Wednesday, 13 November 2013

অলং দলং কৰি সপোনৰ পম খেদি





সৰু অঞ্চলটোত ঘটনাটো বিয়পি পৰিবলৈ বেচি সময় নালাগিল । ঘটনাটো শুনি কিছুমানে ইছ-আছ কৰিলে , কিছুমানে নতুন প্ৰজন্মক গালি পাৰিলে ,কিছুমানে আকৌ ৰং চাবলৈ ঘাই আলি বাটলৈ দৌৰি গল ।
মানু তেতিয়া পাকঘৰত ব্যস্ত হৈ আছিল । দেওবাৰ বাবে পুৱাৰে পৰা কামবোৰ অলপ লেহেমীয়া গতিত হৈ আছিল । গতিকে দুপৰীয়া সাঁজ ৰান্ধিবলৈ লওঁতে প্ৰায় এটা  মান বাজিল । চৌকাত কেৰাহীখন তুলি দালিখিনি তেল মাৰিবলৈ বুলি লওঁতে আঠ বছৰীয়া পুতেক মৰমে আহি ফোপাই ফোপাই কলেহি
-মা,জানা ঘাই আলিবাটত যে ভিক্ষাৰী এজনীক মটৰ চাইকেলে খুন্দিয়াই মাৰিলে !
-কি ?
-অ দেতা আৰু মই সেইফালে ওলাই গৈছিলোঁ নহয়,তেতিয়াই দেখিলোঁ । মানুহজনী লগে লগে মৰিল ।
মৰমৰ কথা শুনি মানুৱে দালিখিনি কেৰাহীত ঢালিয়েই বাৰাণ্ডালৈ ওলাই আহিল । গিৰিয়েক ৰাতুলে জোতা চাফা কৰি আছিল । মানুৱে ৰাতুললৈ চাই প্ৰশ্ন কৰিলে
-ঘাই আলিবাটত বোলে কাৰোবাক মটৰ চাইকেলে খুন্দিয়ালে ?
-ও । আমাৰ ইয়ালৈ প্ৰায়ে মাগিবলৈ আহে, সেই বুঢ়ী গৰাকীক খুন্দিয়ালে । লগে লগে ঢুকাল ।
-আমাৰ ইয়ালৈ আহে মানে ? তৰাদৈ বুঢ়ীৰ কথা কৈছে ?
-ও । কৰবাৰ অচিনাকি লৰা এটাই খুন্দিয়াই থৈ পলাল । ওচৰে পাজৰে থকা মানুহবোৰে তৰ্কিবই নোৱাৰিলে ।
ৰাতুলে গোটেই ঘটনাটোৰ বৰ্ণনা দিব খুজিছিল কিন্তু মানুৰ শুনিবলৈ মন নগল । পাকঘৰৰ কামৰ অজুহাত দেখুৱাই তাই ৰাতুলৰ কাষৰ পৰা আঁতৰি আহিল ।

তাৰ পাছৰ সময়খিনি আনবোৰ দেওবাৰৰ দৰেই পাৰ হৈ গল । গা পা ধুই ভাত খাই উঠি ৰাতুল আৰু মৰম গৈ টিভিৰ কাষত বহিল গৈ । মানুৱে ঘৰৰ কাম বনবোৰ কৰি আজৰি হৈ বিচনাত বাগৰিল । মৰমে এবাৰ আহি  কেঁচুৱাৰ দৰে মাকক অলপ আমনি কৰিলহি যদিও বাপেকে মতাত পুনৰ গৈ টিভিৰ কাষত বহিল গৈ ।
স্বাভাৱিক ভাৱেই সকলো কাম কৰি আছিল যদিও ঘটনাটো শুনাৰ পাছত মানুৰ মনৰ মাজত এজাক ধুমুহা বলিবলৈ আৰম্ভ কৰিছিল তৰাদৈ বুঢ়ীক অৱশেষত গাড়ীয়ে খুন্দিয়াইহে মাৰিলে নে ! ৰাতুলৰ চাকৰি সংক্ৰান্ত মানুহঁত বিভিন্ন সময়ত বিভিন্ন  অঞ্চলত থাকিব লগা হৈছে । দুবছৰৰ আগত হে নিজৰ ঘৰুৱা চহৰৰ এই অঞ্চলটোলৈ ৰাতুল বদলি হৈ আহিছিল । তেতিয়াৰে পৰা মানুৱে তৰাদৈ বুঢ়ীক দেখি আহিছে । তৰাদৈ বুঢ়ীয়ে প্ৰায়ে একেখিনি মানুহৰ ঘৰতে ভিক্ষা খুজিবলৈ আহে । অৱশ্যে মানুহবোৰে বুঢ়ীক কেতিয়াও বিমুখ নকৰে । বুঢ়ীৰ এটা ডাঙৰ দুৰ্বলতা আছিল ,মটৰ গাড়ী ,চাইকেল যি বাহনেই নহওঁক কিয় আঁতৰত দেখিলেই বুঢ়ী গৈ বাটৰ কাষত ৰয় গৈ । কেতিয়াবা বাটৰ কাষৰ খালবোৰতো নামি দিয়ে । এই বাহনবোৰলৈ বুঢ়ীয়ে বিৰাট ভয় কৰিছিল । সৰু সৰু লৰা ছোৱালীয়ে বোৰে কেতিয়াবা চাইকেল লৈ বুঢ়ীক খুব ভয় খুৱাইছিল ।
যিকোনো বাহন দেখিলেই ভয় কৰা বুঢ়ীজনীক আকৌ মটৰ চাইকেলেহে খুন্দিয়াই মাৰিব লাগে নে ! জীৱনৰ যে কি লীলা ! মানুৰ চকুহাল তাইৰ অজানিতে চলচলীয়া হৈ পৰিল ।
-মানু চাহ খাবা নেকি ?
শোৱনি-কোঠাৰ দুৱাৰখনৰ পৰাই ৰাতুলে ভুমুকিয়াই সুধিলে । মানুৱে লৰালৰিকৈ চকুকেইটা মোহাৰি তালৈ চালে
-মই নাখাওঁ । তুমি নিজে চাহ কণ কৰিবাগৈ নে মই কৰি দিব লাগিব ?
-তুমি নালাগে দিয়া ।
মানুক বাধা দি ৰাতুলে পাকঘৰলৈ বুলি খোজ আগবঢ়ালে । মানুৱে ভালেই পালেই । তাইৰ আচলতে একো কৰিবলৈ মন যোৱা নাছিল । এই বিচনাখনতে যেন তাই পৰি ৰব এনে লাগিছিল । আচলতে আজি অলপ দিনৰ পৰা মানুৰ মনটো ঠিক নহয় । অলপ দিন মানে যোৱা সপ্তাহত শিৱ দললৈ যোৱাৰ দিনাৰ পৰাই মানুৰ মনটো কিবা-কিবি খেলিমেলি ভাৱে ক্ৰিয়া কৰি আছে
বহুদিনৰ মূৰত সিদিনা শিৱ দললৈ বুলি ওলাইছিল পূজাৰ থালি খন লৈ শিৱ দলৰ খটখটী কেইটাত ভৰি থৈছিলহে ,ৰাতুলৰ হাতত ধৰি জপিয়াই  জপিয়াই আগত যোৱা মৰমে চিঞৰি উঠিছিল-মা মা সৌ পাগলীজনীলৈ চোৱা ,কেনেকৈ মাটিত বাগৰি বাগৰি হাঁহিছে ।
মৰমৰ চিঞৰত মানুৰ চকু আপোনা-আপুনি সি আঙুলিয়াই দেখুৱাৰ ফালে গল । সঁচাই ফটা-ছিটা কাপোৰ পিন্ধা পাগলী এজনীয়ে খিলখিলাই হাঁহি আছিল । পাগলীজনীলৈ অলপ চাওঁতেই তাইৰ চকুৱে চকুৱে পৰিলত মানু চক খাই উঠিল !

-মা,দেতাই নহয় মোক কাৰ্টুন চাবলৈ দিয়া নাই ।
মৰমৰ মাতত মানু ভাৱৰ ৰাজ্য পৰা ঘুৰি আহিল ।
-দেতাক কবা যোৱা তুমি যদি মোক কাৰ্টুন চাবলৈ নিদিয়া মই তোমাক আজিৰ পৰা নামাতো আৰু ।
মাকৰ পৰা বুধিটো পাই মৰম বাপেকৰ ওচৰলৈ দৌৰ মাৰিলে । মানুৰ মুখত মিচিকিয়া হাঁহি এটা বিৰিঙি উঠিল । প্ৰায়েই এইদৰে মৰমে বাপেকৰ বিৰুদ্ধে গোচৰ দিয়ে হি । যেন গোচৰ বিচাৰ কৰা দায়িত্ব কেৱল মানুৰ হে আছে ।

গোচৰৰ বিচাৰ কৰা দায়িত্ব ৰিতুৰো আছিল । মানুহঁতৰ সময়ত সিহঁতৰ কলেজৰ হোষ্টেলখনৰ সকলোতকৈ জনপ্ৰিয় আৰু স্পষ্টবাদী ছোৱালীজনীয়েই আছিল ৰিতু । কাৰোবাৰ ৰুমমেটৰ সৈতে বা আন কাৰোবাৰ সৈতে কিবা থৈয়া-নথৈয়া লাগিল, সোপাই আহিব ৰিতুৰ কাষলৈ । কাৰোবাৰ গা বেয়া ,ডাক্তৰৰ ওচৰলৈ নিব লাগে , কাৰোবাৰ হোষ্টেলৰ মাহেকীয়া ফিজ দিবলৈ টকা নাই, কিহৰ চিন্তা, ধনীৰ বাপেকৰ জীয়েক ৰিতু আছে নহয় । মুঠতে ৰিতুক প্ৰতিটো কামতেই লাগে । সেই সময়ত ৰিতুৰ জীৱনৰ প্ৰতি থকা দৃষ্টি ভংগী দেখিলে মৰি যাব খুজা মানুহো জীয়াই উঠিলহেঁতেন চাগৈ । সৰুতেই মাকক হেৰুৱা ৰিতুক দেউতাক আৰু ককায়েক দুজনে বৰ আলফুলে ডাঙৰ কৰিছিল । ৰিতুৰ ভাল বান্ধৱী হোৱা বাবে মানুৱে কেইবাবাৰো সিহঁতৰ ঘৰখনলৈ গৈছিল । ঘৰখনত ৰিতুৰ প্ৰভাৱ দেখি মানু আচৰিত হৈ গৈছিল । ৰিতুৰ শোৱনি-কোঠাতোতো সিহঁতৰ লগৰ সোপাৰ বাবে সপোনৰ কোঠা আছিল । সেইজনী ৰিতুৰ বিয়ালৈকে মানু যাব নোৱাৰিলে । মানুৰ গৰ্ভত মৰম আছিল । তাতে মানুহঁত তেতিয়া অলপ দূৰৈৰ চহৰতো আছিল । ৰিতুৱে অৱশ্যে তাইৰ অসুবিধাটো বুজিছিল । তাইক বেয়া পোৱা নাছিল । বিয়াৰ প্ৰথম এবছৰলৈকে ৰিতুৱে ফোনৰে খুব সঘনাই সিহঁতৰ সৈতে যোগাযোগ কৰি আছিল । তাইৰ জীৱনটোক লৈ তাই কিমান সুখী সেইয়া তাইৰ মাত কথাতে বুজা গৈছিল । পিছে লাহে লাহে তাইৰ সৈতে ফোনৰ যোগাযোগ কমি আহিল । আৰু এটা সময়ত একেবাৰে বন্ধ হৈ পৰিল । মানুৱে লগৰ ইজনী সিজনীৰ পৰা ৰিতুৰ দুই এটা খবৰ পাইছিল । কিন্তু খবৰবোৰে তাইক হতাশ কৰিছিল । এদিন লগৰ এজনীৰ পৰা এটা খবৰ পাই মানুৱে আৰু সহিব নোৱাৰিলেৰাতুলক লগত লৈ ৰিতু মাকৰ ঘৰখনত ওলালগৈ । মানুৰ বাবে তাত এটা ভয়ংকৰ সত্যই ৰৈ আছিল ।
ৰিতুৰ দুয়োজন ককায়েকে কেতিয়াবাই বিয়া পাতিছিল । ডাঙৰজন দূৰৈৰ চহৰ এখনত থাকে । সৰুজনহে মানুৱে চিনিপোৱা ৰিতুৰ পুৰণা ঘৰখনত থাকে । ইতিমধ্যে ৰিতুৰ দেউতাকো ঢুকাইছিল । মানুৱে নিজৰ চিনাকী দিয়াৰ পাছতে ৰিতুৰ বৌয়েকে ভোৰভোৰাই উঠিল-ডাঙৰজনেটো উভতিও নাচায় । আমাৰ এইজনক অঁকৰা পাই এওঁৰ মূৰতে সকলোৱে বোজাবোৰ জাপি দিয়ে । ওপৰতে কবলৈ বৰ সহজ কিন্তু যাৰ ঘৰত এনেকুৱা মানুহ থাকে সেইঘৰখনেহে বুজি পাই কিমান কষ্ট হয় ।
-তুমি অলপ মনে মনে থাকাচোন । এওঁ ইমান দূৰৈৰ পৰা আহিছে ।
ৰিতুৰ ককায়েকে ঘৈণীয়েকক ভেকাহি মাৰি উঠিল । তাৰ পাছত অবাক হৈ চাই থকা মানুলৈ চাই কলে
-বলা ।
মন্ত্ৰমুগ্ধৰ দৰে মানু ৰিতুৰ ককায়েকৰ পাছে পাছে আগবাঢ়িল । ৰাতুলে মৰমক লৈ বহা কোঠাতে থাকিল । চিনাকী যেন লগা কোঠা এটাৰ সমুখত মানুৱে ৰৈ যোৱা দেখি ৰিতুৰ ককায়েকে কওঁ নকওঁকৈ কলে-সেইটো কোঠাত আজিকালি মোৰ ডাঙৰ লৰাটো থাকে ।
মানুৱে মানুহজনৰ চকুলৈ চালে । মানুৰ চকুৰ দৃষ্টি  সহিব নোৱাৰি তেওঁ চকু তল কৰিলে ।

-মই ককাইদেউহঁতক কৈ দিছোঁ ,মই বিয়া হৈ আনৰ ঘৰলৈ গলেও মোৰ কোঠাটো মোৰ হৈয়ে থাকিব কিন্তু ।
সৰু ককায়েকৰ ডিঙিত ওলমি ৰিতুৱে কৈছিল । সেইদিনা তাইৰ জন্মদিনৰ উপলক্ষে মানু আৰু তাইৰ লগৰকেইজনী মান ৰিতুৰ ঘৰলৈ আহিছিল

আজি সেইজনী ৰিতুৰে কোঠাতো তাইৰ ভতিজাকে দখল কৰি ললে ।
-আহা ।
বস্তু জমা কৰি থোৱা কোঠা যেন লগা কোঠা এটাৰ দৰজাখন খুলি ৰিতুৰ ককায়েকে মানুক মাতিলে । ৰুমটো পাতলীয়া আন্ধাৰে ভৰি আছিল । পোহৰৰ পৰা অহাৰ বাবেই মানুৱে একো মুনিব নোৱাৰিলে । ককায়েকেও কথাটো বুজিব পাৰি বেৰত থকা চুইচ বৰ্ডখনত হাত বুলাই লাইট জ্বলাই দিলে । প্ৰখ্যাত লেখিকা মামণি ৰয়চম গোস্বামীৰ বাইদেৱে নিজৰ লেখাবোৰত ব্যৱহাৰ কৰা সেই বিশেষ শব্দ কেইটা যেন মানুৰ বাবে ৰৈ আছিল ।
বিস্ময়কৰ ! বিস্ময়কৰ !!
খেলি মেলি হৈ থকা লেতেৰা বিচনা এখনৰ ওপৰত আউলি-বাউলি চুলিৰে ৰিতু বহি আছিল । চকুত  ভয়াৰ্ত্ত চাৱনি । যেন কোনোবা দস্যুৱে তাইক খেদি আহিছে । মানু কাষলৈ আগবাঢ়ি যাব খুজিছিল কিন্তু ককায়েকে মানুৰ হাতখন খামোচি ধৰি কলে-নাযাবা । তাই মানুহলৈ ভয় কৰে । আক্ৰমণ কৰি দিব পাৰে ।
টলং-ভটং খোজেৰেই মানু কোঠাটোৰ পৰা ওলাই আহিল । কান্দিব খুজিও যেন তাই কান্দিব পৰা নাই । তাইৰ অৱস্থাটো দেখা পাই ৰিতুৰ বৌয়েকে লৰালৰিকৈ পানী এগিলাচ আনি দিলেহি । প্ৰায় বিশ মিনিট মানৰ পাছতহে মানু স্বাভাৱিক ৰূপলৈ আহিল । তাইক সুস্থ হোৱা যেন দেখা পাই ৰিতুৰ ককায়েকে নিজেই আৰম্ভ কৰি দিলে
-ভণ্টীকটো তোমালোকেই ভালদৰেই জানিছিলা । কিমান সৰল আছিল । আমি বিচৰামতেই ককাইদেউৰ বন্ধু পৰাণ সৈতে বিয়াত বহিছিল । পৰাণকটো তাইৰ বহু আগৰে পৰাই চিনি পাইছিল । গতিকে বিয়াত একো আপত্তিও কৰা নাছিল । আৰু আপত্তি কৰিবইনো কিয় পৰাণ দেখাই শুনাই ভাল লৰা আছিল ধনী ঘৰখনৰ একমাত্ৰ লৰা । বিয়াখন হৈ গল । প্ৰথম দুবছৰ মান ঠিকেই গল । তাৰ পাছতহে মন কৰিলোঁ তাই ঘৰলৈ আহিলে প্ৰায়েই মন মাৰি থাকে । আমাকো একো নকয় । এদিন বৌয়ে পেৰি পেৰি সোধাত কলে বোলে তাইৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাই । আৰু সেইবাবেই পৰাণৰ ঘৰখনে তাইক কিবা কিবি শুনাই থাকে । কথাটো আমি যিমান গুৰুত্ব দিব লাগিছিল সিমান নিদিলোঁ । সেইখিনিতেই আমাৰ ভুল হৈ গল । হয়তো তেতিয়াই আমি কিবা পদক্ষেপ লোৱা হলে ভণ্টীৰ এনে অৱস্থা নহলহেঁতেন । এনেকৈ আৰু এবছৰ মান গল । এদিন পৰাণৰ মাক দেউতাকে আমাক জৰুৰী ভাৱে মাতি পঠিয়ালে । ককাইদেউ আৰু মই গলো । গৈ দেখোঁ ভণ্টীয়ে প্ৰায় পাগলামী আৰম্ভ কৰি দিছে । পৰাণৰ মাক দেউতাকে কলে যে সিহঁতে এনেকুৱা পাগলী বোৱাৰী নিবিচাৰে । সিহঁতি বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰা বুলিও কলে । ভণ্টীক আমি লৈ আনিব খুজিলোঁ পিছে তাই কোনোমতেই সেই খন ঘৰ এৰি আহিব নুখুজিলে । উপায়হীন হৈ তাইক তাতে এৰি আহিব লগা হল । আৰু এদিন পৰাণে নিজেই তাইক ঘৰত থৈ গলহি । ছমাহ মানৰ পাছত সিহঁতৰ বিবাহ বিচ্ছেদো হৈ গল । পৰাণে ঘৰত থৈ যোৱা সময়খিনিলৈকে ভণ্টী সিমান অস্বাভাৱিক হোৱা নাছিল । কথা বতৰা কমকৈ পাতিছিল যদিও ইফালে সিফালে ওলাইও গৈছিল । কিন্তু বিবাহ বিচ্ছেদৰ পাছত মানসিক ভাৱে একেবাৰে ভাঙি পৰিল । এতিয়া তাই নিজকো চিনি নাপায় । কেতিয়াবা ঘৰৰ পৰা ওলাই কৰবালৈ গুছি যাব খুজে । সেইবাবেই ৰুমত বন্ধত কৰি থব লাগে । খোৱা-বোৱাৰো কোনো থান-থিত নাই । কেতিয়াবা খাই ,কেতিয়াবা ভাতৰ কাঁহী মানুহৰ গালৈকে দলিয়াই দিয়ে ।
-তাইৰ একো চিকিৎসা কৰা নাছিল নেকি ?
-বহুত কৰিলোঁ । অলপ দিন ভাল হয় আকৌ উকাই । এতিয়া ভাগৰি গৈছোঁ ।
-বৰ ককায়েকে নিজৰ লগত নাৰাখে । নিজৰ জীয়ৰী ছোৱালী আছে বোলে । ঘৰতে পাগলী এজনী আছে বুলি গম পালে কোনে তেওঁৰ ছোৱালী বিয়া কৰাব হেনো ।
ৰিতুৰ বৌয়েকে সুবিধা বুজি আকৌ মাত মাতিলে । তেওঁ হয়তো নিজৰ অপৰাধবোৰ ঢাকিবলৈ চেষ্টা কৰিছিল ।

ভাঙি চিঙি ছাৰখাৰ হৈ যোৱা মন এটাৰে মানু ৰিতুৰ ঘৰৰ পৰা উভতি আহিছিল । আনকি ৰিতুক দ্বিতীয়বাৰ বাবে চাবলৈ যাবলৈও তাই সাহস গোটাব পৰা নাছিল । সময়বোৰ তেনেকৈয়ে পাৰ হৈ গৈছিল । ৰিতুৰ অস্তিত্বই দিয়া ঘাঁ টুকুৰা শুকাবলৈ ধৰিছিল হে তেতিয়াই  সিদিনা শিৱ দলৰ কাষত মৰমে চিঞৰি উঠিছিল- মা মা সৌ পাগলীজনীলৈ চোৱা ,কেনেকৈ মাটিত বাগৰি বাগৰি হাঁহিছে ।
ৰিতুৱে পাগলীজনীৰ কাষলৈ গৈ ভালদৰে চাইছিল । হয়,সেইজনী ৰিতুৱেই হয় । জুটুলা জুটুলি চুলিত লেউ লেউ ওকণীৰে ,ফটা-ছিটা কাপোৰ পিন্ধি বস্তা এখন বহি থকা সেইজনী সিহঁতৰ মৰমৰ ৰিতুৱেই হয় । জীৱনৰ প্ৰতি সদায় এক ধনাত্মক দৃষ্টি লৈ নিজৰ লগতে পলকতে আনৰ মনো সজীৱ কৰিব তুলিব পৰা এইজনীয়েই সেইজনী ৰিতু যি এতিয়া নিজকো চিনি নাপায় ।  কাষৰ মানুহবোৰক অবাক কৰি মানু তাতে কান্দোনত ভাগি পৰিছিল । সেইদিনা আৰু দলত পূজা দিয়া নহল । ঘৰলৈ অহা উৰে বাটটো মানু উচুপিয়ে থাকিল । ৰাতি শুবৰ পৰত ৰাতুলে লাহে লাহে তাইৰ চুলিত আঙুলি বুলাই কলে-কাষৰ দোকানী এজনক সুধিছিলোঁ, ৰিতুক বোলে তিনি মাহ মানৰ আগৰ পৰা তাত দেখিছে । ককায়েকহঁতে হয়তো নিজৰ ঘৰত ৰাখিব নোৱাৰিলে ।
ৰাতুলৰ কথা শুনি মানু আকৌ উচুপি উঠিল । ৰাতুলে এইবাৰ মানুক নিজৰ বুকুত সোমোৱাই কলে-মই বুজি পাইছোঁ তোমাৰ কিমান দুখ লাগিছে । গাঁৱত থকা মা দেউতাৰ সৈতে আমাৰ এই সৰু সংসাৰখনৰ বাবে মোৰ সৰু চাকৰিটোৰ দৰমহাৰে কিমান জোৰা টাপলি মাৰিব লগা হয় সেয়া তুমি ভালদৰেই জানা মানুমোৰ যদি আৰু অলপমান আৰ্থিক স্বচ্ছলতা থাকিলহেঁতেন তাইক মই আমাৰ ঘৰলৈকে লৈ আনিলোঁহেঁতেন । মোক তুমি বেয়া নাপাবা ।
মানুৱে মুৰটো অলপ জোকাৰি আকৌ কান্দোনত ভাগি পৰিল ।

-মা,মা নুঠা নেকি ?
মৰমৰ চিঞৰত মানু খকমক খাই উঠিল । ৰিতুৰ কথা ভাবি থাকোঁতে কেতিয়া জানো টোপনি আহিল গমেই নাপালে । নিজৰ চকুহাল চুই চালে । তেতিয়াও ভিজি আছে । বাথৰুমত সোমাই মুখ হাত ধুই তাই পাকঘৰত সোমাল । চাহ কাপ কৰি থাকোঁতেই তাই নতুনকৈ কথা এটা ভাবিলে । কথাটো ভাবি মনটো অলপ পাতল পাতলো লাগিল । চাহ দুকাপ লৈ বাৰাণ্ডালৈ ওলাই আহিল । ৰাতুলে তেতিয়া বাৰাণ্ডাত বহি কিবা কিতাপ এখন পঢ়ি আছিল ।
-অহা দেওবাৰে আকৌ দললৈ যাম দিয়া ।
ৰাতুলে সমুখত চাহ কাপ থৈ তাই কলে । ৰাতুলে কৌতুকেৰে মানুলৈ চোৱাত তাই মুখত হাঁহি এটা লৈ পুনৰ কলে
-কান্দিবলৈ নাযাওঁ বাৰু । যোৱাবাৰ চাকি গজ জ্বলোৱা নহল নহয় ,এইবাৰ জ্বলাম গৈ ।
কথাষাৰ শুনি ৰাতুলে সন্তুষ্টিৰে মূৰ দুপিয়ালে । মানুৱে চাহ কাপত শোহা এটা মাৰি ক্ৰমান্বয়ে আন্ধাৰ হৈ আহিব খুজা আকাশখনলৈ চালে । এৰা ,তাই দলত শৰাই দিবলৈ যাব , ভগৱানৰ ওচৰত মূৰ দোৱাবলৈ যাব কেৱল ৰিতুৰ বাবেই । এই স্বাৰ্থপৰতা আৰু অসহায় মানুহৰে ভৰি থকা পৃথিৱীখনত যে তাইৰ দৰে নিষ্পাপ মনৰ মানুহৰ কোনো প্ৰয়োজন নাই তাকে ভগৱানক জনাবলৈ মানু দললৈ যাব । তাইৰ ৰিতুৰ মৃত্যু কামনা কৰি ভগৱানৰ ওচৰত মূৰ দোৱাবলৈ যাব !!



No comments:

Post a Comment