Monday, 20 May 2013

ভোক










বতাহ জাক বৰ জোৰৰে বলা নাছিল যদিও গছবোৰৰ পাতত লাগি হুৰ হুৰনিৰ এটা সৃষ্টি হৈছে । ওখ তামোল গছবোৰ মাটিৰ ফালে এনেকৈ হাওলি গৈছে যেন আৰু অলপ কুঁজা হলেই আগটোৱে মাটি চুব পাৰিব । নতুবা গছ ডালৰ মাজতে ভাগি পৰিব । পিছে সেইবোৰ একো নহয় গৈবতাহজাক গুছি যোৱাৰ লগে লগে গছডাল পোন হৈ পৰে । আকৌ বতাহ আহিলে আগৰ দৰেই হালি পৰে । শুনিব নোখোজা সত্বেও বতাহৰ সৈতে  মাইকৰে ওফৰি অহা শব্দ কিছুমান শইকীয়াৰ ঘৰৰ আগফালে পাছফালে বিয়পি পৰিল । শইকীয়ায়ে পাছফালৰ বাৰাণ্ডাত বহি কিতাপ এখন পঢ়িবলৈ মেলি লৈছিল । কিন্তু মাইকে টানি অনা ভাষণৰ শব্দবোৰ শুনি কিতাপখন টেবুলতে থেকেচা মাৰি শোৱনি কোঠালৈ আহিল । শইকীয়ানীয়ে সেইসময়ত দুপৰীয়াৰ ভাত ঘুমটিটো মাৰিবলৈ বিচনাত উঠিছিল ।
-এই দুপৰীয়াখন কলৈ যায় ?  সভালৈ যায় নেকি ?  
শইকীয়াই চাৰ্টটো সলনি কৰা দেখি শইকীয়ানীয়ে সুধিলে ।
-সভালৈ আক মই কিয় যাম ? ওলাই যাওঁ ,এই সোপাৰ ভাষণবোৰ শুনি থাকিলে মোৰ মূৰটো নষ্ট হৈ যাব ।
-কোন ফালে যাব ?
-এনেই ৰেলৰ আলিৰ ফালে ওলাই যাওঁ ।
-ময়ো যাওঁ ৰব । মোৰো ভাল লগা নাই ।
শইকীয়ানীয়ে লৰালৰিকৈ শুৱাৰ পৰা উঠিলে । আনদিনা হোৱা হলে শইকীয়াই নালাগে যাব বুলিয়েই কলেহেঁতেন । পিছে আজি নকলে । দহ মিনিট মানৰ পাছত কাপোৰ সাজ সলাই শইকীয়ানী ওলাই আহিল । বাঁহ গছৰ ছাঁৰ তলে তলে দুয়ো ৰেলৰ আলিৰ ফালে খোজ কাঢি গল । যিমানে তেওঁলোক আগুৱাই গল সিমানেই মাইকৰ শব্দ কমি আহিল । কিন্তু শইকীয়াৰ মনত মাইকৰ শব্দবোৰে তেতিয়াও উখল মাখল লগাই থাকিল ।
সভাখনলৈ শইকীয়াকো মাতিছিল হি । শইকীয়াৰ ঘৰৰ পৰা অকণমান গলেই পোৱা স্কুলৰ ফিল্ডখনত প্ৰায় পোন্ধৰ দিন মানৰ আগৰ পৰা সভাখনৰ যো-যা চলিছিল । সভালৈ মাতিবলৈ অহা চিনাকী ডেকা কেইজনৰ হাতৰ পৰা সভাৰ কাৰ্য্যসূচীখন লৈ চাইছিল । সহজ সৰল জনতাৰ পেটত গোৰ মাৰি ধনী হোৱা চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী সভা । এটা নতুন সংগঠনৰ সহযোগত ! কত সংগঠনৰে অসমখন ভৰি পৰিছে ,তথাপি জানো কোনোবাদিন কোনোবাটো সংগঠনে কিবা এটা সমস্যা সমাধান কৰিব পাৰিছে  ? বাংলাদেশীয়ে অসম ভৰি পৰিল , নিজৰ মাতৃভাষাৰ অস্তিত্বও লোপ পাওঁ পাওঁ ,সংগঠনবোৰে দুদিনমান চিঞৰি চুপ হৈ যায় । সেইবোৰকে চেলু লৈ আকৌ গঢ় লৈ উঠিছে নতুন নামেৰে নতুন সংগঠন । লাভৰ মূৰত অসমে পথ বন্ধ, অসম বন্ধ আদিবোৰৰ বাহিৰে পাইছে কি ? নতুন সংগঠনটোৰ নাম দেখি শইকীয়াৰ মুখত কৌতুক মিহলি হাঁহি এটা বিয়পি পৰিছিল । যাহওঁক অসমে আৰু এটা বোজা লাভ কৰিলে । আৰু দুদিনমান বন্ধৰ নামত ৰাইজে হাৰাশাস্তি খাব । আৰু সমাজত দপদপাবলৈ আৰু দুটামান নেতাৰ জন্ম হল । তথাপি শইকীয়াই সভাখনলৈ যাম বুলি ভাবিছিল । অন্তত ৰেহৰূপ চাবলৈকে । কিন্তু যেতিয়াই সেই সংগঠনটোৰ সম্পাদক হিচাপে পূৰ্ণ দাসৰ পুতেকৰ নামটো দেখিলে, শইকীয়াৰ মনটো কোঁচ খাই পৰিল । গা বেয়া হৈ থকাৰ অজুহাত দেখুৱাই শইকীয়াই সভাখনলৈ যাব নোৱাৰিম বুলি কলে । ডেকা কেইটাও শইকীয়াক বৰ বেছি জোৰ নকৰিলে ।
পূৰ্ণ দাসৰ পুতেক  ৰুপমে আয়োজন কৰা সভালৈ শইকীয়া যাব নে  ?   মদ খাই চাৰিআলিত মাতালামি কৰি থকা ,ঘৰৰ আগেদি গাভৰু ছোৱালী এজনীও ভালকৈ পাৰ হৈ যাবলৈ নিদিয়া ৰুপমে আয়োজন কৰা সভালৈ তেওঁ কেতিয়াও যাব নোৱাৰে । শইকীয়াই ঘৰত থকা সময়কণত মাইকত ভাঁহি অহা শব্দবোৰ আছিল পূৰ্ণ দাসৰ । চৰকাৰে দুখীয়ালৈ বুলি দিয়া ধন চান কাঢ়ি খাই দালান সজা এসময়ৰ চৰকাৰী বিষয়া পূৰ্ণ দাস । যাৰ চোতালত ভৰি দিয়াৰ সাহস কোনো দুখীয়াৰে নাছিল । সেই পূৰ্ণ দাসে আজি সভাত ভোকৰ ওপৰত ভাষণ দিলে কেনেকৈ শুনি থাকিব পাৰে । টকাৰ ওপৰত বহি বহি খোৱা পূৰ্ণ দাস আৰু ৰুপমে জানো ভোকৰ সংজ্ঞা দিব পাৰিব ? ভোকৰ সংজ্ঞা এসময়ৰ দুখীয়া খেতিয়কৰ লৰা শইকীয়াক সোধক , নহলে কোনোবা গাঁওৰ উৰুখা চালৰ গৰাকীক সোধক । সোধক উঠি অহা  নিজৰ ভোকাতুৰ  সন্তান কেইটাৰ কাঁহীত যেতিয়া ভাতৰ সলনি কচু দিব লগা হয় তেতিয়া সেই মাতৃয়ে কেনেকুৱা অনুভৱ কৰে । কেনেকুৱা অনুভৱ কৰে তিনিদিয়া লঘোণীয়া পেটতো নিজৰ ভাগৰ ভাত কেইটা সন্তানক দি মোৰ ভোক লগা নাই বুলি কবলৈ ।
ধনীবোৰে ভোকৰ সংজ্ঞা দিলে শইকীয়াৰ বিৰাট খঙ উঠে । তাতে পূৰ্ণ দাসৰ দৰে মানুহে দিলেতো কথাই নাই । সেইবাবেই শইকীয়া ওলাই আহিল ।
মালগাড়ি এখন গাৰ কাষেৰে পাৰ হৈ গলতহে শইকীয়া সম্বিত ঘুৰাই পালে । নিজৰ মনটোক শান্ত কৰি তেওঁ শইকীয়ানী চালে । বেচেৰীৰ মনটো বৰ মৰা ।  বলৈ গলে যোৱা দুদিনমান  শইকীয়াৰ ঘৰখন একপ্ৰকাৰৰ মৰিশালিৰ দৰেই হৈ পৰিছে । হওঁতে দূৰৈৰ চহৰ এখনত থাকি চাকৰি কৰি থকা পুতেক বোৱাৰীয়েকে সদায় খবৰ লৈ আছে । দুদিনমান আহি থাকিও গলহি । পিছে সিহঁত যোৱাৰ পাছত আকৌ ঘৰখন নিজম পৰি গল ।  
-ইয়াতে অকণমান বহোঁ দিয়া ।
সৰু ষ্টেচনটোৰ কাষ পাই বাঁহৰ চাং এখনলৈ আঙুলিয়াই শইকীয়াই মাত লগালে । শইকীয়ানী নিৰৱেই বহিল ।  ষ্টেচনটো এখন পেছেঞ্জাৰ গাড়ী হে ৰয় । কেতিয়াবা কৰবাত লাইন নাপালে মালগাড়ী এখন দুখন ৰয় । গতিকে ষ্টেচনত ভিৰ বুলিবলৈ নায়েই ।
শইকীয়াই এবাৰ শইকীয়ানীৰ মুখলৈ চাই নিজম পৰি থকা ৰেলৰ আলিৰ ফালে চকু দিলে । মানুহজনৰ চকুহাল সেমেকি আহিল । এবছৰমানৰ আগতে সন্ধিয়া এনেকৈ ফুৰিবলৈ আহোঁতে ইয়াতে বকুলক পাইছিল । ন বছৰীয়া লৰাটো ষ্টেচনৰ একাষে জুপুকা মাৰি বহি আছিল । শইকীয়াই বহু সময় তাক লক্ষ্য কৰি আছিল । অচিনাকি লৰা এটাক সন্ধিয়া সময়ত তাত বহি থকা দেখি অলপ আচৰিতো হৈছিল । যাওঁ নাযাওঁ কৈ বকুলৰ কাষ চাপি গৈছিল । তেওঁক দেখি সি আনফালে মুখ কৰিছিল । তাৰ চকুহাল উখহি আছিল । হয়তো সি কান্দি আছিল । বকুলক একো নুসুধি শইকীয়াই কৈছিল-মোৰ লগত বল ।
বকুল অলপ আচৰিত হৈছিল । তথাপি শইকীয়াৰ পাছে পাছে তেওঁৰ ঘৰলৈ আহিল । কৰ নজনা নুশুনা লৰা এটাক ঘৰলৈ আনিছে বুলি শইকীয়ানীয়ে শইকীয়াক মনে মনে গালি দুটামানো দিলেপিছে তাৰ মুখলৈ চাই মানুহজনী পমি গল । সেইদিনা তেওঁলোকে বকুলক একো নুসুধিলে । পিছ দিনা বকুলে নিজেই মুখ মেলিলে –তাৰ ঘৰ ডিফুৰ ফালে । বাপেক মদ খাই খাই ঢুকাল । বাপেক মৰা পাছত মাক বেলেগ এটালৈ পলাই গল।তাক নিনিলে । সি মামাক মামীয়েকৰ সৈতে আছিল । মামীয়েকে বিৰাট অত্যাচাৰ কৰে । সহিব নোৱাৰি সি ঘৰৰ পৰা পলাই আহিল । ঘৰৰ পৰা কোনেও বিচাৰ নললে । সি দুদিন মান কোনোবা এটা ষ্টেচনত ভিক্ষা কৰি যি পাই তাকে খাইছিল । পিছে সেইটো ষ্টেচনত আগৰে পৰা থকা ভিক্ষাৰী কেইটাই তাক এনেই খুব মাৰধৰ কৰিলত সি ৰেলত উঠি তাৰ পৰাও পলাই আহিল । আৰু সেই ষ্টেচনটোত এনেই নামি দিছিল পিছে ৰেল খন যোৱাৰ পাছত তাৰ তাত থাকিবলৈ ভয় লাগিছিল । সেইবাবেই সি তেনেকৈ জুপুকা মাৰি বহি আছিল ।
বকুলৰ কথা শুনি শইকীয়ানীয়ে এসোতা কান্দিলেও । মানুহজনী এনেই কোমল মনৰ তাতে এনেকুৱা কথা শুনিলে নাকান্দিবনেশইকীয়াই পিছে নাকান্দিলে । ফোনটোৰ কাষলৈ গৈ পুতেকৰ সৈতে কথা পাতিলে । পিছদিনাই পুতেক বোৱাৰীক পালেহি । বকুলক দেখি সিহঁতৰো ভাল লাগিল । অন্তত বাপেক মাকৰ লগ এটা হল । দুদিনমানৰ পাছত বকুলৰ মনটো লৈ তাক কাষৰে স্কুলখনত নাম লগাই দিলে । মুঠতে পুতেক বোৱাৰীয়েক নহলেও শইকীয়াৰ ঘৰখন গৰম কৰিবলৈ প্ৰাণী এটা হল । বকুলে স্কুললৈ যোৱাৰ উপৰিও শইকীয়ানীকো মাজে মাজে সহায় কৰি দিয়ে । সহায় মানে এই বাৰীত গৰু সোমালে খেদাব লাগে । আলহী আহিছে,চেনী নাইকিয়া হল সি ফটকৰে আনি দিব । শইকীয়াৰ মূৰৰ পকা চুলি উঘালি দিব । মাজে মাজে শইকীয়াৰ সৈতে আগফালৰ শাকনি বাৰীত পানী দিব । মুঠতে বকুলৰ ধেৰ কাম । তাৰ মাজতে শইকীয়ানীৰ সৈতে দনো লাগে । শইকীয়ানীয়ে তেতিয়া তাক ডিফুত থৈ আহিম বুলি কয় । সি শইকীয়ানীৰ ভাবুকি কেঞা আঙুলি দেখুৱাই । শইকীয়া সিঁহতৰ দন চাই মুখ টিপি হাঁহে ।
-তামোল খাব নেকি ? মই লগত লৈ আহিছিলো ।
শইকীয়াৰ ভাবত যতি পেলাই শইকীয়ানীয়ে সুধিলে ।
-হুহ ! দিয়া ।
অন্যমনস্ক ভাবেই শইকীয়াই হাতখন আগবঢ়াই দিলে ।
-বকুল যোৱা আজি সাত দিন হল ।
শইকীয়ানীয়ে তামোলখন দি লাহে লাহে কলে ।
-ও ।
-কত বা কি খাইছে ...খাবলৈ বা পাইছে নে নাই !
শইকীয়ানীৰ প্ৰশ্নত শইকীয়া একো উত্তৰ নিদি মানুহজনীলৈ চালে । দুয়োৰে চকুহাল তিৰবিৰাই উঠিল ।
ঘৰখন সুখেৰেই আছিল । পিছে অঘটনটো ঘটিল চাৰিদিনৰ আগতে । কৰবাৰ ইটা ভাটাত এটাত কাম কৰি থকা অৱস্থাত হোৱা দুৰ্ঘটনা এটাত কেইবাটাও শিশু শ্ৰমিক ঢুকাল বোলে । ৰাজ্যখন জ্বলি উঠিল   শইকীয়াহঁতৰ অঞ্চলটোও গমগমাই উঠিল । শিশু শ্ৰমৰ বিৰোধীতা কৰি ৰুপমহঁতৰ সংগঠনটোৱে সমদল এটাও উলিয়ালে । জেগাই জেগাই শিশু শ্ৰমিকক শ্ৰম কৰাৰ পৰা ৰাইজে উদ্ধাৰ কৰিলে ! ৰুপমহঁতৰ চকু বকুলৰ ওপৰত পৰিল । লগে লগে সিহঁতৰ সংগঠনটোৱে শইকীয়াৰ ঘৰ ঘেৰাও কৰিলে । অঞ্চলটোৰ গণ্য মান্য ব্যক্তি ৰূপে পৰিচিত শইকীয়ালৈ পূৰ্ণ দাসৰ বহুদিনৰে আখেজ আছিল । যি সন্মান তেওঁ ধনৰ বলতো কিনিব পৰা নাই সেই সন্মান শইকীয়াই নিমাতে থাকিয়েই পাইছিল । সেইবাবেই শইকীয়ালৈ পূৰ্ণ দাসৰ বিৰাট হিংসা লাগিছিল । বাপেকৰ এই হিংসাৰ জুইক শান্ত কৰিবলৈকে যেন ৰুপম আৰু তাৰ সংগঠনে শইকীয়াক বলিৰ পাঠা সজালে । বকুলক পুলিছে লৈ গল । লগতে শইকীয়াকো । কোনোদিনে থানাত ভৰি দি নোপোৱা শইকীয়া তলমূৰকৈ থানাত ভৰি থলেগৈ । বকুলে চিঞৰত গগণ ফালিলে । কান্দি কান্দি শইকীয়ানীও অচেনত হোৱাৰ দৰে হল । শেষত শইকীয়াৰ পুতেক আৰু কেইজনমান ব্যক্তিৰ হস্তক্ষেপত শইকীয়া দুঘণ্টামানৰ পাছতে ঘৰলৈ আহিবলৈ পালে । পিছে বকুল ঘুৰি নাহিল । পুলিচক সোধাত তাক ঘৰলৈ পঠাই দিয়া বুলি কলে ।
-যাওঁ বলা ।
শইকীয়াই ঘৈণীয়েকৰ ফালে চাই কলে ।
-ৰবচোন । ৰেলখন আহিব হৈছে । কিজান..
-কিজান কি ? বকুল নাহে । বলা ।
-ৰবচোন । ইমান সময় বহিলোঁ আৰু অলপ সময় ৰলেনো কি ক্ষতি হয় ।
এৰা ,আৰু অলপ সময় ৰলেনো কি ক্ষতি । যোৱা পাঁচদিনেও তেওঁ এই আশাৰেটো  ইয়াত ৰৈ আছিলহি , কিজান বকুল আহিব ! নাই বকুল নাহিল । আজি ঘৈণীয়েকে আশা কৰিছে যেতিয়া আৰু এদিন ৰৈ দিয়াতনো কি ক্ষতিশইকীয়া আকৌ বহি পৰিল । দহমিনিট মানৰ পাছত ঘছ ঘছ কৰি ৰেল খন আহি ৰল । শইকীয়ানী বৰ আশাৰে নামি অহা যাত্ৰীবোৰলৈ চালে । নাই, বকুল নানামিল । মানুহজনীৰ চকু দুটা আকৌ চলচলীয়া হৈ পৰিল ।
-হেৰা সৌটো ,বকুল আহিছে চোৱা ,হেৰা তুমি মিছা কোৱা নাছিলা বুজিছা । সি আহিল চোৱা ।
শইকীয়াৰ উৎফুল্লিত মাতষাৰ লক্ষ্য কৰি শইকীয়ানীয়ে চালে সঁচাকৈয়ে বকুল আহিছে । চকু দুটা মোহাৰি মানুহজনী বহাৰ পৰা উঠিল । ইতিমধ্যে শইকীয়া তাৰ ফালে আগবাঢ়ি গৈছিল ।
-আপোনালোকে মই আহিম বুলি জানিছিল নেকি ?
হাঁহো নাহাঁহো কৰি অথচ চকুত এসাগৰ পানী লৈ বকুলৈ দুয়োলৈকে চাই সুধিলে ।
-ও । আমি তোক নিবলৈকে ৰৈ আছিলোঁ
শইকীয়াই মৰমে তাৰ পিঠিত ঢকা এটা মাৰি কলে । শইকীয়ানীয়ে তাৰ মুখলৈ চালে । মুখখন তেনেই শুকাই আছে ।
-তই ভাত কেতিয়া খাইছিল ?
তেওঁ অইন একো নুসুধি সেইটোহে তাক সুধিলে ।
-সেইদিনাই ,আপুনি যে মোক স্কুললৈ যাবৰ সময়ত দিছিলে তেতিয়াই ।
-কি !!
-পুলিচবোৰে দেখোন তোক ঘৰলৈ পঠাই দিছিলোঁ বুলি কৈছিল ? ঘৰ সেই ৰাক্ষসবোৰে ভাত এসাঁজো নিদিলে নে ?
-সেইখন জানো মোৰ ঘৰ আছিলঘৰত সোমাবলৈকে নিদিলে । এইকেইদিন ষ্টেচনতে শুই থাকিলোঁ কেতিয়াবা কৰবাত কিবা পাওঁ তাকে খাওঁ । আজি ইমান ভোক লাগিল যে সহিব নোৱাৰি ঘৰলৈ বুলি ৰেলত উঠি দিলোঁ ।
-ঘৰ মানে ইয়ালৈ ?
শইকীয়াই কৌতুকৰে সুধিলে ।
শইকীয়াৰ কৌতুক পাট্টা নিদি বকুলে কলে
-ঘৰ মানে ইয়ালৈ নহৈ ডিফুলৈ হব নে কিবা !
-ষ্টেচনটো চিনি পালি ?
-ইহ কিয় নাপাম কিবা
-বল তেনেহলে ।
 বকুলৰ হাতত খামোচি শইকীয়াই খোজ আগবঢ়ালে । কিন্তু শইকীয়ানীয়ে খোজ আগবঢাব নোৱাৰিলে । কিবা এটা ভয়ে যেন তেওঁ আগুৰি ধৰিলে তাকে দেখি শইকীয়া উভতি আহিল । মানুহজনীৰ চকুলৈ চাই লাহে লাহে কলে
-যোৱা দুদিন মই ভাবি আছো জানা,ডিফুৰ লৰা বকুলক আমাৰ ঘৰত কাম কৰাইছো বুলি সেই সমাজ কৰ্মীবোৰে আমাক অপবাদ দিছিল । কিন্তু আমাৰ লৰা বকুল নিজৰ ঘৰত থাকিব তাত মাত মতাৰ অধিকাৰ জানো সিহঁতৰ আছে । আৰু মাত মাতিলেই বাৰু এই যে দুদিন ই ভোকে লঘোণে এটা ষ্টেচনত পৰি থাকিল সেই সময়ত জানো সিহঁতে তাক আবৰি ৰাখিব পাৰিলেগৈ । সিহঁতৰ চিঞৰ বাখৰে জানো তাক এটা সুস্থ জীৱন দিব পাৰিব ? নোৱাৰে  । যদি সিহঁতে সেইখিনিকে নোৱাৰে বকুলৰ জীৱনক লৈ মাত মতাৰ কোনো অধিকাৰ নাই । বকুল তোমাৰ মোৰ লৰা । তাৰ কথা আমি ভাবিম । তথাকথিত ভণ্ড সংগঠনে তাৰ কথা ভাবিব নালাগে । তুমি কি কোৱা ?
শইকীয়াৰ কথাবোৰ শুনি শইকীয়ানীয়ে অলপ সময় কিবা এটা ভাবিলে । তাৰপাছত শইকীয়াৰ হাত এখনত ধৰি মাথো এষাৰ বাক্যই কলে
-বলা ঘৰলৈ যাওঁ , ইয়াৰ ভোক লাগিছে ।
এফালে শইকীয়ানীক আৰু আনখনে হাতে বকুলক ধৰি দৃঢ় খোজেৰে শইকীয়া ঘৰলৈ বুলি আগবাঢ়িলস্কুলৰ ফিল্ডত পতা সভাত তেতিয়াও কোনোবাই উদাত্ত কণ্ঠৰে ভাষণ দি আছিল । এইবাৰ মাইকৰ শব্দই শইকীয়াক আমনি নকৰিলে । সেই শব্দক উপেক্ষা কৰি তেওঁ ঘৰত সোমাল গৈ ।


(লেখাটো ২০১৪ চনৰ ৪ মেৰ জনসাধাৰণৰ কাকত প্ৰকাশিত )