Monday, 12 May 2014

পখিলা




লাহৰ পুলাৰ বতৰ
লাহৰ মো মঅমৰ
লাহৰ অ লাহৰ...
ফুটা নুফুটা মাতেৰে ভাল লগা বিহু গানটো গাই গা-ধোৱা ঘৰতে পখিলাই লাহে লাহে নাচিলে । মাজতে এবাৰ দুৱাৰখন খুলি বাহিৰলৈও চালে কিজান কোনোবাই তাইক লক্ষ্য কৰি আছে ! নাই কোনেও তাইক লক্ষ্য কৰি থকা নাই । নাচি আমনি লগাত মাকৰ দৰে গা-ধোৱা ঘৰত থকা পীৰা খনত লেপেটা কাঢ়ি বহি লৈ মুখত চাবোন ঘঁহিবলৈ লাগিল ।
পখিলাৰ আজি বিৰাট স্ফূৰ্তি স্ফূৰ্তি হবৰে কথা পখিলাই আজি সৰু মাইনা এটা পাব । মাকে আনি দিব বোলে । অলপ আগত মাকক লৈ হস্পিটাললৈ যোৱা দেউতাকে কৈ থৈ গৈছেমাইনাৰ কথা শুনি তায়ো দেউতাক হঁতৰ লগতেই যাবলৈ ওলাইছিল দেউতাকে হে নালাগে যাব বুলি কলে । উপায়হীন হৈ তাই খুৰীয়েকৰ সৈতে থাকি যাব লগা হল ।
চাবোন লগা মুখখন পানীৰে খচি খচি ধুই গা-ধোৱা ঘৰত তাই চাবলৈ বুলি মাকে থৈ দিয়া আইনাখনত মুখখন চালে । ছিঃ চাফা হোৱাই নাই । এনে এখন মুখেৰে নতুন মাইনা এটাৰ আগত ওলাব পাৰিনে ? তাই আকৌ চাবোন ডোখৰ মুখত ঘঁহিবলৈ লাগিল ।
পখিলাই মাইনা এটাৰ কথা বহুদিনৰ আগৰে পৰা কৈ আছিল ,মাক-দেউতাকেহে গুৰুত্ব দিয়া নাছিল । কিমান আৰু তাইৰ লগত কথা পাতিবও নজনা মাইনাৰ লগত খেলিব । পেহীয়েকৰ মাইনাটো পেহীয়েকে সিহঁতৰ ঘৰলৈ আহিলে লৈ আহেতেতিয়া যে ইমান ভাল লাগে । পেহীয়েকজনীও কম নহয়, ইমান ওখ মানুহ হৈও খেলিবলৈ মাইনা লাগে ! কত বাৰ মাইনাটোক তাইক দি থৈ যাবলৈ কাকূতি-মিনতি কৰিলে ঠিক নাই । নিদিলে । সদায় নিজৰ লগতে লৈ যায় । এইবাৰ যেতিয়া মাক-দেউতাকে তাইলৈ বুলি মাইনা এটা আনি দিব পেহীয়েকক চুবলৈও নিদিয়ে ।
পখিলাৰ মাকজনী যিমান ভাল সিমানে ধুনীয়াও । এইটোক লৈ পখিলাৰ অহংকাৰৰ অন্ত নাই । কিন্তু যেতিয়াৰ পৰা মাকজনী পেটুৱা হবলৈ ধৰিলে ,মাক দেখিবলৈ অশুৱনি হৈ পৰিল । তাই কিমান বাৰ কলে ভাত কমকৈ খাবলৈ ,নাই মাকে নুশুনিলে । পেটটো দিনক দিনে পেটুৱা হৈ গৈ থাকিল । মাকক আক সেইবোৰ কথা কলে কয় পেটত হেনো কনমানী মাইনা এটা আছে ! ইছ মাইনা কিবা পেটত থাকে নেকি ? তাই ইমান অঁকৰা নহয় কিবা । পেহীয়েকৰ মাইনাটো হস্পিটালৰ পৰা কিনি অনা তাই নিজে দেখিছে । এই মাকজনী যে তাইতকৈ অঁকৰা ।
দহবাৰ মান মুখখন ধোৱাৰ পাছতহে আইনাখন চাই পখিলা সন্তুষ্ট হল । বৰ যেন ডাঙৰ কাম এটা কৰি শেষ কৰিলে তেনে ভাবেৰে দীঘলকৈ উশাহ এটা লৈ গা-ধোৱা ঘৰৰ পৰা ওলাই ইফালে সিফালে চালে । ঘৰখন আনকালৰ দৰে হৈ থকা নাই,কিবা যেন গোমা গোমা হৈ আছে । তাহানি তাইৰ আইতাক নাইকিয়া হোৱা কেইদিন ঘৰখন এনেকুৱা হৈ আছিল । আইতাকজনী নাইকিয়া হল যি হলেই তাইক মাত এষাৰ দিবলৈও নাহিল দেউতাকে কৈছিল আইতাক হেনো জোনবাইৰ দেশলৈ গুছি গল । পখিলাৰ বৰ খঙ উঠিছিল । আইতাকক তাই ইমান ভাল পাইছিল,যাবৰ পৰত মাত এষাৰো দি নগল । তেতিয়াৰ পৰা তাই জোনবাইলৈ নাচায় । জোনবাই বৰ বেয়া লোকৰ আইতাকবোৰ লৈ যায় । মাক-দেউতাক দহাই দহাই শপত খুৱাই থৈছে কেতিয়াও যেন তাইক এৰি জোনবাইৰ দেশলৈ নাযায় । তেওঁলোকেও নাযাওঁ বুলি কৈ থৈছে ।
পখিলাই পৰ্দাৰ ফাঁকেৰে আলহী বহা কোঠাটোলৈ জুমি চালে । দদায়েকে মবাইলত বৰ ব্যস্ত ভাৱে কাৰোবাৰ সৈতে কথা পাতি আছে কাষতে খুৰীয়েক আৰু ওচৰৰ বৰমা দুজনীমান ৰৈ আছে । তাইলৈ কোনেও গুৰুত্ব দিয়া নাই । এনেকৈ গুৰুত্ব নিদিলে পখিলাৰ বৰ খং উঠে । হস্পিটাললৈ যাবৰ সময়ত মাকেও তাইক মাত এষাৰ নিদিলে মাথো চিঞৰি চিঞৰি কান্দি থাকিল । গা-ধোৱা ঘৰত তাই কিমানবাৰ পিছলখাই পৰিছে এনেকৈ কোনোদিনে কন্দা নাই পাই যিমান আজি মাকে কান্দিছিল । গা ধুবলৈ গৈ গা-ধোৱা ঘৰত মাক পিছল খাই পৰিল তাকে লৈ গোটেই ঘৰখনত দৌৰা দৌৰি । দেউতাকে লগে লগে গেৰেজৰ পৰা গাড়ী উলিয়াইছিল । তাৰ পাছত মাকক দাংকোলাকৈ নি গাড়ীত বহুৱাই দিছিল । ইমান ডাঙৰ মানুহো বাৰু কোঁচত উঠে নে ?পখিলাৰ এনেই লাজ লাগি গৈছিল । মাকক তাই একো সুধিবলৈ নাপালেই দেউতাকেহে মাইনা অনাৰ কথা কৈ গল ।     
মাকক আজি ডাক্তৰে বেজী দিব ! খুৰীয়েকে কৈছে । তাই হস্পিটাললৈ যাবলৈ বৰ জোৰ নকৰা কাৰণ এটাও আছে –বেজীইমান দুখ পাই ! ডাক্তৰবোৰ যে ইমান বেয়া ! হৰিহৰ ককাৰ ঘৰৰ জোনটি ককাইদেউ বোলে ডাঙৰ হলে ডাক্তৰ হব । তাই মাকক কৈ দিছে তাই ডাঙৰ হলে ভাত ৰান্ধিব ,জোনটি ককাইদেউৰ দৰে বেজী দিয়া ডাক্তৰ হবলৈ কেতিয়াও নাযায় দেই ।
উৱা খুৰীয়েকজনীয়ে দেখোন মুখখন হাতেৰে সোপা দি মাটিতে বহি পৰিল ! খুৰীয়েকে কান্দিছেচোন !! পখিলাই দদায়েকলৈ চালে । দদায়েকে হাতৰে বেৰতে ঘোচা মাৰি মাৰি চিঞৰি চিঞৰি বকিবলৈ ধৰিছে
-দেশ উদ্ধাৰ কৰিবলৈ যায় ! বন্ধ দি দেশ উদ্ধাৰ কৰিবলৈ যায় ! কৰবাত ধুমুহা আহিব , কাৰোবাৰ ঘৰ দুৱাৰ ভাগিব তাৰ বাবে চৰকাৰৰ ওচৰত ক্ষতিপূৰণ বিচাৰি দাবী জনাব পথ বন্ধ কৰি ! কোনোবা মৰিব, ন্যায় বিচাৰিব দেশ বন্ধ দি ! মুঠতে বন্ধ আৰু বন্ধ । চৰকাৰক কিবা এশিকনি দিয়াৰ ইয়াতকৈ ভাল উপায় যেন আৰু নাই এই বন্ধ দিয়াৰ বাবে সাধাৰণ মানুহৰ কিমান ক্ষতি হয় সেয়া ভাবিবলৈ সিহঁতৰ সময় নাই । বুজিছে বৰবৌ ডাক্তৰে ভণ্টিক কৈছে বোলে আৰু যদি দহ মিনিট মানৰ আগতেও যদি পালেগৈহেঁতেন  নবৌ ...নবৌ ...ককাইদেৱে বোলে এমাইল মান বাট দৌৰি দৌৰি গৈ পথ বন্ধ দিয়া মানুহবোৰক কথাটো কৈছিল গৈ । আগে পিছে লানি লানি গাড়ী । সকলোকে বুজাই মেলি যান-জঁটৰ মাজেদি গাড়ী উলিয়াই নিওঁতে ডেৰঘণ্টামান লাগিল । নবৌ তাতে হেনো বেহুচ ।
পখিলাই ভেবা লাগি অলপ সময় দদায়েকৰ কথা শুনিলে । ইমান ডাঙৰ ডাঙৰ কথাবোৰ তাই বুজি নাপায় । কোনে বা কি বন্ধ দিলে ! দদায়েকটোৱে যেনেকুৱাহে কৰিছে,ভয়ে লাগেচোন ! তাই আলহী বহা কোঠাটোৰ কাষৰ পৰা আহি সিহঁতৰ শোৱা কোঠাত সোমালহিঢেৰ কাম আছে । মুখত পাউডাৰ ঘঁহিব লাগিব ,চুলি ফণিয়াব লাগিব নতুন মাইনাটোৰ আগত তেনেকৈ নোলোলে মাক আৰু মাইনাই দুয়োটাই বেয়া পাবচোন । ড্ৰেচিং আইনাখনৰ কাষত ৰৈ পাউডাৰ অলপ টেমাৰ পৰা উলিয়াই ঘঁহিবলৈ লৈও পখিলাই ৰৈ গল । দদায়েকেচোন তাইৰ নাম লৈ চিঞৰি কান্দিছে... তাই কাণখন উনাই শুনিলে
পখিলা,পখিলা ..তাইক এতিয়া মই কেনেকৈ কম বৰবৌ তাইৰ মাক যে আৰু নাই ! দেশ উদ্ধাৰ কৰিবলৈ যোৱা এসোপাৰ মইমতালিৰ বাবে তাইৰ মাক হেৰাই গল ...কেনেকৈ কম..
কথাখিনি শুনি পখিলা অকণমান সময় ডৰক লাগি ৰল । ধেত তাইয়ো যে আৰু মাকনো কলৈ যাব । মাকে তাইক এৰি কলৈকো নাযাওঁ বুলি শপত খাই থৈছে নহয় । মাক অলপ পাছত পাবহিয়েই । দেউতাকে সোনকালে আহিম বুলি কৈ থৈ গৈছে । সোনকালে সাজি-কাচি সাজু হব লাগে । নহলে মাকে বেয়া বুলি কব ,মাইনাই তাইৰ কাষলৈকে নাহিব ।
পখিলাই লাহে লাহে মুখত পাউডাৰ খিনি ঘঁহিবলৈ লাগিল । তাইৰ কনমানী সেন্দুৰীয়া ৰঙৰ গালখন বগা হৈ গৈ থাকিল ।


No comments:

Post a Comment