Thursday, 4 September 2014

প্ৰেমত ঘূৰিছে ভূমণ্ডল



কথাটো প্ৰথমে আৱিষ্কাৰ কৰিলে অধলকায়ে । অধলকাইৰ মুখেদি গৈ চহৰত থকা ভূধৰ মণ্ডলৰ একমাত্ৰ জীয়েক আৰু পুতেক অলকৰ সংসাৰতো কথাটো উফৰি পৰিলগৈ । লগে লগে অলকে পৰিয়ালসহিতে গৈ বায়েকৰ ঘৰ পালেগৈ । এইবোৰ কি শুনিছো ঐ কণবুলি ভায়েকক দেখিয়েই বায়েকে কান্দোন আৰম্ভ কৰিলে ।
-হেহ ! ৰবাচোন প্ৰথমে কথাটো সঁচানে নে মিছা সেইয়া প্ৰমাণ হৈ লওক । তাৰ পাছত কান্দিবা । অধলকায়ে কলে বুলিয়েই  যে সঁচা হব সেইটোতো নহয় ।
অলকৰ ভিনিহিয়েকে যিমান পাৰে পৰিৱেশটো পাতল কৰিবলৈ চেষ্টা কৰিলে ।
-নহয় অভিনদেউ, অধলকায়ে সাধাৰণতেই মিছা কথা নকয় ।
-সেইবুলিয়েই পোনে পোনে গৈতো একো সুধিব নোৱাৰি অলক । যদি কেনেবাকৈ নহয় তেতিয়া ? আৰু দেউতাৰ যিহে মেজাজ ...
-এৰা সেইটোও হয় পিছে ।
অৱশেষত বহুত আলোচনা-বিলোচনা কৰাৰ অন্তত এইটো থিৰাং কৰা হল যে কথাটো সঁচা নে মিছা সেইটো খবৰ লবলৈ একে চুবুৰিৰ হৰিহৰ দদাইদেউকে দায়িত্ব দিয়া হওক । অলকে বায়েকৰ ঘৰৰ পৰাই হৰিহৰ দদাইদেউৰ সৈতে ফোনত কথাটো পাতিলে । কথা শুনি হৰিহৰ দদাইদেউ প্ৰথমে বহুত আচৰিত হল । অলকক অলপ গালিও পাৰিলে ।  কিন্তু শেষত যেনিবা দায়িত্বটো ললেগৈ ।
দুসপ্তাহৰ পাছত হৰিহৰ দদাইদেউৰ পৰা খবৰ আহিল । কথাটো সঁচা ! অধলে মিছা কোৱা নাই । ইতিমধ্যে গাঁৱৰ মহিলাসকলৰ মাজত কিবা কিবি বু-বা ওলাইছেই হেনো ! ঘটনাৰ গুৰুত্ব বুজি অলক আকৌ বায়েকৰ ঘৰলৈ বুলি ঢাপলি মেলিলে । ভিনিহিয়েকে তেতিয়া বায়েকৰ মূৰত পানী দি আছিল । আকৌ আলোচনা চলিল । যিহেতু দেউতাকক গৈ পোনে পোনে কিবা এটা সোধাৰ সাহস কাৰোৱেই নাছিল সেইবাবেই দূত এজনক পঠোৱাৰ সিদ্ধান্ত লোৱা হল । যদি দূতজনৰ কথামতেও কাম নহয় তেতিয়া সকলোৱে লগলাগি কিবা এটা কৰিবগৈ । বহুত ভাবি চিন্তি কলেজত পঢ়ি থকা ধনকে দূত হিচাপে মকৰল কৰিলে । প্ৰথম নাতি হিচাপে ধনৰ প্ৰতি ভূধৰ মণ্ডলৰ মৰমটো অলপ বেছি । আৰু ধনৰ কথাবোৰো অইনতকৈ বেছিকৈয়ে পুথাওদেৱেক ভূধৰমণ্ডলে পচন্দ কৰে । গতিকে সাতে-পাঁচে মিলি ধনৰ গাতেই গুৰুভাৰ পৰিল ।
ঘটনাৰ গুৰিটো আৰম্ভ হৈছিল যোৱা সপ্তাহত অধলকায়ে গাঁৱৰ ঘৰৰ কৰা ফোনটোৰ পৰা । অধলকায়ে অলকহঁতৰ গাঁৱৰ ঘৰৰ সকলো কাম-বন চায় । মাক ঢুকুৱাৰ পাছত অধলকায়েই দেউতাক ভূধৰমণ্ডলৰ একমাত্ৰ লগ বুলি কব লাগিব । সেই অধলকায়েই সিদিনা ফোন কৰি জনালে যে-ভূধৰমণ্ডল বোলে সলনি হৈছে ! হয়তো কাৰোবাৰ প্ৰেমত পৰিছে !
ভূধৰ মণ্ডল প্ৰেমত পৰিছে ! এমা-ডিমা লৰা ছোৱালীহাল এৰি ঘৈণীয়েক সিপুৰীলৈ যোৱাৰ পাছত বহুতে জোৰ কৰাৰ পাছতো বিয়া নপতাজনে এতিয়া নিজৰ নাতি-নাতিনীহঁতৰ বিয়া পতাৰ বয়স হোৱাৰ সময়ত প্ৰেমত পৰিছে ! আচৰিত হবৰে কথা । বিশ্বাসেই বা কেনেকৈ হব । সেইবাবেই অলকহঁতে হৰিহৰ দদাইদেউক খবৰ লবলৈ দিছিল । তেওঁও যেতিয়া সেই একেখিনি কথাকে কলে সিহঁত নিশ্চিত হল । প্ৰথমে হেনো সকলোৱে মণ্ডলৰ পৰিবৰ্তনক সাধাৰণ ভাৱে লৈছিল কিন্তু নতুনকৈ চহৰমুখী হব খুজা অঞ্চলটোৰ ব্যস্ত তিনিআলিটোৰ শ্ৰী-চেহেৰা দোকানে-পোহাৰে যেনেকৈ  সলনি হবলৈ ধৰিছে তাতোকৈ খৰকৈ ভূধৰ মণ্ডলৰ স্বভাৱবোৰ সলনি হোৱা যেন দেখি কথাবোৰ বেলেগকৈ ভাবিবলৈ বাধ্য হল ! আজিকালি ভূধৰমণ্ডল আগৰ দৰে জধলা হৈ নাথাকে । সদায় আবেলি সাজি-কাচি তিনিআলিৰ সৰুকণৰ দোকানৰ আগত থকা বেঞ্চখনত বহি ৰাস্তাৰে অহা যোৱা কৰি থকা কোনোবা বিশেষ মানুহ চাই বহি থাকে । দুদিনমানৰ আগতে ৰেডিঅএটাও কিনি আনিছে হেনো । অনবৰতে কিবা কিবি গানবোৰ শুনি থাকে !
কিন্তু কাৰ প্ৰেমত পৰিছে ! কোন নাৰীয়ে বয়সে আশী ঘৰ চুব খোজা বুঢ়াটোক প্ৰেমত পেলাইছে ! ভূধৰমণ্ডলে এতিয়াও নিজৰ বিশাল সম্পত্তিখিনি পুতেক-জীয়েকৰ মাজত ভাগ কৰি দিয়া নাই । কোনোবাই সেইবোৰৰ লোভতে বুঢ়াক প্ৰেমত পেলাইছে নেকি ? অভাৱনীয় ভাৱে বাপেকে জাপি দিয়া এশ এবুৰি চিন্তাই মণ্ডলৰ পুতেক আৰু জীয়েকৰ সংসাৰখন জুৰুলা কৰি পেলালে । এতিয়া মাত্ৰ ধনেহে বচালে বচোৱা । সি সেই নাৰীগৰাকী কোন সেইটো গম লৈ মাক-মামাক খবৰ দিব আৰু পাৰিলে পুথাওক বুজাব ।
নিৰ্দিষ্ট পৰিকল্পনাৰে এদিন সন্ধিয়া গৈ ধন পুথাওকৰ ঘৰ পালেগৈ । ধনৰ এনে লাগিল যেন আনকালতকৈ বেছি উৎসাহেৰে পুথাওকে তাক আদৰিলে । ধনে শোৱাৰ পৰলৈকে পুথাকক মনে মনে লক্ষ্য কৰি থাকিল । সঁচাই মাক-মামীয়েকে কোৱাৰ দৰে পুথাক সলনি হৈছে । পুথাক শোৱানি কোঠাত সোমোৱাৰ পাছত অধলকাইৰ সৈতেও তাৰ গোপনে আলোচনা চলিল । 
পিছদিনা আবেলি অধলকায়ে কোৱাৰ সময়তে পুথাকক সাজি-কাচি ওলোৱা দেখি ধন গৈ পুথাকৰ কাষত হাজিৰ হলগৈ ।
-পুথাও কোনফালে যায় ?
-এস এনেয়ে তিনি-আলিৰ ফালে অলপ ওলাই যাওঁ অ
-মইও যাওঁ নহলে...
-তই...
ভূধৰ মণ্ডলে কপাল কোঁচাই অকণমান সময় ধনৰ ফালে চালে তাৰ পাছত কলে-ব'ল বাৰু ।
পুথাকৰ সন্মতি পাই ধনৰ মনটো ভাল লাগিল । নিজকে অলপ ডিটেক্টিভ যেনো লাগিল । পৰিকল্পনা অনুসৰিয়েই নিজৰ মবাইলটোত হেডফোনডাল লগাই মামাকৰ নম্বৰটো ডায়েল কৰিলে । সিফালে মামাকে ফোনটো ধৰিলে । ধনে কাঁহ এটা মাৰি অপাৰেচনৰ আগজাননী দি ফোনটো নকটাকৈয়ে চোলাৰ জেপত লাহেকৈ ভৰাই থলে যাতে সিহঁতৰ সকলো কথা-বাৰ্তা মাক-মামাকহঁতে শুনি থাকে ।
-পুথাও আপুনি আজিকালি আবেলি সদায় ওলাই যায় নেকি ?
-কিয় সুধিলি ?
পুথাকে সন্দেহ কৰা যেন দেখি ধন থতমত খাই গল । কোনোমতে নিজকে চম্ভালি  উত্তৰ দিলে
-নাই এনেই সুধিলোঁ । এনেও আবেলি এনেকৈ ওলাই যোৱাটো স্বাস্থ্যৰ পক্ষে ভাল । মন-চনও ভাল লাগে । নহয় নে পুথাও ...
এইবাৰ মণ্ডলে যেন ধনক বিশ্বাসত ললে তেনেই লাগিল তাৰ । পিছে তেওঁ মুখ ফুটাই একো নকলে । দুয়ো মনে মনে আহিয়েই তিনিআলি পালেহি । অধলকায়ে কোৱাৰ দৰেই সৰুকণৰ দোকানৰ আগত থকা বেঞ্চখনত গৈ ভূধৰমণ্ডল বহিলগৈ । দৃষ্টি ৰাস্তাৰ ওপৰত ! দোকানৰ পৰা চিপচ দুটা কিনি ধনো গৈ পুথাকৰ গাতে গা লগাই বহিলগৈ । ধনে গম পাইছিল ফোনৰ সিপাৰে মাক-মামীয়েকহঁতে এই নীৰৱতা সহ্য কৰিব পৰা নাই । কিন্তু ধনে কি কৰিব । পুথাকেচোন মুখ নুখুলেই । দহমিনিটমানৰ পাছত নীৰৱতা ভংগ কৰি পুথাকে মুখ খুলিলে ।
-আগতে ইয়াত কি আছিল জান ধন ...
-কি আছিল পুথাও ?
-পথাৰ । ৰাস্তাৰ দুয়োফালে কেৱল পথাৰ আছিল । আৰু ৰাস্তাটোও ইমান ডাঙৰ নাছিল । কোনোমতে এখন গাড়ী পাৰ হব পাৰিছিল । আৰু আমি যে বহি আছোঁ ইয়াত এজোপা বৰ ডাঙৰ আমগছ আছিল । তহঁতৰ বয়সত আমি দিনটোৰ সৰহখিনি সময় আমজোপাৰ তলতে কটাইছিলোঁ ।
-কিয় ? আমজোপাত বাৰমাহে আম লাগিছিল নেকি ?
-ধেৎ অভংটো কৰবাৰ । বাটেদি আহ-যাহ কৰা ছোৱালী জোকাবলৈ আক !
-ৱাহ পুথাও আপোনালোকোচোন কম নাছিল !
-ওও । কম নাছিলোঁ বাবেই তোৰ আইতাৰাক ঘৰৰ অমততো বিয়া কৰাব পাৰিছিলোঁ । তোৰ আইতাৰাই সেই সময়ত গাঁৱৰ সকলোতকৈ ধুনীয়া গাভৰুজনী আছিল বুজিছ । একদম হেমামালিনীৰ দৰে । কমখন কায়দা কৰি আইতাৰাৰ মন ভুলাইছিলোঁ নে । এই যে তই ঘৰৰ পৰা ওলাওঁতে কৈছিলি ওলাই আহিব লাগে ,মন-চন ভাল লাগে , সঁচা কথা কৈছিলি বুজিছ । আইতাৰে ঢুকোৱাৰ পাছত এটা যুগ যেন মই কেৱল আনৰ বাবেই জীয়াই থাকিলোঁ । ত্ৰিশটা বছৰে সুখে-দুখে একেলগে কটোৱা মানুহজনী হেৰাই যোৱাৰ পাছত তেওঁক মনত পেলাবলৈও নিজাকৈ সময় নাপালোঁ । সিদিনা এইফালে এনেই ওলাই আহোঁতে হঠাতে অনুভৱ কৰিলোঁ মোৰো এটা জীৱন আছে ,একান্তই নিজৰ জীৱন । তাক কিয় মই এনেকৈ মনে মনে শেষ হৈ যাবলৈ দিওঁ ...
ধনে মন কৰিলে পুথাওক যেন নিজৰ মাজতে হেৰাই গৈছে । ফোনৰ সিপাৰে মামীয়েকে টেঁটুফালিছে-ভিনদেউ, বাইদেউ বেহুঁচ হৈ গৈছে ।দেউতাকে চাগৈ মাকক লক্ষ্য কৰি আছিল-হেহ নাই হোৱা । তেওঁ একটিং কৰিছে । অত দিনে মোৰ পৰা এনে কিবা এটা শুনিম বুলি ভাবি আছিল । শুনিবলৈ নাপালে । আজি নিজৰ বাপেকৰ পৰা শুনিবলৈ ৰৈ আছে । বেহুঁচ হব নে আৰু ।
এনে সময়তো দেউতাকৰ কৌতুক ভৰা কথা শুনিবলৈ ধনৰ মন নগল । পিছে ফোনটো কাটিবও নোৱাৰি নহয় ।  
ধনে আকৌ পুথাকৰ ফালে চালে, তেওঁৰ দৃষ্টি তেতিয়াও ৰাস্তাত ।
-বুজিছ ধন আজিকালি মই সদায় ইয়ালৈ ওলাই আহোঁ ।  মই কল্পনা কৰি লওঁ মই যেন আমাৰ সেই সোণালী সময়খিনিত আছোঁ । এই দোকান-বজাৰবোৰৰ পৰিৱৰ্তে ইয়াত কেৱল পথাৰ আছে । মই লগৰবোৰৰ সৈতে আমাজোপাৰ তলত বহি আছোঁ । আৰু... ! আৰু ৰাস্তাৰ সিপাৰৰ পৰা তেওঁ মোলৈ চাই থাকে ।
-তেওঁ !!
-অতেওঁ, যাৰ সৈতে সময় কটাবলৈ মই ইয়ালৈ আহোঁ ।
-পুথাও আকৌ কাৰোবাৰ প্ৰেমত পৰিছে যেন পাওঁ ।
ধনে এইবাৰ আচল অস্ত্ৰ পাট এৰিলে । ফোনৰ সিপাৰে উশাহ বন্ধ কৰি মাকহঁতেও ভূধৰমণ্ডলে কি কয় শুনিবলৈ ৰৈ থাকিল ।
-প্ৰেম ! এৰা মই প্ৰেমতেই পৰিছোঁনতুনকৈ কাৰোবাৰ প্ৰেমত পৰিছোঁ । এনে লাগে যেন তেওঁৰ সলনি তাত ৰৈ তোৰ আইতাইহে মোলৈ চাই আছে !
'হেহ...অলক ধৰ ধৰ বায়েৰে এইবাৰ সঁচাই বেহুঁচ হৈ গল ।' দেউতাকৰ চিঞৰ এটাই ধনৰ কাণত আঘাত কৰিলেহি । এইবাৰ সি খঙেৰে পুথাওকলৈ চালে । তেওঁৰ চকু তেতিয়াও ৰাস্তাত ।
-জীৱনটোনো কেইদিনীয়া ধন । আৰু আমাৰটো শেষেই হবৰ হল । এই সময়কণনো কিয় কেৱল খাই বৈ হা-হুমুনিয়াহ কাঢ়িয়েই শেষ কৰি দিওঁ । তোৰ আইতাৰে জীয়াই থকা হলে তেওঁ সংগ দিলেহেঁতেন । এতিয়া নাই যেতিয়া তেওঁৰ স্মৃতিবোৰোকে লৈ ইয়াত অলপ সময় বহি তেওঁলৈ চাওঁ । ছাতি এটা লৈ মোৰ ফালে চাই থকা তেওঁক দেখিলে তোৰ আইতা জীৱন্ত হৈ যোৱা যেন লাগে অ’...
বয়সে শোটোৰা-শোটৰ পেলোৱা পুথাওকৰ গালেদি বাগৰি অহা চকুপানী কেইটোপালমান দেখি ধনৰ মনটো সেমেকি আহিল । পুথাওকৰ দৃষ্টি অনুসৰণ কৰিও সিও ৰাস্তালৈ চালে । ৰাস্তাৰ সিপাৰে কিবা এটা দেখি সি আকৌ এবাৰ ভালকৈ চালে । লগে লগে ধনৰ মুখত চিননিচিনকৈ হাঁহি এটা বিৰিঙি উঠিল । ফোনৰ সিপাৰৰ পৰা মামাকে চিঞৰি আছিল ধন কোন সেইজনী গম পালি নি ? ধন গম পালি নে ? ধন...
ধনে কোনো উত্তৰ নিদি ফোনটো লাহেকৈ বন্ধ কৰি দিলে । পুথাওকে নিজৰ অতীতক বৰ্তমানলৈ আনি উপভোগ কৰি থকা এই সময়কণত সিও পুথাকৰ মৌনতাক উপভোগ কৰিব বিচাৰিছে । এই সময়ত কোনোবাই সিহঁতক আমনি কৰাটো সি কামনা নকৰে । ৰাস্তাৰ সিপাৰে থকা কেণ্ট আৰ অবিজ্ঞাপনৰ বিশাল হৰ্ডিংখনত আঁউজি আইতাকৰ ভাওত পুথাকৰ নতুন প্ৰেমিকা হেমামালীনিয়েও যেন সিহঁতকে উপভোগ কৰি আছিল । ধনৰ হৰ্ডিংখনত লিখি থোৱা জঠৰ জঠৰ যেন লগা বাক্যকেইশাৰীলৈও চকু গ
এতিয়া সময় হল নিজৰ চিন্তাধাৰা বিশুদ্ধ কৰা  ,যেনেকৈ এইয়া বিশুদ্ধ পানী !! কেণ্ট আৰ অ’...’

No comments:

Post a Comment