Monday, 25 March 2013

অ’ গৰখীয়া ,গৰু নাৰাখ কিয় ?






নাই বুলি যি নায়েই । এৰাবাৰীৰ পৰা পিতকণৰ ঘৰৰ গেজেপনি মৰা বেতনিখনলৈকে  বিচাৰিলে গৈ । থৰক বৰক খোজৰে দোণৰ মাক নিতাই বুঢ়ীয়েও বড় তলৰ স্কুলৰ ফালে বিচাৰি গল । নাই নাপালে । হাঁহ পোৱালী, কুকুৰা পোৱালী নহয় যে হেপা শিয়ালে খাই পেলাব , নাইবা খালে-গাতে পৰি থাকিব । হল বুলিয়েই ইমান ডাঙৰ গৰু হাল হেৰাব লাগে নে । আউবেলি ৰাজমাই বজাৰৰ পৰা কম গাল টকা ভাঙি আনিছিল নে । মাত্ৰ এটা খেতি কৰিছিলহে । হওঁতে নিতাই বুঢ়ীয়ে পুতেকক বৰকৈ বুজাইছিল বোলে –গৰু আনিবা ৰিঙটোৰ বাট ,ছোৱালী আনিবা দিনটোৰ বাট বোৱাৰীজনী আনোঁতেও দেৱলোকে লিখি যোৱা বচনষাৰ নামানিলে । হওঁক তেওঁ বোৱাৰীজনী একেবাৰে বেয়াও নহয় । পিছে গৰু গাই কিনিলে এই বচন ফাঁকি উলাই কৰিব নেলাগে । পিউৰামৰ ঘৰতে উদাঁত দমৰা দুটা আছে । সিহঁতেও বেচিম বুলিয়েই থৈছে । তাকে কিনি আনিলেই হল । হেৰুৱাৰ ভয় নাথাকে ।
দোণে মাকৰ কথা নুশুনিলে ৰাজমাই বজাৰৰ পৰা অনা মণিপুৰী গৰুহাল দেখি নিতাইৰ বুঢীৰ মনটো বেয়াও লগা নাছিল । কিন্তু হলে কি হব ,এবছৰ নৌ হওঁতে, এৰাল দি থওঁতেই এৰালৰ খুঁটি উঘালি গৰু পলাল ।
-তেহানিতে (!) তোক কোৱা নাছিলোঁ নে ? এই বুঢ়ীয়ে কোৱা কথাবোৰ কথা বুলিয়েই নাভাব ।
জুহালত বহি থকা পুতেকৰ কাষতে পিৰা এখন পাৰি বহি লৈ নিতাই বুঢ়ীয়ে খঙ জাৰিলে
 দিনৰ দিনটো গৰু  বিচাৰি দোণ ভাগৰি পৰিছিল । তাতে মাকৰ কথা শুনি খঙে মূৰৰ চুলিৰ আগ পালেগৈ । ঘৈণীয়েকে আগবঢ়াই দিয়া চাহপানী টোপা মুখলৈ নিবলৈ লৈও থেকেচা মাৰি কলে
-আই মোৰ মেথা (!) গৰম নকৰিবি হলে কৈ দিছোঁ ।
-কি মেথা গৰম হোৱা কথাষাৰ কলো হয়নে ?  সৌ সিদিনা ইমান ডাঙৰ পঠাটো হেৰাল । আজি গৰু । তহঁতৰ গুৰু গোঁসাই ভাল নহয় বুজিছ । টোপোলা এটা বান্ধ বুলি কলেও নাবান্ধ ।  হেৰৌ টকা পইচা কাৰ বাবে সাঁচিচ  ? তই মৰিলে লগত লৈ যাবিনে ? ঘৰতে ইমান কল লাগি আছে ,চাউল দুসেৰ মান খুন্দি গৰখীয়া পিঠা কণতো খুৱাই দিব পাৰ ? কিমান দিন হল নুখুৱা মনত আছে নে ? আজি সেই পুতুকণহঁতে গৰখীয়া পিঠা খুৱাবলৈ কওঁতেও গজগজাইহে(!) উঠিলি ।
মাকৰ কথা শুনি দোণ মনে মনে থাকিল । মাকে একেবাৰে মিছাও কোৱা নাছিল । এসপ্তাহৰ আগত ডাঙৰ পঠা এটা হেৰাল । দোণে পঠাটোৰ নোম এডালৰো খবৰ উলিয়াব নোৱাৰিলে । আৰু আজি গৰু হাল হেৰাল । ভায়েকৰ পুতেক পুতকণে আজি বৰমাকৰ আগত গৰখীয়া পিঠা নুখুৱালেও এনেকুৱা হয় বুলি কৈ আছিল । ন কৈ হাইস্কুললৈ যোৱা বয়সৰ লৰাৰ মুখত তেনে কথা শুনি দোণে ভেকাহি মাৰি উঠিছিলএইবোৰ সি বিশ্বাস নকৰে । আচলতে তাৰ ঘৰখন মানুহৰ চকুত পৰিছে । তাৰ উন্নতি গঞাই সহিব পৰা নাই ।  

জুইকুৰা খুচৰি খুচৰি নিতাই বুঢ়ীয়ে আঁৰ চকুৰে পুতেকলৈ চালে । পুতেকৰ মুখখন দেখি বেয়াও লাগিল । যিমান হলেও নিজৰে পো দেহি ।
নিতাই বুঢ়ীৰ মাকৰ ঘৰ নিতাপুখুৰীত  গতিকে বিয়াৰ পাছতে বুঢ়ীয়ে নিজৰ পোছাকী নামটো দলিয়াই নতুন নাম এটা আঁকোৱালি লব লগা হয় । নিতাই নছোৱালী, নিতাই বোৱাৰী, নিতাই বৰমা, নিতাই খুড়ী....আৰু শেষত নিতাই বুঢ়ী বুঢ়ী পুতেক দুটা । ছোৱালী নাছিল । লৰাবোৰ বিয়া পতাৰ পাছতে সলনি হৈ যায় । শৈশৱৰ সকলো মধুৰ স্মৃতি গৰকি দুইটা পুতেকে বিয়াৰ পাছতে ঘৰ বেলেগ কৰিলে । ইতিমধ্যে বুঢ়াও ঢুকাল নিতাই বুঢ়ীয়ে মাহেকৰ দুটা দিন সৰু পুতেক মহেনৰ ঘৰত আৰু বাকী চোৱা দিন ডাঙৰ পুতেক দোণৰ ঘৰত কটাই । দোণৰ লৰা ছোৱালী নাই । এতিয়া হোৱাৰ সম্ভাৱনাও নাই । সেইবাবেই মহেনৰ লৰা ছোৱালী কেইটাৰ মোহত তাৰ ঘৰতেই থাকিবলৈ মন কৰে । কেতিয়াবা বৰ বোৱাৰীয়েকৰ সৈতে খকা-খুন্দা লাগিও সৰু পুতেকৰ ঘৰত থাকে গৈ । যাওঁতে পুতেক বোৱাৰীয়েকৰ আগত শপত খাই যায় যে সেইখন ঘৰত কোনোদিনে ভৰি নিদিয়ে বুলি; পিছে খেতিৰ ধান কেইটাৰে টানি টুনি চলি থকা ধোদৰ পচলা মহেনৰ ঘৰত  এসাঁজ ভাত খাওঁতেই বুঢ়ীৰ তিতা-কেহা লাগি যায় । মহেনে কেতিয়াবা কৈয়ে দিয়ে –আই, তোক পোহপাল দিবলৈ মোৰো মন যায় পিছে নোৱাৰোঁতই ককাইদেউৰ ঘৰতে নাথাক কিয় ?

নিতাই বুঢ়ীৰো মন নাযায় মহেনৰ ঘৰৰ পাঁচটা প্ৰাণীলৈ  যোগাৰ কৰি ৰখা খাদ্যৰ ভাগ লবলৈ । বুঢ়ীয়ে তাত এসাঁজ নাখালে হয়তো নাতিনীয়েক এটাৰেই কিবা এটা প্ৰয়োজন পূৰণ হব । দোণেতো ভায়েকক চকু পাৰি দেখিব নোৱাৰে । কিবা এটা যে সহায় কৰিব হৈছে । সহায় নকৰাও নহয় । প্ৰথমে বেপাৰ কৰিবলৈ ,আন কিবা কিবি কৰিবলৈ টকা সিকাও দিছিল পিছে মহেনে সোপাই মদ  ভাং খাই শেষ কৰিলে । আৰু এদিন মাটিৰ সীমা লৈ দুয়োটাৰ মাজত বিৰাট কাজিয়া হল । তেতিয়াৰ পৰা দুয়োটাই ইটোৱে সিটোক দেখিলেও নামাতে । ঘৈণীয়েক হঁতৰ মাজতো মাতবোল নাই । মাথো মহেনৰ লৰাহাল বৰদেউতাকৰ ঘৰলৈ মাজে মাজে যায় । তেনে ককায়েকে তেনে ভায়েকৰ দুখত কেতিয়াও সমভাগী নহয় । গতিকে বুঢ়ীয়েই নিজৰ লাজ মান কাটি কৰি এদিনৰ পাছত নিজৰ টোপোলাবোৰ লৈ পুনৰ বৰপুতেকৰ ঘৰ পাইগৈ । বৰ পুতেক, বোৱাৰীকে একো নকয় । আগৰ দৰেই যেন একো হোৱা নাই তেনে ভাৱত বুঢ়ীৰ সৈতে মাতবোল কৰে ।   
-আই মই পথাৰৰ পৰা পাক এটা মাৰি আহোঁ, কিজান গধূলি হোৱা যেন গম পাই তাতেই ঘুৰি ফুৰিছে !
-অ যা । পিছে এৰাবাৰীত ভালকৈ চালি নে ?
-এৰাবাৰীলৈ মই যোৱা নাছিলোঁ ,পুতকণ,বিৰেণহতঁ গৈছিল । ভালকৈ চাই আহিছে বোলে । মইও এপাক যাওঁ নেকি ?
-এস নালাগে থএই গধূলি বেলিকা খন তালৈ যাব নালাগে । সিহঁতি চাইছিল যেতিয়া ভালকৈয়ে চাব পাই । তই জোৰ এটা লৈ যা ।
বাৰাণ্ডাতে খোঁচ মাৰি থোৱা জোৰ টো জ্বলাই দোণ পথাৰৰ ফালে গুছি গল । নিতাই বুঢ়ীও বোৱাৰীয়েকৰ সৈতে চোতাললৈ ওলাই আহিল । বোৱাৰীয়েকৰ মুখখনো শুকান । গৰুহাল হেৰুৱাৰ ভয়ত নে টকা এসোপা হানি হোৱাৰ ভয়ত সেয়া হলে বুঢ়ীয়ে ধৰিব নোৱাৰিলে । গোটেই গাঁৱতে ইহঁত হালৰ চিকটা বুলি নাম এটা আছে । প্ৰয়োজন নহলে কাকো ফুটা কড়ি এটাও নিদিয়ে । সৌ সিদিনা পুতুকণে জুইশালৰ চাঙৰ ওপৰত পকিবলৈ থোৱা মালভোগ কল থোকাৰ এ-আষি খোজাত কমতি ধমকী দিলেনে বোলে সেয়া বিকিবলৈ থৈছে ।
এনেবোৰ কথাতে ইহঁতৰ সৈতে বুঢ়ীৰ  কাজিয়া হয় । বাকী অন্য ভাগে বুঢ়ীয়ে সিহঁতক অকণো বেয়া নাপায় । সিহঁতিও বুঢীক যিমান পাৰে সুখত ৰাখিবলৈ চেষ্টা কৰে ।
-আই ,গৰখীয়া পিঠাকণ খুৱাবই লাগিব নে ?
বোৱাৰীয়েকৰ মাতত নিতাই বুঢ়ীয়ে তাইলৈ চালে । ভিতৰি বকি উঠিল-নৰকি চব,কণালৈও কাণী এজনী থকাৰ দৰে মোৰ সেই চিকটাটোৱে তোৰ দৰে এজনীহে পাব লাগে নে ?  হাগিবলৈ লৈও চাগৈ তহঁত দুটাই উভতি চাৱ বেচিকৈ হাগিলোঁ নি বুলি !
পিছে ফুটাই কলে-খুৱাব লাগেতো । আগতে আমাৰ ঘৰত এ গোহালি গৰু ছাগলী আছিল । মই প্ৰতি বছৰেই গৰখীয়া পিঠা খুৱাওঁনাপায় বুজিছ বোৱাৰী । এইবোৰ আমাৰ বোপা ককাৰ নিয়ম ,এৰি দিব নাপায় । গাঁৱৰ বাকীবোৰ মানুহক এৰা দেখিছ জানো ?
নিতাই বুঢ়ীৰ কথা বোৱাৰীয়েকে কি বুজিলে তাইহে জানে । তাই একো উত্তৰ নিদি লাহে লাহে ভিতৰলৈ সোমাই গল । বুঢ়ী আন্ধাৰতে বাৰাণ্ডাত বহি পৰিল । আৰু দূৰৈৰ পথাৰত জ্বলি থকা জোৰৰ পোহৰটোলৈ চাই থাকিল । কিমান সময় বহি আছিল জানো, হঠাতে বোৱাৰীয়েকৰ টেঁটু-ফলা চিঞৰ এটাত বুঢ়ী চক খাই উঠিল । খক-মক খাই ভিতৰলৈ বুলি যাবলৈ লওঁতেই কাষেদি কোনোবা এটা লৰি যোৱা যেন লাগিল । বুঢ়ী গৈ পাকঘৰ পালেগৈ । ইতিমধ্যে বোৱাৰীয়েকৰ চিঞৰ শুনি কাষৰ ঘৰৰ পৰা নহা মানুহ সৰু বোৱাৰীয়েক,মহেন, পুতকণহঁতো আহি পালেহি । বৰ বোৱাৰীয়েক তেতিয়াও থক থককৈ কঁপি আছিল । তাই আঙুলিয়াই দিয়া ফালে সকলোৱে চালে । পাকঘৰৰ খিৰিকীৰ তলতে থকা বাচন থোৱা চাংখনত কিবা চকু দুটা ট টকৈ জিলিকি আছে । নিতাই বুঢ়ীয়ে বৰ বোৱাৰীয়েক অলপ ভয়াতুৰ বুলি জানে পিছে ইমানো ভয়াতুৰ বুলি ভবা নাছিল । হয়তো দিনটো বুঢ়াগোঁসাইয়ে কি কি দোষ ধৰিছে সেই কথাবোৰ শুনি থকাৰ বাবে মানুহজনীয়ে ভয় খাই আছিল । তাতে আকৌ এনে চকু দেখিলে ! নিতাই বুঢ়ীয়ে চাকিটো দাঙি সেইফালে গল । চাঙখনত ফেঁচা এটা বহি আছিল !

ফেঁচাটো দেখি বৰ বোৱাৰীয়েকে আগতকৈ বেচিহে ভয় খালে । ঘৰত ফেঁচা সোমোৱাটো কিমান যে অমংগলৰ কথা সেই কথা সকলোৱে জানে । মানুহজনী একেবাৰে শেঁতা পৰি আহিল । তেনে সময়তে হতাশ মনেৰে দোণে আহি পালেহি । দুবছৰ দিন ধৰি মাতবোৰ বন্ধ হৈ থকা ভায়েকেই গোটেই ঘটনাটো বিতংকৈ কলে । ককায়েক ভায়েকৰ মাজত থকা ডাৱৰবোৰ সহজেই আঁতৰি গল । ইয়াৰ পাছত কি কৰা হব তাকে লৈ দুই ককায়েক-ভায়েক আৰু বোৱাৰীৰ মাজত আলোচনা আৰম্ভ হল । দোণেও ভয় খাইছিল । মানে ভয় খাবলৈ বাধ্য হল । শেষত দোকমোকালিতে দোণে কলিমন বেজৰ ওচৰলৈ চোৱাবলৈ যোৱাতো থিৰাং হল । বেজে যি বিধান দিয়ে কৰিব । দুই জায়েকে পিঠাগুৰি অলপ খুন্দিব যাতে পাচবেলালৈ গৰখীয়াৰ পিঠাকণ খুৱাব পাৰে । মালভোগ কল দুঠোক পকিয়েই আছে । লগৰ গৰখীয়া লৰাবোৰ পুতুকণেই খবৰ দিবগৈ ।
নিতাই বুঢ়ীয়ে জুহালৰ জুইকুৰাত লাগনী খৰি জাপি জাপি মনে মনে গোটেই কাণ্ড কাৰখানাবোৰ চাই থাকিল ।
 পুৱা দোণ গৈ বেজৰ ওচৰ নাপালেগৈ চাগৈ গৰুহাল আহি ঘৰ পালেহি । গৰুহাল দেখি বৰ বোৱাৰীয়েকে আনন্দতে পিঠা খুন্দিবলৈ তিয়াই থোৱা চাউলৰ পৰিমাণটোও বঢ়াই দিলে ! দোণ আহি পায় মানে দুই জায়েকৰ পিঠা খুন্দি শেষ হল । বেজে বোলে দোণক গৰুহাল পাব বুলিয়েই কৈছিল । ঘৰত ফেঁচা সোমোৱা ,গৰু হেৰুৱা এই সকলোবোৰ বোলে বুঢ়া গোসাঁইৰ দোষ হৈছে । গৰখীয়া পিঠাকণ যিমান পাৰে সন্তুষ্ট কৰি লৰাবোৰক খুৱাবলৈ কৈছে । লগতে আৰু এটি সকামৰ বিধান দিছে ।
দোণৰ মুখত বেজৰ বিধান সমূহ শুনি আনদিনাৰ দৰে নিতাই বুঢ়ীয়ে বিশেষ একো নকলে । পুৱা ভাত সাঁজ খাই তামোল এখন পকতীয়াই বুঢ়ী লাহে লাহে এৰাবাৰীৰ ফালে ওলাই গল । এৰাবাৰীখন দোণহঁতৰে বৰদেউতাক এজনৰ আছিল । বিয়া বাৰু নকৰোৱা মানুহজন ঢকুৱাৰ পাছত তেওঁ ঘৰটোৰ সৈতে বাৰীখন এৰাবাৰীত পৰিণত হল । গাঁৱৰ এমূৰে থকা এই বাৰীখনলৈ দৰকাৰ নহলে কোনো নাযায় । কোনোৱে কোনোৱে তাত ভূত আছে বুলিও কয় । নিতাই বুঢ়ীয়ে আজিলৈকে এই বাৰীখনত ভৰি দি পোৱা নাই । বাৰীখনৰ সীমাত ভৰি দিয়েই বুঢ়ী গা বেজবেজাই উঠিল । তথাপি সাহস কৰি এৰা-পৰলীয়া ঘৰটোৰ ফালে আগবাঢ়িলঘৰটোৰ জৰা-জীৰ্ণ দৰজাখন ঠেলি ভিতৰলৈ ভুমুকিয়াই চায়েই বুঢ়ীৰ মুখত হাঁহি এটা বিৰিঙি উঠিল ।


গৰখীয়া পিঠাখোৱালৈ পুতুকণহঁতৰ বয়সৰ পৰা সৰুলৈকে গাঁৱৰ প্ৰায় সকলো লৰা ছোৱালীয়েই আহিল । দোণ আৰু বোৱাৰীয়েকেও যিমান পাৰে হাত খুলি সিহঁতক খুৱালে । লৰা-ছোৱালীবোৰ খাই বৈ গুছি গল । থাকি যোৱা কলৰ আষি কেইটালৈ চাই নিতাই বুঢ়ীয়ে মাত লগালে-সেই কেইআষি দে । পুতুকণহঁতৰ বাবে থৈ আহোঁ ।
বোৱাৰীয়েকে ভাল মনেৰেই বুঢীৰ হাতত কল কেইআষি গতাই দিলে । সৰু বোৱাৰীয়েক আৰু সৰু পুতেক তেতিয়াও তাতেই আছিল । সৰু নাতিটোও আছিলমাথো পুতুকণ হে পঢাৰ আচিলা দেখুৱাই ঘৰলৈ গৈছিল । নিতাই বুঢী গৈ সৰুপুতেকৰ ঘৰ পালেগৈ । পুতকণে পঢ়াৰ টেবুলৰ কাষত বহি লগৰে বীৰেণৰ সৈতে কিবা কথা খিকিন্দালি কৰি আছিল । আইতাকক দেখি সিহঁত ঠাণ্ডা হৈ গল ।
-আইতা !
-অ,তহঁতে হবলা পঢ়াৰ নামত কথাৰ মহলা মাৰিছ ।
-নহয় অ আইতা ,পঢ়িয়েই আছিলোঁকথা এটা মনত পৰাত হে..
-হব দে তহঁতৰ কথা । দেচোন তোৰ বহী কাগজ এডোখৰ । মোৰ পেপৰ শেষ হল ।
বুঢ়ীয়ে মাজে মাজে এইদৰে পুতুকণৰ পৰা বহী কাগজ খুজি তাতে ধপাত ভৰাই ধোৱা হোঁপে ।
-পিছে তহঁতৰ কামটো বৰ ঠিক নাছিল দেই । বাৰু যি হওঁক ভালেই হল । আমাৰ এই একেটা ঘাটতে পানী নোখোৱা দুটাৰ মাজত মাতবোল হল । সেই হালেও অলপ মজা পালে ।
বুঢ়ীয়ে ধোৱা এসোপা উৰুৱাই কলে ।
-আইতা !!
-হেহ এতিয়া নুবুজাৰ ভাও নুজুৰিবি । আমাৰ পথাৰৰ ফালে থকা আমজোপাৰ ধোন্দত থকা ফেঁচাৰ বাহটো হবলা মই নাই দেখা বুলি ভাবিছ । আৰু তই বীৰেণ, সৌণকণৰ নাতি ,তোৰ কাণ্ডটো হবলা মই গম নাপালোঁ বুলি ভাবিছ । হেৰৌ খিৰিকীৰে ফেঁচা জনী ভৰাই তই মোৰ কাষদিয়েই দৌৰ মৰা নাই নে ?
নিতাই বুঢীৰ কথা শুনি পুতুকণ আৰু বীৰেণৰ মুখ মেল খাই গল । পুতুকণে কাউ-বাউ কৰি আইতাকক অনুৰোধ কৰিলে-আইতা অ’ , তই বিদ্যা শপত কাকো কথাবোৰ নকবি না । বৰদেউতা আৰু দেউতাই শুনিলে মোৰ পিঠি ফালিব । বিদ্যা শপত কাকো নকবি না । সিদিনা বৰমাই ইমানবোৰ কল থাকোঁতেও এটা খাবলৈ নিদিয়াত হে খঙ উঠিল । এই বীৰেণকো এদিন বোলে কঁঠাল এটা খুজোঁতে বৰদেউতাই বিৰাট গালি পাৰিছিল । আইতা...
পুতুকণৰ কথা শুনি নিতাই বুঢীয়ে অলপ সময় কিবা এটা ভাবিলে তাৰ পাছত কলে-তহঁত দুটা মূৰূখ সেই এৰাবাৰী ঘৰটোত গৰু দুটা বান্ধি থোৱা খুঁটিটো এতিয়াও একেদৰেই আছে । দোণে যদি বান্ধি থোৱা দেখিলেহেঁতেন তেতিয়া কি হলহেঁতেন জাননে হাইজাত মৰাহঁত ?
-আমি সেইটোৰ ভয়তেই বৰদেউতাক নিজেই এৰাবাৰীত গৰু বিচাৰি যাওঁ বুলি কৈছিলোঁ...
-গৰু কেইটা কেতিয়া ধৰি নিলি ?
-আমি নিয়া নাই নহয়,সেই দুটাই খুঁটি উঘালি নিজেই এৰাবাৰীলৈ গৈছিল । আমি তেতিয়া তাত নেউল বিচাৰি আছিলোঁ
-দেখা পাই তহঁতৰ মেথাৰ(!) ঘিউবোৰে কাম কৰি উঠিল ন’ ? এটা দিন বেচেৰা গৰু হাল লঘোনে ৰাখিলি
-ঘাঁহ দি থৈছিলোঁ আইতা
-যিয়েই নহওঁক এনেকুৱা কাম কৰিব নালাগে
পুতুকণ আৰু বীৰেণৰ মুখ শুকাই গল । পুতুকণে আকৌ কাকূতি কৰি উঠিল
-আইতা...বিদ্যা শপত আৰু কোনোদিনে তেনে কাম নকৰোঁ ।
-গৰু মনে মনে বান্ধি থলি ,পিছে খুলি দিয়াৰ সময়ত খুঁটিটো এৰি থৈ আহিলি । ফেঁচা মেলি ভয় খুৱাবলৈ গলি পলাওঁতে ঘৰৰ মানুহৰ কাষেদিয়েই পলালি ! তাতোকৈ ডাঙৰ কথা সেই এৰাবাৰীখনলৈ দোকমোকালিতে যাবলৈ ভয় নকৰা হলি !
-আইতা,আৰু কোনো দিনে তেনে কাম নকৰোঁ । এৰাবাৰীলৈ দোকমোকালিত কিয় দিনে পোহৰেও নাযাওঁ । নামঘৰৰ শপত ।
দুয়োটাই কান্দোঁ কান্দোঁ সুৰেৰে শপত খাই কলে । নিতাই বুঢীয়ে দুইটালৈ গহীন কৈ চালে । তাৰ পাছত সোলা মুখত হাঁহি এটা বিৰিঙাই কলে-কটা , তহঁতক তেনে কাম নকৰিবলৈ কৈছোঁ নে ? কিছুমান মানুহক এসেকা দুসেকা দিয়াটো ভাল বুজিছ । মাথো তেনে কাম কৰিবলৈ হলে মোৰ দৰে অভিজ্ঞ মানুহৰ উপদেশ আগতীয়াকৈ লব লাগে বুজিছ । এতিয়াৰ পৰা তেনে কিবা কৰিবলৈ হলে মোক সুধি লবি । আৰু খবৰদাৰ এৰাবাৰীলৈ যি টি সময়ত নাযাবি । দে দে কাগজ আৰু এটুকুৰা দে বাপেৰে অহাৰ আগতেই খাই লওঁ । নহলে গালিয়েই পাৰিব নহয় । দে ।
পুতুকণে ফৰকাল মুখৰে আইতাকলৈ ডাঙৰকৈ কাগজ এটুকুৰা আগবঢ়াই দিলে । ইমানপৰে বেৰত কাণ পাতি সিহঁতৰ সকলো কথা শুনি থকা এৰাবাৰীৰ যখ টোৱে খঙত বেৰতে গোৰ এটা মাৰি এৰাবাৰীৰ আমজোপালৈ উৰা মাৰিলে । যাওঁতে পিছে ভুনভুনাই গল-ৰহ্ বুঢ়ী, নাতিনীয়েৰকহঁতক এৰাবাৰীলৈ আহিব নিদিয়, মোৰ খেলাৰ লগৰী কমাইছ চাই লম তোক !!

ডাক্তৰখানাত অলপ দিন.........






প্ৰায় এমাহ জোৰা ব্যস্ততা । সম্পৰ্কৰ ফালে চাবলৈ গলে চন্দনৰ ঘৰৰ ফালৰ পৰাই গৃহস্থৰ ঘৰৰ সৈতে আমাৰ এক মিতিৰৰ সম্পৰ্ক আছিল । সেই আহোমৰ দীঘলীয়া সম্বন্ধৰ জৰী ডাল । চন্দন হল মোৰ মাজু খুৰীদেউৰ দদায়েকৰ পুতেকৰ পুতেক । অৰ্থাত মামাৰ লৰাআনহাতে গৃহস্থৰ ফালেদি চন্দন হল তেওঁৰ পেহীয়েকৰ পুতেকৰ পুতেক । অৰ্থাত ককায়েকৰ লৰা ( বয়সত ডাঙৰ বাবে ককাইদেউ বুলি কয় )  পিছে মোমাইদেৱে দিল্লীত ভৰি থৈয়ে কলে নতুন সম্বন্ধ লবলৈ নাই দেই । যি যেনেকৈ আছে তেনেকৈয়ে থাকক । গতিকে চন্দনে মোক বাই আৰু গৃহস্থক দদাইদেউ বুলিয়েই মাতি থাকিল !
চন্দনৰ বয়স ১৪ বছৰ । পিছে দেখাত সি একদম সৰু হৈ আছে । প্ৰায় দুমাহৰ আগত টনচিলৰ অসুখৰ বাবে শিৱসাগৰৰ এজন ডাক্তৰ দেখুৱাত তেওঁ দুবিধ মান ঔষধ দিলে যি কেইটাৰ তিনিটামান খাওঁতেই চন্দনৰ প্ৰস্ৰাৱৰ লগত তেজো যাবলৈ ধৰিলে । লগে লগে মোমাইদেউহঁতে শিৱসাগৰৰ বেলেগ এজন ডাক্তৰক দেখুৱাত তেওঁ কিছুমান পৰীক্ষা কৰিবলৈ দিলে । পৰীক্ষা বোৰৰ ৰিপৰ্ট চাই ডাক্তৰে তেওঁলোকক অসম মেডিকেল কলেজলৈ যাবলৈ কলে । তাত তেওঁলোকে Nephrology ডাক্তৰ এজন দেখুৱাত তেওঁ কিছুমান পৰীক্ষা কৰিবলৈ দিলে । এইবাৰৰ পৰীক্ষাত  Hemoglobin, Albumin, total protein ,Platelet count    প্ৰস্ৰাৱত Protein  আদিবোৰ অস্বাভাৱিক ৰূপত অহাত ডাক্তৰৰ কপালৰ গাঁঠি কোঁচ খালে । তেওঁ Kidney Biopsy ৰ বিষয়ে পৰিয়ালক অৱগত কৰিলে । লগতে বিশেষ ৰোগৰ আকাংখা কৰি চন্দনক গুৱাহাটী মেডিকেল কলেজৰ এজন ডাক্তৰক দেখাবলৈ কলে । গুৱাহাটীলৈ গল । পিছে তাত কৰা পৰীক্ষাবোৰৰ কাগজবোৰত Albumin ৰ বাহিৰে কতো বিশেষ একো অস্বাভাৱিক নোলোৱাত তাৰ ডাক্তৰজনে কলে –মেডিকেল কলেজত কৰা পৰীক্ষাবোৰৰ বিষয়ে মই নিশ্চিত হব নোৱাৰো । আপোনালোক হেমটজীৰ আমুক (!) ডাক্তৰ গৰাকীক লগ কৰকচোন ।
ডাক্তৰে দুবিধ মান ঔষধ দিলে
ইতিমধ্যে চন্দনৰ চেহেৰা পাতি দেখি মোমাইদেউহঁতৰ মন টেঙাইছিল । তাতে ডাক্তৰে যিটোহে সন্দেহ কৰিছে তেওঁলোক লগা-লগ দিল্লীলৈ বুলি টিকট কাটিলে ।
এই গোটেই কথাবোৰ মই পাছতহে গম পাইছিলোঁ । মই যেতিয়া মোমাইদেউ,নিচাদেউ আৰু চন্দনক ষ্টেচনৰ পৰা আনিবলৈ গৈছিলোঁ তেতিয়া মোমাইদেউক দেখি আচৰিত হৈছিলোঁ । সেয়া যেন জীৱিত শৰীৰ নহয় তেনে ভংগীৰেই মোমাইদেউ ৰৈ আছিল । আমাৰ ঘৰলৈ আহি ভাত পানী খাই মিটিং আৰম্ভ হল –কৰ ডাক্তৰক দেখুৱা যায় । ইতি পূৰ্বে অনুপমা বায়ে মোক থৈছিল যে গংগাৰামত বিৰাট ভাল । অলপ টকা খৰচ হব পাৰে কিন্তু ভাল চিকিৎসা পাই ।   গৃহস্থ তেতিয়াও অফিচত গতিকে ময়ে লিড লৈ নেটত ডাক্তৰ খুচৰিবলৈ ধৰিলোঁ । শেষত এজন ডাক্তৰ ঠিক কৰিলোঁ – Dr Manish Malik মোমাইদেউৰ শুভাকাংক্ষী সকলে আক তেওঁক এইমছলৈ যাবলৈ বাৰে বাৰে ফোনাই আছিল । কিন্তু শেষত আমাৰটোৱেই ৰজিল । মনিষ মালিকক দেখুৱাবলৈ । প্ৰথম দিনা আগৰ ৰিপটবোৰ চাই এসোপা পৰীক্ষা কৰিবলৈ দিলে । লগতে কিবা ঔষধ খাই থাকিলে সকলোবোৰ বন্ধ কৰি দিবলৈ কলে । তিনি দিনৰ পাছত অলপ ৰিপট লৈ তেওঁৰ কাষলৈ গলো । ৰিপট চাই তেওঁৰো কপাল কোঁচ খাই গল । গোটেইবোৰ অস্বাভাৱিক । তেতিয়াও এটা ৰিপট আহিবলৈ বাকী আছিল । মনিষ মালিকে এইবাৰ কলে-Kidney Biopsy কৰি লওঁ । যদি সেইটোৰো এনেকুৱা কিবাই আহে তেতিয়া চিকিৎসা কৰিও লাভ নাই । একেবাৰে হিন্দী ,ইংৰাজী বুজি নোপোৱা চন্দন,অলপ অলপ কৈ হিন্দী বুজি পোৱা মোমাইদেৱে ডাক্তৰৰ কথা একোৱেই বুজি নাপালে । মাথো কিবা এটা যে বেয়া ওলাইছে এই কথাটো হয়তো মোমাইদেউৰ মনে ধৰিছিল । কাৰণ তাৰ অলপ পাছতে প্ৰস্ৰাৱগাৰলৈ বুলি যাওঁ বুলি কৈ চিনাকী প্ৰস্ৰাৱগাৰটোৰ একেবাৰে সমুখতে কণা গৰু ঘুৰা দি মোমাইদেৱে ঘুৰি থাকিল । মই বাটটো পোনাই দিয়াতহে সোমাই গল ।
মোমাইদেৱে অলপ বয়সত বিয়া পাতিছিল । চন্দন মোমাইদেউহঁতৰ একমাত্ৰ সন্তান । এই সন্তানটোৱেই যদি নাথাকে তেওঁলোক কেনেকৈ থাকিব ! মানসিক ভাৱে আমাৰ ঘৰখনৰ ওপৰতো চাপ পৰিবলৈ ধৰিলে । বায়পচিৰ বাবে চন্দনক হস্পিটেলত ভৰ্তি কৰিব লাগে । গংগাৰামত চিট পোৱাৰ সম্ভাৱনা নথকাৰ বাবে মনিষ মালিকে গংগাৰামৰেই অংশ চিটি হস্পিটেললৈ লিখি দিলে । তাতো সেই একেই । চিট নাপাওঁ হে নাপাওঁ । ডাক্তৰৰ ফোন,আমাৰ হস্পিটেলত দিনৰ দিনটো,এদিন ৰাতিও খাপ পিটি ৰৈ থকাৰ পাছত তিনি দিনৰ মূৰত এটা চিট পালোঁ । তাকো জোখতকৈ অলপ বেছি দামী চিট । যাওঁক টকানো কি, এই যায় এই আহিব । তাৰ পাছৰ ডাঙৰ সমস্যাটো হল ঘৰত থকা মামীদেৱেক চন্দনৰ বিষয়ে কি কোৱা যায় ! বা মামাকে কি কম ??  কাৰণ মোমাইদেউ,মামীদেউহঁতে একো বুজি পোৱা নাই । লগত থকা নিচাদেউৰ সৈতে মোৰ আলোচনা হল । (মোৰ গৃহস্থই নিজৰ অফিচৰ কামত একোকে সহায় কৰিব পৰা নাছিল । তাতে মই সকলোবোৰ চম্ভালি লোৱাত তেওঁৰ বৰ ডাঙৰ সকাহ পাইছিল ) আমাৰ কথা হল যদি বাইয়পচি কৰাৰ পাছত চন্দনৰ বেমাৰটো বেছি হৈ যায় তেতিয়া ! যদি অসমৰ ডাক্তৰে আকাংখা কৰাটোৱেই ওলাই তেতিয়া ! তাতে যি পৰিমাণে প্ৰটিন গৈ আছে ,হিমগ্লবিন কমি গৈছে সেইবোৰেও আমাক চিন্তা পেলালে । আৰু টকা পইচাৰ কথাটো আছেই । গতিকে সাতে পাচে ভাবি আমি মানে নিচাদেউ আৰু মই এদিন আবেলি এটাত মোমাইদেউক কথাখিনি বুজাই কলো । আমাৰ কথা শুনি মোমাইদেৱে সৰু লৰা এটাৰ দৰে হুক্-হুকাই  কান্দি দিলে । বৰ অসহায় লাগিছিল সেই সময়ত । ৰাতিলৈ কঁপা কঁপা মাতেৰে মামীৰ ফোন । আহ ! মই বুজাব নোৱাৰো সেই সময়ত কেনে লাগিছিল । ফোনটো গৃহস্থৰ হাতলৈ দি দিলোঁ । তেওঁ মামীক ভৰসা দি কিবা কিবি কলে ।
এইখিনিতে এটা কথা মই কবই লাগিব যে গংগাৰামৰ ডাক্তৰ ব্যৱহাৰৰ অতুলনীয় আছিল । প্ৰতিজন ডাক্তৰেই ৰোগীসকলৰ লগতে আশে পাশে থকা সকলোকে  ইমান সুন্দৰ ব্যৱহাৰ কৰিছিল যে মই আচৰিত হৈ গৈছিলোঁ । চন্দনৰ বাবে মই চাৰিজন ভিন্ন বিভাগৰ Consultant ৰ লগত সমানে যোগাযোগ ৰাখি গৈছিলোঁ আৰু গোটেইকেইজনৰ কাষত মই তেওঁলোকৰ জীয়েকৰ দৰেই ব্যৱহাৰ পাইছিলোঁ । এইয়া কেৱল মোকে কৰিছিল যে তেনে নহয় প্ৰায় প্ৰতিজন ৰোগীকেই তেওঁলোকে তেনে ব্যৱহাৰ কৰে । এদিন দেখিলোঁ জোনৰ বয়সীয়া Consultant জন ৰোগী চোৱা কোঠাৰ ফালে আহিছে । তেওঁলৈ বুলি অপেক্ষা কৰি থকা ৰোগী সকলৰ মাজৰে এজনৰ ৰোগীৰ ছয় বছৰীয়ামানৰ কণমানীটোৱে তেওঁক দেখি দৌৰি গৈ  তেওঁৰ পেণ্টটো খামোচি ধৰি মাকৰ ফালে চাই চিঞৰি কৈছে-মাম্মী আংকল আ গয়া । মাকে কণমানীটোক ধৰিবলৈ নাপালেই সি ডাক্তৰজনৰ পেণ্টটোত খামোচি ধৰিয়েই জঁপিয়াই জঁপিয়াই তেওঁৰ লগতে তেওঁৰ কোঠালৈ সোমাই গল ।
এদিন মনিষ মালিকৰ কোঠাত বহি থাকোঁতেই তেওঁলৈ ফোন এটা আহিছিল ,সিফালৰ পৰা ৰোগীজনে চাগৈ তেওঁৰ নাম কৈছিল পিছে মনিষ মালিকে তেওঁক চিনিব নোৱাৰি কেইবাৰো নামটো সুধিলে আৰু তাৰ পাছত তেওঁ পি.এ গৰাকীৰ কাষত গৈ নামটো সুধি আহি কৈছে-মই আপোনাৰ নামটো পাহৰি গৈছিলোঁ । I m extremely  sorry  !!
Extremely Sorry !!!!!
ময়ো কেইবাবাৰো তেওঁলোকলৈ ফোন কৰিছোঁ ,প্ৰতিবাৰে তেওঁলোকে ফোন ধৰিছে । আনকি কেইবাবাৰো এনে হৈছে যে ৰিপট পোৱা নাই তেওঁ নিজে লেবলৈ ফোন কৰি ৰিপটৰ আগজাননী আগতীয়াকৈ লৈ থৈছে ।
যিকিনহওঁক চিটি হস্পিটেলত ভৰ্তি কৰাৰ দিনা ৰাতি ৮ মান বজাত চন্দনক তেজ দিয়াৰ পাল পৰিল । পেকচেল । গৃহস্থ তেতিয়াও এৰাব নোৱাৰা কামত ব্যস্ত ,গতিকে নিচাদেউৰ সৈতে ময়ে গংগাৰামলৈ গৈ তেজৰ বাবে কৈ আহিলোঁ । পাছত গৃহস্থৰ সৈতে তেজ আনি,ইটো সিটো কৰি থাকোঁতে ৰাতি ১২ বজাত হে ঘৰত সোমাবলৈ পালোঁ ।
পিচদিনা পুৱা ৭ টাৰ পৰা খাপ পিতি  পিতি অৱশেষত ৪ বজাত চন্দনক বায়পচি কৰিবলৈ বুলি নিয়া হল । মনিষ মালিক,এজন এচিষ্টেট ডাক্তৰ,দুগৰাকী সহায়িকাৰ সৈতে মই । মোক লগত লোৱা হল এইবাবেই যে চন্দনে হিন্দী, ইংৰাজী বুজি নাপায় । গতিকে মই দো-ভাষী । কিডনী বায়পচি কৰা সেই সময়কণত মনিষ মালিকে খুব জমালে ।
বায়পচি হোৱাৰ পাছত তেওঁ মোক দহাই দহাই কৈ গল যে ৰাতি যদি কিবা অসুবিধা হয়,প্ৰস্ৰাৱত কেনেবাকৈ তেজ যায় তেওঁলৈ যেন ফোন কৰোঁ । তেওঁ যদি কেনেবাকৈ ফোন নধৰে তেতিয়া এচএমএচ এটা হলেও কৰিবলৈ কৈ গল । পিছে ৰাতি একো নহ ডাক্তৰে পুৱাই চন্দনক ৰিলিজ দিলে । প্ৰয়োজনতকৈ এটা টকাও যাতে আমি খৰচ কৰিব লগা নহয় সেইটো মনিষ মালিকে বিৰাট গুৰুত্ব দিছিল ।
ইতিমধ্যে এটা গুৰুত্ব পূৰ্ণ ৰিপট আহি পাইছিল । আচলতে মোৰ লেখাটো সেই ৰিপটটোৰ বাবেই । ৰিপটটো লৈ যাওঁতে মনিষ মালিকে কলে-মোৰ হাতত তাৰ কপি আহি পৰিছে । ইয়াৰ (Homozygous state ) Hb E/E আছে যিটো নৰ্থ ইষ্টৰ মানুহৰ গাত বিশেষকৈ দেখা পোৱা যায় । (বিশেষকৈ আমাৰ আহোম সকলৰ গাত ।) কিডনীত যদি একো হোৱা নাই তেতিয়াহলে বিশেষ একো চিন্তা কৰিব নালাগে । তেতিয়াই তেওঁৰ পৰামৰ্শতে মতে Medicine Consultant -Air Vice Marshal(Retd.) Dr.R.K Ganjoo লগ কৰিলোঁ । তেওঁ আমাক অসমৰ বুলি জানি কলে অসম বৰ ধুনীয়া ঠাই । মই যোৰহাটলৈ গৈছোঁ নহয় ।
Dr Ganjoo ৱে আমাক চিন্তা নকৰিবলৈ কলে । বায়পচি ৰিপট অহাৰ পাছত তেওঁৰ ওচৰলৈ যাবলৈ কলে ।
ডাক্তৰ সকলৰ মাজত পুৰা যোগাযোগ হৈ আছিল । বায়পচি ৰিপটত প্ৰথমে একো নোপোৱাত মানে মনিষ মালিকে ফোন কৰোঁতে একো পোৱা নাই বুলি কোৱাত আকৌ ভালকৈ কৰিবলৈ কলে । পিছে সেইবাৰো বিশেষ একো নাপালে । মই যেতিয়া ৰিপটটো লৈ মনিষ মালিকৰ কাষলৈ গৈছিলোঁ তেতিয়া তেওঁ আৰু এজন বিশেষজ্ঞক ফোন কৰি মাতি আনি কৈছিল –কি ইন্টাৰেষ্টিং কেচ চাওঁকচোন ।
তাৰপাছত তেওঁ চন্দনলৈ বুলি ঔষধ লিখিলে । লগতে আৰু দুটা টেষ্ট কৰিবলৈ দিলে যি কেইটা কেৱল এইমছতহে হয় বুলি কলে ।
এইবাৰ এইমছৰ সৈতে যুদ্ধ । যুদ্ধ বুলিয়েই কব লাগি কিয়নো তিনিদিন পুৱা ৬ টাতে উঠি এমাইল মান দীঘল কীউত ৰৈ কাৰ্ড বনাই,আকৌ দেখুৱাবলৈ বুলি কীউ পাতি মই আৰু মোমাইদেউ ভাগৰি গৈছিলোঁ । ইতি পূৰ্বে লগত অহা নিচাদেউ চাকৰি ঝেমেলাৰ বাবে গুছি গৈছিল । ইফালে এইমছত আজি এটা ,কালি এটালৈ ৰেফাৰ কৰোঁতে আৰু তাৰ বাবে পুৱাই কীউত ৰওঁতে মোৰ মূৰ গৰম হৈ গৈছিল । শেষত তাৰ ডেকা ঈশ্বৰ এজনক পালোঁগৈ । একেটা কেবিনতে দুজন ঈশ্বৰ । বাহিৰত কনমানী কোঠা এটিত জোখতকৈ বহুত বেছি মানুহ । তাৰে দুজন অসমৰ । ২৫ বছৰীয়া দেওৰেকৰ দুয়োটা কিডনী বেয়া হৈ যোৱাত প্ৰায় মোৰ বয়সীয়া বৌয়েকেই নিজৰ কিডনী দান কৰিবলৈ আহিছে । তাৰ বাবে প্ৰয়োজনীয় পৰীক্ষাৰ বাবে বহি আছে । ঈশ্বৰৰ সৈতে সোনকালেই মানে প্ৰায় ৩ ঘণ্টামান পৰ দিয়াৰ পাছত সাক্ষাৎকাৰ পালোঁ । মোৰ ৰিপট চাওঁক সলনি দুয়োজনে কথাতহে মচগুল । কাষতে আৰু এগৰাকী ৰোগী ভেবা লাগি বহি আছে । ৫ মিনিটমান কথা পতাৰ পাছত মোলৈ চালে । মই পৰীক্ষা দুটাৰ কথাহে কলোহে ঈশ্বৰ জনাই কলে এইটো পৰীক্ষা ইয়াতো নকৰে । কেতিয়াবা ৰিচাৰ্চৰ বাবে কোনোবাই মন গলে কৰে । তুমি আমুক তামুকত সুধি চোৱা ।
বচ সিমানেই ! আমাৰ তিনিদিনৰ শ্ৰমক পানী কৰি ঈশ্বৰে সিমানেই কৈ আকৌ কথা পতাত লাগিল । আনকি আমাৰ বাকী ৰিপটবোৰত ভুমুকি মাৰিও নাচালে ।
এইমছৰ পৰা ওলায়ে দীঘল দি নপৰাকৈয়ে মই সেৱা এটা কৰি আহিলোঁ যাতে জনমত এই খনৰ মুখীয়া হব নালাগে ।
আকৌ গংগাৰাম । মনিষ মালিকক কথাবোৰ জনালোঁ । তেওঁ কলে-হব দিয়া । মুঠতে এমাহৰ পাছত চেক-আপৰ বাবে আহিবা । ই খুব সোনকালে ভাল হৈ যাব ।
তাৰ মাজতে তেওঁলোকৰ পৰামৰ্শমতে আৰু এজন ডাক্তৰ Child Specialist Dr.V.K Khanna ৰ সৈতে  Hb E/E ৰ বাবে কথা পাতিলোঁ । তেওঁ চন্দনৰ পিঠিত ঢকা এটা মাৰি কলে-ইয়াৰ বিয়াখন ময়ে পাতি দিম দেই ।
তাৰ পাছতহে আমাক Hb E/E ৰ বিষয়ে বুজালে যে ইয়াৰ Hb E /E আছে  Hb E/β –thalassemia নাই । গতিকে চিন্তা কৰিব নালাগে । কিন্তু ইয়াৰ বিয়াৰ সময়ত মোৰ ওচৰলৈ আহিব দেই ( মোৰ দৌতিৰ বয়সৰ ডাক্তৰ জনৰ কথা শুনি মই হাঁহিলোঁ ) ইয়াৰ কইনাৰ সেইটো পৰীক্ষা কৰিব লাগিব । যদিহে তাইৰো Hb E/....(মই অলপ অলপ পাহৰিছোঁ )থাকে তেতিয়া সিহঁতৰ লৰা ছোৱালীলৈ বিপদ হব । এতিয়া প্ৰথম কাম হল চন্দনৰ মাক দেউতাক দুয়োজনেই এই পৰীক্ষাটো কৰক ।
Dr. V.K Khanna ই আমাক একেবাৰে মুকলি কৰি পঠালে ।
এই বেমাৰটোৰ বিষয়ে মই অলপ অলপ হে শুনিছিলোঁ ,এতিয়া অলপ ভালকৈ জানিলোঁ যেতিয়া নিজৰ পৰিয়ালৰ বাকী সকলকো কথাবোৰ জনাইছোঁ ।
অৱশেষত আজি পুৱা এটা মুকলি মন লৈ মোমাইদেউ আৰু চন্দন অসমলৈ বুলি উভতিল । তেওঁলোক ৰেলত তুলিয়েই মই গংগাৰামলৈ পোনালোঁ । কাৰণ Dr.R.K.Ganjoo ৱে মোক বাৰে বাৰে কৈছিল মোক আকৌ এবাৰ লগ কৰি যাবা । তেওঁক লগ কৰিলোঁ । সেই একেই আন্তৰিকতাৰে কোনো ফীজ নোলোৱাকৈয়ে তেওঁ মোক কলে-সি খুব সোনকালে ভাল হৈ উঠিব ।
চন্দন খুব সোনকালেই ভাল হৈ উঠক ময়ো তাকেই কামনা কৰোঁ ।