Wednesday, 9 September 2015

মেঘমন্যুৰ কথাৰে-২





নিজৰ বিষয়ে লিখাৰ কথা মই মাৰ গৰ্ভত থাকোঁতেই ভাবিছিলোঁ । ভাবোঁতে আৰু বহু কিবা-কিবিয়েই ভাবিছিলোঁ । মই হাঁহিম মা-দেতাই হাঁহিব । মই কান্দিলে মা-দেতাই কান্দিব । মই আঙুলিত ধৰিব খুজিলে চাৰিখন হাতৰ আঙুলি খপজপাই আগবাঢ়িব আহিব ।
সকলোবোৰ ভবা মতেই হৈ গৈছে । মাথো এটাৰ বাহিৰে । মই নিজৰ মতে নিজৰ ভাললগা বস্তুবোৰ চাব নোৱাৰোঁ । বাৰে বাৰে মা-দেতাৰ আগত থেনথেনাইহে সেই আশা পূৰাব পাৰোঁ ।
মোৰ বয়স আঢ়ৈ মাহ হোৱা দিনা মা-দেতাই আকৌ সেই বেয়া মানুহজনৰ ওচৰলৈ মোক লৈ গল । সেইদিনাও সেইজনে মোৰ ভৰি দুটাত কিবা এটাই খোঁচ মাৰি দিলেমই অকণমান সময়ৰ বাবে চিঞৰি চিঞৰি কান্দিছিলোঁ । আহোঁতে পিছে বাটত কন্দা নাছিলোঁ । যিমান হলেও নিজৰ মান-সন্মানৰ কথা আছে নহয় ! দুদিনৰ পাছতে সপোনত সেই বেয়া মানুহজনক দেখিছিলোঁ । সপোনতো মানুহজনে মোৰ ভৰিত খোঁচ মাৰি দিছিল আৰু মই সঁচাকৈয়ে চিঞৰি চিঞৰি কান্দিছিলোঁ । পাছত যেনিবা মায়ে বুকুৰ মাজত সোমোৱাই ওমলাই দিয়াতহে গম পাইছিলোঁ মইযে সপোন দেখিছোঁ ।
মানুহো ইমান ভয়ানক হব পাৰেনে ! সপোনতো ভয় খুৱায় !!
মাৰ মতে এতিয়া হেনো মোৰ পিঠিত চকা গজিছে । সেই চকাৰ সহায়তেই মই হেনো বিচনাত ঘুৰি ফুৰিব পৰা হৈছোঁ ! মই নাজানো চকাই গজিছে নে আন কিবা গজিছে কিন্তু ঘৰৰ যেনিয়ে-তেনিয়ে ইমানবোৰ ধুনীয়া বস্তু ঠাহ খাই আছে সেইবোৰ চাবলৈ মই অলপ ইফাল-সিফাল কৰিবই লাগিব আৰু ।
ৰাতি শুবৰ সময়ত দেতাই আজিকালি সদায়ে কাপোৰ লৈ শুৱে । নহলে হেনো মই দেতাৰ গাত চুচু কৰি কৰি দেতাৰ গাটো তিয়াই দিওঁ ! দেতাই যে ইমান মিছা কথা কয় মই কিবা দেতাৰ গাত কিয় চুচু কৰিম ! অ শুই থাকিলে মই দেতাক অলপ আমনি নকৰা নহয়, কৰোঁ । মাই বিচনাৰ অকণমান জেগাত শুৱে বাবে মই দেতাক ঠেলি ঠেলি মাৰ শুৱাৰ ঠাইটুকুৰা বহল কৰি দিওঁ !
মাৰ গৰ্ভত থাকোঁতেই শুনিছিলোঁ মায়ে হেনো আগতে কেতিয়াবা গান গাইছিল । আজিকালি গালে হেনো ছাগলীৰ দৰে মাত ওলায় । ছাগলীয়ে কেনেকৈ মাতে মই নাজানো কিন্তু মই তেতিয়াই সংকল্প লৈছিলোঁ মাক মই গায়িকা কৰিহে এৰিম । আজিকালি মায়ে খুব গান গায় । কেতিয়াবা কয়-বেটা মই ভাগৰি গৈছোঁ আৰু কিমান গাম । তই শুবিনে বাৰু !!
নাই নাই, মই মাৰ কথা নুশুনা ভাও ধৰোঁনুশুও । মাক গায়িকা কৰিবই লাগিব যেতিয়া অলপ-চলপ কষ্ট সহিবই লাগিব । আৰু মাৰ কণ্ঠত যে গানবোৰ টোপনি হৈ ওলাই আহে । কেনেকৈনো মাক হব বুলি কওঁ । বিশেষকৈ সেই পাহাৰ বগাই বগাই চেনিমাই কপৌফুল আনিলোঁ...সেই বিহুটো গালে..ইম্মান ভাল লাগে !!
আজিলৈ ইয়াতে সামৰো । দেতা আহিবৰ হল । ফুৰিবলৈ যাম । গোটেই ছোৱালীবোৰে ঘুৰি ঘুৰি চায় । গতিকে অলপ ষ্টাইল কৰি লওঁ,মানে মাক মাতোঁ...পেএএএএএএএএএ
 

No comments:

Post a Comment