Wednesday, 9 September 2015

মেঘমন্যুৰ কথাৰে...





মেস্ক হাস্পতালৰ এটা পুৱা । অনভিজ্ঞ মানুহ এহালৰ কৌতুহল, উৎকণ্ঠাই চৰম সীমা চোওঁতেই মোৰ জন্ম হৈছিল । তেওঁলোক মোৰ মা-দেতা আছিল । মোৰ জন্ম হোৱাৰ অলপ পাছতে ডাক্তৰ এজনে মাৰ গালত মোৰ গালখন লগাই দিছিলহেনো ! সেইসময়ত পৃথিৱীৰ প্ৰথম পৰশ পাই মই অৱশ হৈ পৰিছিলোঁ সেইবাবেই সেইসময়খিনি মোৰ অলপো মনত নাই ।মাক মই দেখা পালোঁ প্ৰায় গধূলি সময়ত । মই জানো মাও মোৰ দৰেই উৎকণ্ঠিত হৈ আছিল দেতাৰ কোলাত উঠি মই মাৰ কাষ পালো । মায়ে মোৰ কণ কণ আঙুলিকেইটা চুই চালে ।
আস ! কেনে এক স্বৰ্গীয় স্পৰ্শ আছিল সেয়া !
পৃথিৱীত মোৰ বয়সে তিনি দিন পাৰ কৰাৰ পাছত দেতাৰ কোচত উঠি মই ঘৰলৈ আহিলোঁ । চকু মুদিয়েই ঘৰৰ আনকেইটি সদস্যৰ সৈতে চিনাকী হলোঁ । সকলোবোৰ ভালেই লাগিছিল মাত্ৰ বেয়া লাগিছিল এইবাবেই যে মা-দেতাই মোৰ ভাষা বুজি নাপায় আৰু মই তেওঁলোকৰ ভাষাটো অকণ অকণহে বুজি পাওঁ । সিদিনাই সিদ্ধান্ত ললো ডাঙৰ হৈয়ে মোৰ প্ৰথম কাম হব মোৰ ভাষাটো তেওঁলোকক শিকাই লোৱা । কিমান আৰু ইংগিতত কথা পাতিম !
মোৰ বয়স সাতদিন হোৱা দিনা বয়সীয়াল তিৰোতা এগৰাকী আহিল । মাৰ পৰাই গম পালো তেওঁ হেনো মোৰ এনাই হয় ! মানুহগৰাকী মোৰ সিমান বেয়া নালাগিল । কিন্তু প্ৰথম দিনাই যেতিয়া মোৰ গাতো জোকাৰি জোকাৰি তেল ঘঁহি গা ধুৱালে মোৰ বিৰাট খঙ উঠিছিল । পাছলৈ অৱশ্যে এই জোকাৰণিবোৰ মোৰ ভাল লগা হল । এনাইজনী এনেই ভালেই ,মোক কোলাতেই লৈ থাকে ।কিন্তু কেতিয়াবা কি উকাই জানো মাক কয় তাক অলপ কান্দিবলৈও দে,নহলে টেঙৰ হব । তেতিয়াই, ঠিক তেতিয়াই এনাইক খেদি নি নিজৰ ঘৰত থৈ আহিবলৈ মন যায় । এনে একেবাৰে আনৰ উন্নতি সহিব নোৱাৰা মানুহ !
প্ৰায় সদায়ে দেতা-মাৰ লগত ঘৰৰ কাষৰ ৰাস্তাটোত এপাক ঘুৰোঁ । অলপতে তেনেকৈ ঘুৰি ফুৰোঁতে সমবয়সীয়া এটাক দেখা পালোঁ । মায়ে তাৰ মাকৰ সৈতে কথা পাতিবলৈ লোৱাত ময়ো তাৰ সৈতে কথা পাতো বুলি মাত লগালো
-আজি কি খালা ?
সি অলপ ওফাইদাং মৰাৰ বিধৰ আছিল ।
-চাওমিন ।
-আস ! এনে একেবাৰে চাওমিন খাব পৰাটো । মিছা কথা কবলৈ আৰম্ভ কৰিয়েই দিলা ন ?
-কত মিছা কথা কলো । আমাৰ মায়ে যি খায় আমিও তাকে খোৱা নহয় জানো । মায়ে আজি চাওমিন খাইছিল গতিকে ময়ো  খালো ।
তাৰ কথা শুনি মই থতমত খালোঁ । হয়তোন আক । মায়ে যি খাই তাকেইটো আমি খাওঁ ।
-তুমি কি খালা ?
মোক শলঠেকত পেলাই সি হাঁহি এটা মাৰি সুধিলে । ময়ো জানো কম, টপৰাই উত্তৰ দিলোঁ
-ছাগলী মাংস !
তাৰ মুখ মেল খাই গল ।
এনেকুৱা কাজিয়া-পেচালবোৰ হৈয়ে থাকে । বেয়া নালাগে, ভালহে লাগে । সকলোতকৈ বেছি ভাল লাগে তেতিয়া যেতিয়া মায়ে মোক শুৱাই থৈ ভাৱে- ই শুলে, মই উঠি যাওঁ আৰু তেতিয়াই মই গাটো কেৰমেৰ কৰি দিওঁ । মায়ে আচৰিত হৈ কয়-ইহঁতে কেনেকৈ গম পাই অ’……..
মই তেতিয়া টোপনিতে মাৰ মুখখন  কল্পনা কৰি মিচিকিয়াই হাঁহি দিওঁ
এই সকলোবোৰ সুখৰ আমেজ পণ্ড কৰি দিয়ে সেই গছ-গছনি থকা ৰাস্তাটোৰ ফালে গলে । সেই ৰাস্তাটোৰ এটা মূৰত এটা ধুনীয়া ঘৰ আছে । আৰু ধুনীয়া ঘৰটোৰ ভিতৰতে এজন বেয়া মানুহ থাকে । মা-দেতাক জানো সেইজনে কি যাদু কৰিলে মোক তালৈ লৈ যায় । অকল ময়েনে, মোতকৈ ডাঙৰ,সৰু আৰু বহুত লৰা ছোৱালী তালৈ যায় । আৰু সেই বেয়া মানুহজনে বাচি বাচি কিছুমান লৰা-ছোৱালীৰ হাতে ভৰিয়ে কিবা এটাই খুঁচি দিয়ে । ইম্মান বিষ হয় অ....ছোৱালীৰ আগত কান্দিবলৈ লাজ লাগে যদিও বিষৰ কোবত ৰখাব নোৱাৰি ময়ো আনৰ দৰে কান্দি দিওঁ । 
এতিয়া আৰু নিলিখোঁ..মানে মই চুচু কৰিলোঁ...মাক মাতোঁ...পেএএএএএএএএএএএএএএএএএএএএএএএএএএ

No comments:

Post a comment