Wednesday, 17 September 2014

পুতু





কিছুমান কথা শব্দৰে ব্যাখ্যা কৰিবলৈ টান ,যেনে বৰশী বাবলৈ যাওঁতে বৰশীৰ টোপটোত থুৱাই কেনেকৈ মন্ত্ৰ মাতিলে মাছে লগে লগে খুঁটে সেই ভংগীটো নাইবা পাকঘৰৰ পৰা কিবা এটা খোৱা বস্তু চুৰ কৰি খাবলৈ লওঁতেই কোনোবা আহি পোৱা মুহূৰ্তটো ! তেনেকৈয়ে পুতুৰ কাণ্ডবোৰো লিখিবলৈ টান । কাৰণ সেই কাণ্ডবোৰ কত আৰম্ভ হৈ ক,কেতিয়া শেষ হয় ধৰিবই নোৱাৰি । মাথোঁ যেতিয়া কাৰোবাৰ পৰা অভিযোগ আহে তেতিয়াহে গম পোৱা যায় পুতুৱে আকৌ কিবা এটা কৰিলে ! সিদিনাৰ কথাকে ধৰাহওক, ৰাজেন কেৰাণীয়ে অফিচলৈ যাবৰ সময়ত কামিজটো পিন্ধোঁতেহে গম পালে কামিজৰ জেপত আগদিনা ৰাখি থোৱা টকা শ নাই । লগা-লগ বিচাৰ-খোঁচাৰ চলিল । অলপ সময়ৰ পাছতে হাইস্কুললৈ নতুনকৈ যোৱা সৰু পুতেক অৰুণে সৈ কাঢ়িলে টকা শ সি নিলে । বাপেকে ঢকা দুটা দিয়াত কান্দি কান্দি যিখিনি কথা কলে সেইখিনিৰ অৰ্থ হআগদিনা আবেলি খেলিবলৈ যাওঁতে সি পুতুক কিবা গছ পুলি দুটা ৰুই থকা দেখিছিল । তাক সেইটো কি পুলি বুলি সোধাত বৰ ভাল গছৰ পুলি কলে । পইচা পালে পুতুৱে তেনেকুৱা পুলি বিকিব বুলিও কলে । কথাষাৰ শুনি অৰুণে বাপেকৰ জেপৰ পৰা টকা শ নি তাক দিলেগৈ । আৰু সি গছপুলি কেইটামান দিলে । বিশ্বাস হোৱা নাই যদি বাপেকে পাছফালৰ শাকনি বাৰীত চাবগৈ পাৰে । তাত সি পুলিকেইটা ৰুই থৈছে ।
অৰুণৰ কথা শুনি সকলো গৈ শাকনি বাৰী পালেগৈ । শাকনি বাৰীত ৰুই থোৱা ঠাইতে শুই পৰা মদাৰ পুলিৰ শাৰী এটাই সকলোকে যেন ভেঙুচালি কৰি দেখুৱালে ।
-হেৰৌ পুতু দেখোন তোতকৈ বয়সত সৰু । সি তোক কেনেকৈ ঠগিব পাৰিলে হয় নে ?
ৰাজেন কেৰাণীয়ে পুতেকৰ মূৰ্খামি দেখি তাৰ মূৰতে থাপৰ কেইটামান শোধালে । তাৰ পাছত এই কথাই কথা নহয় বুলি অৰুণৰ হাতত জোৰেৰে খামোচ মাৰি চোঁচৰাই নিয়া দি নি পুতুহঁতৰ ঘৰ পালেগৈ । পুতুৰ বাপেক ঘৰতেই আছিল । তেওঁ ৰাজেন কেৰাণীৰ কথাখিনি মন দি শুনিলে ।তাৰ পাচত বাৰাণ্ডাৰ চালত খোঁচ মাৰি থোৱা হালোৱা এছাৰিডাল জোকাৰি জোকাৰি পুতুক মাতিলে । পুতুৱে ইতিমধ্যে সকলো কথা গম পাইছিল । চুচুক-চামাককৈ সি বাৰাণ্ডা পালেহি ।
-পুতু বৰদেউতাই কোৱা কথাবোৰ সঁচানে ?
-ওও..মই কিবা সি পইচা দিয়াতহে লৈছিলোঁ ।
-টকা শ কি কৰিলি ?
-৩০ টকাৰে ক্ৰিকেট খেলিবলৈ বল এটা কিনিলোঁ আৰু দহ টকা চানা খালোঁ । বাকী কেইটকা এইয়া ।
পুতুৱে হাতৰ মুঠিটো খুলি টকাকেইটা দেখুৱালে । তাকে দেখি বাপেকে সাৰৌপ সাৰৌপকৈ তাৰ পিঠিত হালোৱা এছাৰিডাল বহুৱাই দিলে । গগণফলা চিঞৰ এটা মাৰি সি ঘৰৰ ভিতৰলৈ দৌৰ মাৰিলে ।
সাধাৰণতে পুতুহঁতৰ বয়সৰ লৰা-ছোৱালীবোৰে আনৰ আগত এনেকৈ মাৰ খালে দুদিনমান লাজত মুখ উলিয়াব নোৱাৰা হয়, কিন্তু পুতুৰ কথা বেলেগ । লাজ বোলা শব্দটো তাৰ অভিধানত নাই । তাৰ মাথো বেয়া লগা ভাবটোহে আছে । যেনেকৈ স্কুল যোৱা কামটো ! স্কুললৈ যাবলৈ সি বৰ বেয়া পায় । হয়তো বেয়া নাপালেহেঁতেন যদিহে প্ৰধান শিক্ষকজন একে চুবুৰিৰে নহলহেঁতেন । স্কুলত সি কিবা বেয়া কাম কৰিব, কিবা নোৱাৰিব তেওঁ আহি সৱ বাপেকক লগাই দিবহি । ফলত পুতুৰ পিঠিত হালোৱাৰ এছাৰিৰ কোব পৰে । কালি আকৌ তেনে এটা ঘটনা ঘটিল । পানীখোৱা ছুটিত শিক্ষককেইজন নথকা সময়খিনিত ৰবৰ এটুকুৰাৰ বাবে পুতুহঁতৰ মাজত কাজিয়া হশিক্ষককেইজন আহি কাজিয়া ভাঙে মানে কেইবাটাৰো বহী কিতাপ ফালি চিৰা-চিৰি হল । গোচৰ ঘৰলৈকে গল । গধূলি কেইবাটিও অসুৰৰ কান্দোনৰে চুবুৰিটো উখল-মাখল হৈ উঠিল ।
ৰাতি পুৱাল । চকুৰ ঠাৰে ঠাৰে গোটেই কেইটি অসুৰে যেন কিবা কথা পাতিলে । আবেলিলৈ পুতুৰ নেতৃত্বত অপাৰেচন আৰম্ভ হৈ গল । বহুত দেৰি বিচৰা পাছত পিকুৰ ঘৰৰ পৰা তিনিজনী চুকভেকুলী উদ্ধাৰ হল । ভেকুলীকেইজনী মাৰি গোটেইকেইটা প্ৰধান শিক্ষক অজিত বৰুৱা ঘৰৰ ফালে গল । ইফালে-সিফালে চাই কোনো নথকাৰ সুযোগত বৰুৱাৰ ঘৰৰ নঙলাৰ খুঁটাকেইটাৰ ফাঁকত ভেকুলীকেইজনী ভৰাই থৈ আহিল ।
তিনিদিনৰ পাছত ফলাফল ওলাল । নঙলাৰ খুঁটাৰ ফাঁকৰ পৰা ওলোৱা দুৰ্গন্ধৰ কোবত বৰুৱাৰ ঘৰলৈ আৰু ঘৰৰ কাষৰে অহা মানুহবোৰে নাকত সোপা দিহে আহিব লগা হল । বৰুৱাই ঘৰৰ আশে-পাশে গোটেইবোৰ চাফা কৰাইও গোন্ধটো কৰ পৰা আহিছে ধৰিব নোৱাৰিলে । পুতুহঁতে অদূৰত ৰৈ গোন্ধৰ উৎস বিচাৰি ফুৰা বৰুৱাৰ দুৰৱস্থাটো বাৰুকৈয়ে উপভোগ কৰিলে । সিহঁতৰ অন্তৰখন যেন তেতিয়াহে শাঁত পৰিল ।
প্ৰধান শিক্ষকৰ ওপৰত পোতক তোলাৰ পাছত সকলোবোৰ স্বাভাৱিক হৈ পৰিছিলহে আকৌ লাগিলেই নহয় পয়মাল । স্কুলৰ পৰা আহি কিবা অলপ খাইয়ে পুতুহঁত গৈ গাঁৱৰ নামঘৰৰ কাষত থকা খেলপথাৰখন খেলিবলৈ যায় । আজিও গল । কিন্তু খেলাৰ নামত হলে একো নহল । হবনো কেনেকৈ লগৰ অপুৱে নতুন চাইকেল এখন লৈ খেলপথাৰ পালেহি । মাহীয়েকে কিনি দিছে বোলে । সকলোৱে সেইখনতে ব্যস্ত হৈ পৰিল । অপুৱে বুকু ফিন্দাই চাইকেলখনৰ বৰ্ণনা দিলে । চাইকেল চলাই গলে কিমান সোনকালে স্কুল পাবগৈ পাৰে,কিমান আৰাম লাগে চব । চাইকেলখন দেখি পুতুৰো মনটো কিবা থৌকি-বাথৌ লাগিছিল যদিও অপুৰ ফুটনি দেখি খঙ উঠি গল । সি তৎক্ষণাৎ নিজৰ প্ৰতিক্ৰিয়া জাহিৰ কৰিলে ।
-থ থ এনে একেবাৰে চাইকেল চলোৱাটো । মোৰ লগত প্ৰতিযোগিতা মাৰচোন ,মই আমাৰ গাহৰিটোৰ পিঠিত উঠি দৌৰিলেও তোক এই চাইকেলৰ সৈতে হৰুৱাই দিম !
পুতুৰ কথাত যেন গোটেই পৃথিৱীখনহে ৰৈ গল । লগৰকেইটাই অলপ সময় তাক চাই থাকিল ,তাৰ পাছত সিহঁতি জঁপিয়াই উঠিল ।
-সঁচাই পাৰিবি নে ?
-পাৰিমতো । সেইটোনো কি ডাঙৰ কাম ।
পুতুৱে চেলাউৰি দাঙি গহীনাই উত্তৰ দিলে । অপুৰ চাইকেলখন দেখি এনেও বাকীকেইটাৰো হিংসা লাগি আছিল ,এতিয়া তাৰ ফুটনি দমাবলৈ এনে এক সুবিধা পাই সিহঁতি সেই সুযোগ এৰি দিব নুখুজিলে ।
-অপু,তই পিছে পুতুৰ সৈতে প্ৰতিযোগিতা মাৰিবি নে ?
অপুৱে নিজৰ নতুন চাইকেলখনৰ ওপৰত থকা ভৰসাৰ ওপৰতে ডাঠি কলে
-মাৰিম । সি এনেও হাৰিব আৰু যদি কেনেবাকৈ পুতু জিকে মই মোৰ সৱ মাৰ্বল তাক দিম ।
-আমিও নিজৰ মাৰ্বলবোৰ যিটো জিকে তাকেই দিম !
বাকীকেইটাইও শপত খাই কলে ।
কথাৰ গম-গতি আনফালে যোৱা দেখি পুতুৱে অলপ ভয় খালে । সি এনেইহে কৈ চাইছিল । কিন্তু সিহঁতি দেখোন কথাটো গহীন কৰি পেলালে ! এতিয়া নাকটো বচাব লাগিব নহয় । তাতে মাৰ্বলৰ কথা আছে । গতিকে সিও ঘোষণা কৰি দিলে
-ব । অপু যদি জিকে মই তাক মোৰ মাৰ্বলখিনি দিম ।
সিদ্ধান্ত হৈ গ, অহা দেওবাৰে দুপৰীয়া মাকহঁতে ভাতঘুমটি মৰা সময়তেই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব । যিহেতু পুতুৰ বাহন গাহৰিটো বেলেগ ঠাইলৈ নিয়াত অসুবিধা হব সেইবাবেই পুতুহঁতৰ ঘৰৰ পাচফালে থকা কঠীয়ানিখনতেই প্ৰতিযোগিতাখন পতা হব ।পুতুৰ বাহিৰে সকলোৱেই বৰ উৎকণ্ঠাৰে দেওবাৰলৈ বাট চালে । পুতুৰ অলপ ভয় লাগি আছিল । কেনেবাকৈ যদি গাহৰিটোৱে দৌৰ নামাৰে কি হব ! গাহৰিটোৰ সৈতে তাৰ সম্বন্ধটো ভাল যদিও তাৰ পিঠিত উঠি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো ইমান সহজ নহয় । সুযোগ-সুবিধা চাই সি কেইবাৰমান গাহৰিটোৰ পিঠিত উঠি চালে । গাহৰিটোৱে আমনি নকৰা দেখি তাৰ সাহস অলপ বাঢ়িল ।
নিৰ্দিষ্ট দেওবাৰটো আহিল । কথামতে সকলো আহি কঠীয়ানিত গোট খালেহি । কঠীয়ানিৰ এটা মূৰে প্ৰতিযোগী অপু আৰু পুতু নিজৰ বাহনৰ পিঠিত উঠি সাজু হৈ আছে । আনটো মূৰে দৰ্শককেইজন । অৰুণে পূজাত কিনা হুইচেলটো লৈ ফু মাৰিবলৈ ৰৈ আছে । পুতুৱে এবাৰ অপুলৈ চালে ,তাৰ মুখত দৃঢ়তাৰ চাপ ফুটি উঠিছে । এইবাৰ সি নিজলৈ চালে, গাহৰিটোৱে ঘঙক ঘঙক কৈ ইফালে সিফালে যাব খুজিছে যদিও চিনেমাত দেখুৱা হিৰোবোৰে ঘোঁৰাক নিজৰ কবলত ৰখাৰ দৰে সিও গাহৰিটোৰ ডিঙিত লাগি থকা পঘাডাল জোৰেৰে টানি তাক নিজৰ কবলত ৰাখিবলৈ চেষ্টা কৰিছে ।
অৰুণৰ হুইচেল বাজিল । পুতুৱে নিজকে চম্ভালি হাতত লৈ থকা এছাৰিডালেৰে কোব শোধাই গাহৰি খেদে মানে অপুগৈ কঠীয়ানিৰ মাজ ভাগ পালেগৈয়ে । তাকে দেখি সি চকু মুদি গাহৰিটোৰ টিকাত সাৰৌপ সৌৰৌপকৈ কোব কেইটামান বহুৱাই দিলে । গাহৰিটোৱে ত্ৰিভুৱন দেখি চিঞৰ এটা মাৰি দিলে দৌৰ...
চকু মেলাৰ পাছত পুতুৱে নিজকে হস্পিটালৰ বিচনাত আবিষ্কাৰ কৰিলে । তাক আগুৰি মাক-বাপককে ধৰি বহুত আপোন ৰৈ আছিল । মাকে এসোঁতা কান্দিলেও । পুতুৱে একো বুজিব নোৱাৰি ইফালে সিফালে চাই গাটো ঘুৰাবলৈ চেষ্টা কৰিলে । ভয়ংকৰ বিষ এটাই তাৰ চকুপানী উলিয়াই দিলে । তেতিয়াহে সি অনুমান কৰিলে তাৰ গাত যেনিয়ে-তেনিয়েই দুখ পোৱাৰ চিন ! হাত এখনত দেখোন ডাঙৰ বেণ্ডেজ এটা ! সি অঁকৰাৰ দৰে কাষতে ৰৈ থকা বায়েকৰ মুখলৈ চালে । বায়েকে ভেকাহি মাৰি কলে মুখৰ লগতে গাতো যতে ততে চোঁচৰা খাই চাল ছিগিছে । সোঁহাতহাতখন ভাগিছে ! ভৰি এটা কচকা লাগিছে ।আৰু কঁকালটো ,সেইটো অলপতহে বাচিছে । আৰু যাবি গাহৰিৰ পিঠিত উঠিবলৈ !এতিয়া দুমাহ ঘৰতে বন্দী । পাবি মজা ।
বায়েকৰ ভেকাহিত পুতুৰ মনটো দমি গল । দুমাহ সি কেনেকৈ ঘৰতে সোমাই থাকিব ! শোক এটাই তাৰ ডিঙিত খুন্দা মাৰি ধৰিলে । সি উচুপি উঠিল ।

দুদিনৰ পাছত পুতু ঘৰলৈ আহিল । দেউতাকে আগফালৰ বাৰাণ্ডাৰ চকী এখনতে তাক বহুৱাই দিলে । খবৰ লবলৈ অহা মানুহে ঘৰখন ভৰি পৰিছে । সকলোৱে ইস্-আস্ কৰাৰ লগতে ফিচিঙা-ফিচিঙি কৰিছে । এই প্ৰথমবাৰৰ বাবে পুতুৰ লাজ লাগিল । লাজতে সি মুৰটো দাঙিবই পৰা নাই ।
-পুতু !
চিনাকী মাত এটা শুনি পুতুৱে মুৰ দাঙি চালে । অপু,অৰুণকে ধৰি তাৰ দলটো । হাতত বেট আৰু বল লৈ অহা দলটোক দেখি তাৰ মনটো আকৌ গধুৰ হৈ পৰিল ।
-হো ল এইয়া ...
অপুৱে তালৈ টোপোলা এটা আগবঢ়াই দিলে । পুতুৱে আচৰিত হৈ তালৈ চালে
-কি এইয়া ?
-মাৰ্বল ।
-মাৰ্বল ! কাৰ ? কিয় ?
-মোৰ । আৰু আমাৰ চবৰে ।
-কিন্তু কিয় ?
-তোৰ কি একো মনত নাই !
পুতুৱে নঞৰ্থক ভাবেৰে মূৰ জোকাৰিলে । এইবাৰ অৰুণ মাত লগালে
-আমি সিদিনা খেলত তই জিকিবি বুলিয়েই ভাবি আছিলোঁ, কিন্তু যেতিয়া অপু আগবাঢ়িল আমাৰ মন মৰি গৈছিল । তেনেতে এছাৰিৰ কোব খাই তোৰ বাহন গাহৰিটোৱে যেনেকৈহে দৌৰিলে আমাৰ মুখ মেল খাই গৈছিল । হঠাতে দেখিলোঁ তই গাহৰিটোৰ পিঠিৰ পৰা লুটিখাই পৰি গৈছ কিন্তু পঘাডালত তোৰ ভৰি জোঁট-পোট খাই তই তাৰ গাত ওলমি আহিছ । গাহৰিটো যেতিয়া ৰলগৈ তেতিয়া তই অৰ্ধচেতন অৱস্থাত । গাৰ পৰা যেনিয়ে-তেনিয়ে তেজ ওলাইছিল । আমি ভয় খাই খুৰীহঁতক চিঞৰি চিঞৰি মাতিলোঁ । তাৰ পাছত তই হস্পিটাল পালিগৈ । কিন্তু মজাৰ কথাটো কি জা?
নিজৰ অহংকাৰৰ এনেকৈ দৰ্পচূৰ্ণ হোৱাৰ পাছতো জানো কিবা মজাৰ কথা থাকিব পাৰে । তথাপি পুতুৱে দুৰ্বল কণ্ঠৰে সুধিলে-কি ?
-মজাৰ কথাটো এইটোৱেই যে তই অপুতকৈ বহুত আগতেই কঠীয়ানিৰ সিপাৰ পাইছিলগৈ ! মানে তই জিকিলি !
-সঁচা !!
পুতুৱে বিস্ময়ত চিঞৰি উঠিল ।
-ও সঁচা ! সেইবাবেই চুক্তিৰ মতে এই মাৰ্বলখিনি তোৰ !
যোৱা দুটা দিনৰ পুতুৰ শাৰীৰিক আৰু মানসিক কষ্টখিনি যেন তৎক্ষণাৎ নোহোৱা হৈ গল । যি লাজে অলপ আগত তাৰ মূৰ তল কৰি পেলাইছিল এতিয়া সেই লাজেই গৌৰৱৰ ৰূপ লৈ থিয় দি উঠিল । বৰ আগ্ৰহৰে সি অপুৰ পৰা মাৰ্বলখিনি হাত পাতি ললে । ভিন্ন ৰঙী মাৰ্বলবোৰৰ দৰেই তাৰ মনটো ৰঙিয়াল হৈ পৰিল ।

Tuesday, 16 September 2014

জীৱন .................



পাৰ হৈ অহা জীৱনটোত কৰা কিছুমান কামৰ কথা ভাবিলে মাজে মাজে ভাৱ হয় কিয় বাৰু তেনেকুৱা ভুলবোৰ কৰিছিলোঁ ! কিন্তু পিছমুহূৰ্ততে মনটো পাতল কৰি ভাবোঁ সেইসময়ত যেতিয়া সেইটো কাম ভাল বুলিয়েই ভাবিছিলোঁ গতিকে এতিয়া সেইটোৰ কথা ভাবি মন বেয়া কৰোঁ কিয় ! কিছুমান সময়ত চাগৈ এনেকৈয়ে সন্তুষ্টি লাভ কৰা যায় ।
কলেজীয়া জীৱনত কৰা কিছুমান কাণ্ডৰ কথা ভাবিলে এতিয়া হাঁহি উঠে । মাজে মাজে অলপ লাজো লাগে । শিৱসাগৰ ছোৱালী কলেজৰ এঘাৰ নম্বৰৰ ৰুমৰ কাষত থকা কৰিডৰটোত বহা আমাৰ আড্ডাটোৰ কথা মনত পৰিলে নষ্টালজিক হৈ পৰোঁ । কত কথাই যে ওফৰা-উফৰিকৈ ঘুৰি ফুৰিছিল সেই আড্ডাটোত । সেই আড্ডাতেই এই কথা প্ৰমাণিত হৈ পৰিছিল –মাকতকৈ ভাল চোৰাংচোৱা এই পৃথিৱীত দ্বিতীয় এগৰাকী নোলাব !
-আমাৰ মাই আজিকালি আমাৰ কথা শুনিবলৈ বিচনাৰ তলত মনে মনে সোমাই থাকে ।
-আমাৰ গৰাকী কম নেকি, বক্তৃতা দিবলৈ পালে বিদ্যা শপত এৰিবই নুখুজে ।
-মোক কালি কৈছে বাৰে বাৰে উঘালি থকাতকৈ তোৰ চেলাউৰি যোৰ একেবাৰে খুৰাই নেপেলাৱ কিয় !
-আমাৰ যে ইমান ৰাতিপুৱাই তুলি দিয়ে অ...কালি কৈছোঁ পুৱাই পুৱাই ইমান গালি পাৰিলে শিক্ষামন্ত্ৰীক লগাই দিম ,আপুনি শিক্ষয়িত্ৰী হৈয়ো ইমান বেয়াকৈ গালি পাৰিব পাৰে বুলি !
সকলোৱে নিজৰ নিজৰ দুখ-বেদনাবোৰ উজাৰি দিয়ে । হয় হয় , গাভৰু জীয়েকৰ বাবে মাকৰ চোৰাংচোৱাগিৰিতকৈ দুখ আৰু ভয়ানক কথা আন একো হব নোৱাৰে ।
বহুকথাই তেনে সময়বোৰত ভাবিছিলোঁ । আৰু এটা সময়ত সেই ভাববোৰৰ সৰহবোৰেই সলনি হৈ গৈছিল । আৰু বহু ঘটনায়েই ঘটি গৈছিল, যিবোৰৰ সোঁৱৰণীয়ে আজিৰ এই সময়তো আহি মনবোৰ ভৰাই তুলিব পাৰে ।
কলেজৰ এটা বিশেষ ক্লাছত স্নাতক প্ৰথম বৰ্ষৰ পৰাই লগৰ দুজনীমান মোৰ লগত একেলগে নবহিছিল । (তেওঁলোকক এতিয়া এই পষ্টটোত টেগ কৰি দিছোঁ ) । মই সদায় সেই ক্লাছটোত আনৰ বেঞ্চত বহিব লগা হৈছিল । সেই ক্লাছটোত খুব প্ৰশ্ন সুধিছিল । আৰু মোৰ দোষ আছিল মোক এবাৰ হলেও কিবা এটা প্ৰশ্ন সুধিছিলেই । মই নাজানো তেওঁ মোক কিয় প্ৰশ্ন সুধিছিল ! কাৰণ মই বৰ মেধাৱী জাতীয় ছাত্ৰী নাছিলোঁ । অ  তেওঁ যিটো বিষয় পঢ়াইছিল ভয়তে চাগৈ সেইটো বিষয় অলপ বেছিকৈ পঢ়িছিলোঁ বাবে অলপ সন্তোষজনক নম্বৰ পাইছিলোঁ, কিন্তু সেইবুলিয়েই...!! কলেজত দুবাৰকৈ ইলেকচনত জিকিছিলোঁ বাবেও শিক্ষকসকলৰ চিনাকী মুখ আছিলোঁ ,কিন্তু সেইবুলিয়েই জানো সদায় চোকা ছোৱালী কেইজনীক প্ৰশ্ন সোধাৰ লগতে মোকো সুধিছিল ? এই কথাটো মোৰ বাবে আজিও সাঁথৰ হৈ আছে , মই তেওঁৰ ভাল ছাত্ৰীবোৰৰ ভিতৰত আছিলোঁ নে বেয়া ছাত্ৰীবোৰৰ তালিকাত আছিলোঁ !! অৱশ্যে তেওঁ এতিয়াও মোৰ প্ৰিয় শিক্ষকৰ ভিতৰত এগৰাকী । যিয়েনহওক মোৰ লগৰ কেইজনীয়ে মোৰ লগত এইবাবেই নবহিছিল যে কেনেবাকৈ যদি মই প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰো তাৰ পাছত সিহঁতৰ পাল পৰিব । গতিকে সিহঁতৰ মতে মোৰ লগত নবহাই ভাল ! সেই এটা ক্লাছ মই বৰ দুখৰে আনৰ সৈতে বহিছিলোঁ
স্নাতক দ্বিতীয় বৰ্ষত পঢ়ি থকা সময়ৰ কথা । এইট প্লাছ নাইন ৰুমত আমাৰ ইংৰাজী ক্লাছ চলি আছিল । মোৰ সোঁহাতে বহি থকা লগৰজনীয়ে টোপনি নাহিবলৈ বাইদেউৰ ছবি এখন আঁকি আছিল । মই তাইক কোনোদিনে ৰঙালাউ এটাও অঁকা দেখা নাছিলোঁ । তথাপি তাই বাইদেউৰ ছবি আঁকিবলৈ চেষ্টা কৰি আছে । সাধাৰণতে ক্লাছত টোপনি আহিলে মই কথা কবিতা লিখিবলৈ আৰম্ভ কৰোঁ নতুবা কেতিয়াবা ভাবোঁ মই যদি অসমৰ চিএম হৈ যাওঁ কি কৰিম...সেইদিনা কিন্তু সেইবোৰ নকৰি তাই অঁকা ছবিজাতীয় আঁক-বাঁকবোৰ চাবলৈ লাগিলোঁ । মোৰ বাঁওহাতে বহা দুজনীয়ে আক বিৰাট কথা পাতি আছিল । দুইজনীয়ে মাজে মাজে খুক-খুকাই হাঁহিও আছিল । মই আৰু মোৰ ছবি অঁকা সখীয়ে মাজে মাজে সিহঁতক ধমকী দিওঁ মনে মনে থাক বুলি । বাইদেৱে দেখিলে গালি পাৰিব বুলি কওঁ, নাই সিহঁতে নুশুনে । তেনেকৈ চাৰিবাৰ মান সিহঁতক সাৱধান কৰি দিয়াৰ পাছত বাইদেউৰ চিঞৰ শুনিলোঁ ।
-হেই..ইউ..ইউ..ইউ...
বাইদেৱে কালৈ আঙুলিটো টোৱাইছে বুলি চাওঁতে দেখিলোঁ তেওঁ মোক আৰু ছবি আঁকি থকা সখীক উঠিবলৈ আদেশ দিছে । আমাক উঠা দেখি কথা পাতি থকা কেইজনীৰ মুখ টিপি হাঁহোঁতে অৱস্থা বেয়া হৈ গৈছিলপ্ৰায় ডেৰশজনীমান ছোৱালীৰ মাজত আমাৰ দুজনীক উঠাই লৈ বাইদেউৰ ইংৰাজীৰ ভাষণ আৰম্ভ হৈ গল । আমি দুজনীয়ে শুনি আছোঁ,বুজি হলে একো পোৱা নাইকথা পাতিল কোনোবাই আৰু সাৱধান কৰিবলৈ যাওঁতে গালি খাইছোঁ আমি । প্ৰায় পাঁচমিনিট মান একেৰাহে গালি পৰা পাছত বাইদেউ ৰল । তেনেতে মোৰ ছবি অঁকা সখীয়ে মাত লগালে-বাইদেউ,আপুনি কি বুলি কৈ আছিল আমি বুজি নাপালোঁ নহয় !!
বাইদেউ অবাক । মোৰো ফাঁট মেলা বসুমতি পাতালে লুকাও অৱস্থা । ভাগ্যই তেনেতে বেলটো বাজিল । কলেজত পঢ়া লৰা-ছোৱালীৰ বাবে ভগৱান কণা নহয় সেইদিনা প্ৰমাণ হৈ গল ।


দাংকাং ,বাংকাং আৰু ফচং



ভাল হব খুজিও পৰিস্থিতিৰ অত্যাচাৰত ভাল বোন্দা হব নোৱাৰা ফচঙে নিজৰ গাৰ ঘাবোৰ শুকুৱাৰ পাছতেই ঘৰৰ সদস্যসকলৰ জীৱনত লটিঘটি লগাবলৈ আৰম্ভ কৰি দিলে । কেতিয়াবা যদি কাপোৰ-কানি লৈ আৰামত শুই থকা টুকলুৰ কাণত টেঁটুফালি চিঞৰ মাৰি তাক ভয় খুৱাই আকৌ কেতিয়াবা কলী নতুবা পখৰাক সুবিধা বুজি ঠাচ ঠাচ কৰে চৰ শোধায় । মুঠতে ফচং আকৌ অত্যাচাৰী হৈ পৰিল । কুকুৰাপোৱালী আৰু হাঁহপোৱালীবোৰেও এতিয়া ফচঙৰ পৰা দূৰত্ব ৰাখি ঘুৰি ফুৰে । কব নোৱাৰি নহয় কেতিয়া তাৰ জঁক্ উঠিব আৰু কাৰোবাক টেপা মাৰি ধৰিবতাতে সি এতিয়া ৰজাৰ বিশেষ দূতো হয় ,গতিকে উৎপাতবোৰ অলপ বেছিহে চৰা হঘৰৰ নিগনি এন্দুৰ কেইটাৰ দশা আৰু বেয়া । টুকলুৱে প্ৰতিদিনে পাঁচ-ছজনী নিগনিৰ হিয়া ভগা কান্দোন শুনিবলৈ পাই । সিহঁতৰ দুখ দেখি কেতিয়াবা কেতিয়াবা টুকলুৰ ইমান খঙ উঠে যে তাৰ জোঙা নখ কেইটাই আঁচোৰ মাৰি মাৰি ফচঙৰ পেটু উলিয়াই দিবলৈ মন যায় । কিন্তু ফচঙৰ একেটা গেঙনিয়েই তাৰ সেই খঙ পানী কৰি পেলায় ।
উৎপাতবোৰ চলি আছিলতেনেতে এদিন গৃহমন্ত্ৰী জহামালে ফচঙক লৰালৰিকৈ নিজৰ কাৰ্যালয়লৈ মাতি পঠিয়ালে । আদেশ মতেই কাম । ফচং গৈ তেওঁৰ কাৰ্যালয় পালেগৈ । জহামালে ফচঙৰ আপাদমস্তক লক্ষ্য কৰি প্ৰশংসাৰ সুৰত কলে
- ফচং ৰাইজৰ মুখত শুনিছোঁ তই বোলে সকলোৰে পোৱালীবোৰৰ সৈতে বৰ মিলিজুলি থাক ! পোৱালীবোৰে হেনো তোক খুব ভাল পাই ! তই হেনো এসোপা পোৱালীক সদায় সদায় আবেলি সাধু শুনাই ওমলাই থাক !
নিজৰ প্ৰশংসা শুনি কাৰনো ভাল নালাগে ! আৰু ফচঙৰটো কথা নাই, সি গপতে ফুলি উঠিল । ডিঙিটো বিশেষভাৱে পাক এটা মাৰি গহীন হৈ সি উত্তৰ দিলে ।
-দেউ...দূত হোৱাৰ আগতে বিশেষ কাম বন নাছিল যে সেইবাবে পোৱালীবোৰৰ সৈতেই ধেমালি-ধুমুলা কৰি সময় কটাইছিলোঁ । এনেও সৰু সৰু পোৱালীবোৰ মোৰ ভাল লাগে ।
-গম পাইছোঁ । তোৰ এই বিশেষ গুণটো বনৰজাইও শলাগ লৈছে সেইবাবেই কালি আমি এটা বিশেষ সিদ্ধান্ত ললো ...
-কি সিদ্ধান্ত দেউ...
ফচং উৎসাহিত হৈ উঠিল । চকুৰ আগত ভাহি উঠিল ৰজাৰ আদেশত জহামালে তালৈ বিৰাট ডাঙৰ মাছ এটা উপহাৰ হিচাপে আগবঢ়াই দিছে  
-সিদ্ধান্ত মানে এইটো এটা ডাঙৰ সমস্যাই আছিল । কিন্তু তোৰ কথা ৰজাসভাত সকলোৱে কোৱাৰ পাছত ৰজাদেৱেও ভাবিলে তয়ে এই সমস্যাৰ পৰা আমাক উদ্ধাৰ কৰিব পাৰিবি ।
সমস্যা বুলি কোৱাৰ লগে লগে ফচঙৰ মনটো অলপ দমি গল যদিও সি হতাশ নহল ।
-দেউ এই বনৰাজ্যৰ কিবা সমস্যা সমাধানত যদি মোৰ প্ৰয়োজন হয় বুলি ভাবে সেয়া মোৰ গৌৰৱৰ কথা হব ।
-জানো জানো তইযে সদায় ৰাজ্যৰ হিতৰ কথা চিন্তা কৰবাৰু ...ঐ কোন আছ ...সিহঁতক লৈ আনচোন !
মন্ত্ৰী জহামালে নিজৰ ঘৰৰ ফালে চাই চিঞৰ এটা মাৰিলে । লগে লগে বান্দৰ এটা ওলাই আহিল । তাৰ হাতত দুটা মেকুৰী পোৱালী । ফচং অবাকতাৰ লগত আচলতে কি ভয়ানক ঘটনা ঘটিবলৈ গৈ আছে সি যেন অলপ অলপ অনুমান কৰিব পাৰিছে ! জহামালে পোৱালীকেইটাক হাতোৰাৰে মোহাৰি মোহাৰি কলে
-ফচং এইটো দাংকাং আৰু এইটো বাংকাং । পৰহি দিনা ৰাতি কোনোবা মানুহে ইহঁতক ৰাস্তাত মেলি থৈ গল । গাখীৰ খাই থকা পোৱালী কেইটা এনেকৈ নিষ্ঠুৰ ভাৱে মাকৰ বুকুৰ পৰা কাঢ়ি ৰাস্তাত মেলি থৈ যোৱা আমাৰ চিপাহী এটাই দেখিলে । সি পোৱালীকেইটা ৰজাৰ কাষলৈ লৈ গল । তাতে আলোচনা চলিল ইহঁতক কি কৰা যায় । যিহেতু অকলশৰীয়াকৈ মেলি দিবলৈ ইহঁত দুটা ইমান ডাঙৰ হোৱা নাই সেইবাবেই সিদ্ধান্ত লোৱা হল যে ইহঁতৰ মাকৰ ঠিকনা নোপোৱালৈকে কোনোবা এজনক ইহঁতৰ দায়িত্ব দিয়া হওক । সকলোৱে তোৰ নাম ললে । তোতকৈ উপযুক্ত কোনো হবই নোৱাৰে বোলে ।
-কিন্তু দেউ...
-কিন্তু বুলি এতিয়া কোনো কথা নাই ফচং, এতিয়াৰে পৰা দুমাহ ইহঁত তোৰ কাষতে থাকিব । সেইসময়খিনিত যদি ইহঁতৰ মাকৰ ঠিকনা পোৱা যায় তেতিয়া লৈ যাম । আৰু যদি নাপাওঁ তেতিয়া ইহঁতে যি বিচাৰে তাকে কৰিব লাগিব আৰু শুন ইহঁতক কেৱল তোৰ লগত থাকিবলৈ দিয়াই নহয়, তই ইহঁতক কেনেকৈ চিকাৰ ধৰিব লাগিব তাকো শিকাব লাগিব ।
জহামালৰ কথা শুনি ফচঙৰ মুখ শুকাই গল । সি পোৱালী কেইটালৈ চালে । দুয়োটাই পিলিকা-পিলিককৈ তালৈকে চাই আছিল । জহামালে দাংকাং ,বাংকাং এইয়া তহঁতৰ দেউতা যা বুলি কবলৈ পালেহে দুয়োটাই লৰ মাৰি আহি ফচঙৰ মুৰে-পিঠিয়ে বগাই মা মা বুলি মিউ-মিউৱাবলৈ লাগিল । পোৱালী কেইটাই ফচঙক মা বুলি মতা শুনি দেখি গৃহমন্ত্ৰী জহামাল হাঁহি হাঁহি আসনৰ পৰা বাগৰি পৰিল । আৰু ফচং...অনাকাংক্ষিত ভাৱে দুটা পোৱালীৰ মাক হৈ দুখেৰে ফচং ঘৰলৈ উভতিল ।

দাংকাং ,বাংকাঙৰ সৈতে প্ৰথম দুটামান দিন ফচঙৰ ঠিকেই পাৰ হল । সি নিগনি ধৰে আৰু সিহঁতি বহি বহি খাই । ওচৰ চুবুৰীয়া হিচাপে বগীবুঢ়ীহঁতেও সিহঁতৰ খবৰ লয় ।  মা মা বুলি কৈ ফচঙৰ পাছে পাছে ঘুৰি ফুৰা পোৱালীকেইটাক দেখি সকলো মৰমতে পমি গল । মা বুলি মতাৰ বাবে ফচঙে সিহঁতক কেইবা ঢকা দিছিল যদিও সিহঁতি আকৌ সেইবুলিয়েই মাতেহি । উপায়হীন হৈ ফচঙে সেইটো মানি ললেগৈ । কিন্তু আকৌ এটা নতুন বিপদে দেখা দিলে । জহামালৰ কথামতেই ফচঙে দাংকাং আৰু বাংকাংক চিকাৰ ধৰা প্ৰশিক্ষণ দিবলৈ ললে । অৱশ্যে কেৱল জহামালৰ কথামতেই নহয়, নিজে কষ্ট কৰিব আৰু সিহঁতি বহি বহি খাব তাকে দেখি খঙত ফচঙে সিহঁত দুটাক নিগনি ধৰিবলৈ যাওঁতে লগত লৈ যাবলৈ ধৰিলে । পিছে হিতে বিপৰীতেহে গল । নিগনি ধৰিবলৈ ফচঙে চকু-কাণ সজাগ কৰি ৰৈ থাকে ইফালে হামিয়াই-হিকটিয়াই দাংকাং-বাংকাং বহি থাকে । আৰু যেতিয়াই নিগনি দেখে দুয়োটাই মা সেইটো ধৰ বুলি যেনেকৈহে চিঞৰে নিগনি পলাই পতং দিয়ে । আকৌ কেতিয়াবা ফচঙে বতা নিগনি এটা ধৰি আনি দিবহি হো ল অলপ শিক বুলি কিন্তু দুয়োটাই খেলিবলৈ ধৰোঁতে নিগনি গৈ গাঁতত সোমাইগৈ । দাংকাং,বাংকাংৰ এনে অঘাইতং কাণ্ডৰ বাবে দুদিনমান ফচঙে নিৰামিষ আহাৰ খাব লগা হল । তথাপিও ৰজাৰ আদেশ বুলি ফচঙে সহ্য কৰি আছিল । কিন্তু সেইদিনা নোৱাৰিলে আৰু ! নোৱাৰিবৰে কথা ,যিমান হলেও সি এটা বোন্দা । দাংকাং ,বাংকাংকে তাক মা বুলি মতাৰ বাবে নিজৰ সমাজৰ বোন্দাবোৰৰ পৰা সি বহুতবাৰ ইতিকিং ভৰা কথা শুনিবলৈ পাইছে তাতে সিদিনা ঘৰত যিটোহে ঘটনা ঘটিল ফচঙৰ লাজত মৰি যাওঁ যেন লাগিল । সেইদিনা আবেলি সিহঁত গোটেইবোৰ চোতালতে জিৰাই আছিল । তেনেতে গিৰিহঁতনিয়ে ঘৰলৈ অহা চুবুৰীয়া এগৰাকীক কোৱা শুনিলে-বুজিছা লোকৰ মাইকী জন্তুবোৰে কেতিয়াবা আনৰ পোৱালী ঘৰলৈ চপাই আনে পিছে আমাৰ ঘৰত আক সুকীয়া । আমাৰ বোন্দাটোৱেহে পোৱালী দুটা চপাই লৈছে । বৰ মৰম লগা পাই । সেইবাবেই ঘৰত থাকিবলৈ দিছোঁ । বোন্দাটোৱেও মাকৰ দৰে পোৱালী কেইটা লৈ ফুৰিছে ।
গিৰিহতনীয়ে কথাষাৰ কৈ আঁতৰি যোৱাৰ পাছতে বগীবুঢ়ীহঁতে পেট বিষাই যোৱাকৈ হাঁহিলেফচঙে বৰ লাজ পালে । সেইদিনাই সি ঠিক কৰিলে আৰু সহ্য কৰিব নোৱাৰি আৰু ইহঁতৰ কিবা এটা দিহা লগাবই লাগিব !
পিছদিনা দুপৰীয়া দাংকাং বাংকাংক লগত লৈ ফচং পথাৰৰ ফালে ওলাল । বাটত দাংকাংকে কেইবাবাৰো সুধিলে মা আমি কলৈ গৈ আছোঁ । ফচঙে বলচোন বাৰু বুলি কৈ লৈ গৈ থাকিল । এঘণ্টামান বাট যোৱাৰ পাছত শিলিখা গছ এডালৰ তলতে তিনিওটা বহি পৰিল । ভাগৰত দাংকাং,বাংকাংৰ অৱস্থা কাঢ়িল । ফচঙে সিহঁতৰ অৱস্থা দেখি সুবিধা বুজি কলে-তহঁতৰ ভাগৰ লাগিছে হবলা । বাৰু তহঁতে আৰু খোজ কাঢ়িব নালাগে । ইয়াতে অলপ জিৰাই ল । মই নিজেই যাওঁ...সাউকৰে আহিম দেই
ভাগৰুৱা দাংকাং বাংকাঙে ফচঙৰ কথা শুনি আনন্দমনেৰে সন্মতি জনাই নেজৰ মাজত মুখ লুকুৱাই শুবলৈ ললেফচঙেও দীঘল দীঘল জাপ কেইটামান মাৰি সেইঠাইৰ পৰা আঁতৰি আহিল ।
ঘৰ পায়েই ফচঙে ডাঙৰ চাই নিগনি এটা ধৰিলেগৈ । বহুদিনৰ মুৰত লাহ-বিলাহ কৰি নিগনিটো খাবলৈ লৈও ফচং থমকি ৰল । দাংকাং ,বাংকাঙে বাৰু এতিয়া কি কৰিছে ?  সি আহিব বুলি মুৰ দাঙি দাঙি চাই আছে নে ? নে কোনোবা বোন্দা মেকুৰী নাইবা কুকুৰে সিহঁতক নিগনি মৰাদি মাৰি আছে !! দাংকাং ,বাংকাঙৰ মৰণকাতৰ চিঞৰ এটাই ফচঙৰ আত্মাত খুন্দা মাৰিবলৈ ধৰিলে । ফচঙে যিমান পাৰে মনটো সেইবোৰৰ পৰা আঁতৰ কৰি নিগনিটো খাবলৈ চেষ্টা কৰিছে । কিন্তু সি পৰা নাই !
-ফচং আজি আবেলি গৃহমন্ত্ৰীদেউৰ দূত এজন দাংকাং ,বাংকাংক চাবলৈ আহিব বোলে । সিহঁতৰ গা-পাবোৰ চফা কৰি থবি । নহলে ৰজাৰ ৰোষ কেনেকুৱা বুজিছই নহয় ।
কাষেদি পাৰ হৈ যোৱা পখৰাই কোৱা কথাষাৰ শুনি খাবলৈ লোৱা নিগনিটোৰ ঠেং এটা ফচঙৰ ডিঙিত লাগি ধৰা যেন লাগিলএটা পল সি কিবা এটা ভাবিলে, তাৰ পাছত নিগনিটো মুখত লৈয়েই পথাৰৰ ফালে দৌৰিবলৈ ধৰিলে । শিলিখাজোপাৰ কাষ পাই দাংকাং বাংকাঙক নিৰাপদে শুই থকা দেখিহে তাৰ উশাহ ঘুৰি আহিল ।
-মা বহুত দেৰি কৰিলিচোন !
বাংকাঙে সৰলভাৱে ফচঙক সুধিলে । তাৰ কথা শুনি কিয়জানো ফচঙৰ মনটো কিবা এটা দুখে উকমুকাই উঠিল । মুখৰ পৰা নিগনিটো উলিয়াই সিহঁতক খাবলৈ দিলে । দুয়োটাৰে ভোক লাগিছিল চাগৈ নিগনিটো তৎক্ষণাত্ খাই শেষ কৰি পেলালে । সি দুয়োটাৰ মুখৰ আগত থিয় হৈ ঘোষণা কৰিলে
-আজিৰ পৰা তহঁতৰ আচল প্ৰশিক্ষণ আৰম্ভ হব । মই তহঁতক শিকাম এটা পৈণত বোন্দা হবলৈ কি কি গুণ লাগে ।

ইয়াৰ পাছৰ দিনকেইটা ফচঙৰ খুব খৰকৈ পাৰ হৈ যোৱা যেন লাগিল । দুমাহ শেষ হল,অৱশেষত নিৰ্দিষ্ট দিনটো পালেহি । ফচঙে পুৱাৰে পৰা দাংকাং,বাংকাঙক চিকাৰ কৰিবৰ সময়ত লব লগা সাৱধানতাবোৰ সোঁৱৰাই আছে । দাংকাং,বাংকাঙৰ মন বেয়া । যিমান হলেও মাকক এৰি যাবলৈ সিহঁতৰ অকণো মন নাই । আনহাতে ফচঙৰ মনটো ভাল লাগিছে অন্তত কোনো বিঘিনি নঘটাকৈ ৰজাৰ আদেশ এটা পালন কৰিব পাৰিলে আৰু আজিৰ পৰা সি আকৌ মুকলি-মূৰীয়া হৈ পৰিব তাতে পখৰাই খবৰ দিছে ৰজাই হেনো তালৈ ডাঙৰ মাছ এটা দি পঠাব !
আবেলিলৈ গৃহমন্ত্ৰী জহামাল আহিল । লগত অহা বান্দৰ এটাই ৰজাৰ উপহাৰ হিচাপে বৰালি মাছ এটা ফচঙৰ কাষত ৰাখিলে । জহামালে দাংকাং,বাংকাংক একাষে মাতি নি মনে মনে কিবা এটা পাতিলে । ফচঙে সেইবোৰ গুৰুত্বই দিয়া নাই । তাৰ চকু মাথোন বৰালি মাছটোৰ ওপৰত । ইতিমধ্যে বাৰিষাৰ নৈৰ সোঁতৰ দৰে হৰহৰাই জিভাৰ পানী ববলৈ ধৰিলেইকেতিয়াকৈ সকলো যাব আৰু কেতিয়া সি মাছটো বহি বহি খাবলৈ পাব তাকে ভাবিছে ।
-ফচং...
দাংকাং,বাংকাংৰ লগত কথা পাতি আহি গৃহমন্ত্ৰী জহামালে ফচঙৰ ফালে চাই গহীনাই মাত লগালে । ফচঙে লগে লগে মুখখন চেলেকি জহামাললৈ চালে ।
-ফচং ডাঙৰ এটা কথা হল জান , বহুত চেষ্টা কৰিও দাংকাং ,বাংকাঙৰ মাকৰ খবৰ উলিয়াব নোৱাৰিলোঁ । বনৰজাই সেইবাবেই আদেশ দি পঠাইছে দাংকাং,বাংকাঙে এতিয়া যত থাকি ভাল পাই আৰু যত সিহঁতে নিৰাপদ অনুভৱ কৰে তাতে ডাঙৰ নোহোৱালৈকে সিহঁতক থাকক । এতিয়া দাংকাং ,বাংকাঙক মই তাকে সুধিছিলোঁ বোলো সিহঁতে কত থাকিবলৈ ইচ্ছা কৰে...
ফচঙৰ জিভাৰ পানীবোৰ লগা-লগ শুকাই গল । কোনোমতে সেপঢুকি সুধিলে
-কত থাকিবলৈ ইচ্ছা কৰিছে দেউ... ?
-সিহঁতি তোক এৰি যাবলৈ টান পাইছে অএই দুমাহ তই বোলে সিহঁতক যিমান মৰম কৰিলি সিমান মৰম হেনো সিহঁতি নিজৰ মাকৰ পৰাও পোৱা নাই । সিহঁতৰ বাবে তয়েই এতিয়া সিহঁতৰ পৃথিৱী । তোৰ মাজত এনে মৰমৰ দেখি মোৰো বৰ ভাল লাগিছে । বনৰজাইও খুব ভাল পাব । গতিকে এতিয়াৰ পৰা দাংকাং,বাংকাং তোৰ লগতেই থাকিব । কিন্তু চাবি আক ইহঁতৰ ওপৰত আমাৰ দৃষ্টি সদায় থাকিব । তই যদি মৰমৰ সলনি কেনেবাকৈ ইহঁতক অত্যাচাৰ কৰিবলৈ চেষ্টা কৰ তেতিয়া কিন্তু বনৰজাই অলপো ক্ষমাৰ দৃষ্টিৰে নাচাব । মই এতিয়া যাওঁ । দাংকাং,বাংকাং তহঁত মাৰৰ লগতে থাকিবি । যা, মাছ খাগৈ । ৰজাই তহঁতলৈ বুলিয়েই দি পঠাইছে ।
কথাষাৰ শুনি দাংকাং,বাংকাং মাছটোৰ ওপৰত জঁপিয়াই পৰিল । ফচঙৰ এনে লাগিল যেন তাৰ শৰীৰৰ প্ৰতিটো অংগই অসাৰ হৈ পৰিছে । সি মাথো থৰ হৈ বৰালি মাছটোৰ ফালে চাই থাকিল । প্ৰথমে মাছটোৰ মঙহখিনি শেষ হৈ গল তাৰ পাছত মূৰটো । ট ট কৈ বৰালিটো কাঁইটখিনি জিলিকি উঠিল । সেইখিনিও যেতিয়া নাইকিয়া হবলৈ ধৰিলে ফচঙে বিৰাট দুখেৰে চিঞৰি উঠিল
মিয়াউউউউউউউউউউউউউউউউউউউউউউউউউ
তাৰ মাতৰ অৰ্থ বুজিব নোৱাৰি দাংকাং বাংকঙেও তাৰ গাত জঁপিয়াই জঁপিয়াই চিঞৰিবলৈ ধৰিলে
মাওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওও
মাওওওওওওওওওওওওওওওওওওওওওওওওওওওও