Wednesday, 27 August 2014

অসমীয়া ভূত



দিল্লীৰ বাসিন্দা হোৱা প্ৰথম বছৰটো মোৰ বাবে বৰ অসহনীয় আছিল । অনবৰতে পেত-পেতাই থকা মোৰ মুখখনে নিজৰ ভাষাত কথা পাতিবলৈ বুলি গৃহস্থ অফিচৰ পৰা অহালৈ বাট চাব লগা হৈছিল । সেই সময়ত মোৰ ফোনৰ বিলো চকুত লগাকৈ আহিছিল । যেতিয়াই আমনি লাগে ঘৰলৈ নতুবা কোনোবা লগৰ বন্ধু-বান্ধৱ যি মোৰ অতিকে আপোন তেওঁলোকৰ লগত ফোনতে আড্ডা মাৰোঁ । তথাপি হেঁপাহ নপলায় । তাৰ পাছত............
বাটে-ঘাটে অসমীয়া মানুহ দেখিলেই নিজেই উপযাচি চিনাকী হবলৈ ধৰিলোঁ । গৃহস্থই মোৰ কাণ্ডবোৰ চাই থাকে । মাজে মাজে কয় তোৰ এই অসমীয়া ভূতটো এৰিবলৈ অলপ দিন লাগিব । মই বোলো হুহ ! কিয় এৰিবহে ! নিজৰ ঠাইৰ মানুহৰ প্ৰতি সদায়েই দুৰ্বলতা থাকিব !
দিন বাগৰিল ......
পুৰণা হৈ গৈ থাকিলোঁ.....
আৰু আজিকালি কৰবাত,বাটে-ঘাটে অসমীয়া মানুহ দেখিলে নিজেই আগভাগ লৈ চিনাকী হবলৈ নাযাওঁ !!
অলপ দিনৰ আগতে চিপ-চিপিয়া বৰষুণ এজাকত তিতি তিতি পাচলি বজাৰৰ পৰা আহি আছোঁ । হাতত এমোনা ঘাঁহ । হঠাতে ঘৰৰ কাষৰ এচবিআই ৰ এটিএমটোলৈ চকু গল –ডেকা এজনে গামোচা এখন মুৰত হালবাবলৈ যাওঁতে মাৰি যোৱাৰ দৰে মাৰি ৰৈ আছে ! মুখত নিজে নিজে এটা আপোন আপোন ভাৱ ফুটি উঠিল । পিছে ডেকাজনক মাত নলগালোঁ ।
আচলতে সময়ৰ লগে লগে এটা অভিজ্ঞতা বাৰুকৈয়ে পালোঁ । কিছুমান অসমীয়া ব্যক্তিক বাটে-ঘাটে লগ পাই যদি উৎসাহত সোধোঁ-আপুনি অসমৰ ? তেওঁলোকে এনেকুৱা এটা চাৱনি দিয়ে যেন মই তেওঁক কৈছোঁ-অনুগ্ৰহ কৰি মোক ১০০০ টকা ধাৰলৈ দিয়ক না !!
হে ভগৱান !!
নিজৰ খাই ইয়াত আছোঁ  । গতিকে তেনেকুৱা এটা চাৱনী পোৱাৰ পাছত আৰু কাৰোবাক গৈ সুধিবলৈ মন যাব নে-আপুনি অসমৰ নে ?
পিছে সকলোৱে এনেকুৱা নকৰে । কিন্তু এবস্তা আলুৰ মাজত এটা গেলা আলু থাকিলে যেনেকৈ সোপাকে আলু বেয়া কৰি পেলাব পাৰে তেনেকৈ এই দুই এটা গেলা অসমীয়া (আলুৰ) বাবে মোৰ অসমীয়া ভূতটোও লাহে লাহে গেলিবলৈ ধৰিলে ।
কালিৰ কথা গৃহস্থৰ সৈতে নয়দা-১৮ৰ পৰা ঘৰলৈ বুলি উভতিছোঁ । মেট্ৰত আমাৰ কাষতে দুজনী মৰম লগা ছোৱালী আৰু এজন ডেকা ৰলহিছোৱালীকেইজনী খিলখিলনি আৰু কথা-বাৰ্তাত গম পালোঁ তেওঁলোক অসমীয়া । খুব সম্ভৱ উজনীৰ ! আমি দুজনে মনে মনে তেওঁলোকৰ কথাবোৰ উপভোগ কৰিবলৈ ধৰিলোঁ । এই কামটো আমি দুজনে প্ৰায়ে কৰোঁ । তেওঁলোকৰ কথাৰ পৰা অনুমান কৰিলোঁ লৰাজনে দিল্লী ভালকৈ চিনি নাপায় । মাজতে যুমনা বেংকত মেট্ৰ সলনি কৰিব লগা হল । আৰু সৌভাগ্যক্ৰমে(দূৰ্ভাগ্যক্ৰমে ) তেওঁলোক তিনিজনেও আমাৰ সৈতে আহি আকৌ একেখন মেট্ৰৰ ফালেই আহিল । মই এইবাৰ গৃহস্থৰ ফালে চালো । তেওঁ কলে মাতিবলৈ মন আছে যদি মাতি চা । এতিয়ালৈকে দেখাতচোন ভাল লাগিছে । মুকলি মনৰো চাগৈ ! মই বোলো হেহ ! মাতিম জানো !দোমোজাৰ মাজতেই বৈশালীৰ মেট্ৰত উঠিলোঁহি । আকৌ লগে-ভাগে ! এইবাৰ ভীৰ বেছি আছিল বাবে একদম গাতে গা লগাই ।এইবাৰ মই আৰু ৰব নোৱাৰিলোঁ ,গৃহস্থৰ ফালে ইংগিতেৰে পৰীক্ষা এটা কৰি চাওঁ বুলি মাত লগালো-তোমালোক ইয়াতে থাকা ?
-অ
-পঢ়ি আছা ?
-নহয় আমি জব কৰোঁ ।
বচ এই পাঁচটা শব্দৰেই নিৰস ভাৱেই সন্মুখত থকা গৰাকীয়ে উত্তৰ দিলে । মোৰ গাতে লাগি একেৰাহে খল-খলাই আহি থকা গৰাকী আৰু লৰাটোৱে মোৰ মাত শুনি এবাৰ উভতিও নাচালে !!
ইতিমধ্যে আমাৰ গন্তব্যস্থল পালোঁহি । তেওঁলোকো আমি নমা ঠাইতেই নামিল । তেওঁলোকক এৰি আমি আগবাঢ়িলোঁ । গৃহস্থৰ ফালে চালোঁ ,তেওঁৰ মুখত চিননিচিনকৈ হাঁহি এটা লাগি আছে ।
আৰু মোৰ...
অসমীয়া ভূতটো মোৰ চকুৰ আগত তাণ্ডৱ নৃত্য এটা দি ঢেল খাই পৰি যোৱা যেন লাগিল ।

ফচঙৰ পৰিবৰ্তন







-এখন হাবিত এজন বনৰজা আছিল । বনৰজাজনৰ এডাল নেজ আছিল । সি সেইডাল নেজেৰে গাত পৰা মহ-মাখি খেদাইছিল । এদিন...
-দদাই এইটো সাধু যোৱা সপ্তাহত দহবাৰ শুনিছিলোঁ । বেলেগ এটা ক ।
সাধু কৈ থকা ফচঙক বাধা দি বগীবুঢী নাতি এটাই পেতপেতাই উঠিল । ফচঙে তালৈ ঘোপাকৈ চাই ডবিয়াই উঠিল
-হুহ ! কামৰ নামত এতিয়ালৈকে মোৰ এডালো পকা নোম এডালো উঘালিব পৰা নাই তাক হেনো নতুন সাধু শুনাব লাগে । নতুন সাধু শুনিবলৈ মন আছে যদি তহঁতে মোৰ গাত কিমান নোম আছে হিচাপ কৰি দে । হিচাপ দিবি মই সাধু কম । কিন্তু ভুল হিচাপ দিলে আকৌ ঘুৰাই হিচাপ কৰিব লাগিব কিন্তু ।
ফচঙৰ কথা শুনি সাধু শুনি থকা হাঁহ পোৱালী আৰু কুকুৰা পোৱালীকেইটাই লৰালৰিকৈ মাটিত আঁক মাৰি মাৰি তাৰ নোম হিচাপ কৰিবলৈ লাগিল । ইফালে নোমবোৰ লিৰিকি-বিদাৰি থকাৰ বাবে ফচঙৰ টোপনি আহি গল । সি ঠেং কেইটা মেলি আৰামত পোৱালীবোৰৰ মাজত শুই পৰিল
ফচং সলনি হল । এইবাৰ সঁচাই ফচং সলনি হল । দুবছৰৰ আগতে চাটৰিৰ পোৱালী মৰাৰ অপৰাধত এবছৰ দিন শাস্তি খোৱাৰ পাছতেই ফচং সলনি হৈ গল । এতিয়া ফচঙে আগৰ দৰে অঘাইতং কামবোৰ কৰি নাথাকে । মিছা কথা নকয় । কাকো আমনিও নকৰে । পাৰিলে সহায়হে কৰে । চাটৰিহঁতৰ পোৱালীবোৰ আৰু বগীবুঢ়ীৰ বংশৰ পোৱালীবোৰে ফচঙক নগুৰ-নাকতি কৰি ফুৰে কিন্তু ফচঙে একো নকৰে । প্ৰায়ে দুপৰীয়া সিহঁতক নিজৰ পকা নোম উঘালিবলৈ দি সাধু শুনাই । পোৱালীবোৰে বিৰাট উপভোগ কৰে । চাটৰিহঁতেও অলপ সময় শান্তিৰে পাৰ কৰে । কাৰণ ফচঙৰ কাষত থাকিলে পোৱালীবোৰক কাউৰী শেনে নিব নোৱাৰে সেয়া খাটাং তাতে পোৱালীবোৰে ফচঙক ভালো পাই । বগীয়ে বুঢ়ীয়ে আগৰ দৰেই এতিয়াও কয় বেচেৰা ফচংটোক ইমান বেছি শাস্তি নিদিয়া হলেও হৈছিল পাই । তাক কিবা ভূতে পাইছিল বাবেহে সি তেনেকুৱা বেয়া কাম কৰিছিল । যিমান হলেও সি আমাৰ ঘৰৰে সদস্য । তাৰ অন্তৰখন তেনেই চাফা । মই জানো নহয়
বুঢ়ীৰ কথা শুনিলে আনকি চাটৰিয়েও হয় হয় বুলি শলাগ লয় ।
ফচং এতিয়া সকলোৰে মৰমৰ । তাৰ বাবেও মাছ আৰু ঘৰৰ নিগনি কেইটাৰ বাহিৰে সকলো মৰমৰ ।
এবছৰীয়া শাস্তিয়ে ফচঙক সলনি কৰি দিলে । শাস্তিয়ে ঠিক নহয় শাস্তি খাই থকা সময়খিনিত আনবোৰ জীৱৰ পৰা পোৱা সহযোগিতাইহে ফচঙৰ এঙাৰৰ দৰে কলা অন্তৰখন ধুই বগা কৰি দিলে ।
শাস্তিৰ প্ৰথম সময়খিনিত ফচঙক দেখিলেই সকলোৱে থু পেলাইছিল । কিন্তু ৰজাঘৰীয়া মাছৰোকাৰ সৈতে পানীত নামি মাছ ধৰিব নোৱাৰা অপৰাধত সদায় বেতৰ কোব খোৱা ফচঙলৈ পাছত সকলোৰে দুখ লাগিবলৈ ধৰিলে । মাছৰোকাকেইটাই নিজৰ মাজতে আলোচনা কৰি গোপনে ফচঙক সদায় তাৰ ভাগৰ ধৰিবলগীয়া মাছ দুজনী ধৰি দিবলৈ  আৰম্ভ কৰিলে । পখৰাহঁতেও যিমানপাৰে নিজৰ অঞ্চলটোক চাফাকৈ ৰাখিবলৈ চেষ্টা কৰিলে যাতে অঞ্চল চাফা কৰোঁতে ফচঙৰ বেছি সময় নালাগে । কেতিয়াবা কোনোবাই কোনোবাই তাৰ বাবে খোৱা বস্তুও গোটাই থৈ দিয়ে । ইমান ডাঙৰ অপৰাধ এটা কৰাৰ পাছতো সকলোৱে এনেকৈ সহায় কৰা দেখি ফচঙৰ অন্তৰে কান্দি উঠিল । সি তেতিয়াই শপত খালে জীৱনত আৰু কেতিয়াও বেয়া কাম নকৰে । যিমান যি হলেও ভাল বোন্দা হৈ থাকিব ।নিজৰ গাত আৰু দাগ লাগিবলৈ কেতিয়াও নিদিয়ে ।
-দদাই নোম হিচাপ কৰি হৈ গল । এতিয়া সাধু ক ।
বগীবুঢ়ীৰ অঘাইতং নাতিটোৰ মাতত চিলমিলকৈ টোপনিত থকা ফচং সাৰ পাই গল । জড়তা ভৰা মাতেৰেই কলে
-কিমান পালি ?
ফচঙে ভাবিছিল সিহঁতে যিটো সংখ্যা কব সি সেইটো ভুল বুলি কৈ আকৌ নোমবোৰ লিৰিকি-বিদাৰি হিচাপ কৰিবলৈ কব । কিন্তু বগী বুঢ়ী অসুৰ নাতিটোৱে যিটোহে উত্তৰ দিলে তাৰ টোপনি ভাঙি গ
-কিমান বুলি কলি ?
-বৰ আমজোপাত যিমান পাত আছে সিমান !
-বৰ আমজোপাত কিমান পাত আছে ?
-সেইটো আক আমি কেনেকৈ জানিম ! তোৰ প্ৰতিডাল নোমৰ বিপৰীতে আমি এখিলাকৈ পাত ধৰি গৈছিলোঁ । ভুল হৈছে যদি আমজোপাৰ পাতবোৰ নিজেই হিচাপ কৰি চা গৈ যা ।
অসুৰ হাঁহপোৱালীটোৰ উত্তৰ শুনি ফচঙৰ মুখ মেল খাই গল । তাৰ পাছত হাঁহি হাঁহি কলে
-ঘৰলৈ অহা আলহীৰ ভোজ নহলে তই খাটাং আইতাৰৰ দৰেই এযুগ জীয়াই থাকিবি বোপাই ।  বাৰু নতুন সাধু শুন...
দিনবোৰ এনেদৰেই পাৰ হৈ গৈ থাকিল । আৰু ফচঙৰ কাষত সাধু শুনা পোৱালীৰ সংখ্যাও বাঢ়ি গৈ থাকিল । এতিয়া সদায় দুপৰীয়া পুখুৰীৰ পাৰত থকা আমজোপাৰ তলত বহি ফচঙে সাধু কয় । হাঁহ পোৱালী ,কুকুৰা পোৱালীকেইটাৰ বাহিৰে চুবুৰীয়া চৰাই পোৱালীবোৰেও সাধু শুনে । সাধু শুনি সোপাই কেতিয়াবা স্ফূৰ্তিতে জঁপিয়াই । কেতিয়াবা একেটা সাধুকে কৈ থাকিলে ফচঙক গালিও পাৰে । আকৌ ফচঙক তোষামোদ কৰে । ফচঙে মাথো সকলোবোৰ উপভোগ কৰে ।
পিছে দিন সদায় একেভাগেই নাযায় । পোৱালীবোৰক সাধু শুনাই থাকোঁতেই এদিন উৎফুল্লিত হৈ পখৰা  ফচংৰ কাষলৈ আহিল ।
-পাখৰু কি হল ইমান আনন্দ যে ?
ফচঙে পখৰাৰ আপাদমস্তক লক্ষ্য কৰি সুধিলে ।
-আনন্দ মানে তোৰ বাবেই আনন্দ লাগিছে ।
-মোৰ বাবে ! মোৰ বাবে আক কিয় ?
ফচং আচৰিত হৈ গল ।
-আমাৰ বনৰজাৰ পুতেকৰ যে বহুদিনৰ পৰা গা বেয়া হৈ আছে তই শুনিছনে বাৰু ?
-শুনিছোঁ । এদিন বোলে অকলে চিকাৰ কৰিবলৈ গৈ বনৰীয়া গাহৰি এটা ধৰিব খুজিছিল,গাহৰিটোৱে হেনো উভতাই যুৱৰাজকহে ভালকৈ চৰ কেইটামান শোধাই পঠালে । বনৰজাই বোলে সেই গাহৰিটো এতিয়া কত আছে তাৰ খবৰ আনি দিব পৰাটোক মুখ্যমন্ত্ৰী পাতিব বোলে !
-তই ঠিকেই শুনিছ ফচং । কিন্তু এটা কথা শুনা নাই হবলা সামান্য এটা গাহৰিৰ পৰা চৰ খোৱাৰ পাছত যুৱৰাজ  লাজতে নে কিবা চক নে সেইটো পাই মাতবোল নাইকিয়া হৈ পৰিল । না কথা কয়, না খঙ কৰে । একদম ৰোহঘৰত সোমাল
-এইটো কথা মই অলপ অলপকৈহে শুনিছিলোঁ । বেচেৰা যুৱৰাজটোলৈ বেয়া লাগে দেহি  । কিন্তু যুৱৰাজ ৰোহঘৰত সোমোৱাৰ সৈতে মোৰ বাবে আনন্দ কিয় কৰিব লগা হল পাখৰু ?
-আনন্দ কৰিব লগা বিষয় আছে বাবেহে আনন্দ কৰিছোঁ । বনৰজাই যোৱা মাহত ঘোষণা কৰিছিল যিয়ে যুৱৰাজক আগৰ অৱস্থালৈ ঘুৰাই আনিব পাৰিব তাক বোলে বনৰজাৰ বিশেষ দূতৰ বাব দিব । বহুত জীৱ-জন্তু আহিল ,বহুতেই নিজৰ মতে চেষ্টা কৰিলে পৰা নাই ।
-তাৰ পৰা !!
পখৰাৰ কথা শুনি ফচঙে অলপ সষ্টম হৈ সুধিলে ।
-তাৰ পৰা মানে পৰহি কোনোবা চৰায়ে বোলে বনৰজাৰ আগত তোৰ কথা কলেগৈ । তইযে চবৰে পোৱালীবোৰক ইমান ধুনীয়াকৈ সাধু কৈ কৈ ওমলাই থাক সেইটো গুণ গালেগৈ । কথা শুনি ৰজাই তোক মাতি পঠাইছে । কিজান তোৰ সাধু শুনি যুৱৰাজ ঠিক হয়েই !
পখৰাৰ কথা শুনি ফচং ঠাইতে জঁপিয়াই উঠিল । তাৰ পাছত মিউ মিউ কৰি পখৰাৰ ঠেঙত পৰাৰ দৰেই পৰি কাকূতি কৰি উঠিল ।
-পখৰা মোক বচা ,মোক বচা ঐ । এবছৰীয়া শাস্তি শেষ হোৱা কিমান দিননো হৈছে । আৰু শাস্তি খালে মই সিফলীয়াই হৈ পৰিম অপোৱালীহঁতক এনে সাজি সাজি কোৱা সাধুবোৰে যুৱৰাজ যে ঠিক নহয় সেয়া খাটাং মই কিন্তু ঠিক হৈ যাম,সিপুৰীৰ বাবে । পখৰা মোক বচা ।
ফচংৰ আকস্মিক প্ৰতিক্ৰিয়াত পখৰা প্ৰথমে আচৰিত হৈছিল যদিও অলপ পাছতে হো-হোৱাই হাঁহি উঠিল । তাৰ হাঁহি শুনি ফচং ৰৈ গল । প্ৰশ্নবোধক দৃষ্টিৰে সি পখৰালৈ চালে । হাঁহি সামৰি পখৰাই ফচঙৰ পিঠিত থপৰিয়া কলে
-ভয় কৰিব লগীয়া একো কথা নাই অ যুৱৰাজক ভাল কৰিব নোৱাৰিলেও ৰজাই কাকোৱে শাস্তি দিয়া নাই । সকলোকে পুতেকক ভাল কৰিবলৈ চেষ্টা চলোৱাৰ বাবে উপহাৰহে দিছে বোলে । তই নোৱাৰিলেও উপহাৰহে পাবি । আৰু যদি কেনেবাকৈ যদি পাৰ...ভাব তেতিয়া তই কৰ বোন্দা গৈ কৰ পাবিগৈ ....
আগৰ দৰে হৈ থকা হলে পখৰাই দেখোৱা এই সপোনটোৰ কথা ভাবি ফচঙৰ গা সাতখন-আঠখন হৈ পৰিলহেঁতেন । কিন্তু এতিয়া আৰু তাৰ আগৰ দৰে উচ্চাকাংক্ষা নাই সেইবাবেই পুনৰ পখৰা ওচৰত কেও-মেও কৰি উঠিল ।
-ফচং মই পৰাহলে তোৰ অনুৰোধটো ৰাখিলোঁহেঁতেন কিন্তু মই একো কৰিব নোৱাৰোঁ । আদেশ আহিছে ৰজাৰ পৰা । তাতে আগবঢ়াই নিবলৈ সৌ দুটা আহিলেই ।
ফচঙে পখৰাই আঙুলিয়াই দিয়াৰ ফালে চালে, হলৌ বান্দৰ তিনিটা হালি-জালি তাৰ ফালে আহি আছে । সি ততা-ভুকুতা খাই পলাবলৈ চেষ্টা কৰিছিল যদিও বান্দৰ কেইটা তাক ধৰি লৈ গল ।
মিয়াউ মিয়াউ......চিঞৰেৰে আম তলখন খলকনি লাগি গল ।
পাছৰ দুটাদিন ফচংৰ কোনো খবৰ নাই । পখৰাই গোন্ধ লৈও একো খবৰ উলিয়াব পৰা নাইতৃতীয় দিনা খবৰ আহিল যুৱৰাজৰ বেমাৰ ভাল হৈ গল ! ভাল কৰিলে ফচঙে !! অঞ্চলৰ সকলোৰে মন উলাহত উথলি উঠিল । ঘৰৰ এটি সদস্য ৰজাৰ বিশেষ দূত হব ইয়াতকৈ আৰু ভাল কথা কিবা হব পাৰেনে বাৰু ! কিন্তু ফচং কত গল ! এই সুখৰ সময়ত সি কত লুকাল ! তেনেতে ঘৰৰ মূধচৰ পৰা অহা পুৰণি চিনাকী চিঞৰ এটা শুনি সকলোৱে সেইফালে দৌৰি আহিল । ওপৰৰ দৃশ্য দেখি সকলো অবাক !

জোৰ-জবৰদস্তিকৈ ধৰি নিয়া ফচঙক ৰজাৰ আদেশত মন মাৰি শুই থকা যুৱৰাজৰ কাষত থিয় কৰাই দিওঁতে সি থক-থককৈ কঁপি আছিল । কি সাধু শুনাম কি নুশুনাম বুলি ভাবি থাকোঁতেই যুৱৰাজে তালৈ চকু মেলি চোৱাত সি একো পাতনি নেমেলাকৈ ভয় খাই সাধু কবলৈ লাগি গল ।
এবাৰ এঘৰ মানুহৰ ভঁৰালত ধান দেখি ঘৰচিৰিকা এজাকে ভাবিলে এই গোটেই ভঁৰাল ধান যদি সিহঁতি চুৰ কৰি লৈ যায় সিহঁতে গোটেই জীৱনটো বহি বহিয়ে খাবলৈ পাব । পৰিকল্পনাটো মনঃপুত হোৱাত সিহঁতে গোটেই ভঁৰালটোৰ ধান চুৰ কৰিবলৈ লাগি গল । প্ৰথমে মতা কেইটা এটা এটাকৈ ধান নিলে, তাৰ পাছত মাইকীবোৰে ,আকৌ মতাবোৰে ,আকৌ....
প্ৰায় দুঘণ্টামান এইদৰে মতা কেইটা নিলে আকৌ মাইকী কেইজনীয়ে নিলে বুলি একেৰাহে কৈ থকাৰ পাছত যুৱৰাজে হামি এটা মাৰি বহিলৈ তাৰফালে চালে । যুৱৰাজৰ তীক্ষ্ণ চাৱনীত ভয় খাই ফচঙে আৰু খৰকৈ একেখিনি কথাকে কবলৈ ধৰিলে । তেনেকৈ এখনমান তামোল খোৱা পৰ যোৱাৰ পাছত যুৱৰাজে লাহেকৈ মাত লগালে
-তাৰ পাছত ?
যুৱৰাজৰ মাতষাৰ শুনি ফচঙৰ জীউটো ঘুৰি অহা যেন লাগিল । মাত মাতিছে মানে ভাল হৈছে চাগৈ । তাকে ভাবি উল্লাসিত হৈ ফচঙে উত্তৰ দিলে
-তাৰ পাছতোনো কি হব যুৱৰাজ । সামান্য ঘৰচিৰিকা কেইটামানে এভঁৰাল ধান ইমান সোনকালে কঢ়িয়াব পাৰিব জানো । গতিকে সিহঁতে কঢ়িয়াই থাকিল । এবাৰ মতা কেইটাই আকৌ মাইকীকেইজনীয়ে । আকৌ...
ফচঙৰ কথাষাৰশুনি যুৱৰাজৰ জানো কি হল বিৰাট জোৰেৰে গোজৰ এটা মাৰি ফচঙৰ গাত জঁপিয়াই পৰিল । ভাগ্য সেইসময়তেই বনৰজা তাত উপস্থিত হৈছিলহি । তেওঁ লৰালৰিকৈ যুৱৰাজক আঁতৰাই আনিলে নহলে ফচং সেইফালে আধ্যা পৰিছিল ।
-বোপাই সি তোৰ বেমাৰ ভাল কৰিবলৈহে আহিছিল ।
সিংহৰ স্বাভাৱিক খঙেৰে গোজৰ মাৰি থকা পুতেকক আনন্দমনেৰে শান্ত কৰিবলৈ চেষ্টা কৰি বনৰজাই কলে ।
-পিতাদেউ মই গাহৰি চৰ খাইও নিজৰ ওপৰত ইমান অতিষ্ঠ হোৱা নাছিলোঁ যিমান ইয়াৰ সাধু শুনি হলো । ইয়াক এতিয়াই মোৰ কাষৰ পৰা লৈ যাওক নহলে মই মাৰিয়েই পেলাম ।  
যুৱৰাজৰ কথাশুনি অৰ্ধচেতন ফচংৰ জীউ উৰি যোৱা যেন লাগিল । ৰজাই পহৰীয়া বান্দৰ দুটাক ইংগিত দিয়াত সিহঁতি ফচঙক ধৰি বৈদ্যৰ কাষলৈ । তিনিদিন ফচং অচেতন হৈ পৰি থাকিল । আজি চেতনা ঘুৰাই পোৱাত ৰজাঘৰীয়া পহৰীয়াদুটাই চাঙী এখনত তুলি তাক ঘৰত থৈ গলহি
আৰু এতিয়া সেইটো ফচঙকে দেখি বিস্ময়ত সকলোৰে মুখ মেল খাই গৈছে । ৰাজবৈদ্যই ঔষধ হিচাপে যেনিয়ে-তেনিয়ে গছৰ লতা আৰু ছাল এসোপা বান্ধি কিম্ভূত-কিমাকাৰ ৰূপ দিয়া  ফচং নামৰ বোন্দাটোৰ শৰীৰটোৱে কাকোৱে গুৰুত্ব  নিদি  মূধচত শুই শুইয়ে গোৱাল গালি পাৰি থাকিল ।
সেইজনী কোন চৰাই আছিল যিজনীয়ে ৰজাক গৈ মোৰ কথা কৈছিল ...তাইক পালেই...আৰু এই সোপাক আজিৰ পৰা মই সাধু কম ৰহ...ৰং চোৱা দগাবাজহঁত আঁতৰি গৈছ নে ! মোৰ শ্বহীদ হোৱা প্ৰতিডাল নোমৰ শপত তহঁত সোপাৰে যদি জীৱন লটিঘটি কৰিব নোৱাৰোঁ মোৰ নাম ফচং নহয় ।
মেৱাউউউউউউউউউউউ
মেৱাউউউউউউউউউউউউ