Tuesday, 11 August 2015

কাঠফুলা





 তৰালীৰ ঘৰলৈ অহাৰ কোনো পৰিকল্পনাই নাছিল । বিহুটোক বিদায় দি কোনোমতে আজৰি হৈছিলহে, তাতে খেতিৰ আগতীয়া কামবোৰে মূৰ তুলি চাই আছে তেনে অৱস্থাত মাকৰ ঘৰত গৈ এসপ্তাহ সময় থাকি অহাটো ভাবিবই নোৱাৰি । কিন্তু ডাঙৰ বায়েকে যেতিয়া ফোন কৰি কলে-বহুদিন গোটেইকেইজনী একেলগে ঘৰলৈ যোৱা নাই । মাজু ভণ্টি আৰু ডাঙৰ ভণ্টিও যাম বুলি কৈছে তয়ো ওলা । মই ভাইটিহঁতক খবৰ দিলোঁৱেই ।বায়েকৰ কথা শুনি তৰালী গাত তত নাইকিয়া হল । লগা-লগ গিৰিয়েক আৰু শাহুৱেকৰ আগত ঘৰলৈ যোৱা পৰিকল্পনা সদৰী কৰিলেগৈশাহুৱেকে একো নকলে যদিও গিৰিয়েকে হাঁহি হাঁহি সুধিলে –এইবাৰ মানে মাৰ সলনি তুমিহে ঘৰত বিহু সামৰিবাগৈ । তৰালিয়ে গিৰিয়েকৰ কৌতুকটো বুজি পাই মিচিকিয়াই হাঁহিলে । বয়সে সত্তৰ গৰকা শাহুৱেকে নিজৰ মাকৰ ঘৰলৈ বুলি যাবলৈ ওলাই আনক কয়ঘৰৰ পৰা এপাক আহোঁগৈ তেতিয়া পুতেকে মাকক সদায় ইতিকিং কৰি কয়-আই,নাতিৰ মুখ দেখিলি ,তথাপি আজিও তই ঘৰ বুলি মোমাইদেউহঁতৰ ঘৰখনহে কৱ । এইখন ঘৰ কেতিয়াকৈ তোৰ হব হয়নে ! শাহুৱেকে সেইসময়ত কোনো উত্তৰ নিদিয়ে । আজি তৰালীয়েও শাহুৱেকৰ দৰে কোনো উত্তৰ নিদিলে । আচলতে এজনী নাৰীয়েহে বুজে জন্মৰ পৰা নিজৰ বুলি ভবা ঘৰখনক যে কেতিয়াও আনৰ ঘৰ বুলি কব নোৱাৰি !
যিকিনহওক কথামতেই কাম । এসপ্তাহৰ পাছতেই তৰালিহঁত ঘৰ পালেগৈচাৰিওজনীৰ বাই-ভনীৰ মাতে-কথাই ঘৰখন জীপাল কৰি তুলিলে । প্ৰথম দুটাদিন ভাইবোৱাৰীয়েকহঁতৰ সৈতে কথাৰ বজাৰ মেলোঁতেই গল, তাৰপাছতহে ইঘৰ-সিঘৰে চাহপানীৰ জুতি ললেগৈ ।
-নিতাইখুৰীদেউৰ  অৱস্থা বোলে একেই হৈ আছে । বলচোন যাওঁ খবৰ এটা কৰি আহোঁ
মাজুবায়েকৰ কথাশুনি তৰালীৰ বাহিৰে গোটেইকেইজনী যাবলৈ ওলাল ।
-তই নাযাৱ নেকি ?
ডাঙৰ বায়েকে তৰালীক হাৱ-ভাৱ দেখি সুধিলে ।
-তহঁতেই যাচোন ,মোৰ কাম এটা আছে । পাছত যাম ।
-পাছত কৰিবি থ তোৰ কাম । বল গোটেইকেইজনী একেলগে যাওঁ । বেচেৰী কেওকিছু নোহোৱা মানুহজনীৰ খবৰ এটা লবলৈ যাম বুলি কওঁতে তোৰ কিহৰ কাম ওলাল হয়নে ।
বায়েকৰ খেচখেচনিত তৰালী ওলাবলৈ বাধ্য হল । এনে নহয় যে নিতাইনীক চাবলৈ যাবলৈ তাইৰ মনে বিচৰা নাই,কিন্তু কিবা এক সংকোচবোধে আজি বহুবছৰে তাইক নিতাইনীৰ সন্মুখীন হবলৈ দিয়া নাই । অথচ আগতে সেইখন ঘৰতেই দিনে কিমান সময় পাৰ কৰিছিলেতিয়াবা ফল-মূলৰে ভৰি থকা বাৰীখনত ফল-মূল বিচাৰি, আকৌ কেতিয়াবা নিতাইনীৰ আমন্ত্ৰণত ।
-সেইজনী তৰালী নহয়নে ? ঐ এইফালে আহ ।
বাটেদি গৈ থকা তৰালীয়ে সেইসময়ত নিতাইনীৰ মাত শুনিলেই ভয় খাই । স্কুলৰ পৰা আহোঁতেই সিহঁতে পাতি আহে আজি কত কি খেলিব । এতিয়া নিতাইনীয়ে মতা মানে দুঘণ্টামান সময় বৰ্বাদ হোৱা । নিজৰ সমুখত পীৰা এখনত বহোৱাই ডিঙি বিষাই যোৱাকৈ তেওঁ ওকণী চাব । ওকণী চাবলৈ পালে মানুহজনীক একো নালাগে । তাতে তৰালীহঁতৰ দৰে চুটি চুটি চুলিত ওকণী চাই আৰু ভাল পায় । মাজে মাজে তৰালীক কয় –এইসোপা ওকণী মূৰত লৈ ফুৰিছ । চাবলৈও নিদিয় ,চাবি কোনোবা এদিন ওকণীয়ে তোক বাঁহগছৰ ওপৰলৈ তুলি নিব ।
বহুদিনলৈকে তৰালীয়ে ভয় খাই আছিল । কেনেবাকৈ যদি ওকণীয়ে বাঁহগছৰ ওপৰলৈ তুলি নিয়ে তাই কেনেকৈ নামি আহিব !! পিছে অকণমান ডাঙৰ হোৱা পাছতহে তাই ভাবি চালে ইমান কনমানী ওকণীজনীয়ে তাইক কেনেকৈ দাঙি নিব পাৰিব! তেতিয়াৰ পৰাহে তাইৰ সেই ভয়টো কমিল ।
আজিকালি তাইৰ মূৰত ওকণী নাই । চেম্পু ,হেনা এইবোৰৰ কোপ দৃষ্টি পৰি ওকণীবোৰ কেতিয়া কেনেকৈ শেষ হৈ গল কবই নোৱাৰিলে ।
তৰালিয়ে মুখত ভৰাই লোৱা তামোলখন পাগ উঠোঁতেই চাৰিজনী বাই-ভনী গৈ নিতাইনীৰ ঘৰৰ বাৰাণ্ডাত উঠিল । ঘৰখন নিজম পৰি আছে । নিজম পৰি নাথাকিবলৈ ঘৰত আছেনো কোন দদায়েক সৰুধন ঢুকুৱা কেইবাবছৰো হল ।নিসন্তান নিতাইনীজনীও তাৰ অলপ দিনৰ পাছতেই বেমাৰী হৈ পৰিল । ওচৰতে থকা ভতিজাকেইটাই পাল-পাতি চোৱা চিতা কৰে বুলিহে । তৰালীয়ে বাৰাণ্ডা খনলৈ চালে বহুদিন সৰা-মোচা নাই চাগৈ । ঠায়ে ঠায়ে শেলুৱৈ ধৰিছে । ভিতৰলৈ সোমাই যোৱাৰ লগে লগে ভেকেটা-ভেকেট গোন্ধ এটাই সিহঁতক নাকত সোপা দিবলৈ বাধ্য কৰালে । সিহঁতক যোৱা দেখিয়েই চাগৈ ভতিজাবোৱাৰী এজনী দৌৰি আহিল ।
-ইয়াত বহিব জানো বাইদেউ । বৰ গোন্ধ ওলায় । চাফা কৰিলেও লাভ নাই ।
বোৱাৰীজনীয়ে দোষী দোষী ভাৱত কোৱা কথাষাৰ শুনি ডাঙৰ বায়েকেই মাত লগালে
-একো নহয় দিয়া । এনেই খুৰীদেউক চাই যাওঁ বুলিহে সোমালোঁ
সিহঁতৰ মাত শুনিয়েই নে কি জানো হাড়ে-ছালে লগা শুই থকা মানুহজনীয়ে চকু দুটা মেলি ইফালে-সিফালে চালে । হঠাৎ তৰালীৰ চকুৱে চকুৱে পৰিল । তৰালীয়ে মন কৰিলে মানুহজনী চক খাই উঠিছে । ঠিক সেইদিনাৰ দৰেই...
মাকহঁতৰ বুবু-বাবা শুনি তৰালীহঁতে গম পাইছিল সৰুধনদদায়ে বোলে আকৌ বিয়া পাতিলে । নতুন খুৰীয়েকক চাবলৈ বুলি তৰালীহঁতে স্কুলৰ পৰা আহিয়েই ঢাপলি মেলিছিল । কোনোবাজনীয়ে দৰজাৰ আঁৰ লৈ ,কোনোবাজনীয়ে পৰ্দাৰ আঁৰ লৈ ন-খুৰীয়েকক চালে । তৰালীৰ চকু আক নিতাইনীৰ ওপৰতো পৰিল । মানুহজনীয়ে যেন ভু-ভাৰস্তৰ কথা গম নাপায় তেনেকৈয়ে তামোল এসোপা লৈ ইটোৰ পাছত সিটো কাটি বঁটা ভৰাই দিছে । তৰালীৰ নিতাইনীক মাত লগাবলৈ ভয় লাগিল । কোনো জানে তেওঁ কি ভাবি আছে । তৰালীয়ে বুজি পাইছিল । নিজৰ বিয়াৰ পাছত তৰালীয়ে বুজি পাইছিল আৰু সেই দৃশ্যটো মনত পেলাই ভাবিছিল কেনে যন্ত্ৰণাত মানুহজনীয়ে সিদিনা তামোল কাটি আছিল । হয়তো তামোলৰ লগতে সিদিনা মানুহজনীয়ে আৰু বহু কিবা-কিবিয়েই কাটি গৈছিল !
ন-খুৰীয়েক অহাৰ পাছত তৰালীহঁতৰ ওকণী চোৱাৰ পৰ্বটো কমি আহিছিল । প্ৰায়ে পুৱা জলফাই,বগৰী আদি বিচাৰি নিতাইনীহঁতৰ বাৰী ঘুঁকটিয়াই ফুৰা তৰালীয়ে মন কৰিছিল নিতাইনীৰ চকুবোৰ পুৱা প্ৰায়েই ৰঙা হৈ থাকে । বেঙাৰ দৰে তাই এদিন সুধিছিল-খুৰীদেউ,আজিকালি আপোনাৰ ৰাতি টোপনি খতি হয় নেকি ? চকুদুটা যে ইমান ৰঙা হৈ থাকে । নিতাইনীয়ে মিচিকিয়াই হাঁহি এটা মাৰি কৈছিল-এৰাও আজিকালি ঘুণ পোক এটাই ৰাতি ইমান হুলস্থূল কৰি থাকে নহয় টোপনি ধৰিলেও ভাঙি যায় ।
ওচৰেদি ৰঙা-চিঙা পৰি ন-খুৰীয়েক পাৰহৈ গৈছিল
সেইদিনা তৰালীৰ ওপৰেদিও দোমোজাৰ ধুমুহা এজাক পাৰহৈ গৈছিলসৰুধনে চোতালত পৰি থকা ন-ঘৈণীয়েকৰ শটোৰ আগত হিয়ালি-জিয়ালিকৈ কান্দিছিল । বাৰাণ্ডাত নিতাইনী শিল হৈ বহি আছিল । নতুন মানুহজনী গৰ্ভৱতী হৈছিল । মাজে মাজে ইটো সিটো খাবলৈ মন গৈছিল । বাপেক হবলৈ ওলোৱাৰ সুখে সৰুধনক উতলা কৰি ৰাখিছিল । গতিকে মানুহজনীয়ে যিকে খুজে তাকে যোগান ধৰিবলৈ চেষ্টা কৰিছিল সেইদিনা মানুহজনীৰ কাঠফুলা খাবলৈ মন গল । সৰুধনেও হাবিৰ পৰা বিচাৰি বিচাৰি কাঠফুলা অলপ আনিলেগৈ । পাকঘৰত সোমালেই বমি বমি ভাৱে মানুহজনীক জুৰুলা কৰে বাবে নিতাইনীয়েই আগৰদৰে পাকঘৰৰ দায়িত্ব লব লগা হৈছিল । কাঠফুলাখিনি দেখিয়েই হেনো নিতাইনী জ্বলি উঠিছিল এনে সময়ত এই বিষাক্ত বস্তুবোৰ খাবলৈ আনি দিয়াৰ বাবে । পিছে সৰুধনেহে ওলোটাই কলে-অত দিনে খাই আছে ,একো হোৱা নাইতেওঁ কিবা নাজানে নেকি কোনবোৰ কাঠফুলা বিষাক্ত । আৰু ৰান্ধোতে বেঙেনা ফুল দি ৰান্ধিলেই হলচোন । কলা পৰিলেই গম পাব বেয়া বুলি । তেতিয়া নাখালেই হল । মুঠতে গৰ্ভৱতী মানুহজনীৰ খাবলৈ মন গৈছে যেতিয়া তাই ভালে ভালে ৰান্ধি দিব লাগে ।
নিতানীয়ে আৰু একো নকলে । জা-জলপান খুৱাই সৰুধনক কামলৈ পঠাই দি সতিনীয়েকৰ বাবে ৰান্ধিবলৈ লাগিল ।
পুৱা গুচি আবেলি হলহি । সৰুধন আহি ঘৰ সোমাৱাৰ লগে লগে হুৱাদুৱা লাগিল । শৌচ-বমিৰে একাকাৰ হৈ নতুন মানুহজনীৰ অৱস্থা কাঢ়িল । ইফালে-সিফালে বিচাৰি তাঁতশালত বহি থকা নিতাইনীক দেখি চোঁচৰাই আনিলেগৈ । বাকীখিনি কাম নিতাইনীয়েই কৰিলে । ওচৰ-চুবুৰীয়াক খবৰ দিলে । গাড়ী যোগাৰ কৰিলে । সৰুধনে মাথো মানুহজনীৰ মূৰটো কোলাত লৈ বহি থাকিল । গাড়ী আহি চটফটাই থকা মানুহজনীক হাস্পতাললৈ লৈ গপিছদিনা সেইজনী মানুহ ঠৰঙা হৈ ঘৰ পালেহি ।কিছুমানে সৰুধনক দোষ দিলে ,কিছুমানে নিতাইনীক । মানুহজনীৰ ইমান গা-বেয়া, তাইটো খবৰ এটা লব পাৰে । নিতাইনীয়ে পিছে ডাঙৰ ডাঙৰ মাতেৰে সকলোকে জনাই দিলে ,অনা দিনৰ পৰা মাত-বোল নকৰা মানুহজনীৰ কোঠাত সোমাই গৈ তাই কি সুধিলেহেঁতেন ? তাইৰ যদি ইমানেই গা-বেয়া আছিল মাত এষাৰটো দিব পাৰিলহেঁতেন ! ইমান বাহাদুৰি !
তৰালিয়ে সেইদিনাই চাগৈ শেষবাৰৰ বাবে নিতাইখুৰীয়েকক ভালকৈ চাইছিল ।তাৰপাছত এনায়েকৰ ঘৰত থাকি পঢ়িবলৈ গুচি অহাৰ বাবে নিতাইনীৰ মুখা-মুখি নহলেই । মাথো আৰ-কাণে তাৰ-কাণে তেওঁলোকৰ খবৰবোৰ শুনিছিল আৰু আজি অতবছৰৰ মুৰত তেওঁক দেখিছে ।
ঘৰটোৰ দুৰ্গন্ধ সহিব নোৱাৰি বায়েকহঁত ইতিমধ্যে ওলাই গৈছিল ,তৰালিহে নিজৰ ভাৱত মত্ত হৈ ৰৈ গৈছিল । তাই ওলাই আহিব খুজিও আকৌ এবাৰ নিতাইনীৰ ফালে চালে । তেওঁও তাইলৈকে চাই আছিল তৰালিয়ে লাহেকৈ তেওঁৰ হাত এখন নিজৰ হাতদুখনৰ মাজত ভৰাই ললে । মানুহজনীৰ চকুৱেদি হৰহৰাই চকুপানী ওলাই আহিল । নিতাইনীয়ে হয়তো তাইক কিবা কবলৈ চেষ্টা কৰিছিল । তৰালিয়ে সেই সুবিধা নিদি তেওঁৰ চকুপানীখিনি মোহাৰি ওলাই আহিল ।
ন-খুৰীয়েক ঢুকুৱাৰ দিনাও এইকেইটাত চকুত চকুপানী ওলাইছিল,পিছে সেয়া সুখৰ নে দুখৰ সেয়া আজিও তৰালিৰ বাবে সাঁথৰ হৈ আছেকিন্তু চকুপানী ওলোৱাৰ এদিনৰ আগত সেই চকুহাল ভয়ানক ভাৱে চক খাই উঠিছিল,ঠিক আজি উঠাৰ দৰেই
মাকক ৰন্ধাত অলপ সহায় কৰি দিওঁ বুলি ভাবিয়েই তৰালিয়ে ঢেঁকীয়া বিচাৰি গৈছিল । গছ-গছনিৰে ঠাহ খাই থকা বাৰীখনত হাওলি হাওলি ঢেঁকীয়া বিচাৰি ফুৰা তৰালি ঢাক খাই পৰিছিল । এবাৰ কঁকালটো পোনাই থিয় হওঁতেই দেখিলে সমুখত নিতাইনী । তেওঁও তৰালিক দেখি ভূত দেখাৰ দৰে উচপ খাই উঠিছিল । তৰালিয়ে কিবা এটা সুধিবলৈ পোৱাৰ আগতেই খৰখেদাকৈ নিতাইনী আঁতৰি গৈছিল । তৰালি অলপ আচৰিত হৈছিল যদিও একো নাভাবি পুনৰ মৌন হৈ ঢেঁকীয়া বুটলিবলৈ লাগি গৈছিল ।
সেই মৌনতাই আজিও তৰালিক বিন্ধি আছে কম কম বুলিও তাই কাকো সেইকথা খুলি কব পৰা নাইকিন্তু আজি নিতাইনীৰ চকু পানীখিনি দেখি ভাবিলে কিছুমান কথা সময়ৰ সৈতে পাহৰি যোৱাই ভাল । লাগিলে সেইয়া ভুলেই হওক । সিদ্ধান্তটো লৈ তৰালিৰ মনটো পাতল পাতল লাগি গ'ল ।   
ঢেঁকীয়া বিচাৰি ফুৰা তৰালিয়ে সেইদিনা স্পষ্টকৈ দেখিছিল নিতাইনীৰ হাতৰ মুঠিত সোমাই আছিল দুজোপা কাঠফুলা গছ !! 

ফচং আৰু ভেচেলি




শাওণৰ দুপৰীয়া । পেনপেনীয়া বৰষুণে বোকাময় কৰি পেলোৱা পাছচোতালখনত বগী বুঢ়ীয়ে লগৰীয়া কেইজনীমানৰ সৈতে ইফাল-সিফাল কৰি আছিল । তেনেতে তাইৰ বোৱাৰীয়েক এজনীয়ে নতুন পোৱালীকেইটামান লৈ বাৰী কাষৰ খালটোলৈ আগবঢা দেখি তাইৰ ৰব নোৱাৰি টেপেৰকৈ মাত লগালে-হয়নে বোৱাৰী,সেইকেইটাকচোন অলপ আগত পানীত সাঁতোৰাই আনিছিলিয়েই ,আকৌ কিয় নিলি ? নতুনকৈ ওলোৱা পোৱালী ,ইমানকৈ পানীত খেলাই থাকিলে পানী লাগি জ্বৰ-চৰ উঠিব পাৰে বুলি নাজান নেকি ?
বুঢ়ীৰ ভেকাহিৰ উত্তৰ বোৱাৰীয়েকে দিয়াৰ আগতেই ফিচিককৈ হাঁহি এটাৰে উত্তৰ আহিল ভঁৰালৰ গাধৈৰ পৰা –হেৰৌ বুঢ়ী, কস্মিনকালেও নুশুনা কথাবোৰ কৈ মুখখন কিয় মিহি কৰিছ । হাঁহৰ গাত কোনোবাদিন পানী লাগে নেকি ? শেঙুণ ওলাই নেকি ? কিবা এটা কব লাগেই বাবে কৈ নিজৰ সেই নাকৰ নামত থকা ফুটা দুটাকো লাজত নেপেলাবিচোন ।
উত্তৰ শুনি বগীবুঢী জকজকাই উঠিল –গছত নলগা ,শগুনৰ শাওটো নমৰা ফচং আমাৰ ঘৰুৱা কথাত মাত মাতিবলৈ তোক কিহে পাইছে । মোৰ নাতি মোৰ বোৱাৰী ,গতিকে মোৰ কথা মই যি কওঁ । আৰু আমাৰ যেনিবা নাকৰ নামত ফুটা আছে ,কিন্তু তোৰ সেই নাক থকা মুখখনৰ দৰে আমি যতে ততে লোকৰ চৰ খাই নুফুৰু নহয় ।
বুঢীৰ  শেষৰ কথাষাৰ শুনি ৰঙিয়াল হৈ থকা ফচং পুহমহীয়া জাৰটোৰ দৰে চেঁচা পৰি আহিল । বুঢ়ীক একো প্ৰত্যুত্তৰ নিদি সি গাধৈৰ পৰা উঠি লাহে লাহে ঘৰৰ ভিতৰলৈ সোমাই আহিল ।
আজি অলপদিনৰ পৰা ফচঙৰ এনেকুৱাই হৈছে । অতবছৰে সি কিমান কাণ্ড কৰিলে হিচাপ নাই, জন্তুবোৰে দুদিনৰ পাছতেই সেইবোৰ পাহৰি পেলাই । কিন্তু এইবাৰ যেন শেনৰ এজাত ।কোনেও কথাটো পাহৰিব পৰা নাই । অথচ এই ঘটনাটো আগৰ ঘটনাৰ তুলনাত লেখত লব লগীয়া ঘটনাই নহয় ।
কালি হেপাৰ লগত ঘুৰি ফুৰা তাৰ লগৰ কেইটামানে কৈছে সি হেনো বোন্দাৰ নামত কলংক ! গাভৰু মেকুৰীবোৰে আগতে তাক দেখিলে অলপ ভয়ে ভয়ে চাইছিল আৰু আজিকালি ফিচিঙা-ফিচিঙি কৰে
আস ! ফচঙৰ বাবে আনৰ ঘৃণাৰ দৃষ্টিয়েই ভাল কিন্তু কৌতুক আৰু পুতৌৰ দৃষ্টি সি সহিব নোৱাৰে । কেৱল দুটা চৰৰ বাবেই এইবোৰ সি সহিব লগা হৈছে ।
ফচঙে চৰ খালে । তাকো এজনী মাইকী মেকুৰীৰ পৰা । যিটো ফচঙে আজি অত দিনে আনৰ ওপৰত টিঘিলঘিলাই আছিল সেইটো ফচঙৰ ওপৰত এতিয়া এজনী মেকুৰীয়ে টিঘিলঘিলাই আছে ।
ঘটনাটো বেছিদিনৰ নহয় । সিদিনা  ফচঙে বৰষুণৰ আমেজ লৈ শুই আছিল । তেনেতেই কৰবাৰ পৰা অকমানী পোৱালীৰ মাত এটা ভাহি আহিল । ফচঙে কাণখন উনাই শব্দটো কৰ পৰা আহিছে অনুমান কৰিবলৈ চেষ্টা কৰিলে । মাতটো ভঁৰালৰ ভিতৰৰ পৰাই অহা যেন লাগিল । চোং সলাই পোৱালী সুমুৱালেহি চাগৈ । আন বোন্দাৰ দৰে  পোৱালী দেখিলেই খেদি খেদি মৰাৰ দৰে স্বভাৱটো ফচঙৰ নাই । সেইবাবেই সি মূৰটো পোলোকা মাৰি আকৌ শুই থাকিল ।
ফচঙৰ গা-বাজিল তিনিদিনমানৰ পাছতে । পোৱালীটোকলৈ মাকজনী তেতিয়াও নিজৰ ঘৰলৈ নগল । আনকি এখোজ আগুৱাই পোৱালীটো আনি ফচংহঁতৰ ঘৰতহে সুমুৱালেহি । ফচঙে পোন্দোৱাকৈ চাই মেকুৰীজনীক ভয় খুৱাব খুজিছিল যদিও তাই যিটোহে ৰূপ দেখালে ফচং সেইফালেই তাপ মাৰিল ।
ফচঙৰ ঘৰত পোৱালীৰ সৈতে মাক এজনীয়ে পোহ ললেহি এই বাতৰিটো ফচঙৰ অহৌবলিয়া লগৰকেইটাই শুনি প্ৰথমে পাৰে মানে হাঁহিলেতাৰ পাছত ফচঙক গালিৰে পুতি পেলাওঁ যেন কৰিলে । সিহঁতৰ মতে বোন্দাৰ প্ৰথম কামেই হৈছে পোৱালী মেকুৰীবোৰ মাৰি পেলোৱা । যোগ্য ভোগ্য বসুন্ধৰা । যি নিজকে বচাই ৰাখিব পাৰিব তাৰ বাবেহে এই পৃথিৱী । সিহঁত নিজেও কনমানী সৈ থাকোঁতে কিমানবাৰ বোন্দাৰ কবলত পৰিছিল ! বাৰু ফচঙে পোৱালী নামাৰে ,মাৰিবও নালাগে । পোৱালীটো সিহঁতেই সুবিধা বুজি মাৰি থৈ আহিব কিন্তু ফচঙৰ ঘৰত সিহঁতক থাকিবলৈ কিয় দিছে ! ফচঙে মেকুৰী এজনীক খেদি উলিয়াই দিব নোৱাৰেনে ?  ইমান ভয় ! বোন্দা সমাজৰ নাক-কাণ কাটিলে সি । বোন্দাৰ নামতেই সি কলংক ।
লগৰ সোপাৰ গালি শপনিবোৰ খাই ফচঙে তেতিয়াই গাত অলপ বল গোটাই ভেচেলি নামৰ বিদেশীজনীক আগভেটি ধৰিলেগৈ ।
-চাও বাটৰ পৰা গুচ ।
ভেচেলিয়ে ফচঙৰ খঙলৈ গুৰুত্ব নিদি কলে ।
-তই ভালে ভালে মোৰ ঘৰৰ পৰা ওলাই যা । নহলে কথা বেয়া হব কিন্তু ।
ফচঙে নিজৰ পিঠিটো এহাতমান দাঙি ধমক দিলে । ভেচেলিয়ে তালৈ চালে । তাৰপাছত তাতকৈ ওখকৈ পিঠিটো দাঙি তাই গৰজি উঠিল ।
-লৰা ভোকত আছে ,তোৰ লগত মোৰ মুখ চুপতি মাৰি থাকিবলৈ সময় নাই । ভালে ভালে আঁতৰ হলিনে ।
-নাতৰোঁআজি হয় তহঁতক মোৰ ঘৰৰ পৰা খেদিম নহয় তোৰ পোৱালীৰ ডিঙি চেপি...
ফচঙে কথাষাৰ শেষ কৰিব নাপালেই ঠাচ ঠাচকৈ চৰ দুটা আহি তাৰ গালত পৰিল । লগা-লগ তাৰ নেজডাল কোঁচ-মোচ খাই ভৰি দুটাৰ মাজলৈ সোমাই গল । সি গালখন মোহাৰি ইফালে সিফালে চালে, বগীবুঢ়ী ,জেতুকীহঁতৰ লগতে তাৰ লগৰ বোন্দাকেইটামানে ভেবা লাগি সিহঁতক চাই আছে । বোন্দাকেইটাৰ মুখখন মেল খাই গৈছে । লাজে-ভয়ে ফচঙে পুনৰ পিঠিটো দাঙি ধমক এটা দিবলৈ চাই দেখে ভেচেলিয়ে কালীৰ ৰূপ লৈ আছে । ফচঙৰ জীউটো কঁপি গল । তাইক আৰু জোকাই লোৱা ভাল নহব বুলি ভাবি ফচঙে তলমূৰ কৰি ঘৰলৈ সোমাই গল ।
সেইদিনাৰ পৰাই সকলোৱে ফচঙক বেলেগ দৃষ্টিৰে চাবলৈ লাগিল । লগৰবোৰৰ মতে কলংক,বগীবুঢ়ীহঁতৰ মতে ভয়-পাদুৰা আৰু গাভৰু মেকুৰীবোৰৰ বাবে ...
ফচঙৰ দুখবোৰ বাঢ়ি বাঢ়ি গৈয়ে থাকিল । আজিকালি ঘৰৰ গিৰিহঁতনিয়েও ভেচেলিকহে ভালপোৱা হৈছে । আনকি সিদিনা ভেচেলিৰ পোৱালীটো কোঁচত লৈ গিৰিহঁতক কৈ থকাও শুনিছিল
-বুজিছে এই মেকুৰীজনী বৰ ভাল পায়পোৱালীটোও ইমান মৰম লগা । আগতে ফচঙে কেৱল বহি বহি খাইছিল । এই অহাৰ পৰা ঘৰত নিগনি এন্দুৰটো বাদেই পঁইতাচোৰা এজনীও দেখিবলৈ নোপোৱা হলো । বৰ লক্ষ্মী মেকুৰী এজনীয়ে ঘৰ ললেহি ।
ফচঙে শুই-বহিহে খাই ! এনেকথা শুনাৰ পাছতো আৰু ফচঙৰ সেইখন ঘৰত থাকিবলৈ মন যাবনে ?ফচঙে সেইদিনাই ঘৰ ত্যাগ কৰাৰ কথা ভাবিছিল ,কিন্তু বহুত ভাবি-চিন্তিহে সি সেই সিদ্ধান্ত সলনি কৰিলে ।
দুদিনামৰ পাছত গিৰিহঁতনিয়ে লক্ষ্য কৰিলে ঘৰত মিঠাই ,মাছ আদিবোৰ মুকলিকৈ থব নোৱাৰাই হল কোনোবাই চান কাঢ়েহি ।গিৰিহঁতনিৰ প্ৰথম সন্দেহটো ফচঙলৈকে হৈছিল যদিও পাছত ভাবিলে আজি অত দিনে সি পুঠিমাছ এজনীও চুৰ কৰি খোৱা নাই এতিয়া কিয় খাব । নিশ্চয় নতুন মাক-পুতেকহালৰেই কাণ্ড । এই প্ৰথমবাৰৰ বাবে গিৰিহঁতনিৰ ভেচেলিহঁতলৈ খঙ উঠিল । আৰু খঙৰ কোবত ৰব নোৱাৰি ভেচেলিৰ পোৱালীটোক কাষতে পাই তাকে এচাট দিলে । পোৱালীটোৱেও দুখ পাই মেও মেও কৈ চিঞৰি উঠিল । ভেচেলিয়ে আঁতৰৰ পৰাই পোৱালীটোলৈ বৰ দুখৰে চালে । গোটেই ঘটনাটো দেখি ফচংৰ বিৰাট ৰং লাগিল । নেজডাল নচুৱাই নচুৱাই ভেচেলিৰ কাষলৈ গৈ কলে-চোৰৰ জাত,পালি মজা । আইদেৱে ধৰিছে যেতিয়া সহজে নেৰে । পোৱালীক জীয়াই ৰাখোঁ বুলি ভাবিছ যদি ভালে ভালে আমাৰ ঘৰৰ পৰা যাগৈ বুজিছ ।
ভেচেলিয়ে একো প্ৰত্যুত্তৰ নিদি পোৱালীটোৰ কাষলৈ গুচি গল ।
ভেচেলিৰ পোৱালীটোৱে মাৰ খোৱাৰ পাছত ভালেমান দিন ঘৰত একো চুৰ  নহল । ফচঙে বগীবুঢ়ীহঁতক দিয়া বৰ্ণনা মতে তাই ভয় খাই সতীৰ ৰূপ লৈছে । নহলে সিহঁতৰ দৰে গভাইত চোৰে চুৰ নকৰাকৈ থাকিব পাৰিব নে ।
এৰা,ঠিক এসপ্তাহৰ পাছতেই ফচঙৰ কথা সত্য বুলি প্ৰমাণিত হল । ঘৰলৈ আলহী আহিছে । গতিকে গিৰিহঁতনিয়ে বিধে বিধে ৰান্ধিছে । ফচঙে কেইবাৰো পাকঘৰলৈ গৈ মাছৰ আঞ্জাৰ গোন্ধ লৈ আহিছে । ভোকত তাৰ পেটটো পকাই গৈছে । মিয়াও মিয়াও কৈ গিৰিহঁতনিৰ ভৰিয়ে ভৰিয়ে লাগি  মাছ এটুকুৰা সৰকাব খুজিছিল যদিও গিৰিহঁতনিয়ে ওলোটাই ধমকহে শোধালে । ওঁঠ-মুখ চেলেকি সি ঘৰৰ মূধচত বহিলগৈ । ভেচেলি আৰু তাইৰ পোৱালীটোৱেও আঞ্জাৰ গোন্ধ লৈ ইফাল-সিফাল কৰি থাকিল । ইফালে আঞ্জাৰ গোন্ধে চোৰৰ মনটোকো উতনুৱা কৰি তুলিলে । চোৰে নিজকে ধৰি ৰাখিব নোৱাৰি গিৰিহঁতনিয়ে আলহীক খাবলৈ বুলি মাতিবলৈ যোৱাৰ সময়তে সুযোগ বুজি মাছ থোৱা বাচনটোত মুখখন দিলেগৈ । পিছে গিৰিহঁতনিও জানো কমতি টেঙৰ । ছেগ বিচাৰিহে আছিল । বিজুলী বেগত ওফৰি অহা ফৰ্মুঠি এটা চোৰৰ গাৰ কাষৰে পাৰ হৈ গল । চোৰে ফৰিং চিটিকা দিলে ।
-অআই অত দিনে চোৰ ই হে আছিল নে...
গিৰিহঁতনিৰ চিঞৰ বাখৰ শুনি ঘৰৰ মানুহবোৰ ঘটনাস্থললৈ দৌৰি আহিল । ঘৰৰ ওচৰে-পাজৰে থকা জন্তুবোৰেও কাণ থিয় কৰি ঘটনাৰ বুজ লবলৈ চেষ্টা কৰিলে
আজি কোনোমতে বাচিলোঁ বুলি ভঁৰালৰ গাধৈত বহি হাতোৰা চেলেকিবলৈ আৰম্ভ কৰা চোৰৰ গালত ঠাচকৈ চৰ এপাট পৰিল ।
-মই ভালকৈয়ে জানিছিলোঁ পোৱালীটো আৰু মোক কিবা প্ৰকাৰে বদনাম কৰি এইখন ঘৰৰ পৰা খেদিবলৈ তয়ে ঘৰৰ বস্তুবোৰ চুৰ কৰিছিলি । চুৰ কৰা অভ্যাস আমাৰ তেজত নাই,তোৰ পৰাই আমি বদনামী হৈছিলোঁ ।
আকৌ ঠাচ...
নিজৰ গালদুখন হাতোৰাৰে লুকুৱাই ফচঙে ইফালে-সিফালে চালে ,এইবাৰ কোনে দেখিলে ! ইচ ! গোটেই ৰাইজেই দেখিলে !! সি ইমান সাৱধানে পতা জালখনত দেখোন সি নিজেইহে সোমালগৈ নিজে বস্তু চুৰ কৰি ভেচেলিহঁতক বদনামী কৰিব খোজা তাৰ পৰিকল্পনাটো তাৰ লোভৰ বাবেই নষ্ট হৈ গল । এদিনৰ বাবে সি নিজৰ লোভ সম্বৰণ কৰিব নোৱাৰিলহেঁতেন নে ! কি দৰকাৰ পৰিছিল মাছৰ বাচনত মুখ দিবলৈ । এতিয়া মাছো গল,নাকো গল ।  
ইতিমধ্যে চৰ দুটা মাৰি বীৰাংগনাৰ দৰে ভেচেলি ঘৰত সোমালেগৈ । গিৰিহঁতনিয়েও ভেচেলিক দেখি মাতিলে-আহ আহ ভেচেলি ,মাছেৰে ভাত দিছোঁ খাবি আহ ।
তাৰ পাছত গিৰিহঁতলৈ চাই কলে-হেৰি সেই ফচংটোক মৰিয়াই মৰিয়াই আমাৰ এই অঞ্চলৰ বাহিৰ কৰি থৈ আহিবচোন । এনেকুৱা চোৰ মেকুৰী ঘৰত থাকিলে আনৰ পৰাও কথা শুনিব লাগিব ।
গিৰিহঁতনিৰ কথা শুনি মাছৰ কাঁইট এটুকুৰা মুখত লৈ ভেচেলিয়ে পুতেকলৈ চাই হাঁহি দিলে । মাকৰ হাঁহি দেখি পুতেকেও ৰঙতে জাপ এটা মাৰি দিলে ।
আনফালে ভঁৰালৰ গাধৈত বহি থকা ফচঙে চকু দুটা মুদি দীঘলকৈ উশাহ এটা টানিলে । সেই উশাহতে মাছৰ গোন্ধ এটাও তাৰ দেহলৈ সোমাই গল । গোন্ধটোৰ আমেজকণ লৈ সি ভাবিলে-কিমানদিনৰ বাবে বাৰু তাৰ ভাতমুঠিৰ মুদা মৰিল ?  এদিন ? দুদিন? নে একেবাৰে ?
মাছৰে ভাত খাবলৈ নোপোৱা শোক আৰু ঘৰৰ পৰা খেদা খোৱা দুখে এইবাৰ তাক একেলগে জুমুৰি ধৰাত সি চিঞৰি উঠিল
মিয়াওওওওওওওওওওও
মিয়াওওওওওওওওওওওও