Saturday, 11 October 2014

বগলীৰ বিয়া



বগীবুঢ়ীহঁতৰ অঞ্চলটোত আজি উখল-মাখল পৰিৱেশ । নহবইবা কিয় ,আজি যে লাহৰীৰ বৰ জীয়েকৰ বিয়া ! এসপ্তাহৰ আগতেই বাঁহনি চুকৰ বুঢ়া ফেঁচুটোৱে মঙল চাই দিনবাৰ ঠিক কৰি দিছিল আৰু তেতিয়াৰে পৰাই লাহৰীৰ লগতে ওচৰ-চুবুৰীয়া হিচাপে বগীবুঢ়ীহঁতৰো গা সাতখন-আঠখন হৈ আছেদিনকণা ফেঁচাৰ দুইজনী ঘৈণীয়েকে পুৱাৰে উৰুলি দি পৰিবেশটো উতলা কৰি তুলিছে । চুবুৰীৰ পাৰকেইজনীয়ে যিমান পাৰে ৰুণ দি দি বিয়া নাম গাইছে । চাটৰিহঁতৰ মাজত  আক কোনে কেনেকৈ সাজি-কাচি যাব তাৰে কুচকাৱাজ চলি আছে । চাটৰিয়ে তিনিদিনমানৰ আগৰে পৰা গোবৰ খুচৰিবলৈ এৰি দিছিল যাতে নখবোৰ ধুনীয়া হৈ থাকে । বগীবুঢ়ীৰ বোৱাৰীয়েক দুজনীয়ে আকৌ পুৱাৰে পৰা সাতবাৰমান গা ধুলে । জেতুকীক তাহানিতে গিৰিহঁতে  ভঙা জেওৰা মাজৰে মুৰ সোমোৱাই শাক পাচলি খোৱাৰ বাবে ডিঙিত সৰু মাৰি এচটাৰ সৈতে ওলোমাই দিয়া ডোলদালত তাই আজি ফুল কিছুমান লগাই নিজেই ডিঙি ওলোমাই লৈছে । পোৱালীবোৰৰ মাজত চৰ্চা চলিছে কোনে কিমান খাব ! মুঠতে এক হুলস্থূলীয়া পৰিৱেশ । কিন্তু এনেহেন গৰম পৰিৱেশতটো এটা পৰিয়াল ঠাণ্ডা হৈ আছে ! ফচঙৰ পৰিয়াল ! সেইটো পৰিয়ালত বিয়াৰ বাবে কোনো যা-যোগাৰেই চলা নাই ।
ফচঙৰ ঘৰ ।
ফচঙৰ কাষত ৰৈ দাংকাং বাংকাঙে কাতৰ দৃষ্টিৰে তালৈ চাই আছে । ফচঙে ডবিয়াই উঠিল
-যাব নোৱাৰ বুলিছোঁ নহয় ! হেৰৌ গছত নলগাকেইটা,মাতিলে যুঁজলৈও যায় আৰু নামাতিলে ভোজলৈও নাযায় বুলি নাজান নেকি ! আৰু তাই কলী, ঢেপেচিয়ে জীয়েকৰ বিয়ালৈ আমাক নামাতি বাহাদুৰি দেখাবলৈ আহিছে ...তাইক মই...
দাংকাং ,বাংকাঙে কাণকেইখন সোপা মাৰি ধৰিলে । এসপ্তাহৰ আগৰে পৰা বকি থকা একেখিনি কথাকে যে বাপেকে এতিয়া বকিব ! সেইখিনি শুনি শুনি সিহঁতৰ কাণ ঘোলা হৈ গৈছে । আৰু শুনিব নুখুজে । কি দৰকাৰ পৰিছিল সিহঁতৰ বাপেকক আকৌ মনত পেলাই দিবলৈ । এখন বিয়া নাখালেই যেনিবা,সিহঁতৰ পেটটো সৰু হৈ নাযায় নহয় । আৰু এই লাহৰীপেহীজনী...তাইও কমতি নহয় । গোটেই অঞ্চলৰ জীৱ-জন্তুক বিয়া খাবলৈ মাতিছে , কেৱল সিহঁত তিনিটাক মতা নাই ।
-এই কথাই কথা নহয় বুজিছ ! তাইৰ বুধিৰ মতে কাম কৰিবলৈ গৈ মই এবছৰ কঠোৰ শাস্তি খাই থৈছোঁ । তথাপি ঘৰৰে বুলি তাইৰ ওপৰত প্ৰতিশোধ নললো । আৰু এতিয়া তায়েই মোক সমাজত এঘৰীয়া কৰাদি কৰিছে ! মই হেনো হিংসাকুৰীয়া, দগাবাজ । মই বোলে অমংগলীয়া । এনে অপমান ! এইক মই...
বকি বকি ফচং বাঁহনিৰ ফালে ওলাই গল । দাংকাং,বাংকাঙে মাথো বাপেকলৈ চাই থাকিল ! কি বা কৰিব এতিয়া ! বাপেকৰ মূৰত যিবোৰহে কূটবুধিয়ে টিঘিলঘিলাই থাকে !! পিছে যিমান যি হলেও বিয়াখন খাবলৈ যে নাপাব সেয়া খাটাং হৈ পৰাত দুয়োটাই দুখেৰে বহা ঠাইতে কোঁচ-মোচ খাই শুই পৰিল ।
এঘণ্টামান পাৰ হল । দাংকাং,বাংকাঙে সপোনত লাহৰীৰ জীয়েকৰ বিয়াৰ ভোজ খাবলৈ বহিছিল হে ফচঙৰ উত্তেজিত চিঞৰত দুয়োটাৰে টোপনি ভাঙি গটোপনিৰ আৱেশেৰে দুয়োটাই বাপেকলৈ চালে,
 -বঢ়িয়া খবৰ এটা আনিছোঁ বুজিছ । এই লাহৰীক এইবাৰ নেৰিছোঁ !
-আস ! মা ,পুৱাৰে পৰা কিনো একেখিনি সংলাপকে মাতি আছ ।
দাংকাঙে বিৰক্তিৰে মুখ কোঁচাই বাপেকক মিহিকৈ গালি এটা দিলে । আনকালে এনেকৈ গালি দিলে ফচঙে লগা-লগ বাঘ-ঢকা শোধাই দিয়ে, আজি কিন্তু গুৰুত্বই নিদিলে । বৰঞ্চ আগতকৈ উত্তেজিত স্বৰৰে কলে
-সংলাপ নহয় বুজিছ ,একদম গৰম খবৰ !লাহৰীৰ জীয়েকৰ বিয়া কাৰ লগত হব জা?
বাংকাঙে হামি এটা মাৰি নুসুধিলে বেয়া দেখি বাবে সুধিলে
-কাৰ লগত ?
-বগলী এটাৰ লগত !
-বগলীৰ লগত !!
কোনোবাই যেন দাংকাং,বাংকাঙৰ গাত মৰচেঁচা পানী এবাল্টিহে ঢালি দিলে ,তেনেকৈয়ে দুইটা চক খাই উঠিল । সিহঁতৰ অৱস্থা দেখি ফচঙে দাড়ি কেইডালৰ তলতে মিচিকিয়াই হাঁহি এটা মাৰিলে ।
-অ বগলী এটাৰ লগত । মই যে তহঁতক ইয়াতে এৰি  অথনি কলৈ গৈছিলোঁ বুলি ভাবিছিলি ?
-কলৈ ?
-মই লাহৰীক ঢকা এটা দিওঁ বুলি সিহঁতৰ ঘৰৰ ফালে গৈছিলোঁ । কিন্তু মোৰে ভাগ্য ভাল চাগৈ বাঁহনিৰ শিঙৰিজোপাৰ তল পাওঁতেই লাহৰিৰ মাত শুনিলোঁ । শিঙৰিজোপাতে লাহৰি বহি আছিল । জিলী এজনীৰ লগত কথা পাতি আছিল । জিলীজনীক বিয়াৰ ভোজ খোৱাৰ সময়ত সকলোকে মাতি দিবলৈ অনুৰোধ কৰিছিল । জিলীজনীয়েই লাহৰীক ভাবী জোঁৱায়েকৰ কথা সোধোঁতে কলে-নৈ পাৰৰ বগলীয়েই বোলে হবলগীয়া জোঁৱায়েক ! তাৰ পাছত আৰু মোক কোনে পাই । মই লৰালৰিকৈ গুচি আহিলোঁ । কাউৰী এজনীৰ বিয়া বগলীৰ এটাৰ সৈতে ! এনে নোহোৱা নোপোজা কথা হব পাৰে নে ? বগলীবোৰৰ কথা বাদ দে বাৰু, ডেকা কাউৰীবোৰে যেতিয়া এই কথাটো গম পাব সেইখন বিয়া হৈ থাকিব নে ?
ফচঙৰ উজ্জ্বল হৈ পৰা মুখখনলৈ চাই দাংকাং,বাংকাং ভেবা লাগিল । এনেই বাপেকক ৰাইজে হিংসাকুৰীয়া বুলি নকয় নহয় । প্ৰমাণ এইয়া সমুখতে ! কৰ পৰা যে কি কথাবোৰ খান্দি উলিয়াই !
-পিছে মা ,তই ভুলকৈ শুনা নাইতো ? লাহৰীপেহীয়ে সঁচাকৈয়ে জীয়েকৰ বিয়া বগলীৰ লগত হব বুলি কৈছিল নে ?
বাংকাংৰ সন্দেহভৰা প্ৰশ্নটো শুনি ফচঙ গৰগৰাই উঠিল ।
-নিগনিৰ খোজত মৰাটো,মোৰ কাণকেইখন বেয়া বুলি ভাবিছ নেকি ! এবাৰ নহয় দুবাৰ লাহৰীয়ে জিলীক কৈছিল । তহঁতৰ দৰে মই আৰু জিলীয়েও প্ৰথমবাৰ বিশ্বাস কৰা নাছিলোঁ । পাছৰবাৰ লাহৰীয়ে  কৈছিল-বগলী আক নৈ পাৰৰ যে ...তাৰ লগতেই হব । তেতিয়া জিলীয়েও অ বগলী বুলি মূৰ দুপিয়াইছিল !
এইবাৰ দাংকাং ,বাংকাঙৰ বিশ্বাস হল ।
-তেতিয়াহলে এতিয়া কি কৰিম মা ?
-এইটোহে আচল প্ৰশ্ন ! শুন তহঁতৰ চিনাকী ডেকা কাউৰীবোৰক কথাটো জনাই দেগৈ যা । কথাটো কওঁতে অলপ ৰহণ লগাই কবি বুজিছ । কবি লাহৰীৰ ইমান সাহস কস্মিনকালেও নোহোৱা কাম এটা কৰিবলৈ ওলাইছে ! জীয়েকক বিয়া দিবলৈ কাউৰী ডেকাৰ কিবা অভাৱ আছিল নে ?  নে বগলী বগা বুলি আৰু সিহঁত কলা বুলি উপেক্ষা কৰিছে.. 
ফচঙে এবকলামান শিকনি দি দাংকা,বাংকাংক বিয়াত জুই লগাবলৈ পঠাই দিলে । তাৰ পাছত ঘৰৰ ইফালে সিফালে চাই থাউকতে নিগনি এটা ধৰি পুখুৰীৰ পাৰৰ আমজোপাৰ কাষলৈ গল । মাধৱীলতা আৰু ৰঘুমলা গছ এসোপাই আমজোপাত ধুনীয়া দোলনা এখনৰ সৃষ্টি কৰি দিছে । ফচঙ প্ৰথমে নিগনিটো খাই ললে । তাৰ পাছত উগাৰ এটা মাৰি জাপমাৰি দোলনাখনত উঠি আৰামত শুই দিলে । টোপনিত কেনেবাকৈ লুটি খাই পৰে বুলি আগেই সাৱধানতা হিচাপে ঠেং দুটা লতাৰ মাজত মেৰিয়াই ললে । তাৰপাছত সুখত চকু দুটা মুদি দিলে । অদূৰৰ পৰা তেতিয়া এগাল কাউৰী চিঞৰ বাখৰ ভাহি আহিছিল ।
-মা,মা উঠ উঠ !!
ফচঙৰ টোপনি আহিছিল হে , বাংকাঙৰ মাতত কোনোমতে চকু এটা মেলি তললৈ চালে । তলত বাংকাং আৰু দাংকাং ফোপাই ফোপাই ৰৈ আছিল । ফচঙে প্ৰথমে টোপনিতে মুখৰে বৈ অহা লেলাউটিখিনি মোহাৰি ললে, তাৰপাছত লেতেৰা দাঁতকেইটা উলিয়াই হাঁহি এটা মাৰি সুধিলে
-লাহৰীয়ে কেনেকৈ কান্দিছে ?   মোক বিয়ালৈ নমতাৰ পোতক বাৰুকৈয়ে পালে তাই ! কাউৰীবোৰে তাইৰ পাখি ছিঙি শেষ কৰিলে নে ? তাই চাগৈ এতিয়া বিনাই আছে ন ?
-মা ,লাহৰীয়ে বিনাই থকা নাই । খঙত তোক আৰু আমাক বিচাৰি ফুৰিছে ।
-আহকচোন তাই এইফালে ...একেপাত চৰেই ত্ৰিভুৱন দেখুৱাই দিম । মই কত আছোঁ কৈ আহিব লাগিছিল !
ফচঙে হাতোৰাখন চেলেকি চেলেকি উত্তৰ দিলে ।
-তই কত আছ কৈ অহাহলেতো বিপদেই আছিল ! এতিয়াও ঠিক নাই , বিচাৰি পাবও পাৰে । পালে খাটাং, ত্ৰিভুৱন দেখিম । তোৰ কি দৰকাৰ পৰিছিল লোকৰ বিয়াত জেং পুতিবলৈ ! দেখা নাই আমাৰ অৱস্থা ,কোনোমতে পলাই আহিছোঁ বুলিহে !
বাংকাঙৰ বিননি শুনি ফচং অবাক ! আকৌ কত কেণা লাগিল । সিটো ঠিকেই বাতৰি দিছিল ! নে কাউৰীবোৰে বগলীৰ সৈতে বিয়াত বহাত কোনো আপত্তি দেখোৱা নাই ! আচৰিত !!
ফচঙৰ মনোভাৱ বুজিব পাৰিয়ে দাংকাঙে মাত লগালে
-মা,তই কোৱা মতেই আমি কাউৰীবোৰক বগলীৰ কথাকৈ উত্তেজিত কৰি তুলিছিলোঁ । সিহঁতে আমাক লগত লৈয়ে লাহৰীৰ ঘৰলৈ গল । লাহৰীয়ে কথাটো শুনি আমি কথাটো কৰ পৰা গম পালোঁ সেয়া প্ৰথমে সুধিলে । আমি তোৰ কথা কোৱাত তাই জ্বলি পকি উঠিল । তাৰপাছতহে তাই কলে...
-কি কলে ? তাইৰ জীয়েকৰ বিয়া বগলীৰ সৈতে নহয় নেকি ?
-হয় ! তাইৰ জীয়েকৰ বিয়া বগলীৰ সৈতে হয় । কিন্তু বগলী নামৰ কাউৰীটোৰ সৈতেহে ।
-কি ? কাউৰীৰো নাম বগলী থাকে !!
ফচঙৰ মুখ মেল খাই গল ।
-অনৈ পাৰৰ বগলী এহালে সেই অনাথ কাউৰী পোৱালিটোক তুলি-তালি ডাঙৰ দীঘল কৰিছিল । সেইবাবে তাক সকলোৱে বগলী বুলি মাতে । জিলীহঁতে তাক ভালকৈয়ে চিনি পাই । তইহে চিনি নাপায় এই লটিঘটিখন লগালি ।
দাংকাঙৰ বৰ্ণনা শেষ হয় মানে খঙত থকা এসোপা কাউৰী মাত সিহঁতৰ কাষ চাপি আহিল ।
-মা ,পলা পলা । সেইসোপাই বৰ বেয়াকৈ খোঁটে ।
দাংকাং,বাংকাঙে ভিৰাই ঘৰৰ ফালে লৰ দিলে । এইফালে ফচঙে ভয়ত খপজপ কৰি ঠেঙৰ পৰা লতাবোৰ এৰাবলৈ চেষ্টা কৰোঁতে বেছিকৈহে জোঁট-পোট খাই পৰিল । ইতিমধ্যে লাহৰীৰ সহিতে অঞ্চলটোৰ ডেকা কাউৰীবোৰে ফচঙক ঘেৰি ধৰিলে । ফচঙে  ভয়ে ভয়ে লাহৰীলৈ চাই কিবা এটা কবলৈ লওঁতেই কোনোবা এটাই চিঞৰি উঠিল
আক্ৰমণ !!
ফচঙৰ শৰীৰটো কাউৰীৰে ঢাক খাই পৰিল । কাউৰীৰ চিঞৰ-বাখৰ আৰু পাখিৰ শব্দ ফালি মৰণকাতৰ চিঞৰ এটা দূৰলৈকে বিয়পি পৰিল ।
দাংকাং,বাংকাং ঐ ...মাৰক বচা ঐ ...দাং..কাং...বাং..কাং...
মোৱাওওওওওওওওওওওওওওওওওওওওওওওও

1 comment:

  1. amar jyoti borah7 April 2017 at 09:36

    aapunar likha porhi mur mon loralile ubhoti goise , xofurat thoka toskor bandhob, morkelep, soruluruka , ehotoloi monot porise , ei likhoni keita copy kori print kori loisu . mur bhotija keitak xunam . thanks a lot. sorry pc t assameseot likhibo nuwaru .

    ReplyDelete