Tuesday, 8 April 2014

মহেশ্বৰ বুঢ়া




মহেশ্বৰ বুঢ়া ঢুকাল । বিহুৰ উৰুকাৰ দিনাই । অইন কোনোবা এই বিহুৰ দিনা ঢুকুৱা হলে গাঁৱৰ মানুহৰ বিহু  মুদাই মৰিলহেঁতেন । পিছে মহেশ্বৰ বুঢ়াহে ঢুকাল । বুঢ়া গাঁৱৰ কাৰো পৰিয়ালৰ নহয়,গতিকে চুৱা নালাগিল । এইফালে বুঢ়াৰ দেহ ঘৰৰ বাজ হবলৈ পালেহে সিফালে চেঙেলীয়াবোৰৰ ঢোলৰ মাতত গাঁওৰ এটা চুক গমগমাই উঠিল । অৱশ্যে বয়সীয়াল কেইজনৰ অলপ দুখ লাগিছিল । যিমান হলেও বুঢ়াক তেওঁলোকে বহুদিন পাইছে । গাঁৱৰ কাম বনত মহেশ্বৰ বুঢ়াই সততে লাগি ভাগি দিছিল । বয়সে কোঙা কৰা স্বত্বেও ইঘৰে সিঘৰে কাম বন কৰিয়েই ঘুৰি ফুৰিছিল  কোনোবাই কামত লাগি থকাৰ বাবে গালি পাৰিলেও বুঢ়াই কৈছিল তেওঁ হেনো এনেই বহি থাকিব নোৱাৰে । এনেই বহি থাকিব নোৱাৰা বুঢ়াজন দুদিন নৰিয়াত পৰিয়েই ঢুকাই থাকিল । কোনেও গমেই নাপালে । বৰ মনে মনেই গুছি গল । দুপৰীয়া বিহুৰ বাবে জলপান কেইটামান দি থৈ যাওঁ বুলি জোনাকীৰ মাক তেওঁৰ ঘৰলৈ যাওঁতেহে দেখিলে  বুঢা নিজৰ চালপীৰাখনত ঠৰঙা লাগি পৰি আছে । লগে লগে বুঢ়াৰ পঁজাটোত ভিৰ বাঢি় গল । এনে ভিৰ যোৱা ত্ৰিশ বছৰে এদিনো হোৱা নাছিল ।
মহেশ্বৰ বুঢ়া কেনেকৈ এইখন গাঁৱলৈ আহিছিল সেই কথা গাঁৱৰ বয়সীয়াল কেইজনেও পাহৰিলে ।ডেকাবোৰেতো নাজানেই । সকলোৱে মাথো জানে মহেশ্বৰ বুঢ়া দূৰৈৰ কোনোবা এখন জিলাৰ । নৈয়ে হেনো ঘৰৰ দুৱাৰ সকলো খহায় নিলে । বাচি থাকিবলৈ ঘুৰি ফুৰোঁতে কোনোবা এদিন এই গাঁৱত ওলালহি । তাৰ পাছত থাকিয়েই গল । দীপকৰ দেউতাকে ঘৰ সাজিবলৈ মাটি একঠা দিলে । বিনিময়ত মনেশ্বৰে জীৱনৰ বাকীচোৱা পৰালৈকে সিহঁতৰ ঘৰত হালোৱা খাটি পাৰ কৰি দিলে ।
বুঢ়াৰ দুখ ভাগৰ বুলিবলৈ যেন একোৱেই নাছিল । দুই এজনে কয় বোলে  লাওপানীৰ নিচা বাৰুকৈ লাগিলে কেতিয়াবা বুঢ়াই হেনো কোনোবা গাভৰু এজনীৰ কথা কৈ কান্দে । আজি অত, কালি তত তেনেকৈ হাবিয়ে হাবিয়ে কাঠফলাৰ কাম কৰি থাকোঁতে তাইৰ সৈতে নৈৰ ঘাট এটাত চিনাকী হৈছিল । বুঢ়াই হেনো তাইক খুব ভাল পাইছিল । তাইও বুঢ়াকে নিজৰ দেহ মন সঁপি দিছিল । পিছে  বুঢ়াই গৈ নিজৰ পৰিচয় দি ছোৱালী খুজোগৈ মানে ছোৱালীৰ ৰেহ ৰূপ দেখি মাক দেউতাকে বিয়া ঠিক কৰিলেইফলত বুঢ়াক জীৱনজোৰা নি:সংগতাৰ বোজা দি ছোৱালীজনীয়ে বেলেগৰ ঘৰ শুৱনি কৰিলেগৈ । কিছুমানে কয় বুঢ়াই সেইটো দুখতে চাগৈ ঘৰ এৰিলে, মাটি বাৰী নৈয়ে খহোৱা কথাটো মিছা কথা । যিয়ে নহওক মহেশ্বৰ বুঢ়া এতিয়া মৰিল । বুঢ়াৰ লগতে বুঢ়াৰ জীৱনক লৈ যি অকণ উৎকণ্ঠা, কৌতুহল  আছিল সকলো শেষ হৈ গল । হয়তো বছৰচেৰেকৰ পাছত মহেশ্বৰ নামৰ মানুহ এজনো যে এই পৃথিৱীত আছিল সেই অস্তিত্বকণো শেষ হৈ যাব । অথচ এটা সময়ত মহেশ্বৰ বুঢ়া নোহোৱাকৈ এই গাঁৱত একো কামেই নহৈছিল ।


ধুমুহা আহিছিল সেইদিনা ।

-ইমান ডাঙৰ ধুমুহা আহিছিল অ দাদাই । তই লগ নাপালি । তোকে বিচাৰি আহিছিল হেনো ।
গাঁৱৰ আলিমুৰত  বজাৰৰ পৰা অহা মহেশ্বৰক লগ পাই ডেকা এজনে কৌতুকৰে কলে । ডেকা মখাই বুঢ়াক জোকাৰি বৰ ভাল পাই । বুঢ়াও জানো কম ,কথাত সদায়েই এখোপ ওপৰত থাকিব ।
-হুহ,ইয়াত কি ধুমুহা আহিছিল,ৰাজমাই বজাৰৰ ফালে ধুমুহাই চৰি থকা মহৰ শিং উৰুৱাই লৈ গৈছে ।
মহেশ্বৰৰ কথা শুনি ধুমুহাতকৈ জোৰেৰে শব্দ কৰি ডেকা সকল হাঁহি উঠিল ।

বিহুৰ দুদিনমানৰ আগৰে পৰা দীপকক মন মাৰি থকা দেখি মহেশ্বৰৰ গা বাজিল । লৰাটোক তেওঁ নিজৰ পোৰ দৰেই মৰম কৰে । মহেশ্বৰ যেতিয়া এই গাঁৱলৈ আহিছিল দীপকে থুনুক-থানাক কৈ কথা কবলৈ শিকিছিলহেমাকজনী অশৌচৰ সময়তে ঢুকাল । বাপেকে আকৌ বিয়া নাপাতিলে । আইতাক ,দেউতাক আৰু মহেশ্বৰৰ হাততে দীপক ডাঙৰ হল । আৰু ডেকা হয় মানে আইতাক জনীও ঢুকাল । মহেশ্বৰৰ দায়িত্ব আৰু বাঢ়ি গল । গতিকে দীপকৰ প্ৰতিটো খোজেই তেওঁ চিনি পাই বুলি কব লাগিব ।
বহুদেৰি পেঘেনিয়াই পেঘেনিয়াই সোধাৰ পাছত সি মুখ খুলিলে । সিখন গাঁৱৰ পখিলা নামৰ ছোৱালীজনীৰ সৈতে তাৰ মন মিলিছে । পখিলাই হেনো এইবাৰ বিহুত বজাবলৈ গগনা এখন তাক আনি দিবলৈ কৈছে । বিচাৰিলেই গগনা যতে ততে পাব । কিয় মহেশ্বৰ দদাই নিজেও চোন বৰ ভাল গগনা সাজিব জানে  । কিন্তু কথা হল যদি কেনেবাকৈ গগনাখনৰ মাত ভালকৈ নোলায় তেতিয়া কি হ? এনেই তাৰ প্ৰেমৰ কলি ওলাইছেহে ,এতিয়া যদি কোনোবাই তাতকৈ ভাল গগনা এখন দি তাইৰ মন লৈ লয় কি হব ।
মহেশ্বৰে কথাটো গম্ভীৰ ভাৱে ললে । দুয়োটাই বহু দেৰি কি কৰিলে ভাল হয় তাকে ভাবিলে । আৰু এটা সময়ত মহেশ্বৰৰ মনত খিটিংকৈ উপায় এটাই ভুমুকি মাৰিলে ।
-গগনা ব তোলা চুঙাৰ হলে বেছি ভাল নহয় জানো দীপক ?
-ও । সেইটোৰ হলে আৰু ভাল হয় ।
-আৰু ব তোলা চুঙাৰ গৰাকীজনীৰ মুখখন যিমানে চোকা হয় সিমানে গগনা ভালকৈ নাবাজে জানো ?
-শুনিছোঁ আক ।
দীপকে বেঙাৰ দৰে মহেশ্বৰৰ কথাত উত্তৰ দিলে ।
-তেতিয়াহলে তই দিয়া গগনা লৈ পখিলাই এইবাৰ বিহু ফালি দিব । তই চিন্তা নকৰিবি  আৰু দুদিনৰ পাছত গগনা পাই যাবি ।
-কিন্তু দদাই..
দীপকক আৰু একো কবলৈ সুযোগ নিদি মহেশ্বৰ উঠি গৈছিল । আৰু দুদিনৰ পাছত তাৰ হাতত এখন সুন্দৰ গগনা তুলি দিছিল । আৰু তাৰ ঠিক এমাহৰ পাছতেই কেতেকীৰ মাকৰ গোৱাল গালিয়ে গাঁওখন কঁপায় তুলিছিল । ধোৱাচাঙত তুলি থোৱা ব তোলা চুঙাটো খৰি তুলি থোৱাৰ চলেৰে মহেশ্বৰে কেতিয়া সৰকালে কোনেও ধৰিবই নোৱাৰিলে । কেতেকীৰ মাকে তাৰ পাছৰ  কেইবাৰলৈকে তাঁত লগালেই প্ৰথমে বাঢ়নীটো জোকাৰি পুৰণি চুঙাটোৰ কথা মনত পেলায় গোৱাল গালি অলপ পাৰে । পিছে দীপকৰ বাহিৰে কোনেও নাজানিলে চুঙাটো কাৰ হাতত পৰিলগৈ ।
সেই দীপকেই এতিয়া পখিলাৰ সৈতে ঘৰ কৰি দুটা লৰা ছোৱালীৰ বাপেক । মহেশ্বৰ বুঢ়াৰ চিতাৰ বাবে খৰি অলপ ফালি সি ঘৰত সোমালহি । পখিলাই আথে-বেথে ভাত বাঢ়ি দিলে । মানুহটোৱে ভাত কেইটা খাবলৈ লওঁতেই খবৰ পালে । তাৰ পাছত ভাত নোখোৱাকৈয়ে গুছি গল ।
ভাত খাবলৈ লৈ দীপকে অলপ সময় ভাত খিনি লিৰিকি বিদাৰি থাকিল । তাৰ পাছত ঘটিটো লৈ বাহিৰত হাতখন ধুই পেলালেগৈ
-ভাত খাবলৈ মন যোৱা নাই অ পখিলা   যিমান হলেও দদাইক সৰুৰে পৰা পাইছিলোঁ
পখিলাই একো নকৈ গামোচাখন আগবঢ়াই দিলে ।
-সিদিনা মই তেনেকৈ কব নালাগিছিল বুজিছ । বৰ দুখ পালে চাগৈ । সেই দুখতেই...
-এস আপুনিনো কি ভাবি থাকে । বুঢ়া মানুহৰচোন ঢেৰ বেমাৰ থাকে তেনেকুৱা কিবা এটা বেমাৰতেই ঢুকাব পাই । আৰু তেওঁৰটো এনেও বহুত বয়স হৈছিল । কষ্ট নোপোৱাকে যে ঢুকাল সেইয়াই বহুত । আপুনি মিছাতে দুখ নকৰিব
পখিলাৰ কথা শুনি দীপকে অলপ সকাহ পোৱা যেন পালে । নহলে সিদিনাৰ ঘটনাটোৰ কথা মনত পৰি নিজকে বৰ দোষী দোষী লাগি আছিল ।
ঘটনাটো ঘটিছিল দুদিনৰ আগত । আনদিনাৰ দৰে সেইদিনাও আবেলি মহেশ্বৰ বুঢ়া আহি দীপকহঁতৰ বাৰাণ্ডাত থকা বেঞ্চখন বহি আছিল । দীপকৰ দেউতাক ঢুকুৱা কেইবাবছৰো হগতিকে লগ সংগ নাই যদিও নাতি কেইটাৰ লগতে সময়বোৰ পাৰ কৰে ।
-দদাই মই কথা এটা ভাবি আছোঁ ।
-কি কথা অ’?
দীপকে এনেকৈ কথা সুধিলে মহেশ্বৰ বুঢ়াৰ বৰ ভাল লাগে ।
-ভবা মানে প্ৰায় খাটাং কৰিছোঁৱেই । তোৰ ঘৰটো থকা বাৰীখনত চাহ পুলি লগাওঁ । এনেই পৰি আছে । ডম্বৰুৱেও সেই খন বাৰীত চাহগছ লগালে বৰ ভাল হব বুলি কৈছে ।
ডম্বৰু গাঁৱৰ ক্ষুদ্ৰ চাহ ব্যৱসায়ী ।
-ভালেই হব দে । ময়ো কাষতে থাকিম যেতিয়া চাই থাকিব পাৰিম ।
মহেশ্বৰ বুঢ়াই উৎসাহৰে কোৱা কথাষাৰ শুনি দীপকৰ কঁপাল ৰেখা কেইডাল কোঁচ খাই পৰিল
-তোৰ ঘৰটো এৰি দিলেচোন বহুত ঠাই এনেই বন্দী হৈ থাকিব ! মই গোটেই বাৰীখনৰ কথা কৈছোঁ ।
-মানে ??
দীপকৰ কথা বুজিব নোৱাৰি মহেশ্বৰে বুঢ়াই অবাক হৈ সুধিলে ।
-মানে আৰু কি দদাই ,মই তোৰ ঘৰ ঘৰটো ভাঙি পেলোৱাৰ কথা ভাবিছোঁ ।
-মই কত থাকিম !!
-তোকনো থাকিবলৈ বেলেগকৈ ঘৰ এটা কিয় লাগে ? আমাৰ ভঁৰালৰ তলতে বেৰ কেইখন লগাই থাকিব পাৰআৰু তোৰ দেখোন নিজৰ ঠাইত ঘৰ এখনো আছিল । তালৈও যাব পাৰচোন ।
দীপকৰ কথা শুনি মহেশ্বৰ বুঢ়া অলপ সময় দৰক লাগি ৰল তাৰ পাছত লাহে লাহে কলে
-বোপাই জীৱনৰ আধা বয়স এইখন গাঁৱতে পাৰ কৰিলোঁ । এতিয়ানো এই মৰিবৰ বয়সত আকৌ কৰ কৰবাত জন্ম হোৱাৰ অধিকাৰত কেনেকৈ ঘৰ এখন বিচাৰি যাওঁ । মৰিবলৈ আৰু বেছি দিন নাই নহয়,এই কেইদিন অলপ শান্তিৰে থাকিবলৈ দেচোন । তাৰ পাছতে তই গোটেই বাৰীখনতে চাহ খেতি কৰ নে কি কৰ কৰিবি ।
কথাষাৰ কৈ বুঢ়াই পখিলাই লৈ অনা চাহৰ বাতিকেইটালৈ হাতখন মেলিছিল হে দীপকৰ গোৰৰ কোবত বাতি কেইটা গৈ চোতালত ওফৰি পৰিলগৈ । দেউতাই যে মোৰ বাবে এইবোৰ কি প্ৰেত চপাই থৈ গ বুলি  দীপক ভোৰভোৰাই ভিতৰলৈ সোমাই গল ।
মহেশ্বৰ  বুঢ়াই অলপ সময় তাতে থৰ হৈ বহি থাকিল । তাৰ পাছত থৰক-বৰক খোজেৰে উঠি গল । সেই যে দীপকৰ ঘৰৰ পৰা গৈ বুঢ়া ঘৰত সোমাল তাৰ পাছত বুঢ়াৰ শটোহে বাহিৰলৈ ওলাল । দীপকৰ মনটো সেইবাবেই বেয়া লাগিছিল কিজান বুঢ়াই তাৰ কথাতে বেজাৰ পাই মৰিল । কিন্তু পখিলাৰ কথা শুনি তাৰ মনটো পাতল পাতল লাগি গল । কোনে জানে বুঢ়াৰ গাত কি বেমাৰ আছিল !
মহেশ্বৰ বুঢ়াইও জনা নাছিল তেওঁৰ গাত যে কিবা বেমাৰ আছে । বেমাৰ বুলি দেখোন এটা দিনো বিচনাত পৰি থকা নহলেই । পিছে সেইদিনা দীপকৰ মাত কথাবোৰ শুনি বুঢ়াৰ বুকুখন বাৰুকৈয়ে কঁপি উঠিল । চালপীৰাখনত পৰি বুঢাই মাথো নিজৰ জীৱনটো লুটিয়া-বাগৰাই চালে । সোনপাহী নামৰ সেই গাভৰুজনী যাক লৈ বুঢ়াই সপোন দেখিছিল,যাক নোপোৱাৰ দুখত বুঢ়া বৈৰাগী হৈছিল , সেই সোনপাহীৰ কথা ভাবিলে । গৰ্ভত তাৰ সন্তান লৈ কান্দি-কাটি আউলি-বাউলি হৈ বেলেগৰ সৈতে বিয়া হৈ যোৱা সোনপাহীজনীক বাৰু সি তেতিয়াই কিয় জোৰকৈ ধৰি নাৰাখিলে ! কিয় সেই সময়ত সি ভীৰুৰ দৰে নিমাতে থাকিল ?ত তত ঘুৰি পকি যেতিয়া সোনপাহী আৰু তেওঁ সন্তানটো কোঁচত লবলৈ পাইছিল তেতিয়ালৈকে সোনপাহী জীয়াই থকা নাছিল । মহেশ্বৰ বুঢ়াৰ জীৱনৰ প্ৰতি থকা শেষ মোহকণো হেৰাই যাব খুজিছিল । কিন্তু হেৰাই যাব নোৱাৰিলে । তেওঁৰ সন্তানটোৱেই তেওঁক পুনৰ জীয়াই থাকিবলৈ বাধ্য কৰালে ।
আজি অত দিনে বুঢ়াই নিজকে কেতিয়াও অকলশৰীয়া বুলি ভবা নাছিল । সোনপাহীৰ বাহিৰে এই পৃথিৱীৰ অইন কোনেও নাজানিলেও তেওঁ জানে তেওঁৰ এটা সন্তান আছে । তেওঁৰ এডাল শিপা আছে । যত আৰু এটা পোখা মেলি ঠাল ঠেঙুলি বাঢ়িছে কিন্তু আজি যেন সেই সকলোবোৰ ভাব অৰ্থহীন হৈ পৰিল । নাজানে যেনিবা তেওঁ তাৰ আচল দেউতাক তথাপি অত দিনীয়া আপোনত্বখিনিৰ বাবে তেওঁক তাৰ আপোন বুলিটো ভাবিব পাৰিলেহেঁতেন । এই প্ৰথমবাৰৰ বাবে মহেশ্বৰ বুঢ়া দীপকলৈ খুব খঙ উঠিল । দীপক তেওঁৰ সন্তানটোলৈ ।

চিতাত তোলা শটোলৈ চাই বুধিনে কাষতে খৰি জাপি থকা দীপকলৈ চাই কলে-দদাইৰ চকু কেইটা চাচোন দীপক,কাৰোবাক যেন কিবা কবলৈ থাকিল তেনে লগা নাই নে ?
দীপকে চকু কেইটালৈ চালে । ঠৰঙা লগা চকুৰ ভাষানো কোনে বুজিব পাৰে ! সি খৰি এডাল চকু কেইটাৰ ওপৰত দি দিলে ।

No comments:

Post a Comment