Friday, 25 January 2013

ভালপোৱা





( কথাবোৰ অলপ খেলিমেলি লাগি যায়, কোনখিনিক আবেগক আচলতে সঁচাই ভালপোৱা আখ্যা দিব পাৰি ! মোৰ মা-দেউতা, বাইদেউ-ভাইটি , মোৰ জীৱন সংগী অথবা মোৰ প্ৰাণৰ সমানেই আপোন মোৰ মেকুৰীটোৰ প্ৰতি থকা ভালপোৱাখিনিৰ সংজ্ঞা ভিন্ন নেকি ! তুলাচালনীত জোখ মাখ কৰিব পাৰিম নেকি তেওঁলোকৰ প্ৰতি থকা মোৰ ভালপোৱাৰ ওজন ! কব পাৰিম নে এইজনকৈ মই সিজনক বেছি ভালপাওঁ !
ভালপোৱা, বুকুৰ মাজেৰে অহৰহ বৈ থকা আবেগৰ স্ৰোত । ভালপোৱা , এজনে আনজনক দিয়া বিশ্বাসৰ সৌধ । ভালপোৱা কৃষকৰ আশাৰ বৰষুণ জাক, প্ৰিয়জনৰ বুকুৰ স্পন্দন, মা-দেউতাই  বড় গছৰ দৰে দিয়া আশ্ৰয় আৰু ...আৰু বাইদেউ- ভাইটিৰ সতে কটোৱা শৈশৱৰ প্ৰতিটো পল । )

দৃশ্য এক-

উহহহহহহহহহহ...
সোণে পেটটো খামোচি পাইখানাৰ দুৱাৰখনত হেঁচা মাৰিলেগৈ । দুৱাৰখন ভিতৰৰ পৰা বন্ধ আছিল । মূৰটো গৰম হৈ গল । ধাম ধাম ধাম কৈ দুৱাৰত ঢকিয়াই চিঞৰিলে
-কোন আছে অ...মোৰ বিৰাট জোৰেৰে লাগিছে
পিছে পাইখানাৰ ভিতৰৰ পৰা একো মাত নাহিল । মাকে সেইসময়তে টিউবেলৰ কাষত চাউল ধোৱা পানীখিনি পেলাবলৈ পাকঘৰৰ পৰা ওলাই আহিছিল ।
-মা পাইখানাত কোন সোমাই আছে অ’ ?
-বায়েৰে আছে ।
মাকে সহজ ভাবেই কলে ।
-সেই জনী সোমালে যেতিয়া সহজে ওলাই নাহে । তাই এতিয়া সপোন দেখিব পাই । অ মা তাইক কওকচোন ওলাই আহিবলৈ ..
-তাই অলপ আগত সোমাইছেহে ..
-মই সেইবাবেই দেতাক দুটা পাইখানা সাজিবলৈ কৈছিলোঁ ...ঐ বাই তই টোপনি গলি নেকি ...সোনকালে ওলাচোন ।
-তই নিজে চাকৰি কৰি সাজিবি । বাপেৰে সেই এটাই সাজিব পাৰিলে ...মাজনী অলপ সোনকাল কৰ অ,এইটোৰ কাপোৰে কানিয়ে যাব এতিয়া ।
মাকে কথাষাৰ কৈ পাকঘৰলৈ পোনাল । তেওঁ এনেও এইবোৰ বিষয়ত বৰকৈ মাত নামাতে । পিছে যেতিয়াই কথাবোৰ অলপ কাজিয়াৰ পৰ্যায় পাই গৈ তেওঁ লাহেকৈ জুহালৰ চাঙৰ পৰা ফলা খৰি ডাল লৈ ওলাই আহে ।
নাই...পাইখানাৰ ভিতৰৰ ফালৰ পৰা কোনো শব্দ নাহিল । পেটটো খামোচি সি কাষতে থকা বেঞ্চখনতে বহি পৰিল । পেটত থকা পেলুবোৰে যেন ফুটবলহে খেলিছে । এখন হাতেৰে পেটটো ধৰি আন খন হাতৰে বেঞ্চখনত খামোচি ধৰিবলৈ লওঁতেই হাতত কিবা এটা লাগিল । উৱা ! এইটো চোন বায়েকৰ মবাইলটোটিং কৈ সোণৰ মূৰত বুধি এটা খেলাল । বায়েকৰ এই মবাইলটো তাক চুবলৈকে নিদিয়ে বিশেষকৈ এটা বিশেষ সুৰেৰে ফোনটো বাজি উঠিলে তাই মবাইলটো যতে নাথাকক থপিয়াই নিয়েহি । সোণে বুজি পাই সেয়া তাৰ হব লগা ভিনিয়েকে ফোন কৰিছে । সেইবাবে মাজে মাজে জোকাবলৈ সি ফোনটো ধৰিবলৈ যায় পিছে তাই যেনেকৈহে জেঙেৰা মাৰি দিয়ে তাৰ খঙেই উঠি যায় । আজি একদম গাখীৰতে ম'হৰ খুটি । সোণে মবাইলৰ ৰিংটন খিনি পৰা বিচাৰি সেই বিশেষ ৰিংটনটো বজাই বেঞ্চখনৰ পৰা আঁতৰি আহিল ।
তুম বিন জীয়া জায়ে কেইছে -এইফালে মবাইলত গানটো বাজি উঠিল,সিফালে ইমান পৰে নিৰৱ নিতাল হৈ থকা পাইখানাৰ ভিতৰত পানী ঢলাৰ শব্দ ভাহি আহিল । ইমান কষ্টৰ মাজতো সোণৰ হাঁহি উঠিল । বায়েকে দৰজাখন খুলিবলৈ হে পালে সি লগে লগে পাইখানালৈ সোমাই গল । এইবাৰ সি টোপনি যাবলৈ চেষ্টা কৰিলে । বাহিৰত বায়েকৰ গগণ ফলা চিঞৰ !

দৃশ্য দুই-

-বাগানত চিনেমা চাবলৈ যাবলৈ তই ইমান ডাঙৰ হোৱা নাই ।
-ডাঙৰ হোৱা নাই ! চিনেমা চাবলৈ মই ডাঙৰ হোৱা নাই । কিবা এটা কৰিবলৈহে ইমান ডাঙৰ হলি কৰিব নোৱাৰ বুলি কৱ ?
-আৰে ! বাগানৰ চিনেমাকেইখন ঘৰতো চাব পাৰিবচোন । তাত চালেহে হয় নে । ৰাতিটো তাতে থাকিবি ইফালে মাৰ টোপনিয়েই নাহিব ।
হুহ ! বুলি কৈ সোণ আঁতৰি গল । মাজনীয়ে মাকলৈ চালে । মাকে চকুৰেই ইংগিত দিলে তাক অলপ বুজাগৈ বুলি । পুৱাৰে পৰা সোণে লাগি আছে আজি হেনো সি লগৰ লৰাবোৰৰ সৈতে বাগানত চিনেমা চাবলৈ যাব । বাপেকে এইবোৰত একো মাত নামাতে । তেওঁৰ মতে লৰা ডেকা হৈছে , মন যাবই । পিছে মাজনী আৰু মাকৰ মতে লৰা ডেকা হল বুলিয়েই যেনিয়েই-তেনিয়েই এৰি দিলে নহব । মাজনী লাহে লাহে গৈ পাছফালৰ বাৰাণ্ডাত বহি থকা সোণৰ কাষত বহিল গৈ ।
-বাগানত কোনখন চিনেমা দিছেনো ?
-তোক কেলৈ ?
সোণে গেঙেৰি মাৰি উত্তৰ দিলে ।
-ঐ কলেজৰ তোৰ লগৰ যে সেই ছোৱালীজনীৰ নাম কৈছিল, কি নাম আছিল তাইৰ ?
সোণে এইবাৰ সন্দেহৰ দৃষ্টিৰে বায়েকলৈ চালে । মাজনীয়ে সেইখিনি আওকাণ কৰি আকৌ সুধিলে
-তাই পতিছে গৈ নে ?
এইবাৰ সোণৰ মন  কুমলিল । আচলতে তাৰ খঙটোৱে তেনেকুৱা , মুহূৰ্ততে শেষ হয় ।
-পল্লবী ! সেইজনী কত পতিব । মই কিবা এটা কবলৈ গলে তাই সেই কলেজৰ কাষতে থকা গেলামালৰ দোকানখন সোমাই গৈ । সেইখন তাইৰ দদায়েক নে বৰতাকৰ দোকান বোলে । মই দোকানৰ ফালে গলে তাই দোকানৰ আলু বস্তাতে উঠে গৈ । কিমান আলু পেটেকা কৰিলে ঠিক নাই ।
সোণে অলপ ক্ষোভৰেই কলে ।
-ইয়ে হয় নেকি । তই পতাব জনা নাই আক ।
সোণে এইবাৰ পুৰা উত্সাহৰে বায়েকৰ ফালে চাই সুধিলে
-বা মই বাৰু চিনেমা চাবলৈ নাযাওঁ । তই মোৰ লগত এফালে যাবি নে ?
-কলৈ ?
মাজনীয়ে চকু ঘোপা কৰি সুধিলে
-সৰু পেহীৰ ঘৰলৈ ।
-পেহীৰ ঘৰলৈ আক কিয় । সিদিনা গৈ আহিছিলি হে ।
-হেহ । দেতাৰ মটৰ চাইকেলখন লৈ যাম আৰু আহিম । পেহীহঁতৰ মুনুৱে বোলে সেইজনীক ভালকৈ চিনি পাই । কিজান পতেই ।
মাজনী বিমোৰত পৰিল ! ভায়েকৰ কথা নাৰাখিলে সি বেয়া পাব , আকৌ সেই অঘাইতং সোপাৰ লগত চিনেমা চাবলৈ যাবলৈ দিব লাগে চিঞৰ বাখৰ কৰিব । আৰু গলেও...আজি অংকুৰ অহা কথা আছে !  ত দিনৰ মূৰত তাক লগ পাব । পুৱাই ফোন কৰি কৈছিল –মাহঁতৰ পৰা অনুমতি লৈ থবা আজি অলপ ওলাই যাম । ছেহ! কি কৰা যায় ।
মাজনী দোমোজাত থাকোঁতেই বিশেষ সুৰটোৰে তাইৰ মবাইলটো বাজি উঠিল । তাই ফোনটো ধৰিলে । ফোনৰ সিটো মুৰৰে দোষী দোষী ভাবেৰে অংকুৰে কলে-মানু, আজি তোমালোকৰ ঘৰলৈ নাযাওঁ দিয়া । ইমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ  , মায়ে বাইদেউৰ ঘৰলৈ লগ ধৰিছে । বেয়া পাবা নেকি...কালিলৈ চিউৰ যাম । মাওঁ যাম বুলি কৈছে ।
মাজনীৰ মনটো লগে লগে পাতল লাগি গল ।
-তুমি যোৱা । একদম খোলা মনৰে যোৱা । মোৰ ওচৰলৈ অহাৰ আগতে তুমি বাইদেউৰ ওচৰলৈ যাব খুজিছা ভাল হে কথা । যোৱা যোৱা ।
অংকুৰে ফোনটো থোৱাৰ পাছত তাই সোণলৈ চাই কলে-শুন, তোৰ লগত বাৰু মই যাম । মুনুৰ লগত কথাও পাতি দিম । পিছে মনত ৰাখিবি, ভালপোৱাটো ডাঙৰ কথা নহয়, এতিয়াই সেইবোৰ লৈ সপোন নেদেখিবি । তোৰ এতিয়াও সিমান বয়স হোৱা নাই । শুনিলিনে ।
সোণে কি শুনিলে সিহে জানে ।

দৃশ্য তিনি-

বায়েকে ভাত ৰান্ধিছে । সোণে এনেই ইফাল সিফাল কৰি আছে । বায়েকৰ বিয়াৰ পাছত সি কেইবাবাৰো ভিনিয়েকৰ ঘৰলৈ গৈছে যদিও এইটো ঘৰলৈ এই প্ৰথম আহিছে । বিয়াৰ অলপ দিনৰ পাছতে ভিনিয়েকে বায়েকক নিজৰ চাকৰি কৰি থকা ঠাই লৈ গৈছিল । আহিম আহিম বুলিও যোৱা এটা বছৰে সোণ এইটো ঘৰলৈ আহিব পৰা নাছিল । এইবাৰ পৰীক্ষা-চৰীক্ষা দি আজৰি হৈ আহিছে ।
-ঐ তোৰ ফোন আহিছে । মই ধৰো নে ?
মাজনীয়ে এখন হাতৰে হেতা এখন আৰু এখন হাতৰে মবাইল এটালৈ কলে । সোণে মবাইলৰ স্ক্ৰীণ খনলৈ জুমি চালে । পেহীয়েকৰ ছোৱালী মুনুৰ ফোন । বায়েকৰ পৰা মবাইলটো লৈ সিয়েই ফোনটো ধৰিলে ।
-হেল্ল
-খুব খাইছ হবলা ন গৰু ?
-নাখাই কি চাই থাকিম নেকি ?
সোণে বায়েকলৈ চাই হাঁহি মাৰি উত্তৰ দিলে
-ঐ কচোন , মানু বায়ে আগতকৈ ভাল ৰান্ধিব পাৰিছেনে ?
-ধুৰৰৰ...সেই একেই গোন্ধ বুজিছ । সেই একেই গোন্ধ । বহুদিন সেই গোন্ধ পোৱা নাছিলোঁ যে খাই ভালেই লাগিছে ।
-মানে !!
-হেহ ! তই পাহৰিলিনি বায়ে যে বন্ধা কবি ৰান্ধিলে যেনেকুৱা গোন্ধাই , মাংস ৰান্ধিলেও একেই গোন্ধাই ।
সিফালৰ পৰা মুনুৰ হাঁহিৰ হো-হোৱনি ভাহি আহিল । আৰু এইফালে হেতাখন লৈ মাজনীয়ে সোণক খেদা মাৰি আহিল-কুকুকুৰৰৰৰ....


( ভালপোৱাবোৰ চাগৈ এনেকুৱাই, এটাক ভেঁজা দি আনটো গঢ় লৈ উঠে নতুন নতুন নামেৰে । জীৱনৰ প্ৰতিটো ষ্টপেজতে ভিন্ন ৰূপত আহি হিয়াখন চহকী কৰি তোলে ভিন ভিন আবেগেৰে, ভালপোৱা নামৰ একেধৰণৰ সংজ্ঞাৰেই । )






 

প্ৰবাসত ভোগালী ভোগ আৰু আপোনত্ব











অনুপমাবায়ে কথাষাৰ কেতিয়াবাই সোঁৱৰাই থৈছিল । পিছে মোৰহে অলপ সংকোচ লাগি আছিল । যাওঁ নাযাওঁ ভাব । গৃহস্থৰ মতটো মোৰ ওপৰতে নিৰ্ভৰ কৰিছিল । তথাপি যাওঁ নাযাওঁ ভাব । নিৰ্দিষ্ট দিনটোৰ আগদিনা অৰ্থাত ১১ জানুৱাৰী দিনা নিৰ্জু বায়ে ফোন কৰি কলে মাধুৰীমা ওলোৱা । ভিনদেৱে আফ্ৰিকাৰ পৰা হাঁহ আনিছে । বিহুটো লগে লগে ভাগে খাম বুলি নাযাওঁ বুলি কলে হব নে । নিৰ্জুবাৰ ফোনটোৰ পাছত মই নিজেই অনুপমাবালৈ ফোন কৰিলোঁমন তেতিয়াও উগুল-থুগুল । ফোনটো থবলৈ পালোহে সিফালৰ পৰা আকৌ নিৰ্জুবাৰ ফোন নাযাওঁ বুলি নকবা দেই ।ফেচবুকত চোৱা মই পিঠা পুৰিলোঁৱেই লগে লগে মুখপুথি খুলিলোঁ । দেখিলো নিৰ্জুবায়ে নাৰিকলৰ পিঠা পুৰি থকা ফটো আমাক টেগ কৰিছে । এইবাৰ কিহে পাই । ৰাতিটো নাযায় নুপুৱাই যেন ।
১২ জানুৱাৰী ২০১৩, সকলোৰে সুবিধা অনুযায়ী জোখতকৈ এদিন আগেই বিহু পাতিবৰ বাবে আমি যাত্ৰা কৰিলোঁনয়দালৈকে মেট্ৰত, তাৰ পৰা প্ৰায় ৪ বজাত অনুপমাবাহঁতৰ গাড়ীত ভিনদেউ, মৌমন, অয়ন আৰু বা ৰ সৈতে মই ওলালোঁমোৰ গৃহস্থ বিশেষ এটা কামত ফৰিদাবাদলৈ যাব লগা হোৱাৰ বাবে তেওঁ পোনে পোনে হুণ্ডা চিটি চেণ্টাৰলৈকে যাম বুলি ।  তাৰ পৰাই তেওঁক আমি লগত লৈ লম । মেহচানত ফুটবল খেলিবলৈ যোৱা কনচেং ভিনদেউ সেইদিনা পুৱাহে ঘৰ সোমাইছিল বোলে । তেনেকৈয়ে ট্ৰেফিক জামৰ মাজেৰে আমাৰ যাত্ৰা আৰম্ভ হল । সিফালে ৱাৰলেছৰ দৰে আমাৰ ফোনবোৰ এটাই আনটোৰ লগত ব্যস্ত হৈ আছিল । নিৰ্জুবায়ে জনাই আছিল সেইদিনা ১১ বজাত আফ্ৰিকাৰ পৰা ঘৰ সোমোৱা ভিনদেৱে তেওঁলোকৰ সন্তান কাব্যক লৈ নিৰ্দিষ্ট ঠাইলৈ গলেই বোলে । বা ৰৈ আছিল আমালৈ বুলি । ৬ টা বজাত গুড়গাওঁ পালো গৈ । আমি সেই ঠাই পোৱাৰ লগে লগে নিৰ্জুবাও গাড়ী লৈ ওলাই আহিল । এইবাৰ আমাৰ গাড়ীয়ে তেওঁৰ গাড়ীক অনুসৰণ কৰি গৈ থাকিল । হুণ্ডা চিটি চেণ্টাৰৰ কাষতে থকা ফৰ্টিজ হস্পিটেলৰ সমুখৰ পৰা জোনকো নিৰ্জুবাৰ গাড়ীত তুলি ললে । মই এইবাৰ জোনৰ সৈতে নিৰ্জুবাৰ গাড়ীত বহিলোগৈ । গাড়ী আগবাঢিল । প্ৰায় আধা ঘণ্টা মান যোৱাৰ পাছত গাড়ীখনে এটা ওখোৰা মোখোৰা বাটেৰে আগবাঢ়িল । মই আচৰিত হৈ কলো-বকতালৈ আহি থকা যেন লাগিছে চোন !
পিছে বেছি দূৰ কাল্পনিক বকতাৰ আলিয়েদি যাব লগা নহল , কিয়নো তাৰ পাছত দুয়োকাষে সৰিয়হৰ পথাৰে আগুৰি থকা সুন্দৰ পথেৰে আমি আগবাঢ়িলোঁমনত অলপ দুখো লাগিল , অলপ পোহৰ হৈ থাকোঁতে অহা হলে সৰিয়হৰ সৌন্দৰ্যখিনি উপভোগ কৰিব পাৰিলোঁহেঁতেনগাড়ীয়ে সৰিয়হ এৰি এইবাৰ পাহাৰত উঠিল । একোৱা-পকোৱা বাট । যেন যোৰা বাটৰ পাহাৰ হে । প্ৰায় চাৰে সাতমান বজাত আমি ফাৰ্ম হাউচটো পালোগৈ । ফাৰ্ম হাউচৰ পৰিবেশটো দেখি  মন ভাল লাগি গল ।  গাড়ীৰ পৰা নামিয়েই প্ৰদীপ ভিনদেউক দেখিলো । ভিনদেৱে লৰালৰিকৈ আমাক নিজৰ নিজৰ ৰুমবোৰ দেখুৱাই দিলে । ৰুমত মুখ –হাত ধুই বাহিৰলৈ ওলাই আহি হে দেখিছোঁ গোটেইখন দেখোন ইলাহি কাৰবাৰ !! বাহিৰৰ লনত দুটা চুলাত গাহৰি মাংস সেকি থকা হৈছে । এটা চুলা ঘেৰি ভিনদেউ দুজন আৰু বা দুগৰাকী বহি আছে । ভাগিন কেইটাই ইফাল সিফাল কৰি আছে । কাষতে লেপি এটাত উচ্চস্বৰে বিহু গান বাজি আছে । লাজ লাজকৈ আমি দুজনো তেওঁলোকৰ কাষতে বহিলোগৈ । তেতিয়াহে গম পালো সেইদিনা গোটেই ফাৰ্মহাউচটো কেৱল আমি তিনিটা পৰিয়ালহে আছো । প্ৰদীপ ভিনদেৱে কৈছে- মেজি সাজি থৈছোঁ(চুইমিংপুলটৌলৈ আঙুলিয়াই ) কাষতে সৌটো পুখুৰী আছে নহয় তাতে জুবুৰা মাৰি মেজি জ্বলাম আৰু ।
ইতিমধ্যে দুই খৰিকা মান গাহৰি মাংস সিজিছিল । গৃহস্থ জোনে গাহৰি  মাংস কেইটুকুৰা আনি প্লেট এখনত থলেহিনিৰ্জুবাহঁতৰ লগত অহা সুধা আৰু দুজনমানে বাকী জোগাৰবোৰ কৰি দিলে হি । আমাৰ সমুখত থকা টেবুলখন চালাড, চাটনি, মাংস আৰু কল্ড ডিংকছেৰে ভৰি পৰিল । মই গাহৰি মাংস নাখাওঁ । পিছে পুৰা গাহৰি মাংসৰ গোন্ধ , চাটনি, অনুপমাবা, নিৰ্জুবা আৰু জোনৰ চিঞৰ বাখৰত মাংস এটুকুৰা ললো । মিছা নকওঁ সেই টুকুৰা পাছত আৰু কেইবাটুকুৰা মাংস খালো । মাংস পুৰি আছে , আনি আছে । তেনেতে অনুবায়ে চিঞৰি উঠিল-চাটনিখিনি কোনে বনাইছিল, ইমান ভাল লাগিছে ?
কাব্যই মিচিকিয়া হাঁহি মাৰি কলে-মই ।
মই গাহৰি মাংস খাই বেয়া পোৱা বুলি ভাবিয়েই চাগৈ নিৰ্জুবায়ে কলে –“মাধুৰীমা তোমাৰ বাবে মই হাঁহৰ মাংস ফ্ৰাই কৰিবলৈ কৈ আহিছিলোঁ , ইহতক আনিবলৈ কওঁ ৰবা ।
নিৰ্জুবাক বাধা দি মই কলো-মইয়ে লৈ আনোগৈ ৰব ।
মাংস আনিবলৈ বুলি ফাৰ্মহাউচৰ পাকঘৰত সোমালোগৈ । তিনিজন মানুহে সেই সময়ত আমাৰ বাবে ৰন্ধা বঢ়াৰ কামত ব্যস্ত আছিল । মই ভঙা ভঙা হিন্দীত প্ৰথমে মাংস খিনি খুজিলোঁ , তাৰ চামুচ খুজিবলৈ লওতেহে লাগিল লেঠা , চামুচৰ হিন্দী কি আছিল বা ?????
ইংৰাজী, অসমীয়া মিলাই কিবা এটা কবলৈ যাওঁতেই সুধাই সুন্দৰ অসমীয়াত কলে-আপোনাক চামুচ লাগে ন মাহী ?
মোৰ মুখ মেল খাই গল । সুধা নামৰ নিৰ্জুবাহঁতৰ বনকৰা ছোৱালীজনী খুব সম্ভৱ উত্তৰ প্ৰদেশৰ (মই পাহৰিলোঁ ) তাই ইমান ধুনীয়া কৈ অসমীয়া কব জানে নে..!!
মই আচৰিত হৈয়ে আকৌ উলটা পুলটা কৈ তাইক সুধিলোঁ-তুম অসমীয়া কব পাৰা !!
তাই হাঁহি মাৰি কলে ..
নিৰ্জুবা আৰু ভিনদেউলৈ শ্ৰদ্ধাত মূৰ দুৰ খাই গল । যি সময়ত অসমীয়া চাহাব সকলে ( মানে যি সকলে নিজকে চাহাব বুলি ভাবে , আচলতে এটা ধুলি কণা মাথোন ) নিজৰ ঘৰত অসমীয়া ভাষাটো জীয়াই ৰাখিবলৈ টান পাই তেনে ক্ষেত্ৰত এওঁলোকে নিজৰ ভাষাটো এনেকৈ ৰাখিছে ।
ভৰি উঠা মন এটাৰে মাংসৰ বাটিটো লৈ ওলাই গলো ।
ৰাতি হৈ আহিছিল । কয়লাৰ জুইৰ উত্তাপত আমাৰ আড্ডা জমি উঠিল । প্ৰত্যেকে বিহুৰ দিনৰ নিজৰ অভিজ্ঞতা সমূহ কবলৈ ধৰিলে । (এই অভিজ্ঞতা সমূহত ওলোৱা দুটা ঘটনা পাছত লিখিম ) 
১১ টা বাজিল । নিৰ্জুবায়ে অনুবা আৰু মোক মনত পেলাই দিলে যে আমি নাৰিকলৰ পিঠা পুৰা কথা আছিল । লগে লগে আমি কেইজনী উঠি গৈ লনৰ কাষতে থকা ৰুমটোত বহি ললো । এইবাৰ নাৰিকলৰ পিঠা পোৰা প্ৰতিযোগিতা চলিল । প্ৰথমে অনুবায়ে পুৰিলে, তাৰ পাছত মই , তাৰপাছত কাব্য , সুধা আৰু নিৰ্জুবায়ে । সুধাই ইমান ধুনীয়া কৈ পিঠা পুৰিলে যে মোৰ নিজৰ কেইখনলৈ চাই লাজেই লাগি গল । সকলোৱে এবাৰ এবাৰ পুৰি হোৱাত অনুবায়ে বাকীখিনি পুৰিবলৈ লাগি গল তাৰ মাজতে নিৰ্জুবাৰ বিহু নাচ চলি থাকিল । ইতিমধ্যে খোৱা টেবুলত ভাতৰ যা যোগাৰ আহিবলৈ ধৰিলে । পিঠা পনা সামৰি চাৰে বাৰমান বজাত সকলোৱে ভাত খাবলৈ বহিলোঁগাহৰি মাংসৰে ফুলি থকা পেটত কিমান নো ভাত ধৰিব, তথাপি খালো । খাই বৈ উঠিছোঁহে, কনচেং ভিনদেৱে তামোল পাণ লৈ সুধিছে কোনে কোনে তামোল খাব হয়নে । নাই তামোল খোৱা মানুহ কোনো নোলাল । গতিকে ভিনদেউৰ লগত মইয়ে ভালকৈ তামোল এখন পাগুলিলোঁৰাতি ১ টা বাজিল । পুৱা সোনকালে উঠিব লাগিব বাবে প্ৰত্যেকে নিজৰ নিজৰ ৰুমত সোমালোগৈ । মই যাওঁতে অনুবাক সকীয়াই থৈ গলো পুৱা যাতে ফোন এটা কৰি মোক তুলি দিয়ে । অনুবায়ে দুষ্ট হাঁহি এটা মাৰি কলে –যোৱা যোৱা তুলি দিম !
পুৱা ৬ বাজিছিল । কেনেকৈ জানো সাৰ পালো । কোনোমতে চকু মেলি চালো আন্ধাৰ হৈয়ে আছে । কাণ উনালো, নাই বাহিৰত একো শব্দ নাই । মবাইলটো খেপিয়াই সময়টো চালো । সময়টো চাই গৃহস্থক ঠেলা এটা মাৰি কলো ৬ টা বাজিল হে । তেওঁ টোপনিতে ভোৰভোৰাই উঠিল-শুই থাক । ইমান ঠাণ্ডাত কত মৰিবলৈ যাৱ তেওঁৰ গালি খাই আকৌ শুই পৰিলোঁচিলমিলকৈ টোপনি আহিছিল হে মোৰ ফোনটো টুংটুঙাই বাজি উঠিল । স্ক্ৰীণ খন চালো অনুবায়ে ফোন কৰিছে । ফোনটো ধৰাৰ লগে লগে তেওঁ কলে- মাধুৰীমা উঠিল নে ?
-ও
-অ তোমালোকৰ বাথৰুমত পানী আছে নে নাই বাৰু ? আমাৰ টোত নাই চাগৈ , ইমান কমকৈ ওলাইছে !
-হেহ হয় নেকি ! মই চাই আহি ফোন কৰি আছো ৰব ।
সেইবুলি কৈ বিচনাৰ পৰা নামিবলৈ লৈছোঁহে ধুপুচকৈ লুটি খাই পৰিলোঁ ! (এই কথাটো জোনৰ বাহিৰে কোনেও নাজানে ।) এন্ধাৰে-মুন্ধাৰে নামিছোঁ ,তাতে লোকৰ বিচনা কিমান দীঘল কেনেকৈনো গম পাম কিবা । তাতে জোনে লাইট জ্বলাবলৈও দিয়া নাই । ধুপুচ কৰা শুনি জোনে মুৰটো দাঙি সুধিলে-দোষ পালি নেকি ?
পালেও সেই সময়ত পাইছো বুলি কৈ জোনৰ গালি শুনিবলৈ নাই । গতিকে নাই পোৱা বুলি কৈ বাথৰুমত সোমালোঁটেপ খুলি চালো , পানী আছে । গিৰজাৰ চুইচটো অন কৰি অনুবালৈ ফোন লগালো । পানী আছে চোন অনুবা । অহ ! বুলি কৈ অনুবায়ে ফোনটো থলে । গা পা ধুই মেখেলা চাদৰ পিন্ধোঁ মানে চাৰে সাতটা বাজিল । মেখেলা চাদৰজোৰ যিমান পাৰোঁ টানকৈ পিন্ধিলোঁ , যাতে সিদিনা দিল্লীৰ আড্ডাত চাদৰ সোলোকা দি সোলোকি নাযায় ! ( সেই ঘটনাটো কোনোবাই ধৰিব পাৰিছিল যদিও নাজানোঁ দেই , সিদিনা তিনিবাৰ মান সোলোকিল) ওলাই আহি দেখিলো অনুবা গা পা ধুই সাজু ।
-আমাৰ টেপত কৰবাত ব্লক হৈ আছিল বাবে পানী অহা নাছিল জানা । সিঁহতৰ মানুহে আহি ঠিক কৰি গল ।
বাহঁতৰ ৰুমলৈ ভুমুকি মাৰি চালো ভাগিন দুটিৰ সৈতে ভিনিহি টোপনিত লালকাল । সিফালে আমাৰজনো লালকাল । দুইগৰাকী তললৈ নামি আহিলো । নিৰ্জুবা তেতিয়াও সাজু হোৱা নাছিল গতিকে আমি দুই গৰাকীয়ে ফাৰ্মহাউচৰ পৰিবেশটো চাও বুলি ওলাই গলো । হয়তো প্ৰায় দুটা বছৰৰ পাছত মই তেনে এটা পুৱা পাইছিলো, যিটো পুৱা কুঁৱলীয়ে আৱৰি আছিল, ঘাঁহবোৰ নিয়ৰে তিয়াই থৈছিল, চৰাইবোৰে কলকলাই আছিল , চৰাই মাতৰ বাহিৰে কোনো মাত ভাহি অহা নাছিল , আৰু এজোপা গছৰ ফাঁকেৰে ৰঙা হৈ বেলিটোৱে ভুমুকি মাৰিছিল । মনটো কিবা লাগি গৈছিল । অলপ সময় ঘুৰা পকা কৰাৰ পাছত নিৰ্জুবাও আমাৰ লগ লাগিছিল । এইবাৰ তিনিও গৰাকী অসমীয়া বোৱাৰী আগবাঢ়িলোঁ আৰৱলী পাহাৰত জ্বলাবলৈ সাজি থোৱা মেজিটোৰ ফালে । ভিনদেউ প্ৰদীপ শইকীয়াই অকলে কঁপি কঁপি মেজিটোৰ কাষত ৰৈ আছিল । অনুবা আৰু মই আমাৰ মানুহ কেইজনক মাতি আনিবলৈ বুলি নিজৰ নিজৰ ৰুমলৈ গলো । ৰুমত সোমায়ে আচৰিত , ওলাই যোৱাৰ আগতে কনচেং ভিনদেউ আৰু অনুবায়ে বিহু বুলি জোনক উপহাৰ দিয়া কুৰ্তা পাইজামাজোৰ বিচনাত থৈ কৈ গৈছিলোঁ-পিন্ধিব আক ।
জোনে কোনো দিনে তেনে একো পোছাক পিন্ধা নাছিল । সেইবাবে ৰুমত সোমাই জোনক দেখিয়েই আচৰিত হৈ গৈছিলোঁ(প্ৰায়ে মন গলেই তাৰ ডিঙিত ধৰি ওলমি  দিওঁ ,যিমানহে ওখ ) তালৈ এপলক চাই ডিঙিত ওলমি দি গালত টুকুৰিয়াই কলো-“ মুখ লাগিব চাব আক ।
এইফালে ৰূপহ কোঁৱৰ হৈ জোন ওলাল , সিফালে কানাই হৈ ওলাল অয়ন । ডেকা লৰা হৈ ওলাল ১২ বছৰীয়া মৌমন !!! হে ইশ্বৰ !!
৮ মান বজাত প্ৰদীপ ভিনদেৱে মেজিত জুই দিলে । লগে লগে পিঠা পনা হাজিৰ । লগতে ৰঙা চাহ । কাষতে বিহু গান বাজি আছে । নিৰ্জুবাই এপাক নাচিলেই , কাব্যইও নাচিলে । নাচিবলৈ গা ভাঙি থকা সুধাই তেওঁলোকক দেখি ৰবই নোৱাৰিলে । উত্তৰ প্ৰদেশৰ ছোৱালীয়ে কঁকাল ভাঙি ভাঙি বিহু নাচিলে । লগতে সহযোগ কৰিলে অনুবা, কনচেং ভিনদেউ আৰু প্ৰদীপ ভিনদেৱে । পিছে সেই ঠাইতে বিহু নাচি হেঁপাহ নপলোৱাত আমি নাৰী সকল লনলৈ নামি আহিলো । আকৌ বিহু নাচ ।
নাচ শেষ হল । এইবাৰ আহিল জলপান । চিৰা , দৈ গুৰেৰে সকলোৱে জলপান খালে । খাই বৈ পুৰুষ সকল এফালে গল , নিৰ্জুবা, অনুবা আৰু মই ফাৰ্মহাউচৰ এফালে থকা শাকনি বাৰীখনলৈ বুলি পোনালোঁগোটেই নেমু গছ । পকা পকা নেমুৰে ভৰি আছিল । নাৰী মন ! গছ এজোপা হাওলাই নেমু দুটামান চিঙিহে তত ।
পুৱা ন মান বাজিছিল চাগৈ । এবাৰ ৰদ চাই ঘাঁহনিত সকলো বহি পৰিলোঁপুনৰ আড্ডা জমি উঠিল । এই আড্ডাই সাহিত্য, বুৰঞ্জী , ৰাজনীতি, লেটা, গাহৰি মাংস, সকলোকে সামৰি ললে । ১২ টা বাজিল । কাৰো খবৰেই নাই । মাথো আখৈ ফুটা দি কথা ফুটিছে । প্ৰদীপ ভিনদেৱে সময়টো সকলোকে সোঁৱৰাই দিলে । অনিচ্ছা স্বত্বেও আড্ডা ভাঙিব লগা হল । আকৌ খোৱাৰ যা যোগাৰ । এইবাৰ ফাৰ্মহাউচৰ পুখুৰীটোৰ(চুইমিং পুলটো) কাষৰ লনখন  সকলোৱে খাবলৈ বহিলোঁকনচেং ভিনদেৱে মুখত গামোচাৰে পাগ এটা মাৰি কলে –মই বিলনীয়া দেই । তেওঁ বিলাবলৈ ধৰিলে । ভিনদেউৰ সৈতে মই বিলনীয়া হৈ দিলোঁএটা যুগৰ মূৰত তেনেকৈ ভাত খোৱা যেন লাগিল । ভাত পানী খাই নিৰ্জুবা , অনুবা আৰু মই পুনৰ ফাৰ্মহাউচৰ এফালে খোজ কাঢিবলৈ গলো । ধেৰ কথা ওলাল । ঘুৰি আহি দেখোঁ বাকী ৰাইজ যাবলৈ সাজু । লৰালৰিকৈ নিজেও যিমান পাৰোঁ বস্তু সামৰিলোঁনিৰ্জুবায়ে অনুবা আৰু আমাৰ বাবে দুটা টিফিনত ভৰ্তি কৈ দুবাটি হাঁহৰ মাংসও ভৰাই দিলে । তাৰ লগতে পিঠা পনাবোৰো আছেই । প্ৰায় তিনিটা মান বজাত আমি ফাৰ্ম হাউচৰ পৰা ওলাই আহিলো ।
বাটে বাটে টোপনিয়াই টোপনিয়াই মাথো এটা কথাই ভাবি আহিলোঁ-

বিহু আচলতে কেনেকৈ পালন কৰা হয়... ?? হয়তো আমি তেনেকৈ বিহু পালিব নোৱাৰিলোঁ । জীৱনৰ ব্যস্ততাৰ বাবে সময়তকৈ এদিন আগেই মেজিও জ্বলালো । পিছে  বিহু হিচাপে যি এটা দিন আমি তাত কটালোঁ, যিমান আন্তৰিকতাৰে এজনে আনজনৰ সৈতে উৎসৱটিৰ সুখ বিনিময় কৰিলোঁ সেইয়া হয়তো মনত ৰৈ যাব । আন্তৰিকতাই সম্বন্ধ গঢ় দিয়ে, আন্তৰিকতাই পৃথিৱীখন সৰু কৰি পেলাই ,  আন্তৰিকতাই জীৱনৰ প্ৰতিটো দিনেই উৎসৱ মুখৰ কৰি তোলে ,সেইয়া সেই সময়খিনিয়ে প্ৰমাণ কৰি দিলে ।

কৃতজ্ঞতাৰে....
ভিনদেউ প্ৰদীপ শইকীয়া, কনচেং বৰগোহাঁই , নিৰ্জুবা, অনুবা, কাব্য, মৌমন , অয়ন, সুধা আৰু জোনৰ হাতত ।