Sunday, 27 July 2014

পৰিত্ৰাণৰ বুধি






জেঠ মাহ । প্ৰচণ্ড গৰম । জীৱ-জন্তুবোৰে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ নিজৰ নিজৰ কৌশল অৱলম্বন কৰিছে । বগীবুঢ়ীয়ে সপৰিয়ালে বাৰীকাষৰ পুখুৰীৰ পানী ঘোলা কৰিছে চাটৰিয়েও বাই ভনীৰ সৈতে পুখুৰীটোৰ পাৰতে থকা আমজোপাৰ তলতে জিৰণি লৈছে । পুখুৰী পাৰটোৰ পৰিবেশ ঠাণ্ডা হোৱাৰ উপৰিও সেইঠাইত জিভা উলিয়াই পখৰা বহি আছে বাবে বগীবুঢ়ী আৰু চাটৰিহঁতেও কাউৰী শেনৰ ভয়ৰ পৰা মুক্ত হৈ শান্তিৰে জিৰণি লব পাৰিছে ।
-কিয়াক কিয়াক কিয়াক..কোনোবা আহিছে কোনোবা আহিছে...
আমজোপাৰ কাষতে থকা তামোলজোপাৰ পৰা টিয়াক শালিকাই টেঁটুফালিলে । সকলো সষ্টম হৈ উঠিল । চাটৰীয়ে নিজৰ দুদিনীয়া পোৱালীকেইটা লৰালৰিকৈ বুকুৰ মাজত ভৰাই ললে । পখৰাই কাণকেইখন থিয় কৰি বুকু ফিন্দাই ইফালে সিফালে চালে । দূৰৈত কংকালৰ দৰে কিবা এটা আগবাঢ়ি অহা দেখি তেতিয়াও টেঁটুফালি থকা টিয়াকক পখৰাই ধমক সোধালে
-তোৰ মাইকটো বন্ধ কৰিলিনে ! ঘৰৰ জন্তু এটা দেখিলেও যদি এনেকৈ চিঞৰি মাৰ কেনেকৈ হ? মিছাতে টোপনিটো ভাঙিলি ।
ধমক খাই টিয়াক সুৰসুৰকৈ বাহত সোমালগৈ । চাটৰিয়েও দীঘল উশাহ এটা লৈ পোৱালী কেইটা বুকুৰ পৰা উলিয়াই দিলে । যোৱাবাৰ তাইৰ চাৰিটা পোৱালী কাউৰীয়ে নিলে গতিকে আজিকালি তাই বিৰাট সাৱধান ।
কংকালটো আহি পুখুৰী পাৰ পালেহি । তাৰ পাছত লাহেকৈ হামি এটা মাৰিলে
মেআআআআআআআআআওওওওওওওও !!!
-বৰ টোপনি ধৰিছে অ বুলি পখৰাৰ কাষতে কংকালটো অৰ্থাত ফচং শুই পৰিল ।
কথাটো ভাবিলে আচৰিত নালাগে নে বাৰু ? লাগেতো । শিক্ষকৰ চাকৰি পাই লোদোৰ-পোদৰ হৈ পৰা ফচং কেনেকৈ কংকাল এটাৰ দৰে হৈ পৰিল !! জেতুকীৰ মতে প্ৰশিক্ষক খেক বান্দৰৰ প্ৰশিক্ষণত ফচং ইমান অত্যাচাৰৰ সমুখীন হৈছে যে সি দিনক দিনে বোন্দা মেকুৰীৰ পৰা এন্দুৰলৈ পৰিবৰ্তন হৈছে । জেতুকীয়ে বহুবাৰ হেনো বেতৰ আঘাতত আঘাতপ্ৰাপ্ত হোৱা ফচঙৰ আঘাতত বন ঔষধ লগাই দিছে ।
ফচঙে আজিকালি পাঠশালাতো মন দি একো নপঢ়ায় । নগলে নহয় বাবেহে পাঠশালালৈ যায় । প্ৰায়ে তাৰ ইটো সিটো অসুখ হৈ থাকে । তাতে ভূতৰ ওপৰত দানহ পৰাদি বন শিক্ষা আইনৰ আকৌ এটা আইন বলবৎ  ল বোলে কোনো শিক্ষকে মাহেকত চাৰিদিনতকৈ বেছি পাঠশালা খতি কৰিব নোৱাৰিব । প্ৰশিক্ষণটো এদিনো খতি কৰিব নোৱাৰিব । মুঠতে শিক্ষকৰ চাকৰিটো ফচঙৰ বাবে এতিয়া ডিঙিত পিন্ধি লোৱা দোণটোৰ দৰেই হৈ পৰিছে । প্ৰতিদিনে প্ৰতি পলেই সি ভাবি থাকে কেনেকৈ চাকৰিটো এৰিব পাৰে । বিশেষ কাৰণ নহলে বনৰজাই চাকৰিৰ পৰা অব্যাহতি নিদিয়ে । কোনোবা এঠাইৰ এটাই বোলে এৰিব খুজিছিল ৰজাই হেনো তাক মাৰি শটো শগুনক খাবলৈ দিলে । তেতিয়াৰ পৰা চাকৰি এৰাৰ কথা ভাবিবলৈও ফচঙৰ ভয় লাগে আনহাতে চাকৰি নেৰিলেও তাৰ জীৱন শেষ হোৱাৰ উপক্ৰম হৈছে ।
এদিন মনৰ দুখৰ কথা  লগৰ এটাৰ সৈতে ভাগ বতৰা কৰোঁতেই সি ফচঙক বঢ়িয়া বুধি এটা দিলে । বুধিটো শুনি ফচঙৰ নিজলৈকে খঙ উঠি গল । ইমানদিনে সি এইটো কথাকে ভাবিব পৰা নাছিল নে ! লগৰটোৱে ঠিকেই বুধি দিছে , এই দুৰ্দশাৰ পৰা ফচঙক  যদি এই সময়ত কোনোবাই বচাব পাৰে সেয়া তাইয়েইতাইৰ সমান বুধিয়ক এই অঞ্চলত কোনোৱেই নাই বুলি সকলোৱে কয় । তাই পাৰিবই । মাথো এতিয়া এটাই অসুবিধা হৈছে যে ফচঙে কেইবাৰো তাইক হুদু খেদা দি থৈছে । তাই জানো সেইবোৰ পাহৰি তাক সহায় কৰিব !  
লগৰটোৱে তাৰো উপায় দিলে । উপায়টো মনপুত হোৱাত ফচঙ লৰালৰিকৈ তাইৰ ঘৰৰ ফালে আগবাঢ়িল । তাইৰ ঘৰৰ কাষ পাই ৰিঙিয়াই মাতিলে
-লাহৰী বাই ,অলাহৰী বাই ....
সাতবাৰ মান মতাৰ পাছত ধপধপাই ঢোঁৰা-কাউৰী এজনী আহি ফচঙৰ সমুখৰ চাপৰ গছডালত পৰিলহি ।
-মোক কিয় মাতি আছ ডকাইত ? তই মোক মাতিবলৈ ইমান সাহস কৰ পৰা পালি ? মোৰ ঘৰৰ কাষৰ পৰা আঁতৰ হলিনে নে তোৰ চকু কেইটা চান কাঢ়ি পোৱালীকেইটাক খাবলৈ দিওঁগৈ ।
চকু কঢ়াৰ কথা কোৱাত ফচঙে লগে লগে হাতোৰা কেইখন চকুৰ আগত ৰাখিলে । এইজনীৰ একো ঠিক নাই কাঢ়ি নিবও পাৰে । তাতে প্ৰতি আক্ৰমণ কৰিবলৈ সি এতিয়া আগৰ দৰে শক্তিশালীও নহয় ।
-তোৰ ভাল নে ?  এইবাৰ কেইটা পোৱালী উলিয়ালি ? পোৱালী কেইটা চাগৈ তোৰ দৰেই ধুনীয়া ন ?
 -তেল মাৰিব নালাগে আচল কথা ?
ফচঙৰ তোষামোদত লাহৰী একেবাৰেই সন্তুষ্ট নহল ।
-তোৰ বাবে কিবা এটা আনিছোঁ অল হো ..
তোষামোদে কাম নকৰাত ফচঙে শেষ বাণ পাট এৰিলে আৰু লাহেকৈ মৰা কুকুৰা পোৱালী এটা উলিয়াই লাহৰীৰ সমুখত ৰাখিলে । পোৱালীটো দেখি লাহৰীৰ খঙ ৰাগ লগে লগে শেষ হৈ গল । সাউতকৈ পোৱালীটো থপিয়াই নি গছৰ ডাল এটাত তুলি থলেগৈ । তাৰ পাছত লাহেকৈ সুধিলে
-এতিয়া তোৰ উদ্দেশ্য ব্যাখ্যা কৰিবি নে ?
কথাবোৰ নিজৰ মাজতে গোপন ৰাখিবলৈ বুলি দুয়োটাই বনদেৱতাৰ শপত খাই লোৱাৰ পাছত ফচঙে নিজৰ উদ্দেশ্যৰ কথা কলে । ফচঙৰ কথা শুনি লাহৰীয়ে অলপ সময় কিবা কিবি ভাবি কলে
-চা ফচং এইটো ইমান সহজ কথা নহয় যে মই তোক বুধি এটা দিম আৰু তই সেই বুধি মতে কাম কৰি নিজৰ চাকৰিটো ডিঙিৰ পৰা আঁতৰাব পাৰি । এনে বুধি ভাবিবলৈ অলপ সময় লাগিব বুজিছ ,সময় লাগিব ।
-লাহৰী বাই তই সময় ল বাৰু । মাথো বেছি সময় নলবি কাৰণ সেই ৰাক্ষস বান্দৰটোৰ অত্যাচাৰত মই কিমান দিন জীয়াই থাকিম ঠিক নাই ।
ফচঙে ঘঁৰিয়ালৰ চকুপানী অলপ উলিয়াই কলে । লাহৰীয়ে পিছে এইবাৰো ফচঙৰ চকুপানীক গুৰুত্ব নিদি কলে
-তই কালিলৈ এই সময়তে আহিবিচোন । মই ভাবোঁ বাৰু । আৰু শুন মই তোৰ কথা ভাবি থাকিলে মোৰ পোৱালী কেইটাৰ পেট নভৰিব নহয় ,গতিকে পেট কোনে ভৰাব লাগিব বুজিছই নহয় ।
কথাষাৰকৈ কুকুৰা পোৱালীটো লৈ লাহৰী বাহলৈ বুলি উৰা মাৰিল । লাহৰীক উদ্দেশ কৰি ভোৰভোৰাই ফচঙো তাৰ পৰা গুছি আহিল ।
পিছদিনা সময়মতেই কুকুৰা পোৱালী এটা লৈ ফচং লাহৰীৰ ঘৰৰ কাষত উপস্থিত হল । লাহৰীয়ে যেন তালৈকে বাট চাই আছিল । ভুৰুংকৈ উৰা মাৰি আহি কুকুৰা পোৱালীটো নি বাহত থৈ আহিল । তাৰ পাছত ফচঙৰ কাষত ৰৈ বৰ চিন্তিত ভাবেৰে কলে
-কালিৰে পৰা মই ভাবিয়ে আছোঁ জান..
-কিবা উপায় পালিনে ?
ফচঙে বৰ আশাৰে সুধিলে ।
-উপায় এটা পাইছোঁ ।
-কি ?
-তই আনক দেখুৱাই দুটামান বেয়া কাম কৰিব লাগিব । বেয়া কাম কৰা জীৱ-জন্তুক বোলে বন শিক্ষা আইন অনুসৰি শিক্ষক হিচাপে ৰাখিব নোৱাৰে ।
-বেয়া কাম !! বেয়া কামচোন মই কৰিয়েই থাকোঁ । তেনেকুৱাই কিবা এটা নে ?
-ওহো সেইবোৰ কৰিলে নহব । তইনো এতিয়ালৈকে যিবোৰ বেয়া কাম কৰিছিল সেইবোৰ বেয়া কামে বন আইন ভংগ কৰা নাছিল । এইবাৰ বেয়া কাম কৰিব লাগিব বন আইন ভংগ কৰাৰকৈ ।
বন আইন ভংগ কৰিব লাগিব বুলি শুনি ফচংৰ পেটতে হাত ভৰি লুকাল । ফচঙে যে ভয় খাইছে সেইটো ধৰিব পাৰি লাহৰীয়ে তাৰ পিঠিত ভৰিৰে থপৰিয়া কলে
-চা ফচং কিবা এটা পাবলৈ হলে কিবা এটাতো কৰিবই লাগিব নহয়জানো । আৰু তোকটো মই বহুত ডাঙৰ কিবা এটা কৰিবলৈ বুধি নিদিওঁ । তই এনেকুৱা এটা আইন ভংগ কৰিবি যে তোৰ সেই দোষৰ শাস্তি তই প্ৰশিক্ষণত এদিনত পোৱা শাস্তিৰ সমান হয় । ফলত কি হব তই এদিন শাস্তি অলপ খাই চিৰদিনৰ বাবে তোৰ সেই শিক্ষকৰ শাস্তিটোৰ পৰা পৰিত্ৰাণ পাবি । ইয়াৰ পাছতো যদি তই মোৰ বুধিটোক উপযুক্ত বুলি ভবা নাই তেতিয়াহলে মোৰ উপায় নাই । তই বেলেগ কাৰোবাৰ কাষ চাপি চাব পাৰ ।
লাহৰীৰ শেষৰ কথাখিনি শুনি ফচং খকমকাই উঠিল । কোনোমতে এটা বুধি পাইছে ,সেইটো বুধি সি হেৰুৱাব নোখোজে । পাছত যি হয় দেখা যাব । এদিনৰ বাবেহে...
-বাই মই তোৰ মতেই কৰিম । এতিয়া ক মই কেনেকৈ বন আইন ভংগ কৰিম ?
-সেইটো মই এতিয়াও ভাবিবই পৰা নাই । তই কালিলৈ আকৌ আহিবি । অ তই দিয়া কুকুৰা পোৱালীটো খাই মোৰ পোৱালীকেইটাই বৰ ভাল পাইছে । মই সিহঁতক কৈছোঁ তই আৰু এটা পোৱালী আনিবি বুলি ।
ফচঙক একো কোৱাৰ সুবিধা নিদি লাহৰী উৰি গুছি গল । ৰাক্ষস কৰবাৰ বুলি ফচঙো সেই ঠাইৰ পৰা আঁতৰি আহিল ।
তৃতীয় দিনা সেই একে দৃশ্য । ফচঙে অনা কুকুৰা পোৱালীটো নি লাহৰীয়ে নিজৰ বাহত থৈ আহি তাৰ কাষত বহি গহীনাই কলে
-তহঁতৰ ঘৰৰ কাষৰ পুখুৰীটোৰ পাৰত থকা আমজোপাৰ খোৰঙত ফেঁচা এহালে নতুনকৈ পোৱালী উলিয়াইছে ন ?তই ধোন্দটোলৈকে উঠিব পাৰ নে ?
-উলিয়াইছে !  আৰু সিমানখিনি গছৰ ওপৰলৈ মই উঠিব পাৰোঁ । কিন্তু তাৰ পৰা কি হ?  তোৰ পোৱালীৰ এতিয়া ফেঁচাৰ পোৱালী খাবলৈ মন গল নেকি ?
বিৰক্তিৰে ফচং চিঞৰি উঠিল ।
-ধেত ! ফেঁচাৰ মাংস খাই নেকি ? আমাক কিবা তই ৰাক্ষস বুলি ভাবিছ নেকি !
মুখ ফুটাই নকলেও ফচঙে মনে মনে ভাবিলে –এনে কিবা পালে নাখাব তাই ।
-তহঁতবোৰে দুপৰীয়া সেই আমজোপাৰ তলতেই ঘুমটি মাৰ হবলা ।
লাহৰীয়ে আকৌ সুধিলে । ফচঙৰ খঙ উঠি আহিছিল যদিও শান্তভাৱেই মূৰ দুপিয়ালে ।
-শুন কালিলৈ তহঁতৰ ঘৰৰ সকলোবোৰে জিৰণি লৈ থাকোঁতে সকলোৰে সমুখতে তই ফেঁচাৰ পোৱালী কেইটা গছৰ পৰা তললৈ পেলাই দিবি । পাৰিলে ফেঁচাকো দুচৰমান দিবি ।
বুধিটো শুনি ফচঙৰ জীউটো উৰি যোৱা যেন লাগিল । কিহে পাইছিল তাক এইজনীৰ বুধি লবলৈ । এইবাৰ সি মাতষাৰ দমাই ৰাখিব নোৱাৰিলে
-তই মোক শগুনৰ খাদ্য হোৱাটো বিচাৰিছ নেকি ?  ফেঁচাক দুচৰ দিয়াটো বাৰু কোনো ডাঙৰ কথা নহয় কিন্তু বিনা কাৰণত লোকৰ পোৱালী মাটিলৈ পেলাই হত্যা কৰিলে বনৰজাই মোক জীয়াই ৰাখিব নে ? তাকো সকলোৰে সমুখত !
-তোক পোৱালী মাৰিবলৈ কোনে কৈছে ! হেৰৌ এলাইবাদু মেকুৰী ,আমজোপাৰ তলতে পুখুৰীটো নাই জানো । পোৱালী কেইটা পানীলৈ দলি মাৰি দিবি । পোৱালী নমৰে কিন্তু আনৰ জীৱনক কোনো কাৰণ নোহোৱাকৈ বিপদত পেলোৱাৰ বাবে তোক দোষী সাব্যস্ত কৰিব । আৰু মই যিমান দূৰ জানো তেনে দোষৰ বাবে তোক এদিনৰ বাবে ৰদত বান্ধি থব আৰু তোৰ পিঠিত বেতৰ দহ কোব দিব ।
-আৰু তেনে দগাবাজ জন্তুক কোনেও শিক্ষকৰ দৰে মহান পদত থকাটো নিবিচাৰিব নহয় জানো লাহৰী ? ৱাহ বঢ়িয়া বুধি লাহৰী !
ফচঙৰ উল্লাস দেখি লাহৰীয়ে  হাঁহিলে । ফচঙক শুভকামনা জনাই তাই নিজৰ বাহলৈ উৰা মাৰিল । ইফালে ফচঙৰ গা সাতখন আঠখন হৈ পৰিল । সময়বোৰ তাৰ বাবে নাযায় নুপুৱাই যেন লাগিল ।  পিছদিনা প্ৰশিক্ষণৰ সময়ত খেক বান্দৰে তাৰ পিঠিত কেইবা কোবো দিলে যদিও তাৰ আনকালৰ দৰে দুখ নালাগিল । তাৰ মন প্ৰাণ সেই সময়ত দুপৰীয়া সময়কণ অহালৈ বাট চাই আছিল ।
দুপৰীয়া হল । ভবা মতেই সকলোবোৰ হৈ গল । পুখুৰী কাষৰ পৰিবেশটো টিয়াক আৰু পখৰাহঁতৰ চিঞৰ-বাখৰে গমগমাই উঠিল । কোনেও টলকিব পৰা আগতেই ফচঙে ফেঁচাহালক দুচৰমান দি পোৱালী কেইটা পানীলৈ দলিয়াই দিলে । ভাগ্য পানীত তেতিয়া বগীবুঢ়ীহঁতে সাঁতুৰি আছিল । ককবকাই থকা পোৱালী কেইটা লৰালৰিকৈ সিহঁতে পিঠিত তুলি ললে ।  কোনোবাই গৈ বনৰক্ষী হেপাক খবৰ দিলে । হেপাই কেইবাটাও ৰক্ষী লৈ ফচঙক বনৰজাৰ কাষলৈ ধৰি লৈ গল ।
জীৱনত প্ৰথমবাৰৰ বাবে ফচঙে বনৰজাক ইমান কাষৰ পৰা দেখিলে । হেপাই বনৰজাক সকলো কথা বিৱৰি কলে । সি যে সেই অঞ্চলৰ শিক্ষক সেই কথাটোও কবলৈ নাপাহৰিলে । সাক্ষী হিচাপে মাতি পঠোৱা পখৰা, চাটৰিহঁতেও একেখিনি কথাকেই কলে । বনৰজাই কথাবোৰ মন দি শুনিলে আৰু মন্ত্ৰী শিয়ালক মাতি আনি লগে লগে ফচঙৰ নামটো শিক্ষকৰ তালিকাৰ পৰা বাদ দিবলৈ কলে আৰু ফচংক এটা দিন ৰদত বান্ধি ৰাখি পিঠিত সাত বেত কোব দিবলৈ আদেশ দিলে ।
সমুখত ভয় কৰা যেন দেখুৱালেও ভবাতকৈ শাস্তি কম হোৱা দেখি ফচঙৰ বিৰাট ভাল লাগিল । ৰক্ষা তেও গলগ্ৰহ এটাৰ পৰা বাচিল ।
বনৰজাই বিচাৰ সভাৰ পৰা যাবলৈ লৈছিহিলে তেনেতে জিলী এজনী তালফাল কৰি ওলালহি । তাইক দেখি বনৰজা আকৌ বহি পৰিল । বহিবই লাগিব কাৰণ জিলীজনী হৈ সেই অঞ্চলৰ চোৰাংচোৱা । তাই বা কি খবৰ আনিছে তাকে শুনিবলৈকে ৰজা ৰৈ গৈছিল । জিলীজনীয়ে ৰজাৰ কাষলৈ গৈ ৰজাৰ কাণে কাণে যিষাৰ কথা কলে সেইয়া শুনি ৰজাই গোঁজৰ মাৰি উঠিল । গোঁজৰণি শুনি ফচঙৰ জীউ ওলাই যোৱাৰ দৰে হল । কিয়নো জিলীজনীয়ে বনৰজাৰ কাণত মনে মনে কথা কৈছিল যদিও জিলীৰ স্বভাৱসিদ্ধ  মাতৰ বাবে সেয়া গুপুতে কোৱা কথা হৈ নাথাকিল । বিচাৰ সভাত থকা সকলোৱেই কথাখিনি শুনিলে । কথাখিনি শুনি সকলোৰে নোম দাং খাই উঠিল ।
জিলীজনীয়ে কৈছিল যে কালি বনৰজাৰ আগত পৰা নতুন গোচৰটোৰ অপৰাধীক তাই বিচাৰি পাইছে । গোচৰটো দিছিল চাটৰিয়ে । কোনো অঘটনৰ উমান নোপোৱাকৈ তিনিটাকৈ পোৱালী হেৰুৱাত তাই দূত জহামালৰ যোগেদি ৰজাৰ কাষত গোচৰ দিছিল । তিনিটা পোৱালী হেৰুৱাটো সিমান ডাঙৰ কথা নহয় ডাঙৰ কথা হৈছে হেৰাইছে কেনেকৈ সেইটো নাজানিলে বাকী পোৱালীবোৰ ডাঙৰ কৰাটোৱেই কঠিন হৈ পৰিব পাৰে । সেইবাবে বগীবুঢ়ীৰ সৈতে পৰামৰ্শ কৰি তাই গোচৰ দিছিল । আৰু আজি চোৰাংচোৱা জিলীয়ে সেইটো গোচৰৰেই অপৰাধীক বিচাৰি পাইছে । পোৱালী কেইটা বোলে ফচঙে ধৰিছিল ! কেইবাজনী পখিলাই বোলে ফচঙক পোৱালী ধৰি মৰা দেখিছিল !
ফচঙে পোৱালী কেইটা ধৰিছিল বোলা শুনি চাটৰি পাগলৰ দৰে তাক মাৰিবলৈ খেদি আহিল । ফচঙে নিজ পক্ষ সমৰ্থন কৰি কিবা এটা কম বুলি মুখ খুলিছিল যদিও বনৰজাই গোঁজৰণি এটা মাৰি তাক পোৱালী ধৰাটো সঁচা নে  বুলি বুলি সোধাত সি ভয়ে ভয়ে মুৰ দুপিয়াই  কিন্তু বুলি কিবা এটা কব খুজিছিলহে বনৰজাই নিজৰ প্ৰকাণ্ড হাতোৰাখনেৰে আসনতে কোব এটা সোধাই সভা গমগমাই যোৱাকৈ কলে
-আমিবোৰে ইটোৱে সিটোক খায়েই জীয়াই থাকো । সেয়াই নিয়ম । কিন্তু নিয়মৰ বিপৰীতে, নিজৰ সকলো খাদ্য অভাৱ নোহোৱাৰ পাছতো যদি কোনোবাই আনৰ জীৱন লয় সেয়া বন আইনৰ মতে এটা বিৰাট ডাঙৰ অপৰাধ । ফচঙে তেনে এক অপৰাধেই কৰিছে । এনে অপৰাধৰ বাবে চৰম শাস্তি বিহা হয় যদিও যিহেতু ফচং  শিক্ষকৰ দৰে এক মহান বৃত্তিত জড়িত আছিল সেইবাবে তাক চৰম শাস্তি নিদিওঁ সেইবুলি ক্ষমাৰ দৃষ্টিৰেও চোৱা নহব । আজিৰ পৰা ঠিক এবছৰলৈকে ফচঙে নিজৰ অঞ্চলটো অকলেই সদায় চাফ-চিকুণ কৰিব লাগিব আৰু প্ৰতিদিনে ৰজাঘৰীয়া মাছৰোকাৰ সৈতে মাছ ধৰিবলৈ যাব লাগিব !  যদি দিনে দুজনীকৈ মাছ ৰাজকোষত জমা দিব নোৱাৰে তাৰ পিঠিত দহবেত কৈ কোব দিবলৈ আদেশ দিলোঁ । হয় দিনে দুজনী মাছ ধৰি দিব নহয় দিনে দহবেতকৈ কোব খাব । ইয়াক এতিয়াৰ পৰাই কামত লগাগৈ ।
বনৰজাৰ আদেশ শুনি বনৰক্ষী হেপাকেইটাই ফচঙক সভাৰ পৰা ঠেলি ঠেলি আঁতৰাই নিবলৈ লাগিল । ইফালে শাস্তিৰ পৰিণাম শুনি অৰ্ধচেতনৰ দৰে হোৱা ফচঙে ইফালে সিফালে মূৰ ঘুৰাই কৰবাত লাহৰীক দেখা পাই নেকি চালে । লাহৰীক নেদেখি  চিঞৰি চিঞৰি বনৰজাক কাকূতি কৰিবলৈ ধৰিলে
-দেউতাঈশ্বৰ ক্ষমা কৰক, ক্ষমা কৰক । মেকুৰীয়ে পানীত মাছ ধৰিবলৈ যাব এনে কোন-কাহানিও নেদেখা নুশুনা শাস্তি নিদিব !!! দেউতা ঈশ্বৰ মিয়াউউউউউউউউউউউউউউউউউউউউউউউউউউউ
মিয়াউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউ


No comments:

Post a Comment