Tuesday, 16 September 2014

দাংকাং ,বাংকাং আৰু ফচং



ভাল হব খুজিও পৰিস্থিতিৰ অত্যাচাৰত ভাল বোন্দা হব নোৱাৰা ফচঙে নিজৰ গাৰ ঘাবোৰ শুকুৱাৰ পাছতেই ঘৰৰ সদস্যসকলৰ জীৱনত লটিঘটি লগাবলৈ আৰম্ভ কৰি দিলে । কেতিয়াবা যদি কাপোৰ-কানি লৈ আৰামত শুই থকা টুকলুৰ কাণত টেঁটুফালি চিঞৰ মাৰি তাক ভয় খুৱাই আকৌ কেতিয়াবা কলী নতুবা পখৰাক সুবিধা বুজি ঠাচ ঠাচ কৰে চৰ শোধায় । মুঠতে ফচং আকৌ অত্যাচাৰী হৈ পৰিল । কুকুৰাপোৱালী আৰু হাঁহপোৱালীবোৰেও এতিয়া ফচঙৰ পৰা দূৰত্ব ৰাখি ঘুৰি ফুৰে । কব নোৱাৰি নহয় কেতিয়া তাৰ জঁক্ উঠিব আৰু কাৰোবাক টেপা মাৰি ধৰিবতাতে সি এতিয়া ৰজাৰ বিশেষ দূতো হয় ,গতিকে উৎপাতবোৰ অলপ বেছিহে চৰা হঘৰৰ নিগনি এন্দুৰ কেইটাৰ দশা আৰু বেয়া । টুকলুৱে প্ৰতিদিনে পাঁচ-ছজনী নিগনিৰ হিয়া ভগা কান্দোন শুনিবলৈ পাই । সিহঁতৰ দুখ দেখি কেতিয়াবা কেতিয়াবা টুকলুৰ ইমান খঙ উঠে যে তাৰ জোঙা নখ কেইটাই আঁচোৰ মাৰি মাৰি ফচঙৰ পেটু উলিয়াই দিবলৈ মন যায় । কিন্তু ফচঙৰ একেটা গেঙনিয়েই তাৰ সেই খঙ পানী কৰি পেলায় ।
উৎপাতবোৰ চলি আছিলতেনেতে এদিন গৃহমন্ত্ৰী জহামালে ফচঙক লৰালৰিকৈ নিজৰ কাৰ্যালয়লৈ মাতি পঠিয়ালে । আদেশ মতেই কাম । ফচং গৈ তেওঁৰ কাৰ্যালয় পালেগৈ । জহামালে ফচঙৰ আপাদমস্তক লক্ষ্য কৰি প্ৰশংসাৰ সুৰত কলে
- ফচং ৰাইজৰ মুখত শুনিছোঁ তই বোলে সকলোৰে পোৱালীবোৰৰ সৈতে বৰ মিলিজুলি থাক ! পোৱালীবোৰে হেনো তোক খুব ভাল পাই ! তই হেনো এসোপা পোৱালীক সদায় সদায় আবেলি সাধু শুনাই ওমলাই থাক !
নিজৰ প্ৰশংসা শুনি কাৰনো ভাল নালাগে ! আৰু ফচঙৰটো কথা নাই, সি গপতে ফুলি উঠিল । ডিঙিটো বিশেষভাৱে পাক এটা মাৰি গহীন হৈ সি উত্তৰ দিলে ।
-দেউ...দূত হোৱাৰ আগতে বিশেষ কাম বন নাছিল যে সেইবাবে পোৱালীবোৰৰ সৈতেই ধেমালি-ধুমুলা কৰি সময় কটাইছিলোঁ । এনেও সৰু সৰু পোৱালীবোৰ মোৰ ভাল লাগে ।
-গম পাইছোঁ । তোৰ এই বিশেষ গুণটো বনৰজাইও শলাগ লৈছে সেইবাবেই কালি আমি এটা বিশেষ সিদ্ধান্ত ললো ...
-কি সিদ্ধান্ত দেউ...
ফচং উৎসাহিত হৈ উঠিল । চকুৰ আগত ভাহি উঠিল ৰজাৰ আদেশত জহামালে তালৈ বিৰাট ডাঙৰ মাছ এটা উপহাৰ হিচাপে আগবঢ়াই দিছে  
-সিদ্ধান্ত মানে এইটো এটা ডাঙৰ সমস্যাই আছিল । কিন্তু তোৰ কথা ৰজাসভাত সকলোৱে কোৱাৰ পাছত ৰজাদেৱেও ভাবিলে তয়ে এই সমস্যাৰ পৰা আমাক উদ্ধাৰ কৰিব পাৰিবি ।
সমস্যা বুলি কোৱাৰ লগে লগে ফচঙৰ মনটো অলপ দমি গল যদিও সি হতাশ নহল ।
-দেউ এই বনৰাজ্যৰ কিবা সমস্যা সমাধানত যদি মোৰ প্ৰয়োজন হয় বুলি ভাবে সেয়া মোৰ গৌৰৱৰ কথা হব ।
-জানো জানো তইযে সদায় ৰাজ্যৰ হিতৰ কথা চিন্তা কৰবাৰু ...ঐ কোন আছ ...সিহঁতক লৈ আনচোন !
মন্ত্ৰী জহামালে নিজৰ ঘৰৰ ফালে চাই চিঞৰ এটা মাৰিলে । লগে লগে বান্দৰ এটা ওলাই আহিল । তাৰ হাতত দুটা মেকুৰী পোৱালী । ফচং অবাকতাৰ লগত আচলতে কি ভয়ানক ঘটনা ঘটিবলৈ গৈ আছে সি যেন অলপ অলপ অনুমান কৰিব পাৰিছে ! জহামালে পোৱালীকেইটাক হাতোৰাৰে মোহাৰি মোহাৰি কলে
-ফচং এইটো দাংকাং আৰু এইটো বাংকাং । পৰহি দিনা ৰাতি কোনোবা মানুহে ইহঁতক ৰাস্তাত মেলি থৈ গল । গাখীৰ খাই থকা পোৱালী কেইটা এনেকৈ নিষ্ঠুৰ ভাৱে মাকৰ বুকুৰ পৰা কাঢ়ি ৰাস্তাত মেলি থৈ যোৱা আমাৰ চিপাহী এটাই দেখিলে । সি পোৱালীকেইটা ৰজাৰ কাষলৈ লৈ গল । তাতে আলোচনা চলিল ইহঁতক কি কৰা যায় । যিহেতু অকলশৰীয়াকৈ মেলি দিবলৈ ইহঁত দুটা ইমান ডাঙৰ হোৱা নাই সেইবাবেই সিদ্ধান্ত লোৱা হল যে ইহঁতৰ মাকৰ ঠিকনা নোপোৱালৈকে কোনোবা এজনক ইহঁতৰ দায়িত্ব দিয়া হওক । সকলোৱে তোৰ নাম ললে । তোতকৈ উপযুক্ত কোনো হবই নোৱাৰে বোলে ।
-কিন্তু দেউ...
-কিন্তু বুলি এতিয়া কোনো কথা নাই ফচং, এতিয়াৰে পৰা দুমাহ ইহঁত তোৰ কাষতে থাকিব । সেইসময়খিনিত যদি ইহঁতৰ মাকৰ ঠিকনা পোৱা যায় তেতিয়া লৈ যাম । আৰু যদি নাপাওঁ তেতিয়া ইহঁতে যি বিচাৰে তাকে কৰিব লাগিব আৰু শুন ইহঁতক কেৱল তোৰ লগত থাকিবলৈ দিয়াই নহয়, তই ইহঁতক কেনেকৈ চিকাৰ ধৰিব লাগিব তাকো শিকাব লাগিব ।
জহামালৰ কথা শুনি ফচঙৰ মুখ শুকাই গল । সি পোৱালী কেইটালৈ চালে । দুয়োটাই পিলিকা-পিলিককৈ তালৈকে চাই আছিল । জহামালে দাংকাং ,বাংকাং এইয়া তহঁতৰ দেউতা যা বুলি কবলৈ পালেহে দুয়োটাই লৰ মাৰি আহি ফচঙৰ মুৰে-পিঠিয়ে বগাই মা মা বুলি মিউ-মিউৱাবলৈ লাগিল । পোৱালী কেইটাই ফচঙক মা বুলি মতা শুনি দেখি গৃহমন্ত্ৰী জহামাল হাঁহি হাঁহি আসনৰ পৰা বাগৰি পৰিল । আৰু ফচং...অনাকাংক্ষিত ভাৱে দুটা পোৱালীৰ মাক হৈ দুখেৰে ফচং ঘৰলৈ উভতিল ।

দাংকাং ,বাংকাঙৰ সৈতে প্ৰথম দুটামান দিন ফচঙৰ ঠিকেই পাৰ হল । সি নিগনি ধৰে আৰু সিহঁতি বহি বহি খাই । ওচৰ চুবুৰীয়া হিচাপে বগীবুঢ়ীহঁতেও সিহঁতৰ খবৰ লয় ।  মা মা বুলি কৈ ফচঙৰ পাছে পাছে ঘুৰি ফুৰা পোৱালীকেইটাক দেখি সকলো মৰমতে পমি গল । মা বুলি মতাৰ বাবে ফচঙে সিহঁতক কেইবা ঢকা দিছিল যদিও সিহঁতি আকৌ সেইবুলিয়েই মাতেহি । উপায়হীন হৈ ফচঙে সেইটো মানি ললেগৈ । কিন্তু আকৌ এটা নতুন বিপদে দেখা দিলে । জহামালৰ কথামতেই ফচঙে দাংকাং আৰু বাংকাংক চিকাৰ ধৰা প্ৰশিক্ষণ দিবলৈ ললে । অৱশ্যে কেৱল জহামালৰ কথামতেই নহয়, নিজে কষ্ট কৰিব আৰু সিহঁতি বহি বহি খাব তাকে দেখি খঙত ফচঙে সিহঁত দুটাক নিগনি ধৰিবলৈ যাওঁতে লগত লৈ যাবলৈ ধৰিলে । পিছে হিতে বিপৰীতেহে গল । নিগনি ধৰিবলৈ ফচঙে চকু-কাণ সজাগ কৰি ৰৈ থাকে ইফালে হামিয়াই-হিকটিয়াই দাংকাং-বাংকাং বহি থাকে । আৰু যেতিয়াই নিগনি দেখে দুয়োটাই মা সেইটো ধৰ বুলি যেনেকৈহে চিঞৰে নিগনি পলাই পতং দিয়ে । আকৌ কেতিয়াবা ফচঙে বতা নিগনি এটা ধৰি আনি দিবহি হো ল অলপ শিক বুলি কিন্তু দুয়োটাই খেলিবলৈ ধৰোঁতে নিগনি গৈ গাঁতত সোমাইগৈ । দাংকাং,বাংকাংৰ এনে অঘাইতং কাণ্ডৰ বাবে দুদিনমান ফচঙে নিৰামিষ আহাৰ খাব লগা হল । তথাপিও ৰজাৰ আদেশ বুলি ফচঙে সহ্য কৰি আছিল । কিন্তু সেইদিনা নোৱাৰিলে আৰু ! নোৱাৰিবৰে কথা ,যিমান হলেও সি এটা বোন্দা । দাংকাং ,বাংকাংকে তাক মা বুলি মতাৰ বাবে নিজৰ সমাজৰ বোন্দাবোৰৰ পৰা সি বহুতবাৰ ইতিকিং ভৰা কথা শুনিবলৈ পাইছে তাতে সিদিনা ঘৰত যিটোহে ঘটনা ঘটিল ফচঙৰ লাজত মৰি যাওঁ যেন লাগিল । সেইদিনা আবেলি সিহঁত গোটেইবোৰ চোতালতে জিৰাই আছিল । তেনেতে গিৰিহঁতনিয়ে ঘৰলৈ অহা চুবুৰীয়া এগৰাকীক কোৱা শুনিলে-বুজিছা লোকৰ মাইকী জন্তুবোৰে কেতিয়াবা আনৰ পোৱালী ঘৰলৈ চপাই আনে পিছে আমাৰ ঘৰত আক সুকীয়া । আমাৰ বোন্দাটোৱেহে পোৱালী দুটা চপাই লৈছে । বৰ মৰম লগা পাই । সেইবাবেই ঘৰত থাকিবলৈ দিছোঁ । বোন্দাটোৱেও মাকৰ দৰে পোৱালী কেইটা লৈ ফুৰিছে ।
গিৰিহতনীয়ে কথাষাৰ কৈ আঁতৰি যোৱাৰ পাছতে বগীবুঢ়ীহঁতে পেট বিষাই যোৱাকৈ হাঁহিলেফচঙে বৰ লাজ পালে । সেইদিনাই সি ঠিক কৰিলে আৰু সহ্য কৰিব নোৱাৰি আৰু ইহঁতৰ কিবা এটা দিহা লগাবই লাগিব !
পিছদিনা দুপৰীয়া দাংকাং বাংকাংক লগত লৈ ফচং পথাৰৰ ফালে ওলাল । বাটত দাংকাংকে কেইবাবাৰো সুধিলে মা আমি কলৈ গৈ আছোঁ । ফচঙে বলচোন বাৰু বুলি কৈ লৈ গৈ থাকিল । এঘণ্টামান বাট যোৱাৰ পাছত শিলিখা গছ এডালৰ তলতে তিনিওটা বহি পৰিল । ভাগৰত দাংকাং,বাংকাংৰ অৱস্থা কাঢ়িল । ফচঙে সিহঁতৰ অৱস্থা দেখি সুবিধা বুজি কলে-তহঁতৰ ভাগৰ লাগিছে হবলা । বাৰু তহঁতে আৰু খোজ কাঢ়িব নালাগে । ইয়াতে অলপ জিৰাই ল । মই নিজেই যাওঁ...সাউকৰে আহিম দেই
ভাগৰুৱা দাংকাং বাংকাঙে ফচঙৰ কথা শুনি আনন্দমনেৰে সন্মতি জনাই নেজৰ মাজত মুখ লুকুৱাই শুবলৈ ললেফচঙেও দীঘল দীঘল জাপ কেইটামান মাৰি সেইঠাইৰ পৰা আঁতৰি আহিল ।
ঘৰ পায়েই ফচঙে ডাঙৰ চাই নিগনি এটা ধৰিলেগৈ । বহুদিনৰ মুৰত লাহ-বিলাহ কৰি নিগনিটো খাবলৈ লৈও ফচং থমকি ৰল । দাংকাং ,বাংকাঙে বাৰু এতিয়া কি কৰিছে ?  সি আহিব বুলি মুৰ দাঙি দাঙি চাই আছে নে ? নে কোনোবা বোন্দা মেকুৰী নাইবা কুকুৰে সিহঁতক নিগনি মৰাদি মাৰি আছে !! দাংকাং ,বাংকাঙৰ মৰণকাতৰ চিঞৰ এটাই ফচঙৰ আত্মাত খুন্দা মাৰিবলৈ ধৰিলে । ফচঙে যিমান পাৰে মনটো সেইবোৰৰ পৰা আঁতৰ কৰি নিগনিটো খাবলৈ চেষ্টা কৰিছে । কিন্তু সি পৰা নাই !
-ফচং আজি আবেলি গৃহমন্ত্ৰীদেউৰ দূত এজন দাংকাং ,বাংকাংক চাবলৈ আহিব বোলে । সিহঁতৰ গা-পাবোৰ চফা কৰি থবি । নহলে ৰজাৰ ৰোষ কেনেকুৱা বুজিছই নহয় ।
কাষেদি পাৰ হৈ যোৱা পখৰাই কোৱা কথাষাৰ শুনি খাবলৈ লোৱা নিগনিটোৰ ঠেং এটা ফচঙৰ ডিঙিত লাগি ধৰা যেন লাগিলএটা পল সি কিবা এটা ভাবিলে, তাৰ পাছত নিগনিটো মুখত লৈয়েই পথাৰৰ ফালে দৌৰিবলৈ ধৰিলে । শিলিখাজোপাৰ কাষ পাই দাংকাং বাংকাঙক নিৰাপদে শুই থকা দেখিহে তাৰ উশাহ ঘুৰি আহিল ।
-মা বহুত দেৰি কৰিলিচোন !
বাংকাঙে সৰলভাৱে ফচঙক সুধিলে । তাৰ কথা শুনি কিয়জানো ফচঙৰ মনটো কিবা এটা দুখে উকমুকাই উঠিল । মুখৰ পৰা নিগনিটো উলিয়াই সিহঁতক খাবলৈ দিলে । দুয়োটাৰে ভোক লাগিছিল চাগৈ নিগনিটো তৎক্ষণাত্ খাই শেষ কৰি পেলালে । সি দুয়োটাৰ মুখৰ আগত থিয় হৈ ঘোষণা কৰিলে
-আজিৰ পৰা তহঁতৰ আচল প্ৰশিক্ষণ আৰম্ভ হব । মই তহঁতক শিকাম এটা পৈণত বোন্দা হবলৈ কি কি গুণ লাগে ।

ইয়াৰ পাছৰ দিনকেইটা ফচঙৰ খুব খৰকৈ পাৰ হৈ যোৱা যেন লাগিল । দুমাহ শেষ হল,অৱশেষত নিৰ্দিষ্ট দিনটো পালেহি । ফচঙে পুৱাৰে পৰা দাংকাং,বাংকাঙক চিকাৰ কৰিবৰ সময়ত লব লগা সাৱধানতাবোৰ সোঁৱৰাই আছে । দাংকাং,বাংকাঙৰ মন বেয়া । যিমান হলেও মাকক এৰি যাবলৈ সিহঁতৰ অকণো মন নাই । আনহাতে ফচঙৰ মনটো ভাল লাগিছে অন্তত কোনো বিঘিনি নঘটাকৈ ৰজাৰ আদেশ এটা পালন কৰিব পাৰিলে আৰু আজিৰ পৰা সি আকৌ মুকলি-মূৰীয়া হৈ পৰিব তাতে পখৰাই খবৰ দিছে ৰজাই হেনো তালৈ ডাঙৰ মাছ এটা দি পঠাব !
আবেলিলৈ গৃহমন্ত্ৰী জহামাল আহিল । লগত অহা বান্দৰ এটাই ৰজাৰ উপহাৰ হিচাপে বৰালি মাছ এটা ফচঙৰ কাষত ৰাখিলে । জহামালে দাংকাং,বাংকাংক একাষে মাতি নি মনে মনে কিবা এটা পাতিলে । ফচঙে সেইবোৰ গুৰুত্বই দিয়া নাই । তাৰ চকু মাথোন বৰালি মাছটোৰ ওপৰত । ইতিমধ্যে বাৰিষাৰ নৈৰ সোঁতৰ দৰে হৰহৰাই জিভাৰ পানী ববলৈ ধৰিলেইকেতিয়াকৈ সকলো যাব আৰু কেতিয়া সি মাছটো বহি বহি খাবলৈ পাব তাকে ভাবিছে ।
-ফচং...
দাংকাং,বাংকাংৰ লগত কথা পাতি আহি গৃহমন্ত্ৰী জহামালে ফচঙৰ ফালে চাই গহীনাই মাত লগালে । ফচঙে লগে লগে মুখখন চেলেকি জহামাললৈ চালে ।
-ফচং ডাঙৰ এটা কথা হল জান , বহুত চেষ্টা কৰিও দাংকাং ,বাংকাঙৰ মাকৰ খবৰ উলিয়াব নোৱাৰিলোঁ । বনৰজাই সেইবাবেই আদেশ দি পঠাইছে দাংকাং,বাংকাঙে এতিয়া যত থাকি ভাল পাই আৰু যত সিহঁতে নিৰাপদ অনুভৱ কৰে তাতে ডাঙৰ নোহোৱালৈকে সিহঁতক থাকক । এতিয়া দাংকাং ,বাংকাঙক মই তাকে সুধিছিলোঁ বোলো সিহঁতে কত থাকিবলৈ ইচ্ছা কৰে...
ফচঙৰ জিভাৰ পানীবোৰ লগা-লগ শুকাই গল । কোনোমতে সেপঢুকি সুধিলে
-কত থাকিবলৈ ইচ্ছা কৰিছে দেউ... ?
-সিহঁতি তোক এৰি যাবলৈ টান পাইছে অএই দুমাহ তই বোলে সিহঁতক যিমান মৰম কৰিলি সিমান মৰম হেনো সিহঁতি নিজৰ মাকৰ পৰাও পোৱা নাই । সিহঁতৰ বাবে তয়েই এতিয়া সিহঁতৰ পৃথিৱী । তোৰ মাজত এনে মৰমৰ দেখি মোৰো বৰ ভাল লাগিছে । বনৰজাইও খুব ভাল পাব । গতিকে এতিয়াৰ পৰা দাংকাং,বাংকাং তোৰ লগতেই থাকিব । কিন্তু চাবি আক ইহঁতৰ ওপৰত আমাৰ দৃষ্টি সদায় থাকিব । তই যদি মৰমৰ সলনি কেনেবাকৈ ইহঁতক অত্যাচাৰ কৰিবলৈ চেষ্টা কৰ তেতিয়া কিন্তু বনৰজাই অলপো ক্ষমাৰ দৃষ্টিৰে নাচাব । মই এতিয়া যাওঁ । দাংকাং,বাংকাং তহঁত মাৰৰ লগতে থাকিবি । যা, মাছ খাগৈ । ৰজাই তহঁতলৈ বুলিয়েই দি পঠাইছে ।
কথাষাৰ শুনি দাংকাং,বাংকাং মাছটোৰ ওপৰত জঁপিয়াই পৰিল । ফচঙৰ এনে লাগিল যেন তাৰ শৰীৰৰ প্ৰতিটো অংগই অসাৰ হৈ পৰিছে । সি মাথো থৰ হৈ বৰালি মাছটোৰ ফালে চাই থাকিল । প্ৰথমে মাছটোৰ মঙহখিনি শেষ হৈ গল তাৰ পাছত মূৰটো । ট ট কৈ বৰালিটো কাঁইটখিনি জিলিকি উঠিল । সেইখিনিও যেতিয়া নাইকিয়া হবলৈ ধৰিলে ফচঙে বিৰাট দুখেৰে চিঞৰি উঠিল
মিয়াউউউউউউউউউউউউউউউউউউউউউউউউউ
তাৰ মাতৰ অৰ্থ বুজিব নোৱাৰি দাংকাং বাংকঙেও তাৰ গাত জঁপিয়াই জঁপিয়াই চিঞৰিবলৈ ধৰিলে
মাওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওওও
মাওওওওওওওওওওওওওওওওওওওওওওওওওওওও

No comments:

Post a Comment