Tuesday, 11 August 2015

ফচং আৰু ভেচেলি




শাওণৰ দুপৰীয়া । পেনপেনীয়া বৰষুণে বোকাময় কৰি পেলোৱা পাছচোতালখনত বগী বুঢ়ীয়ে লগৰীয়া কেইজনীমানৰ সৈতে ইফাল-সিফাল কৰি আছিল । তেনেতে তাইৰ বোৱাৰীয়েক এজনীয়ে নতুন পোৱালীকেইটামান লৈ বাৰী কাষৰ খালটোলৈ আগবঢা দেখি তাইৰ ৰব নোৱাৰি টেপেৰকৈ মাত লগালে-হয়নে বোৱাৰী,সেইকেইটাকচোন অলপ আগত পানীত সাঁতোৰাই আনিছিলিয়েই ,আকৌ কিয় নিলি ? নতুনকৈ ওলোৱা পোৱালী ,ইমানকৈ পানীত খেলাই থাকিলে পানী লাগি জ্বৰ-চৰ উঠিব পাৰে বুলি নাজান নেকি ?
বুঢ়ীৰ ভেকাহিৰ উত্তৰ বোৱাৰীয়েকে দিয়াৰ আগতেই ফিচিককৈ হাঁহি এটাৰে উত্তৰ আহিল ভঁৰালৰ গাধৈৰ পৰা –হেৰৌ বুঢ়ী, কস্মিনকালেও নুশুনা কথাবোৰ কৈ মুখখন কিয় মিহি কৰিছ । হাঁহৰ গাত কোনোবাদিন পানী লাগে নেকি ? শেঙুণ ওলাই নেকি ? কিবা এটা কব লাগেই বাবে কৈ নিজৰ সেই নাকৰ নামত থকা ফুটা দুটাকো লাজত নেপেলাবিচোন ।
উত্তৰ শুনি বগীবুঢী জকজকাই উঠিল –গছত নলগা ,শগুনৰ শাওটো নমৰা ফচং আমাৰ ঘৰুৱা কথাত মাত মাতিবলৈ তোক কিহে পাইছে । মোৰ নাতি মোৰ বোৱাৰী ,গতিকে মোৰ কথা মই যি কওঁ । আৰু আমাৰ যেনিবা নাকৰ নামত ফুটা আছে ,কিন্তু তোৰ সেই নাক থকা মুখখনৰ দৰে আমি যতে ততে লোকৰ চৰ খাই নুফুৰু নহয় ।
বুঢীৰ  শেষৰ কথাষাৰ শুনি ৰঙিয়াল হৈ থকা ফচং পুহমহীয়া জাৰটোৰ দৰে চেঁচা পৰি আহিল । বুঢ়ীক একো প্ৰত্যুত্তৰ নিদি সি গাধৈৰ পৰা উঠি লাহে লাহে ঘৰৰ ভিতৰলৈ সোমাই আহিল ।
আজি অলপদিনৰ পৰা ফচঙৰ এনেকুৱাই হৈছে । অতবছৰে সি কিমান কাণ্ড কৰিলে হিচাপ নাই, জন্তুবোৰে দুদিনৰ পাছতেই সেইবোৰ পাহৰি পেলাই । কিন্তু এইবাৰ যেন শেনৰ এজাত ।কোনেও কথাটো পাহৰিব পৰা নাই । অথচ এই ঘটনাটো আগৰ ঘটনাৰ তুলনাত লেখত লব লগীয়া ঘটনাই নহয় ।
কালি হেপাৰ লগত ঘুৰি ফুৰা তাৰ লগৰ কেইটামানে কৈছে সি হেনো বোন্দাৰ নামত কলংক ! গাভৰু মেকুৰীবোৰে আগতে তাক দেখিলে অলপ ভয়ে ভয়ে চাইছিল আৰু আজিকালি ফিচিঙা-ফিচিঙি কৰে
আস ! ফচঙৰ বাবে আনৰ ঘৃণাৰ দৃষ্টিয়েই ভাল কিন্তু কৌতুক আৰু পুতৌৰ দৃষ্টি সি সহিব নোৱাৰে । কেৱল দুটা চৰৰ বাবেই এইবোৰ সি সহিব লগা হৈছে ।
ফচঙে চৰ খালে । তাকো এজনী মাইকী মেকুৰীৰ পৰা । যিটো ফচঙে আজি অত দিনে আনৰ ওপৰত টিঘিলঘিলাই আছিল সেইটো ফচঙৰ ওপৰত এতিয়া এজনী মেকুৰীয়ে টিঘিলঘিলাই আছে ।
ঘটনাটো বেছিদিনৰ নহয় । সিদিনা  ফচঙে বৰষুণৰ আমেজ লৈ শুই আছিল । তেনেতেই কৰবাৰ পৰা অকমানী পোৱালীৰ মাত এটা ভাহি আহিল । ফচঙে কাণখন উনাই শব্দটো কৰ পৰা আহিছে অনুমান কৰিবলৈ চেষ্টা কৰিলে । মাতটো ভঁৰালৰ ভিতৰৰ পৰাই অহা যেন লাগিল । চোং সলাই পোৱালী সুমুৱালেহি চাগৈ । আন বোন্দাৰ দৰে  পোৱালী দেখিলেই খেদি খেদি মৰাৰ দৰে স্বভাৱটো ফচঙৰ নাই । সেইবাবেই সি মূৰটো পোলোকা মাৰি আকৌ শুই থাকিল ।
ফচঙৰ গা-বাজিল তিনিদিনমানৰ পাছতে । পোৱালীটোকলৈ মাকজনী তেতিয়াও নিজৰ ঘৰলৈ নগল । আনকি এখোজ আগুৱাই পোৱালীটো আনি ফচংহঁতৰ ঘৰতহে সুমুৱালেহি । ফচঙে পোন্দোৱাকৈ চাই মেকুৰীজনীক ভয় খুৱাব খুজিছিল যদিও তাই যিটোহে ৰূপ দেখালে ফচং সেইফালেই তাপ মাৰিল ।
ফচঙৰ ঘৰত পোৱালীৰ সৈতে মাক এজনীয়ে পোহ ললেহি এই বাতৰিটো ফচঙৰ অহৌবলিয়া লগৰকেইটাই শুনি প্ৰথমে পাৰে মানে হাঁহিলেতাৰ পাছত ফচঙক গালিৰে পুতি পেলাওঁ যেন কৰিলে । সিহঁতৰ মতে বোন্দাৰ প্ৰথম কামেই হৈছে পোৱালী মেকুৰীবোৰ মাৰি পেলোৱা । যোগ্য ভোগ্য বসুন্ধৰা । যি নিজকে বচাই ৰাখিব পাৰিব তাৰ বাবেহে এই পৃথিৱী । সিহঁত নিজেও কনমানী সৈ থাকোঁতে কিমানবাৰ বোন্দাৰ কবলত পৰিছিল ! বাৰু ফচঙে পোৱালী নামাৰে ,মাৰিবও নালাগে । পোৱালীটো সিহঁতেই সুবিধা বুজি মাৰি থৈ আহিব কিন্তু ফচঙৰ ঘৰত সিহঁতক থাকিবলৈ কিয় দিছে ! ফচঙে মেকুৰী এজনীক খেদি উলিয়াই দিব নোৱাৰেনে ?  ইমান ভয় ! বোন্দা সমাজৰ নাক-কাণ কাটিলে সি । বোন্দাৰ নামতেই সি কলংক ।
লগৰ সোপাৰ গালি শপনিবোৰ খাই ফচঙে তেতিয়াই গাত অলপ বল গোটাই ভেচেলি নামৰ বিদেশীজনীক আগভেটি ধৰিলেগৈ ।
-চাও বাটৰ পৰা গুচ ।
ভেচেলিয়ে ফচঙৰ খঙলৈ গুৰুত্ব নিদি কলে ।
-তই ভালে ভালে মোৰ ঘৰৰ পৰা ওলাই যা । নহলে কথা বেয়া হব কিন্তু ।
ফচঙে নিজৰ পিঠিটো এহাতমান দাঙি ধমক দিলে । ভেচেলিয়ে তালৈ চালে । তাৰপাছত তাতকৈ ওখকৈ পিঠিটো দাঙি তাই গৰজি উঠিল ।
-লৰা ভোকত আছে ,তোৰ লগত মোৰ মুখ চুপতি মাৰি থাকিবলৈ সময় নাই । ভালে ভালে আঁতৰ হলিনে ।
-নাতৰোঁআজি হয় তহঁতক মোৰ ঘৰৰ পৰা খেদিম নহয় তোৰ পোৱালীৰ ডিঙি চেপি...
ফচঙে কথাষাৰ শেষ কৰিব নাপালেই ঠাচ ঠাচকৈ চৰ দুটা আহি তাৰ গালত পৰিল । লগা-লগ তাৰ নেজডাল কোঁচ-মোচ খাই ভৰি দুটাৰ মাজলৈ সোমাই গল । সি গালখন মোহাৰি ইফালে সিফালে চালে, বগীবুঢ়ী ,জেতুকীহঁতৰ লগতে তাৰ লগৰ বোন্দাকেইটামানে ভেবা লাগি সিহঁতক চাই আছে । বোন্দাকেইটাৰ মুখখন মেল খাই গৈছে । লাজে-ভয়ে ফচঙে পুনৰ পিঠিটো দাঙি ধমক এটা দিবলৈ চাই দেখে ভেচেলিয়ে কালীৰ ৰূপ লৈ আছে । ফচঙৰ জীউটো কঁপি গল । তাইক আৰু জোকাই লোৱা ভাল নহব বুলি ভাবি ফচঙে তলমূৰ কৰি ঘৰলৈ সোমাই গল ।
সেইদিনাৰ পৰাই সকলোৱে ফচঙক বেলেগ দৃষ্টিৰে চাবলৈ লাগিল । লগৰবোৰৰ মতে কলংক,বগীবুঢ়ীহঁতৰ মতে ভয়-পাদুৰা আৰু গাভৰু মেকুৰীবোৰৰ বাবে ...
ফচঙৰ দুখবোৰ বাঢ়ি বাঢ়ি গৈয়ে থাকিল । আজিকালি ঘৰৰ গিৰিহঁতনিয়েও ভেচেলিকহে ভালপোৱা হৈছে । আনকি সিদিনা ভেচেলিৰ পোৱালীটো কোঁচত লৈ গিৰিহঁতক কৈ থকাও শুনিছিল
-বুজিছে এই মেকুৰীজনী বৰ ভাল পায়পোৱালীটোও ইমান মৰম লগা । আগতে ফচঙে কেৱল বহি বহি খাইছিল । এই অহাৰ পৰা ঘৰত নিগনি এন্দুৰটো বাদেই পঁইতাচোৰা এজনীও দেখিবলৈ নোপোৱা হলো । বৰ লক্ষ্মী মেকুৰী এজনীয়ে ঘৰ ললেহি ।
ফচঙে শুই-বহিহে খাই ! এনেকথা শুনাৰ পাছতো আৰু ফচঙৰ সেইখন ঘৰত থাকিবলৈ মন যাবনে ?ফচঙে সেইদিনাই ঘৰ ত্যাগ কৰাৰ কথা ভাবিছিল ,কিন্তু বহুত ভাবি-চিন্তিহে সি সেই সিদ্ধান্ত সলনি কৰিলে ।
দুদিনামৰ পাছত গিৰিহঁতনিয়ে লক্ষ্য কৰিলে ঘৰত মিঠাই ,মাছ আদিবোৰ মুকলিকৈ থব নোৱাৰাই হল কোনোবাই চান কাঢ়েহি ।গিৰিহঁতনিৰ প্ৰথম সন্দেহটো ফচঙলৈকে হৈছিল যদিও পাছত ভাবিলে আজি অত দিনে সি পুঠিমাছ এজনীও চুৰ কৰি খোৱা নাই এতিয়া কিয় খাব । নিশ্চয় নতুন মাক-পুতেকহালৰেই কাণ্ড । এই প্ৰথমবাৰৰ বাবে গিৰিহঁতনিৰ ভেচেলিহঁতলৈ খঙ উঠিল । আৰু খঙৰ কোবত ৰব নোৱাৰি ভেচেলিৰ পোৱালীটোক কাষতে পাই তাকে এচাট দিলে । পোৱালীটোৱেও দুখ পাই মেও মেও কৈ চিঞৰি উঠিল । ভেচেলিয়ে আঁতৰৰ পৰাই পোৱালীটোলৈ বৰ দুখৰে চালে । গোটেই ঘটনাটো দেখি ফচংৰ বিৰাট ৰং লাগিল । নেজডাল নচুৱাই নচুৱাই ভেচেলিৰ কাষলৈ গৈ কলে-চোৰৰ জাত,পালি মজা । আইদেৱে ধৰিছে যেতিয়া সহজে নেৰে । পোৱালীক জীয়াই ৰাখোঁ বুলি ভাবিছ যদি ভালে ভালে আমাৰ ঘৰৰ পৰা যাগৈ বুজিছ ।
ভেচেলিয়ে একো প্ৰত্যুত্তৰ নিদি পোৱালীটোৰ কাষলৈ গুচি গল ।
ভেচেলিৰ পোৱালীটোৱে মাৰ খোৱাৰ পাছত ভালেমান দিন ঘৰত একো চুৰ  নহল । ফচঙে বগীবুঢ়ীহঁতক দিয়া বৰ্ণনা মতে তাই ভয় খাই সতীৰ ৰূপ লৈছে । নহলে সিহঁতৰ দৰে গভাইত চোৰে চুৰ নকৰাকৈ থাকিব পাৰিব নে ।
এৰা,ঠিক এসপ্তাহৰ পাছতেই ফচঙৰ কথা সত্য বুলি প্ৰমাণিত হল । ঘৰলৈ আলহী আহিছে । গতিকে গিৰিহঁতনিয়ে বিধে বিধে ৰান্ধিছে । ফচঙে কেইবাৰো পাকঘৰলৈ গৈ মাছৰ আঞ্জাৰ গোন্ধ লৈ আহিছে । ভোকত তাৰ পেটটো পকাই গৈছে । মিয়াও মিয়াও কৈ গিৰিহঁতনিৰ ভৰিয়ে ভৰিয়ে লাগি  মাছ এটুকুৰা সৰকাব খুজিছিল যদিও গিৰিহঁতনিয়ে ওলোটাই ধমকহে শোধালে । ওঁঠ-মুখ চেলেকি সি ঘৰৰ মূধচত বহিলগৈ । ভেচেলি আৰু তাইৰ পোৱালীটোৱেও আঞ্জাৰ গোন্ধ লৈ ইফাল-সিফাল কৰি থাকিল । ইফালে আঞ্জাৰ গোন্ধে চোৰৰ মনটোকো উতনুৱা কৰি তুলিলে । চোৰে নিজকে ধৰি ৰাখিব নোৱাৰি গিৰিহঁতনিয়ে আলহীক খাবলৈ বুলি মাতিবলৈ যোৱাৰ সময়তে সুযোগ বুজি মাছ থোৱা বাচনটোত মুখখন দিলেগৈ । পিছে গিৰিহঁতনিও জানো কমতি টেঙৰ । ছেগ বিচাৰিহে আছিল । বিজুলী বেগত ওফৰি অহা ফৰ্মুঠি এটা চোৰৰ গাৰ কাষৰে পাৰ হৈ গল । চোৰে ফৰিং চিটিকা দিলে ।
-অআই অত দিনে চোৰ ই হে আছিল নে...
গিৰিহঁতনিৰ চিঞৰ বাখৰ শুনি ঘৰৰ মানুহবোৰ ঘটনাস্থললৈ দৌৰি আহিল । ঘৰৰ ওচৰে-পাজৰে থকা জন্তুবোৰেও কাণ থিয় কৰি ঘটনাৰ বুজ লবলৈ চেষ্টা কৰিলে
আজি কোনোমতে বাচিলোঁ বুলি ভঁৰালৰ গাধৈত বহি হাতোৰা চেলেকিবলৈ আৰম্ভ কৰা চোৰৰ গালত ঠাচকৈ চৰ এপাট পৰিল ।
-মই ভালকৈয়ে জানিছিলোঁ পোৱালীটো আৰু মোক কিবা প্ৰকাৰে বদনাম কৰি এইখন ঘৰৰ পৰা খেদিবলৈ তয়ে ঘৰৰ বস্তুবোৰ চুৰ কৰিছিলি । চুৰ কৰা অভ্যাস আমাৰ তেজত নাই,তোৰ পৰাই আমি বদনামী হৈছিলোঁ ।
আকৌ ঠাচ...
নিজৰ গালদুখন হাতোৰাৰে লুকুৱাই ফচঙে ইফালে-সিফালে চালে ,এইবাৰ কোনে দেখিলে ! ইচ ! গোটেই ৰাইজেই দেখিলে !! সি ইমান সাৱধানে পতা জালখনত দেখোন সি নিজেইহে সোমালগৈ নিজে বস্তু চুৰ কৰি ভেচেলিহঁতক বদনামী কৰিব খোজা তাৰ পৰিকল্পনাটো তাৰ লোভৰ বাবেই নষ্ট হৈ গল । এদিনৰ বাবে সি নিজৰ লোভ সম্বৰণ কৰিব নোৱাৰিলহেঁতেন নে ! কি দৰকাৰ পৰিছিল মাছৰ বাচনত মুখ দিবলৈ । এতিয়া মাছো গল,নাকো গল ।  
ইতিমধ্যে চৰ দুটা মাৰি বীৰাংগনাৰ দৰে ভেচেলি ঘৰত সোমালেগৈ । গিৰিহঁতনিয়েও ভেচেলিক দেখি মাতিলে-আহ আহ ভেচেলি ,মাছেৰে ভাত দিছোঁ খাবি আহ ।
তাৰ পাছত গিৰিহঁতলৈ চাই কলে-হেৰি সেই ফচংটোক মৰিয়াই মৰিয়াই আমাৰ এই অঞ্চলৰ বাহিৰ কৰি থৈ আহিবচোন । এনেকুৱা চোৰ মেকুৰী ঘৰত থাকিলে আনৰ পৰাও কথা শুনিব লাগিব ।
গিৰিহঁতনিৰ কথা শুনি মাছৰ কাঁইট এটুকুৰা মুখত লৈ ভেচেলিয়ে পুতেকলৈ চাই হাঁহি দিলে । মাকৰ হাঁহি দেখি পুতেকেও ৰঙতে জাপ এটা মাৰি দিলে ।
আনফালে ভঁৰালৰ গাধৈত বহি থকা ফচঙে চকু দুটা মুদি দীঘলকৈ উশাহ এটা টানিলে । সেই উশাহতে মাছৰ গোন্ধ এটাও তাৰ দেহলৈ সোমাই গল । গোন্ধটোৰ আমেজকণ লৈ সি ভাবিলে-কিমানদিনৰ বাবে বাৰু তাৰ ভাতমুঠিৰ মুদা মৰিল ?  এদিন ? দুদিন? নে একেবাৰে ?
মাছৰে ভাত খাবলৈ নোপোৱা শোক আৰু ঘৰৰ পৰা খেদা খোৱা দুখে এইবাৰ তাক একেলগে জুমুৰি ধৰাত সি চিঞৰি উঠিল
মিয়াওওওওওওওওওওও
মিয়াওওওওওওওওওওওও

No comments:

Post a Comment