Sunday, 10 August 2014

ঘাঁছ কি পকৌৰি ঔৰ গিৰগিট কি চুপ



ছাদৰ ওপৰৰ পৰা এদিন ভাৰাঘৰৰ মালিকৰ ২০ বছৰীয়া লৰাটো উধাতু খাই দৌৰি আহিল । চিপককলি,চিপককলি বুলি কৈ !! ইহঁতি চিপকলিটো চিপককলি আৰু পাৰ্ক শব্দটো পাৰাক বুলি কয় । মই বোলো ইমান ডাঙৰ লৰাটোৱে জেঠীলৈ ভয় কৰেনে ! উশাহ ঘুৰাব পৰা অৱস্থালৈ অহাৰ পাছত সি ঘৰৰ বাকীবোৰক হাতেৰে এহাতমান দীঘল যেন দেখুৱাই কলে ইম্মান ডাঙৰ ! চিপকলি !! তাৰপিছদিনা লৰাটোৰ বায়েকজনী ছাদৰ পৰা উধাতু খাই আহিল-গিৰগিট ! ই..ট..না বৰা ! এক যৌৰা ! সিহঁতি হাতেৰে যিমান ডাঙৰ দেখুৱালে মই আৰু গৃহস্থ খাটাং সেয়া গিৰগিট হবই নোৱাৰে গুঁই চাগৈ । আৰু এহাল আহিছে যেতিয়া ছাদত সংসাৰ বঢ়াবলৈ আহিছে সেয়াও খাটাং ! কাৰণ ঘৰখনৰ ছাদৰ এটা চুকত যিমানে বস্তু দমাই থৈছে ছাদত যদি বাঘ এটাইও ঘুৰি ফুৰিছে বুলি কয় মই বিশ্বাস কৰিবলৈ বাধ্য হম । মই সিহঁতক কলো এইবাৰ যদি দেখ মোক মাতি দিবি দেই । মোৰ কথা শুনি গৃহস্থই লগা-লগ কলে-মই হলে গুঁই পুহিবলৈ নিদিওঁ !! এই মতা মানুহবোৰো যে আৰু কিবা এটা কবই নোৱাৰি সন্দেহ কৰেই । যিয়েনহওক তিনিদিনমান দুপৰীয়া জোপ লোৱাৰ পাছত সেই প্ৰকাণ্ড গিৰগিট গুঁই হালৰ সৈতে মোৰ দেখা-দেখি হল । সেয়া আছিল দুবেগেত মান দীঘল এহাল গিৰগিট! মই গিৰগিট দেখাৰ কথা মালিকৰ ঘৰৰ লৰা-ছোৱালীকেইটাও গম পালে । মই সিহঁতক ভয় খুৱালোঁ বোলো গিৰগিট নামাৰিবি ,পুলিছে ধৰি নিব । সিহঁতি নিজে নিজে যাবগৈ । মোৰ কথা শুনি মালিকৰ ডেকা লৰাটোৱে সুধিলে-দিদি আপোনালোকৰ তাতটো গিৰগিট খায় ন ?’ প্ৰশ্নটো শুনি মোৰ মূৰটো গৰম হৈ গল । এবাৰ এজনে নাগালেণ্ডত মানুহ খাই বুলি ডাঠি কওঁতে  মোৰ এনেকুৱা খঙ উঠিছিল । খঙটো লুকুৱাই তাক কলো-তই আমি হাতী খাওনে ,ঘোৰা খাওনে সেইটো সোধ ! এই এচিকটাও মাংস নোলোৱা জীৱটো খাৱনে বুলি কিয় সুধিছ হা ? গাত কেৱল ছালখন লৈ ফুৰা জীৱটো খাবলৈ আমাৰ ফালে মানুহবোৰ কিবা দুৰ্ভিক্ষত থকা নাই নহয় ।
মোৰ কথা শুনি সি লাজকুৰীয়া হাঁহি এটা মাৰিলে ।

২)
গিনিপিগৰ প্ৰিয় আহাৰ হৈছে ঘাঁহ । যিমান যি খালেও ঘাঁহৰ বাবে ইহঁত বৰ আশাৰে ৰৈ থাকে । পিছে এই দিল্লী মহানগৰীত ঘাঁহ কত পাম ! গতিকে নিজৰ গিনিপিগ কেইটাৰ বাবে ঘাঁহ বিচাৰি জাবৰ নিয়া মানুহজনৰ পৰা আৰম্ভ কৰি বজাৰৰ পাচলি বেপাৰী কেইজনকো পইচা দি থৈ দিওঁ । এতিয়া বাৰিষা সোমাল । চিনাকী পাচলি বেপাৰী কেইজনে পাচলিৰ লগত অহা ঘাঁহবোৰ মোৰ কাৰণে থৈ দিয়ে । লাভ তিনিওৰে হয় । পেলাই দিয়া ঘাঁহখিনিৰ বাবদ বেপাৰীকেইজনে টকা পায় । ময়ো কম দামতে  পোৱালীকেইটাৰ বাবে বেছি খাদ্য পাওঁ । আৰু গিনিপিগকেইটাও সিহঁতৰ প্ৰিয় খাদ্যবিধ খাবলৈ পায় ।পিছে কেণা লাগিল বেলেগ কথাতহে !
পাচলি বেপাৰীকেইজনে পলিথিনত ঘাঁহখিনি ভৰাই দিওঁতে যদি কোনোবা মহিলা কাষতে থাকে তেতিয়া ফেলফেলকৈ চকু মেলি চাই সোধে-য়ে কেছে বনাঔগি !! কেতিয়াবা কোনোবা এজন বেলেগ বেপাৰীয়েও সোধে –য়ে কেছে খায়া যাতা হ্যাই ? !! মই তেওঁলোকক ভালকৈ বুজাব লগা হয় এইবিলাক গিনিপিগৰ বাবে । তাৰপাছতো পয়মাল ,গিনিপিগ চিনি পালেহে ! শেষত শহা বুলি কৈ গুচি আহোঁ । আজিলৈকে মাত্ৰ দুজন মানুহে মোক সুধিছে-ঘৰমে খৰগৌছ হে না ? দুদিনমানৰ আগতে চিনাকী গেলামালৰ দোকানীজনেও সেই একেটা প্ৰশ্নকে কৰিলে—য়ে কেছে খায়া যাতা হ্যাই ? ‘মই বোলো ভায়া য়ে তৌ ঘাঁছ হে ,কিয়া লৌগ ঘাঁচ ভী খায়েগি ? দোকানীজনে নিজৰ ভুলটো বুজিব পাৰি কলে-বজাৰত যিবোৰহে দেখোঁ সেইবাবেই সুধিলোঁ । সিদিনা দেখিলোঁ আমাৰ নদীবোৰৰ পাৰত থকা চানাৰ গছ এবিধ বেপাৰী এজনে আনিছে । মই বোলো ভায়া এই ঘাঁহবোৰ কিয় আনিছ সি কলে এইবোৰ ঘাঁহ নহয় শাক হয় হেনো । সেইবাবেই আপোনাকো সুধিলোঁ ।
তেওঁৰ কৈফিয়ৎ শুনি মোৰ হাঁহি উঠি গঘৰলৈ আহি ঘৰৰ মালিকনীক ঘটনাটোৰ বিষয়ে কোৱাত তেওঁ বুধি এটা দিলে-আজিৰ পৰা যদি তোক কোনোবাই সোধে এইখিনি কেনেকৈ ৰান্ধিবি ,তই তেতিয়া কবি এইখিনি মিহিকৈ কুটি লৈ বেচনৰ সৈতে পকৰি বনাম । খুব ভাল হয় খাবলৈ !!
দুঘণ্টামানৰ পাছত ঘাঁহ আনিবলৈ বজাৰলৈ যাম । আনদিনাৰ দৰে নহয় আজি বিৰাট আশাৰে যাম কোনোবাই মোক সোধক-–য়ে কেছে খায়া যাতা হ্যাই  !!

No comments:

Post a Comment