Saturday, 21 June 2014

বন শিক্ষা আইন আৰু ফচং



হাবিখনৰ ঠিক সমুখতে বৰ আমজোপা আছে । ঘৰচীয়া আৰু বনৰীয়া জীৱ-জন্তুবোৰৰ মাজত সভা পাতিলে সেই আমজোপাৰ তলতেই পাতে । আজিও ঠিক তেনে এখন সভাই অনুষ্ঠিত হৈছে । আৰু বনৰজাৰ হৈ সভাত শিয়াল এটাই ভাষণ দি আছে-

সমাজত নিজকে উচ্চ স্থানলৈ নিবলৈ হলে শিক্ষাৰ সহায় লবই লাগিব । শিক্ষাইহে এটা জাতিক আগুৱাই যোৱাত সহায় কৰে । যোৱা বছৰত পৃথিৱীৰ এশ খন অভয়াৰণ্যৰ প্ৰতিনিধিৰে সৈতে বহা ১৫০ নম্বৰৰ হৌ হৌ অধিৱেশনত এই সিদ্ধান্ত লোৱা হয় যে এতিয়াৰ পৰা সকলো জীৱ-জন্তুৱে শিক্ষা লোৱাতো বাধ্যমূলক কৰা হব । অৱশ্যে সিদ্ধান্ত সমূহ আইন হিচাপে পৰিগণিত হওঁতে অলপ সময় লাগিল । আৰু কালি আমাৰ বনৰজাৰ হাতত এই আইনৰ এটা প্ৰতিলিপি পৰেহি । আৰু সেই প্ৰতিলিপি অনুসৰি অহামাহৰ পৰা আমাৰ এই অঞ্চলতো পাঠশালালৈ যোৱাটো বাধ্যতামূলক হব । এই বিষয়ত তহঁতৰ কিবা কব লগা আছে নেকি ....?”
নিজৰ দীঘলীয়া ভাষণটো সামৰি  বনৰজাৰ মুখ্যমন্ত্ৰী শিয়ালে সভাত উপস্থিত থকা জীৱ জন্তুবোৰক প্ৰশ্ন কৰিলে । শিয়াল মন্ত্ৰীৰ প্ৰশ্ন শুনি জীৱ-জন্তুবোৰে ইটো সিটোৰ মুখলৈ চালে কিন্তু কাৰো মুখৰ পৰা এটাও শব্দ ওলাই নাহিল । তেনেতে ফচঙৰ মাত শুনাত সকলোৱে তালৈ ডিঙি মেলি চালে ।
আহাৰমহীয়া ৰদজাকক প্ৰত্যাহ্বান জনাই লাহে লাহে বলি থকা বতাহজাকৰ পৰশত অথনিৰে পৰা ফচঙৰ চকু কেইটা বাৰে বাৰে মুদ খাই আহিছিল । নোৱাৰাত পৰিহে সি সভাত উপস্থিত আছিল । কালি গোটেই ৰাতি এন্দুৰ এটালৈ খাপ-পিটি থাকোঁতে শুবলৈকে নাপালে । এতিয়া সেইবাবেই বৰশী বাই আছিল । মন্ত্ৰী শিয়ালে অতদেৰি কি কৈ আছিল সি নুশুনিলেই ,শুনিলে মাথোন শেষৰ বাক্য শাৰী ।  আৰু নিজৰ অজানিতেই তাৰ মুখৰ পৰা এষাৰ বাক্য ওলাই গল ।
-ফচং তই কি কৈছিলি আকৌ এবাৰ ভালকৈ কচোন ? মুখৰ ভিতৰতে নকবি ।সকলোৱে শুনাকে ক ।
শিয়াল মন্ত্ৰীৰ কথাত ফচং চুচুক-চামাককৈ থিয় হল আৰু  ইফালে সিফালে চাই সেমেনা-সেমেনি কৰি কলে
-দেউ এই অধমে কৈছিলোঁ বোলো শিক্ষাইহে মানুহক জীৱশ্ৰেষ্ঠ কৰি তুলিছে !
ফচঙৰ কথাষাৰ শুনি শিয়াল অলপ সময় ডৰক মাৰি ৰল ।শিয়ালক তেনেকৈ ৰৈ যোৱা দেখি গোটেই সভাখন কাঁহ পৰি জীণ যোৱাৰ দৰে হল । ফচঙৰ জীউটো কাণ কেইখনৰে দি ওলাই ওলাই যাওঁ কৰি থাকিল ।  তেনেতে খেক খেক কৈ কাঁহ এটা মাৰি শিয়াল মন্ত্ৰীয়ে কলে
-তই বৰ ডাঙৰ কথা কলি অ ফচং ।সঁচা শিক্ষাইহে মানুহক জীৱশ্ৰেষ্ঠ কৰি তুলিছে । আৰু আমি যদি শিক্ষাৰ সহায় লওঁ আমিও কোনোবাদিন শ্ৰেষ্ঠ হবগৈ পাৰোঁ । এনে ধৰণৰ উচ্চ চিন্তা এটা অশিক্ষিত জন্তুৱে কেতিয়াও কৰিব নোৱাৰে তই নিশ্চয় বহু কথাই জান ,হয়তো নিজৰ গিৰিহঁতৰ পৰা শিক্ষা সম্পৰ্কীয় বহু কথাই শিকিছ ??
শিয়ালৰ এইবাৰৰ প্ৰশ্নটো ফচঙৰ ভমভমাই থকা কাণেৰে কি হিচাপে সোমাল ভগৱানেহে জানে ,সি মাথো মূৰ দুপিয়াই হয় হয় বুলি কলে । তাৰ উত্তৰ শুনি মন্ত্ৰী শিয়াল আৰু উৎফুল্লিত হৈ পৰিল ।
-ফচং তোৰ এনে চিন্তাধাৰাই আমাক আগবাঢ়ি যোৱাত বিশেষ ভাৱে সহায় কৰিব পাৰিব । তোৰ দৰে জন্তু আমাৰ বাবে গৌৰৱ । মই তোৰ এই জ্ঞানৰ বিষয়ে বনৰজাক আজিয়েই জনামগৈ । মই নিশ্চিত নিজৰ প্ৰজাৰ এনে উন্নতিয়ে বনৰজাকো গৌৰৱান্বিত কৰি তুলিব ।
শিয়াল মন্ত্ৰীৰ কথাষাৰ শুনি সভাখন উল্লাসত উথলি উঠিল । পখৰাই গৈ ফচঙক পিঠিতে তুলি ললে । বগী বুঢ়ীয়ে পেত পেত কৈ ওচৰ চুবুৰীয়াৰ আগত ফিতাহি মাৰি কলে –দেখিছ আমাৰ ঘৰৰ জন্তুবোৰ কিমান পণ্ডিত ।
ফচঙটো আচৰিত হৈ গল । হে বনদেৱতা এইয়া সি কি দেখিছে ! সি ইমান ডাঙৰ কথা কলে নে যে বনৰজা খুচ হৈ যাব ! সি মাথো কালি ৰাতি শুনি শুনি আমনি লগা বাক্য এশাৰীহে কৈছিল ! তাকো অজানিতে মুখৰ পৰা ওলাই গৈছিল ! তাৰ বাবেই ইমান সন্মান !
কালি গধূলি বেলিকা শুই থাকোঁতে শুনিছিল গিৰিহঁতৰ সম্পত্তিৰ উত্তৰাধিকাৰীটোৱে বাৰে বাৰে একেশাৰী বাক্যকে চিলেটত লিখি লিখি পঢ়ি আছিল –কেৱল শিক্ষাইহে মানুহক জীৱশ্ৰেষ্ঠ কৰি তুলিছে । সি ইমানবাৰ লিখি লিখি পঢ়িলে যে ফচঙৰ মগজুত সেই বাক্য শাৰী সোমাই গ আৰু আজি শিয়ালে শিক্ষা শিক্ষা শব্দটো বৰকৈ ব্যৱহাৰ কৰি থকাত তাৰ মুখৰ পৰা  বাক্যশাৰী ওলাই গল ।
ল কথা গুচিল । প্ৰশংসা পাই গপত ফুলি থকা ফচঙৰ গপতো অলপ কমিছিলহে সিহঁতৰ অঞ্চলৰ ফেঁচাটোৱে বনৰজাৰ হৈ ফচঙক পত্ৰ এখন দিলেহিপত্ৰখন পাই ফচঙৰ নিজকে সেই গিৰিহঁতঘৰৰ টিভিতটো দেখা শক্তিমান নামৰ মানুহটো যেন লাগিল নালাগিবই বা কিয়,  পত্ৰখনৰ অনুসৰি ফচঙক সিহঁতৰ অঞ্চলৰ পাঠশালাৰ শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ! শিক্ষক হিচাপে ফচঙে প্ৰতিদিনে স্থানীয় ৰজাঘৰীয়া মাছৰোকা কেইটাৰ পৰা এজনীকৈ মাছ খাবলৈ পাব । তাৰ উপৰিও ফচঙৰ সকলো সৰু বৰ কাম  অঞ্চলটোৰ জীৱ-জন্তুবোৰে পাল পাতি কৰি দিব লাগিবএজন শিক্ষক হিচাপে নিজৰ ছাত্ৰক পাঠশালাত কেনেকৈ শিক্ষা দিব সেই সম্পূৰ্ণ ক্ষমতা শিক্ষকজনৰ ওপৰত ন্যস্ত কৰা হৈছে ।
ফেঁচাই সেই পত্ৰৰ প্ৰতিলিপি এটা অঞ্চলৰ মূৰব্বী পখৰাৰ হাততো দিলে । পখৰাই লৰালৰিকৈ সেইদিনাই সভা এখন পাতি সকলোকে নীতি নিয়মবোৰ বুজাই দিলে ।
পিছদিনাৰ পৰাই বাধ্যতামূলক শিক্ষা আৰম্ভ হল ।
ফচং এতিয়া নিজৰ অঞ্চলৰ অঘোষিত ৰজা । আৰু ফচঙৰ পাঠশালাখন..... ৰাইডাং বেত এডাল লৈ পাঠশালাত উপস্থিত হোৱা ফচঙক দেখিলে আনৰ বাদেই পখৰাৰো আজিকালি জীউ কঁপি যায় । চাটৰীয়েটো প্ৰায়ে নিজৰ নামটোকে পাহৰি যায় ।
-আম এবিধ কি ?
-ফল মহাশয়
চাৰৌপ...আম গছৰ গুটি বুলি নাজান নেকি ..নামতহে তই ছাগলী হলি ...পাগলী হে তই !
চাৰৌপ...
-ক টো দেখিবলৈ কেনেকুৱা ?
-চৰাইৰ ঠেঙৰ চাবটোৰ ওপৰত হাতীৰ শুঁৰ ডাল থকাৰ দৰে..
চাৰৌপ...
মুঠতে প্ৰতিদিনে প্ৰায় প্ৰত্যেকে এচাট হলেও কোব খায়েই । ইফালে পাঠশালালৈ নাযাওঁ বুলিও কব নোৱাৰে ৰজাৰ ৰোষত পৰিব । আৰু কেতিয়াবা কিবা বুধি কৰি নগলেও পিছদিনা মাধমাৰ খাব লগা হয় । মুঠতে শিক্ষক ফচংৰ শিক্ষকতাত সিহঁতৰ অঞ্চলৰ জীৱ জন্তুবোৰৰ অৱস্থা কাঢ়িল হৈ পৰিল । মাৰ খাই খাই পিঠি ফুলি থকা টুকলুৱে বহুত ভাবি চিন্তি উপায় এটা উলিয়ালে গিৰিহঁতে তাক খাবলৈ দিয়া বাদাম কেইটামান নাখায় গোটাই থলে । আৰু এদিন ঘৰত সুবিধা বুজি ফচঙৰ কাষ চাপিল ।
-গুৰুদেৱ
যোগাসন কৰি থকা ফচঙে কেঁৰাকৈ তাৰ ফালে চালে ।
-গুৰুদেৱ এইয়া বাদাম । বৰ ভাল বাদাম ।
টুকলুৱে বাদাম কেইটা ফচঙৰ ফালে আগবঢ়াই দিলে । ফচঙে খাওঁ নাখাওঁকৈ বাদাম এটা মুখত ভৰালে । তাৰ পাছত পৰম তৃপ্তিৰে বাকীকেইটাও খালে ।
-এতিয়া আচল কথাটো ক ?
ফচঙে জিভাৰে মুখখন যিমানপাৰি চেলেকি চেলেকি সুধিলে ।
-গুৰুদেৱ মোৰ সৰু আৱেদন এটি আছিল ।
-জানো নহয় তহঁত এনেই মোৰ কাষলৈ আহ নেকি । খাই পাতফলাহঁত, ক জলদি ক..মোৰ কাম আছে
-গুৰুদেৱ মই মানে ভাবিছোঁ আজিৰ পৰা গিৰিহঁতে মোক খাবলৈ দিয়া সকলো বাদাম আপোনাক খাবলৈ দিম মানে আমি এইবোৰ বস্তু খোৱাৰ যোগ্য নহয় যে..মানে গুৰুদেৱ...পাঠশালাত মোৰ ওপৰত যদি বেত ডাল অলপ কমকৈ পৰে...
-কি !!!
ফচং প্ৰথমে চিঞৰি উঠিল । তাৰ পাছত কিবা এটা ভাবি কলে
-বাৰু হব যা খালি চাবি যাতে বাদাম মোৰ পেটত সদায় পৰে নহলে তোৰ পিঠিত বেত পৰিব ।
কাৰ্য্য সিদ্ধ হোৱাত আনন্দ মনেৰে টুকলু আঁতৰি আহিল ।
অলপদিনৰ পাছত জন্তুবোৰে মন কৰিবলৈ ধৰিলে টুকলু যেন আজিকালি বহুত চোকা হৈ গৈছে । ফচঙে যি সোধে তাৰে সি শুদ্ধ উত্তৰ দিব পাৰে । কিন্তু সেই একেটা শুদ্ধ উত্তৰ আন কোনোবাই দিলে মাৰ খাই ! সকলোৰে সন্দেহ হল । বহুত অনুৰোধ কৰাৰ পাছতো টুকলু মুখ নোখোলাত বগীবুঢ়ীয়ে বনদেৱতাৰ শপত দিয়াত যেনিবা সঁচা কথাটো কলেগৈ । কথাটো শুনি সকলোৰে মুখৰ পানী ঘুৰি অহাৰ দৰে হল । এদিন দুদিনৰ আগ-পিছাকৈ এটি এটিকৈ সকলোৱে ফচঙে ভালপোৱা খাদ্য লৈ ফচঙৰ কাষ চাপিল । ফচঙে প্ৰথমে না নুই কৰিছিল যদিও লোভত বেছি সময় ভদ্ৰ হৈ থাকিব নোৱাৰিলে । সেইদিন ধৰি পাঠশালাত বেতৰ কোবৰ শব্দ কমিল যদিও কেতিয়াবা কোনোবাই সময়ত খাদ্য দিব নোৱাৰা অপৰাধত এনে মাৰ খাই যে সকলোৰে বুকু কঁপি যায় ।
দিনবোৰ বাগৰি গৈ থাকিল । লেৰেলা ফচং শকত,এলেহুৱা আৰু অত্যাচাৰী হৈ গৈ থাকিল । ৰজাৰ ঘৰৰ মাছৰোকা কেইটাৰ ওপৰতো সি আজিকালি ডকা হকা দিবলৈ ধৰিলে । বেচেৰা মাছৰোকা কেইটা ৰজাৰ ৰোষত পৰা ভয়ত একো নকয় ।
পিছে সদায় দিন একেধৰণে নাযায় নহয় । হঠাতে এদিন বজ্ৰপাত পৰিল । অইন কতো নহয় ফচঙৰ মূৰত ! বজ্ৰপাতৰ উৎসটো হল দূত ফেঁচাই ৰজাৰ ঘৰৰ পৰা কঢ়িয়াই অনা বন শিক্ষা আইনৰ নতুন প্ৰতিবেদন খন ! ফেঁচাই পাঠশালাতে সকলোৰে সমুখত প্ৰতিবেদনখন পঢি় শুনালে –“ ‘বন শিক্ষা আইন ১৩ নম্বৰ সংশোধনী অনুসৰি এতিয়াৰ পৰা পাঠশালা শিক্ষক সকলক প্ৰতি সপ্তাহৰ চাৰিটা দিন পাঠশালা আৰম্ভ হোৱাৰ আগতে বিশেষ প্ৰশিক্ষকে শিক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ দিব । আৰু শিক্ষকসকলে বাধ্যতামূলক ভাৱে সেই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব লাগিব । প্ৰশিক্ষণত প্ৰশিক্ষকৰ সিদ্ধান্তক ৰজাদেৱৰ সিদ্ধান্তৰ দৰেই সন্মান কৰিব লাগিব । তাৰোপৰি বন শিক্ষা আইন ১৪ নম্বৰ সংশোধনী অনুসৰি এতিয়াৰ পৰা শিক্ষকে পাঠশালাত ছাত্ৰ-ছাত্ৰীক কেতিয়াও  শাস্তি দিব নোৱাৰিব । কাৰণ এনে কৰিলে ছাত্ৰ-ছাত্ৰী সকলৰ মনত পাঠশালাৰ প্ৰতি এক ভয় ভাৱ থাকে আৰু এনে ভয় ভাৱে ছাত্ৰ-ছাত্ৰীক শিক্ষা গ্ৰহণ কৰাত বাধা প্ৰদান কৰে । ইয়াৰ পাছতো যদি শিক্ষকে ছাত্ৰ-ছাত্ৰীক শাস্তি দিয়ে তেতিয়া বন শিক্ষা আইন ২৫৫ অনুসৰি তেনে শিক্ষকৰ পিঠিত বেতৰ ১০০ কোব দিয়া হব ।
আইনখন শুনি পাঠশালাৰ সকলোৱে সুহুৰি বজাই বজাই তালি মাৰিলে । মাত্ৰ ফচংৰ বাহিৰে । ফচং তেতিয়া বহি থকা কলপাত খনতে ঢলি পৰিছিল !
পিছদিনা পাঠশালাৰ আশে-পাশে থকা জোপোহাবোৰ অঞ্চলটোৰ জীৱজন্তুবোৰে ভৰি পৰিল । সকলোৱে মুখবোৰ হাতেৰে সোপা দি থৈছে যদিও স্পষ্ট ভাৱে মুখত ফুটি উঠিছে যে সকলোৱে হাঁহিছে । কাৰণ..
কাৰণ পাঠশালাৰ নতুন প্ৰশিক্ষক খেক বান্দৰে ৰাইডাং বেত এডাল লৈ ফচঙক সুধি আছে
-ক টো কেনেকুৱা ?
কান্দোঁ কান্দোঁ সুৰেৰে ফচঙে খেক বান্দৰলৈ চাই কৈছে-হাতীৰ খোজটোৰ দৰে মহাশয় ।
চাৰৌপ.........
মিয়াওওওওওওওওওওওওওওওওওওও
চাৰৌপ
মিয়াওওওওওওওওওওওওওওওওওওওওওও