Monday, 22 July 2013

আহা আইদেউ বহাহি



অৰুণে আকৌ এবাৰ ডিঙি মেলি চালে । নাই , বাচখন অহাই নাই । অহা হলে জলহু দলঙৰ ওপৰতে জিলিকি উঠে । মহখুঁটিৰ পৰা জলহু দলঙলৈকে অলপমানহে বাট । জলহু নামৰ জানটোৰ ওপৰ দলঙখন আছে বাবে ৰাইজে সেইখন জলহু দলং বুলিয়েই কয় । দলঙখনৰ দুয়োমুৰে অলপ ওখ । গতিকে মহখুঁটিত ৰখাই থোৱা শিৱসাগৰ চহৰৰ অভিমুখী বাচবোৰ আহিলে জলহু দলঙতেই গম পোৱা যায় ।
বাচখন নহা দেখি অৰুণে ভোৰভোৰাই গৈ আলিৰ এটা মুৰে থকা বাঁহৰ বেঞ্চখনত বহিল গৈ । আনকালে বাচখনে ইমান দেৰি নকৰে । কাষতে থকা দোকান খনৰ গৰাকী ৰহিম দোকানীৰ পৰা শুনিছে আজি হেনো চহৰলৈ যোৱা বাচ তিনিখনৰ  এখন নাহে । কৰবাত বিয়াৰ ভাৰা মাৰিবলৈ গৈছে । গতিকে বাকী দুখন বাচৰ চালকে সময়বোৰ খেলি মেলি কৰিবলৈ সুযোগ পাইছে । অলপ সময় ৰৈ দিলে যাত্ৰীও বেছি পোৱাৰ সম্ভাৱনা থাকে ।
ইতিমধ্যে বেঞ্চখনৰ আনটো মুৰত বহি থকা অৰুণৰ আইতাকে দুখন তামোল খালেই । তেওঁ ৰহিম দোকানীলৈ চাই নিজৰ বকলা মেলি আছে-বুজিছ ৰহিম,এই আলিটোৰে আগত কেৱল দুখন বাচ চলিছিল । এখন ডিব্ৰূগড়লৈ, নামটো সোণৰ অসম আছিল । আনখন সোণতি । সেইখন শিৱসাগৰলৈ চলিছিল । সোণটিখনৰ আক এটা কাহিনী আছিল জান
-কি কাহিনী আইতা ?
ৰহিমে মিচিকিয়া হাঁহি এটা মাৰি সুধিলে ।
-তহঁতক হবলা তহঁতৰ বাবাজানে কোৱা নাই । শুন , সোণটিখন কিনাৰ পাছত বাচৰ মালিক বৰাদেউতাই বোলে নামটো দিব খুজিছিল আহা আইদেউ বহাহি । পিছে বৰাদেউতাৰ লৰাহতে নুশুনে । ইমান ধুনীয়া বাচখনৰ তেনেকুৱা নাম দিব নে । সিহঁতি বাপেকৰ কথা নাৰাখি নামটো সোণটি ৰাখিলে ।
-আহা আইদেউ বহাহি ! ৱাহ ! কিযে ধুনীয়া নাম আছিল আইতা । এতিয়া পিছে সেইখন বেলেগ এজন মানুহে কিনিলে । তেওঁ সেইখনৰ নাম বৰ্ষা ৰাখিলে দেই । এতিয়া আপুনি সেইখন বাচতে যাব ।
ৰহিমৰ কথা শেষ হবলৈ নাপালেই দূৰৈত জলহু দলঙৰ ওপৰত বৰ্ষা জিলিকি উঠিল ।
আইতা,আহ বুলি কৈ অৰুণে মোনাটোলৈ আলিৰ কাষত থিয় হল গৈ । পিছে পদূলিৰ মুৰে মুৰে মানুহ তুলি তুলি দহ মিনিট মানৰ পাছত হে টলংভটং কৈ বাচখন আহি সিহঁতৰ কাষ পালেহি । অৰুণে আইতাকৰ হাতত ধৰিবলৈ লৈ দেখে আইতাক গৈ বাচৰ আগৰ চকাটোৰ কাষত হাতজোৰ কৰি ৰৈছে ।
পৰভু,যাত্ৰাটো ভালে কুশলে নিবা আৰু বুলি কৈ আইতাকে চকাৰ পৰা ধুলি অকণ লৈ কপালত ফোঁট এটা ললে । আইতাকৰ কাণ্ডবোৰ দেখি অৰুণৰ খঙটো ভমককৈ উঠি আহিল ।
-আইতা কি কৰি আছ, নুঠ কিয় ।
-এহ,ফোঁট এটা লৈছোঁ । তইও ল । বাচত বমি নহয় বুজিছ ।
-নালাগে মোক দিবসেইবোৰ তয়ে ল
সি আইতাকৰ হাতত জোৰৰে খামোচ মাৰি ধৰি বাচত খনত উঠাই দিলে । কণ্ডাক্টৰেও বাচৰ দুৱাৰত ধাম ধামকৈ মাৰি বাচখন চলাবলৈ বুলি ড্ৰাইভাৰক ইংগিত দিলে ।
বাচখনত আসন প্ৰায় খালি  নাছিলেই । তিনিজনীয়া আসনৰ এখন আসন খালি থকা দেখি আইতাকক তাতে বহাই দি অৰুণ গৈ একেবাৰে পাচৰ দীঘলীয়া আসনখনত বহিল গৈ । তাৰ খঙটো তেতিয়াও কমা নাছিল ।
আচলতে আইতাক আনিবলৈ তাৰ অকণো মন নাছিল । মাক বাপেকৰ খেচখেচনিতহে আনিবলৈ বাধ্য হল । চহৰলৈ বিয়া দিয়া বায়েকৰ লৰা এটা হৈছে । ঘৰৰ  সকলোৱে এপাক চাই আহিল গৈ । অৰুণেটো কলেজৰ পৰাই প্ৰায়েই পাকটো মাৰে । বাকী চাবলৈ থাকিল আইতাক । এনেও নাতি বুলিলে আইতাকৰ গাত ততেই নাথাকে ।  তাতে এতিয়া পৰিনাতি ,নোযোৱাকৈ থাকিব পাৰিনে ? আৰু আইতাকক নিয়াৰ দায়িত্বটো পৰিল অৰুণৰ ওপৰত বায়েকৰ ঘৰটো তাৰ কলেজৰ কাষতেই । গতিকে কলেজটো খতি হোৱাৰ সম্ভাৱনা নাথাকে । আইতাকে নুশুনাকৈ সি ঘৰত চিঞৰ বাখৰ কৰিও চালে ।সুৰতে যে এবাৰ আইতাকৰ লগত পেহীয়েকৰ ঘৰলৈ যাওঁতে মুখ চোকা কণ্ডাক্টৰ এটাৰ সৈতে ভাৰা বাবে তৰ্কাতৰ্কি লাগি আইতাকে সকলোৱে শুনাকৈ কৈছিল-দেচোন  দে কোনোবাই নিমখ অকণমান দে, ইয়াক পেটুৱে-চেটুৱে খাই পেলাওঁ । সেইদিনা সি কম লাজ পাইছিল নে ? ব পাৰে আইতাকৰ গাত ভুল নাই ,কিন্তু আইতাকৰ মুখখন কমনে ? সেইখন মুখৰ আগত স্বয়ং ভগৱানে সেও মানিলহেঁতেন । সি সেইদিনাই শপত খাইছিল আইতাকৰ লগত সি কলৈকো নাযায় ।
কিন্তু ঘৰৰ কোনেও তাৰ কথা নুশুনিলে । সি মত দিছে নে নাই সেইটোত গুৰুত্ব নিদিয়াকৈয়ে আইতাকে আগদিনায়েই দুইগণ্ডা মান তামোল কাটি তাৰে অলপ খুন্দি ললে । পুৱা উঠিও আগে ভাগে সাজি-কাচি ওলাল ।
ক্ৰেচ....
ধিতাই পুখুৰীত আহি বাচ খন ৰৈ যোৱাত অৰুণৰ বুকুখন ধহমহাই উঠিল । হে ভগৱান নুঠিলেই হল ! আজি অন্তত এই বাঘেখাতি আইতাক জনী লগত থাকোঁতে নাহিলেই হয় !- অৰুণে মনৰ মাজতে ভগৱানক প্ৰাৰ্থনা কৰি মানুহৰ গাৰ ফাঁকে ফাঁকে বাচৰ দৰজাখনলৈ চালে । উঠিছে ! তাই উঠিছে । এদিন কলেজ নগলে নহয় নে কিবা ? আৰু এইখন বাচত গলেহে হয় নেকি ?
ধিতাই পুখুৰীত কলেজীয়া সাজেৰে কেইবাজনীও ছোৱালী উঠিল । চহৰৰ কলেজত পঢ়িবলৈ যোৱা সৰহভাগ লৰা ছোৱালীয়ে এইখন বাচতে অহা যোৱা কৰে । অৰুণেও অহা যোৱা কৰে । এনেকৈ অহা যোৱা কৰোঁতেই ধিতাইপুখুৰীত উঠা সেই ছোৱালী কেইজনীৰ ভিতৰৰ ৰুমীৰ সৈতে চিনাকী হৈছিল ।  পাচলৈ তাইক ভাল লগা হৈ আহিলতাইক দেখিলেই অৰুণৰ মনটো এটা বেলেগ সুখে আবৰি ধৰে । অৰুণে বুজিছিল সি তাইৰ প্ৰেমত পৰিছে । পিছে তাইহে তাইক বৰ এটা পাট্টা নিদিয়ে । সেই চিনাকীৰ দিনাই  যি তাৰ লগত কথা পাতিছিল ,তাৰ পাছত চেষ্টা কৰিও তাইৰ পৰা মাত এষাৰ পোৱা নাই । এনেই তাৰ প্ৰেমৰ গতি এনেকুৱা  এতিয়া সেই বাঘেখাতি আইতাক জনীৰ লগত তাক দেখিলে তাইৰ আগত তাৰ ছবিখন আৰু বেয়া হৈ নাযাব নে !
অৰুণে এক অজান অজান ভয়ত পুনৰ চকু মুদি ভগৱানক কাকূতি-মিনতি কৰিবলৈ ধৰিবলৈ ।
-তই ভালে ভালে ইয়াৰ পৰা উঠিলি নে ?
কিমান সময় হৈছিল জানো । হয়তো আধা ঘণ্টামান হৈছিল । ব্ৰজকঠিন চিনাকী মাত এটাত অৰুণৰ ভাৱৰ জগতখন আইনাৰ দৰে থানবান হৈ ভাঙি গল । মানুহৰ গুণগুণনিৰে ভৰি থকা বাচখনো একেবাৰে ঠাণ্ডা হৈ গল । অৰুণে মাতষাৰ অনুসৰণ কৰি ভয়ে ভয়ে চালে । হয় , সেই মাতষাৰৰ গৰাকী তাৰ আইতাকেই । আৰু আইতাকৰ কাষতেচোন সেইজনী ৰুমী বহি আছে ! তাই কেতিয়া তাত বহিল গৈ ! তাৰ মূৰটো ঘুৰোৱা যেন লাগিল ।


নিজৰ আসনত বহিয়েই আইতাই কাষত বহা যাত্ৰী দুজনলৈ । ভালকৈ চা-চিনাকী হৈ কথা পাতিবলৈ নাপালেই দুয়োজনৰ নামিবৰ হল । আইতা তামোলৰ পিক পেলাবৰ বাবে সুবিধা বিচাৰি খিৰিকীৰ কাষৰ আসনখন পালেগৈ । খালি হোৱা মাজৰ আসনখনত প্ৰথমে কলেজীয়া ছোৱালী এজনী বহিলহি । তাৰ পাছত থিয় হৈ থকা যাত্ৰীৰ মাজৰ পৰা চল্লিশ বছৰীয়া যেন বয়সৰ মানুহ এজন কাষৰ আসনখনত বহিলহিআইতা অলপ সময় মনে মনে আহিল । পিছে বৰ বেছি দেৰি মনে মনে থাকিব পৰাকৈ শক্তি তেওঁৰ নাছিল । অত দেৰি নামি যোৱা মানুহকেইজনৰ সৈতে কথাৰ বকলা মেলি আছিল । এইবাৰ কলেজীয়া ছোৱালীজনীকে ধৰিলে ।
-আইজনী হবলা চহৰত পঢ়া ।
-অ
-মোৰ নাতিটোৱে পঢ়ে ।
-অ
-নামটো কি ?
-ৰুমী গগৈ ।
ছোৱালীজনীয়ে যেন বৰ নোৱাৰাতহে উত্তৰ দিছে তেনেকৈ উত্তৰবোৰ দিলে । কথা পাতিবলৈ হলে শ্ৰোতাও ভাল হব লাগে । আইতাই তাইৰ লগত কথা পাতি বৰ ঠিক নাপায় এইবাৰ কাষৰ মানুহজনক ধৰিলে ।
-বোপাই হবলা চহৰলৈ যোৱা ।
-অ,আইতা । চহৰত চাকৰি কৰোঁ । সদায়েই অহা যোৱা কৰোঁ ।
মানুহজনে সোধাতকৈ অলপ বেছিকৈয়ে উত্তৰ দিলে । তেওঁ যেন অত দেৰি সেইখিনি কবলৈকে ৰৈ আছিল । আইতাই পিছে বেয়া নাপালে । ছোৱালীজনীক মাজতলৈ দুয়োজনৰ কথা আৰম্ভ হৈ গল ।
টলং-ভটং কৈ বাচখন গৈ থাকিল । ইতিমধ্যে আইতাৰ লগত কথা পাতি যোৱা মানুহজনৰো কথা পাতি আমনি লাগিছিল চাগৈ । তেওঁৰ পৰাও প্ৰয়োজনীয় সঁহাৰি আইতা মনে মনে থাকিবলৈ বাধ্য হল । আৰু খিৰিকীৰে বাহিৰৰ দৃশ্য চাই যাবলৈ ধৰিলে । তেনেকৈ খুব বেছি দহ মিনিটমান গৈছিল হে চাগৈ আইতাই অনুভৱ কৰিলে কাষৰ ছোৱালীজনীয়ে যেন তেওঁক খিৰিকীৰ ফালে ঠেলিছে । আইতাইও লাহেকৈ তাই সিফালে ঠেলি দিলে । ছোৱালীজনীয়ে আকৌ ঠেলি ঠেলি আইতাৰ আসনৰ ফালে আহিবলৈ চেষ্টা কৰিছে । আইতাই আকৌ ঠেলি দিলে । এইদৰে কেইবাৰো ঠেলা-ঠেলি কৰাৰ পাছত আইতাৰ ঘৰুৱা ৰণচণ্ডী ৰূপটো সাৰ পাই উঠিল ।
তই ঠেলিলেই বাচখনৰ আসনখন এইফালে বহল হৈ যাব নেকি বুলি খঙত ছোৱালী জনীক কবলৈ লৈও তেওঁ ৰৈ গল । ছোৱালীজনীৰ মুখখনত যেন কাতৰ ভাৱ এটা ফুটি উঠিছে । ইমান ডাঙৰ আসন খনতো তাই কুঁচি-মুচিহে বহিছে । অলপ আগতেতো তাই তেনেকৈ বহা নাছিল ! তেতিয়াহলে ? আইতাৰ অভিজ্ঞ চকু জোৰে যেন বহুত কিবা কিবি বুজি পালে । তেওঁ এইবাৰ আঁৰ চকুৰে কাষৰ আসনত বহা মানুহজনলৈ চাই থাকিল খলা-বমা পথটোত বাচখন যিমানবাৰ জোকাৰ খাইছে মানুহজনে সিমানবাৰে সেই অজুহাত লৈ ছোৱালীজনীৰ কাষ চাপি আহিছে । মাজে মাজে মানুহজনে কিলাকুটিটোৱে ছোৱালীজনীৰ বুকুত আঘাত কৰিবলৈ চেষ্টা কৰিছে । কেতিয়াবা কোনোবাটো জোকাৰণিত হাতখন আনি ছোৱালীজনী ঊৰুতে থৈ পিছ পাকত আঁতৰাই নিছে যেন সেয়া অনিচ্ছাকৃত ভাৱেহে থৈছে । দহ মিনিট মান সময় আইতাই মানুহজনৰ ৰেহ ৰূপ চালে । তাৰ পাছত ধৈৰ্য ধৰিব নোৱাৰি চিঞৰি উঠিল ।
-তই ভালে ভালে ইয়াৰ পৰা উঠিলি নে ?
আইতাৰ চিঞৰ শুনি অৰুণ,ছোৱালীজনী আৰু মানুহজনৰ লগতে গোটেই বাচখনৰ যাত্ৰীবোৰো চক খাই উঠিল !
-আ..আপুনি মোক কৈছে ?
থতমত খাই মানুহজনে সুধিলে ।
-অ তোকে কৈছোঁ । উঠ । মোৰ মুখ খোল খালে বিপদ হব কিন্তু ।
-আৰে মোক ইয়াৰ পৰা উঠিবলৈ কবলৈ আপুনি কোন হে ?
বাচৰ সকলোৱে মানুহজনলৈ ঘুৰি চোৱাত অলপ লাজ পায়েই হবলা তেওঁ জাঙুৰ খাই উঠিল । আইতাই পিছে সেইষাৰলৈ গুৰুত্ব নিদি থিয় হৈ কণ্ডাক্টৰজনক চিঞৰি কলে-বোপা,এই মানুহটোক বাচৰ পৰা নমাই দে ।
-বুঢ়ী মানুহ হল বুলিয়েই সহি নাথাকোঁ দেই । মোক এই বাচৰ পৰা নমাবলৈ আপোনাৰ কি অধিকাৰ আছে ?
-এক্তিয়াৰৰ কথা নকবি । একে পাট চৰে ...
-ঐ বুঢ়ী বেছি দম নিদিবি । কাক তই চৰ মাৰ..
মানুহজনৰ কথা শেষ হবলৈ নাপালে এপাট কাণতলীয়া চৰ আহি তেওঁৰ গালত পৰিলহি । চৰৰ শব্দই সকলোকে যেন জঠৰ কৰি পেলালে । বাচৰ চালকজনেও বাচ ৰখাই কেবিনৰ পৰা ওলাই আহিল ।
-কুকুৰ,অত দেৰি মনে মনে আছিলোঁ কাৰণে তোৰ সাহস বাঢ়ি গৈছিল । আমি সাহস নকৰিলেই তোৰ দৰে পিশাচৰ সাহস বাঢ়ি যায় ।
চৰটো মাৰিয়েই খঙত ফোপাই-জোপাই ছোৱালীজনীয়ে কলে । তাই অত দেৰি ভয়তে কোঁচ খায়েই আছিল । কিন্তু মানুহটোৰ কথাৰ দম দেখি সহি থাকিব নোৱাৰিলে । ইতিমধ্যে কলেজীয়া লৰা ছোৱালী কেইটামান কাষ চাপি আহিছিল । তাৰে দুজনী মানে মানুহটোলৈ আঙুলিয়াই গালি পাৰিয়েই কলে- ই আজি ৰুমীক আমনি কৰাই নহয়, সদায় কাৰোবাক নহয় কাৰোবাক আমনি কৰেই । ইয়াৰ উৎপাতত আমি বাচত আহিবলৈকে ভয় কৰা হৈছোঁ ।
ছোৱালীবোৰৰ কথা শুনি ডেকা কেইটামানে মানুহজনক লপা-থপা দুটামান দিলেই । আইতাইহে মাজত সোমাই বাধা দি কোনোমতে গাৰ চোলা নফটাকৈ তেওঁক বাচৰ পৰা নামি যাবলৈ সুবিধা কৰি দিলে ।
-এনেকুৱা মানুহক বাচত উঠিবলৈকে দিব নালাগে ।
-এনেকুৱা বোৰক পালেই মাৰিব লগা ।
-এইবোৰৰ ঘৰত বায়েক ভনীয়েক নাই নি হে ?
ভিন্ন জনৰ ভিন্ন মন্তব্যৰে বাচখন ভৰি পৰিল । চালকেও কথাবোৰ চিজিল লগা দেখি নিজৰ আসনত বহিল গৈ । বাচ চলিল ।
ইমান দেৰি আইতাহঁতৰ আসনৰ কাষত ৰৈ ভেবা লাগি থকা অৰুণে খালি হৈ পৰা আসনখন বহি আইতাকলৈ চালে । আইতাকে তেতিয়া ৰুমীৰ হাতত হাত থৈ কিবা কিবি বুজাই আছে । তাইও মূৰ দুপিয়াই শলাগ লৈছে ।
-আইতা !
অৰুণে কোনোমতে সেপ ঢুকি মাতিলে ।
আইতা যেন অৰুণক তেতিয়াহে দেখিলে এনে ভাৱত তালৈ চাই কলে
-অতই ইয়াত বহিলি নি ...ভালেই কৰিলি দে । দেখিছ নে বাচত কেনেকুৱা মানুহবোৰ আহে । এনেকুৱা মানুহবোৰৰ পৰা ছোৱালীবোৰক ৰক্ষা কৰা ভাৰ তহঁতৰ নিচিনা ডেকাবোৰে লবি বুজিছ ।
-বুজিছ আইতা ।
-আপুনি এওঁৰ লগতেই আহিছে নেকি ?
ৰুমীয়ে আচৰিত হৈ আইতাক সুধিলে ।
-ও । এইটো মোৰ নাতিটো । তোমাৰ দৰেই চহৰত পঢ়ে বুলি কৈছিলোঁ ।
-জানো । মই চিনি পাওঁ ।
ৰুমীয়ে আইতাক উত্তৰটো দি অৰুণৰ ফালে চাই মিচিকিয়াই হাঁহি কলে
-তোমাৰ আইতা বৰ সাহসী দেই অৰুণ । আৰু বহুত ভাল । তুমি বহুত ভাগ্যৱান । পিছে আজিৰ পৰা এওঁ মোৰো আইতা দেই । নহয় নে আইতা ?
ৰুমীৰ কথাত আইতাই সোলা মুখৰেই হেঃহেঃহেঃ কৰি হাঁহিলে । তাকে দেখি ৰুমীও খিলখিলাই হাঁহি উঠিল ।
ৰুমীৰ এই হাঁহিটোৰ বাবেই, এই মাতষাৰৰ বাবেই কত দিনৰ পৰা যে অৰুণে অপেক্ষা কৰি আছিল । তাৰ আইতাক সাৱটি ধৰি চুমা এটা খাবলৈ মন গৈছিল । আইতাকৰ বাবেই যে তাৰ ইমান দিনৰ সপোন এটা পূৰ্ণ হ । তাৰ এনে লাগিছে এই যাত্ৰাটো যেন আৰু অলপ দীঘলীয়া হওঁক । যাতে আৰু অলপ সময় সি নিঃসংকোচে ৰুমীৰ কাষত বহি যাব পাৰে ।
পিছে আহা আইদেউৰ বহাহিৰ পৰা বৰ্ষা লৈ নিজৰ পৰিচয় সলোৱা বাচখনে তেতিয়া চেৰেকাপাৰ অতিক্ৰম কৰি শিৱসাগৰ চহৰত সোমাওঁ সোমাওঁ ।

No comments:

Post a Comment