Thursday, 25 December 2014

লেখক ফচং




লাহৰীৰ জীয়েকৰ বিয়াত কাউৰীৰ সমূহীয়া আক্ৰমণৰ বলিহৈ শৰীৰৰ বিভিন্ন অংশত নোম হেৰুৱাই ফাপৰে ধৰা জন্তুৰ দৰে হব লগা হোৱাত লাজতে ফচং কেইদিনমান ঘৰৰ পৰা নোলালেই । দাংকাং,বাংকাঙেও বতাহ-পানী সলনি কৰাৰ চলেৰে দূৰৈৰ চহৰ এখনলৈ অলপ দিনৰ বাবে গুচি গল । মাহেকজোৰা বু-বা কৰাৰ পাছত কাণ্ডটো সকলোৱে পাহৰিবলৈ ধৰিলে আৰু ফচঙেও গা-টঙাই আগৰদৰে বুকু ফিন্দাই ঘুৰি ফুৰিবলৈ ধৰিলে ।
-সেই দগাবাজটো এইফালে আহিছে । মৰাৰ ভেশচন ধৰ জলদি । নহলে কেতিয়া তাৰ পেটত সোমাবিগৈ গমেই নাপাবি ।
মুখ চেলেকি চেলেকি গহীন খোজেৰে ঘৰৰ ভিতৰলৈ সোমাই অহা ফচঙক দেখি পঁইতাচোৰা এটাই চিঞৰি উঠিল । লগে লগে আশে-পাশে থকা পঁইতাচোৰা কেইজনীয়ে লুটি খাই পৰি নিথৰ হৈ পৰি ৰল । ফচং আহি কাষ পালেহি । নিথৰ হৈ পৰি ৰোৱা পঁইতাচোৰাকেইজনীলৈ অকণমান সময় চালে ,তাৰ পাছত দলপতি যেন লগা পঁইতাচোৰাটোৰ পেটত জোৰেৰে ঢকা এটা মাৰি অট্টহাস্য কৰি উঠিল ।
-এনে কিবা বলীউদৰ অভিনেতাকেইটা...মই যেনিবা ধৰিব পৰা নাই হে...তহঁতৰ দৰে কুন্ধচ জীৱবোৰ সদায় সদায় খাবলৈ মোৰ দৰে পাহুৱাল বোন্দাটোৰ হাত ভৰি নোহোৱা হৈ যোৱা নাই ।
নিজৰ গুণ গাই ফচং আঁতৰি যোৱাৰ লগে লগে ভেশচন জুৰি পৰি থকা পঁইতাচোৰা কেইজনীয়ে লৰালৰিকৈ আধামৰা হৈ পৰা পঁইতাচোৰাটোক দাঙি ধৰিলেহি । প্ৰত্যেকৰ চকুত তেতিয়া জুই বিৰিঙি উঠিছিল । আনফালে নেজডাল পাক খুৱাই ফচঙে শুবলৈ চেষ্টা কৰিলে । কিন্তু টোপনি হলে নাহিল । বাৰে বাৰে অলপ আগত লগ পোৱা টেক্সীৰ কথা মনলৈ আহি থাকিল ।
টেক্সী ফচঙৰ লৰালিৰে বন্ধু । আৰু এতিয়া সদৌ শগুনমৰা আঞ্চলিক বোন্দা সমাজৰ সম্পাদক ! আগতে ফচঙৰ সৈতে দেখা হলে উকিয়া-উকিয়াই কথা পতা টেক্সীয়ে আজি তাৰ পৰা দূৰত্ব বজাই ৰাখি উপদেশহে দিলে ।
-বুজিছ ফচং এতিয়া আৰু তই আগৰ দৰে বেয়া কামবোৰ কৰি থাকিলে বোন্দা সমাজে সহি নাথাকে । বোন্দা সমাজৰো এটা সন্মান আছে । তই বাৰে বাৰে সেই সন্মান পানী কৰি দিয় । শুন ,ভালকৈ থাক । সমাজৰ দহজনে ভাল বোলা কিবা এটা কৰ । তোৰ পুৰণি বন্ধু হিচাপে তোক কব লগাখিনি কলো । ইয়াৰ পাছতো যদি তই নিজকে সলনি নকৰ আমি কিন্তু কঠোৰ হম ।
তলমূৰ কৰি ফচঙে কথাখিনি শুনি থাকিল । কালি পৰহিলৈকে তাৰ লগে লগে তাক তেলাই ঘুৰি ফুৰা টেক্সীয়ে আজি তাক ধমক দিব পাৰে ! তাৰ মৰি যোৱা সমান লাজ লাগিছিল । পৰাহলে তেতিয়াই টেক্সীৰ টেঁটু চেপি ধৰিলেহেঁতেন কিন্তু বোন্দা সমাজৰ সম্পাদক হোৱাৰ পাছৰে পৰা টেক্সীক জোকাই লোৱাৰ সাহস ফচঙৰ নাইকিয়া হৈ গলাজে অপমানেই সি আঁতৰি আহিল । আৰু সেই লাজে এতিয়াও তাক দহি আছে ।
নোৱাৰি ,এনেকৈ আৰু জীয়াই থাকিব নোৱাৰি । কিবা এটা কৰিবই লাগিব !
নেজৰ মাজত মুখ সোমোৱাই ফচঙে তিনিদিনমান কেৱল ভাবিলে । তিনিদিনৰ অন্তত হাবিৰ ফালে ওলাই গল । দুঘণ্টামান হাবিত কষ্ট কৰাৰ পাছত এসোপা গছৰ ছাল লৈ ফচং ওলাই আহিল । তাৰ পাছৰ দুদিন ছালসোপা চিজিল লগাওতেই গল । সকলোবোৰ ছিজিল লগোৱাৰ পাছত আমতলত বহি ছালবোৰত মেকুৰী ভাষাত কিবা লিখিবলৈ লাগি গল ।
প্ৰথম দুদিন কোনেও কথাটো মন কৰা নাছিল যদিও লাহে লাহে কথাটো চাৰিওফালে বিয়পি গল । ফচঙে কিবা লিখিছে ।ফচং লেখক হৈছে ! কথাটো ৰজাৰ কাণটো পৰিল গৈ । ৰজাই লগে লগে জিলীক খবৰ লবলৈ পঠালে । জিলী আহি ফচঙৰ কাষ পাই মানে ফচঙৰ লিখি হওঁ হওঁ । সি জিলীক সকলোবোৰ উদ্দেশ্য বেকত কৰিলে । জিলীয়ে স্বভাৱসিদ্ধ মাতেৰে চিঞৰি চিঞৰি সকলোকে তাৰ লেখিনিৰ উদ্দেশ্য ঘোষণা কৰি দিলে । নিগনি আৰু এন্দুৰ কেইটাৰ বাহিৰে সকলোৱে একমুখে ফচঙৰ শলাগ ললে ।

মেকুৰীৰ সমাজতো কথাটো আলোচনা হল । নহবই বা কিয় । ফচঙে হেনো নিগনি ধৰা এশ এটা উপায় বুলি কিতাপ এখন লিখিছে । তাত নিগনি ধৰিবলৈ এশ এটা উপায় বৰ্ণনা কৰিছে । ফচঙৰ মতে এতিয়াৰ পৰা হেনো সৰু সৰু মেকুৰীৰ পোৱালিবোৰে সেই কিতাপখন পঢ়িলেই নিগনি ধৰিব পৰা হব । মাকে বেলেগকৈ প্ৰশিক্ষণ দিয়াৰ দৰকাৰ নাই । আৰু যিবোৰ মেকুৰীয়ে নিগনি ধৰিব নোৱাৰে সেইবোৰেও এইখন কিতাপৰ সহায়ত সহজেই নিগনি ধৰিব পাৰিব । আচৰিত কথা !
বনৰজাই এনে মহৎ  কামৰ বাবে ফচঙলৈ এসোপা উপহাৰ পঠালে । আৰু সকলো মেকুৰী সমাজকে আদেশ দিলে সিহঁতে যাতে ফচঙৰ কিতাপখন পঢ়েমেকুৰীৰ সমাজেও আদেশটো আন্দনমনৰে আদৰি ললে । লগতে সদৌ ৰাজ্যিক বোন্দা সমাজৰ তৰফৰ পৰা ফচঙক এটা বিশেষ উপাধিৰে সন্মানিত কৰিব বুলি ঘোষণা কৰিলে ।
ফচঙৰ এতিয়া জয়জয় ময়ময় । সি যেনিয়েই যায় তেনিয়েই জন্তুবোৰে তাক ঘুৰি ঘুৰি চায় । বহুতে ভাৱে ইছ ময়োতো তেনেকুৱা এখন লিখিব পাৰিলোঁহেঁতেন । আগেই কিয় নাভাবিলোঁ ! টেক্সীয়ে কিন্তু ফচঙে কিতাপ লিখাটো বৰ এটা ভালপোৱা নাছিল । তাৰ মতে মেকুৰীসমাজৰ এই গোপন কৌশলবোৰ গোপন হিচাপেই থকা ভাল আছিল । সি মেকুৰীৰ মাহেকীয়া আলোচনা সভাত কিতাপখনৰ বিভিন্ন দোষবোৰ আঙুলিয়াই দিলেফচঙে কথাটো ভাল নাপালে । টেক্সিক এসেকা দিয়াৰ এইয়াই সুযোগ বুলি ভাবি সি ঠেহ পাতি সভাখনৰ পৰা উঠি আহিল । ফচঙক তেনেকৈ সভা এৰি গুছি যোৱা দেখি বাকীবোৰ বোন্দাৰ মাজত হুলস্থুল লাগি গল । শেষত সৰহসংখ্যক বোন্দাৰ মতামত অনুসৰি এটা সন্মানীয় প্ৰচেষ্টাক অপমান কৰাৰ অভিযোগত টেক্সীক বোন্দা সমাজৰ সম্পাদকৰ পদৰ পৰা বৰ্খাস্ত কৰা হয় আৰু ফচঙক নতুন সম্পাদক হিচাপে ঘোষণা কৰা হয় । সুখত ফচঙৰ মুখ উজ্জ্বলি উঠিল ।
মুঠতে সকলোফালে ফচঙৰেই ভাগ্য সুপ্ৰসন্ন হৈ পৰিল । কিন্তু দুটা জাতি ফচঙৰ এই উন্নতিত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হবলৈ ধৰিলে । এন্দুৰ আৰু নিগনি জাতিৰ ! যিবোৰ মেকুৰীয়ে আগতে নিগনি এন্দুৰ ধৰিব নোৱাৰিছিল সেইবোৰেও ফচঙৰ কিতাপৰ পৰা জ্ঞান লৈ টপাটপ নিগনি ধৰিবলৈ ধৰিলে । আনহাতে বিভিন্ন বোন্দাৰ পৰা বিভিন্ন কৌশলবোৰ জানি ফচঙে সেইবোৰো কিতাপত অন্তভূক্ত কৰি যাবলৈ ধৰিলে । ফলত নিগনি আৰু এন্দুৰ সমাজৰ অস্তিত্ব প্ৰায় সংকটত পৰিলহি । উপায়হীন নিগনি-এন্দুৰবোৰে নিজৰ মাজতে আলোচনা-বিলোচনা কৰি মৰণত-শৰণ দি এদিন ফচঙৰ কাষ চাপিল ।

তিনিমাহমানৰ পাছত মেকুৰীৰ সমাজত হৈ চৈ লাগিল । শগুণমৰা ৰাজ্যিক সম্পাদকৰ খৰতকীয়া সিদ্ধান্ত অনুসৰি এখন ৰাজহুৱা সভা অনুষ্ঠিত হল । সকলো মেকুৰীকে বাধ্যতামূলক ভাৱে সভাত অংশগ্ৰহণ কৰিবলৈ আদেশ দিয়া হল । ফচঙো ওলাল । সভা আৰম্ভ হল । তেতিয়াহে উৰহি গছৰ ওৰ ওলাল  বোলে আজি দহদিনমান ধৰি কোনো মেকুৰীয়ে এটাও নিগনি-এন্দুৰ ধৰিব পৰা নাই । ঘৰ-বাৰী থকা সকলে গিৰিহঁতৰ দয়াত কিবা এটা খাবলৈ পাইছে যদিও ঘৰ-বাৰী নথকাসকলৰ লঘোন হৈছে । আগতেটো এনেকুৱা হোৱা নাছিল ! কেতিয়াবা কোনোবা মেকুৰীয়ে নিগনি ধৰিব নোৱাৰে সেইটো বেলেগ কথা কিন্তু সকলো মেকুৰীয়ে একেসময়তে নিগনি –এন্দুৰ ধৰিব নোৱাৰা কাৰণটো কি ? এনেকৈ হলেচোন মেকুৰীজাতিটোৰ অস্তিত্বই সংকটত পৰিব !
সকলোৰে মুখবোৰ চিন্তাত শুকাই গল । মেকুৰীৰ সমাজৰ বিষয়ববীয়া সকলৰ মাজত আলোচনা হবলৈ লাগিল । ফচঙে সেইবোৰ পাট্টা দিয়া নাই । তাৰ কাণতো সেইবোৰ সোমোৱা নাই । মিহি মিহিকৈ টোপনি অকণেহে তাক জোকাৰি আছে । সভালৈ অহাৰ আগ মুহূৰ্ত সি দুটা নিগনি খাই আহিছে । আনৰ কি হয় তাত তাৰ কি আহে যায় ।
-ইয়াৰ কাৰণ মই জানো !
কাৰোবাৰ গহীন মাতত সভাখন নিজম পৰি গল । বাকীবোৰৰ লগতে ফচঙে পাছফাললৈ উভতি চালে । টেক্সী ! সেইয়া টেক্সীৰ মাত আছিল । সি গহীন গহীনকৈ ফচঙৰ কাষেৰেই সভাপতিৰ কাষলৈ গৈ তেওঁৰ কাণে কাণে কিবা এটা কলে । ফচঙে তালৈ কেৰাহিকৈ চালে । বেচেৰা ,সম্পাদকৰ পদবী হেৰুৱাৰ পাছত বৰ খীণালে ।
ফচঙৰ মুখৰে ফিচিককৈ হাঁহি এটা ওলাব খুজিছিলেই সভাপতিৰ মাততহে কোনোমতে ৰখালে ।
-বাৰু ফচং , মেকুৰী সমাজে নিগনি-এন্দুৰ ধৰিব নোৱাৰাৰ কাৰণটো তই কি বুলি ভাৱ ?
ফচঙৰ বুকু ফুলি গল । ৱাহ ! ইমানবোৰ মেকুৰীৰ থকাৰ পাছতো সভাপতিয়ে তাকহে এই প্ৰশ্নৰ যোগ্য বুলি ভাবিলে ।
-দেউ,খুবসম্ভৱ সেইবোৰ মেকুৰীয়ে মোৰ কিতাপখন ভালকৈ পঢ়া নাই । নহলে এনেকুৱা দশা হবলৈ পাইনে ।
-কিন্তু ফচং ,বনৰজাৰৰ আদেশত ৰাজ্যৰ সকলো মেকুৰীয়েই তোৰ কিতাপখন পঢ়িলে ...তাৰ পাছতো..
-ভালকৈ নপঢ়িল চাগৈ ।
-ভালকৈ নপঢ়িল নে তই আমাৰ কৌশলবোৰ বেলেগক শিকাই দিলি ?
সভাপতিৰ সলনি এইবাৰ টেক্সিয়ে তীক্ষ্ণ স্বৰৰে সুধিলে । টেক্সিৰ প্ৰশ্নটো শুনি ফচঙৰ মুখ মেল খাই গল । সেপ এটা গিলি কিবা এটা কবলৈ খুজিছিলহে টেক্সিয়ে হাত এখন দাঙি তাক মনে মনে থাকিবলৈ ইংগিত দি সমজুৱাক উদ্দেশ্য কবলৈ ধৰিলে-
ৰাইজ,যোৱা এসপ্তাহ ধৰি নিগনি ধৰিব নোৱাৰা বাবে মোৰ মূৰত বিভিন্ন কথাই পাকঘূৰণি খাবলৈ ধৰিছিলশেষত বিভিন্ন উপায় অৱলম্বন কৰি এন্দুৰৰ চৰ্দাৰ এটা ধৰিলোঁ । তাক মই নামাৰিলোঁ । দুদিন ভোকত থাকিও তাক নাখালো । তাৰ সলনি চটুৱাই চটুৱাই তাৰ পৰা কথা উলিয়াবলৈ চেষ্টা কৰিলোঁ । আৰু শেষত সি মুখ খুলি যিখিনিহে কথা কলে মোৰ জিউ উৰি যোৱা যেন লাগিল ।
-ৰাইজ,আউবেলি এনে এখন সভাতে মই সমাজৰ বিৰোধিতা কৰি কৈছিলোঁ যে ফচঙে যিখন কিতাপ লিখিছে সেইখনে আমাৰ মংগল যিমান কৰিব তাতোতকৈ অমংগল বেছি সাধিব । সেইসময়ত কোনেও মোৰ কথা গুৰুত্ব নিদিলে । আনকি মোৰ পৰা আঞ্চলিক সম্পাদকৰ পদবীটোও আঁতৰাই ফচঙক দি দিয়া হল । মই একো নকলো । কাৰণ মই যি বুজাব খুজিছিলোঁ কোনেও বুজিবলৈ চেষ্টাই নকৰিলে । ....
-এন্দুৰটোৱে কি কলে ?
-সি কি কলে ?
সভাৰ চাৰিওফালৰ পৰা সেই প্ৰশ্নটো ভাহি আহিবলৈ ধৰিলে । ফচঙে লাহেকৈ আৰু এটা সেপ গিলি ইফালে সিফালে চালে...কেনিও অলপো ফাঁক নাই ! কিহে পাইছিল তাক সেই জঞ্জালবোৰ চপাই লবলৈ । মেকুৰী হৈ নিগনিৰ কথাক বিশ্বাস কৰিবলৈ !  
সিদিনা নিগনিকেইটাৰ তাৰ কাষলৈ অহা দৃশ্যটো যেন ফটফটীয়াকৈ তাৰ সমুখত ভাহি উঠিল...
দুপৰীয়া শুই থাকোঁতে কাষতে নিগনি চিঞৰ শুনি ফচঙে ইফালে সিফালে ডিঙিটো ঘুৰাই চাই যি দৃশ্য দেখিলে সি আচৰিত হৈ গৈছিলকস্মিনকালেও নঘটা ঘটনা ! তিনিটা পাহুৱাল নিগনি আহি কঁপি কঁপি তাৰ কাষত ৰৈ আছিল । অলপ দূৰৈত আৰু কেইটামান !! ফচঙে জিভাখনৰে মুখ মচি ললে । তাৰ পাছত নিগনিকেইটালৈ কৌতুক মিহলিৰে প্ৰশ্ন কৰিলে
-আজি দেখোন নিজেই শ্বহীদ হবলৈ আহিলি ? কথাটো কি হয় নে ? কিহৰ দুখত আত্মহত্যাৰ পথ বাচি লৈছ ?
বয়সত অলপ ডাঙৰ যেন লগা নিগনিটোৱে কঁপি কঁপি মাত লগালে
-দেউ,আপুনিয়েই আমাৰ হৰ্তা কৰ্তা । আপুনিয়েই আমাৰ ভগৱান । আপুনি আমাক ৰক্ষা কৰক ।
-আউ ! মই আক কেতিয়াৰ পৰা তহঁতৰ ভগৱান হলো । দগাবাজহঁত মই নাজানো বুলি ভাবিছ নেকি তহঁতি সুবিধা পালেই মোক কেনেকৈ গালি পাৰ ।
-দেউ,ক্ষমাহে ....আমাক ৰক্ষা কৰক ।
-বাৰু আচল কথা ক ।
-দেউ,আপুনি কিতাপখনৰ প্ৰচাৰ হোৱাৰে পৰা আমাৰ নিগনি-এন্দুৰ জাতিৰ বিৰাট সমস্যা হৈছে । খোৱা বস্তু এটা গোটাবলৈও গাঁতৰ পৰা ওলাব নোৱাৰা হলো । অনবৰতে মৃত্যু ভয়ে খেদি ফুৰে ।
-হাঃহাঃহাঃ তাৰমানে মোৰ কিতাপখনে কাম দিছে ! বঢ়িয়া ।
-দেউ,আমাৰ ইচ্ছা আছিল কিতাপখনতনো আপুনি এনে কি সুন্দৰ উপায় লিখিলে সেইয়া পঢ়ি চোৱাৰ ....
-খবৰদাৰ ...সেইয়া তহঁতৰ বাবে নহয় ।
-দেউ,আমিবোৰে নিজৰ মাজতে আলোচনা কৰি এই সিদ্ধান্তত উপনীত হৈছোঁ যে যদি আপুনি আমাৰ কোনোবা দুটা নিগনিক কিতাপখনৰ প্ৰতিটো পাত বুজাই দিয়ে তেতিয়া কিতাপখন পঢ়ি শেষ নোহোৱালৈকে আমি প্ৰতিদিনে এটা নিগনি আৰু এটা এন্দুৰ আপোনাৰ আহাৰ হিচাপে আগবঢ়াম ।
এইবাৰ ফচং অলপ দৰক লাগি ৰল । বুধিটো দেখোন বেয়া নহয় । বোন্দা সমাজক কিতাপখন পঢ়িবলৈ দিনো সি কি পাইছে..অলপ সন্মান আৰু এটা পদবীহেএতিয়া ইহঁতক কিতাপখন পঢ়ি দিলে সদায় খাবলৈটো পাব । ফচঙৰ জিভাখন লকলকাই উঠিল । তথাপি মনৰ ভাৱ লুকুৱাই সি গহীন হৈ কলে
-মোৰ বাৰু কিতাপখন পঢ়ি দিয়াত আপত্তি নাই । কিন্তু...মই যে তহঁতৰ সৈতে এনে এক চুক্তি কৰিছোঁ সেই কথাটো যেন কোনেও গম নাপায় । আৰু শুন লেৰেলা-চেপেটা নিগনি-এন্দুৰ খাবলৈ মই বেয়া পাওঁ । বুজিলি নহয় ।...
ৰাইজ....
টেক্সীৰ মাতত ফচং আকৌ সভালৈ উভতি আহিল ।
ৰাইজ, নিগনিকেইটাই বোলে ফচঙৰ কথাত হয়ভৰ দি গুচি গল । আৰু তাৰ পিছদিনাৰে পৰা পাঠ আৰম্ভ হৈ গল । ফচঙে যিমানপাৰে লেহেমিয়া গতিত পাঠবোৰ বুজাবলৈ ধৰিলে । নিগনি আৰু এন্দুৰ সমাজেও ভবিষ্যতৰ প্ৰজন্মক সুৰক্ষিত কৰিবলৈ নিজকে বলিদান দি থাকিল । আৰু এই ফচঙে আমাৰ সকলোবোৰ কৌশল সিহঁতক গতাই দি আমাৰ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিলে ইয়াক এতিয়া কি কৰা যায় আপোনালোকেই কওকচোন...
টেক্সীৰ শেষৰ বাক্যশাৰী শুনাৰ লগে লগেই ফচং মঞ্চৰ ফালে দৌৰ মাৰিল । সেইকেইটা টেক্সীৰ ঠেংসেইকেইটাত লুটি খাই নপৰিলে আজি তাৰ অৱস্থা কাউৰী সমাজে কৰাতকৈ বেয়া হব । কাৰণ পাছফালৰ পৰা গোটেই সভাখন উঠি আহিছে ..সেইয়া টেক্সী..টেক্সী...সি তাক বচাব...টে..ক্সী...
মেৱাউউউউউউউউউউউউউউউউউউউউউউউউউউউউ



  

No comments:

Post a Comment