৰম্ভ কৰি দিলে । গতিকে গৃহস্থই অফিচ,ঘৰৰ লগতে পাকঘৰটোও চম্ভালি ললে । প্ৰতিদিনে এজন ৱেটাৰৰ দৰে সুধিছিল –আজি কি খাবি ? আৰু খাই বেয়া পোৱা মইজনীয়ে সদায়ে নাক কোঁচাইছিলোঁ । মোৰ আবদাৰবোৰ বাঢ়ি গৈছিল । তেওঁ হাঁহিমুখেই সকলোবোৰ পুৰাবলৈ চেষ্টা কৰিছিল ।
প্ৰথমবাৰৰ বাবে মই অনুভৱ কৰিছিলোঁ কেৱল মাতৃগৰাকীয়েই সন্তান এটি গৰ্ভধাৰণ নকৰে মাতৃৰ লগতে পিতৃয়েও নিজৰ সন্তানৰ গৰ্ভধাৰণ কৰে.. মনেৰে ,সহযোগিতাৰে ।
সেইদিনা তেওঁ অফিচৰ পৰা আহি পাইছিলহে । মই মোৰ অস্থিৰতা কথা তেওঁক জনালোঁ । মোৰ অস্থিৰতাত তেওঁও অস্থিৰ হৈ পৰিল । পৰিণীতা কলিতালৈ ফোন কৰিলে । তেওঁ বেছি কিবা হলে এডমিট হৈ দিবলৈ কলে । তেনেতে চয়নিকাবাৰ ফোন আহিল । মই তেওঁক কথাবোৰ কলো । চয়নিকাবাৰ পৰা কথাবোৰ গম পাই অলপ পাছতে আমাৰ খবৰ সঘনাই লৈ থকা নিৰ্জুবাই  লণ্ডনৰ পৰা ফোন কৰিলে । নিৰ্জুবাই আমাক লগালগ এডমিট হবলৈ কলে । তেওঁলোকৰ কথামতেই ৰাতি এঘাৰবজাত হাস্পাতালত এডমিট হলোগৈ ।
পিছদিনা পুৱা...
উৎকণ্ঠা আৰু ভয় দুয়োটাৰে অটিৰ সন্মুখত ৰৈ থকা গৃহস্থক ডাক্তৰগৰাকীয়ে অভয়দান কৰি কৈছিল-বাবামণি টেনচন নলবা । চব ঠিক হৈ যাব ।
মেঘ আহি কোলাত উঠিল । গৃহস্থই মেঘক কাষতে শুৱাই মোক চামুচেৰে অকণ অকণকৈ পানী খুৱাই দিলে । তেতিয়াও ভালকৈ মুখখন চাবলৈ নোপোৱা মেঘৰ কণকণ আঙুলিকেইটা চুই কলো-চোৱা সেয়া তোমাৰ দেতা । আমাৰ ধনেশপক্ষীটো ।
সাধুটো সলনি হৈ গৈছিল । সাধুটোৱে আহি মোক সাৱটি ধৰিছিলহি ।
সাতদিনৰ পাছত চেকআপৰ যাওঁতে পৰিণীতা কলিতাই মেঘলৈ চাই কৈছিল-ই বাবামণিৰ দৰে হব ।
তেওঁৰ কথাত মই হাঁহিছিলোঁ । সুখেৰে । কাৰণ মইও বিচাৰোঁ সি দেতাকৰ দৰে হোৱাতো । দেতাকৰ দৰে অবিকল আন এজন হোৱাটো । যাতে অদূৰ ভবিষ্যতে আন এগৰাকী নাৰী সুখী হব পাৰে... মনৰ জোখাৰে ,প্ৰাপ্তিৰে ।। 

No comments:

Post a Comment