Thursday, 29 May 2014

ফচঙৰ প্ৰতিশোধ





আই ঐঐঐঐ মৰিলোঁ ! বচোৱা বচোৱা বচোৱা..
টুকলুৱে মাটিতে ঠেং কেইটা মেলি  পেট পেলাই শুবলৈ লৈছিলহে কোনোবাই মৰণকাতৰ চিঞৰ মৰাত বিৰক্তিৰে মূৰ দাঙি ইফালে সিফালে চালে । মূৰটো অলপ মান তল ওপৰ কৰোঁতেই দেখিলে ঘৰৰ এটা চুকত পোৱালী বতা নিগনি এটাই কঁপি কঁপি চিঞৰি আছে । বেচেৰাই নিচিঞৰিবই বা কিয় তাৰ সমুখত যে স্বয়ং যম হিচাপে ফচং বহি আছে ! দৃশ্যটো দেখি টকলুৱে মুখ বিকটাই দিলে । সি কত বাৰ ফচঙক বুজাইছে এই বতা নিগনিবোৰ নামাৰিবলৈ, নাই নুশুনে । খাবলৈ মৰা হলেও দেখিবলৈ ভাল ,নাখায় নহয় । বাধা দিলে কয় সেই কনমানী জীৱটোৰে বোলে তাৰ পেটৰ  চুক এটাও নভৰে । মাথো খেলিবলৈ ধৰে হেনো ! এবাৰ ওপৰলৈ দলিয়াই ওপৰতে থাপ মাৰি ধৰিব । আকৌ পলাই যাবলৈ সুবিধা দি চাই থাকিব ,পোৱালীটো পলাবলৈ চেষ্টা কৰিলেই থাপ মাৰি ধৰিব । এনেকৈ দলিয়াই ফৰ্মুটিয়াই কষ্ট দি দি পোৱালীবোৰ মাৰেগৈ । একদম নিষ্ঠুৰ উপায়েৰে । তাৰ পাছত পোৱালীটো খেলা ঠাইতে পেলাই কেনিবা যায়গৈ । কিমান বাৰ যে পোৱালীবোৰৰ মাকে আহি পোৱালীৰ শ লৈ টুকলুৰ আগত কান্দিছেহে ঠিক নাই । গিনিপিগ টুকলুক সিহঁতি নিজৰ জাতৰ বুলিয়েই ভাবি নিজৰ দুখবোৰ উজাৰি দিয়ে । টুকলুৰ ইচ্ছা থকা স্বত্বেও সিহঁতক অলপো সহায় কৰিব পৰা নাই । গতিকে আজি আকৌ তেনে এটা দৃশ্য দেখিবলৈ পাব বুলি ভাবি তাৰ মনটো বিতৃষ্ণাৰে ভৰি পৰিল ।
অলপ সময়ৰ বাবেহে । তাৰ পাছৰ দৃশ্যটো দেখি টুকলুৰ চকু ডাঙৰ হৈ গল । ডাঙৰ নহবনে আৰু এইয়া দেখোন একেবাৰে ভূতৰ মুখত ৰাম নাম ! ফচঙে বতা নিগনিৰ পোৱালীটোক নি ভঁৰালৰ গাধৈত তুলি দি ধমকী এটা দি কলে- আজিৰ পৰা যাতে তহঁতক ঘৰৰ ভিতৰত নেদেখোঁ তহঁত ঘৰৰ ভিতৰত পিতপিতাই থাকিলে গিৰিহঁতে মোক জাতত ধৰি গালি পাৰে । এলেহুৱা নিষ্কৰ্মা বুলি কয় । তহঁতৰ বাবে মই এই অপবাদ কঢ়িয়াই লৈ ফুৰিব নোৱাৰোঁ । গতিকে তহঁতৰ বাকী সোপাকো ঘৰৰ ভিতৰত নোসোমাবলৈ  কৈ দিবিনহলে কথা বিষম হব কিন্তু । পোৱালীটোৱে কোনোমতে গাৰ সন্তুলন ৰাখি মূৰ জোকাৰি জোকাৰি ভঁৰালৰ ভিতৰলৈ সোমাই গল । কথা কাণ্ড দেখি টুকলু নিশ্চিত হল বগী বুঢ়ীয়ে ঠিকেই কৈছিল ফচং বৈৰাগী হল !
ফচং বৈৰাগী হোৱা কথাটো বিয়পি পৰা বেছি দিন হোৱা নাই । সেই যে কজলাৰ লাথ খাই ফচঙৰ বিদেশ যাত্ৰা বাতিল হৈছিল বগী বুঢ়ীৰ মতে তেতিয়াৰ পৰাই তাৰ জীৱনৰ প্ৰতি মোহ কমি আহিল । আগৰ দৰে কাৰো লগত কাজিয়া নকৰে ,কাকো আমনি নকৰে আনকি বিশেষ দৰকাৰ নহলে কথাও নকয় । পখৰাই কেইবাবাৰো তাক বুজাবলৈ চেষ্টা কৰিছিল যি হৈ গল হল আৰু এতিয়া সেইবোৰৰ বাবেই জীৱনটোক এনেকৈ মোহ মায়াহীন কৰি পেলালে কেনেকৈ হ ফচঙে হেনো তেতিয়া কলে-পাখৰু মই সেইবোৰ একোকে ভাবি থকা নাই অমোৰ নিজলৈকে লাজ লাগে মই যে কেনে প্ৰকৃতিৰ আছিলোঁ । মই চাগৈ কেতিয়াও মনৰ শান্তি ঘুৰাই নাপাম । পখৰাৰ মুখেৰে এই কথা শুনি বগী বুঢ়ী ,চাটৰি ,জেতুকী সকলোৰে চকু সেমেকি আহিছিলজেতুকীয়েতো কজলাক বেবাই কৈ দিছিল-তই হল বুলিয়ে ইমান জোৰেৰে লাথ নমৰা হলেও হৈছিল । বেচেৰাই ইমান আশা কৰিছিল বিদেশলৈ যাম বুলি ।
মুঠতে ফচং সলনি হল । যেতিয়াই তেতিয়াই আনক আমনি কৰি থাক ফচঙে আজিকালি যিমান পাৰে আনক সহায় কৰিবলৈ চেষ্টা কৰেকেতিয়াবা বগী বুঢ়ীৰ নাতিবোৰ পানীত চৰি থাকিলে কাউৰী ৰখি থাকে , চাটৰিৰ পোৱালীয়ে পাণৰ গুৰি খুচৰিলে লাহেকৈ আঁতৰাই আনে । নহলে গিৰিহঁতে সিহঁতক মাৰিবও পাৰেতো ! এনেকৈয়ে ফচঙে ঢেৰ সহায় কৰি ফুৰে ।

-ইমান চকীদাৰী কৰাৰ পাছতো আমাৰ জাতিটোৱে বদনাম পাই । ভাল নালাগে বুজিছ ফচং । তহঁতৰে ভাল খাবলৈ বুলি নিগনি এটা ধৰিলি আৰু তাকে দেখি গিৰিহঁতে মৰমতে মাছ ভাত খাবলৈ দিব ।
বতা নিগনিটোক গাধৈত তুলি চোতালত যোগা-আসন কৰি থকা ফচঙৰ কাষত বহি পখৰাই বৰ দুখৰে কলে । তাৰ কথা শুনি ফচঙে মূৰৰ পাছফালে উঠাই থোৱা পাছঠেংটো নমাই তালৈ প্ৰশ্নবোধক দৃষ্টিৰে চালে । ফচঙৰ দৃষ্টি বুজিব পাৰি পখৰাই মুৰটো মাটিত পেলাই কবলৈ ধৰিলে
-আমাৰ এই অঞ্চলত গৰু চোৰ ওলাইছে বুজিছ । দুদিনমানৰ আগতে সিচুকৰ কেইবাটাও গৰু চুৰ কৰিলে । গৰু চুৰ কৰিলে মানুহে কিন্তু অপবাদ পাইছে আমাৰ জাতিটোৱে ! আমি হেনো কেৱল খাবহে জানো ! চকীদাৰীৰ নামত ৰাতিটো নেগুৰ পকাই শুই থাকোঁ ! দুটামানকটো সিহঁতৰ ঘৰৰ পৰা মৰিয়াই খটিয়াই খেদি পঠালে । কিন্তু আমিহে জানো চোৰটো ধৰিবলৈ আমি কিমান চেষ্টা কৰি আছোঁ । ৰাতি মেলা চকু মেল খায়ে থাকে  তথাপি চোৰে জানো কেনেকৈ চুৰ কৰিব পাৰিছে ! একদম শান্তি নোহোৱা হৈছে জা
পখৰাৰ কথা শুনি ফচঙৰ দেহৰ ওপৰেদি যেন বিজুলীৰ দৰে কিবা এটা পাৰ হৈ গল । তাৰ চকুযোৰ উজ্জ্বলি উঠিল ! হাতোৰাৰ নখবোৰ মাটিত সোমাই গল ! কেনেবাকৈ পখৰাৰ ওচৰত ধৰা পৰে বুলি বৰ বেয়া কথা হৈছে পাই পাখৰু , বাৰু তই বহচোন মোৰ কাম এটা আছে বুলি কৈ জাপ কেইটামান মাৰি সেইঠাইৰ পৰা আঁতৰি আহি ঘৰৰ মূধচত বহিল গৈ । জাপ কেইটা মাৰি আহোঁতে বাটতে বতা নিগনি এটা পাই ধৰি আনিলে আৰু মূধচত আৰামকৈ বহি বতা নিগনিটোক এহাতেৰে ধৰি আনখন হাতেৰে বেটে বল কোবোৱা দি কোবাই দিলে ।
ছিস্ক !!
ফচং অট্টহাস্য কৰি উঠিল । ইমানদিনে বাট চাই থকা ক্ষণটো তেনেই কাষতেই চোন । এনে এক ক্ষণৰ বাবেই সি সকলোৰে কাষত কত অভিনয় কৰিব লগা হল । কত বাৰ মুখৰ আগত পাইয়ো নিগনি এৰি দিব লগা হল ! ফচঙে বেলিটোৰ ফালে চালে । তাৰ পাছত  দীঘল দি পৰি কাকূতি কৰিবলৈ ধৰিলে
-পৰভু মই বহুদিন কষ্ট খালোঁ । মোৰ বিদেশলৈ যোৱা সপোন, ৰজা হোৱা সপোন যিটো কজলাই পণ্ড কৰিলে সেই কজলাক তুমি নিনিলেও চোৰক লৈ যাবলৈ কোৱা । চোৰে তাক নিলে  পখৰাৰো ভাত উকলিব । মইয়ে এইখন ঘৰৰ প্ৰধান জন্তু হৈ পৰিম । পৰভু এইবাৰ মোলৈ চোৱা ...তুমি যদি মোলৈ চোৱা মই শপত খাই কৈছোঁ কোনোদিনে নিগনি নামাৰোঁ । টুকলুৰ শপত ,কেৱল এন্দুৰ মাৰিম আৰু মাছেৰে ভাত খাম !

এদিন দুদিন নহয় ফচঙৰ এই কাকূতি-মিনতি এসপ্তাহলৈকে চলিল । কিন্তু তাৰ পাছত এমাহ পাৰ হল । চোৰে ফচঙহঁতৰ ঘৰৰ কাষৰে এঘৰৰ গৰু চুৰ কৰি লৈ গল তথাপি সিহঁতৰ গোহালিত নোসোমাল । মাজতে পখৰাই আনন্দ মনৰে খবৰ দিলেহি বোলেহি তাৰ বন্ধু এটাই চোৰ এটাক জখম কৰি পঠাইছে । কোনোমতেহে চোৰটো পলাল বোলে । ফচঙৰ এইবাৰ চোৰ জাতিটোলৈকে খঙ উঠিল । হেৰৌ চুৰ কৰিবই যদি নাজান চোৰ কৰিবলৈ আহ কিয় ? আৰু আৰামত খাই বৈ গা ধৰোৱা এই কজলাক নিনি সেই খীণ মিন গৰুবোৰ চুৰ কৰিছে কিয় ? চোৰ হলে ফচংহঁতৰ দৰে হব লাগে । ভালৰো ভালটোৰ ওপৰত চকু দিব লাগে ! নাই এই চোৰবোৰৰ পৰা একো নহব । ইহঁতৰ ওপৰত ভৰসা কৰি থাকিব নোৱাৰি । সিয়েই কিবা এটা কৰিব লাগিব । এনেকৈ সদায় সদায় নিমাখিত হৈ পৰা অভিনয় আৰু সি কৰিব নোৱাৰে । কিবা এটা কৰিবই লাগিবই ,প্ৰতিশোধ লবই লাগিব !
সিদ্ধান্তটো লোৱা পাছৰ দুটা দিন ফচঙে কেৱল ভাবিলে আৰু ভাবিলে । পাছৰদিনা তাৰ মুখখন আকৌ উজ্জ্বলি উঠিল । সি কোনোমতে এটা দিনলৈ বাট চালে ।
নিৰ্দিষ্ট দিনটোৰ ৰাতি এটা বাজিছে । গাঁৱেৰে বিয়া এখনত পেট ভৰাই ভোজ খাই পখৰাই সুখৰ ঘুমটি মাৰিছে । মূধচত বহি থকা ফচং লাহেকৈ গোহালিৰ ফালে আগবাঢ়িল । তাৰ দুয়োখন হাতোৰাত দুটা ভোট জলকীয়া । ফচঙৰ পৰিকল্পনা অনুসৰি সি প্ৰথমে শুই থকা কজলাৰ চকুত জলকীয়া দুটা সানি দিব । তাৰ পাছত পোৰণিত ডেডাউৰি পৰা কজলাৰ গালত কেইটামান চৰ শোধাব । আৰু লগতে কৈ আহিব ভবিষ্যতে ফচঙৰ কাম-কাজ বা সপোনত বিধি পথালি দিলে ইয়াতকৈ বেয়া পৰিণাম হ !
সৌটো কজলা শুই আছে । একদম নিশ্চিন্ত হৈ । ঘৃণাত ওলাই আহিব খুজা থুখিনি কোনোমতে গিলি ফচং নিগনি ধৰা খোজেৰে কজলাৰ কাষ চাপি গল । কজলাই সাৰ পাব লাগিলে কথা বিষম হব । এবাৰতে বিহু দেখি থৈছে আকৌ এবাৰ তাৰ লাথ খোৱাৰ ইচ্ছা ফচঙৰ নাই ।
কজলাই সাৰ নাপালে । তাৰ মুখৰ কাষত ৰৈ ফচঙ অকণমান সময় ৰল । যোৱা অলপদিনৰ সময়বোৰ ফৰফৰকৈ তাৰ চকুৰ আগত ভাহি আহিবলৈ ধৰিলে । লাথত বতাহত ওপঙি পৰা দৃশ্যটোলৈকে ! খঙত দাঁত কেইটা কৰচি ভোট জলকীয়া দুটাত নখকেইটা জোৰেৰে ভৰাই কজলাৰ চকুত মাৰিবলৈ লৈছিলহে
মেউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউ
বিকট চিঞৰেৰে ফচং চিঞৰি উঠিল । তাৰ চিঞৰ শুনি কজলাহঁতো  জাপ মাৰি উঠিল । ফচঙে আকৌ এবাৰ টেঁটুফালি চিঞৰিলে
মেউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউউ
ইতিমধ্যে পখৰা আৰু তাৰ লগৰবোৰ আহি পাইছিল । পলাব বিচৰা অচিনাকী মানুহ দুটাক সিহঁতি মাটিত বাগৰাই পেলালেচিঞৰ বাখৰবোৰ শুনি ঘৰৰ গিৰিহঁতৰ লগত ওচৰ পাজৰ মানুহবোৰো শুৱাৰ পৰা উঠি আহিল পখৰাৰহঁতৰ কবলৰ পৰা উদ্ধাৰ কৰি মানুহদুটাক লৰালৰিকৈ পঘা দুডালে বান্ধি পেলালে । এই কেইটাই যে গৰুচোৰকেইটা সেইটো কাৰো বুজিবলৈ বাকী নাথাকিল । সকলোৱে একমুখে পখৰাহঁতৰ বিশেষকৈ পখৰাক প্ৰশংসা কৰিলে । পখৰাৰ বুকু ফুলি গল । ঘৰৰ গিৰিহঁত জনে আক গোহালিৰ ফালে গৈ অচেতনৰ দৰে পৰি  ফচঙক দেখি লৰালৰিকৈ ঘৰৰ ভিতৰৰ পৰা  পানী এজগ আনি তাৰ গাত ঢালি দিলে । জন্ম হোৱাৰে পৰা গাত পানী লাগিবলৈ নিদিয়া ফচং পানীৰ স্পৰ্শ পাই জাপ মাৰি উঠি ভঁৰালত সোমাল গৈ । তাত গৈ সি আকৌ লুটি খাই পৰিল । লগতে নিজৰ দশাৰ কথা ভাবি তাৰ চকুৰ পৰা ধাৰাসাৰে চকুপানীও ওলাবলৈ ধৰিলে ।
 সকলোৰে আগত ভয়ত অচেতন হৈ পৰা বাবে ফচঙে কান্দিছিল নে ? নহয় । ফচং ভয়ত অচেতন হৈ পৰা নাছিল । আচলতে তাৰ ভাগ্যই বেয়া আছিল নহলে জানো ইমান দিনে সি আশাপালি থকা চোৰ কেইটা আজি আহে নে ! যি কেইটা চোৰ সিহঁতৰ গোহালিলৈ অহাটো সি কামনা কৰিছিল সেই কেইটাক আজি সিয়েই ধৰাই দিলেইয়াতকৈ দুখৰ কথা কিবা হব পাৰে নে ? পিছে ফচং এইবাবেও অচেতন হৈ পৰা নাছিল । ফচং অচেতন হৈছিল বেলেগ এটা কাৰণত ,সম্পূৰ্ণ বেলেগ কাৰণত ।
ফচঙে যেতিয়া কজলাৰ চকুত জলকীয়া কেইটা সানিবলৈ লৈছিল ঠিক তেতিয়াই তাৰ দৰেই আহি চোৰ কেইটাও কজলাৰ কাষ পাইছিলহি । দুই পক্ষই নিজৰ লক্ষ্যত ইমান মগ্ন হৈ পৰিছিল যে ইটোৱে সিটোৰ উপস্থিতিৰ কথা গমেই নাপালেই । আৰু ফচঙে জলকীয়া সানিবলৈ হাতোৰা দঙাৰ সময়তেই চোৰ এটাৰ খোজ ফচঙৰ নেজত পৰে । ফচঙৰ নেজত কোনোবাই গচকিব ! ইমান সাহ ! সকলো কথা পাহৰি ফচং চিঞৰি উঠিছিল মানে একপ্ৰকাৰে দম দি উঠিছিল । ফচঙৰ সেই দমত চোৰ কেইটাই ভয় নাখালেও কাষতে শুই থকা কলজাই ভয় খাই এনে এটা জাপ মাৰিল যে তাৰ এটা ঠেং আহি ফচঙৰ হাতোৰাত পৰিলহি । যান্ত্ৰণাত ততা-ভুকুতা খাই ফচঙে হাতত থকা জলকীয়া কেইটা মুখত ভৰাই টেঁটুফালি চিঞৰি উঠিছিল । তাৰ সেইবাৰৰ চিঞৰত পখৰা আৰু তাৰ লগৰবোৰ পাইছিলহি আৰু চোৰ কেইটাক ধৰিছিলহি । কৌতুহল ,প্ৰশংসা আদিত সকলো মচগুল হৈ থাকোঁতে  ফচং পৰি আছিল হাতোৰা বিষ আৰু জলকীয়া পোৰণিত প্ৰায় অৰ্ধ-চেতন হৈ ! যি বা গিৰিহঁতে দেখিলে তেওঁও পানীহে ঢালিলে !! কথাবোৰৰ ভাবি ভাবি ফচং উচুপি উঠিল ।

এসপ্তাহৰ পাছত ঘৰৰ পাছফালে থকা গেজেপনি মৰা বাঁহনি খনত জীৱ জন্তুৰ সভা বহিল । বনৰজা হৈ সভাত সভাপতিৰ আসন শুৱনি কৰা জহামাল এটাই এসোপা মান প্ৰশংসা কৰি বীৰ পুৰস্কাৰ হিচাপে পখৰাৰ ডিঙিত সিংহৰ নখৰে সজা মালা এডাল পিন্ধাই সেই অঞ্চলৰ নেতা পাতি দিলে । হাড় ভগা লতা এডাল হাতোৰাত মেৰাই লৈ অদূৰৰ গছ এডালৰ তলত বহি থকা ফচঙে জহামালটোৱে কোৱা শুনিলে-
যিহেতু ফচঙেও এইক্ষেত্ৰত চিঞৰ দুটা মাৰি পখৰাক সহায় কৰিছিল, সেইবাবে বনৰজাৰ তৰফৰ পৰা এই শিয়ালৰ দাঁত দুটা ফচঙক নিচুকনি বঁটা হিচাপে দিয়া হৈছে । ফচং আগবাঢ়ি আহ ! ফচং ক? ফচং ফচং....!!!

  

2 comments: