Sunday, 10 August 2014

ৰাখী





যোৱা দুদিনৰ পৰা বৰুৱানীৰ মনটো ভাল লাগি থকা নাই । ভালনো কেনেকৈ লাগিব যেতিয়া ঘৰখনৰ আচল মানুহজনেই যদি আঘাতপ্ৰাপ্ত হৈ থাকে ! আঘাত বেছি ডাঙৰ নহয় যদিও একেবাৰে ওলাই কৰিব পৰা বিধৰো নহয় । পৰহি দিনা বাৰাণ্ডাৰ চিৰি কেইটাতে বৰুৱা উজুটি খাই পৰিল । লগে লগে সোঁহাতখন অলপ ফুলি আহিল । বৰুৱানীয়ে চি়ঞৰ বাখৰ লগাই দিয়াত বৰুৱাই গৈ নিজৰ ডাক্তৰ বন্ধু অমিতক দেখুৱালে । অমিতে পৰীক্ষা-চৰীক্ষা কৰি হাতত মস্ত ডাঙৰ বেণ্ডেজ লগাই ঘৰলৈ পঠাই দিলে ।
-হাতখন যদি ভগাই নাই ইমান ডাঙৰ বেণ্ডেজডাল লগাই দিবলৈ অমিতভায়াক কিহে পালে ?
বৰুৱাৰ হাতত প্ৰয়োজনতকৈ ডাঙৰ যেন লগা বেণ্ডেজটো দেখি বৰুৱানীয়ে চকু ঘোপা কৰি সুধিছিল ।
-এস তোমালোক মাইকী মানুহবোৰ নহয় ,চব ক্ষেত্ৰতে সন্দেহ ! হাড়ডাল অলপ ফটা যেন হৈছে বুলি কোৱা নাই জানো । সেইবাবেই  লগাই দিছে ।
বৰুৱাৰ ভোৰভোৰণিত বৰুৱানী মনে মনে থাকিল যদিও আজি বৰুৱা সাজি-কাচি অফিচলৈ যাবলৈ ওলোৱা দেখি আকৌ চিঞৰ বাখৰ লগালে ।
-দুদিনমান অফিচ নগলে অফিচটো কৰবালৈ পলাই যাব নেকি ?
-নতুন চফ্টৱেৰে এটা সোনকালে উলিয়াই দিব লাগেহে ।
-সেইবুলি এই ভগা হাতখনৰে গৈ কাম কৰিব ? আগতে দেখোন পানী লাগিলেও অফিচ নাযাওঁ বুলি কয় ! মইহে ঠেলি হেঁচি পঠাই দিব লাগে । নে এতিয়া ঘৰত থাকি বেয়া লাগে ? অফিচৰ সেইকেইজনীলৈ মনত পৰি থাকে ?
অফিচৰ সেইকেইজনী মানে অফিচৰ ধুনীয়া এইচ-আৰ জনীৰ কথাকে যে বৰুৱানীয়ে কৈছে সেইটো বুজিবলৈ বৰুৱাৰ বেছি সময় নালাগিল ।
-তোমাৰো যে কথা ! আগতে মই ডেভলপাৰ আছিলোঁ । মই নগলেও কাৰো কব লগা নাছিল । বিশেষ দায়িত্বও নাছিল । এতিয়া প্ৰজেক্ট মেনেজাৰ হলো । দায়িত্ব বাঢ়িল । মই নগলে মোৰ তলত কাম কৰা সকলৰ কামবোৰো ৰৈ যাব পাৰে । সেইবাবেই যাওঁ বুজিছা ।
কোনোমতে বৰুৱানীক বুজাই বঢ়াই বৰুৱা অফিচলৈ বুলি ওলাই গল । যাওঁতে বাটত ভাবি গল-এই অৰুণটোক আজি ঠিকছে গালি দিব লাগিব । কি দৰকাৰ পৰিছে অফিচৰ কোন কিমান ধুনীয়া সেইবোৰ বৌয়েকৰ আগত গাবলৈ !
বৰুৱাৰ ভনীজোঁৱাইক অৰুণ তেওঁৰ সহকৰ্মী হয়আগতে বেলেগ এটা কোম্পানীত কাম কৰিছিল যদিও আজি এবছৰ আগতে বৰুৱাহঁতৰ কোম্পানীটোত যোগদান কৰিলেহি । বৰুৱাই ভাল পালে । যাহওক অচিনাকী চহৰত ঘৰৰ মানুহ এঘৰ ওচৰতে থাকিব । তাতে নিজৰ ভনীয়েক ।
গধূলি বৰুৱা অফিচৰ পৰা ঘুৰি অহাৰ লগে লগে বৰুৱানীয়ে উজ্জ্বল মুখেৰে বৰুৱাক সোধ-পোচ কৰিলে । দিনত হাতখন বিষাইছিল নেকি, টিফিন খাওঁতে কিবা অসুবিধা হৈছিল নেকি সুধিলে ! বৰুৱাই ভাগৰুৱা কণ্ঠৰে প্ৰশ্নবোৰ উত্তৰ দি গল ।
-আজি অৰুণহঁত আহিব জানা ! অলপ আগত শিখাই ফোন কৰি কলে ।
অৰুণহঁত ৰাতি আহিব ! তাৰমানে ভাত খোৱাকৈ আহিব ! এনেকৈ শিখাই হঠাতে ভাত খোৱাৰ প্ৰগাম পাতিলে বৰুৱানীয়ে ভাল নাপায় ! আজি কিয় ইমান স্ফূৰ্তিত আছে !! বৰুৱাই প্ৰশ্নবোধক দৃষ্টিৰে বৰুৱানীলৈ চালে ।
-তাই কৈছে ভাত পানী একো ৰান্ধিব নালাগে বোলে । সিহঁতি কেএফচিৰ পৰা কিবা কিবি লৈ আহিব । কিবা পাৰ্টি দিব হেনো ! মই বোলো কিছ খুছি মেই ? তাই ঘৰত আহি কম বুলি কৈছে ! কব নোৱাৰি দেই আপুনি...
বৰুৱানীয়ে ইংগিত এটা দি কথাষাৰ আধৰুৱা কৰি থলে । বৰুৱাই ইংগিতটো বুজি পালে । টিকলাৰ জন্মৰ আগলৈকে সিহঁতেও যে কত বাৰ হোৱাই-নোহোৱাই এনেকুৱা ইংগিতৰ সন্মুখীন হৈছিল ঠিক নাই । কেতিয়াবাটো কিছুমানে দুখ প্ৰকাশ কৰিয়েই কৈছিল-কি কৰিবা চব ভগৱানৰ ইচ্ছা । পাৰিলে এডপ্ট কৰি লোৱা । বৰুৱাই তেতিয়াই খপজপাই কৈছিল-আৰে প্লেনিঙেই কৰা নাই । ভগৱানৰ ওপৰত কিয় এনেই দুখ দিছে ! এতিয়া ভনীয়েকৰো যদি...কথাটো ভাবিয়েই বৰুৱাৰ মনটো ভাল লাগি গল । সিহঁত বা কিমান সোনকালে আহে !
চাৰে আঠমান বাজিলত বৰুৱাৰ ঘৰৰ কলিংবেলটো বাজি উঠিল । বৰুৱানীয়ে উলহ-মালহকৈ দৰজাখন খুলি দিলে । হাতত মস্ত ডাঙৰ পলিথিন কেইটামান লৈ শিখা আৰু অৰুণ সোমাই আহিল । পোন্ধৰ মিনিটমান পেহীয়েক-ভতিজাকৰ চিঞৰ বাখৰেই ঘৰটো ভৰি থাকিল । তাৰ পাছতহে সকলো আহি ড্ৰয়িংৰুমত শান্তিৰে বহিলহি ।
বৰুৱাই কিবা সোধাৰ আগতেই বৰুৱানীয়ে হাঁহি এটা মাৰি শিখাক সুধিলে
-খবৰ ডাঙৰই যেন পাওঁ ন শিখা ?
বৌয়েকৰ কথা শুনি শিখাই মিচিকিয়াই হাঁহিলে । তাৰ পাছত উচ্ছাসেৰে কলে
-ডাঙৰ নহবনে আৰু বৌ । দাদাহঁতৰ অফিচৰ যে ধুনীয়া এইচআৰ জনী ,সেইজনীয়ে আজি অৰুণক ৰাখী পিন্ধালে । আজি ৰাখী বন্ধনৰ দিনা ইয়াতকৈ আৰু ভাল খবৰ কিবা হব পাৰে নে আৰু । সেইবাবেই পাৰ্টী এটা খাওঁ বুলি ভাবিলোঁ । অফিচৰ বহুতকে বোলে পিন্ধালে । কিয় দাদাক নিপিন্ধালে নেকি ?
শিখাৰ প্ৰশ্নটোত বৰুৱানীয়ে বৰুৱাৰ হাতত লাগি থকা জোখতকৈ ডাঙৰ বেণ্ডেজটোলৈ ট ট কৈ চালে । বৰুৱানীৰ জুই হেন চাৱনী দেখি বৰুৱাৰ এনে লাগিল যেন বেণ্ডেজটোৰ ভৰত হাতখনৰ লগতে গোটেই মানুহটো অৱশ হৈ মাটি ফাটি তললৈ সোমাই গৈ আছে !!

No comments:

Post a Comment