Saturday, 8 June 2013

জোনবাই ,তোমাক মই বেয়া পাওঁ






-আইতা,তোমাকো বাৰু তোমাৰ আইতাই এনেদৰেই আমনি কৰিছিল নেকি ?
কাপোৰে সাজি লোৱা পুতলা আকাৰৰ কাপোৰ কেইটুকুৰাক লিৰিকি বিদাৰি পখিলাই আইতাক সুধিলে । পখিলাৰ প্ৰশ্নটো বুজিব নোৱাৰি আইতাকে অলপ সময় তভক মাৰি ৰল । আৰু যেতিয়া বুজিব পাৰিলে সোলা মুখখনত হাঁহি এটা বিৰিঙি উঠিল । পখিলাৰ ৰঙা পৰি থকা গালখনত চুমা এটা দি কলে
-কৰিছিলতো । আইতাক বোৰৰ এইটো কামেই জা
আইতাকৰ উত্তৰটো শুনি পখিলা একেবাৰে সুখী নহল । হব বা কিয় ? দস্তুৰমত পখিলাৰ খঙ উঠিবৰে কথা । সেই স্কুলৰ পৰা অহাৰ পাছৰে পৰাই আইতাকে তাইক পহৰা দি আছে । এইটো কেৱল আজিৰ কথা হোৱা হলে কোনো কথাই নাছিল ,পিছে সদায় হয় । মাক বাপেকে স্কুললৈ পঢ়াবলৈ যোৱাৰ সময়ত তাইকো স্কুললৈ লগত লৈ যায় । কিন্তু স্কুলত এবেলামান থকাৰ পাছতেই তাইৰ টোপনি ধৰে । কেইবাদিনো স্কুলৰ বেঞ্চতে শুই পৰিছে । গতিকে তাইক অলপ মান জুপুকিয়াই থকা যেন দেখিলেই মাকে ঘৰত থৈ যায়হি । নহলে স্কুলত মাককে আমনি কৰিব যে । ভাগ্য স্কুলখন ঘৰৰ একেবাৰে কাষত । পখিলাই পিছে এই স্কুল যোৱা কামটো বৰ ভাল নাপায় । মাকহে লৈ যায় । তাই ঘৰত থাকিয়েই ভাল পাই । ঘৰত যে তাইৰ কিমান কাম থাকে । কিন্তু এই আইতাকজনীৰ পৰা একোৱেই শান্তিৰে কৰিব নোৱাৰি । এইটো নকৰিবি ,সেইটো নকৰিবি ,মুঠতে আইতাক জনী অনবৰতে তাইৰ পাছে পাছে থাকিব । আৰু তাইক কেৱল আমনি কৰি থাকিব ।

শান্তি নাই ,একেবাৰে শান্তি নাই –পখিলা ভোৰভোৰাই উঠিল । খঙ উঠিলে তাই এই বাক্য শাৰীয়েই কয় । আইতাকৰ মুখত শুনিছে । আইতাকে কেতিয়াবা বাপেকক বকিলে এনেকৈ কয় । সেইবাবেই তাইও মন গলে কয় । পিছে এই শান্তি জনীনো কৰ কোন তাকহে নাজানে ।
-পখিলা ,মোৰ সোনজনী ভাত কেইটামান খাই লবা আহা
আইতাক অলপ সময় আঁতৰি যোৱাত পখিলাই নিজৰ ওমলা চৰুত জুই দিবলৈ লৈছিলহে ওলালহি নহয় মাকজনী । স্কুলৰ পৰা আহিল চাগৈ । পখিলাৰ খঙ দেখি লেনিয়াই মাতিছে নিশ্চয়
-হে হৰি ! মা চাওকহিচোন । এইজনীয়ে লংকাকাণ্ড কৰিবচোন !!
মাকৰ চিঞৰ শুনি আইতাকো লৰা-ঢপৰাকৈ ওলালহি । পখিলাৰ কাণ্ড দেখা পাই তেওঁ ইছ আছ কৰি উঠিল ।
-মই ধান খিনি লৰাই দিবলৈ যাওঁতে এই এইবোৰ সৰকালে বুজিছা বোৱাৰী ।
আইতাকে ৰদ দি থোৱা ধানখিনি দেখুৱাই কলে ।
মাকে কৰবাৰ পৰা চিৰিপনি এচাৰি এডাল লৈ পখিলাৰ আঙুলিতে লাহেকৈ দুচাট দি অলপ ধমক দিলে
-আজিৰ পৰা এনেকুৱা কাম কৰিবি নে ?
মাকক উত্তৰ দিয়াতকৈ মুখখন যিমান পাৰি সিমান ডাঙৰকৈ মেলি পখিলা কান্দি কান্দি আইতাকৰ বুকুত সোমালগৈ । এই সময়ত আইতাৰ কোলাতকৈ নিৰাপদ ঠাই একো নাই । আইতাকে মাকৰ কাষৰ পৰা তাইক আঁতৰাই লৈ গল । পখিলাই আইতাকৰ কোলাত সোমাই বহু দেৰি উচুপি থাকিল ।
-মাৰক আজি মই ভালকৈ এসেকা দিম ৰহ । বাপেৰে আহক চোন । লগাই দিম নহয় চব কথা । তই নাকান্দিবি ।
মাকক কোনোবাই মৰাৰ কথা আন সময় কোৱা হলে পখিলা দপদপাই উঠিলহেঁতেন । পিছে এই সময়ত বেয়া পোৱা নাই । কিয় বেয়া পাব বা ? তাই কি ইমান ডাঙৰ কামটো কৰিছিল ? মাথো পাকঘৰৰ পৰা চাকি এটা আৰু জুইশলা এটা আনিছিল । আৰু গোহালিত সাজি লোৱা তাই নিজৰ পাকঘৰৰ কনমানী চৌকাটোত কেৰাচিন ঢালি জুই লগাবলৈ চেষ্টা কৰিছিল । মাকে দেখোন সদায় নিজৰ চৌকাত তেনেকৈ জুই জ্বলাই । তেতিয়া কিবা মাকক কোনোবাই মাৰে নেকি ?
পখিলা আকৌ উচুপি উঠিল । তাকে দেখি আইতাকে তাইক মূৰত মোহাৰি মোহাৰি কলে-উৱা ,আমাৰ জোনবাই জনী ,এনেকৈ কান্দি থাকিলে মানুহে শুনিলে বেয়া বুলি কব নহয় । তাতে আজিকালি সোপাধৰাবোৰেও হেনো কান্দি থকা লৰা ছোৱালী বিচাৰি ফুৰে ।
সোপাধৰাৰ নাম শুনিয়েই পখিলা চুপ হৈ গল । সোপাধৰালৈ তাই খুব ভয় লাগে । আইতাকে কৈছে নহয় কেইবাটাও দুষ্ট লৰা ছোৱালীক সোপাধৰাই বোলে হাবিলৈ লৈ গল ! মাকহঁতে হেনো বিচাৰিয়েই নাপালে !
পখিলাক শান্ত হোৱা যেন দেখি আইতাকে তাইক জুহাললৈ লৈ গল । মাকে ভাত বাঢ়ি ৰৈ আছিল । ভাত খাবৰ সময়ত ছোৱালীজনীক তেনেকৈ কন্দুৱাই তেওঁৰো ভাল লগা নাছিল । হাত দুখন মেলি তেওঁ পখিলাক মাতিলে । পখিলাই পোন্দোৱাকৈ মাকলৈ চালে । ঠেহত মুখখন ফুলি উঠিল । তথাপি মাকৰ কোলালৈ গল । দুবাৰ মান উচুপিও উঠিল ।
-নাপায় নহয় কান্দিব । তুমি বেয়া কাম কৰিছিলা বাবেহে মই মাৰিছিলোঁ । আজিৰ পৰা তেনে কাম নকৰিবা দেই ।
আয়ৈ মাকজনী যে ইমান ভাল !  মাকৰ অলপ মৰমতে পখিলাৰ দুখবোৰ উটি ভাহি নাইকিয়া হৈ পৰিল । তাই চাগৈ সঁচাই কিবা বেয়া কামেই কৰিছিল । মাকৰ ডিঙিতে সাবট মাৰি ধৰি নকৰো বুলি মুৰটো দুবাৰ মান জোকাৰিলে ।
-ভাত কেইটা খাই লোৱা আক ।
ভাতৰ কাঁহীলৈ চকু যোৱাৰ লগে লগে পখিলাৰ মনটো আকৌ বেয়া লাগি গল । তিতা কেৰেলা ! ওৱাক ! ইমান বেয়া খাবলৈ । মাকৰ ডিঙিত ধৰি তাই আকৌ থেনথেনাই উঠিল ।
কাষতে বহি  ভাত খাবলৈ লোৱা আইতাকে চাগৈ কিবা এটা বুজি পালে । তেওঁ পখিলাৰ কনমানী কেঞা আঙুলিটো চুই কলে  
-তিতা কেৰেলা  খালে তোৰ যে এই কেঞা আঙুলিটো,এইটো দীঘল হৈ যাব । বুজিলি নে আঁকৰী জনী ?
কথা শুনি পখিলাৰ চকু ডাঙৰ হৈ গল ।
-সঁচানে আইতা ??
-সঁচাতোন । নহয় যদি মাৰক সোধ । আমাৰ কেঞা আঙুলিবোৰ সেইবাবেইতো ইমান ডাঙৰ হল ।
আইতাকে যে ইমান কথা জানে অআইতাক নোহোৱা হলে পখিলা চাগৈ আজিৰ সমান ওখই নহলহেঁতেন । পাকঘৰৰ টেমা থোৱা তক্তাখন আজিকালি তাই ঢুকি পাই । পাই মানে কেইবাখনো পীৰা জোৰা দি বিস্কুটৰ টেমাটো ,চেনিৰ টেমাটো আনিবগৈ পাৰে । তথাপিও তাই বহুত ওখ হল ।তাৰ বাবে তাই কমতি ঔষধ খাইছেনে । তাইৰ জ্বৰ কাঁহ হলে যিবোৰ ঔষধ খাই সেইবোৰে বোলে আচলতে তাইক ওখহে কৰিব । মাক আঁকৰীয়েই গমেই নাপায় । আইতাকেহে জানে । আৰু এই কেঞা আঙুলিটো ,এইটো যে বাকী কেইটাকৈ কেনেকৈ ইমান সৰু হৈ থাকিল জানো পাই ! তাৰ বাবে যে তাইৰ কিমান দুখ ! যদি তিতা খালে এইটো ডাঙৰ হয় ,তাই খাব । মুঠতে কেঞা আঙুলিটো বাকী কেইটা আঙুলিৰ সমানেই দীঘল হব লাগে ।
পখিলাই লগে লগে ভাতৰ পাতত বহিল গৈ । চকু কাণ মুদি তিতা কেৰেলাৰ ভাজিৰে ভাত খাবলৈ লাগিল । তাকে দেখি মাকে আইতাকলৈ চাই মিচিক-মাচাককৈ হাঁহি থাকিল ।


এখন দেশত এজন ৰজা আছিল । ৰজা জনৰ তিনিজনী পত্নী আছিল ...
-আইতা,এখন দেশত কিবা এজন হে ৰজা থাকে নেকি ?
গধূলি বেলিকা চোতালত পাটি পাৰি আইতাকে পখিলাক সাধু কৈ আছিল । তাইও মুখ মেলি সাধু শুনি আছিল ।
-তই এনেকৈ প্ৰশ্ন কৰি থাকিলে মই কেনেকৈ সাধুটো শেষ কৰিম বাৰু ?
পখিলাই সাধুটোৰ মাজতে মাত মতা দেখি আইতাকে ভেকাহি মাৰি কলে । তাই সদায় এনেদৰে সাধুৰ মাজত আবোল-তাবোল প্ৰশ্ন কৰি থাকে । উত্তৰ দি দি আইতাক জনী ভাগৰি যায় ।
-আইতা,মোৰ বোলে দৌতি এজনো আছিল ? তেওঁনো বাৰু কলৈ গ?
সাধুৰ মাজত দৌতিকজন আকৌ কৰপৰা ওলালহি ! আইতাকে অলপ আচৰিত হৈয়ে সুধিলে
-তোক কোনে দৌতিৰ কথা কলে হয়নে ?
-নকলে যেনিবা মই নাজানিম হে । তুমিযে বিয়া হৈছিলা সেইজন দৌতিৰ কথা সুধিছোঁ ।
-এনে কিবা সৰবজান । মাৰে কব পাই ।
আইতাকে পখিলাক জোকাওঁ বুলি ভাবিয়েই পুনৰ ভেকাহি এটা মাৰিলে ।
-হব দিয়া মায়েই কলে । এতিয়া কোৱা দৌতি কলৈ গ? আমাৰ ঘৰলৈ নাহে কিয় ?
পখিলাই বশ্যতা স্বীকাৰ কৰিলে ।
-তই জন্ম হোৱাৰ আগতেই দৌতিয়ে সৌ জোনবাইৰ কাষলৈ গুছি গল । তাৰ পৰা কোনেও আহিব নোৱাৰে ।
-কিয় ? তোমালোকে চাগৈ মোক গালি পৰা দি গালি পাৰিছিলা ?  তেতিয়াহলে ময়ো কেতিয়াবা তালৈকে গুছি যাম চাবা ।
পখিলাৰ সৰল কথাষাৰ শুনি আইতাকে আবেগেৰ তাই সাবটি ধৰিলে
-আমাৰ জোনবাই জনী ,তই তালৈ গলে আমি কেনেকৈ ইয়াত থাকিম । দৌতিক জোনবাই মাতিছিল বাবেহে গল । এনেয়ে কোনেৱে তালৈ নাযায় নহয় । এতিয়া সেইবোৰ বাদ দে সাধু শুন ,এখন দেশত এজন...

আইতাকৰ সাধুটো শেষ হোৱাৰ আগতেই পখিলা টোপনিত ঢলি পৰিল ।


শান্তি নাই ,শান্তি নাই –পখিলাই বকি বকি ঘৰৰ ইফালে সিফালে ঘুৰি ফুৰিল । যোৱা দুদিন ঘৰখনত ইমান যে মানুহ আছে অ তাইৰ ওমলিবলৈকে অসুবিধা হৈছে । যেনিয়েই যায় মানুহ । ইটোৱে তাইক ধৰিব ,চুমা এটা খাব । কিবা সুধিব । এনেই চুমা খালে তাইৰ বেয়া নালাগে কিন্তু সেই মুখত দাড়ি থকা কেইজনে খালে বৰ খঙ উঠেইমান ফুটে । বাৰু, সেইটোও ডাঙৰ কথা নহয় । ডাঙৰ কথা এইটো যে যোৱা কেইদিনমান তাই আইতাক লগ পোৱা নাই । আইতাক তাইৰ ৰখীয়া হৈ থকাৰ বাবে যদিও খঙ উঠে ,তাইৰ পুতলা সজা, ওমলা ঠাই ডোখৰ ঠিক কৰি দিয়া, সাধু কৈ কৈ তাই টোপনি যোৱাত আইতাকেইতো সহায় কৰে । কবলৈ গলে আইতাক নহলে পখিলাৰ একো কাম নহয় । আইতাক জনীহে জানো কলৈ গল ! দুদিনমানৰ আগত মাকে কৈছিল আইতাকৰ বোলে কিবা অসুখ হৈছে । তাইটো সদায় আইতাকৰ লগতেই শুৱে । সেইকেইদিন তাইক মাকে নিজৰ লগত শুৱাইছিল । পখিলাই মাকহঁত নথকা অৱস্থাত আইতাকৰ ৰুমলৈ গৈছিল । আইতাক জনী বিচনাতেই শুই আছিল । তাইৰ কিবা হলে আইতাকে যেনেকৈ তাইৰ কপালখন চুই চাই তেনেকৈয়ে তাই আইতাকৰ কপালখন চুই চাইছিল ।
-ইছ ! আইতা তোমাৰ জ্বৰ হৈছে ।
আইতাকে শেঁতা হাঁহি এটাৰে পখিলালৈ চাইছিল ।
-মই সাধু এটা কম তুমি ভাল হৈ যাবা বুজিছা ।
আইতাকে আকৌ হাঁহিছিল । সেই হাঁহিত স্বৰ্গীয় সুখ আছিল ।
পখিলাই সাধু কৈছিল । আইতাকে ও আ নকৰাকৈ শুনি গৈছিল । কেইদিন মান এনেকৈয়ে গল । অঘটনটো ঘটিল কালি । ৰাতিপুৱা শুই উঠিয়েই পখিলাই দেখিলে ঘৰখন মানুহে ভৰি পৰিছে । দূৰৈত থকা পেহীয়েকহঁত ৰাতিনো কেতিয়া আহিল তাই গমেই নাপালে । গোটেই মানুহবোৰে যতে ততে বহি হুৰা-হুৰে কান্দিছে । আঁতৰত বেৰ এখনত আঁউজি মাককো কান্দি থকা দেখিলে । পখিলাই একো বুজিব নোৱাৰিলে । কোনে বা কাক গালি পাৰিলে ?? কোনে কাক মাৰিলে ? দেউতাকেও চোন কান্দিছে ! মাক-দেউতাকক কন্দা দেখি পখিলাৰ মনটো এনেই বেয়া লাগি গল । তাইও উচুপি উচুপি মাকৰ কোলাত সোমাল গৈ । এসময়ত মাকৰ লগতেই বাহিৰলৈ গৈ দেখিলে বগা কাপোৰ এখন মূৰে গাৰে লৈ কোনোবা এজন চোতালত শুই আছে । অলপ পাছত দদায়েকহঁতে চাঙী এখনত তেওঁক দাঙি লৈ গ'ল । তাকে দেখি মাক,পেহীয়েকহঁতে আকৌ ৰাউচি জুৰি কান্দিবলৈ লাগিল । পখিলাই একো বুজিব নোৱাৰি ইফালে সিফালে চালে । কোনেওচোন তাইক একো নকয় । আইতাকেই তাই কি হৈছে কব পাৰিব ।  আইতাকক বিচাৰি তাই তেওঁৰ শোৱা কোঠালৈ গল । শোৱা কোঠাটোত সোমাই পখিলা তভক মাৰি ৰল ,আইতাক তাত নাই চোন ! আইতাক কলৈ গল ।

সন্ধিয়া হৈ আহিল । বাৰাণ্ডাতে বহি পখিলাৰ দেউতাকে দদায়েকহঁতৰ সৈতে কিবা ভোজ ভাতৰ কথা পাতি আছে । পখিলা অলপ আঁতৰতে পেহীয়েক এজনীৰ কোঁচত বহি আছে । তাইৰ মন মেজাজ একেবাৰে বেয়া । এইখিনি সময় তাইৰ সাধু শুনা সময় । আৰু আইতাকজনী নাই যি নায়েই । মাককো আইতাকৰ কথা সুধিবলৈ ভালকৈ লগেই পোৱা নাই । কেৱল কামেই কৰি আছে । মুখখন বোন্দা কৰি তাই বহি থাকিল ।
অলপ সময় কথা পতাৰ পাছত দদায়েকহঁত নিজৰ ঘৰলৈ গুছি গল । দেউতাকক অকলশৰে বহি থকা দেখি পখিলা পেহীয়েকৰ কোঁচৰ পৰা দেউতাকৰ ওচৰলৈ আগবাঢ়িল । এইয়াই সুযোগ । দেউতাককেই তাই আইতাকৰ কথা সুধিব । আইতাকে তাইক নোকোৱাকৈ কৰবাত ফুৰিবলৈওতো যাব পাৰে ।
-দেতা ।
-কোৱা পখিলা ।
দেউতাকে পখিলাক কোলাত বহুৱাই মৰমেৰে সুধিলে ।
-দেতা,আইতা বাৰু কলৈ গ? মোৰ যে ইম্মান অসুবিধা হৈছে জানা
পখিলাৰ প্ৰশ্নটো শুনি দেউতাক অলপ থতমত খাই গল । তেওঁ এতিয়া কি কব !
-দেতা,আইতাক সোনকালে ঘুৰি আহিবলৈ কোৱা না । কলৈ নো গল তেওঁ ?
-পখিলা,আইতা জোনবাইৰ তালৈ গুছি গল ।
দেউতাকে কি কব কি নকব ভাবি বহুত জুখি মাখি উত্তৰ দিলে ।
-আইতাই কোৱা সৌ জোনবাইজনীৰ ওচৰলৈ !!??
দেউতাকৰ কথা শুনি পখিলাই ভয়ে ভয়ে সুধিলে ।
দেউতাকে নাজানে আইতাকে পখিলাক জোনবাইৰ কথা কি কৈছিল । তথাপি তাইৰ মন সলাবলৈকে কলে
-ও ও । আইতাই কোৱা জোনবাইজনীৰ ওচৰলৈকে ।

এইবাৰ দেউতাকৰ উত্তৰ শুনি পখিলাৰ খঙ আৰু দুখবোৰ  চকুপানীৰ ৰূপ লৈ পাৰ ভাঙি  উলাই আহিলতাই দেউতাক জোৰেৰে খামোচি ধৰিলে । তাৰ পাছত উচুপি উচুপিয়েই তাই আকাশলৈ চাই কলে-জোনবাই মই তোমাক বেয়া পাওঁ । বহুত বহুত বেয়া পাওঁ ।





No comments:

Post a Comment