Monday, 22 July 2013

ৰংপুৰ ছাত্ৰী নিবাস



শ্যামলিকাবাই এদিন কলে –মাধুৰীমা, আমাৰ আৰ.চি.এনৰ দিনবোৰৰ কথাও লিখিবা অ
আৰ.চি.এন ৰ কথা ! কত কথাই যে মনত উগুল-থুগুল লগাই থাকে । মোৰ অনুভৱৰ কঠীয়াতলী ৰংপুৰ ছাত্ৰী নিবাসৰ বাবে জানো শব্দৰ অভাৱ হ?  নহয়, কোনো দিনে নহয় ।
ৰংপুৰ ছাত্ৰী নিবাস, অনুভৱৰ এক ওফন্দি থকা ভঁৰাল ।
ৰংপুৰ ছাত্ৰী নিবাস ,আন্তৰিকতা আৰু ভালপোৱাৰ আন এক সাক্ষৰ ।


অলপ দিনৰ আগতে মোৰ এবছৰৰ ৰুমমেট ,এবছৰ ৱাল মেট গীতাশ্ৰীবাই কাৰোবাৰ কথা কবলৈ যাওঁতে কৈছে-  আমাৰ ৰঞ্জনাৰ দৰেই খীণ জানা ! একদম ৩০ কেজি মান হে হব নেকি ।
মোৰ এবছৰীয়া ৰুমমেট আৰু কলেজীয়া জীৱনত পোৱা সকলোতকৈ মৰমৰ ৰঞ্জনাবাৰ বৰ্তমানৰ ফটো এখন সিদিনা দেখি আচৰিত হৈ গলো গীতাশ্ৰীবাই যদি এতিয়া ৰঞ্জনাবাৰ ফটো দেখে, কোনো দিনে খীণ মানুহৰ উদাহৰণ দিবলৈ ৰঞ্জনাবাৰ নাম নলব চাগৈ ।
ৰঞ্জনাবাই যদি এই লেখাটো পঢ়ে এটা কথা মন কৰিব,গীতাশ্ৰীবাই কৈছে –আমাৰ ৰঞ্জনা ! মানে আমিবোৰ এতিয়াও আমাৰ,মোৰেই হৈ আছোঁ জানে ।

এদিন কথাই কথাই লগৰ এজনীয়ে কলে-মূখ্যপ্ৰিয়াবা আমাৰ দেউতাৰ স্কুলত কৰে জান
মূখ্যপ্ৰিয়াবা !!
হোষ্টেলৰ এটা নিয়ম আছিল গধূলি চাহ খোৱাৰ পাছত চবেই পঢ়াৰ টেবুলত বহিব । প্ৰায়েই সেই সময়ত চুপাৰ বাইদেউ আহে । পিছে ছোৱালীবোৰৰ আড্ডা মাৰিবলৈ সেইকণ সময়তকৈ ভাল সময় নাছিল । সেইদিনাও ৰুমে ৰুমে তেনে আড্ডা বহি আছিল । তেনেতে এটা ৰুমত সেই চিৰপৰিচিত দুৱাৰত আঘাত কৰা শব্দটো বাজি উঠিল । লগে লগে চাহৰ গিলাচ বিচনাৰ তললৈ ঠেলি , বিস্কুটৰ টেমা স্লেপত ৰাখি যিয়ে যেনেকৈ পাৰে কিতাপ এখন লৈ বহি পৰিল । এগৰাকীয়ে দৰজা খুলি দিলে । দৰজাৰ সমুখত ভবাৰ দৰেই স্বয়ং যম চুপাৰ বাইদেউ  । বাইদেৱে ৰুমটো চাই উভতিবলৈ নাপালেই স্লেপৰ ওপৰত থকা বিস্কুৰ টেমা আহি প্ৰথমে বিচনাত ,তাৰ পাছত বাইদেউৰ ভৰিৰ কাষত পৰিল গৈ !!
বাইদেৱে যি বুজিব লাগে বুজি ললে । পিছে একো নকৈ গুছি গল । কিন্তু গুচি নগৈ যদি অলপ ভালকৈ চালেহেঁতেন তেতিয়া দেখিলেহেঁতেন এগৰাকী শিক্ষা বিভাগৰ ছাত্ৰীয়ে প্ৰাণী বিজ্ঞানৰ কিতাপ এখন পঢ়ি আছে !
দ্বিতীয় ঘটনাটো মূখ্যপ্ৰিয়াবাহঁতৰ ৰুমত
চাহ খোৱাৰ পাছত সিদিনাও আন দিনাৰ দৰে আড্ডা পিটি আছে । মূখ্যপ্ৰিয়াবাই বোলে সিদিনা কেটৱাক কৰি আছিল । ৰুমৰ ইফালৰ পৰা সিফালে খোজ কাঢ়ি জমাই আছে । তেনেতে দুৱাৰত সেই ভয়ংকৰ শব্দটো হল । বাইদেউ আগদিনা আহি গৈছে হে ,আকৌ আজি নাই অহা দে ,লগৰে কোনোবাই ভয় খুৱাইছে –তেনে ভাৱত মূখ্যপ্ৰিয়াবাই ধেমালিতে তামাম গালি বৰ্ষণ কৰিবলৈ ধৰিলে । সেই গালিবোৰত হোষ্টেলৰ ছোৱালীবোৰ নিজৰ নিজৰ ভাষা কিছুমান সোমাই আছিল । অলপ দেৰি গালি পৰাৰ পাছত কোনো উত্তৰ নহা দেখি দৰজা খুলি চাই দেখে-যম !!

সকলোতকৈ হাঁহি উঠে তেতিয়া, যেতিয়া ডাইনিং হলত শনিবাৰে  ৰাতি যেতিয়া চিনেমা চাওঁ । চিনেমাত যিমান সংলাপ গাই তাতকৈ বেছি ভাঙনি কৰে ডাঙৰবোৰে । (সৰুবোৰে চব কথাত মাত মাতিব নোৱাৰে ।) চিনেমাত নায়ক নায়িকাই ৰোমাণ্টিক ভাৱত ইজনে সিজনৰ কাষ চাপি যাওঁতে যদি কাৰেণ্ট যায় ,বাবলিবাই তেওঁৰ সেই নিজস্ব ভংগীত বিনাই-হে ভগৱান ,এই কাৰেণ্ট কটাটোক মাৰি নিনিয়া কিয় ,চিনেমাখনৰ চবতকৈ ভাল চিনটোতহে সি কটাই কাৰেণ্ট কাটিব লাগে নে ?”
সেই বাবলিবাই গীতাশ্ৰীবা,পাপৰীবা,স্মৃতিবাহঁতৰ লগত ৰুমত নাটকৰ সংলাপ গোৱাদি গাইছিল-পিতায়ে যদি বি.এ ফেইল কৰাৰ পাছত বিয়াত বহিবলৈ কয়,মই কম পিতাই ঐঐঐ মই ঔমেন পুলিচ হম । মোক বিয়া নিদিবি ঐ পিতাই ।
বিয়াৰ কথা মনলৈ আহোঁতেই লিখোঁ –ৰাবোৰৰ বৰ ফুটনি ,ছোৱালী এজনীয়ে কিবা সিহঁতৰ লগত বিয়া নোসোমালে জীয়াই থাকিব নোৱাৰে বুলিয়েই ভাৱে ।তেনে এক ভাৱতেই ৰঞ্জনাবা আৰু মই আবিয়ৈ সন্থা খুলি কোনোদিনে বিয়া নহওঁ বুলিয়েই শপত খাইছিলোঁ । আমাৰ সন্থাত আৰু কোনোবাই কোনোবাই যোগ দিছিল ,পাহৰিলোঁ । পিছে লৰাৰ অহংকাৰ খৰ্ব কৰিবলৈ বিয়া নহওঁ বুলি আমি যি দুগৰাকীয়ে প্ৰথমে শপত খাইছিলোঁ ,পৰৱৰ্তী সময়ত প্ৰেমত হাবুডুবু খাই আমি দুই গৰাকীয়ে একেধৰণেই বিয়া হলো ।

দুদিনমানৰ  আগতে শ্যামলিকাবাৰ ফেচবুকৰ ৱালত স্মৃতিবাৰ ফটো দেখিলোঁ । হে ভগৱান এই গৰাকী সেই গৰাকী স্মৃতিবায়ে আছিল নে ?  মই বাটত দেখা হলেও চিনি নাপালোঁহেঁতেন । সেই লাস্যময়ী ভংগীৰে আমাৰ ৰুমলৈ আহি লেনিয়াই মাতে-ঐঐ গী..তা..শ্ৰী..
তাৰ পাছত মোলৈ চাই কব –বুটি কোৰ , কি ফালি আছ ?

ছোৱালীবোৰ যে কেনেকৈ সময়ৰ লগে লগে সলনি হৈ যায় । অলপদিনৰ আগতে কবিতালৈ ফোন কৰিলোঁ । তাই ফোনটো ধৰিয়েই যিমানহে ভদ্ৰ ভাষাত উত্তৰ দিলে মই চক খাই গলো ,এইজনী কবিতা নহয় নেকি ?!
মই বোলো কেচটো কি ?
তাই কলে –স্কুলৰ ছোৱালী এজনীয়ে মেট্ৰিকত স্থান পাই পাছ কৰিছে । আমি হেড চাৰৰ সৈতে সিহঁতৰ ঘৰলৈ আহিছোঁ । ঘৰলৈ গৈ কথা পাতিম দে ।
মই হো-হোৱাই হাঁহি ফোনটো থলো ।
পিছদিনা তাইৰ ফোন । সেই একেই সুৰত-বান্দৰী ...

কলেজ সপ্তাহত ক্ৰিকেট খেলৰ প্ৰতিযোগিতা । পিয়লী ফুকন ষ্টেডিয়ামত খেল । সেইদিনাই পূৰবীবাই দিয়া ফাষ্ট বলটো আহি মোৰ সোঁ চকুটোত লাগিছিল । তাৰ পাছত দ্বিতীয়বাৰ সেই চকুটোতে আকৌ দুখ পাইছিলোঁ । যাৰ ফল মই আজিও ভুগি আছোঁ ।
যিকিনহওক ফাইনেলত আমি জিকিলোঁ । হুঁচৰি আৰু ক্ৰিকেট এই দুটাৰ লগত আৰ.চি.এন মান সন্মান জড়িত হৈ থাকে । গতিকে হোষ্টেলত বিৰাট চিঞৰ বাখৰ । ৰাতিলৈ উৎপাত বোৰ অলপ কমিল । ভাত খাই উঠি মই আমাৰ কেপ্তেইন মল্লিকাবাৰ ৰুমলৈ গলো । উদ্দেশ্য, একেটা ৰুমতে থকা মোৰ বাল্য বান্ধৱী পিংকীৰ সৈতে কিবা কথা পতা । ৰুমত গৈ দেখোঁ মল্লিকাবা কেঁকাই-গেঁথাই শুই আছে । গা বিষাইছে হেনো ! মই বোলো মোৰচোন বিষ হোৱা নাই । সমানেই খেলিছিলোঁ দেখোন । বাই একো নকলে । পিছে ৰুমলৈ আহি বিচনাত বাগৰ দিয়াৰ দহ মিনিট মানৰ পাছত বাথৰুমলৈ যাবলৈ উঠিবলৈ লৈ দেখোঁ –গা টো জঠৰ । লৰাবই নোৱাৰি ।
সেইকেইদিন যে আমাৰ প্ৰাতঃকৰ্মটি কৰিবলৈও কিমান অশান্তি হৈছিল ।

খেলৰ দিনবোৰৰ কথা ওলালে ডিমিহঁতৰ কথা নিলিখাকৈ নোৱাৰি । মোৰ প্ৰিয় বান্ধৱীবোৰৰ ভিতৰত হোষ্টেলৰ বাহিৰৰ সেইটো দল আছিল । ডিমিহঁতে কলেজ সপ্তাহলৈ আহি কব-তোৰ খেল চাবলৈকে আহিলোঁ দে ।
ডিমি ,ৰশ্মিহঁতৰ সেই কথাষাৰ আজিও মোৰ কাণত বাজি থাকে ।
ডিমি এনে এজনী ছোৱালী আছিলে যি জনীয়ে কলেজ বন্ধ দিলেই আমনি পায়কলেজ বন্ধ থকা দিন কেইটা তাইৰ ঘৰৰ লেণ্ড ফোনটোৱে শান্তি নাপায় ।
তাইক আজিকালি ফোন কৰিলে কওঁ –কলেজীয়া দিনবোৰত তোৰ ফোনবোৰৰ ধেৰ ধাৰ খাই থৈছোঁ যে সেইবাবেই তোলৈ আগেই ফোন কৰোঁ বুজিছ ।

এইজনী ডিমিয়েই কলেজ এৰাৰ পাছত ফোনত কৈছিল-হেৰৌ ,বিয়াৰ বাবে ইণ্টাৰভিউ দি দি আমনি লাগিছে । কেনেকুৱা মানুহবোৰ আহে নহয়,কোনোবাটো ধেল ধেল কৈ বগা,কোনোবাটোৰ গোঁফেই নাই । কেনেকৈ পচন্দ কৰিম ন
(ডিমিৰ মতে বোলে লৰা হলে মাগুৰ বৰণীয়া হব লাগে । লগতে গোঁফ থাকিব লাগে ।)
অৱশেষত ডিমিয়ে তাইৰ পচন্দৰ জনক পালে, তাই আশা কৰাৰ দৰেই ।
পিংকীয়ে  এদিন হোষ্টেলৰ আড্ডাতে কৈছিল-আমি ছোৱালীবোৰ পঢ়ি শুনি কি লাভ ন,বিয়া হলেই চোন আমি প্ৰতিষ্ঠিত হৈ যাওঁ ।
কথাটো মিছা নাছিল দেই । বাগানত কাম নকৰাকৈয়ে ডিমি এতিয়া বাগানৰ মেনেজাৰনী, অৰুন্ধতীয়ে বেংকলৈ নাযায় কিন্তু বেংকৰ মেনেজাৰনী ।

দুমাহমানৰ আগতে শিখাবাক ফেচবুকত পালোঁ । সেই হোষ্টেল এৰাৰ পাচত শিখাবাক দেখাই নাই । শিখাবাৰ লগৰ পবীবাৰ লগত মোৰ যোগাযোগ আছে । পবীবাক হোষ্টেলৰ নিয়মমতে মই বা পাতিছিলোঁ । পাছলৈ তেওঁ মোৰ নিজৰ বাৰ দৰেই হৈ পৰিছিল । হোষ্টেলত ৰেগিং কৰোঁতে মোৰ অংক বিষয় আছিল বুলি গম পাই তেওঁ সুধিছিল-জাকৈ প্লাছ খালৈ হল স্কুৱেৰ ইজুকেল কিমান কোৱা ?
যিকিনহওঁক সেই পবীবা,শিখাবা,ডলিবাহঁতৰ গ্ৰুপটোৰ কাষত মই প্ৰায়েই এটা বিহু গাব লগা হৈছিল । মোৰ কণ্ঠ যে একদম সুৰীয়া আছিল তেনে নহয় , তথাপি একেবাৰে বেয়াও গোৱা নাছিলোঁ । তেওঁলোকে চকু মুদি সেই গানটো শুনিছিল ।
অনুমপ শইকীয়াৰ মৰমৰ জান ২০০০ ৰ সেই গানটো আছিল
বহুতৰে মাজতে অ জান মৰম জান

   (আগলৈ )

No comments:

Post a Comment