Thursday, 25 December 2014

মৰিশালি





বলিয়া হাতী বলোৱা আৰু বাঁহনিতলৰ খাল সিঁচা  দুয়োটাই চাগৈ সমানেই টান কাম । বলিয়া হাতী এটাই কেতিয়া কি ৰূপ  ব ধৰিব নোৱাৰা দৰে বাঁহনিতলৰ খালবোৰ সিঁচি থাকিলে কোনফালেদি পুং ওলাই পানীখিনি একেই পৰিমাণ হৈ থাকে ধৰিবই নোৱাৰি ! তথাপি হাৰ নমনা প্ৰাণী জানো কম আছে ! আৰু সেইবোৰ প্ৰাণীবোৰ যদি পুতুহঁতৰ দৰে বাঘৰ আগতেল খোৱাবিধ হয় তেতিয়াটো স্বয়ং ভগৱানও সেও হৈ পৰে ।
কালি আবেলিতে সিদ্ধান্ত হৈ গৈছিল ,কিমান আৰু পুতুহঁতৰ বাৰীৰ খালটোত বৰশীবাই মাছ ধৰিব । ইমান মাছ থকা খালটো সিঁচি পেলালেইচোন খেলা শেষ ! তাৰ ফলস্বৰূপেই আজি লাহনী ,জাকৈ লৈ পুতুহঁত খালটো সিঁচাত লাগিল । খালটোত বৰশী পেলাবই নোৱাৰি লোদোৰ-পোদোৰ চেঙেলী মাছবোৰে ঘেৰি ধৰেহি । গতিকে সিহঁত খাটাং, মাছ খালৈ দাঙিব নোৱাৰাকৈ ওলাব ।
এঘণ্টামান পাল পাতি সিঁচাৰ পাছতো যেতিয়া পানীয়ে শুকুৱাৰ নাম নললে গোটেইকেইটাৰ মন ভাগি গল । দুখে ভাগৰে গোটেইকেইটাই খালটোৰ পাৰতে বহি ইফালে সিফালে চালে-ইমান পুং কৰ পৰা ওলাইছে !
-গছত নলগাকেইটা ,বাঁহনি তলৰ খাল সিঁচি শুকুৱাবলৈ আহিছ ! ভালে ভালে ঘৰলৈ গলিনে ।
সেইগৰাকী নিতাইবুঢ়ী । ৰাতিসাঁজলৈ বুলি ঢেঁকীয়া এমুঠি বিচাৰি আহিছিল । বুঢ়ীক দেখি পুতুহঁতৰ নাক-মুখ কোঁচ খাই গল । লগা-লগ কেউটাই জাকৈ,লাহনীবোৰ চপাই ঘৰলৈ বুলি পোনালে । নহলে বুঢ়ীৰ যিখনহে মুখ সেইখন মুখৰে কিবা গালি ওলাব লাগিলে ৰাতি ঘৰত বাপেকৰ পৰা ভালকৈয়ে এপিটন খাব । গতিকে গলগ্ৰহবোৰৰ কাষৰ পৰা আঁতৰি থকাই ভাল !
নিতাই বুঢ়ীক পুতুহঁতৰ দলটোৱে চকুপাৰি দেখিব নোৱাৰে । বুঢ়ীয়ে কেৱল সিহঁতৰ দোষকেই দেখি থাকে । আৰু মাক-বাপেকবোৰ জানো কম, বুঢ়ীকহে সমৰ্থন কৰে । পুতুহঁতেটো প্ৰায়েই আলোচনা কৰে এই বুঢ়ীজনী মৰাৰ দিনা সিহঁতে হাঁহ মাৰি বনভোজ খাব ।
আউবেলিৰ মাঘবিহুৰ উৰুকাৰ দিনা কথাই ধৰাহওক । ৰাতি মেজি ৰখিবলৈ যোৱা পুতুহঁতক ডাঙৰ লৰা কেইটামানে কলে-এই ঠাণ্ডাত মাছ পুৰি খাবলৈ বৰ ভাল লাগিব । কালি তৰালিপেহীহঁতৰ বৰপুখুৰীটো সিঁচিছিল নহয়, মাছ ঢেৰ থাকিব পাই । পুতু,তহঁতি যাচোন । পেহীক খুজি মাছ অলপ আনগৈ ।
ৰাতি ১১ টা মান বাজিছিল । পুতুহঁতে গৈ তৰালিৰ ঘৰৰ চোতালৰ পৰাই চিঞৰিলে । তৰাপেহী ঐ ,তৰাপেহী ...
 নিতাইবুঢ়ীয়ে জীয়েকৰ সৈতে জুহালত পিঠা পুৰি আছিল । দৰজাখন এফাল খুলি পুতুহঁতলৈ ঘোপাকৈ চালে । তৰালি নিতাইবুঢ়ী নুমলীয়া জী
-তৰাই পিঠা পুৰি আছে । এই মাজৰাতিখন কিয় টেঁটুফালি আছ ?
নিতাইবুঢ়ীক দেখি পুতুহঁতৰ মনটো চেঁচা পৰি আহিছিল । তথাপি সাহস গোটাই কলে
-আমাক মাছ কেইজনীমান লাগিছিল আইতা !
-মাছ ! এই মাজৰাতিখন তহঁতক মাছ লাগে !! বাঁকে থিই থিই পুতি পেলাব জাননে নাই । ঘৰলৈ গৈ শুই থাকগৈ যা ।
শুদাহাতে উভতি অহা পুতুহঁতক দেখি ডাঙৰ লৰাবোৰে খুব হাঁহিলে । সিহঁতি মৰি যোৱা সমান লাজ পালে । জুইৰ কাষত বহি গোটেইকেইটাই নিতাইবুঢ়ীক শাও দিলে
নিতাইবুঢ়ীৰ যেন কোনোদিনে লৰা-ছোৱালী নহয় ভগৱান !!
পিছদিনা বুঢ়ীয়ে গোটেইকেইটাকে মাতি আনি মহৰ দৈৰে বৰাচিৰাৰ জলপান খাবলৈ দি কলে-বোপাইহঁত ,লৰাহঁতৰ মুখত শুনিলোঁ কালিবোলে তহঁতে মোক বৰ ডাঙৰ আশীৰ্বাদ এটা দিলি ! তহঁতৰ মূৰৰ চুলিৰ সমান আয়ুস হওক ।
পুতুহঁতে মাথো ইটোৱে সিটোৰ মুখলৈ চালে । বুজি কিন্তু একো নাপালে । কিছুমান কথা বুজিব পৰাকৈ সিহঁতৰ বয়স হোৱাগৈয়ে নাইযে । সেইবাবে মনে মনে জলপানৰ সোৱাদ লৈ থাকিল ।
দিনবোৰ পৃথিৱীখন সূৰ্য্যৰ চাৰিওফালে ঘুৰা দিয়েই ঘুৰি থাকিল । আকৌ এবাৰ দাৱনিৰ কাচিৰ ব্যস্ততাত আঘোণৰ সোণালী পথাৰখন নৰাৰে ভৰি পৰিল । লগে লগে পুতুহঁতৰো ব্যস্ততা বাঢ়িল ।
চেঁচু বিচাৰি বিচাৰি পথাৰৰ কেইবাটাও আলি খান্দি খাস্তাং কৰাৰ পাছত পুতু,অপুহঁতে নিতাইবুঢ়ীহঁতৰ ঘৰপাছফালে থকা কঠীয়ানিখনতে বহি কোনে কিমান চেঁচু পালে তাকে হিচাপ কৰিবলৈ ধৰিলেহঠাতে অপুৰ চকু পৰিল বুঢ়ীৰ বাৰীৰ চকুত থকা ৰবাব টেঙাজোপালৈ । সি বাকীকেইটাক ইংগিতেৰে টেঙাজোপা দেখোৱালে কেউটাৰে জিভাপানী ওলাই আহিল । ক্ষন্তেক সময়ৰ পাছতে দুটা ৰবাবটেঙালৈ গোটেইকেইটা আহি পুতুহঁতৰ ঘৰৰ পাচচোতাল পালেহি । কোনোবাই নিমখ আনিলেগৈ,আনকোনোবাই কলপাত এখিলা কাটি আনিলে । নলীয়া কটাৰীখন লৈ পুতুৱে ৰবাবটেঙাটোৰ বাকলি গুচাবলৈ লৈছিলহে , মেঘে গজাদি গাজি নিতাইবুঢ়ী ওলালহি
-দেখিলা বোৱাৰী ,মই ঠিকেই সন্দেহ কৰিছিলোঁ । শনিপাতকেইটাক আমাৰ বাৰীৰ পাছফালে দেখিয়েই বুজিছিলোঁ কৰবাত কিবা এটা হেৰাবই এতিয়া । কটা, খাবলৈ নোপোৱাৰ দৰে মৰিশালিৰ ৰবাবটেঙা খাবলৈ আহিছ । দিছ নে ভালে ভালে ।
শেনে কুকুৰা পোৱালী থপিয়াৰ দৰে টেঙাকেইটাই থপিয়াই নি বুঢ়ী হনহনাই আঁতৰি গল । পুতুৰ হাতৰ কটাৰী দঙা ভাগেই থাকিল । সি মাথো দেখিলে মাকে বাৰাণ্ডাৰ চালত গোঁজ মাৰি থোৱা এছাৰিডাল টানিছে ।
সেইদিনা গধূলি কেইবাটিও অসুৰৰ কান্দোন চুবুৰিটোত বিয়পি পৰিল । সেই কান্দোন গৈ নিতাইবুঢ়ীৰ জুহালো চুলেগৈ । নিতাইবুঢ়ীয়ে তেতিয়া জুহালৰ কাষত থৰ হৈ বহি আছিল ।
দুদিনৰ পাছত অসুৰকেইটা আকৌ লগ হল । এইবাৰ গোটেইকেইটাই লগে-ভাগে শপত খালে-সিহঁতে কোনোদিনে নিতাইবুঢ়ীৰ বাৰীত ভৰি নথয় । বুঢ়ীৰ বাৰীৰ এটা ফলো মুখত নিদিয়ে । বুঢ়ীকো দৰকাৰ নহলে মাত নিদিয়ে । সিহঁতি কিবা জানি বুজি মৰিশালিৰ ৰবাব টেঙা খাবলৈ আনিছিল নে ! আৰু আনিলেই যেনিবা তাতেনো ইমান কি পৃথিৱীখন ক্ষতি হল যে তেনেকৈ প্ৰতিক্ৰিয়া দেখুৱাই সিহঁতক বাপেকবোৰৰ হতুৱাই গৰু পিটন খোৱালে । নাই,নাই সিহঁতে আৰু বুঢ়ীৰ ঘৰৰফালে মুখ নকৰে ।   
মাহচেৰেক তেনেকৈয়ে পাৰ হল । গাঁৱৰ আনকোনেও কথাটো মন নকৰিলেও নিতাইবুঢ়ীয়ে ঠিকেই মন কৰিলে অসুৰকেইটাই আজিকালি তেওঁক দেখিলেও নেদেখাৰ ভাও জুৰে । আনকালৰ দৰে মেজিৰ খৰিৰ বাবে গছ বিচাৰিও নাহিল । এনেও সিদিনাৰ ঘটনাটোৰ পৰা বুঢ়ীৰ মনটো ভাল লাগি থকা নাছিল, গতিকে এই কথাই কথা নহয় বুলি বুঢ়ীয়ে সুযোগ বিচাৰি থাকিল । সুযোগ আহিলো সোনকালে । ভেলাঘৰ আৰু মেজিৰ বাবে ঠাই চাফা কৰি থাকোঁতে কেউটি অসুৰকে একেলগে দেখি বুঢ়ী আগবাঢ়ি গল । বুঢ়ীক দেখি সিহঁতি সেমেনা-সেমেনি কৰাত বুঢ়ীয়েই নিজেই সিহঁতৰ কাষত বহিলগৈ ।
-তহঁতে হবলা সিদিনাৰ পৰা মোক বৰ বেয়া পাই আছ ন ?
তামোলেৰে সেলেঙি লগা মুখেৰে নিতাইবুঢ়ীয়ে মিচিকিয়াই সুধিলে । কোনেও পিছে উত্তৰ নিদিলে ।
-হেৰৌ টেঙা খাবলৈ মন গৈছিল যদি বাৰীত লাগি থকা কাজিনেমু কেইটা দেখা নাছিলি জানো,তাৰে সোপাকে চিঙি অনাহলেও মই একো নকলোহেঁতেন ।কিন্তু তহঁতে আনিলি গৈ  মৰিশালিত ৰোৱা ৰবাব টেঙাজোপাৰ পৰা ! তাকো সেইটো মৰিশালিৰ টেঙাজোপাৰ পৰা ...
মুখ ভৰি অহা পিক সোপা ফেৰেককৈ  কাষতে পেলাই নিতাইবুঢ়ীয়ে আকৌ কবলৈ লাগিল ।
-বুজিছ, বহুদিনৰ আগতে তহঁতৰ সমান লৰা এটা মোৰো আছিল । ছজনীৰ ছোৱালীৰ পাছত হোৱা লৰাৰ বাবেই মৰম অলপ বেছি পাইছিল চাগৈ । তেনেই তহঁতৰ নিচিনাই অসুৰ আছিল । অলপো শান্তিত নাথাকিছিল । সি ৰবাব টেঙা বৰ ভালপাইছিল । তহঁতৰ নিচিনা খাবলৈ বুলি নহয়, খেলিবলৈ বুলিহে ভাল পাইছিল । এদিন কিহল ,মই ঢেঁকীশালত বায়েকহঁতৰ সৈতে জলপান খুন্দাত ব্যস্ত আছিলোঁ ,সি পাচচোতালতে ৰবাব টেঙা এটা লৈ খেলি আছিল । এপাকত গৈ টেঙাটো নাদত পৰিলগৈ । পাছে পাছে টেঙাটো তুলিবলৈ বুলি গৈ সিও পৰিলগৈ । আমি যেতিয়া গম পাওঁ তেতিয়া টেঙাটোৰ সৈতে সিও পানীত ওপঙি আছিল ! বাৰীৰ চুকৰ সেই মৰিশালিটো তাৰেই । ময়েই সেই ৰবাব টেঙাজোপা তাত ৰুই দিছিলোঁ । টেঙা এটাৰ বাবেই আমাক এৰি যোৱা লৰাটো টেঙাৰ তলতেই শুই থাকক বুলি । সেইবাবেই সেইজোপাৰ টেঙা কোনোবাই চিঙিলে মোৰ মূৰটো উতলি আহে । তহঁতি বেয়া নাপাবি । বিহুৰ জলপান খাবলৈ আহিবি । মহৰ দৈ আনি থৈছোঁ ।
অকণো খোকোজা নলগাকৈ কথাখিনি কৈ নিতাইবুঢ়ী গুচি গল ।  বুঢ়ীয়ে আঁচলৰ তলতে লুকুৱাই অনা ৰবাব টেঙা এটা সিহঁতৰ ভৰি কাষত পৰি আছিল । এটাৰো মন নগল টেঙাটো চুই চাবলৈ । সিহঁতে মাথো আঁতৰি যোৱা বুঢ়ীলৈ ভেলেঙা লাগি চাই থাকিল । সেইয়া যেন বুঢ়ী নহয়, এটা মৰিশালিহে আঁতৰি গৈ আছে !!

No comments:

Post a Comment