Sunday, 10 August 2014

আঘোণৰ পথাৰত বন্দী জীৱন



ফিৰফিৰকৈ বতাহজাক বলি আছে । শাওণৰ বতাহ ,গতিকে বতাহে লগতে কৰবাৰ পৰা কোমল কঠীয়াৰ গোন্ধো এটাও কঢ়িয়াই আনিছে । বন বন গোন্ধ । পুতুৱে নাকটো উজাই উজাই গোন্ধটো লব খুজিলে । তাৰ বাবে  এই গোন্ধটো মাকৰ গাৰ গোন্ধৰ দৰেই প্ৰিয় । টুপুক টুপুকৈ শব্দ কেইটামান হল । পুতুৱে শব্দৰ উৎসটোৰ ফালে চালে । কাৱৈ টিলিকা কেইটামানে সৰু পুখুৰী এটাত জঁপিয়াই আছে । খেল খেলিছে চাগৈ । দেউতাকৈ কৈছিল এই কাৱৈটিলিকাবোৰে পুখুৰীত ইমানকৈ খলকনি লগাই থাকে যে মানুহে ঢ়েৰ মাছ আছে বুলি প্ৰায়ে ভুল কৰে ।
-শনাহী ,নামিলিনে আলিটোৰ পৰা ! শেষ শেষ তেনেই শেষ কৰিলে ! মানুহটো সাক্ষাতেই এনেকৈ ফেনেকিছে, নাথাকিলে এইবোৰ আলি কৰি থবনে ! বেতকাঁইট নিদিলে নহবইচোন !
গোন্ধ আৰু মাছৰ খেলৰ মাজত মগ্ন হৈ আহি থাকোঁতে পুতুৱে কেতিয়ানো কেঁচা আলি এটাত উঠিলহি গমেই নাপালে । আলি দি থকা নেগুৰ বুঢ়াই তাকে দেখি গমগমাই উঠাতহে তাৰ চকু আলিলৈ গল । লৰালৰিকৈ আলিটোৰ পৰা নামি পথাৰৰ পৰা বোকা অলপ লৈ আলিটো ভাগি যোৱা অংশটো ঠিক কৰিবলৈ লাগিল
-আঁতৰ হ । এতিয়া আলি বান্ধি নেদেখুৱাব নালাগে ।
পুনৰ ধমকী এটা দি নেগুৰ বুঢ়াই কোৰেৰে বোকা অলপ আনি আলি ওপৰত দি দিলে । পুতুৱেও চুচুক-চামাক কৈ আঁতৰি আহিল । বুঢ়াই তেতিয়াও ভোৰভোৰাই আছিল । সি বাৰু নেগুৰ বুঢ়াৰ মাটিৰ আলিহে গচকিব লাগেনে ! আজি দিনটো ভালে নাযাবা যেন পাইছোঁ ।
নেগুৰ বুঢ়াৰ নামটো সিহঁত লৰাবোৰেই দিয়া নাম । বুঢ়াৰ ধুতিৰ পোন্ধটোৰ এটা চুক সদায় ওলমি থাকে কাৰণে লৰা-ছোৱালীবোৰে নেগুৰ বুঢ়া নাম দিলে । বুঢ়াই দিনৰ দিনটো পথাৰতেই পিটিকি পিটিকি কাম কৰি থাকে । আৰু লৰা-ছোৱালীবোৰে পথাৰত গৈ টিঘিলঘিলাই থাকিলে কিবা এটা নহয় কিবা এটা চেলু উলিয়াই গালি দিবই দিব ।
-পুতু সোনকালে আহ ।
মাকৰ চিঞৰ শুনি পিছপৰি যোৱা পুতুৱে খৰকৈ খোজ দিলে ।
পুতুৰ স্কুল বন্ধ । গতিকে পুৱাৰে পৰা মাকক খাটনি ধৰি আছিল যে সি আজি পুৱাৰ ভাত দেউতাকৰ সৈতে  পথাৰতে খাব মাকেও আপত্তি নকৰিলে । পথাৰত ভাত খাইটো সকলোৰে ভাল লাগে । কিবা যেন বেলেগ এটা সোৱাদ লাগে । মাকৰ অনুমতি সাপেক্ষে সেইবাবে এতিয়া সি  পথাৰত । পুতুৱে পিছে কেৱল ভাত খাবলৈকে পথাৰলৈ অহা নাই । সি আজি মৈত উঠিব । এইবছৰ মৈত উঠাই হোৱা নাই । দেউতাকৰ দৰে নাঙলত ধৰি হাল বাবলৈও তাৰ বিৰাট মন যায় পিছে নাঙলটো সি এতিয়াও ভালকৈ ধৰিব পৰা হোৱাগৈ নাই । যিদিনাই পাৰিব সেইদিনাই হাল বাব ।
-তোক কথা এটা কবলৈ পাহৰিছিলোঁ অ...কালি বৰতলত ৰমেনক লগ পাইছিলোঁ ,সি কথা এষাৰ কৈছিল...
-সেই জহনীটোৰ লগ আকৌ নালাগিব হলে কৈ দিছোঁ ।
-নহয় অ কথাষাৰ ভাবি চাচোন নিজৰ মাটি থাকোঁতেও কিমান আৰু লোকৰ মাটিত খেতি কৰিম । ইমান কষ্ট কৰি খেতি কৰিম আৰু আধিয়াৰ বাবেই আধা খেতিৰ ধান আনক দি দিম ! বুকুখন হমহমাই যাই অ পুতুৰমাক ।
-মানুহ কাটিবলৈ যোৱাৰ আগত সেইবোৰ কথা ভাবিব লাগিছিল । মই কৈ দিছোঁ সেইটোৰ কথা নুশুনিব । কিবা যদি কৰোঁ বুলি ভাবিছে ইয়াতে কৰক । মানুহে ইয়াতে কাম কৰি খোৱা নাইনে ।
ভাত খাই থাকোঁতে পুতৱে মাক দেউতাকৰ কথা বতৰাবোৰ মনে মনে শুনি থাকিল । দেউতাক বা আকৌ কি কৰিম বুলি কৈছে ? দেউতাক বাৰু আকৌ কৰবালৈ যাব নেকি ?  দুবছৰমানৰ আগত দেউতাক বহুদিন ঘৰত নাছিল । বৰ বেয়া লাগিছিল সেইকেইদিন । মাককো প্ৰায়েই মনে মনে কান্দি থকা দেখিছিল । গাঁৱৰ মানুহবোৰ ঘৰলৈ আহিলে কথা পাতিছিল দেউতাকে হেনো সিখন গাঁৱৰ মদনদদাইক দাৰে ঘপিয়ালে । মদনদদাই হাস্পতালত বাচিলগৈ পিছে কেছ লাগি দেউতাকে চাৰিমাহ জেল খালে । মাকে খেতিৰ মাটি সোপাকে বন্ধক দি বাপেকক মোকলাই আনিছিলগৈ । পুতুৱে পাছতহে ঘটনাটো গম পাইছিল । তাতকৈ ডাঙৰ ককায়েক এটাই গোটেই ঘটনাটো কেনেকৈ হবলৈ পালে সহজ ভাষাত বুজাই কৈছিল ।
বিধানসভাৰ নিৰ্বাচনৰ বতৰ আছিল । ৰমেনৰ লগ লাগি পুতুৰ দেউতাকৰ গাতো নিৰ্বাচনীৰ বতাহ লাগিছিল । নিৰ্বাচনৰ পাছদিনা কোন জিকিব কোন হাৰিব তাকে লৈ ভেতুৰ দোকানৰ চুলাইৰ আড্ডাটো গৰম হৈ উঠিছিল ।  কথা বাৰ্তাবোৰ ইমান উত্তেজিত হৈ পৰিলগৈ যে এটা সময়ত পুতুৰ দেউতাকে নিজৰ খঙটো দমাই ৰাখিব নোৱাৰি লগত এনেই লৈ যোৱা দাখনৰে বিপৰীত দলৰ সমৰ্থক মদনৰ গাত ঘাপ কেইটামান বহুৱাই দিলে । গোটেইখন হৈ চৈ লাগিল । চৰকাৰী ঘৰ পোৱাৰ আশাত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত ঘুৰা পুতুৰ বাপেকে ঘৰ পোৱাটো দূৰৈৰ কথা উত্তৰাধিকাৰী সূত্ৰে যি কেইডৰা মাটি পাইছিল সেই কেইডৰাও কেছ খেলোঁতে বন্ধক গ
ৰাতি পুনৰ কিবা এটা কথাত বাপেক মাকৰ তৰ্কা-তৰ্কি শুনিলে । দিনৰ দিনটো টিঘিলঘিলাই থকা পুতুক টোপনিয়ে বৰকৈ আমনি কৰি থকাৰ বাবে কথাবোৰ বৰকৈ মন দি নুশুনিলে ।

শাওণ গৈ ভাদ সোমাল । খেতিও উঠিল । নাঙল ধোৱা পিঠাও খোৱা হৈ গল । তাৰ পাছতে এদিন পুতুক অবাক কৰি দেউতাক কৰবালৈ যাবলৈ সাজু হমাকক পেঘেনিয়াই পেঘেনিয়া সোধাত খঙৰে কলে-বাপৰে টকা ঘটিবলৈ যায় । সেই ৰমেন নামৰ শনিটোৰ সৈতে লগ লাগি দক্ষিণ ভাৰতৰ কোনোবা চহৰলৈ যায় বোলে । গাঁৱৰ দেউধনহঁত যে গৈছে সেই তালৈকে !
-হেহ সেই সৰু লৰাটোৰ আগতনো তেনেকৈ কিয় কৈছ । আৰু মই কিবা নিজৰ কাৰণে যাওঁনে ? ৰমেনহঁতে কৈছে তাত কাম কৰিলে যিমান দৰমহা পাই সিমান দৰমহাৰে তিনিমাহতে মই আৰামত বন্ধকী মাটিখিনি খুলিব পাৰিম । ইয়াত চাকৰি বাকৰি এটাও পাবলৈ নাই । আমাৰ দৰে দুখীয়াৰ কপালত একোৱেই  নাথাকে ।
-চাকৰি পাবলৈ ভালদৰে পঢ়া শুনা কৰিছিল জানো ? পঢ়াৰ দিন কেইটা মোৰ পাছে পাছে ঘুৰি ফুৰোঁতেই দিন গল । এতিয়া কপালক দোষ দি কি লাভ !
-তোৰ মুখখন যে ইমান তিতা ! মোৰ ঠাইত বেলেগ এটা মতা হোৱা হলে তোৰ পিঠিত ইমানদেৰি জেউৰা খৰি ফালিলহেঁতেন !
খঙেৰে বাপেক আঁতৰি গল । মাকো ভোৰভোৰাই পাকঘৰত সোমালগৈ । মাথো থকা ঠাইতে পুতু থৰ হৈ ৰৈ থাকিল ।
এসপ্তাহৰ পাছত বাপেক সঁচাকৈ গল । পুতুৱে মাকক সেইদিনা আকৌ উচুপি উচুপি কন্দা দেখিলে ।
আঘোণ মাহ সোমাল । দেউতাক ঘৰলৈ নাহিল । বৰ ব্যস্ত বোলে । আনকালে বাপেকে হোলাং  সাজি দিয়ে । পুতুৱে এইবাৰ নিজেই হোলাং কাটিলেস্কুল ছুটি হোৱা লগে লগেই হোলাংডাল লৈ পথাৰ পাইগৈ । ধান দাই থকা মাকৰ আশে পাশে সি চেঁচু খান্দি থাকে । যেন দেউতাকৰ সলনি সি এতিয়া মাকৰ ৰখীয়া ! মাকে দেউতাকে পঠিওৱা পইচাৰে হাজিৰা দি ধানখিনি ভঁৰালত ভৰালেগৈ । পুতুৱেও আনকালৰ দৰে দেউতাকে সাজি দিয়া সৰু বিৰীয়াডাল লৈ ধান কঢ়িয়ালে । ধান মানে আগতে দুফালে এটাকৈ মুঠি লৈছিল এইবাৰ দুটাকৈ মুঠি লৈছে । ন-খাবৰ দিনা মাকক আকৌ এবাৰ মনে মনে কন্দা দেখিলেসেইদিনা তাৰো দেউতাকলৈ মনত পৰি দুখ লাগিছিল ।
বাপেক আহিল । মাঘবিহুৰ আগে আগে পুতুৰ বাপেক আহিল । দেউতাকক দেখি পুতুৰ মনটো দুখত কোঁচ খাই উঠিল । দেউতাক ইমান খীণালে ! চকু দুটা গাঁতত সোমাই যোৱাৰ দৰে হল ।  আগৰ দৰে কথাও পতা নাই । গহীনহৈ ঘৰৰ ইফাল সিফাল কৰি আছে । পুতুও বৰকৈ সহজ হব নোৱাৰিলে ।  চাদৰৰ  আঁচলৰে চকু পানী মচি মচি মাকেও বাপেকক আলপৈচান ধৰিলে ।
দুদিন পাৰ হল । তৃতীয় দিনা কোৰখন লৈ পুতুৰ বাপেক ঘৰৰ বাৰীত সোমাল । দুঘণ্টামান একেৰাহে কাম কৰি চাহপানী খাবলৈ বুলি বাৰাণ্ডাত বহিলহি । মাকে দিয়া ভুৰভুৰীয়া পিঠা এখন লৈ পুতুৱেও মাক-দেউতাকৰ শাৰী পোনাই বহি ললে ।
-দেতা, আপুনি আকৌ কেতিয়া যাব ? আপুনি নাথাকিলে ঘৰত থাকিবলৈ মন নাযায় ।
পুতুৰ প্ৰশ্নটো শুনি চাহ খাই থকা পুতুৰ বাপেকে চাহ খাবলৈ এৰি পুতুৰ মাকলৈ চালে । মাকৰ চকুতো যেন তেওঁ সেই একেটাই প্ৰশ্ন দেখা পালে । চাহৰ বাতিটো মাটিত থৈ তেওঁ  পুতুক নিজৰ কোঁচলৈ টানি আনিলে ।
-মই আৰু নাযাওঁ বুজিছ পুতু । সদায় ঘৰতেই থাকিম ।
-নাযায় মানে কাম কৰি আমনি লাগিল নে আন কিবা হ?
পুতুৰ সলনি এইবাৰ পুতুৰ মাকহে প্ৰশ্ন কৰিলে । তাকো খঙেৰে । বাপেকে মাকৰ খঙটোক বৰ গুৰুত্ব নিদি পুতুৰ চুলিত আঙুলি বুলাই  সহজ ভাবেই উত্তৰ দিলে
-কামলৈ জানো মোক কোনোবাদিনা ভয় কৰা দেখিছ পুতুৰমাক ? কামলৈ ভয় কৰি নহয় আন এটা কথা ভাবিহে মই নাযাওঁ বুলি সিদ্ধান্ত লৈছোঁ । বোপায়ে দি থৈ যোৱা ইমানবোৰ মাটি আছে,থাকক যেনিবা দ মাটিখিনি বন্ধকত ,বাম বাৰীখনতো এতিয়াও নিজৰ হৈ আছে । এইবাৰ তাত বাম খেতি কৰিম । বুজিছ পুতুৰমাক, আনৰ ৰাজ্যত গৈ টকা ঘটিবলৈ মই যিমান কষ্ট কৰিলোঁ তাৰ আধাও কষ্ট যদি মই ঘৰৰ মাটিখিনিত কৰিলোঁহেঁতেন এইবাৰ গোটেইখিনি দ মাটিৰ বন্ধক খুলিব পাৰিলোঁহেঁতেন । এইযে কয় বাৰীৰ ঘাঁহে ঘৰৰ গৰুৰ ৰাহি যোৰা নিমিলে মোৰ তেনেকুৱাই হৈছিল বুজিছ !
-দেতা ময়ো আপোনাৰ সৈতে খেতি কৰিম দেই । মই আজিকালি নাঙলটো ভালকৈ ধৰিব পৰা হৈছোঁ নহয় ।
দেউতাকৰ কান্ধত ওলমি ওলমি পুতুৱে স্ফূৰ্তি কৈ উঠিল ।
-ও ও তই আৰু মই দুয়োটাই একেলগে খেতি কৰিম । ভাল খেতিয়ক হম দেই ।
দেউতাকৰ কথা শুনি পুতুৱে আনন্দত কিৰীলি পাৰি উঠিল । আৰু পুতুৰ মাকৰ মুখখন ? সেই মুখখন যেন আঘোণৰ পথাৰখনহে, ঠিক তেনেকৈয়ে উজ্জ্বলি উঠিল ! 

(লেখাটো জুলাই ২০১৪ সংখ্যাৰ সাহিত্য ডট অৰ্গত প্ৰকাশিত ) 

No comments:

Post a Comment