Sunday, 10 August 2014

বিস্ময়কৰ বিস্ময়কৰ





পুৱাই দৰজা খুলি সৰু বাৰাণ্ডাখনত ভৰি থোৱাৰ লগে লগেই পাৰ তিনিটা উৰি আহি ৰেলিঙত পৰেহি । পাৰকেইটাৰ সৈতে আমাৰ বেছিদিনীয়া সম্বন্ধ নহয় । ছমাহ । এই নতুন ঘৰটোত সোমোৱা প্ৰথমদিনাই সিহঁতৰ কোনোবা এটাক দেখিছিলোঁ । এদিন নিজৰ পোহনীয়া গিনিপিগ কেইটালৈ খাবলৈ বুলি আনি থোৱা ঘেঁহু অলপ বাৰাণ্ডাৰ বেছিনটোৰ কাষত দি দিলোঁ । ঘূৰিও নাচালে । আকৌ দিলোঁ, নাখালে । আকৌ দিলোঁ... এদিন মুখত দিলে । আৰু আজি এনে এটা পৰ্যায় পালেহি যে শুই উঠিয়েই প্ৰথমে সিহঁতক ঘেঁহু দিব লাগে । নহলে ভিতৰলৈ জুমা-জুমি কৰি থাকে ।
পাৰ এহাল নহয় তিনিটা । দুটা মতা এজনী মাইকী । মাজে মাজে মতা দুটাই কাজিয়া লাগে আকৌ ঠিক হৈ যায় । আমাৰ ঘৰৰ সমুখৰ দোকানখনৰ হৰ্ডিংখনতে বাহ সাজিছে । দুটা মতাৰ সৈতে এজনী মাইকী পাৰ ! কেনে লাগে বাৰু ?
চাটকৈ মনত পৰে নাস্তিক মোমাইদেৱে ধাৰ্মিক মাৰ আগত কোৱা সেই কথাষাৰ-এগৰাকীয়ে আনৰ সহায় লৈ সন্তান জন্ম দিলে আৰু আন গৰাকী আক সেই পাঁচোটা সন্তানৰ উমৈহতীয়া পত্নী ! আৰু সেই দুগৰাকীয়েই হেনো মহান আৰু সতী নাৰী !!
কুমলীয়া মনত সাঁচ বহুৱাই যোৱা সেই কথাষাৰে আজিও মোক ঘুৰি ঘুৰি খেদি ফুৰে । কিয় কুন্তী আৰু দ্ৰৌপদীক সতী বুলি কোৱা হয় । খেদি খেদি গৈ এটাই উত্তৰ পাওঁগৈ বংশ ৰক্ষাৰ বাবে নিজৰ স্বামীৰ বাহিৰে আনৰ সহায় লবলৈ যাওঁতে কুন্তীয়ে কম মনোকষ্ট পাইছিল নে ? আৰু দ্ৰৌপদীৰ ! এজনৰ ঠাইত পাঁচজনৰ মাজত নিজকে ভাগ কৰি ললে আৰু সেই পাঁচজনে জানো কেৱল তেওঁতে সন্তুষ্ট হৈ থাকিল !
আৰু উৰ্মিলা ! ৰামৰ সৈতে নিজৰ নাম চিৰযুগমীয়া কৰা লক্ষণে এৰি থৈ যোৱা উৰ্মিলাক ৰচোতাই গুৰুত্ব নিদিলে আনে কি গুৰুত্ব দিব ।
এইবাবেই চাগৈ  তেওঁলোক সতী
পাৰজনীক মোৰ দ্ৰৌপদীৰ সৈতে তুলনা কৰিবলৈ মন নাযায় । কাৰণ তাইৰ দুটা গিৰিয়েকক মই কেৱল তাইৰ সৈতে দেখি আহিছোঁ ।
পাৰজনী সতী নহয় চাগৈ কিন্তু সুখী ।

বাৰাণ্ডাখনৰ প্ৰায় দুহাতমান দূৰৈতে আছে সমুখৰ ঘৰটো । প্ৰায়ে ঘৰখনৰ মানুহবোৰৰ সৈতে চকুৱে চকুৱে পৰে । মাতবোল কৰা নহয় । পিছে পখিলাৰ দৰে চটফটাই থকা কনমানী দুজনীৰ সৈতে প্ৰায়ে কথা-বতৰা হয় । ফুটা-নুফুটা মাতেৰে মোক দেখিলেই দুইজনীয়ে চিঞৰে-আণ্টি চুজে দিখলা দৌ !
চুজে বুলি মোৰ গিনিপিগ কেইটাৰ কথা কয় । সিহঁতি দেখুৱাবলৈ অনুৰোধ কৰাৰ পাছত নেদেখুৱালে চিঞৰিয়েই থাকিব । মই প্ৰায়েই সিহঁত দুজনীৰ কাণ্ডবোৰ মনে মনে চাই থাকোঁ । বিৰাট খটাসুৰ । এনে লাগে যেন বোকাত দুপাহ পদুম ফুলি আছে ।
বোকাত ! এৰা বোকাতেই দুপাহ পদুম ফুলা যেন লাগে । দুমহলীয়া ঘৰ এটাত বাস কৰা মানুহঘৰৰ কনমানীকেইজনীক বোকাত ফুলি থকা পদুম যেনেই লাগে । টকাৰ অভাৱ নহলে কি হব সিহঁতৰ জন্ম এনে এখন ঠাইত যত ছোৱালী মানেই এটা সময়তগৈ ডাঙৰ বোজা হোৱা । দৰা বেচা কিনা ঠাই এইখনতাতে সিহঁতৰ বায়েক এজনীও আছে । তল মূৰ কৰি কাম কৰি থকা মাকগৰাকীক দেখিলে এনে লাগে যেন গোটেই আকাশৰ বোজাটো তেওঁ কঢ়িয়াই লৈ ফুৰিছে !
বিস্ময়কৰ বিস্ময়কৰ-মামণি ৰয়ছম গোস্বামী বাইদেউৰ সেই শব্দকেইটা যেন যেনি তেনি ছেদেলি-ভেদেলি হৈ পৰি আছে ।
তিনিজনী ২৬/২৯ বছৰীয়া ছোৱালীৰ মাক আমাৰ পুৰণি ভাৰাঘৰৰ মালিকনীয়ে প্ৰায়েই মোৰ আগত দুখ কৰিছিল । ইহঁতৰ বাবে ৰিস্তা পোৱা নাই । মই মৰাৰ আগতে বিয়াকেইখন পাতি যাব পাৰিলেই হল ।
মালিকনীৰ ডাঙৰ ছোৱালী ৰেশমাৰ জোৰণ হৈ গৈছিল । পিছে দৰাঘৰে জুনত কৰিম জুলাই কৰিম এনেকৈ বিয়াখন পিছুৱাই নি থাকিল । আৰু ডেৰবছৰৰ পাছত এদিন সামান্য অজুহাতত লৈ বিয়াখন ভাঙি দিলে ।
-সিহঁতক প্ৰায়েই বহুত দামী দামী উপহাৰ দিছিলোঁ । দামাদটোও বহুত ভাল আছিল । আমাৰ ঘৰখনৰ সৈতে মিলি গৈছিল । বিয়া ভগা দিনা মই অচেতন হৈ পৰিছিলোঁ ।
হুমুনিয়াহ এটা কাঢ়ি মালকনীয়ে কৈছিল । তেওঁৰ কথাবোৰ শুনি মই ৰেশমাৰ কথা ভাবিছিলোঁ । কেনে লাগিছিল তাইৰ ! কেনে লাগিছিল ডেৰটা বছৰে কাৰোবাৰ হৈ যোৱাৰ সপোন দেখাৰ পাছত এটা পলতে সেই সপোন ভাঙি দিয়াৰ পাছত ! কেনে লাগিছিল তাইৰ ??
দুদিনৰ পাছতেই যেন মই সেই উত্তৰ পাইছিলোঁ । কাষৰ ঘৰতে খুব বিয়াৰ আয়োজন চলিছিল । মালিকনীৰ মুখৰ পৰাই গম পাইছিলোঁ সেইঘৰৰ ছোৱালীজনীৰ বিয়াৰ যা-যোগাৰ চলিছে । তাইৰ পাঁচবাৰ বিয়া ভাঙিছে হেনো ! এইবাৰ সেইবাবে লৰালৰিকৈ বিয়াখন পাতি পেলোৱাৰ কথা চিন্তা কৰিছে । গতিকে হুলস্থুল চলি থাকিল । কিন্তু হঠাতে এদিন সকলো ঠাণ্ডা হৈ পৰিল । ঠিক যেন মৰিশালি নিস্তব্ধতাহেমালিকনীক সোধাত কলে –আকৌ ভাগিল !!
ছয় নম্বৰ বাৰ !
তিনিদিনমানৰ পাছত ছাদৰ ওপৰত ছোৱালীজনী দেখিলোঁ । একেষাৰে ধুনীয়া বুলি শলাগ লব লগা ছোৱালীজনীয়ে সহজ ভাবেই কিতাপ এখন পঢ়ি ইফাল সিফাল কৰি ফুৰিছে । এবাৰ মোৰ চকুৱে চকুৱে পৰিল । ক্ষন্তেকৰ বাবে । মই চকু নমাই আনিলোঁ । সেই দৃষ্টি সহিব পৰা শক্তি মোৰ নাই । মৰা মানুহৰ চকুলৈ মই কোনোদিনে চাব পৰা নাই সেইদিনাও নোৱাৰিলোঁ ।
নতুন ঘৰলৈ আহিলোঁ মাজে মাজে গৃহস্থৰ সৈতে বাৰাণ্ডাত ৰৈ মানুহ চাই আড্ডা পিটো । কেতিয়াবা খিলখিলাই হাঁহি উঠোঁসমুখৰ ঘৰৰ বোৱাৰীগৰাকীয়ে এহাত ওৰণি লৈ ব্যস্ততাৰে পাৰ হৈ যায়মোৰ হাঁহি বন্ধ হৈ যায় ।
নতুন মালিকৰ দুজনী ছোৱালী দুটা লৰা । মালিকনীয়ে চকু ডাঙৰ কৰি সোধে তহঁতৰ তাত যৌতুক নলয় ! মই বুকু ফিন্দাই কওঁ ওহো আমাৰ তাত সেইটো লাজৰ কথা । মালিকনীয়ে তেতিয়া নিজৰ জীয়েক দুজনীক দেখুৱাই কয় আমাৰ ইয়াত যে ইমান বেয়া ...
দুদিন পিছতেই দেখিলোঁ সেইগৰাকী মালকনীয়েই নিজৰ ঘৰ সাজিবলৈ পুতেকৰ দৰ-দাম আৰম্ভ কৰি দিলে !
কপাল কোঁচ খাই আহে । দৌৰি গুচি যাবলৈ মন যায় নিজৰ ঠাইখনলৈ যত ছোৱালীৰ সন্মান আছে । যত মানুহ মানুহ হিচাপেই থাকে । কিন্তু ৰৈ যাওঁ ....
তাইক আজি চাবলৈ আহিব । কঁপি উঠা হাতেৰে চাহৰ ট্ৰেখন লৈ আহোঁতে তাই আঁৰ চকুৰে লৰাজনলৈ চালে । মন ভৰি গল । তেওঁলোক যোৱাৰ পাছতো তাই কেৱল লৰাজনৰ কথাই ভাবি থাকিল । আৰু এদিনৰ পাছত লৰাঘৰৰ পৰা খবৰ আহিল লৰাই তাইক পচন্দ নকৰিলে ! বতাহৰ দৰে গোটেই গাঁৱতো খবৰটো বিয়পি পৰিল ।
সপোনবোৰ যেন জীৱনৰ কোনোবা এটা কেঁকুৰীত উজুটি খাই থানবান হৈ পৰিল ! কোনখিনিত ভুল হৈ গল তাইৰ । কোনখিনিত ! তাইক খুটিয়াই খুটিয়াই চাইয়ো লৰাজনে কিয় তাইক পচন্দ নকৰিলে ?’
....ৰৈ যাওঁ এইবাবেই । বিয়াৰ বজাৰত দৰ-দাম নচলিলেও সাক্ষাৎকাৰৰ পৰ্ব যে এতিয়াও শেষ হৈ যোৱা নাই ! পচন্দ হোৱা নাই বুলি ছোৱালী এজনীৰ আত্মসন্মান ক্ষন্তেকতে নষ্ট কৰি পেলাব পৰা সেই পৰ্বটো শেষ হৈ নাই যোৱা বাবেই গৌৰৱ কৰিবলৈ গৈও কোনোবাখিনিত ৰৈ যাওঁ ।

(লেখাটো ২৪ আগষ্ট ২০১৪ ৰ আমাৰ অসমৰ পূৰ্বাঞ্চল আৰু আগষ্ট ২০১৪ সংখ্যাৰ সাহিত্য ডট অৰ্গত প্ৰকাশিত )

  

1 comment: