Wednesday, 27 August 2014

অসমীয়া ভূত



দিল্লীৰ বাসিন্দা হোৱা প্ৰথম বছৰটো মোৰ বাবে বৰ অসহনীয় আছিল । অনবৰতে পেত-পেতাই থকা মোৰ মুখখনে নিজৰ ভাষাত কথা পাতিবলৈ বুলি গৃহস্থ অফিচৰ পৰা অহালৈ বাট চাব লগা হৈছিল । সেই সময়ত মোৰ ফোনৰ বিলো চকুত লগাকৈ আহিছিল । যেতিয়াই আমনি লাগে ঘৰলৈ নতুবা কোনোবা লগৰ বন্ধু-বান্ধৱ যি মোৰ অতিকে আপোন তেওঁলোকৰ লগত ফোনতে আড্ডা মাৰোঁ । তথাপি হেঁপাহ নপলায় । তাৰ পাছত............
বাটে-ঘাটে অসমীয়া মানুহ দেখিলেই নিজেই উপযাচি চিনাকী হবলৈ ধৰিলোঁ । গৃহস্থই মোৰ কাণ্ডবোৰ চাই থাকে । মাজে মাজে কয় তোৰ এই অসমীয়া ভূতটো এৰিবলৈ অলপ দিন লাগিব । মই বোলো হুহ ! কিয় এৰিবহে ! নিজৰ ঠাইৰ মানুহৰ প্ৰতি সদায়েই দুৰ্বলতা থাকিব !
দিন বাগৰিল ......
পুৰণা হৈ গৈ থাকিলোঁ.....
আৰু আজিকালি কৰবাত,বাটে-ঘাটে অসমীয়া মানুহ দেখিলে নিজেই আগভাগ লৈ চিনাকী হবলৈ নাযাওঁ !!
অলপ দিনৰ আগতে চিপ-চিপিয়া বৰষুণ এজাকত তিতি তিতি পাচলি বজাৰৰ পৰা আহি আছোঁ । হাতত এমোনা ঘাঁহ । হঠাতে ঘৰৰ কাষৰ এচবিআই ৰ এটিএমটোলৈ চকু গল –ডেকা এজনে গামোচা এখন মুৰত হালবাবলৈ যাওঁতে মাৰি যোৱাৰ দৰে মাৰি ৰৈ আছে ! মুখত নিজে নিজে এটা আপোন আপোন ভাৱ ফুটি উঠিল । পিছে ডেকাজনক মাত নলগালোঁ ।
আচলতে সময়ৰ লগে লগে এটা অভিজ্ঞতা বাৰুকৈয়ে পালোঁ । কিছুমান অসমীয়া ব্যক্তিক বাটে-ঘাটে লগ পাই যদি উৎসাহত সোধোঁ-আপুনি অসমৰ ? তেওঁলোকে এনেকুৱা এটা চাৱনি দিয়ে যেন মই তেওঁক কৈছোঁ-অনুগ্ৰহ কৰি মোক ১০০০ টকা ধাৰলৈ দিয়ক না !!
হে ভগৱান !!
নিজৰ খাই ইয়াত আছোঁ  । গতিকে তেনেকুৱা এটা চাৱনী পোৱাৰ পাছত আৰু কাৰোবাক গৈ সুধিবলৈ মন যাব নে-আপুনি অসমৰ নে ?
পিছে সকলোৱে এনেকুৱা নকৰে । কিন্তু এবস্তা আলুৰ মাজত এটা গেলা আলু থাকিলে যেনেকৈ সোপাকে আলু বেয়া কৰি পেলাব পাৰে তেনেকৈ এই দুই এটা গেলা অসমীয়া (আলুৰ) বাবে মোৰ অসমীয়া ভূতটোও লাহে লাহে গেলিবলৈ ধৰিলে ।
কালিৰ কথা গৃহস্থৰ সৈতে নয়দা-১৮ৰ পৰা ঘৰলৈ বুলি উভতিছোঁ । মেট্ৰত আমাৰ কাষতে দুজনী মৰম লগা ছোৱালী আৰু এজন ডেকা ৰলহিছোৱালীকেইজনী খিলখিলনি আৰু কথা-বাৰ্তাত গম পালোঁ তেওঁলোক অসমীয়া । খুব সম্ভৱ উজনীৰ ! আমি দুজনে মনে মনে তেওঁলোকৰ কথাবোৰ উপভোগ কৰিবলৈ ধৰিলোঁ । এই কামটো আমি দুজনে প্ৰায়ে কৰোঁ । তেওঁলোকৰ কথাৰ পৰা অনুমান কৰিলোঁ লৰাজনে দিল্লী ভালকৈ চিনি নাপায় । মাজতে যুমনা বেংকত মেট্ৰ সলনি কৰিব লগা হল । আৰু সৌভাগ্যক্ৰমে(দূৰ্ভাগ্যক্ৰমে ) তেওঁলোক তিনিজনেও আমাৰ সৈতে আহি আকৌ একেখন মেট্ৰৰ ফালেই আহিল । মই এইবাৰ গৃহস্থৰ ফালে চালো । তেওঁ কলে মাতিবলৈ মন আছে যদি মাতি চা । এতিয়ালৈকে দেখাতচোন ভাল লাগিছে । মুকলি মনৰো চাগৈ ! মই বোলো হেহ ! মাতিম জানো !দোমোজাৰ মাজতেই বৈশালীৰ মেট্ৰত উঠিলোঁহি । আকৌ লগে-ভাগে ! এইবাৰ ভীৰ বেছি আছিল বাবে একদম গাতে গা লগাই ।এইবাৰ মই আৰু ৰব নোৱাৰিলোঁ ,গৃহস্থৰ ফালে ইংগিতেৰে পৰীক্ষা এটা কৰি চাওঁ বুলি মাত লগালো-তোমালোক ইয়াতে থাকা ?
-অ
-পঢ়ি আছা ?
-নহয় আমি জব কৰোঁ ।
বচ এই পাঁচটা শব্দৰেই নিৰস ভাৱেই সন্মুখত থকা গৰাকীয়ে উত্তৰ দিলে । মোৰ গাতে লাগি একেৰাহে খল-খলাই আহি থকা গৰাকী আৰু লৰাটোৱে মোৰ মাত শুনি এবাৰ উভতিও নাচালে !!
ইতিমধ্যে আমাৰ গন্তব্যস্থল পালোঁহি । তেওঁলোকো আমি নমা ঠাইতেই নামিল । তেওঁলোকক এৰি আমি আগবাঢ়িলোঁ । গৃহস্থৰ ফালে চালোঁ ,তেওঁৰ মুখত চিননিচিনকৈ হাঁহি এটা লাগি আছে ।
আৰু মোৰ...
অসমীয়া ভূতটো মোৰ চকুৰ আগত তাণ্ডৱ নৃত্য এটা দি ঢেল খাই পৰি যোৱা যেন লাগিল ।

No comments:

Post a Comment