Tuesday, 15 December 2015

মেঘমন্যুৰ কথাৰে-৩







পথাৰখনত তেতিয়া গেঁৰ ধৰিছিল । কঠীয়ানিৰ কাষে কাষে কলা কচুবোৰে জিভাৰ পানী পেলাব পৰাকৈ লহপহীয়াকৈ গজি উঠিছিল । কৰবাত হয়তো চতিয়না ফুলিছিল । কাৰণ গাঁৱৰ আইতাহঁতে কোৱা-কুই কৰিছিল ফুলিল আৰু এইসোপা ,লৰা-ছোৱালীবোৰৰ পানী লাগিব এতিয়া ।
ঠিক তেনে সময়তে হেনো মই অসমত সোমাইছিলোঁ । সোমাইছিলোঁ বুলি এইবাবেই লিখিছোঁ কাৰণ ভৰি থব পৰাকৈ মই এতিয়াও ডেকা হোৱা নাই । বিমান বন্দৰৰ ভিতৰতে দেখিছিলোঁ এজন প্ৰৌঢ় ব্যক্তিয়ে উৎকণ্ঠাৰে আমালৈ বাট চাই আছেমায়ে হাঁহি এটা মাৰি মোক তেওঁৰ কোঁচত গতাই বেগবোৰ আনিবলৈ গুছি গৈছিল । মানুহজনে দুহাতৰে মোক দাঙি চাইছিল । তাৰ পাছত আকুলতাৰে মোক সাবটি ধৰি ইটৌৰ পাছত সিটো চুমা খাই গল ।
তেওঁ মোৰ পুথাদেউ আছিল ।
বিমান বন্দৰৰ পৰা আমাক নিবলৈ অহা মোৰ পেহাদেউৰ মতে পুথাদেউৰ চুমাৰ প্ৰকোপত মই বেহুচ হোৱাৰ আগতেই ঘৰ পাইছিলোঁগৈ । ঘৰত অৱস্থা আৰু বেয়াইগৰাকীৰ পাছত সিগাৰীকয়ে মোক সাবটি ধৰি ধৰি চুমা খাইছিল । আৰু তাৰ পাছত..........
তাৰ পাছত যোৱা পঞ্চাশদিন মই উটি ভাঁহি ফুৰিছিলোঁ । এদিন যদি আইতাৰ কোলাত উঠি আনদিনা এনাইদেউৰ কোলাত নতুবা নিচাদেউ,মামাহঁতৰ হাতৰ মাজত । মায়ে মোক ধাননিখনৰ সৈতে চিনাকী কৰি দিছিল । চিনাকী কৰি দিছিল মায়ে ভালপোৱা গছ-গছনিবোৰ, গৰু-মাইনা,ছাগলী মাইনা, মেও ,কেক-কেক-কেক কৰি থকা শালিকী কেইজনী । কেঁচা নৰাণিত বহি মায়ে আকাশলৈ আঙুলিয়াই দি কৈছিল-চোৱা এইয়াই সেই ভালপোৱাৰ ভেটি যত সঁজাল ধৰা অনুভৱবোৰৰ সাক্ষৰ তুমি ! পথাৰৰ আলিবোৰত থিয় কৰাই দি মায়ে কৈছিল-তুমি এই পথাৰখনৰ দৰে হব লাগিব ।মই মাৰ কথাবোৰ শুনি গৈছিলোঁ । জোৰেৰে উশাহ লৈছিলোঁ-নাকত লাগিছিলহি মাৰ সেই প্ৰিয় বন বন গোন্ধটো বুকুত সেই গোন্ধটো লৈয়ে দিল্লীলৈ উভতি আহিছিলোঁ । আইতা,পুথাও,এনাইদেউহঁতক কন্দুৱাই থৈ আহি মই যিমান দুখী হৈছিলোঁ সিমানেই সুখী হৈছিলোঁ এই কথাটো ভাবি-মোৰো এখন ঘৰ আছে । ধূলিয়ৰি বাটেৰে গৈ,বন বন গোন্ধটো লৈ নঙলা খুলি নাৰিকল গছ এজোপাৰ তলৰে গলেই পোৱা যায় সেই ধুনীয়া ঘৰখন ।   

No comments:

Post a Comment