Tuesday, 29 April 2014

ফচঙৰ বিদেশ যাত্ৰা







ৰাইজৰ ফচঙহঁতৰ কথা মনত আছে নহয় ...সেই ফচঙহঁতৰ আৰু এটি কাণ্ড জনাবলৈ  মন গল ।
বাঘে ঘাঁহ খোৱা ধৰণৰ কথা জানো কেতিয়াবা শুনিছে ! নাই শুনা চাগৈ । বাঘে বাৰু মাংস এৰি ঘাঁহ খাব নে ? নাখায় ,কেতিয়াও নাখায় । পিছে পখৰাহঁতৰ ঘৰখনত বাঘে ঘাঁহ খোৱা দৰেই  এজাক বতাহ বলিছে ! বতাহজাক আন কাৰো গাত লগা নাই, লাগিছে ফচংৰ গাত । ফচং হেনো বিদেশলৈ ফুৰিবলৈ যাব ! কি যে আচৰিত কাণ্ড নহয় নে ? আহকচোন আমিও এই যাত্ৰাৰ গম গতি লওঁ ।
পখৰাৰ মতে ফচং বাউলা হল । এইবাৰহে যদি তাৰ গতি লাগেগৈ । বগী বুঢ়ীয়ে আকৌ পেতেৰ পেতেৰ কৈ গালি অলপেই পাৰিছিল-কি নোহোৱা নুপজা কথা কবলৈ আহিছ ফচং ? মেকুৰী আৰু বিদ যাত্ৰা !! পিথৱীখন ভাগি পৰা নাই কিয় তোৰ মূৰত !
-চুপ থাক বুঢ়ী হাঁহ । নিজেতো এই গঁৰালটো আৰু বাৰী চুকৰ খালটোৰ বাহিৰে আন একো নেদেখাকৈয়ে মৰিবি ,আনকো তেনেকৈ মৰাটো বিচাৰ ?
ফচঙে বগী বুঢ়ীৰ কথা শুনি বাৰুকৈয়ে বুঢ়ীক দম এটা দিলে ।  যিমান হলেও ঘৰৰে সদস্য ,সেইবাবেই পখৰাই তাৰ গাত বিদেশ ভ্ৰমণৰ ভূতটো কেনেকৈ লাগিল সেয়াই জানিবলৈ চেষ্টা কৰিলে । কেইবাদিনো খুচৰি থকাৰ পাছত এদিন সকলোৱে একেলগে বহি থাকোঁতে ফচঙে লাজ লাজ কলেগৈ যেনিবা
ঘৰত একো খাবলৈ নাপায় সিদিনা ফচঙ বাৰী পাছফালে থকা ডাঙৰ পুখুৰীটোৰ পাৰতে চৰাই জুমি আছিল । তেতিয়াই দুজনী পানী কাউৰীয়ে বিদেশৰ কথা পতা শুনিলে হেনো । পানী কাউৰী দুজনীৰ লগৰীয়া কেইজনীমান বিদেশৰ ধুনীয়া ঠাইৰ পৰা ইয়ালৈ ফুৰিবলৈ আহিছে হেনো ! সিহঁতৰ মুখত বিদেশৰ ঠাই ,বিদেশৰ মানুহবোৰৰ জীৱ জন্তুৰ প্ৰতি থকা মৰম স্নেহ ,বিদেশত পোৱা ভিন ভিন খাদ্যৰ কথা শুনি ফচঙৰ মনটো গৈ তেতিয়াই বিদেশ পালেগৈ । তাতে এনেকুৱা দিনত বিদেশত বোলে জীৱ-জন্তুবোৰৰ মাজত কিবা প্ৰতিযোগিতাও পাতে । আৰু সেই প্ৰতিযোগিতাবোৰত বিজয়ী হোৱাবোৰক বিভিন্ন লোভনীয় উপহাৰ দিয়াৰ লগতে এটা সম্মানীয় পদপীও দিয়ে । ফচঙৰ দৰে ইমান টেঙৰ আৰু বলবান মেকুৰী এটাই এনে প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰিব সেয়াটো হবই নোৱাৰে ।  মুঠতে ফচং বিদেশলৈ যাবই যাব । আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ীও হব !
-বিদেশত যদি চব ইমানেই ভাল তেতিয়াহলে সিহঁতি আমাৰ ইয়ালৈ কিয় আহিছে ?
জেতুকীয়ে কঁঠাল পাত এখিলা চোৱাই চোৱাই ঠাট্ৰাৰে ফচঙক সুধিলে
-জেতুকী তই ছাগলী যি ছাগলীয়েই হৈ আছ । কেতিয়াবা মুৰটো খুটুৱাবিচোন । সিহঁতি ইয়ালৈ ফুৰিবলৈহে আহিছে । থাকিবলৈ অহা নাই নহয় কিবা ।
ফচঙে পোন্দোৱাকৈ জেতুকীক উভতি ধৰিলে ।
-বাৰু বাৰু সেইবোৰ বাদ । কাজিয়া পেঁচাল পাছতো কৰিব পাৰিবি । ই যাম বুলি ভাবিছে যেতিয়া যাবই । আমি বোৰে ঘৰৰ সদস্য হিচাপে ইয়াক কি সহায় কৰিব পাৰোঁ তাকেহে কৰা উচিত ।
পখৰাই ঘৰৰ মূৰব্বীৰ দৰে কোৱা কথাখিনি ফচঙে সিমান ভাল নাপালেও মুৰ জোকাৰি জোকাৰি সকলোৰে ফালে আশাৰে চালেপখৰাক চৰ কেইটামান বিদেশৰ পৰা আহিও শোধাব পৰা যাব । এনেও বিদেশ ফুৰি অহাৰ পাছত সিয়েই ঘৰৰ ৰজা হৈ পৰিব । বিদেশ ফুৰি, প্ৰতিযোগিতাত জিকি অহা তাৰ দৰে পাহুৱাল বোন্দাটোক সকলোৱে ৰজা বুলি নাভাবি এই ঘৰৰ চাৰি সীমাৰ বাহিৰে বাহিৰত নেজ পেলাই থোৱা ভতুৱা টোক ৰজা বুলি ভাবিব নে আৰু । তেতিয়াই তাৰ দাদাগিৰিৰ মজা উলিয়াই দিব । ফচঙে নিজকে ৰজাৰৰ ৰূপত কল্পনা কৰি সপোনত উটি ভাহি যাব খুজোঁতেই পখৰাই মাতিলে
-ফচং কি হল ক আক ..আমি কোনে কি কৰিব লাগিব ?
 এইটোৰ পৰা সপোনো দেখিব নোৱাৰি । খকা-মকা খাই ফচঙে মাত লগালে
-মোক প্ৰথম সহায়টো লাগে ৰংমনৰ পৰা
ফচঙে কাষতে বহি থকা ভাটৌ ৰংমনৰ ফালে চাই কলে । তাৰ কথা শুনি ৰংমনে ৰিণীকিলৈ চালে । ঘৈণীয়েকৰ অনুমতি নোলোৱাকৈ ফচঙক সহায় কৰাটো ৰংমনে সপোনতো ভাবিব নোৱাৰে । ফচঙে তাইক যিমান হে আমনি কৰি থৈছে । ৰিণীকীয়ে আক তাই যেন কাৰো কথা শুনাই নাই তেনে ভাৱত ঠেঙটো চাফা কৰি আছে ফচঙে অলপ সময় দুয়োটাৰে ৰেহ ৰূপ চালে । তাৰ পাছত ৰংমনৰ কাণত ফুচফুচাই কিবা এটা কলে । ৰংমনৰ মুখ উজ্জ্বলি উঠিল । ঘৈণীৰ কথা কোনে শুনে তেনে ভাৱত সি ঘোষণা কৰিলে
-মই ফচঙক সহায় কৰিবলৈ সাজু !
ৰিণিকী আচৰিত হৈ গল । তাৰ পাছত আহ আজি বাহলৈ ,তোৰ পাখী ডাল ডাল কৰিম-তেনে ভাবেৰে ৰংমনলৈ চাই ভুৰুংকৈ উৰা মাৰি গল ।
এইদৰেই সকলোৱে নিজে বলে পৰা মতে ফচঙক সহায় কৰিবলৈ গাত ললে ।

পিছদিনা দুপৰীয়া ৰংমনক লৈ ফচং ঘৰৰ বুঢ়া আমডালত কেঁকো-জেঁকোকৈ উঠিল গৈ । ৰংমনৰ মনটো সিমান ফৰকাল নহয় কালিৰে পৰা ৰিণিকীৰ গালি শুনি আছে । তাতে আজি ফচঙে যিটো সহায় কৰিবলৈ কলে সেইটোও বৰ বিপদজনক ।
-চাবি কেনেবাকৈ ইয়াৰ পৰা পৰিলে কঁকাল মোচোকা খাই তোৰ বিদেশ যাত্ৰা বিচনাতে হবগৈ ।
ৰংমনে ফচঙক সকীয়াই দিলে । ফচঙেও ভয়তে আমজোপাৰ পচা ডাল এটাত যিমান পাৰি সিমান জোৰেৰে নখ বহুৱাই খামোচি বহি ৰল ।
-ককাই ,অ ফেঁ কাই ।
আমজোপাৰ ধোন্দ এটাৰ কাষত ৰৈ ৰংমনে যিমান পাৰে সিমান মিহি মাতেৰে মাতিলে ।
-গছত নলগা কোন অএইটো ভৰ দুপৰীয়াখন টোপনি খতি কৰিবলৈ আহিছে যে ...একেটা আঁচোৰেই মুখখন কঁঠালৰ দৰে কৰি পেলাম চিনি পোৱা নাই বাপ্পেকে গৈছ নে ভালে ভালে ইয়াৰ পৰা...
ধোন্দৰ পৰা ওফৰি অহা গালি খিনি শুনি ৰংমনে লগে লগে নিজৰ মুখ চুই চালে ,কঁঠালৰ দৰে হলে কেনেকুৱা লাগিব বাৰু ! তাৰ পাছত ফচঙলৈ চালে । ফচঙে তেতিয়া ইংগিতেৰে কাষতে থকা কণমানী টোপোলাটোলৈ দেখুৱাই দিয়াত ৰংমনে কাঁহ এটা মাৰি গলাটো চাফা কৰি আগতকৈ মিহি মাতেৰে মাতিলে
-ফেঁ কাই,মই ৰংমনহে । বৰ বিপদত পৰিহে আপোনাৰ কাষ চাপিছোঁ । দয়া কৰি দৰ্শন দিয়কচোন ।
এইবাৰ ৰংমনৰ বুধিয়ে কাম দিলে । চকু কেইটা এনেই ইফালে সিফালে ঘুৰাই পকাই ফেঁচা এটা ওলাই আহিল ।
-ক কি কাম আছে ,সোনকালে ক ।
-কাম মানে ঠিক মোৰ নহয় এই ফচংৰহে ।
ৰংমনে  ফচঙক কাষলৈ আহিবলৈ ইংগিত দি কলে । ফচঙৰ নামটো শুনাৰ লগে ফেঁচা গৰগৰাই উঠিল ।
-ফচং..সেই শনিপাতটো মোৰ ঘৰৰ আগত কি কৰিছে ! হাতেৰে ধৰিব পৰা হলে তাৰ চকু ফুটুৱাই দিলোঁহেঁতেন । কত আছে সি, ধৰি আনচোন, তাক মাৰিয়েই পেলাও ।
দিনকণা ফেঁচাই এনেই ইফালে-সিফালে ডেউকাৰে গছৰ ডালতে কোবাই কোবাই সুধিলে । ফেঁচাৰ মতি গতি দেখি দুয়োটাই বহুত ভয় খালে যদিও ৰংমনে সাহস গোটাই পুনৰ কলে
-ফেঁ ককাই ,অলপ ধৈৰ্য ধৰাচোন । তাৰ কুকৰ্মৰ ফল সি নিজেই পাব । ভগৱানে সকলো দেখি আছে নহয় ।
- ধৈৰ্য ,কোন সতৰে ধৰো কচোন । সদায় দিনত সপোন দেখোঁ তাৰ চকু ফুটুৱা । মোৰ কনমানী পোৱালী দুটা আউবেলি সি কেনেকৈ মাৰিছিল চবেই জানইচোন তাৰ পাছতো মোক ধৈৰ্য ধৰিবলৈ কৱ
-ককাই আপুনি হল স্বয়ং বনৰ ৰজাদেউৰ সোঁহাত । আপোনাৰ দৰে গুণি জ্ঞানী জীৱই ফচঙৰ দৰে সামান্য জীৱৰ ওপৰত এনেকৈ খঙ কৰিলে শোভা নাপায় নহয়
ফেঁচাক বুজনি দিয়াৰ চলেৰে ৰংমনে যেন ফচঙৰ ওপৰত থকা ক্ষোভ খিনি উজাৰি দিছে  ফচঙৰ তেনে যেনেই লাগিল । তথাপি সি সিহঁতৰ কাণ্ড মনে মনেই চাই থাকিল । তাৰ স্বাৰ্থ জড়িত নথকা হলে কেতিয়াবাই ইহঁত দুটাৰ প্ৰাণ ললেহেঁতেন । এতিয়া উপায় নাই । এবাৰ বিদেশ ভ্ৰমণৰ পৰা আহি লোৱাৰ  পাছত ইহঁতৰ পানী খুৱা পুখুৰীটোও বিহ মিলাই দিব সি । সেই হিন্দী চিনেমাৰ খলনায়কবোৰে কোৱাৰ দৰে জীনা হাৰাম কৰি দিব ।
বহু দেৰি বুজনি দিয়াৰ পাছত ফেঁচা শান্ত হল । ইতিমধ্যে ৰংমনে ফেঁচাক তোষামোদৰে বুৰাই পেলাইছিল ।
-বাৰু ক মই তোৰ বিদেশ যাত্ৰাত কি সহায় কৰিব পাৰোঁ ?
ফেঁচাৰ প্ৰশ্নত অলপ সাহস পাই প্ৰথমবাৰৰ বাবে ফচঙে মাত লগালে ।
-দেউ , আপুনি হল স্বয়ং ভগৱানৰ বাহন । আমাৰ দৰে জীৱ-জন্তুৰ  বাবে আপুনি একপ্ৰকাৰৰ ভগৱানেই তাতে বনৰজা নামতহে ,সকলোখিনিচোন আপোনৰ মতেই হয় বুলি আমি জানো নহয়
ফচঙৰ কথা শুনি ৰংমনৰ চকু ডাঙৰ হৈ গল । দগাবাজটোৱে ইমান তেলাব পাৰে ।
-বাৰু বাৰু আচল কথাটো কচোন ।
ফেঁচাই সুখী সুখী ভাবেৰে সুধিলে
-দেউ,বিদেশ যাত্ৰাৰ বাট পথত একেবাৰে বিপদ মুক্ত নহয় । বিভিন্ন জীৱ জন্তুৱে বিভিন্ন সময়ত আক্ৰমণ কৰিব পাৰে । গতিকে আপুনি যদি কেনেবাকৈ বনৰজাৰ পৰা পত্ৰ এখন লিখাই আনিব পাৰে যে মোৰ ভ্ৰমণত সকলো বন্য আৰু ঘৰচীয়া প্ৰাণীয়ে বন্য প্ৰাণী আইন ১০০০৪ দফা অনুসৰি মোক সহযোগ কৰি মোক আক্ৰমণ কৰিব নোৱাৰিব বুলি তেতিয়াহে মোৰ এই যাত্ৰা সফল হবগৈ । দেউ ,এই ৰংমনৰ ডেউকাৰ শপত খাই কৈছোঁ মই মৰালৈকে আপোনাৰ ধৰুৱা হৈ থাকিম ।
ফচঙে ৰংমনলৈ চকু টিপিয়াই কাকূতি মিনতি কৰিলে । ৰংমন থতমত খাই গল ,শপত খাবলৈ ই আৰু বস্তু নাপালে
অলপ সময় কিবা কিবি ভবাৰ পাছত ফেঁচাই মাত লগালে
-হব বাৰু । তই কালিলৈ ৰাতি আহি লৈ যাবি । এতিয়া যা । ৰাতি দৰবাৰত মই কথাটো উলিয়াম ।
ফচঙে উকি এটাই মাৰিব খুজিছিল, ৰংমনে ঠেলা মাৰি দিয়াতহে মনে মনে ৰল । ৰংমনৰ ঠোঁটৰ কাষত কালিয়েই কাণে কাণে দিম বোলা বাদামৰ টোপোলাটো দি সি জাপ মাৰি আঁতৰি গল । ৰংমনেও বাদাম কেইটা লৈ বাহলৈ উৰা মাৰিলে । ৰিণিকীৰ ঠেহ ভাঙিব লাগিব ।

ফেঁচাই কথামতেই এদিনৰ পাছত শিলিখা ছালৰ পত্ৰ এখন ফচঙক দিলে । ফচঙে পত্ৰখন চালে বনৰজাৰ নখৰ ছাব বৰ সুন্দৰকৈ বহুৱাই দিছে । তাৰ মনটো ভাল লাগি গল ।
এটা সপ্তাহৰ ভিতৰত প্ৰয়োজনীয় সকলোখিনি যা-যোগাৰেই হৈ গল । বাঁহনি চুকৰ বুঢ়া ফেঁচুটোৱে দিন বাৰ গণনা কৰি শুভ দিন এটাও বাচি দিলে । বিস্কুট দুখন চুৰ কৰি টুকলু নামৰ গিনিপিগটোক দিয়াত সি বস্তু ভৰাই নিবলৈ সৰু মোনা এটা কুটি কুটি সাজি দিলে । বগী বুঢ়ীয়ে তাইৰ পাখী এখিলা দিলে ,বাটত কাণ খজুৱাবলৈ ! চাটৰিয়ে কণী এটা দিলে ,কৰবাত কাৰোবাৰ সৈতে সলাই লৈ কিবা খাবলৈ । জেতুকীয়ে কৰবাত আঘাত পালে লগাবলৈ বন দৰব কেইবিধ মান আনি দিলে ।  পখৰাই নিজৰ সকলোকে বন্ধুকে ফচঙৰ যাত্ৰাৰ কথা জনাই তাক আমনি নকৰিবলৈ অনুৰোধ জনালে । এদিন পখৰাৰ সকলো বন্ধু লগ হৈ যিমান পাৰি সিমান জোৰেৰে ৰৌ ৰৌৱাই আঁতৰৰ কুকুৰ বিলাকক অনুৰোধ কৰিলে ।
আৰু এদিনৰ পাছতে ফচঙে তাৰ যাত্ৰা আৰম্ভ কৰিব । তাৰ গাত যেন বহাগ বিহুহে লাগিছে এনেকৈ নাচি বাগি ইফালে সিফালে ঘুৰি ফুৰিবলৈ ধৰিলে । এটা দিন,এটা মাত্ৰ দিন আছে তাকো নাযায় নুপুৱায় যেন লাগিছে তাৰ ।
-তই বোলে বিদেশলৈ যাবি ?
ইচাট বিচাট কৰি ঘুৰি ফুৰোঁতে ফচং গৈ গোহালিত সোমাল গৈ । কলীয়ে তেতিয়া খেৰ খাই আছিল । তাক দেখি আথে-বেথে সুধিলে । কলীক দেখি জানো ফচঙৰ কি  দেও ওকালে  আনকালৰ দৰেই কথা নাই বাৰ্তা নাই কলীৰ গালত ঠাচ কৰে চৰ এপাট শোধাই দাঁত কেইটা নিকটাই হাঁহি হাঁহি সুধিলে
-গৰুৰ জাত । আদা বেপাৰীক জাহাজৰ খবৰ কেলৈ লাগে হয় নে । আৰু এপাট চৰ লাগে ...
ফচঙে নিজৰ হাতোৰাখন দেখুৱাই সুধিলে । যাত্ৰাৰ স্বাৰ্থত বহুদিন কাকো চৰিয়াবলৈ নাপায় তাৰ মনটো ভাল লগা নাছিল । আজিহে যেন ভাল লাগিল ।
ইফালে চৰ খাই কলী মুখৰ ৰঙ আৰু কলা হৈ পৰিল । খঙত তাই বান্ধি থোৱা এৰাল দাল চিঙিবলৈ চেষ্টা কৰিলে ।
-ল আৰু এপাট খা..
লীক ঠাচ কৈ আৰু এপাট চৰ শোধাই তাইৰ এৰালে ঢুকি নোপোৱা দূৰত্ব বহি ফচঙে পেট পেলাই পেলাই পাৰেমানে হাঁহিলে ।
-বেঙে মুতা কজলাৰ দৰে হলিচোন ঐ কলী মাই ? আজি তোৰ গালত ক্ৰিকেট নে  সেই খেলটো খেলটো খেলোঁ দে,কালিলৈ পৰা বহুদিন নাপামেই নহয় ।
কথাষাৰ কৈ সুবিধা বুজি ফচঙে কলীক আকৌ এপাট চৰ শোধালে । বেচেৰি কলীয়ে গৰগৰাই থকাৰ বাহিৰে একোৱেই কৰিব পৰা নাই ।
-তোৰ মানুহটো কত গল কলীমাই...কজলা কত গ?আজি তাৰ গালতো ক্ৰিকেট খেলিবলৈ ইমান মন আছিল..
-মই তোৰ পাছফালেই আছোঁ দগাবাজ । তই যদি ক্ৰিকেট খেলিব জান মই ফুটবল খেলিব জানো চা
ফচঙে মাতষাৰ শুনি ভয়ে ভয়ে মুৰ ঘুৰাই চাবলৈ নাপালেই কজলাই পাছ ঠেং দুয়োটাৰে মৰা লাথ টোত বতাহত ওপঙি উঠিল । ওপঙি উঠা ফচঙলৈ চাই কলীয়ে চকুপানী মচি লাজ লাজকৈ কলে
-এইয়াহে আচল খেল । তুমি কিন্তু দেশৰ হৈ ফুটবল খেলিব পাৰিবা দেই ।
কথাষাৰ শুনি কজলাই গৌৰৱেৰে হাঁহি এটা মাৰিলে ।
ইফালে মাটিত পৰাৰ আগতেই ফচঙে অনুমান কৰি ললে তাৰ কিমান ডাল হাড় ভাগিব পাৰে ! আৰু তাৰ যে  বিদেশ যাত্ৰা ইয়াতেই অন্ত পৰিল সেয়াও ভাল দৰে অনুমান কৰিলে ।

ধুপুচ...মেউউউউউউউউউউ

No comments:

Post a Comment