Thursday, 4 September 2014

আমিবোৰ ডাঙৰ হৈ গৈ আছোঁ



পানী বাঢ়িছে ! নৈত পানী বাঢ়িছে । আগতে এইকথাষাৰ কোনোবা ডাঙৰ মানুহৰ পৰা শুনাৰ লগে লগে ইমান ভাল লাগিছিল । কিন্তু পানী যদি শাওণৰ পাছত বাঢ়ে তেতিয়া মুঠেই ভাল নালাগিছিল । খেতিৰ বাবেনে ? ওহো খেতিৰ কথা সেইসময়ত মনলৈ নাহেই । শাওণত পানী বাঢ়িলে এইবাবেই বেয়া লাগিছিল যে তেতিয়া পথাৰ খন খালি হৈ নাথাকে । ভূৰ চলাবলৈ নাপাম ! বৰ দুখ লাগে তেতিয়া । কিন্তু পথাৰ খালি হৈ থকাৰ সময়ত পানী বাঢ়িলে লগা-লগ বাৰীলৈ গৈ ভীমকলৰ গছবোৰ চাওঁ –কোনজোপা কাটিলে ভাল হব । নতুনকৈ বৰশী অলপো গোটাই লওঁ । মায়ে যদি কেনেবাকৈ সৌভাগ্যক্ৰমে ৰাতি বাৰীত মাছ কাটিবলৈ অনুমতি দিয়ে...তাৰ বাবে জোঁৰ দুটামানো মনে মনে ঠিক কৰি থওঁ । মুঠতে পানী বঢ়াকেইদিন ভাইটি সোন আৰু মোৰ ব্যস্ততাও বাঢ়ি যায় । আমাৰ বায়ে এইবোৰ কাৰবাৰ মুঠেই ভাল নাপাইছিল । তাই আনকি নিজৰ বিয়াৰ আগলৈকে সোন আৰু মোৰ হাতৰ পৰা পানী এগিলাচো নাখাইছিল ! আমি যে কেঁচু চুও ,কুকুৰ-মেকুৰী কোঁচত লৈ ফুৰোঁ ! যি-তি খাওঁ । সেইবাবেই আমি দুটা বোলে মস্ত লেতেৰা ! পিছে কোনে তাইক পাত্তা দিয়ে । হামাৰে পাছ তৌ মা হেই !
পানী বাঢ়ে । আমাৰ ভূৰ হৈ যায় । দদাইদেউৰ লৰা দুটাৰ সৈতে আমি চাৰিটা । নিশ্চিতভাৱে মই দলপতি কাষৰ ঘৰৰ কৃষ্ণহঁতৰ সৈতে ভূৰৰ ওপৰতে যুঁজ চলে । মায়ে ফলাখৰি লৈ নমতালৈকে পানীতে থাকোঁ । বেমাৰত পৰা তথ্যই নাই !
সময়বোৰ পাৰ হৈ গল । শাওণৰ পথাৰখন এতিয়া মোৰ পৰা বহু দূৰৈত । আজিকালি বৰষুণ এজাকত তিতিলেও দেহে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে । মোৰ মৰমৰ দলটোৰ সদস্যসকলো জীৱনৰ সৈতে ব্যস্ত হৈ পৰিল । আজিকালি পানী বাঢ়িলে আমি ভাল নাপাওঁ । খেতিৰ কথা ভাবোঁ । আমিবোৰ যে ডাঙৰ হৈ পৰিলোঁ ।
অলপদিনৰ আগতে দেতালৈ ফোন কৰোঁতে গম পালোঁ আমাৰ ফালে পানী বাঢ়িছে । পিছে পানীয়ে আগতীয়াকৈ কৰা খেতি একেবাৰেই নষ্ট কৰিব পৰা নাই ,কিন্তু শেহতীয়াকৈ ৰোৱাবোৰ পানীৰ তলত আছে । সেইবোৰৰ পৰা ধান পোৱাৰ আশা কৰিব নোৱাৰি হেনো । অৱশ্যে পানী বিশেষ ডাঙৰো নহয় বোলে । উভতনী পানীহে । গল কথা গুচিল । কালি দেতাক আকৌ পানীৰ কথা সোধাত কলে-পানী কমিল । মাছ ঢেৰ ওলাইছে । ডাঙৰ নহয় সৰু মাছ ।
মই বোলো আমাৰ ঘৰৰ কোনোবাই ধৰিছে নে ?
দেতাই কলে কোনে ধৰিব । না সোনৰ সময় আছে না মোৰ সময় আছে । দদায়েৰে ধৰিছে । সিয়েই মাছ দিছে ।
ইমান পৰে মনে মনে আমাৰ কথা শুনি থকা মোৰ গৃহস্থই হাঁহি হাঁহি মাত লগালে-তয়ে যা ,মাছ ধৰগৈ ।
তেওঁৰ কথা শুনি দেতা আৰু মই হো-হোৱাই হাঁহি উঠিলোঁ । এই হাঁহিৰ আঁৰত পিছে আন এটা ঘটনা লুকাই আছিল ।
২০০৯ চনৰ আহিন মাহৰ কথা ।
পুৱা মই ঘোৰ্ঘোৰাই শুই আছিলোঁসেনাবাহিনীত চাকৰি কৰি অহা দেতাই ঘৰৰ সকলোকে পুৱাতে উঠিবলৈ অভ্যাস কৰাব পাৰিলে যদিও মোক মই ইচ্ছা নকৰালৈকে নোৱাৰিলে । মোক দাঙিব পৰালৈকে দেতাই পুৱাই মোক দাঙি নি চোতালত শুৱাই দিছিলতাৰপাছতহে চিঞৰ বাখৰ কৰি মই সাৰ পাইছিলোঁনহলে কেতিয়াবা জানমানোক চিঞৰাইছিল ,কেতিয়াবা কাণৰ কাষত কাঁহী বজাই ...মানে ঢেৰ কাণ্ড কৰিছিল সিদিনাও মই শুই আছিলোঁপুৱা চাৰে পাঁচটামান বাজিছিল চাগৈ । দেতাই পথাৰৰ পৰা এপাক ঘুৰি আহি মোৰ কাষত আহি হুলস্থূল কৰিলেহি- সৰুমাইনা ঐ সৰুমাইনা উঠ উঠ হোলাত টেক্টৰে হালবাইছে । ইম্মান মাছ ওলাইছে অ....
মাছ শব্দটো শুনাৰ লগে লগে মই খকমকৈ সাৰ পালোঁ । এটা পলটো নষ্ট নকৰি যেনেকৈ আছিলোঁ তেনেকৈয়ে উঠি খালৈটো আৰু জাকৈখনলৈ পথাৰলৈ দৌৰ মাৰিলোঁ । আনকি চকু কেইটাইও মোহাৰিবলৈ সময় নাপালোঁ । পাছফালৰ পৰা মায়ে চিঞৰি আছিল ,গুৰুত্ব নিদিলোঁ । পথাৰ পাই দেখোঁ হাল আৰু হালোৱাৰ শব্দ কেইটাহে বাহিৰে গোটেইখন ঠাণ্ডা হৈ আছে ! থতমত খাই অকণমান সময় ইফালে সিফালে চালোঁ । তাৰপাছত ওচৰতে হালবাই থকা ককাইদেউ এজনক সুধিলোঁ-ঐ কাকা মাছ ওলাইছে নেকি ?
মোৰ কথাত সি মুখখন বিকটাই উত্তৰ দিলে-কাণী-পুঠি এজনিও ওলোৱা নাই ।
থৰক-বৰকৈ উভতি খোজ ললো  । ঘৰলৈ আহি দেখোঁ বাৰাণ্ডাত বহি চাহ খাই দেতা আৰু মাই মোক চাই চাই হাঁহি আছে !

কালি সেই কথাটোকে মনত পেলাই আকৌ হাঁহিলোঁ । দেতাই মোক নকলেও মই বুজি পাইছিলোঁ দেতাৰো সেই ঘটনাটোকে মনত পৰিছে । দুয়ো আকৌ এবাৰ যেন উপভোগ কৰিলোঁ সেইসময় কণ ।
সেই সময়কণ !! সেই সময়কণৰ দৰে সময়ে স্মৃতিৰ ভঁৰালটো চহকী কৰি গৈ আছে এই সময় সেই সময় হৈ গৈ আছে । দূৰ হৈ গৈ আছে জীৱনৰ মধুৰতম সময়বোৰ । আৰু আমিবোৰ...আমিবোৰ ডাঙৰ হৈ গৈ আছোঁ ।     

No comments:

Post a Comment