Tuesday, 15 December 2015

মা অহাৰ সময়







মই যেতিয়া চকু মেলিছিলোঁ মায়ে সেইসময়ত বিস্কুট এখন খাই আছিল আৰু মোৰ গাতে গা লাগি শুই থকা বাকী ভাই-ভনীকেইটাই টোপনিতে কেৰমেৰাই আছিল । মোক চকু মেলা দেখা পাই মায়ে বিস্কুটখন এৰি মোৰ মুখলৈ চালেতাৰপাছত মৰমৰে মোৰ গাটো চেলেকিবলৈ ধৰিলে
আমাৰ মা আগতেও বহুকেইটা সন্তানৰ মাতৃ হৈছিল । আমাৰ সেই ককাইদেউ-বাইদেউবোৰ এতিয়া সংসাৰী হল । কিছুমানে মাক বাটত দেখিলেও নামাতে, ওলোটাই কিছুমানে যুঁজিবলৈ খেদিহে আহে । তথাপি মায়ে কাকো বেয়া নাপায় । কাৰণ তেওঁ যে মাক । আৰু এতিয়া আমাকো একেই মাতৃৰ আকুলতাৰে সাৱটি ধৰিছে ।
মোৰ ভাই-ভনীকেইটাই পাছবেলালৈ চকু মেলি অলপ টনটনীয়া হসিহঁতি চকু মেলাৰ লগে লগে মোৰ যেনেকৈ খেলাৰ লগ বাঢ়িল তেনেকৈ মাৰো কাম বাঢ়িল ।
-ঐ টুকলু সেইফালে নাযাবি ।
-ভুকু,তই পেনেৰী গাত নুঠিবি । তাই বৰ দুৰ্বল
-মলু,তই ইহঁতক অলপ চাবি । মই কিবা এটা বিচাৰি যাওঁ ।
মলু মোৰ নাম । মায়ে হেনো আমি গৰ্ভত থাকোঁতে কোনোবা ফেঁচা এটাক কপাল দেখুৱাইছিল । সেই ফেঁচাটোৱেই মাক মোৰ নাম মলু ৰাখিবলৈ কৈছিল । মোৰ ওপৰত হেনো এটা সময়ত বহু দায়িত্ব আহি পৰিব । এইবোৰ মায়ে তেওঁৰ লগৰী এজনীৰ আগত কৈ থাকোঁতে শুনিছিলোঁ ।
-মলু মই আহিলোঁ ।
মায়ে সদায় এইদৰে মোক ভাই-ভনীকেইটাক চাবলৈ দি কৰবাত খোৱা বস্তু বিচাৰি যায় । তাৰবাবে আমি মাক বেয়া নাপাওঁ । কাৰণ আমি ভালদৰেই জানো মায়ে যদি পেট ভৰাই খাবলৈ নাপায় আমি গাখীৰ কৰপৰা খাবলৈ পাম । পিছে অশান্তি হয় আন কাৰণতহে । খেলি থাকোঁতে কেতিয়াবা কোনোবাটো গৈ আলিৰ মাজ পাওঁগৈ । এদিনটো ভুকু গৈ গাড়ী এখনৰ চকাৰ তলত সোমাইছিলেই । ভাগ্যই চালকজন অভিজ্ঞ আছিল ,ভুকু কোনোমতে ৰক্ষা পৰিল । মায়ে সেইদিনা ৰাতি কথাষাৰ গম পাই কেউটাকে মৰিয়াইছিল । বহুদেৰি গাখীৰ খাবলৈও দিয়া নাছিল । পাছত যেনিবা আমাৰ কান্দোন শুনি মন কুমলিল ।
-মোৰ সোনকেইটা,খেলিবলৈ মন গলে এই খালী ঠাই টুকুৰাতে খেলিবি ,আলিলৈ নাযাবি দেই । তহঁতৰ কাৰোবাৰ কিবা এটা হলে মই অকলশৰীয়া মাকজনীয়ে বাৰু কি কৰিম ?
অকলশৰীয়া মাক ! এৰা আন কুকুৰৰ দৰে আমাৰ গৰাকী হিচাপে কোনো মানুহ নাই । চৌপাশে থকা আট্টালিকাবোৰৰ মাজৰ এই ঠাই টুকুৰা খালী হৈ পৰি আছে  হওঁতে এটা চুকত জুপুৰি এটা আছে, পিছে সেই জুপুৰিটোত থকা সকলো আমাৰ গৰাকী নহয় । আমাৰ দেউতাৰ বিষয়েও আমি নাজানো । মাক সোধাও নাই । মাথো কেতিয়াবা দূৰৈৰ আট্টালিকা এটালৈ চাই মায়ে খঙৰে মাজে মাজে ভুকি থকাৰ পৰা অনুমান কৰোঁ আমাৰ দেউতা চাগৈ সেই আট্টালিকাটোৰ ভিতৰতে কৰবাত থাকে ।
-মলু ইহঁতক চাবি ।
গধূলি-বেলিকা আনদিনাতকৈ সোনকালে মা ওলাই গমই পাছফালৰ পৰাই মালৈ চালো । ছটাকৈ সন্তানক পেট ভৰাই গাখীৰ খুৱাবলৈ চেষ্টা কৰোঁতে মাজনী খীণাই গৈছে । মই ডাঙৰ হলে মাক অলপ হলেও সুখত ৰাখিবলৈ চেষ্টা কৰিম ।
-মলু,মাই দেখোন আজি বহুত দেৰী কৰিছে ?
মাজৰাতি হল । খেলি খেলি আমনি লগাত ভুকুৱে আলিলৈ চকু দি মোক সুধিলে । মইনো তাক কি উত্তৰ দিম । অথনিৰে পৰা ময়ো ভাবি আছোঁ মায়ে ইমান দেৰি কৰিছে কিয় ? আনকালেতো মায়ে ইমান দেৰি নকৰে । আমাৰ পিয়াহ লাগিছিল । পেনেৰি এনেই কান্দুৰি এতিয়া পিয়াহত ৰ নোৱাৰি তাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে । সন্ধিয়া লৰা এটাই আমাক বিস্কুট খাবলৈ দিছিল । মই মোৰ ভাগৰখন নাখায় মাৰ বাবে লুকুৱাই থৈছিলোঁ । পেনেৰিক সেইখনকে উলিয়াই দিলোঁ । বিস্কুটখন পাই তাই অলপ সময় মনে মনে থাকিল । তাৰপাছত আকৌ চিঞৰ-বাখৰ ।
ৰাতি পুৱাব হল । অত তত দুই এজনী চৰায়ে কিচিৰ-মিচিৰ কৰিছে । মা নাহিল ।  ভুকুহঁত কান্দি কান্দি শুই পৰিল । মই কন্দা নাই । মায়ে কৈছিল তই ডাঙৰ হয়, তই যিকোনো সময়তে ধৈৰ্যৰে থাকিবলৈ শিক । তেতিয়াহে বাকীকেইটাই সেয়া অনুসৰণ কৰিব । সেইবাবেই মই কন্দা নাই । কিন্তু কান্দোন এটাই বাৰে বাৰে আহি মোৰ ডিঙিত খুন্দা মাৰি ধৰিছেহি । মা কিয় অহা নাই ? মাৰ কিবা অঘটন ঘটা নাইতো ? নাই,মাকবোৰৰ একো অঘটন নঘটে । মায়ে কৈছিল মাকবোৰে নিজৰ সন্তানক ইমান বেছি ভালপায় যে সেই ভালপোৱাই তেওঁলোকক সকলো বিপদৰ পৰা আঁতৰাই ৰাখে । মাৰ একো হোৱা নাই । কাৰণ মাই আমাক ভালপায় । মা ঘুৰি আহিবই ।

উপসংহাৰ: আবেলি দোকানখনত সোমাবলৈ লৈ সমুখৰ আলিটোলৈ চাই মানুহজনে চিঞৰি উঠিল
-আৰে..অমৃত সেই কুকুৰজনীক কোনেও নিয়া নাই ?
-নাই নিয়া । কুকুৰজনীৰ পোৱালী আছিল যেন লাগিছে ।
-পোৱালী থাকক বা নাথাকক সেইবোৰ বিচাৰ কৰা আমাৰ দৰকাৰ নাই কুকুৰজনীক এতিয়াও জাবৰ নিয়া মানুহে কিয় নাই নিয়া ! অলপ পাছত গোন্ধালে দোকানত বহিবি আৰু । যাচোন যা কোনোবা এটাক বিচাৰি আন ।
মানুহজনৰ কথাত অমৃতবোলাজনে দোকানৰ পৰা ওলাই ইফালে সিফালে চাই মানুহ বিচাৰিবলৈ ধৰিলেৰাতিয়েই কাৰোবাৰ গাড়ীয়ে খুন্দিয়াই চেপেটা কৰি পেলোৱা কুকুৰজনী দেহত ইতিমধ্যে দুই এজনী ভেনা মাখিয়ে কুন-কুনাবলৈ আৰম্ভ কৰিছিল । আৰু সেই কুন-কুননীয়ে ঢুকি নোপোৱা দূৰত্ব এটি কুকুৰ পোৱালীয়ে তাৰ ভাই-ভনীকেইটাক সাৱটি ধৰি বাটলৈ চাই আছে ।
তাৰ মাক আহিব ।

No comments:

Post a Comment