Sunday, 11 August 2013

ওলোটা খৰ-





১) পত্নী মানেই আলু পিঁয়াজৰ পৰা আদি কৰি বজাৰৰ তালিকা  
-এৰা বজাৰ কৰি অনা সোপাই আলু পিঁয়াজ পত্নীয়ে অকলে খাই যে !

২) পত্নী মানে ঘৰ লাগে আমুক লাগে তামুক লাগে , ই.এম.আই দি ভাগৰি যোৱা জীৱন ।
-ঘৰটো,ঘৰটোৰ বাবে লোৱা আচবাববোৰৰ সৈতে পত্নীয়ে অকলে থাকে যে ! নিজাকৈ ঘৰ এখন থকা সুখটো কেৱল পত্নীয়েহে পাই !

৩) পত্নী মানেই ষ্টাৰ প্লাছৰ চিৰিয়েল ।
-তুমি অফিচৰ কামত ফাঁকি দি দিনৰ দিনটো ফেচবুক কৰা । মই জানো তেতিয়া কিবা কওঁ ? ঘৰলৈ আহিও মাজৰাতিলৈকে ফেচবুককে কৰি থকা,তেতিয়া জানো মই কিবা কওঁ ? কিন্তু মই যেতিয়া নিজৰ সকলো কাম সুচাৰুৰূপে কৰিও টিভিত কিবা এটা চাওঁ তোমাৰ কিয় গা জ্বলে ?

৪) পত্নী মানেই মুখৰ বান্ধ নথকা । কেৱল পেতেৰ পেতেৰ...

-এদিন গা বেয়া হৈ মুখ বন্ধ থাককচোন ,গোটেই ঘৰখন মৰিশালিৰ দৰে লাগিছে বুলি তুমিয়েই মন মাৰি থাকিবা ।

৫) প্ৰেমিকা মানে খৰচৰ আহিলা ।
-প্ৰেমিকা যদি খৰচৰ আহিলাই হয়,কিয় তেনে আহিলা গোটাই লোৱা ? কিয় পাছে পাছে ঘুৰি ফুৰা ?

৬) সীতাক বিচাৰি ঘুৰি ফুৰা ,অথচ নিজকে চিকুটি নোচোৱা তুমি ৰাম হব পাৰিছা নে নাই !

৭)পুৰুষ হয় জীৱিত নহয় বিবাহিত !
-ৱাহ ৱাহ ৱাহ ! বিনামূল্য পোৱা ধুবুনী, ৰান্ধনী , কাম কৰা বাই , মানসিক আৰু শাৰীৰিক তৃপ্তি দিয়া এটা প্ৰাণী যিটিয়ে বিবাহৰ নামত নিজৰ সকলো সম্পৰ্ক এৰি আহি তোমাক আকোৱালি লয় তেওঁ আকৌ তোমাৰ বাবে যম হে হল নে ???

No comments:

Post a Comment