Friday, 18 April 2014

জেতুকীৰ দুখ






ঘটনাটো ঘটিল পুৱতিনিশা । পখৰাই সেই সময়ত গাটো ঘুৰা পকাই টোপনি যাবলৈ চেষ্টা কৰিছিলহে  তেনেতেই আগফালৰ বাৰাণ্ডাৰ চুক এটাত শুই থকা জেতুকীৰ টেঁটুফলা চিঞৰ শুনিলে । অকণো পলম নকৰি সি জেতুকী থকা ফালে দৌৰিল । পখৰা গৈ পোৱাৰ লগে লগে জেতুকীৰ কাষেদি কোনোবা এটা লৰালৰিকৈ পাৰ হৈ গল । গাৰ সমস্ত জোৰেৰে চিঞৰ এটা মাৰি পখৰাইও আগন্তুকক খেদি গল । ইতিমধ্যে সিহঁতৰ চিঞৰ বাখৰ শুনি পখৰাৰ ওচৰৰ পাজৰ লগবোৰো দৌৰি আহিল । পিছে আগন্তুকক হলে ধৰিব নোৱাৰিলে । সি গৈ কাষৰ হাবি খনত সোমাই পৰিল । ৰাতিখন হাবিলৈ যোৱা সাহস পখৰা হঁতৰ নাই, গতিকে নিজৰ মাজতে ভোৰভোৰাই পখৰাহঁতৰ দলটো নিজৰ নিজৰ ঘৰলৈ গুছি গল । পখৰাই নিজৰ শুৱা ঠাইখন অলপ ঠিক ঠাক কৰি শুই পৰিল । পুৱা জেতুকীৰ হিয়া ভঙা কান্দোনতহে তাৰ টোপনি ভাগিল ।
ঘৰৰ পাছফালে থকা কঁঠাল জোপাৰ তলৰ চাফা ঠাইখিনিতে বহি জেতুকীয়ে হুকহুকাই কান্দি আছে পখৰাই মূৰটো দাঙি চালে সিহঁতৰ ঘৰৰ প্ৰায় গোটেই কেইটি সদস্যই জেতুকীক আগুৰি বহি আছে । ৰিণীকী নামৰ ভাটৌজনীয়ে ৰুমাল এখন লৈ জেতুকীৰ চকুলো মোহাৰি আছে । কাষতে বহি ঘৰৰ বয়সীয়াল সদস্যৰ ভিতৰতপৰা বগী বুঢ়ী নামৰ পাতিহাঁহ জনীয়ে কৈ আছে-আই অলপ ধৈৰ্য ধৰ অএনে দুখৰ দিন সকলোৰ আহেআমাৰ চকুৰ আগতে আমাৰ কত পোৱালী মাংসৰ নামত হেৰাই গৈ আছে । আমাক জানো এনেকৈ ভাগি পৰা দেখিছ । ধৈৰ্য ধৰ আই ।
ৰিণীকীৰ গিৰিয়েক ৰংমন নামৰ ভাটৌটোৱে বগী বুঢ়ীৰ কথাত ওও বুলি শলাগিছে ।
টুকলু নামৰ গিনিপিগটোৱে আক জেতুকীৰ ভৰি কাষত ৰৈ কু কু কৰি আছে ।
পখৰাই চুচুক-চামাক কৈ দলটোৰ কাষ চাপিল । তাক দেখি জেতুকীৰ কান্দোনৰ মাত্ৰা চৰিলহে । বেচেৰিয়ে নাকান্দিবনো কিয় , তিনিদিনৰ আগতে তাই জীৱনৰ প্ৰথম পোৱালী দিছিল । জন্মৰ অলপ পাছতেই দুটা পোৱালীৰ এটা মৰি থাকিল । আনটোও কালি শিয়াল আহোঁতে হেৰাল । পখৰাৰ দৰে কুকুৰৰ চকিদাৰীয়েও পোৱালীটোক শিয়ালৰ আক্ৰমণৰ পৰা বচাব নোৱাৰিলে । কোনেজানে এতিয়া চাগৈ পোৱালীটো শিয়ালটোৱে হজমেই কৰিলে ! পখৰাই দোষী দোষী ভাৱেৰে  চকু কেইটা ঢেল খুৱাই ৰৈ থাকিল ।
-কিজান পোৱালীটো বাচিয়েই আছে ? কলিমন বেজক চোৱাই চাব পৰা হলে ...যোৱাবাৰ আমাৰ কলী হেৰাওতে দেউতাই দেখোন কলিমন বেজক চোৱাই বেজৰ কথামতেই তাইক বিচাৰি পাইছিল ...
ঘাঁহ বিচাৰি বিচাৰি কাষেৰে পাৰ হৈ যাওঁতে কজলা নামৰ বলধটোৱে কৈ থৈ গল । হওঁতে কলিমন বেজৰ কথা সকলোৱে নভৱা নহয় । কিন্তু ঘৰৰ গৰাকীয়েই যেতিয়াই ঘটনাটো গুৰুত্ব নিদিলে,সিহঁতে ঢেৰ ভাবিলেনো কি হব ।
-কি হল অ তহঁতৰ ? সোপাই যে বেঙে মুতা কজলাৰ দৰে থৰ হৈ আছ ?
কথাষাৰ সুধি ফচঙে ইফালে সিফালে চালে, নাই কজলা কাষত নাই । থকা হলে ইমান দেৰি তাক খেদি আহিলেহেঁতেন । সি এবাৰ তাক লঠিয়াই মজা দি থৈছে । গতিকে তাৰ নাম লৈ জোকোৱাৰ আগত ফচং বৰ সাৱধান ।
ফচং । জাতত বোন্দা মেকুৰী । ঘৰৰ আটাইতকৈ অঘাইতং সদস্যটো । বগী বুঢ়ীৰ মতে হেনো ফচঙৰ দৰে দগাবাজ এই পিথৱীত নাই । পৰাপক্ষত সকলোৱে তাৰ পৰা আঁতৰি ফুৰে । কব নোৱাৰিতো কত কি জেং লগাই দিব ।
আচলতে ফচং সেইফালে আহিছিল বেলেগ এটা কাৰণ লৈ কিন্তু সিহঁতক তেনেকৈ ৰৈ থকা দেখি তাৰ দুষ্ট মনটো কিলবিলাই উঠিল ।
-কথাটো নো কি...পাখৰু তয়ে কচোন ?
কোনেও একো নোকোৱা দেখি ফচঙে পখৰালৈ চাই তেলিয়াই সুধিলে । পখৰাই চকু ঘোপা কৰি তালৈ চালে । কিবা স্বাৰ্থ নাথাকিলে কেতিয়াও এই দগাবাজে এনেকৈ পখৰাক নামাতে । ওলাওতে সোমাওঁতে তাৰ লগত কাজিয়া লাগি থাকোঁতেই যায় । কাজিয়া নালাগিলেও এনেই কাষেৰে পাৰ হৈ গলেও ফচঙে তাৰ হাতোৰাখন দেখুৱাই তাক মনত পেলাই দি যায় কিমান বাৰ পখৰাই সেইখন হাতোৰাৰ বোন্দা চৰ খাইছে । আনদিনা হোৱা হলে ইমানপৰে তাক খেদিয়েই গলহেঁতেন, পিছে আজি কথা বেলেগ । সেইবাবেই পখৰাই নিজৰ খঙ সামৰি জেতুকীৰ কাহিনীটো আদিৰ পৰা অন্তলৈকে খৰচি মাৰি বৰ্ণনা দিলে । পখৰাৰ বৰ্ণনা শুনি জেতুকীয়ে আকৌ এবাৰ ৰাউচি জুৰিলে ।
-হেহ ! অলপ ধৈৰ্য ধৰচোন জেতুকী । লৰা-ছোৱালী কোনো নো নেহেৰুৱাই ...আমাৰ এই চাটৰিলৈকে চাচোন, যোৱাবাৰ বোলে তাই আনৰ কণী এসোপাকে উমনি দি পোৱালি উলিয়ালে । তাকো অজাতিৰ । তাই কবই নোৱাৰিলে । পাছত পোৱালী ডাঙৰ হোৱাৰ পাছত যেতিয়া বামত চৰিবলৈ এৰি পানীত নামিল গৈ তেতিয়াহে তাইৰ জ্ঞান আহিল যে সেইকেইটা বগী বুঢ়ীৰ নতিনীয়েকৰ কণী আছিল গিৰিয়েকৰ পৰা তাই সেইবাৰ কম মাৰ খালে নে ?
ফচঙৰ বুজনি শুনি অলপ আঁতৰতে জাবৰ খুচৰি থকা কুকুৰাজনী উৰা মাৰি আহিছিলেই পখৰাইহে মাজতে ৰহ ৰহচোন ৰহ চাটৰি ,দন খন নালাগিবি বুলি তাইক আঁতৰাই পঠালে । ফচঙেও চাটৰিৰ খঙ দেখি দাড়ি কেইডালৰ তলতে মিচিকিয়াই হাঁহিলে ।
-চা,ফচং আমি ইয়াত তোৰ ফটুৱামি শুনি থাকিবলৈ বহি থকা নাই । জেতুকীৰ দুখত সমভাগী হব নোৱাৰিলে তোক কোনেও একো নকয় ,কিন্তু এনেকৈ ফটুৱামি কৰি থাকিলে আনে কি কৰে নাজানো মই কিন্তু তোৰ পেটু উলিয়াই পেলাম ।
পখৰাই ফচঙক দাঁত কেইটা কৰচি কৰচি ধমকী এটা দিলে । পখৰাৰ ৰূপ দেখি ফচঙে হয়তো অলপ ভয় খালে নেজডাল ঠেং কেইটাৰ ভিতৰত লুকুৱাই পখৰাৰ পৰা অলপ আঁতৰত বহিল গৈ তাৰ পাছত লাহেকৈ মাত দিলে
-ৰাইজে যদি অনুমতি দিয়ে মই নখ মাৰি পোৱালীটো জীয়াই আছে নে ম..ৰি..ল চাই দিব পাৰিম কিন্তু ...
-কেনেকৈ ???
পখৰাৰ বাহিৰে গোটেই কেইটিয়ে একেলগে সুধিলে ।
-মই মঙল চাব জানোতো
-মিছা কথা ।
পখৰাই লগে লগে বিৰোধ কৰি উঠিল ।
-মিছা হয় নে নহয় সেয়া সময়ে কব । আউবেলি আমাৰ হাবিৰ বনৰজাৰ পোৱালীটো হেৰাওতে ময়ে মঙল চাই উলিয়াই দিছিলোঁ । তেতিয়াৰ পৰাই মই বনৰজাৰ সোঁ হাত । তহঁতক এইবোৰ কথা নকওঁ বুলিহে ।
-তই আৰু কিমান মিছা মাতিবি ...
পখৰাই খঙৰে ফচঙৰ ফালে দুখোজ মান আগবাঢ়ি গল । পখৰাক আগবাঢ়ি যোৱা দেখি ফচঙে জেতুকীৰ কাষ চাপি গৈ সুধিলে
-জেতুকী,তই কি বিচাৰ..মই সঁচানে মিছা সেয়া পাছত গম পাবিয়েইচোন ...মাত্ৰ এবাৰ মোক তোৰ পোৱালীটোৰ দশা চাবলৈ দে ..তোৰ দুখ মই একেবাৰেই সহিব পৰা নাই অ
জেতুকীয়ে এবাৰ ফচঙলৈ আৰু এবাৰ পখৰালৈ চালে । তাৰ পাছত নাকৰ পানী অলপ উজুৱাই কলে
-কিজান ই সঁচাই কৈছে পখৰা ? কিজান ই মঙল চাই মোৰ পোৱালীকণ উলিয়াই দিব পাৰেই ...যদি নোৱাৰে তেতিয়াই তই ইয়াক কি কৰ কৰিবি এতিয়া মাথো তাক মঙল চাবলৈ দে ।
পখৰাই কিবা এটা কব খুজিছিল যদি জেতুকীৰ চলচলীয়া চকুজোৰ দেখি ৰৈ গল । কথাৰ গমগতি তাৰ ফালে যোৱা দেখি ফচঙে কঁঠাল পাত দুখিলা আনি গহীন হৈ বহি ললে । তাৰ পাছত ফু মাৰি ঠাই অকণ চাফা কৰিলে । তাতে নিজৰ হাতোৰাৰে আঁচোৰ কেইটামান মাৰি আংবাং এসোপামান বকিবলৈ ধৰিলে । বাকীবোৰেও তাৰ কাণ্ডকাৰখানা দেখি কাষ চাপি আহিল ।
-অলপ মনে মনে মাত । তোৰ এই মাতবোৰ শুনিলে মোৰ বন্ধুবোৰ দৌৰি আহিব । তেতিয়া কিন্তু মই তোক বচাব নোৱাৰিম ।
পখৰাই ফচঙৰ কাণ্ডত বিৰক্ত হৈ কলে । ফচঙে পিছে তাৰ কথালৈ কাণ নিদিলে । বকিয়েই থাকিল ।
-পোৱালী জীয়াই আছে !
পাঁচমিনিট মানৰ পাছত নখ মাৰিবলৈ বন্ধ কৰি ফচঙে কলে । তাৰ কথা শুনি গোটেই কেইটি জঁপিয়াই উঠিল ।
-সঁচা !!
-ওও সঁচা । এতিয়া ঘটনাটোত জড়িত হৈ থকা সকলোৱে মোৰ এই ভৰিৰ সোঁ নখটোত চুমা এটা খাই এই ধূলিকণটো চুমা খাব লাগিব । তেতিয়াহে মই নখৰে ধূলিকণ চটিয়াই পোৱালীটো কোনটো দিশত আছে উলিয়াব পাৰিম ।
ফচঙে দিয়া আদেশটো শুনি সকলোৱে ইটোৱে সিটোৰ মুখলৈ চালে ।
-কি চাই আছ সোনকাল কৰ,নহলে লগ্ন গুছি যাব ।
ফচঙৰ দ্বিতীয় আদেশটো শুনাৰ লগে লগে জেতুকী লাহে লাহে আগবাঢ়ি গল আৰু প্ৰথমে তাৰ নখত তাৰ পাছত ধূলিকণটো চুমা এটা খাই পখৰাৰ ফালে কাতৰ দৃষ্টিৰে চালে । পখৰাই উপায়হীন হৈ আগবাঢ়িল ।খাওঁ নাখাওঁ কৈ সি ফচঙৰ ভৰিৰ নখত চুমা খালে । তাৰ পাছত ধূলিকণত । ফচঙে মৌন ভাৱেই সকলো লক্ষ্য কৰি থাকিল ।
আকৌ অলপ সময় আং বাং মন্ত্ৰ ।   
-পাই গলো !!
মন্ত্ৰ বন্ধ কৰি ফচং জাপ মাৰি উঠি ঘৰৰ পাছফালে থকা বাঁহনি খনৰ ফালে দৌৰ দিলে । পাছে পাছে বাকীবোৰ । টুকলুও যাব খুজিছিল পিছে পখৰাৰ ৰঙা চকু দেখি ঘৰৰ বাৰাণ্ডাতে ৰৈ থাকিল ।
ফচঙে এবাৰ উত্তৰ দিশে,এবাৰ দক্ষিণে এনেকৈ কেইবা ঠাইটো নাক ঘঁহাই ঘঁহাই ঘুৰি ফুৰিল ।
-সেইয়া মই কৈছিলোঁ নহয় মই উলিয়াই দিম ।
বাঁহনিৰ এমুৰে থকা দ খাল এটাৰ কাষত ৰৈ ফচঙে গৰ্বৰে মাত লগালে । সকলোৱে খালটোলৈ জুমি চালে । কণমানী ছাগলী পোৱালী এটা তাতে কোঁচ মোচ খাই শুই আছিল ! জেতুকীয়ে মোৰ পোনাটো অ বুলি খালটোৰ এঢলীয়া ফালে দি বিজুলী বেগেৰে নামি গল । পোৱালীটোৱেও মাকক দেখি লৰি আহিল । জেতুকীয়ে পোৱালীটোক গাখীৰ অকণ খুৱাই লাহে লাহে এঢলীয়াৰ ফালেদি ওপৰলৈ তুলি আনিলে । ওপৰত তেতিয়া সকলো অবাক লাগি আছিল । আনকি পখৰাও । জেতুকীয়ে দৌৰি যোৱাদি গৈ ফচঙৰ ভৰিতে পৰিব খুজিছিল কিন্তু ফচঙে কিবা অস্পৃশ্য বস্তু লগাৰ দৰে তাইক ভৰিৰে আঁতৰাই পঠালে । জেতুকীয়ে কিন্তু অকণো বেয়া নাপালে । ফচং এই সময়ত তাইৰ বাবে ভগৱানৰ তুল্য ।
বাঁহনিৰ পৰা সকলো ওলাই আহিল । আগে আগে ৰজাৰ দৰে ফচং,নিজৰ গুণবোৰ নিজেই গাই গৈ আছে । পাছে পাছে প্ৰজাৰ দৰে সকলো । কেৱল পখৰাৰ বাহিৰে । পখৰাই কি কৰিব ভাবিয়েই পোৱা নাই ।
-ককাই শুনচোন ...
কাৰোবাৰ মাতত পখৰাই পাছফালে চালে । দুটা ভৰি ওপৰত থিয় দি য়েং নেউল ৰৈ আছিল ।
-তোৰ কথা শুনিবলৈ মোৰ এতিয়া সময় নাই ।
পখৰাই তাক গুৰুত্ব নিদি যাবলৈ ওলাল । বাকী সকল ইতিমধ্যে বহুখিনি আগবাঢ়িল ।
-ককাই শুনচোন..ফচঙে তহঁতক বাম ঠগন দিছে । জেতুকীবাইৰ পোৱালীটোৰ কত আছে সেয়া মইহে তাক কৈছিলোঁ ...
- কি ?
এইবাৰ পখৰাই তাৰ ফালে উভতি চাই গৰজি উঠিল ।
-বনৰজাৰ শপত । মই পুৱতি নিশাই পোৱালীটো তাত দেখা পালোঁ । কাৰোবাক খবৰটো দিবলৈ ৰৈ থাকোঁতে পুৱাই হৈ গল । তাৰ পাছত ফচঙক এইফালে অহা দেখি তাকে কলো বোলো খবৰটো জেতুকীবাইক দিয়ক গৈ । সি আক ঘৰত গৈ বেজৰ ভাও দিবগৈ বুলি ভবা নাছিলোঁ নহয় ।
য়েঙৰ কথা শুনি পখৰাৰ চকুৰ সমুখত সকলো ফটফটীয়া হৈ পৰিল । সি তাৰমানে পোৱালীৰ খবৰ দিবলৈকে তালৈ গৈছিল । কিন্তু গৈ পাই সকলোকে তেনে ৰূপত দেখি সেইবোৰ লীলা কৰিলে । পখৰাক তাৰ ভৰিত চুমা খাবলৈ বাধ্য কৰালে । খঙত পখৰাৰ মুখখন ৰঙা পৰি গল ।
-তই এই খবৰটো মোক নিজেই দিব পাৰিলিহেঁতেনচোন ।
পখৰাৰ খঙ দেখি য়েঙে যিমান পাৰি সিমান সমীহ কৰি কলে
-তইচোন ঘৰৰ বাৰীৰ ভিতৰত আমাৰ বাবে সান্ধ্য আইন জাৰি থৈছ । তোৰ সেই আইনখন নো কেনেকৈ অমান্য কৰোঁ ।
হয়তোন পখৰাইচোন সিহঁতৰ জাতিটোক ঘৰৰ চৌহদৰ ভিতৰত নোসোমাবলৈ ফটুৱা জাৰি থৈছে । বেচেৰাৰ গাতনো কি দুখ । তোৰ এইটো উপকাৰ বাৰু মই নাপাহৰো-বুলি কৈ পখৰাই ফচঙহঁতৰ ফালে দৌৰ দিলে । পখৰাই প্ৰথমে জেতুকীক ,তাৰ পাছত বগী বুঢ়ীক,বগী বুঢ়ীয়ে ৰংমনক,ৰংমনে ৰিনিকীক,ৰিনিকীয়ে চাটৰিক এনেকৈ সকলোৱে য়েঙে কোৱা কথাখিনি গম পালে ।ফচঙে তেতিয়াও লেলাউটি ওলাই যোৱাকৈ নিজৰ গুণ গাই গৈ আছে । পাছে পাছে কোনে কি কৰি গৈছে সেইবোৰলৈ ভ্ৰূক্ষেপেই নাই । পখৰাই সকলোকে অলপ সময় ধৈৰ্য ধৰিবলৈ ইংগিত দিলে ।  কঁঠালজোপাৰ তল পাই আগৰ ঠাইতে টিকা পেলাই বহি লৈ ফচঙে সকলোৰে ফালে চালে । তাৰ পাছত ৰজাৰ দৰেই গুৰু গম্ভীৰ মাতেৰে কলে
-এতিয়া তহঁতেই ভাৱচোন ইমান খিনি গুণ থকাৰ পাছতো মই তহঁতৰ পৰা ৰজাৰ দৰে সন্মান পোৱাৰ যোগ্য নহয় নে নহয় ?
পখৰাই কিবা কবলৈ পোৱাৰ আগতেই ঘৰৰ ফালৰ পৰা ফৰ্মুঠি এটা আহি ফচঙৰ  ঠিক মূৰৰ ওপৰেৰে পাৰ হৈ গল । ভাগ্য বেচেৰাই সময়ত হাওলি দিছিল বুলিহে নহলে সেইফালে আধ্যা পৰিলহেঁতেন ।
-চোৰৰ জাত । ভালকৈ দিলে খাব নাজান । চুৰ কৰিহে এৰ । মাছ অলপো আনি থব নোৱাৰি । আজি তোৰ পেটৰ পৰা মাছ বাহিৰ কৰিহে এৰিম ...
গৃহস্থৰ হাতৰ পৰা দ্বিতীয়টো ফৰ্মুঠি ওফৰি অহাৰ আগেই ফচং পলাই পতং ।
পখৰাহঁতে ইটৌৱে সিটোৰ মুখলৈ চালে । গৃহস্থই তেতিয়াও চৈধ গোষ্ঠী উজাৰি ফচংক গালি পাৰিয়েই আছিল । অলপ সময় গালিৰ বৰষুণৰ মাজেৰেই পাৰ হৈ গল । তাৰ পাছত বগী বুঢ়ীয়ে পেতেৰ পেতেৰ কৈ মাত লগালে
-ই এনে সন্মানৰ হে যোগ্য !
বুঢ়ীৰ কথা শুনি একো বুজি নাপালেও জেতুকীৰ পোৱালীটোৱে মূৰ দুপিয়াই বেবাই উঠিল ।

No comments:

Post a Comment