Sunday, 10 August 2014

মই তেওঁক আপোন কৰি লোৱাৰ পাছত..





মই তেওঁক আপোন কৰি লোৱাৰ পাছত সুখী হোৱা মানুহৰ অভাৱ নাছিল । মা-দেতা, বা আৰু লগৰবোৰৰ মতে এইবাৰ এইজনী চিজিল লাগিল । বতাহৰ দৰে ঘুৰাই লৈ ফুৰা মোৰ মনটোৱেও মোৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিলে –অন্তত এতিয়াৰ পৰা বেয়া নলগাকৈয়ে কোনোবা এজনক ভাল পাব পাৰিব, সৰ্বোচ্চ উজাৰি ! দুদিনৰ পাছতে মনটো এঠাইৰ পৰা নি আনঠাইত ৰুবগৈ নালাগে ! সুখী হোৱা মানুহৰ অভাৱ নাছিল । মাধুৰীমা নামৰ মই জনীও নিজৰ কক্ষপথ সলনি কৰি তেওঁৰ কক্ষপথলৈ নিজে নিজেই গুচি গৈছিলোঁ । পৰিতৃপ্তি আৰু সুখেৰেই !
জন্মৰ ঘৰখন এৰি একান্তই নিজৰ ঘৰখনলৈ গুচি অহাৰ পাছত সাধাৰণতেই নকন্দা মায়ে এটা সপ্তাহ কেৱল কান্দিয়েই থাকিল । বাৰ বিয়াতো মায়ে ইমান কন্দা নাছিল । সকলো আচৰিত হৈছিল । মই আচৰিত হোৱা নাছিলোঁ । মাৰ সৈতে মোৰ সম্বন্ধটো বা আৰু ভাইটিতোকৈ বেলেগ আছিল । মই তেওঁৰ জেদি, আবেগিক সন্তানটি আছিলোঁ । মায়ে কান্দিছিল । কিন্তু সেই কান্দোনত সুখৰ ছাঁ এটাও আছিল কাৰণ তেওঁ জানিছিল মই সুখী হম ।
কিন্তু কোনোবা যেন একেবাৰেই সুখী হোৱা নাছিল !
ঘৰৰ পৰা অহাৰ দিনা জানমানোক কোনোবাই অলপ সময়ৰ বাবে আঁতৰাই নিছিল । নহলে যে সি মোৰ লগে লগে আহিব ! প্ৰতিটো মুহূৰ্ততে মোৰ ছাঁৰ দৰে লাগি থকা জানমানো মই গুচি অহাৰ সাতমাহৰ পাছত এদিন হেৰাই গল । প্ৰতিদিনে ফোনত মোৰ মাতৰ লগে লগে সঁহাৰি দিয়া জানমানোয়ে দুখ পাইছিল মই তাক এৰি অহাৰ বাবে ! হয়তো সি সহ্যই কৰিব নোৱাৰিলে মোৰ অনুপস্থিতি !! হয়তো সেইবাবেই হেৰাই গজানমানো নামৰ মোৰ সকলোতকৈ প্ৰিয় বোন্দা মেকুৰীটো !
জানমানোৰ বাহিৰেও আন এটিও যেন অলপ দুখী হৈছিল ! সি যে দুখী হৈছে সেয়া মই মোৰ কক্ষপথ সলনি কৰাৰ আগতেই অনুমান কৰিব পাৰিছিলোঁ । তাৰ বান্ধৱীসকলৰ যোগেদিয়েই কৈছিলোঁ –মই সদায়েই তাৰ বাবে একেই হৈ থাকিম ! মোৰ উশাহৰ মাজে মাজে যদিওবা এতিয়া আন এজন অহা-যোৱা কৰিব তথাপি সিয়েই মোৰ জীও বাহটো হৈ থাকিব !
কোনোবা এদিন লিখিছিলোঁ- ভালপোৱাবোৰ চাগৈ এনেকুৱাই, এটাক ভেজা দি আনটো গঢ় লৈ উঠে নতুন নতুন নামেৰে । জীৱনৰ প্ৰতিটো ষ্টপেজতে ভিন্ন ৰূপত আহি হিয়াখন চহকী কৰি তোলে ভিন ভিন আবেগেৰেভালপোৱা নামৰ একেধৰণৰ সংজ্ঞাৰেই !
সি বুজি পাইছিল । তথাপি চাগৈ কোনোবাখিনিত সি অকলশৰীয়া অনুভৱ কৰিছিল । দাঁতত ভাত এটাও লাগিলেও তাক কোৱা কথাবোৰ মইযে আন এজনক কবলৈ আৰম্ভ কৰিছিলোঁ । পুৰণি সময়বোৰে তাক আমনি কৰিছিল কাজিয়া লগা সময়খিনি , ঢকিয়াই ঢকিয়াই মোক কন্দুৱাই পেলোৱা সময়খিনি, মাছ ধৰিবলৈ যোৱা ,হাবিয়ে-বননিয়ে ঘুৰি সময়খিনিয়ে বাৰুকৈয়ে তাক আমনি কৰিছিল !
মই তেওঁক আপোন কৰি লোৱাৰ পাছত সুখী হবলৈ গৈও দুখী হৈছিল সি ! সি মোৰ ভাইটিটো ! প্ৰতি পলেই তাৰ কাষে কাষে তাক ছাঁ দি ফুৰা তাৰ বায়েকজনী যে আনৰ হৈ পৰিছিল । মোৰ প্ৰতি থকা তাৰ অগাধ ভালপোৱাখিনিৰ বাবেই সি দুখী হৈছিল ! আৰু মই...
  

No comments:

Post a Comment