Tuesday, 16 September 2014

জীৱন .................



পাৰ হৈ অহা জীৱনটোত কৰা কিছুমান কামৰ কথা ভাবিলে মাজে মাজে ভাৱ হয় কিয় বাৰু তেনেকুৱা ভুলবোৰ কৰিছিলোঁ ! কিন্তু পিছমুহূৰ্ততে মনটো পাতল কৰি ভাবোঁ সেইসময়ত যেতিয়া সেইটো কাম ভাল বুলিয়েই ভাবিছিলোঁ গতিকে এতিয়া সেইটোৰ কথা ভাবি মন বেয়া কৰোঁ কিয় ! কিছুমান সময়ত চাগৈ এনেকৈয়ে সন্তুষ্টি লাভ কৰা যায় ।
কলেজীয়া জীৱনত কৰা কিছুমান কাণ্ডৰ কথা ভাবিলে এতিয়া হাঁহি উঠে । মাজে মাজে অলপ লাজো লাগে । শিৱসাগৰ ছোৱালী কলেজৰ এঘাৰ নম্বৰৰ ৰুমৰ কাষত থকা কৰিডৰটোত বহা আমাৰ আড্ডাটোৰ কথা মনত পৰিলে নষ্টালজিক হৈ পৰোঁ । কত কথাই যে ওফৰা-উফৰিকৈ ঘুৰি ফুৰিছিল সেই আড্ডাটোত । সেই আড্ডাতেই এই কথা প্ৰমাণিত হৈ পৰিছিল –মাকতকৈ ভাল চোৰাংচোৱা এই পৃথিৱীত দ্বিতীয় এগৰাকী নোলাব !
-আমাৰ মাই আজিকালি আমাৰ কথা শুনিবলৈ বিচনাৰ তলত মনে মনে সোমাই থাকে ।
-আমাৰ গৰাকী কম নেকি, বক্তৃতা দিবলৈ পালে বিদ্যা শপত এৰিবই নুখুজে ।
-মোক কালি কৈছে বাৰে বাৰে উঘালি থকাতকৈ তোৰ চেলাউৰি যোৰ একেবাৰে খুৰাই নেপেলাৱ কিয় !
-আমাৰ যে ইমান ৰাতিপুৱাই তুলি দিয়ে অ...কালি কৈছোঁ পুৱাই পুৱাই ইমান গালি পাৰিলে শিক্ষামন্ত্ৰীক লগাই দিম ,আপুনি শিক্ষয়িত্ৰী হৈয়ো ইমান বেয়াকৈ গালি পাৰিব পাৰে বুলি !
সকলোৱে নিজৰ নিজৰ দুখ-বেদনাবোৰ উজাৰি দিয়ে । হয় হয় , গাভৰু জীয়েকৰ বাবে মাকৰ চোৰাংচোৱাগিৰিতকৈ দুখ আৰু ভয়ানক কথা আন একো হব নোৱাৰে ।
বহুকথাই তেনে সময়বোৰত ভাবিছিলোঁ । আৰু এটা সময়ত সেই ভাববোৰৰ সৰহবোৰেই সলনি হৈ গৈছিল । আৰু বহু ঘটনায়েই ঘটি গৈছিল, যিবোৰৰ সোঁৱৰণীয়ে আজিৰ এই সময়তো আহি মনবোৰ ভৰাই তুলিব পাৰে ।
কলেজৰ এটা বিশেষ ক্লাছত স্নাতক প্ৰথম বৰ্ষৰ পৰাই লগৰ দুজনীমান মোৰ লগত একেলগে নবহিছিল । (তেওঁলোকক এতিয়া এই পষ্টটোত টেগ কৰি দিছোঁ ) । মই সদায় সেই ক্লাছটোত আনৰ বেঞ্চত বহিব লগা হৈছিল । সেই ক্লাছটোত খুব প্ৰশ্ন সুধিছিল । আৰু মোৰ দোষ আছিল মোক এবাৰ হলেও কিবা এটা প্ৰশ্ন সুধিছিলেই । মই নাজানো তেওঁ মোক কিয় প্ৰশ্ন সুধিছিল ! কাৰণ মই বৰ মেধাৱী জাতীয় ছাত্ৰী নাছিলোঁ । অ  তেওঁ যিটো বিষয় পঢ়াইছিল ভয়তে চাগৈ সেইটো বিষয় অলপ বেছিকৈ পঢ়িছিলোঁ বাবে অলপ সন্তোষজনক নম্বৰ পাইছিলোঁ, কিন্তু সেইবুলিয়েই...!! কলেজত দুবাৰকৈ ইলেকচনত জিকিছিলোঁ বাবেও শিক্ষকসকলৰ চিনাকী মুখ আছিলোঁ ,কিন্তু সেইবুলিয়েই জানো সদায় চোকা ছোৱালী কেইজনীক প্ৰশ্ন সোধাৰ লগতে মোকো সুধিছিল ? এই কথাটো মোৰ বাবে আজিও সাঁথৰ হৈ আছে , মই তেওঁৰ ভাল ছাত্ৰীবোৰৰ ভিতৰত আছিলোঁ নে বেয়া ছাত্ৰীবোৰৰ তালিকাত আছিলোঁ !! অৱশ্যে তেওঁ এতিয়াও মোৰ প্ৰিয় শিক্ষকৰ ভিতৰত এগৰাকী । যিয়েনহওক মোৰ লগৰ কেইজনীয়ে মোৰ লগত এইবাবেই নবহিছিল যে কেনেবাকৈ যদি মই প্ৰশ্নটোৰ উত্তৰ দিব নোৱাৰো তাৰ পাছত সিহঁতৰ পাল পৰিব । গতিকে সিহঁতৰ মতে মোৰ লগত নবহাই ভাল ! সেই এটা ক্লাছ মই বৰ দুখৰে আনৰ সৈতে বহিছিলোঁ
স্নাতক দ্বিতীয় বৰ্ষত পঢ়ি থকা সময়ৰ কথা । এইট প্লাছ নাইন ৰুমত আমাৰ ইংৰাজী ক্লাছ চলি আছিল । মোৰ সোঁহাতে বহি থকা লগৰজনীয়ে টোপনি নাহিবলৈ বাইদেউৰ ছবি এখন আঁকি আছিল । মই তাইক কোনোদিনে ৰঙালাউ এটাও অঁকা দেখা নাছিলোঁ । তথাপি তাই বাইদেউৰ ছবি আঁকিবলৈ চেষ্টা কৰি আছে । সাধাৰণতে ক্লাছত টোপনি আহিলে মই কথা কবিতা লিখিবলৈ আৰম্ভ কৰোঁ নতুবা কেতিয়াবা ভাবোঁ মই যদি অসমৰ চিএম হৈ যাওঁ কি কৰিম...সেইদিনা কিন্তু সেইবোৰ নকৰি তাই অঁকা ছবিজাতীয় আঁক-বাঁকবোৰ চাবলৈ লাগিলোঁ । মোৰ বাঁওহাতে বহা দুজনীয়ে আক বিৰাট কথা পাতি আছিল । দুইজনীয়ে মাজে মাজে খুক-খুকাই হাঁহিও আছিল । মই আৰু মোৰ ছবি অঁকা সখীয়ে মাজে মাজে সিহঁতক ধমকী দিওঁ মনে মনে থাক বুলি । বাইদেৱে দেখিলে গালি পাৰিব বুলি কওঁ, নাই সিহঁতে নুশুনে । তেনেকৈ চাৰিবাৰ মান সিহঁতক সাৱধান কৰি দিয়াৰ পাছত বাইদেউৰ চিঞৰ শুনিলোঁ ।
-হেই..ইউ..ইউ..ইউ...
বাইদেৱে কালৈ আঙুলিটো টোৱাইছে বুলি চাওঁতে দেখিলোঁ তেওঁ মোক আৰু ছবি আঁকি থকা সখীক উঠিবলৈ আদেশ দিছে । আমাক উঠা দেখি কথা পাতি থকা কেইজনীৰ মুখ টিপি হাঁহোঁতে অৱস্থা বেয়া হৈ গৈছিলপ্ৰায় ডেৰশজনীমান ছোৱালীৰ মাজত আমাৰ দুজনীক উঠাই লৈ বাইদেউৰ ইংৰাজীৰ ভাষণ আৰম্ভ হৈ গল । আমি দুজনীয়ে শুনি আছোঁ,বুজি হলে একো পোৱা নাইকথা পাতিল কোনোবাই আৰু সাৱধান কৰিবলৈ যাওঁতে গালি খাইছোঁ আমি । প্ৰায় পাঁচমিনিট মান একেৰাহে গালি পৰা পাছত বাইদেউ ৰল । তেনেতে মোৰ ছবি অঁকা সখীয়ে মাত লগালে-বাইদেউ,আপুনি কি বুলি কৈ আছিল আমি বুজি নাপালোঁ নহয় !!
বাইদেউ অবাক । মোৰো ফাঁট মেলা বসুমতি পাতালে লুকাও অৱস্থা । ভাগ্যই তেনেতে বেলটো বাজিল । কলেজত পঢ়া লৰা-ছোৱালীৰ বাবে ভগৱান কণা নহয় সেইদিনা প্ৰমাণ হৈ গল ।


No comments:

Post a Comment