Thursday, 24 September 2015

এঙেৰুৱা আকাশ



কেতিয়াবা কিছুমান মুহূৰ্তত কিছুমান প্ৰশ্নৰ উত্তৰ শুনিবলৈ যেন বতাহো ৰৈ যায় । কাণৰ কাষত লৈ থকা মোবাইলটোৰ সিপাৰৰ পৰা অহা প্ৰশ্নটো শুনি নিকুৰ তেনেকুৱাই লাগিল । কি কব তাই !! অলপ আঁতৰত বহি থকা বায়েক মমতাই আঁৰ চকুৰে তাইলৈকে চাই আছে । শুনিব নুখুজিও যেন তাই শুনিব খুজে নিকুৱে কি কব । অথচ নিকুৱে কতবাৰ তেনে প্ৰশ্নৰ উত্তৰ দি গৈছে । কতবাৰ সহজভাৱেই তেনে পৰিস্থিতিৰ সন্মুখীন হৈছে । আজিৰ দৰেতো তাই কোনোদিনে থমকি ৰব লগা হোৱা নাই ! আজি কিয় ৰৈ গৈছে ? সৌ সিদিনালৈকেচোন এইবোৰ তাইৰ বাবে সাধাৰণ সাধাৰণ যেন লগা জীৱনৰ অংশ আছিল !!
সৌ সিদিনালৈকে যেতিয়া কোনোবাই তাইক মাতিছিল...

-ঐ গুৰৰ টিং ...গুৰৰ টিং ঐঐঐ
ঠাচ !!
প্ৰথমে এটা কৌতুক মিহলি চিঞৰ আৰু তাৰ পাছত হোৱা আন এটা শব্দই সেই চিঞৰটোক আধাতে বন্ধ কৰি দিয়াত নিকুৱে উভতি চাবলৈ বাধ্য হল । চৰ খাই গালখন মোহাৰি মোহাৰি পতুকণ আঁতৰি গৈছে যদিও চৰ মৰা মমতাই তেতিয়াও ৰণচণ্ডী মূৰ্তি ধৰিয়ে আছে ।
-আৰু এদিন যদি তোক তেনেকৈ মতা শুনো চাবি,বাপেৰৰ আগতে টিপা মাৰি ধৰিমগৈ । পেট-কপটীয়া বাপেকটোৱে লোকক নাম দি ফুৰিব আৰু পুতেকে সেই নামেৰে জোকাবলৈ আহিব । হেৰৌ তহঁতৰ নিজৰ চেহেৰাটো কেতিয়াবা আইনাত চাইছনে ?
-হব আৰু বাইদেউআহ ঘৰলৈ যাওঁ ।
নিকুৱে অতিষ্ঠ হৈ বায়েকক টানি আনিলে ।
-তোৰ এই স্বভাৱৰ বাবেই সিহঁতি চল পাই বুজিছ । কাণতলীয়া চৰ এটা শোধাই দিলেই চব বন্ধ হৈ যায়
-কাক কিমান চৰ শোধাবি বাইদেউ ...
-কলৈ গৈছিলি অলী ?  মায়েৰাই অথনিৰে পৰা বিচাৰি আছে । যা সোনকালে ।
কাষেদি পাৰ হৈ যোৱা দদায়েকৰ কথা শুনি নিকুৱে বায়েকলৈ চাই হাঁহি এটা মাৰিলে ।
-শুনিলি নহয় বাইদেউ । চৰ শোধাই লাভ নাই ।
কোঁচত লৈ অহা বগৰীখিনিৰ পৰা বগৰী এটা মুখত ভৰাই নিকু আগবাঢ়ি গুছি গল । মমতাই এটা পল থৰ লাগি ৰৈ তাইৰ পাছে পাছে আগবাঢি়ল ।
স্কুলৰ পৰা আহি থাকোঁতেই দুয়োজনীয়ে পাং পাতিছিল, এৰাবাৰীৰ বগৰীজোপাৰ পৰা বগৰী আনিবগৈ । এৰাবাৰীলৈ মাকে সিহঁতক কেতিয়াও যাবলৈ নিদিয়ে । তাত যিহে ভূতৰ তাণ্ডৱ । নকৈ জীয়ৰী হোৱা ছোৱালী গাত কেনেবাকৈ ভূত লম্ভিলে পাছত বিয়া দিবলৈকে টান হব বুলি ভাবি মাকবোৰে ছোৱালীবোৰক সেইফালে মুখকে কৰিবলৈ নিদিয়ে । সেইবাবেই  মাকে খুৰীয়েকৰ ঘৰলৈ কিবা এটা বিচাৰি যোৱা সময়তে চল চাই দুয়োজনী এৰাবাৰীলৈ পোনাইছিল । বগৰীখিনি দেখি সিহঁতৰ মনটো উলাহত নধৰা হৈ আছিল পিছে উভতি আহোঁতে এই পতুকণেহে মনটো বেয়া কৰি দিলে ।
এনেকুৱা নহয় যে এই বিষয়ত মমতাই আজিয়েই প্ৰথম কাজিয়া লাগিছে । মমতাই প্ৰায়েই কাজিয়া লাগে । কেতিয়াবা নিজৰ ককায়েকৰ লগত ,কেতিয়াবা আনৰ লগত । মুঠতে নিকুক কলী বোলা,নিকুক দেখিবলৈ বেয়া বুলি কোৱা চবৰে লগত মমতাই কাজিয়া লাগে । কেতিয়াবা মাকক সোধে-মা এইৰ নামটো কলী বুলি কোনে থৈছিল নো..
- জানো ...
-কি জানো ?  তুমি নামটো থোৱাৰ সময়ত কব নোৱাৰিলা নেকি মোৰ ছোৱালীজনী ছালখন কলা হলে কি হব তাইৰ মনটো কলা নহয়গৈ নহয় ।
-হেহ ! নামতনো কি আছে অ
-আছে আছে বহুত কিবা কিবি আছে । তোমালোকে নুবুজিবা । হয়তো ময়ো নুবুজিম ।
মমতাই তেনেকুৱা মূৰ্তি ধৰিলে নিকুৱে তাইক বুজনি দিয়ে ।
-তই অলপ বেছি ভাৱ বাইদেউ । কলা হোৱাৰ বাবে মই নোখোৱাকৈ আছোনে ।
-নোখোৱাকৈ থকা নাই বুলি ময়ো জানো কিন্তু এই যে পুৱা...
আধাতে ৰৈ যোৱা মমতাৰ কথাখিনি নিকুৱে নকলেও বুজি পায় । এৰা কলী বুলি মতাৰ বাবে তাই নোখোৱাকৈ থকা নাই । এই যে টিভিত দেখাই থাকে কলা শৰীৰ বগা কৰিব পৰা বিজ্ঞাপনবোৰ,যিবোৰৰ মতে ভাবিলে কলা ৰঙৰ মানুহে জীয়াই থকাতকৈ শিলত মূৰ আছাৰি আছাৰি মৰি থাকিব লাগে ,সেইবোৰ বিজ্ঞাপন দেখিও নিকুৰ মন বেয়া নালাগে । কিন্তু বেয়া লাগে তেতিয়াই যেতিয়া কেৱল দেখিবলৈ শুৱনি নোহোৱাৰ বাবেই কোনোবাই লগত বিয়া,সবাহ খাবলৈ নিবলৈ নিবিচাৰিলে , লগৰ বান্ধৱীবোৰে বিচৰামতেই বন্ধু-বান্ধৱ গোটাই অথচ তাইৰ কাৰোবাৰ বন্ধু হব খুজিলেও কোনেও আগ্ৰহ নেদেখুৱালেসেইবাবেই কেতিয়াবা কেতিয়াবা তাই ধুনীয়া হৈ চাবলৈ মন যায় । কোনে জানো কৈছিল পুৱাই বোলে কুহুমীয়া গৰম পানীৰে মুখখন মালিচ কৰিব লাগে ,তেতিয়া মুখখন উজ্জ্বল হয় । তাই কৰি চাইছিল । মমতাই চাগৈ তাকে দেখিলে !
মমতাই আৰু বহু কিবা-কিবিয়েই দেখি আহি থাকিল । নিকুৰ উৰ্ধমুখী শৈক্ষিক জীৱন,তাইৰ সফলতাবোৰ । সময়ৰ লগে লগে নিকুৰ ভিন্ন ধৰণৰ নামবোৰ হেৰাই গৈ থাকিল । হেৰাই গৈ থাকিল তাইৰ হীনমন্যতা, হতাশা আদিবোৰ । কিছুমানে তাইৰ অনুপস্থিতিত সেই নামবোৰ লৈছিল যদিও তাইৰ সমুখত ভাল নামেৰে সম্বোধন কৰিছিল । পিছে ডাঙৰ হৈ অহাৰ পাছত আন এটা সমস্যাই দেখা দিলে ,
বিয়া ।
ইতিমধ্যে মমতাৰ বিয়া হৈ গৈছিল ।নিকুলৈ মনে মনে দৰা বিচাৰি হাবাথুৰি খোৱা মাকে এদিন বোৱাৰীয়েকক সুধিলে-তোমালোকৰ যে মামাৰ লৰা ,তালৈ বোলে বিয়া পাতিবলৈ তোমাক ছোৱালী চাবলৈ কৈ আছে ,আমাৰ নিকুকে দেখুৱাব পাৰাচোন ।
বোৱাৰীয়েকে চাহ খাই থকা গিৰিয়েকলৈ চাই কওঁ নকওঁ কৈ কলে-মা সি মানে অলপ হেৰি ছোৱালী বিচাৰি আছে,নহলে নিকুকে দেখুৱালোহেঁতেন ।
আচম্বিতৰূপে অফিচৰ পৰা আহি ঘৰত সোমোৱা নিকুৱে সেইকথাষাৰ শুনি অকণো খোকোজা নলগাকৈ বৌয়েকক কলে-তোমালোকে মোৰ বিয়াৰ বাবে চিন্তা নকৰিবাচোন । মই নিজৰ বিয়াখন নিজেই ঠিক কৰি লম নহয় ।
নিকুৱে কথামতেই কাম কৰিছিলসময়ত নিজৰ সহকৰ্মী বিজয়ৰ সৈতে তাই বিয়াত বহিছিল । বিয়াৰ ঠিক দুদিনৰ আগত নিজৰ আবিয়ৈ ধুনীয়া জীয়েকজনীৰ ফালে এপাক চাই পেহীয়েকে সুধিছিল-সি তোক কি দেখি পচন্দ কৰিলে হয়নে ?
মমতা কাষত থকাহলে সেইদিনা আৰু এখন কাৰগিলৰ যুদ্ধৰ দৰে যুদ্ধ হলহেঁতেন চাগৈভাগ্যই তাই নাছিল । নিকুৱে সহজ ভাবে পেহীয়েকক কৈছিল
-একেলগে পঢ়িলোঁ,একেটা অফিচতে চাকৰিও পালোঁ গতিকে দেখি দেখি দুয়োৰো মন মিলিল আৰু পেহী !
-তোৰ ভাগ্যখন বৰ ভাল দে ।
আৰু বিজয়ৰ ভাগ্যখন ?  নাই পেহীয়েকক তাই উভতি একো নুসুধিলে । আনকি পেহীয়েকৰ কথাষাৰ দ্বিতীয়বাৰ মনতো নপৰিল ।
কিন্তু আজি...
বিজয় আৰু তাইৰ প্ৰথম সন্তানটোৱে আজি পুৱা পৃথিৱীৰ মুখ দেখিলে । তাৰ জন্ম হোৱাৰ পাছৰে পৰা ইটোৰ পাছত সিটো ফোন আহিয়ে আছে । অপাৰেচন থিয়েটাৰৰ পৰা আহি কেবিনৰ বিচনাত শুই নিকুৱে ধৰা প্ৰথম ফোনটোৰ সিপাৰৰ পৰা পেহীয়েকে প্ৰশ্ন কৰিলে-বেবিটো কেনেকুৱা ? বগা নে কলা ?
দেউতাকৰ দৰে,মানে বগা বুলি কবলৈ লৈয়ো নিকু ৰৈ গল । এজাক ধুমুহাই যেন এফালৰ পৰা তাইৰ এৰি অহা সময়বোৰ খান্দি গল ! তাই বায়েকলৈ চালে । বায়েকেও কৌতুক মিহলি দৃষ্টিৰে তাইলৈ চাই আছে । ফোনৰ সিপাৰৰ পৰা পেহীয়েকে আকৌ সুধিলে-হয়নে নিকু, বৌয়ে ফোন কৰি কলে বেবিটো হেনো আমাৰ ধনৰ দৰে ৰঙা-বগা হৈছে ?
ধনৰ দৰে !! অলপ দিনৰ আগতে নাৰীজনিত কেলেংকাৰীৰে টিভিৰ পৰ্দাত ওলাবলৈ সক্ষম হোৱা পেহীয়েকৰ সেই দগাবাজ লৰাটোৰ দৰে !! প্ৰচণ্ড খঙ এটাত নিকুৰ গাটো জ্বলি উঠিল ।
এইবাৰ একমুহূৰ্তও খৰচ নকৰি তাই কৈ উঠিল-নহয় পেহী ,সি ধনককাইদেউহঁতৰ দৰে হোৱা নাই,সি মানুহৰ দৰে হৈছে !!
  

মেঘৰ কথাৰে




ৰাতি ক'ৰবাত শেৱালি ফুলিছিল চাগৈ , শেৱালিৰ গোন্ধ এটা চাৰিওফালে মলমলাই আছে ৷ সেই গোন্ধটোতে মতলীয়া হৈয়েনে আন কিবা কাৰণত জানো শালিকীকেইজনীমানে চোতালতে কেৰকেৰাই নাচি আছে ৷অদূৰৰ পানী এডোঙাত ঠেং চাফা কৰি কৰি হাঁহকেইজনীমানে বিয়নী মেল পাতিছে ৷ বাৰাণ্ডাত পাটি এখনত উবুৰি খাই মেঘে এইবোৰকে লক্ষ্য কৰি আছে৷
মেঘৰ মন বেয়া ৷ বেয়া মানে দুবাৰমান উচুপি উচুপি কান্দিলেও ৷ কিন্তু কোনেও উমানকে নাপালে আচলতে সি কিয় কান্দিছে ! এই যে গম নাপালে এইটো দুখে মেঘক আৰু জুৰুলা কৰিলে ৷ আইতাক নহ’লেও অন্তত মাকজনীয়েতো বুজি পাব লাগিছিল ! নাই কোনেও তাক গুৰুত্বই নিদিলে ৷ সি এতিয়াহে বুজি পাইছে তেওঁলোকে তাক ভালপাওঁ বুলি এনেইহে কয় ৷ নহ’লে জানো…
কালি আবেলিলৈকে মেঘৰ মনটো ভালেই আছিল ৷ বায়েকৰ সৈতে খেলিছিল,মাক-দেউতাকক হাঁহি হাঁহি নিজৰ ভাষাত কথা কৈছিল, আইতাকৰ মেকুৰীৰ নেজহেন চুলিখিনি ঘটালি দিছিল ৷ দুপৰীয়া সময়তে ঘটা অঘটন এটা দেখিটো মেঘৰ সুখবোৰে শালিকী চৰাইৰ দৰে জঁপিয়াই উঠিছিল ৷
দুপৰীয়া সেইটো অঘটন বুলিয়ে ক'ব লাগিব ৷ মেঘে চকু মেলাৰ পৰা দেখি আহিছে আইতাক ঘৰৰ ৰাণীৰ দৰে থাকে ৷ সকলোৱে আইতাকৰ কথা আখৰে আখৰে পালন কৰে ৷আনকি দেউতাকৰ দৰে ওখ ডাঙৰ মানুহ এটাকো আইতাকে গালি পাৰি পাৰি মাত নাইকিয়া কৰি দিব পাৰে ৷ সেইহেন প্ৰতাপী আইতাকক তাৰ তৃতীয় শ্ৰেণীত পঢ়া বায়েক দুচাট দিলে কম ডাঙৰ কথা নে!
ঘটনাটো আৰম্ভণি ঘটিছিল পুৱাৰ ৰ’দজাকৰ পৰা ৷ ৰ’দজাক ওলোৱাৰ লগে লগে গৰম বাঢ়ি আহিছিল ৷ সিহঁত দুটাক খুৱাই-বুৱাই আইতাকৰ হাতত গতাই মাক স্কুললৈ গ'ল ৷ দুপৰীয়া লৈকে বিশেষ একো প্ৰতিক্ৰিয়া দেখা নাছিল ৷ কিন্তু মাক স্কুলৰ পৰা অহাৰ লগে লগে বায়েকৰ মুখখন ফুলি উঠিল ৷ মাকে বহুদেৰি সোধাৰ পাছতো একো উত্তৰ নোপোৱাত আইতাকেই সুধিলে
-হয়নে আমাৰ আইদেউৰ মুখখন বা কিয় ফুলিছে ?
আইতাকৰ প্ৰশ্নটোৱে যেন আবেগ এখিনিত ফুটাহে কৰি দিলে ৷ বায়েকে উচুপি উচুপি ক'বলৈ ধৰিলে-তোৰ আজিকালি অলপ বেছি ভেম হৈছে ৷ তই বেয়া হৈ গৈছ ৷
-আয়ৈ মইনো কেনেকৈ বেয়া হলো হয়নে?
-বেছি কথা নক'বি …
বুলি কৈ বায়েকে হাতত লৈ থকা বিচনীখনেৰে আইতাকৰ টিকাতে দুচাট দি দিলে ৷
-তই আজিকালি ভাইটিক বেছি মৰম কৰ ৷ আজি তই ভাইটিক বিচনীৰে বেছিকৈ বিচি আছিলি ৷ মোক বিচি নিদিলিয়েই !
-এস মই দুয়োটাকে সমানে বিচি আছিলোঁ দেই ৷
টিকা মোহাৰি মোহাৰি আইতাকে দিয়া কৈফিয়তটো শুনি বায়েক সুখী নহ’লেও মেঘ সুখী হৈছিল ৷ আৰু লগতে বায়েকলৈ পুতৌ উপজিছিল ৷ বেচেৰি বায়েকজনীক আজিকালি সকলোৱে তাতকৈ কম মৰম কৰে !
পিছে মেঘৰ সেইটো ভ্ৰম পণ্ড হ’বলৈ বেছি সময় নালাগিল ৷
গধূলি পঢ়াৰ সময়ত মেঘৰ সৈতে খেলিবলৈ নাপায় থেনথেনাই থকা বায়েকক আইতাকে দম দি ক'লে
-কালিলৈ পৰীক্ষা যদি ভাল নহয় ভায়েৰক কিন্তু সেই বেজী দিয়া ডাক্তৰজনৰ ওচৰত একেবাৰে থৈ আহিমগৈ!
ঘটং !
ক’ৰবাত যেন আকাশখনহে খহি পৰিল ৷ মাকৰ কোলাত সোমাই টোপনিজনীৰ সৈতে ধেমালি কৰি থকা মেঘৰ তেনে যেনেই লাগিল৷ সি লগে লগে মাকলৈ চালে কি’জান মাকে প্ৰতিবাদৰ সুৰত কিবা এষাৰ ক’ব ! নাই মাকে এটা শব্দও উচ্চাৰণ নকৰিলে ৷
আচৰিত!
তাতোকৈ আচৰিত কথা তাক ইমান মৰম কৰা আইতাকজনী কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰিলে ! সেইজনী বায়েকৰ মগজুৰ সৈতে তাক বাজী লগালে যিজনী বায়েকে বিস্কুট এখন চুৰ কৰি খালেও ধৰা পৰে ! নাই বায়েকৰ মগজুৰ ওপৰত মেঘৰ অকনো ভৰসা নাই ৷ তাৰ অৰ্থ এইটোৱেই হ'ল যে সি সেই ডাক্তৰজনৰ ওচৰত থাকিবগৈ লাগিব ৷ তাকো একেবাৰে ! মাকৰ কোলা, মাকৰ গাৰ সেই খৰিকাজাঁই ফুলৰ দৰে গোন্ধটো, দেউতাক, বায়েক সকলোকে এৰি সি সেই বেয়া মানুহজনৰ কাষলৈ যাবগৈ লাগিব যিজনে সপোনতো বেজী দেখুৱাই তাক ভয় খুৱাই কন্দুৱাই দিয়ে ৷ আস ! কি যে এক ভয়ংকৰ দিনে তাৰ বাবে অপেক্ষা কৰি আছে !
চিন্তাতে কালি ৰাতিটো তাৰ ভালকৈ টোপনি নাহিল ৷ আগতেও এনেকৈ দুবাৰমান টোপনি নহাত মাকে টোপনিজনীক কান চেপা এটা দি ধৰি আনিছিলগৈ ৷ পিছে কালি মাকে টোপনিজনি বিচাৰি যোৱাটো দূৰৰে কথা ,যাম বুলি তাক আশাও নিদিলে ৷
মাকবোৰ ইমান সহজে সলনি হৈ যায় নে!
-আয়ৈ আমাৰ পেন্দুকণাটো অথনিৰে পৰা অকলেই খেলি আছে ৷
আকাশে-পাতালে মনটো ঘুৰাই লৈ ফুৰা মেঘক খৰিকাজাঁইৰ গোন্ধটোৱে সাৱটি ধৰিলে ৷ অতদেৰি থুপাই ৰখা শোকখিনি পাৰ ভাঙি ওলাই অহাত সি উচুপি উঠিল ৷
-অ’ মোৰ সোনগুটিটো নাপায় নহয় কান্দিব ৷ মাজনী মোৰ বাবে পীৰা এখন আনাচোন !
মাকৰ পাছৰ বাক্যষাৰে মেঘক শংকিত কৰি তুলিলে ৷ মাজনী বুলি মাতিছে মানে বায়েক স্কুলৰ পৰা আহিল ৷ মানে এই যে সি মাকৰ কোলাত সোমাইছে এইয়াই চাগৈ শেষবাৰৰ বাবে সোমাইছে! মহাৰাণী আইতাকৰ কথাটো কোনেও আওকাণ কৰিব নোৱাৰে আৰু বায়েকৰো যে পৰীক্ষা বেয়া হৈছে সেয়া খাটাং ৷ মানে সি যাবাই লাগিব! মেঘৰ চিঞৰি চিঞৰিব কান্দিবলৈ মন গ'ল ৷ তেনেতে বায়েক ওলালহি ৷ তাই মাকক পীৰাখন গতাই মেঘলৈ চালে ৷ মেঘৰ এনে লাগিল তাই যেন বৰ দুখেৰে তালৈ চাইছে ৷ মৰতিজনীয়ে ভালকৈ নপঢ়িব আৰু শাস্তি খাবগৈ লাগিব সি ৷ প্ৰচণ্ড খঙ এটাই মেঘৰ মুখখন ৰঙা কৰি পেলালে ৷বায়েকে আক সেইখন মুখতে টপৰ টপৰকৈ চুমা দুটা খাই দিলে ৷
-মা..
বায়েকৰ মাত শুনি মেঘে কান থিয় কৰি ৰ'ল ৷
-হমম..
-আইতাই কৈছিল মোৰ পৰীক্ষা বেয়া হ’লে বোলে ভাইটিক ডাক্তৰ খুৰাক দি দিব? সঁচাকৈয়ে নেকি মা?
আবেলিৰ বেলিটো আহি মাকৰ মুখত আচাৰ খাই পৰিল ৷ বেলিটোৰ দৰেই ধুনীয়া হাঁহি এটা মুখত ওলমাই মাকে এইবাৰ বায়েককো কোলালৈ টানি আনি আনিলে ৷ মেঘৰ বুকুৰ মাজত ইতিমধ্যে ৰে’ল এখন চলিবলৈ আৰম্ভ কৰিলে ৷ মাকে মাজনীৰ গালত চুমা এটা খাই ক'লে
-আইতাই এনেইহে কৈছে ৷ তোমালোক দুটাক কোনেও মোৰ কাষৰ পৰা আঁতৰাই নিনিয়ে নহয় ৷ নিবও নোৱাৰে ৷
সঁচা !!!
মাকৰ কথাষাৰ শুনিয়েই চোতালত টেপটেপাই থকা হাঁহকেইজনীয়ে পাখি মেলি শেৱালীফুলৰ গোন্ধটো বিচাৰি দৌৰি গ'ল ৷ শালিকীকেইজনীয়ে এইবাৰ সুখ এসোপা পিঠিত বান্ধি মেঘৰ বুকুলৈ নামি আহিল ৷ আৰু মেঘে.. সি টোপনিজনীলৈ চকু টিপ এটা মাৰি সুখখিনি আকোৱালি ল’লে !