Saturday, 1 March 2014

পোহনীয়া জন্তু হিচাপে গিনিপিগ





( গিনিপিগৰ বিষয়ে বহুদিনৰ আগৰে পৰা লিখিম বুলি ভাবি আছিলোঁ যদিও কিবা এক সংকোচবোধে মোক আগুৰি আছিল । আজি অকবৰ বেৰত দিগন্ত যাদৱ দাদাৰ লেখাটো দেখি অলপ সাহস পালোঁ । এইখিনিতে জনাই থওঁ যে মই মোৰ নিজৰ অভিজ্ঞতা আৰু দিল্লীত গিনিপিগৰ এখন ফাৰ্ম থকা আণ্টি এগৰাকীৰ অভিজ্ঞতাৰ আলম লৈহে লেখাটো লিখিছোঁ । জীৱ জন্তুৰ ওপৰত মোৰ কোনোধৰণৰ আনুষ্ঠানিক অৰ্হতা নাই । যি আছে সেয়া কেৱল অভিজ্ঞতা আৰু আভিজ্ঞতা । )


কিতাপ ,প্ৰকৃতি আৰু সংগীত যেনেকৈ এজন ব্যক্তিৰ মানসিক অৱসাদ দূৰ কৰে ঠিক একেদৰেই জীৱ জন্তুৰ সংগইও মানুহৰ অৱসাদ দূৰ কৰিব পাৰে । আজিকালি বহুতো সৰু সৰু লৰা ছোৱালীয়ে স্কুলীয়া পঢ়া শুনাৰ সময়খিনিৰ বাহিৰে কম্পিউটাৰ ,ভিদিঅ গেম,স্মাৰ্ট ফোন আদিতেই  ব্যস্ত হৈ থাকে । তেনে ক্ষেত্ৰত সেই অভ্যাসবোৰ অলপ কমাবলৈ পিতৃ-মাতৃয়ে পোহনীয়া জীৱ-জন্তুৰ সহায় লোৱা দেখা যায় । মুঠতে মানসিক অৱসাদ আৰু  এক বিমল আনন্দ অনুভৱ কৰিবলৈ জীৱ-জন্তুৱে বহুত সহায় কৰে ।
পোহনীয়া জীৱ-জন্তু বুলিলে সাধাৰণতে কুকুৰ ,মেকুৰী আদিৰ কথাই মনলৈ আহে । কিন্তু সকলো পৰিবেশতে কুকুৰ মেকুৰী আদি পোহাটো সম্ভৱ নহয় । চহৰত থকা সকলৰ বাবেটো প্ৰায়েই অসম্ভৱ হৈ পৰে । কেতিয়াবা হয়তো ভাৰাঘৰৰ মালিকে জীৱ-জন্তু ৰখাটো পচন্দ নকৰে আকৌ কেতিয়াবা হয়তো কুকুৰ মেকুৰী পোহাটো ব্যয়বহুল হৈ পৰে । মুঠতে বিভিন্ন ধৰণৰ অসুবিধাৰ বাবে নিজৰ জীৱ-জন্তু প্ৰিয় মনটোক দমাই ৰাখিব লগা হয় । পিছে এই ক্ষেত্ৰত এবিধ জন্তুৰ পৰা কোনো ধৰণ আহুকাল নহয় । সেইবিধেই হল গিনিপিগ ।
গিনিপিগ- যাক ইংৰাজীত Guinea Pig বোলা হয় আৰু বৈজ্ঞানিক নাম হ Cavia porcellusএটা সময়লৈকে কেৱল বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষা আৰু খাদ্য হিচাপেহে গিনিপিগ ব্যৱহাৰ হৈছিল যদিও লাহে লাহে পোহনীয়া জন্তু হিচাপেও ই জনপ্ৰিয়তা লাভ কৰে ।
গিনিপিগবোৰ সাধাৰণতেই খুব নম্ৰ আৰু মৰমীয়াল চৰিত্ৰ হয় । মানুহৰ সংগ ইহঁতে খুবেই ভাল পাই । নিজৰ গৰাকী কাষত ইহঁতে সদায়ে নিৰাপদ অনুভৱ কৰে । ইহঁতৰ অন্য জীৱক আক্ৰমণ কৰা চৰিত্ৰ খুবেই বিৰল যদিও কাৰোবাৰ পৰা আঘাত পালে বা পোৱালী থকা মাকৰ কাষৰ পৰা  অচিনাকী ব্যক্তিয়ে পোৱালী চুবলৈ গলে আক্ৰমণ কৰিব পাৰে  ইহঁতৰ সহজেই আয়ত্ব কৰিব পৰা গুণটোৰ বাবে প্ৰশিক্ষণ দিবলৈও সহজ ।
পৰিবেশ আৰু স্বাস্থ্যসন্মত দিশটোৰ ফালে চালে দেখা যায় যে অন্য জীৱতকৈ গিনিপিগ বেছি স্বাস্থ্য সন্মত ।  অন্য জীৱৰ দৰে ইহঁতে ঘৰ-দুৱাৰো  লেতেৰা নকৰে । নিজৰ এলেকাটো বা ঘৰটোৰ বাহিৰে বেলেগ ঠাইলৈ গৰাকীয়ে নিনিলে নাযায় । ইহঁতৰ থকা ঠাইটুকুৰা প্ৰতিদিনে চাফা কৰি ৰাখিলে ইহঁতৰ শৰীৰো চাফা হৈ থাকে । গৰমৰ দিনত দিনে এবাৰকৈ গিনিপিগক গা ধুৱাব পাৰি যদিও ঠাণ্ডা দিনত নোৱাৰি । কাৰণ ইহঁতৰ ঠাণ্ডা খুব বেছি লাগেগা নুধুৱালেও গিনিপিগে নিজৰ দেহ নিজেই চফা কৰি ৰাখে । কিন্তু যদিহে সিহঁতি শুৱা কম্বলখন লেতেৰা হৈ থাকে সিহঁতৰ গাৰ পৰা গোন্ধ ওলাব পাৰে । সেইবাবেই সিহঁতৰ কাপোৰ কানিবোৰ চাফাকৈ ৰাখিব লাগে ।
খাদ্য হিচাপে ঘাঁহ গিনিপিগৰ আটাইতকৈ প্ৰিয় খাদ্য । কিন্তু চহৰৰ লোকে ঘাঁহ দিব নোৱাৰিবও পাৰে । তেতিয়া গাজৰ, বীণ , তিঁয়হ, মধুৰী, আপেল,আঙুৰ, গোমধান, পালেং, বন্ধাকবি ,ফুল কবিৰ পাত, চৌয়া (ইয়াৰ অসমীয়া নাম নাজানো ) কেঁচা মটৰ,মটৰৰ পাত ,গাখীৰ দিব পাৰে । ঘেঁহুৰ দৰে টান খাদ্য এবিধ আন খাদ্যৰ লগত দিবই লাগে । নহলে দাঁতৰ খজুৱতি মাৰিবলৈ যিকোনো টান বস্তু কুটিব পাৰে । এটা বাচনত খাদ্যৰ লগতে পানীও সদায় দি থব লাগে । কিছুমানে বাতিত পানী খাব নাজানিলে তেনে গিনিপিগৰ বাবে পানী খাবলৈ বজাৰত এবিধ বিশেষ ফ্লাস্ক পোৱা যায় । বন্ধা কবি ,ফুল কবি, পালেং আৰু তিঁয়হ কেতিয়াও একেৰাহে দিব নালাগে । পৰাপক্ষত দিবই নালাগে কিয়নো এই কেইবিধ বস্তুৱে সিহঁতৰ পেটত গেছৰ সৃষ্টি কৰে । আৰু গিনিপিগৰ সাধাৰণতে আৰু আটাইতকৈ সহজে হোৱা বেমাৰটোৱেই হৈছে গেছ । এই ক্ষেত্ৰত গৰাকীয়ে নিজৰ গিনিপিগ কেইটাক লক্ষ্য কৰি থাকিব লাগে । ইহঁত খুবেই খেলা-ধুলা প্ৰিয় । আৰু খাই খুব ভাল । আৰু যেতিয়াই ইহঁতি খাবলৈ আৰু খেলিবলৈ এৰে তেতিয়াই অনুমান কৰি লবলৈ লাগে ইহঁত অসুস্থ । তেনে সময়ত তৎক্ষণাত্ চিকিৎসা কৰি লাগে । নহলে গিনিপিগটো মৰি যোৱা সম্ভাৱনাই বেছি । সেইবাবে পোহনীয়া জন্তু হিচাপে গিনিপিগ ঘৰলৈ আনিলে লগতে গেছৰ ঔষধো আনি থব লাগে । সৰু লৰা ছোৱালীৰ বাবে ব্যৱহাৰ কৰা Colicaid Syrup টো গিনিপিগৰ গেছ হলে বহুত ভালকৈ কাম কৰে । ড্ৰপাৰে ইয়াৰ মাথো এটা টোপাল অসুস্থ গিনিপিগটো খুৱাই দিব লাগে । এঘণ্টা মানৰ ভিতৰত যদি গিনিপিগটো সুস্থ হৈ নুঠে তেতিয়া চিকিৎসকৰ কাষ চাপিব । গেছৰ বাবে Aristozyme চিৰাপটোও ব্যৱহাৰ কৰিব পাৰে । গিনিপিগৰ শাৰীৰিক বিকাশৰ বাবে B complex আৰু vitamin C ৰ ঔষধো পাৰিলে সদায় খুৱাব লাগে ।
গিনিপিগ এজনী প্ৰায় চাৰিমাহ মান বয়সৰ পৰা গৰ্ভৱতী হয় । গিনিপিগ এজনী গৰ্ভৱতী হলে অনুমান কৰিবলৈ উপায়টো হ-গৰ্ভৱতী হোৱাৰ পাছৰে পৰা ইহঁতৰ খোৱাৰ পৰিমাণ বহুত বাঢ়ি যায় । আৰু খোজ কাটল গহীন হৈ পৰে । লাহে লাহে গিনিপিগ জনী শকত হৈ এটা বলৰ হৈ পৰিব পাৰে । পোৱালি জন্ম দিয়াৰ দুদিনমানৰ আগৰ পৰা মাজে মাজে কু কু কুৱাই থাকিব পাৰে । চিকিৎসা বিজ্ঞানৰ মতে  এজনী গিনিপিগে ৬০ৰ পৰা ৭৫ দিন গৰ্ভধাৰণ কৰে । কিন্তু অভিজ্ঞতাৰ পৰা এইটো কথা দৃঢ়কৈ কব পাৰি যে সকলো গিনিপিগে ৬০ৰ পৰা ৭৫ দিনত পোৱালি নিদিবও পাৰে কিছুমান গিনিপিগে প্ৰায় ৯০-১১০ দিন মান সময় লয় । এই গৰ্ভধাৰণ কৰা সময়চোৱা গিনিপিগ জনী যিমান পাৰি যত্ন লব লাগে ।
গিনিপিগক কেতিয়াও অকলশৰীয়াকৈ পুহিব নালাগে । লগ নাপালে এটা সময়ত ইহঁত মৰি যাব পাৰে ।  বৰ্তমান দিল্লীত এহাল গিনিপিগৰ মূল্য ১০০০ টকাৰ পৰা ৩০০০ টকাৰ ভিতৰত । দিল্লীৰ বিভিন্ন স্থানত গিনিপিগ কিনিবলৈ পোৱা যায় । তদুপৰি গৰাকী কৰবালৈ গলে থৈ যাবলৈ গিনিপিগৰ আবাস স্থানো দিল্লীৰ বহু ঠাইত আছে ।
জীৱ-জন্তু মানুহৰ দৰেই । গৰাকীয়ে আপোন কৰি ললে সিও গৰাকীক আপোন কৰি লব ।  ইহঁতক কেৱল অলপ আশ্ৰয় আৰু মৰম লাগে, তাৰ বিনিময়ত সিহঁতে নিজৰ গৰাকীক দিয়ে পৃথিৱীৰ শ্ৰেষ্ঠ ভালপোৱাখিনি । সেই ভালপোৱা খিনিক পৰা জানো আমি বঞ্চিত হৈ থাকিব খুজোঁ ??


বাঁহীটি কিয় বজালা চেনাই






চেৰেক ...চোতালৰ কাষৰ শিলিখাজোপাৰ পাতবোৰত শব্দ কৰি কিবা এটা উৰি গল । বাদুলি চাগৈ ! টিউৱেলৰ কাষৰ কল কেইজোপাত পূৰঠ কল দুঠোকমান আছিল  তাতে হয়তো সিহঁতি সকাম পাতিছে । কালিলৈ দেউতাকক কাটিবলৈ কব লাগিব । কথাটো ভাবি মিনতিয়ে আকৌ বাগৰ সলালে । টোপনি নাহিবই নেকি আজি ! গাত লৈ থকা পাতল চাদৰখন টানি আঁজুৰি জোৰকৈ টোপনি যাবলৈ চেষ্টা কৰিলে । গাঁৱৰ ক্লাৱ ঘৰটোৰ ফালৰ পৰা বাঁহীৰ কোমল সুৰ এটা ভাহি আহিছে । বাঁহীটো কোনে বজাইছে সকলোৱে জানে । ৰংমনৰ বাহিৰে এই গাঁৱত কোনেও ইমান ধুনীয়াকৈ বাঁহী বজাব নাজানে । তাৰ বাঁহীৰ সুৰ শুনিলে টোপনি নহা মানুহৰো টোপনি আহি যায় মাথোন মিনতিৰ বাহিৰে । ৰংমনৰ বাঁহীৰ  সুৰে মিনতিক চুব নোৱাৰে অথচ সি তাইৰ বাবেই বাঁহী বজাই !
ছেহঃ টোপনি নাহিবই চাগৈ । মিনতিয়ে বিৰক্তিৰে বিচনাত বহি লৈ কাষৰ খিৰিকী খন খুলি দিলে । পোহৰ অলপ আহি আন্ধাৰ কোঠাটোত সোমাই পৰিল । সেইকণ পোহৰতে তাই কাষৰ বিচনা খনত শুই থকা মাকলৈ চালে,নাই মাক টোপনি লালকাল । মাকৰ পৰা চকু ঘুৰাই পুনৰ খিৰিকীৰে বাহিৰলৈ চালে । যোৱা দুটা দিনৰ প্ৰতিটো পলেই যেন তাইৰ চকুৰ আগে দি অহা যোৱা কৰিবলৈ ধৰিলে ।

-এটা কথা গম পাইছ মিনতি আইজনীৰ ঘৰলৈ যে আলহী এজন আহিছে...
জেতুকা এসোপা নখৰ গুৰিত আলফুলে লগাই লগাই লতাই মিনতিক সুধিলে ।
-আলহী আহিছে ! তাৰ পৰা আক কি হ?
মিনতিয়ে বিশেষ গুৰুত্ব নিদি জেতুকা লগোৱাত ব্যস্ত হৈ থাকিল ।
-আলহীজন ডেকা লৰা বুজিছ !
লতাৰ কথাত মিনতিয়ে এইবাৰ তাইলৈ চালে ,তাৰ পাছত কৌতুকৰ হাঁহি এটা মুখত ফুটাই কলে
-তোৰ হবলা মন খাইছে । পলোৱাই লৈ যা না ,কোনে বাধা দিছে ।
-পলুৱাব পৰা হলেতো পলোৱাই নিলোঁহেঁতেনকি যে পাহুৱাল ডেকা অ...তই দেখিলেও পাগল হবি বুজিছ ।
-একো গৰজ পৰা নাই ।
-তোৰ গৰজ নপৰিবতো । মনে মনে যে তইও ৰংমনক মন দি থৈছ আমি নাজানো  বুলি ভাবিছ হবলা ?
ৰংমনৰ নামটো শুনি মিনতি জঁকি উঠিল
-সেইডালৰ নাম মোৰ আগত নলবি দেই কৈ দিছোঁ । দেখিবলৈ মন নাযায় ।  মোৰ মন থকা হলে মা-দেউতাই কোন-কাহানিবাই মোক তালৈ বিয়া দিলেহেঁতেন নাজান নেকি ।
-নাজানো পাই ৰংমনৰ দৰে লৰা এটাকো তই কিয় বেয়া পাৱ । পিছে এইটোক ভাল লাগিবও পাৰে । ওলাবিচোন আজি সেইফালে যাম ।
তেনেতে দূৰৈত কাৰোবাৰ চিঞৰ শুনি মিনতিয়ে শহাৰ দৰে কাণ থিয় কৰিলে শুনিলে । চিঞৰটো গালি এসোপা হৈ ওফৰি আহি তাইৰ কাণত সোমালহি ।
-দং দং কৈ ইমান ডাঙৰ ছোৱালী জনী থাকি মই গোটেই ঘৰৰ কামবোৰ কৰিব লাগে । ভাত খাব আৰু ওলাব । দিনৰ দিনটো ইফালে সিফালে গা ঘেলাই ফুৰিব । অ তাইৰ বয়সত মই দুজনী ছোৱালীৰ মাক হৈ ঘৰ ধৰি খাইছিলোঁ । খালে খালে এই বাপেকডালেই লাই দি দি তাইৰ মূৰটো খালে । পঢ়া শুনাতটো নায়েই । এই জনীক কৰবালৈ বিয়া দিলেও পিছদিনাই উভতাই দি যাব, মই লেখি দিলোঁ চাই থাকক ।
ক টোৰ চুক কেইটা তাকো নজনা মাকে কত তাইৰ ভৱিষ্যতৰ কথা লিখিলে সেয়া তাই উমান নাপালেও কপালৰ গাঁঠি কোঁচ খুৱাই লতাহঁতৰ চোতালৰ পৰা ঘৰলৈ বুলি পোনালে । মাকে পঢ়াৰ কথা কলেই তাইৰ মূৰ বেয়া হৈ যায় । হলেই যেনিবা তাই মেট্ৰিক ফেইল সেইবুলি তাই মৰি আছে নেকি ? গাঁৱৰ কেইজনীয়ে নো কলেজলৈ পঢ়িবলৈ গৈছে ? আৰু মাক নিজেনো কিমান পঢ়া কিবা ! সিবেলি ডাঙৰ ভিনদেৱেকৰ প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰাৰ পাছত মাকে পঢ়াৰ কথাক লৈ বেছিকৈ গালি দিবলৈ ধৰিছে । মিনতিয়ে তিনিবাৰ মেট্ৰিক দি পাছ কৰিব নোৱাৰা পাছত শহুৰ-শাহু আৰু মিনতিৰ  আগত ভিনিয়েকে কৈছিল-তেওঁলোকৰ সেইফালে বৰ ভাল মেট্ৰিকৰ চেণ্টাৰ এটা আছে হেনো ।  আখৰ চিনি নোপোৱা লৰা ছোৱালীয়েও বোলে পাছ কৰি যায় । মাষ্টৰ দুজনমানক পতাই  ব পাৰিলে সহজেই পৰীক্ষা হলতে পুৰিয়া যোগাৰ কৰি দিব ।
ভিনিয়েকৰ কথা শুনি মাক দেউতাকে ভালেই পাইছিল । হওক তেও মেট্ৰিকটো যেনে তেনে পাছ কৰিব পাৰিলেও হব । আজিকালি যিহে দিন কাল হৈছে সেইকণ নপঢ়িলে কেনেকৈ হব । পিছে বিধি পথালি দিলে মিনতিয়েহে । তাইক হেনো পুৰিয়াৰ সহায়ত পাছত কৰা সন্মান নালাগে । এনেকৈয়ে ভাল । মিনতিৰ সিন্ধান্তটো শুনি আন কোনেও সন্দেহ নকৰিলেও মাকে কিন্তু ঠিকেই সন্দেহ কৰিলে । কাৰণ প্ৰতি বাৰে  তাই পৰীক্ষা দিবলৈ যাওঁতে চাদৰৰ ভাঁজত জাপে জাপে নকল ভৰাই নিয়া তেওঁ দেখিছে । তথাপিও তাই পাছ কৰিব পৰা নাই । আকৌ ভিনিয়েকৰ তাতো গৈ ফেইল কৰে বুলি ভয় কৰিছে চাগৈ ।  তাইৰ নাক কাণ কটা যাব যে । সেইবাবে সেইবোৰ নাটক কৰিছে ।
-কাৰ ঘৰৰ মেখেলা ধুই আছিলি ? বাপেৰে হাটৰ পৰা আহিলে চাহপানী অকণ দিবলৈ তোক কোৱা নাছিলোঁ নে ? মই অকণমান ওলাই যাবলৈ পালোহে তাইৰ পাখি গজিলেই ...
মিনতিয়ে ঘৰৰ বাৰাণ্ডাত ভৰি থোৱা লগে লগে মাকে আকৌ এপাট অস্ত্ৰ এৰিলে । তাই মাকৰ ফালে পোন্দোৱাকৈ চাই জুহালৰ জুই কুৰা ধৰিলে গৈএই মাকবোৰক যে কোন জন ঈশ্বৰে স্ৰজিলে ! শান্তিত থাকিবলৈ নিদিয়ে !
 আবেলি লতাৰ লগত মিনতি আইজনীৰ ঘৰলৈ গল । তাৰ পাছৰ সময়খিনি যেন দীঘল হৈ পৰিল । আইজনীৰ ঘৰৰ পৰা আহি তাই অলপ সময় নিজৰ কোঠাত সোমাই পুৰণি স্কুলৰ কিতাপ দুখনমান লিৰিকি বিদাৰি থাকিল । তাৰ পাছত ঘৰ সাৰিলে,চোতাল সাৰিলে , গোহালিত জাক দিলে ,চোতালত শুকাবলৈ মেলি থোৱা খৰি নি ধোঁৱাচাঙত নিয়াৰিকৈ থলেগৈ । মাকে তাইক আলেঙে আলেঙে লক্ষ্য কৰি থাকিল । তাইৰ মতি গতি সলনি হোৱা যেন দেখি তেওঁৰো মনটো ভাল লাগিল । মিনতিক লৈ তেওঁলোকৰ কমতি চিন্তা নেদেখাই শুনাই তাই গাঁৱৰ ছোৱালীবোৰৰ ভিতৰতে লেখত লব লগীয়া । তথাপি তাইক লৈ শান্তি নাই । ৰা নাইকিয়া ঘৰ । ছোৱালীয়েই পাঁচজনী । চাৰিজনীক কেতিয়াবাই ভাল লৰাৰ হাতত গতালে । মিনতি পেটমোচা । সেইদেখি সকলোৰে মৰম চেনেহ পাই আলসুৱা আৰু অঘাইতং হৈ পৰিল ।  মিতিৰ কুটুমে কয় বোলে এইজনী যিহে স্বভাৱ  বিয়া দি বদনামৰ ভাগি হোৱাতকৈ ঘৰ জোঁৱাই এটা চপাই লোৱাই ভাল । তেওঁলোকৰো বুঢ়া দিনৰ লগ এটা হব । কথাবোৰ গমিপিতি লৰা নোচোৱাও নহয় চাইছিল । মনে খাইছিল সিখন গাঁৱৰ ৰংমন বোলা লৰা এটাক । স্বভাৱে পাতিয়েও ভাল । ঘাট মাউৰা লৰা । আইতাকে তুলি তালি ডাঙৰ দীঘল কৰিলে । এতিয়া আইতাকো ঢুকাল । সাতে পাঁচে বাৰ হৈছিলেই । পিছে আকৌ খেলি মেলি লগালে মিনতিয়ে । তাই বোলে মৰি গলেও ৰংমনৰ সৈতে বিয়া নহয় । আৰু কোনোবাই যদি জোৰ কৰে তেতিয়া বাৰী চুকৰ টেঙাজোপাতে ওলমি দিবতাইৰ কথা শুনি ঘৰৰ সকলোৱে ভয় খালেএইজনীয়ে নোৱাৰা কাম একো নাই । গতিকে বিয়াৰ কথা সিমানতে শেষ হল ।
মাকে এইফালে মিনতিক লক্ষ্য কৰি আছে ,সিফালে মিনতিৰ মনত ফাগুনৰ নিলাজ বতাহ জাকৰ দৰে বতাহ এজাকে ঘুঁকটিয়াই ফুৰিছে । মিনতিৰ ভাষাত কবলৈ গলে তাইৰ মনটো এতিয়া মাটিত পেলাই দিলে জঁপিয়াই ফুৰা চেঙেলী মাছটোৰ দৰে হৈ আছে । ভিতৰি ভিতৰি তাই অকণো শান্তিৰে থাকিব পৰা নাই । বাৰে বাৰে আইজনীৰ ঘৰত কালি চিনাকি হোৱা ডেকাজনৰ কাষলৈ মনটো উৰি গৈছে । কিযে সুন্দৰ ব্যক্তিত্বৰ ডেকা ! আইজনীৰ চহৰত চাকৰি কৰি থকা ককায়েকৰ বন্ধু বোলে । খুব ধুনীয়া গান গায় । কালি লতা আৰু তাই যাওঁতে সিহঁতৰ ঘৰত গানৰ মজলিচ এখনেই বহি আছিল । আইজনী আৰু ডেকাজনে দ্বৈত কণ্ঠত গান গায় আছিল আৰু কাষতে বহি আইজনীৰ ককায়েকে গিটাৰ বজাই আছিল । আইজনীয়ে ভাল গান গায় । অৱশ্যে মিনতিয়ে আগতে আইজনীৰ গান ইমান মন দি শুনা নাছিল । কলেজত পঢ়ি থকা আইজনীয়ে নিজকে সিহঁততকৈ অলপ বেলেগ বুলি ভাবে । আৰু ইফালে মিনতিৰো নিজৰ ৰূপক লৈ অলপ অহংকাৰ আছে । গাঁওখনৰ ভিতৰতে তাই সকলোতকৈ ধুনীয়া ছোৱালীআইজনী কলেজলৈ গলেই বুলিয়েই তাইৰ আদৰ বেছি হব নে ? সেইবাবে পেটে পেটে ইজনীয়ে সিজনীক সিমান ভাল নাপায় ।  সেইদিনা কিন্তু সকলো ঈৰ্ষা ভাৱ পাহৰি মিনতিয়ে গান শুনিলে । গান শুনি শুনি তাই একেবাৰে হেৰাই গল । পিছে কাকো তাই নিজৰ ভাৱ জানিবলৈ নিদিলে আনকি লতাকো । পাছত ডেকাজনৰ সৈতে চিনা পৰিচয় হৈ ঘৰলৈ গুছি আহিল । আৰু তেতিয়াৰ পৰাই মিনতিৰ মনটো মাটিত পৰি থকা চেঙেলী মাছটোৰ দৰে ছটফটাই আছে ।
পিছদিনাও মিনতিৰ মনৰ অৱস্থা একে থাকিল । ডেকাজনে চাগৈ তাইক পচন্দ কৰিছে । কাৰণ গান গাই থাকোঁতে তেওঁ বাৰে বাৰে তাইৰ চকুলৈ চাইছিল । কেইবাবাৰো তাইৰ চকুত চকু থৈয়ে গাইছিল । তাই যিমান ধুনীয়া তাইক নোচোৱাকে কোন লৰা থাকিব পাৰিব হয়নে । ৰংমন বোলাটো সেইবাবেইটো তাইৰ বাবে পগলা । তাই বিয়া নহওঁ বোলোতে সি বাটত আগচি এদিন কৈছিল-তোৰ বাবে মই বাট চাম মিনতি । মই জানো তই সলনি হবিয়েই । মোৰ ভালপোৱাই এদিন তোক মোৰ কাষলৈ লৈ আহিবলৈ বাধ্য কৰাব । সেয়া মোৰ বিশ্বাস । মই সেই দিনটোলৈ বাট চাম । তাৰ মুৰটো ! আলহী ডেকাজনৰ পৰা আহি ৰংমনৰ কথা মনত পৰাত মিনতিৰ মনটো তিতা কেহা লাগি গল । কৰ সেই চহৰত চাকৰি কৰি থকা সুঠাম ডেকাজন আৰু কৰ এই বাঁহী বজাই ফুৰা ভুচুংপহুটো ।
মিনতিয়ে সেইবোৰকে পাগুলি হাতত চাদৰ এখন লৈ ঘৰৰ পুখুৰীটোৰ পাৰত ৰলহি । চাদৰখন কাষতে থকা জেওৰা খন থৈ তাই লাহেকৈ পুখুৰীটোত নামিল । দুপৰীয়া এই সময়কণত পুখুৰীত সাঁতুৰি-নাদুৰি  গা ধুবলৈ বৰ ভাল । গা-পা ধুই লতাৰ লগত আইজনীৰ ঘৰলৈ যাব । আইজনীয়ে কালিয়েই মাতি থৈছে,ৰবাব টেঙা খাবআলহী ককায়েকে হেনো খাই ভাল পাই ! টেঙা লগে ভাগেহে খাই ভাল লাগে !  মনৰ অজানিতেই তাই গুণ গুণাই উঠিল । হঠাতে সাঁতুৰিবলৈ এৰি কালি লতাই কোৱা কথা এষাৰ মনত পেলালে । লতাই কৈছিল আইজনীয়ে  বোলে আগতে ভালকৈ গান গাব পৰা নাছিল । সদায় ৰেৱাজ নে কি কৰে বোলে । কেতিয়াবা ঘৰৰ পুখুৰীত নামি ডিঙিলৈকে ডুব যোৱা ঠাইত ৰৈ ৰেৱাজ কৰে । তেনেকৈ ৰেৱাজ কৰিলে কণ্ঠ বহুত সুৱলা হয় হেনো !
মিনতিয়ে সাধাৰণতে লতাৰ কথা বিশ্বাস নকৰে । কিন্তু আজি কি মন গল জানো পুখুৰীৰ ডিঙিলৈকে ডুব যোৱা ঠাই এডোখৰত ৰৈ মনত যি আহে তাকে চিঞৰি চিঞৰি গাবলৈ ধৰিলে । পাঁচমিনিট মান গাইছিলহে চাগৈ ফৌফৌৱাই আহিল নহয় গালি অলপ
-মাকতিয়েকে ,এই ভৰ দুপৰীয়াখন পানীৰ মাজত ৰৈ টেঁটুফালিবলৈ তোক কিহে পাইছে হয়নে ?  মাছৰ কণীবোৰ ঘোলা কৰিব নালাগে । ভালে ভালে উঠি আহিলি নে ?
মাক ! এই মাকজনী জানো তাইৰ কোন জনমৰ শত্ৰু আছিল ! মাকক ভোৰভোৰাই তাই পানীৰ পৰা উঠি আহিল । তাৰ পাছত বহুদেৰি সাজোন কাচোন কৰি লচপচ কৈ লতাৰ সৈতে আইজনীৰ ঘৰলৈ ওলাই গল । সেই যে আইজনীৰ ঘৰলৈ গল তাৰ পাছৰে পৰা মিনতিৰ মনত ধুমুহা এজাক বলি আছে । আগদিনা বলি থকা নিলাজ বতাহ জাক কৰবালৈ  পলাই গ
ধপ ! মিনতি চক খাই উঠিল । বাদুলি কেইজনীয়ে সকাম শেষ হোৱাত গৈছে গৈ চাগেইমান পৰে নিজৰ ভাৱত মগ্ন হৈ সময়ৰ কথা তাই পাহৰিয়েই গৈছিল । গাৰুৰ তলৰ পৰা খেপিয়াই খেপিয়াই হাত ঘড়ীটো উলিয়াই জোনৰ পোহৰতে জুমি জুমি চালে । এঘাৰ টা বাজিছে ! গধূলি সাতবজাতে শুৱাপাটিত পৰা গাঁৱলীয়াৰ বাবে এঘাৰ বজা মানে ৰাতি এডোখৰ হোৱা । মিনতিয়ে মাকলৈ চালে ।বেচেৰী মাকজনীয়ে এনেইহে তাইক গালি শপনি পাৰি থাকে ,তাইলৈ যে অগাধ মৰম আছে তাই ভালকৈয়ে জানে । মাক মাকেই । গধূলি তাই ভাত নাখাওঁ বুলি কোৱাত বাৰে বাৰে সুধি আছে কি হৈছে,গা বেয়া নেকি, কোনোবাই কিবা কলে নেকি ...মিনতিয়ে মাকক হাঁহি মুখেৰেই একো হোৱা নাই বুলি কলেও তেওঁ যে কিবা সন্দেহ কৰিছে তাই সেয়া ভালকৈয়ে বুজিছে । মিনতিয়ে বাৰু মাকক কেনেকৈ কয় ! কেনেকৈ কয় ?  মনত পেলাব নুখুজিলেও,বাৰে বাৰে ঠেলি হেঁচি কৰবাত থৈ আহিলেও আকৌ সেই মুহূৰ্তটোৰ কথাবোৰ তাই কাণত বাজি উঠিল ।
দুপৰীয়া আইজনীহঁতৰ ঘৰৰ জপনা খুলি সোমাই যাওঁতেই লতা আৰু মিনতিয়ে অনুভৱ কৰিলে ঘৰখন যেন বৰ ঠাণ্ডা হৈ আছে । হয়তো সকলোৱে দুপৰীয়া ভাত ঘুমটি মাৰিছে । দুয়োজনীয়ে চুচুক-চামাক কৈ বাৰাণ্ডাত উঠিবলৈ লৈছিল হে তেনেতে বতাহত হালি জালি থকা পৰ্দাৰ ফাঁকেৰে দুয়োজনীৰে চকু আলহী বহা কোঠালৈ গল । দুয়োজনী থৰ হৈ গল । লতাই মিনতিলৈ চালে । মিনতিৰ চকু কিন্তু তেতিয়াও ভিতৰত । ভিতৰত প্ৰায় অসংযত অৱস্থাত আলহী ডেকাজনৰ সৈতে আইজনী বহি আছিল ! দুয়ো লাহে লাহে কথা কৈ আছিল যদিও কেইশাৰীমান কথা লতা আৰু মিনতিৰ কাণত ঠহ ঠহ কৰে সোমালহি ।
-কালি সেইজনীক আপুনি যেনেকৈহে চাই আছিল,মই আক আপুনি তাইৰ প্ৰেমতে পৰা বুলি ভাবিছিলোঁ ।
-কোন ? সেই মিনতি নে ফিনতি বোলা ভুচুংপহু জনীক ? ধেত ! তুমি যে কি ভাবা, তোমাক এৰি সেইজনীক ভাল পাবলৈ মোক বলিয়া কুকুৰে কামোৰা নাই নহয় ।
আলহী ডেকাজনৰ কথাত আইজনীয়ে খিলখিলাই হাঁহি তেওঁৰ কোলাত বাগৰি পৰাৰ দৰেই কৰিলে ।
হুৰহুৰাই নিজক লৈ থকা অহংকাৰৰ আকাশৰ পৰা মিনতি খহি পৰিল । তাইৰ চকু দুটাও চলচলীয়া হৈ পৰিল । আইজনীহঁতক একো উমান নিদিয়াকৈয়ে তাই উভতি আহিল । লগতে লতাও । তাইৰো ৰবাব টেঙা খোৱা হেঁপাহ হেৰাই গল চাগৈ । তেতিয়াৰ পৰাই মিনতিয়ে মনৰ ভিতৰতে কান্দি আছে । আলহী ডেকাজনক হেৰুৱাৰ দুখত নহয়,লাজত । নিজৰ মাজতে কঢ়িয়াই লৈ ফুৰাৰ অহংকাৰৰ অনুশোচনাত ।
চেঁচা বতাহ এজাক সোমাই আহিল । মাকে কেনেবাকৈ সাৰ পাই যাব বুলি ভাবি মিনতিয়ে খিৰিকীখন বন্ধ কৰিবলৈ ললে । বতাহৰ সৈতে গাঁৱৰ ক্লাৱৰ ফালৰ পৰা বাঁহীৰ সুৰ এটাও কোঠাটোলৈ সোমাই আহিল । ৰংমন ! ইমান ৰাতিলৈকে সি বাঁহী বজাই আছে ! কিয় ? নে সিও মোৰ দৰে শুব পৰা নাই ? কিহৰ দুখত ? কাৰ বাবে ? তাইৰ বাবেই নে ?  মিনতিয়ে বেছি ভাবিবলৈ নাপালে ,ৰংমনৰ বাঁহীৰ সুৰটোৱে প্ৰথম বাৰৰ বাবে তাইৰ সকলো ভাৱকে আগুৰি ধৰি বুকুৰ ইপাৰ হৈ গল । ইমান কৰুণ সুৰ ! ইমান মোহনীয় সুৰ !
বন্ধ কৰিবলৈ লোৱা খিৰিকীখন পুৱালৈকে খুলা ভাগেই থাকিল ।

(লেখাটো ২০১৪ চনৰ জনসাধৰণৰ বসন্ত উপচাৰত প্ৰকাশিত )

বিশ্ব গ্ৰন্থ মেলা





নিগনিয়ে ধান গোটোৱা দিয়েই গোটাইছোঁ । যোৱা তিনিটা বিশ্ব গ্ৰন্থ মেলাৰ পাছত মোৰ কিতাপৰ সংগ্ৰহ । ঘৰত এৰি অহাখিনিলৈ মাজে মাজে দুখ আৰু ঈৰ্ষাৰে মনত পেলাওঁ । তাৰ পাছত আকৌ ভাবো কিনিম কিনিম...চব কিনিম ।

দিল্লীৰ প্ৰগতি ময়দানত হোৱা বিশ্ব গ্ৰন্থ মেলালৈ এইবাৰ তৃতীয় দিনা গৈছিলোঁ । অন্বেষাত সোমোৱাৰ লগে লগে যোৱা দুবছৰে দেখা ব্যক্তি জনে কলে-এইবাৰ পলম কৰিলে দেখোন !
এৰা এইবাৰ পলমকৈ গলো । আগৰ দুবাৰ মই প্ৰথম দিনাই গৈছিলোঁ । নিজকে ৰখাবই নোৱাৰিছিলোঁ । এইবাৰ কথা অলপ বেলেগ হল । শেহতীয়াকৈ যোৱা অসম ভ্ৰমণ ,তাৰ পাছত শাহু আৰু ভতিজাৰ বাবে গংগাৰাম হস্পিটাললৈ অহা যোৱা কৰি দূবৰি বন মৰা, এইবিলাকৰ বাবেই  মোৰ বছেৰেকীয়া হেঁপাহৰ বজাৰৰ মূল্য অলপ কমাই দিব লগা হল । সেইবাবেই মন বেয়া হৈ আছিল । তথাপি গলো ।
অন্বেষাত সোমায়েই প্ৰথম হাতত তুলি ললো পৰাগ কুমাৰ দাসৰ ছাংলট ফেনলাস্কুলত পঢ়ি থাকোঁতেই কিতাপখন পঢ়িবলৈ পাইছিলোঁ । তেতিয়াই সেইখন মোৰ প্ৰিয় কিতাপৰ তালিকাত সোমাই পৰিছিল । পাছলৈ কিতাপখনৰ বহুত কথা পাহৰিছিলোঁ যদিও কিতাপখনৰ প্ৰতি এটা বেলেগ আকৰ্ষণ থাকি গল । ছাংলট ফেনলাখন হাতত লওঁতে কাষতে থকা তিনিখন কিতাপলৈ চকু গল । তাৰে দুখনৰ নাম আলফা আৰু এখনৰ নাম হয়তো পৰেশ বৰুৱা সন্ধানত আছিল ( মই কথাবোৰ খুব সোনকালে পাহৰি যাওঁ ) । আলফা সৈতে জড়িত কোনো ধৰণ কিতাপ বা আন একোৱেই আমি ভাল নাপাওঁ । আমি মানে মই আৰু মোৰ গৃহস্থ । আলফা কিয় জন্ম হৈছিল,জন্ম হৈ কি কৰিলে , কোনে, কি কাৰণত আচলতে জন্ম দিছিল জনাইচোন জানেই,আৰুনো নতুনকৈ জনাৰ কি দৰকাৰ । আৰু কিতাপত যে সকলোবোৰ সঁচাই লিখিব তাৰ কি প্ৰমাণ । অৱশ্যে ছাংলট ফেনলাখন মই বেলেগ ভাৱত কিনিছোঁ । সেইখনৰ সৈতে মোৰ স্কুলীয়া জীৱনৰ কিছুমান অনুভৱ জড়িত হৈ আছে ।
শুকুলা হাতীৰ খোজ-প্ৰভাত গোস্বামীৰ এই কিতাপখনৰ বিষয়ে সাহিত্য ডট অৰ্গৰ গ্ৰন্থ সমালোচনাত পঢ়িবলৈ পাইছিলোঁ । জীৱ-জন্তুৰ ওপৰত লিখা কিতাপ বা এইবিলাকৰ ওপৰত নিৰ্মাণ কৰা চিনেমাৰ প্ৰতি মোৰ সাংঘাতিক দুৰ্বলতা আছে । গতিকে গ্ৰন্থ সমালোচনাটো পঢ়াৰ পাছতেই মই কিতাপখন কিনাৰ কথা ভাবি থৈছিলোঁ । পলম নকৰিলোঁ । ঘৰলৈ আহি কিতাপখন পঢ়াৰ পাছত অনুভৱ হল লেখকে যেন মাজে মাজে তাল মিলাব নোৱাৰিছিল । তথাপি বহুত ভাল লাগিল ।
শুকুলা হাতীৰ খোজৰ পাছত যিখন কিতাপলৈ চকু গল,সেইখন দেখি লগা-লগ হাতত ললো । তাহানি অৰ-তৰ পৰা সংগ্ৰহ কৰি পঢ়া বিস্ময়ৰ চেণ্টুদা,অপু আৰু জগুচোন কিতাপ আকাৰে ওলাল । বৈদুৰ্য্য বৰুৱাৰ লালবাংলাৰ মবিলৱালা নামৰ এই উপন্যাস খন কিতাপ আকাৰে পাই বিৰাট ভাল লাগিল । দামো অন্য কিতাপতকৈ কম,মাত্ৰ ১৪০ টকা । ঘৰলৈ আহি প্ৰথম সেইখনকে পঢ়িবলৈ লৈছিলোঁ । অলপ দেৰিৰ বাবে হেৰাই গৈছিলোঁ চেণ্টুদাৰ সেই সংলাপবোৰৰ মাজত-ক্যা...ক্যা ? ফকত মে নহী খায়া হেই ? একহী মুখচে পুৰি টানেগা চুহাকা মাফিক আউৰ চবজি খায়েগা গৰুকা মাফিক ।
লালবাংলাৰ মবিলৱালাক বাকী কেইখনৰ সৈতে ৰাখি মৃণাল তালুকদাৰৰ মৌতম খন ললো । মৌতমত কি আছে নাজানো । এইখনৰ বিষয়ে কতো পঢ়াও নাই । কিন্তু তালুকদাৰ দেৱেৰ ১৯৬২ খনে মোক এনেকৈ মোহিলে যে মৌতম খনৰ প্ৰতিও মই আগ্ৰহী হৈ পৰিলোঁ । ১৯৬২ খনৰ বিষয়ে সুধিলোঁ, সেইখন বোলে প্ৰেছতেই নাই ! ভাগ্যই মই আগেই অনাই থলো । মৌতমখন পিছে কালিলৈহে পঢিবলৈ ল
সোণ হৰিণৰ চেঁকুৰ-অনুৰাধা শৰ্মা পূজাৰীৰ এই কিতাপখন যোৱাবাৰেই কিনিবলৈ লৈছিলোঁ ,কেনেকৈ জানো থাকি আহিল । এইবাৰ পাই ললো । পিছে কিতাপ খন পঢ়াৰ পাছত হতাশ হলো । কিয় নাজানো,ৰীতা চৌধুৰীৰ মায়াবৃত্তৰ দৰে এইখন কিতাপো মই ভাল নাপালোঁ ।
অলপ দিনৰ আগতে অনুপমাবাৰ ঘৰলৈ যাওঁতে তেওঁৰ সংগ্ৰহত মনালিছা শইকীয়াৰ কিতাপ এখন দেখিছিলোঁ । তেখেতৰ এখনো কিতাপ মোৰ সংগ্ৰহত নাই । গতিকে বিচাৰিলোঁ । নাপালোঁ ।  মনালিছা শইকীয়াৰ এখনো কিতাপ অন্বেষাত নাছিল । কেনেবাকৈ আছিল যদিও মই বিচাৰোঁতে নাপালো । চকুত পৰিল মণিকুণ্তলা ভট্টাচাৰ্য্যৰ বহু কেইখন কিতাপ । এসময়ত মণিকুণ্তলা বাইদেউৰ বিৰাট ভক্ত আছিলোঁ । অৰুন্ধতী পৰা বৰদোৱানী লৈকে প্ৰায় প্ৰতিখন কিতাপেই মোৰ সংগ্ৰহত (অসমৰ ঘৰত) আছিল ।  তাৰ পাছত নিকিনা হলো । কিয় ভাল নোপোৱা হলো সেইটো জনাই তেওঁলৈ এবাৰ বাৰ্তা এটাও দিছিলোঁ । এইটো কথা কবই লাগিব যে মণিকুণ্তলা বাইদেৱে তেওঁৰ পঢ়ুৱৈৰ সাধাৰণ এটা বাৰ্তাও গুৰুত্ব দিয়ে । তাৰ প্ৰমাণ মই ২০১০ চনতেই পাই থৈছোঁ । তথাপি কিনিবলৈ মন নগল । সিদিনা অনুপমাবাৰ সৈতেও সেই একেটা কথাই পাতিছিলোঁ-মণিকুণ্তলা বাইদেউৰ কিতাপবোৰ যেন একেটা ভংগী,একেটা সুৰতেই লিখা হৈছে তেনে লাগে । সেইবাবেই তেওঁৰ নতুন কিতাপ এখন কিনাৰ আকৰ্ষণ অনুভৱ নকৰিলোঁ ।
অন্বেষাৰ এটা চুকত পৰি আছিল অৰূপা পটঙ্গীয়া কলিতাৰ মন হৰি নিব পৰা সেই কিতাপখন যাৰ আৰম্ভণিতেই লিখা আছে  বাৰ্টল্ট ব্ৰেখটৰ শব্দ-
যি জোপা গছত ফল নধৰে
তাক বোলে অফলা
কিন্তু কোনোবাই পৰীক্ষা কৰি চাইছেনে মাটি ?
যি ডাল সহজে ভাগি যায়
তাক বোলে চনকা ।
কিন্তু তাৰ ওপৰত অজস্ৰ বৰফ জমা নাইনে ?
ফেলানী-যিখন কিতাপৰ মূল্য মাত্ৰ ৯০ টকা !! মাত্ৰ দুবাৰ সংস্কৰণ মুখ দেখা এই কিতাপখনক কিতাপৰ মানদণ্ড জোখ মাখ কৰা সাহিত্য অকাডেমীয়েতো চুব পৰাই নায়েই হয়তো পঢুৱৈ সমাজকো ভালদৰে চুব পৰাই নাই ! কিন্তু...কিয়..কিয়...
ফেলানীখন বুকুৰ মাজত লৈয়ে আৰু দুখন কিতাপ হাতত তুলি ললো আশীৰ্বাদৰ ৰং আৰু কাঠনিবাৰী ঘাট মোৰ সংগ্ৰহৰ বাবে । ফোনটো উলিয়াই কিমান টকা হল হিচাপ কৰিলোঁ মোৰ বাজেটৰ আশে পাশে গৈছে নে বাৰু । বাজেট মিলা দেখি সেইখিনি অন্বেষাৰ গৰাকীৰ হাতত দি আকৌ এবাৰ দোকানখন ঘুৰিলোঁ । এইবাৰ চকু পৰিল সৌৰভ কুমাৰ চলিহাৰ গল্প সমগ্ৰ । দাম-১৫০০ টকা ! আগতে হোৱা হলে এইখন কিতাপ কিনাটো মোৰ বাবে কল্পনাৰ বাহিৰত আছিল । অৱশ্যে এইবাৰো কিনিব নোৱাৰিলোঁ । তথাপি চেষ্টা এটা চলাবলৈকে অন্বেষাৰ গৰাকীক সুধিলোঁ ক্ৰেডিট কাৰ্ডখন লব পাৰিব নেকি বাৰু ? তেওঁলোকে মোৰ কথাত কেৱল হাঁহিলে । মই বোলে পৰা হলে কিমান যে ভাল আছিল অপাছত গৃহস্থই কৈছিল-হে ভগৱান বচালা আৰু ! গল্প সমগ্ৰখন কিনিব নোৱাৰিলোঁ । কিন্তু অহাবাৰ সেইখন কিনিমেই কিনিম । বিশ্ব গ্ৰন্থ মেলা ২০১৫ লৈ আৰু কিমান দিন আছে বাৰু.................