Thursday, 25 December 2014

মৰিশালি





বলিয়া হাতী বলোৱা আৰু বাঁহনিতলৰ খাল সিঁচা  দুয়োটাই চাগৈ সমানেই টান কাম । বলিয়া হাতী এটাই কেতিয়া কি ৰূপ  ব ধৰিব নোৱাৰা দৰে বাঁহনিতলৰ খালবোৰ সিঁচি থাকিলে কোনফালেদি পুং ওলাই পানীখিনি একেই পৰিমাণ হৈ থাকে ধৰিবই নোৱাৰি ! তথাপি হাৰ নমনা প্ৰাণী জানো কম আছে ! আৰু সেইবোৰ প্ৰাণীবোৰ যদি পুতুহঁতৰ দৰে বাঘৰ আগতেল খোৱাবিধ হয় তেতিয়াটো স্বয়ং ভগৱানও সেও হৈ পৰে ।
কালি আবেলিতে সিদ্ধান্ত হৈ গৈছিল ,কিমান আৰু পুতুহঁতৰ বাৰীৰ খালটোত বৰশীবাই মাছ ধৰিব । ইমান মাছ থকা খালটো সিঁচি পেলালেইচোন খেলা শেষ ! তাৰ ফলস্বৰূপেই আজি লাহনী ,জাকৈ লৈ পুতুহঁত খালটো সিঁচাত লাগিল । খালটোত বৰশী পেলাবই নোৱাৰি লোদোৰ-পোদোৰ চেঙেলী মাছবোৰে ঘেৰি ধৰেহি । গতিকে সিহঁত খাটাং, মাছ খালৈ দাঙিব নোৱাৰাকৈ ওলাব ।
এঘণ্টামান পাল পাতি সিঁচাৰ পাছতো যেতিয়া পানীয়ে শুকুৱাৰ নাম নললে গোটেইকেইটাৰ মন ভাগি গল । দুখে ভাগৰে গোটেইকেইটাই খালটোৰ পাৰতে বহি ইফালে সিফালে চালে-ইমান পুং কৰ পৰা ওলাইছে !
-গছত নলগাকেইটা ,বাঁহনি তলৰ খাল সিঁচি শুকুৱাবলৈ আহিছ ! ভালে ভালে ঘৰলৈ গলিনে ।
সেইগৰাকী নিতাইবুঢ়ী । ৰাতিসাঁজলৈ বুলি ঢেঁকীয়া এমুঠি বিচাৰি আহিছিল । বুঢ়ীক দেখি পুতুহঁতৰ নাক-মুখ কোঁচ খাই গল । লগা-লগ কেউটাই জাকৈ,লাহনীবোৰ চপাই ঘৰলৈ বুলি পোনালে । নহলে বুঢ়ীৰ যিখনহে মুখ সেইখন মুখৰে কিবা গালি ওলাব লাগিলে ৰাতি ঘৰত বাপেকৰ পৰা ভালকৈয়ে এপিটন খাব । গতিকে গলগ্ৰহবোৰৰ কাষৰ পৰা আঁতৰি থকাই ভাল !
নিতাই বুঢ়ীক পুতুহঁতৰ দলটোৱে চকুপাৰি দেখিব নোৱাৰে । বুঢ়ীয়ে কেৱল সিহঁতৰ দোষকেই দেখি থাকে । আৰু মাক-বাপেকবোৰ জানো কম, বুঢ়ীকহে সমৰ্থন কৰে । পুতুহঁতেটো প্ৰায়েই আলোচনা কৰে এই বুঢ়ীজনী মৰাৰ দিনা সিহঁতে হাঁহ মাৰি বনভোজ খাব ।
আউবেলিৰ মাঘবিহুৰ উৰুকাৰ দিনা কথাই ধৰাহওক । ৰাতি মেজি ৰখিবলৈ যোৱা পুতুহঁতক ডাঙৰ লৰা কেইটামানে কলে-এই ঠাণ্ডাত মাছ পুৰি খাবলৈ বৰ ভাল লাগিব । কালি তৰালিপেহীহঁতৰ বৰপুখুৰীটো সিঁচিছিল নহয়, মাছ ঢেৰ থাকিব পাই । পুতু,তহঁতি যাচোন । পেহীক খুজি মাছ অলপ আনগৈ ।
ৰাতি ১১ টা মান বাজিছিল । পুতুহঁতে গৈ তৰালিৰ ঘৰৰ চোতালৰ পৰাই চিঞৰিলে । তৰাপেহী ঐ ,তৰাপেহী ...
 নিতাইবুঢ়ীয়ে জীয়েকৰ সৈতে জুহালত পিঠা পুৰি আছিল । দৰজাখন এফাল খুলি পুতুহঁতলৈ ঘোপাকৈ চালে । তৰালি নিতাইবুঢ়ী নুমলীয়া জী
-তৰাই পিঠা পুৰি আছে । এই মাজৰাতিখন কিয় টেঁটুফালি আছ ?
নিতাইবুঢ়ীক দেখি পুতুহঁতৰ মনটো চেঁচা পৰি আহিছিল । তথাপি সাহস গোটাই কলে
-আমাক মাছ কেইজনীমান লাগিছিল আইতা !
-মাছ ! এই মাজৰাতিখন তহঁতক মাছ লাগে !! বাঁকে থিই থিই পুতি পেলাব জাননে নাই । ঘৰলৈ গৈ শুই থাকগৈ যা ।
শুদাহাতে উভতি অহা পুতুহঁতক দেখি ডাঙৰ লৰাবোৰে খুব হাঁহিলে । সিহঁতি মৰি যোৱা সমান লাজ পালে । জুইৰ কাষত বহি গোটেইকেইটাই নিতাইবুঢ়ীক শাও দিলে
নিতাইবুঢ়ীৰ যেন কোনোদিনে লৰা-ছোৱালী নহয় ভগৱান !!
পিছদিনা বুঢ়ীয়ে গোটেইকেইটাকে মাতি আনি মহৰ দৈৰে বৰাচিৰাৰ জলপান খাবলৈ দি কলে-বোপাইহঁত ,লৰাহঁতৰ মুখত শুনিলোঁ কালিবোলে তহঁতে মোক বৰ ডাঙৰ আশীৰ্বাদ এটা দিলি ! তহঁতৰ মূৰৰ চুলিৰ সমান আয়ুস হওক ।
পুতুহঁতে মাথো ইটোৱে সিটোৰ মুখলৈ চালে । বুজি কিন্তু একো নাপালে । কিছুমান কথা বুজিব পৰাকৈ সিহঁতৰ বয়স হোৱাগৈয়ে নাইযে । সেইবাবে মনে মনে জলপানৰ সোৱাদ লৈ থাকিল ।
দিনবোৰ পৃথিৱীখন সূৰ্য্যৰ চাৰিওফালে ঘুৰা দিয়েই ঘুৰি থাকিল । আকৌ এবাৰ দাৱনিৰ কাচিৰ ব্যস্ততাত আঘোণৰ সোণালী পথাৰখন নৰাৰে ভৰি পৰিল । লগে লগে পুতুহঁতৰো ব্যস্ততা বাঢ়িল ।
চেঁচু বিচাৰি বিচাৰি পথাৰৰ কেইবাটাও আলি খান্দি খাস্তাং কৰাৰ পাছত পুতু,অপুহঁতে নিতাইবুঢ়ীহঁতৰ ঘৰপাছফালে থকা কঠীয়ানিখনতে বহি কোনে কিমান চেঁচু পালে তাকে হিচাপ কৰিবলৈ ধৰিলেহঠাতে অপুৰ চকু পৰিল বুঢ়ীৰ বাৰীৰ চকুত থকা ৰবাব টেঙাজোপালৈ । সি বাকীকেইটাক ইংগিতেৰে টেঙাজোপা দেখোৱালে কেউটাৰে জিভাপানী ওলাই আহিল । ক্ষন্তেক সময়ৰ পাছতে দুটা ৰবাবটেঙালৈ গোটেইকেইটা আহি পুতুহঁতৰ ঘৰৰ পাচচোতাল পালেহি । কোনোবাই নিমখ আনিলেগৈ,আনকোনোবাই কলপাত এখিলা কাটি আনিলে । নলীয়া কটাৰীখন লৈ পুতুৱে ৰবাবটেঙাটোৰ বাকলি গুচাবলৈ লৈছিলহে , মেঘে গজাদি গাজি নিতাইবুঢ়ী ওলালহি
-দেখিলা বোৱাৰী ,মই ঠিকেই সন্দেহ কৰিছিলোঁ । শনিপাতকেইটাক আমাৰ বাৰীৰ পাছফালে দেখিয়েই বুজিছিলোঁ কৰবাত কিবা এটা হেৰাবই এতিয়া । কটা, খাবলৈ নোপোৱাৰ দৰে মৰিশালিৰ ৰবাবটেঙা খাবলৈ আহিছ । দিছ নে ভালে ভালে ।
শেনে কুকুৰা পোৱালী থপিয়াৰ দৰে টেঙাকেইটাই থপিয়াই নি বুঢ়ী হনহনাই আঁতৰি গল । পুতুৰ হাতৰ কটাৰী দঙা ভাগেই থাকিল । সি মাথো দেখিলে মাকে বাৰাণ্ডাৰ চালত গোঁজ মাৰি থোৱা এছাৰিডাল টানিছে ।
সেইদিনা গধূলি কেইবাটিও অসুৰৰ কান্দোন চুবুৰিটোত বিয়পি পৰিল । সেই কান্দোন গৈ নিতাইবুঢ়ীৰ জুহালো চুলেগৈ । নিতাইবুঢ়ীয়ে তেতিয়া জুহালৰ কাষত থৰ হৈ বহি আছিল ।
দুদিনৰ পাছত অসুৰকেইটা আকৌ লগ হল । এইবাৰ গোটেইকেইটাই লগে-ভাগে শপত খালে-সিহঁতে কোনোদিনে নিতাইবুঢ়ীৰ বাৰীত ভৰি নথয় । বুঢ়ীৰ বাৰীৰ এটা ফলো মুখত নিদিয়ে । বুঢ়ীকো দৰকাৰ নহলে মাত নিদিয়ে । সিহঁতি কিবা জানি বুজি মৰিশালিৰ ৰবাব টেঙা খাবলৈ আনিছিল নে ! আৰু আনিলেই যেনিবা তাতেনো ইমান কি পৃথিৱীখন ক্ষতি হল যে তেনেকৈ প্ৰতিক্ৰিয়া দেখুৱাই সিহঁতক বাপেকবোৰৰ হতুৱাই গৰু পিটন খোৱালে । নাই,নাই সিহঁতে আৰু বুঢ়ীৰ ঘৰৰফালে মুখ নকৰে ।   
মাহচেৰেক তেনেকৈয়ে পাৰ হল । গাঁৱৰ আনকোনেও কথাটো মন নকৰিলেও নিতাইবুঢ়ীয়ে ঠিকেই মন কৰিলে অসুৰকেইটাই আজিকালি তেওঁক দেখিলেও নেদেখাৰ ভাও জুৰে । আনকালৰ দৰে মেজিৰ খৰিৰ বাবে গছ বিচাৰিও নাহিল । এনেও সিদিনাৰ ঘটনাটোৰ পৰা বুঢ়ীৰ মনটো ভাল লাগি থকা নাছিল, গতিকে এই কথাই কথা নহয় বুলি বুঢ়ীয়ে সুযোগ বিচাৰি থাকিল । সুযোগ আহিলো সোনকালে । ভেলাঘৰ আৰু মেজিৰ বাবে ঠাই চাফা কৰি থাকোঁতে কেউটি অসুৰকে একেলগে দেখি বুঢ়ী আগবাঢ়ি গল । বুঢ়ীক দেখি সিহঁতি সেমেনা-সেমেনি কৰাত বুঢ়ীয়েই নিজেই সিহঁতৰ কাষত বহিলগৈ ।
-তহঁতে হবলা সিদিনাৰ পৰা মোক বৰ বেয়া পাই আছ ন ?
তামোলেৰে সেলেঙি লগা মুখেৰে নিতাইবুঢ়ীয়ে মিচিকিয়াই সুধিলে । কোনেও পিছে উত্তৰ নিদিলে ।
-হেৰৌ টেঙা খাবলৈ মন গৈছিল যদি বাৰীত লাগি থকা কাজিনেমু কেইটা দেখা নাছিলি জানো,তাৰে সোপাকে চিঙি অনাহলেও মই একো নকলোহেঁতেন ।কিন্তু তহঁতে আনিলি গৈ  মৰিশালিত ৰোৱা ৰবাব টেঙাজোপাৰ পৰা ! তাকো সেইটো মৰিশালিৰ টেঙাজোপাৰ পৰা ...
মুখ ভৰি অহা পিক সোপা ফেৰেককৈ  কাষতে পেলাই নিতাইবুঢ়ীয়ে আকৌ কবলৈ লাগিল ।
-বুজিছ, বহুদিনৰ আগতে তহঁতৰ সমান লৰা এটা মোৰো আছিল । ছজনীৰ ছোৱালীৰ পাছত হোৱা লৰাৰ বাবেই মৰম অলপ বেছি পাইছিল চাগৈ । তেনেই তহঁতৰ নিচিনাই অসুৰ আছিল । অলপো শান্তিত নাথাকিছিল । সি ৰবাব টেঙা বৰ ভালপাইছিল । তহঁতৰ নিচিনা খাবলৈ বুলি নহয়, খেলিবলৈ বুলিহে ভাল পাইছিল । এদিন কিহল ,মই ঢেঁকীশালত বায়েকহঁতৰ সৈতে জলপান খুন্দাত ব্যস্ত আছিলোঁ ,সি পাচচোতালতে ৰবাব টেঙা এটা লৈ খেলি আছিল । এপাকত গৈ টেঙাটো নাদত পৰিলগৈ । পাছে পাছে টেঙাটো তুলিবলৈ বুলি গৈ সিও পৰিলগৈ । আমি যেতিয়া গম পাওঁ তেতিয়া টেঙাটোৰ সৈতে সিও পানীত ওপঙি আছিল ! বাৰীৰ চুকৰ সেই মৰিশালিটো তাৰেই । ময়েই সেই ৰবাব টেঙাজোপা তাত ৰুই দিছিলোঁ । টেঙা এটাৰ বাবেই আমাক এৰি যোৱা লৰাটো টেঙাৰ তলতেই শুই থাকক বুলি । সেইবাবেই সেইজোপাৰ টেঙা কোনোবাই চিঙিলে মোৰ মূৰটো উতলি আহে । তহঁতি বেয়া নাপাবি । বিহুৰ জলপান খাবলৈ আহিবি । মহৰ দৈ আনি থৈছোঁ ।
অকণো খোকোজা নলগাকৈ কথাখিনি কৈ নিতাইবুঢ়ী গুচি গল ।  বুঢ়ীয়ে আঁচলৰ তলতে লুকুৱাই অনা ৰবাব টেঙা এটা সিহঁতৰ ভৰি কাষত পৰি আছিল । এটাৰো মন নগল টেঙাটো চুই চাবলৈ । সিহঁতে মাথো আঁতৰি যোৱা বুঢ়ীলৈ ভেলেঙা লাগি চাই থাকিল । সেইয়া যেন বুঢ়ী নহয়, এটা মৰিশালিহে আঁতৰি গৈ আছে !!

যেতিয়া এৰাবাটে কান্দে





ন-পানীত জাক পাতি ঘুৰি ফুৰা ডঁৰিকনা মাছৰ সমদল এটাত দলি চপৰা এটা পেলাই দিলে সমদলটো আৰু পানীখিনিত যেনেকুৱাকৈ খলকনি এটাৰ সৃষ্টি হয়, ঠিক তেনেকুৱাকৈয়ে নিজৰ মাজতে মচগুল হৈ থকা গাঁওখনত খলকনি এটাৰ সৃষ্টি হল । গাঁৱত তেল খাদ বহিব ! গাঁওৰ পাছফালে থকা পথাৰখনতে তেল খাদ বহিব । তাত বোলে তেলৰ পুং আছে ! সঁচাকৈয়ে ছমাহমানৰ পাছত কেতিয়াবাহে গাড়ীৰ ভাৰ বোৱা গাঁৱৰ প্ৰধান বাটটো তেল কোম্পানীৰ গাড়ীৰে গিজগিজাই উঠিল প্ৰধান বাট মানে বাৰিষাৰ দিনত ঠায়ে ঠায়ে একাঁঠু বোকা হয় । তেল কোম্পানীৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে আলিটোৱে শিলগুটিৰ মুখ দেখিলে । প্ৰথমবাৰৰ বাবে আলিটোৱে বাৰিষালৈ বুকু ফিন্দাই বাট চাই ৰল । আলিৰ মেৰামতিৰ নামত প্ৰতিবছৰেই দ হৈ গৈ থকা কাষৰ খালবোৰ পুতি পেলোৱাৰ ফলত আলিটো বহলো হল । একেলগে দুখন ঠেলা পাৰ হব নোৱাৰা বাটটোত এতিয়া দুখন ট্ৰাক পাৰ হব পৰা হ তেল খাদৰ বাবে মাটি প্ৰয়োজন হোৱাৰ বাবে বাটটোৰ লগতে মানুহ দুঘৰমানৰো উন্নতি হল । সৰু সৰু দোকান দুখনমানো গঢ় লৈ উঠিল । মুঠতে গোটেই গাঁওখন চঞ্চল হৈ উঠিল ।
লগতে চঞ্চল হৈ উঠিল আন এগৰাকীও ! সময়ৰ লগে লগে জঠৰ হৈ পৰা বেঙীপেহী !
বেঙী পেহীৰ পোছাকী নাম এটাও আছিল; কিন্তু মানুহজনীৰ কাম-কাজ আৰু কথা-বতৰাই যিটো চিনাকী দিয়ে সেই চিনাকীটোৱেই এসময়ত পোছাকী নামটো গিলি পেলালে । তাই ভালপাই নে বেয়া পাই সেইটো কোনেও গুৰুত্ব নিদিলে !
মাকজনী জীয়াই থকালৈকে বেঙীপেহীৰ অলপমান গুৰুত্ব আছিল । মাকে আক-তাক খাটনিও ধৰিছিল ,তাইৰ বাবে দৰা এটা চাবলৈ । কোনোবাই কোনোবাই দেখুৱাইছিলোঁ হেনো ; কিন্তু ছোৱালী চাবলৈ অহা মানুহৰ আগত যদি এলান্ধুকলীয়া কঁথা এখন মুৰে-কাণে লৈ ছোৱালীয়ে দেখা দিয়ে কোনেনো পচন্দ কৰিব । বেঙীপেহীৰ লগৰীয়াবোৰৰ লৰা-ছোৱালীয়েই যেতিয়া হাইস্কুল পালেগৈ মাকেও তাইৰ বাবে দৰা বিচাৰিবলৈ এৰি দিলে । মাক ঢুকাল । লগে লগে বেঙীপেহীৰ খবৰ লোৱা একমাত্ৰ প্ৰাণীটো শেষ হৈ গল ।
এনে নহয় যে ঘৰৰ বাকীবোৰ মানুহ বা গাঁৱৰ মানুহে বেঙীপেহীৰ খবৰ-খাতি নলয় । লয়,যেতিয়াই কাৰোবাৰ ঘৰত বিয়া-সকাম পাতে ,তেতিয়াই বেঙীপেহীৰ আদৰ বাঢ়ে । তাই মানুহজনী বেঙী হলে কি হব কাম-বনত বিৰাট পাকৈত । পিছে বেঙীপেহীও জানো কম, তাইৰ মন গলে এখন বিয়াৰ কাম অকলেই কৰিব মন নগলে কুটা এগজো ইফাল –সিফাল কৰি নিদিয়ে । মুখ ফুলাই ঘৰতে বহি থাকিব । বেঙীপেহীক জোকাই লোৱাৰ সাহসো কাৰো নাই, কাৰণ মুখখন তেনেই জুই দিলেও নোপোৰা মুখ । সেইখন মুখৰে কাৰোবাৰ বাবে গালি-শপনি ওলালে হৈছে  আৰু, ত্ৰিভুৱন দেখি যায় !
তেল খাদ বহিল । অচিনাকী মানুহৰে গাঁওখন ভৰি পৰিল । তাঁত-শালত মাকোৰ চলাই বেঙীপেহীয়ে বাটেদি অহা –যোৱা কৰা মানুহবোৰো চাই থাকে । চিনাকী কাৰোবাক দেখিলে কথা পাতে । কেতিয়াবা গাড়ীৰ চিঞৰ-বাখৰ শুনি অতিষ্ঠ হলে গোৱাল গালিও পাৰে । তেনেতে এদিন বেঙীপেহীহঁতৰ পদুলিৰ নঙলা খুলি ডেকা এজন সোমাই আহিল ।
-পানী এগিলাচ খুৱাব নেকি ?
ফুলৰ কাঠীৰ সৈতে ব্যস্ত হৈ থকা বেঙীপেহীয়ে মূৰ তুলি চালে । ডেকাজনে মিচিকিয়াই হাঁহি এটা মাৰিলে । পেহীয়ে হাঁহো-নাহাঁহোকৈ হাঁহি এটা মাৰি পানী এগিলাচ আনি দিলে । পুনৰ হাঁহি এটা মাৰি ডেকাজন গুছি গল । পিছদিনা আকৌ ডেকাজন আহিল । তেওঁ কিবা এটা কোৱাৰ আগতেই পেহীয়ে পানীৰ ঘটী এটা আনি দিলে । তাৰ পিছদিনাও ! এটা সময়ত পেহীয়ে পানীৰ ঘটী এটা তাঁতশালৰ কাষতে থৈ দিবলৈ ধৰিলে ।
-কি অভনী আজিকালি বৰকৈ পিয়াহ লাগে নেকি ?
তাঁতশালৰ কাষত থৈ দিয়া ঘটীটো দেখি সৰুবৌয়েকে এদিন সুধিলে ।
-নাই বৌ,পিয়াহ মোৰ নালাগে নহয় , বেলেগৰহে লাগে ।
-বেলেগৰ মানে !
বেঙীপেহীয়ে পানী বিচৰা ডেকাজনৰ কথা বৌয়েকৰ আগত কলে । বৌয়েকে মন দি কথাবোৰ শুনিলে ।
-মই কিন্তু কথাবোৰত বেলেগ গোন্ধ পাইছোঁ ভনী !সি কিজানি তোক পচন্দ কৰিছে ! নহলেনো সদায় সদায় পানী বিচাৰি আহেনে !
ঘটং !!
মামৰে ধৰি অস্তিত্বহীন কৰি পেলোৱা বুকুৰ দুৱাৰ এখন যেন খোল খাই গল । বৌয়েকৰ ধেমেলীয়া কথাষাৰ বেঙীপেহীৰ বুকুখন ধুমুহা এজাকৰ দৰে এফালৰ ধাহি-মুহি খান্দি গল । সেইদিনা শোৱাপাটিত তাইৰ মেলা চকু মেল খায়েই থাকিল । গোটেই ৰাতিটো কাণত সেই এষাৰ কথাই বাজি থাকিল ,সি তোক পচন্দ কৰিছে !
পিছদিনা দুপৰীয়া বেঙী পেহীয়ে জুহালৰ আঙঠাৰ ওপৰত চাহৰ কেটলীটো বহাই থলে । সময়ত ডেকাজন পানী বিচাৰি আহিল । তেওঁ কিবা কবলৈ পোৱাৰ আগতেই কওঁ নকওঁকৈ বেঙীপেহীয়ে সুধিলে
-চাহ খাবা নেকি ?
-চাহ একাপ পালে কিয়নো বেয়া পাম ।
ডেকাজনে মিচিকিয়াই উত্তৰ দিলে । হাঁহিটোৱে বেঙীপেহীৰ মনটো আৰু চঞ্চল কৰি তুলিলে । খপজপকৈ তাই তাঁত-শালৰ পৰা উঠি আহিল । আঁতৰৰ পৰা সিহঁতক লক্ষ্য কৰি থকা সৰুবৌয়েকে ভিতৰলৈ সোমাই গৈ বেঙীপেহীক ডবিয়াই উঠিল
-ভনী,এনেকৈ জাধলী হৈ লৰা এটাক চাহ দিবি নে ? অলপটো নিজকে সজাই পৰাই ৰাখিব পাৰ ।
বৌয়েকৰ ডাবিত বেঙীপেহীয়ে নিজলৈ চালে, তাৰপাছত কেটলিৰ তলত জুই কুৰা জ্বলাই দি লৰালৰিকৈ ৰুমত সোমালগৈ । বহুদিনৰ মূৰত নিজকে আইনাত চালে । হয়তোন,তাই ইমান জাধলী হৈ আছে । চুলিখিনি দেখিলে এনে লাগে যেন কোনোবা চৰায়ে অকণমান সুবিধা পোৱা হলেই বাহ সাজিলেহেঁতেন । আৰু মুখখন তেনেই খহুৱা ভেকুলীৰ দৰে হৈ আছে । ইছ ইছ ! ভাগ্যই বৌয়েকে সোঁৱৰাই দিলে । তাই এনেই বৌয়েকহঁতে তাইৰ কথা নাভাবে বুলি ভাবে । তাইক বেয়া পাই বুলি ভাবে । তাই যে কিমান মূৰ্খ ।
দুইমিনিটমানৰ পাছত বেঙীপেহী ৰুমৰ পৰা ওলাল । তাইৰ ৰূপ দেখি বৌয়েকে কোনোমতেহে মুখৰ হাঁহিটো লুকুৱালে ।
-ঠিকে আছেনে বৌ ?
বেঙীপেহীয়ে মুৰটো ইফালে সিফালে ঘুৰাই সুধিলে । বৌয়েকে মাথো মূৰ জোকাৰিলে । সন্তুষ্ট মনেৰে চাহ একাপ বাকি লৈ বেঙীপেহী বাহিৰলৈ আহিল । চাহকাপ ডেকাজনৰ হাতত দি লাজকুৰীয়া হাঁহি এটা মাৰিলে । ডেকাজনে তাইলৈ চালে । তেল ঘঁহি টেপটেপীয়া কৰি পেলোৱা চুলি আৰু ঘামে ধোৱা গালৰ ওপৰতে এসোপা পাউদাৰ ঘঁহি ভাওনাৰ ভাওৰীয়াৰ দৰে হৈ পৰা বেঙীপেহীৰ মুখখনে যেন তাক বহুত কিবা-কিবি বুজাই দিলে । চাহকাপ খাই সি তলমুৰকৈয়ে গুছি গল । এনে লাগিছিল সি যেন আকৌ নাহিব । ঘৰৰ ভিতৰত পৰা সিহঁতৰ আলেখ-লেখ চাই থকা বৌয়েকৰ মতে এশ শতাংশই সি নাহে । কিন্তু সি আহিল । পিছদিনা সি আকৌ আহিল । চাহো খালে । বেঙীপেহীৰ তেলৰ বটল আৰু পাউদাৰ টেমাবোৰ সোনকালে শেষ হবলৈ ধৰিলে ।
হঠাতে এদিন খবৰ ওলাল খাদত তেল পোৱা নাই ,সেইবাবেই খাদটো উঠি যাব । বিজুলীৰ দৰে খবৰটো বিয়পি পৰিল । বেঙীপেহীৰ মনটো উচপিচ লাগিল । বৌয়েকক কেইবাদিনো ডেকাজনক বিয়াৰ কথা সুধিবলৈ কৈছিল যদিও বৌয়েকে আজি-সুধিম কালি সুধিমবুলিকৈ কথাষাৰ পিছুৱাই নি আছে । নিজে সুধিবলৈ লাজ লাগে নহয়, তথাপি এইবাৰ নিজেই সুধিম বুলি দৃঢ় হৈ ৰল । পিছে ডেকাজন দেখোন নহাই হল ! এসপ্তাহমানৰ আগতে সি কৈছিল মাকৰ অসুখ ,সেইবাবেই ঘৰলৈ যাব বোলে । তাৰ ঘৰো আকৌ কেইবাখনো জিলা পাৰ হৈহে পায় । ঘৰলৈ যোৱাৰ আগত সি বেঙীপেহীৰ ঘৰলৈ আহিছিল । বেঙীপেহীয়ে ঘৰলৈ নিবলৈ বুলি দিয়া বান্ধি দিয়া পকামিঠৈৰ টোপোলাটো চাই কৈছিল
-এইবাৰ বিয়াখন পাতিয়েই পেলাম বুলি ভাবিছোঁ । কিমান আৰু এই ডঙুৱাৰ জীৱন কটাম ।
বেঙীপেহীৰ শুকান গাল দুখন ৰঙা পৰি উঠিছিল । সেইয়া শেষ দেখা । তাৰপাছৰ পৰা সি কামলৈ নহাই হল । তাই যাকে পাৰে তাকে ডেকাজনৰ কথা সুধিবলৈ ধৰিলে । কোনোবাই কয় তাক বেলেগ এটা খাদত দেখাৰ কথা,আনকোনোবাই আক কয় সি কাম এৰিলে ! বেঙীপেহীয়ে মন ভাঙি নেপেলায় । সি কৈছিল এইবাৰ বিয়া পাতিব । তাইৰ কথাই ভাবিছে ,নহলেনো তাইৰ আগত বিয়া পতাৰ কথা কয় নে !
-সি হয়তো ঘৰতে আছে বৌ,তাৰ মাকজনী বোলো বৰ বেমাৰী ।
-মই চাহকাপ দিলে সি যেনেকৈহে চাই,মোৰ বিৰাট লাজ লাগি যায় জানে !
-এইবাৰ আহিলেই বিয়াৰ কথা পাতিম ।
কোনোবাই শুনিব বিচাৰক বা নিবিচাৰক বেঙীপেহীয়ে বৌয়েক ,ভনীয়েক জাতীয় কাৰাবোক লগ পালেই তাৰ কথা কবলৈ আৰম্ভ কৰি দিলে এটা সময়ত গাঁৱৰ সকলোৰে বাবে সেয়া ৰসাল আড্ডাৰ বিষয় হৈ পৰিল ।
কিন্তু কিমান দিন !
লাহে লাহে খাদটোৰ পৰা বেলেগলৈ বয়বস্তু কঢ়িয়াবলৈ ধৰিলে । ব্যস্ততাবোৰো কমি আহিল । আৰু এদিন একেবাৰেই সকলোবোৰ বন্ধ হৈ গল । গাঁওখন আকৌ ঠাণ্ডা হৈ পৰিল । যান-বাহনৰে ব্যস্ত হৈ পৰা বাটটো আগৰ দৰেই নিস্তেজ হৈ পৰি থাকিল । নতুনত্ব হিচাপে বুকুত কেৱল শিলগুটিকেইটা লৈ ।
আলিটোৰ দৰে বেঙীপেহীও পৰি ৰল । আগতকৈ বেছি নিমাত ,নিৰ্জান হৈ শেষ হোৱাৰ বাবে পেলাই দিয়া বেঙীপেহীৰ পাউদাৰ আৰু তেলৰ টেমাকেইটাই মাথো বাৰী চুকৰ পৰা বিনাই থাকিল ।