Thursday, 24 September 2015

মেঘৰ কথাৰে




ৰাতি ক'ৰবাত শেৱালি ফুলিছিল চাগৈ , শেৱালিৰ গোন্ধ এটা চাৰিওফালে মলমলাই আছে ৷ সেই গোন্ধটোতে মতলীয়া হৈয়েনে আন কিবা কাৰণত জানো শালিকীকেইজনীমানে চোতালতে কেৰকেৰাই নাচি আছে ৷অদূৰৰ পানী এডোঙাত ঠেং চাফা কৰি কৰি হাঁহকেইজনীমানে বিয়নী মেল পাতিছে ৷ বাৰাণ্ডাত পাটি এখনত উবুৰি খাই মেঘে এইবোৰকে লক্ষ্য কৰি আছে৷
মেঘৰ মন বেয়া ৷ বেয়া মানে দুবাৰমান উচুপি উচুপি কান্দিলেও ৷ কিন্তু কোনেও উমানকে নাপালে আচলতে সি কিয় কান্দিছে ! এই যে গম নাপালে এইটো দুখে মেঘক আৰু জুৰুলা কৰিলে ৷ আইতাক নহ’লেও অন্তত মাকজনীয়েতো বুজি পাব লাগিছিল ! নাই কোনেও তাক গুৰুত্বই নিদিলে ৷ সি এতিয়াহে বুজি পাইছে তেওঁলোকে তাক ভালপাওঁ বুলি এনেইহে কয় ৷ নহ’লে জানো…
কালি আবেলিলৈকে মেঘৰ মনটো ভালেই আছিল ৷ বায়েকৰ সৈতে খেলিছিল,মাক-দেউতাকক হাঁহি হাঁহি নিজৰ ভাষাত কথা কৈছিল, আইতাকৰ মেকুৰীৰ নেজহেন চুলিখিনি ঘটালি দিছিল ৷ দুপৰীয়া সময়তে ঘটা অঘটন এটা দেখিটো মেঘৰ সুখবোৰে শালিকী চৰাইৰ দৰে জঁপিয়াই উঠিছিল ৷
দুপৰীয়া সেইটো অঘটন বুলিয়ে ক'ব লাগিব ৷ মেঘে চকু মেলাৰ পৰা দেখি আহিছে আইতাক ঘৰৰ ৰাণীৰ দৰে থাকে ৷ সকলোৱে আইতাকৰ কথা আখৰে আখৰে পালন কৰে ৷আনকি দেউতাকৰ দৰে ওখ ডাঙৰ মানুহ এটাকো আইতাকে গালি পাৰি পাৰি মাত নাইকিয়া কৰি দিব পাৰে ৷ সেইহেন প্ৰতাপী আইতাকক তাৰ তৃতীয় শ্ৰেণীত পঢ়া বায়েক দুচাট দিলে কম ডাঙৰ কথা নে!
ঘটনাটো আৰম্ভণি ঘটিছিল পুৱাৰ ৰ’দজাকৰ পৰা ৷ ৰ’দজাক ওলোৱাৰ লগে লগে গৰম বাঢ়ি আহিছিল ৷ সিহঁত দুটাক খুৱাই-বুৱাই আইতাকৰ হাতত গতাই মাক স্কুললৈ গ'ল ৷ দুপৰীয়া লৈকে বিশেষ একো প্ৰতিক্ৰিয়া দেখা নাছিল ৷ কিন্তু মাক স্কুলৰ পৰা অহাৰ লগে লগে বায়েকৰ মুখখন ফুলি উঠিল ৷ মাকে বহুদেৰি সোধাৰ পাছতো একো উত্তৰ নোপোৱাত আইতাকেই সুধিলে
-হয়নে আমাৰ আইদেউৰ মুখখন বা কিয় ফুলিছে ?
আইতাকৰ প্ৰশ্নটোৱে যেন আবেগ এখিনিত ফুটাহে কৰি দিলে ৷ বায়েকে উচুপি উচুপি ক'বলৈ ধৰিলে-তোৰ আজিকালি অলপ বেছি ভেম হৈছে ৷ তই বেয়া হৈ গৈছ ৷
-আয়ৈ মইনো কেনেকৈ বেয়া হলো হয়নে?
-বেছি কথা নক'বি …
বুলি কৈ বায়েকে হাতত লৈ থকা বিচনীখনেৰে আইতাকৰ টিকাতে দুচাট দি দিলে ৷
-তই আজিকালি ভাইটিক বেছি মৰম কৰ ৷ আজি তই ভাইটিক বিচনীৰে বেছিকৈ বিচি আছিলি ৷ মোক বিচি নিদিলিয়েই !
-এস মই দুয়োটাকে সমানে বিচি আছিলোঁ দেই ৷
টিকা মোহাৰি মোহাৰি আইতাকে দিয়া কৈফিয়তটো শুনি বায়েক সুখী নহ’লেও মেঘ সুখী হৈছিল ৷ আৰু লগতে বায়েকলৈ পুতৌ উপজিছিল ৷ বেচেৰি বায়েকজনীক আজিকালি সকলোৱে তাতকৈ কম মৰম কৰে !
পিছে মেঘৰ সেইটো ভ্ৰম পণ্ড হ’বলৈ বেছি সময় নালাগিল ৷
গধূলি পঢ়াৰ সময়ত মেঘৰ সৈতে খেলিবলৈ নাপায় থেনথেনাই থকা বায়েকক আইতাকে দম দি ক'লে
-কালিলৈ পৰীক্ষা যদি ভাল নহয় ভায়েৰক কিন্তু সেই বেজী দিয়া ডাক্তৰজনৰ ওচৰত একেবাৰে থৈ আহিমগৈ!
ঘটং !
ক’ৰবাত যেন আকাশখনহে খহি পৰিল ৷ মাকৰ কোলাত সোমাই টোপনিজনীৰ সৈতে ধেমালি কৰি থকা মেঘৰ তেনে যেনেই লাগিল৷ সি লগে লগে মাকলৈ চালে কি’জান মাকে প্ৰতিবাদৰ সুৰত কিবা এষাৰ ক’ব ! নাই মাকে এটা শব্দও উচ্চাৰণ নকৰিলে ৷
আচৰিত!
তাতোকৈ আচৰিত কথা তাক ইমান মৰম কৰা আইতাকজনী কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰিলে ! সেইজনী বায়েকৰ মগজুৰ সৈতে তাক বাজী লগালে যিজনী বায়েকে বিস্কুট এখন চুৰ কৰি খালেও ধৰা পৰে ! নাই বায়েকৰ মগজুৰ ওপৰত মেঘৰ অকনো ভৰসা নাই ৷ তাৰ অৰ্থ এইটোৱেই হ'ল যে সি সেই ডাক্তৰজনৰ ওচৰত থাকিবগৈ লাগিব ৷ তাকো একেবাৰে ! মাকৰ কোলা, মাকৰ গাৰ সেই খৰিকাজাঁই ফুলৰ দৰে গোন্ধটো, দেউতাক, বায়েক সকলোকে এৰি সি সেই বেয়া মানুহজনৰ কাষলৈ যাবগৈ লাগিব যিজনে সপোনতো বেজী দেখুৱাই তাক ভয় খুৱাই কন্দুৱাই দিয়ে ৷ আস ! কি যে এক ভয়ংকৰ দিনে তাৰ বাবে অপেক্ষা কৰি আছে !
চিন্তাতে কালি ৰাতিটো তাৰ ভালকৈ টোপনি নাহিল ৷ আগতেও এনেকৈ দুবাৰমান টোপনি নহাত মাকে টোপনিজনীক কান চেপা এটা দি ধৰি আনিছিলগৈ ৷ পিছে কালি মাকে টোপনিজনি বিচাৰি যোৱাটো দূৰৰে কথা ,যাম বুলি তাক আশাও নিদিলে ৷
মাকবোৰ ইমান সহজে সলনি হৈ যায় নে!
-আয়ৈ আমাৰ পেন্দুকণাটো অথনিৰে পৰা অকলেই খেলি আছে ৷
আকাশে-পাতালে মনটো ঘুৰাই লৈ ফুৰা মেঘক খৰিকাজাঁইৰ গোন্ধটোৱে সাৱটি ধৰিলে ৷ অতদেৰি থুপাই ৰখা শোকখিনি পাৰ ভাঙি ওলাই অহাত সি উচুপি উঠিল ৷
-অ’ মোৰ সোনগুটিটো নাপায় নহয় কান্দিব ৷ মাজনী মোৰ বাবে পীৰা এখন আনাচোন !
মাকৰ পাছৰ বাক্যষাৰে মেঘক শংকিত কৰি তুলিলে ৷ মাজনী বুলি মাতিছে মানে বায়েক স্কুলৰ পৰা আহিল ৷ মানে এই যে সি মাকৰ কোলাত সোমাইছে এইয়াই চাগৈ শেষবাৰৰ বাবে সোমাইছে! মহাৰাণী আইতাকৰ কথাটো কোনেও আওকাণ কৰিব নোৱাৰে আৰু বায়েকৰো যে পৰীক্ষা বেয়া হৈছে সেয়া খাটাং ৷ মানে সি যাবাই লাগিব! মেঘৰ চিঞৰি চিঞৰিব কান্দিবলৈ মন গ'ল ৷ তেনেতে বায়েক ওলালহি ৷ তাই মাকক পীৰাখন গতাই মেঘলৈ চালে ৷ মেঘৰ এনে লাগিল তাই যেন বৰ দুখেৰে তালৈ চাইছে ৷ মৰতিজনীয়ে ভালকৈ নপঢ়িব আৰু শাস্তি খাবগৈ লাগিব সি ৷ প্ৰচণ্ড খঙ এটাই মেঘৰ মুখখন ৰঙা কৰি পেলালে ৷বায়েকে আক সেইখন মুখতে টপৰ টপৰকৈ চুমা দুটা খাই দিলে ৷
-মা..
বায়েকৰ মাত শুনি মেঘে কান থিয় কৰি ৰ'ল ৷
-হমম..
-আইতাই কৈছিল মোৰ পৰীক্ষা বেয়া হ’লে বোলে ভাইটিক ডাক্তৰ খুৰাক দি দিব? সঁচাকৈয়ে নেকি মা?
আবেলিৰ বেলিটো আহি মাকৰ মুখত আচাৰ খাই পৰিল ৷ বেলিটোৰ দৰেই ধুনীয়া হাঁহি এটা মুখত ওলমাই মাকে এইবাৰ বায়েককো কোলালৈ টানি আনি আনিলে ৷ মেঘৰ বুকুৰ মাজত ইতিমধ্যে ৰে’ল এখন চলিবলৈ আৰম্ভ কৰিলে ৷ মাকে মাজনীৰ গালত চুমা এটা খাই ক'লে
-আইতাই এনেইহে কৈছে ৷ তোমালোক দুটাক কোনেও মোৰ কাষৰ পৰা আঁতৰাই নিনিয়ে নহয় ৷ নিবও নোৱাৰে ৷
সঁচা !!!
মাকৰ কথাষাৰ শুনিয়েই চোতালত টেপটেপাই থকা হাঁহকেইজনীয়ে পাখি মেলি শেৱালীফুলৰ গোন্ধটো বিচাৰি দৌৰি গ'ল ৷ শালিকীকেইজনীয়ে এইবাৰ সুখ এসোপা পিঠিত বান্ধি মেঘৰ বুকুলৈ নামি আহিল ৷ আৰু মেঘে.. সি টোপনিজনীলৈ চকু টিপ এটা মাৰি সুখখিনি আকোৱালি ল’লে !

No comments:

Post a Comment