Thursday, 30 May 2013

নিতাই বুঢ়ীৰ সাধু









-মাকতিয়েকে ,এই বুঢ়ীয়ে যেতিয়া কিবা এটা কয় গাতেই নালাগে । কটা পা এতিয়া মজা । বোলো আহাৰ ষাঁঠ লাগিছে যেতিয়া এদিনলৈ হালখন খতি কৰ । নাই মাকতিয়েকে, মোৰ কথা শুনিবলৈ সিহঁতৰ সময় আছে নে ? বাপেৰে জীয়াই থাকোঁতে সেই ষাঁঠ লগা কেইদিন বাৰীতেই সোমাবলৈ নিদিছিল । কিজান কোনোবাই গছৰ পৰা কিবা চিঙেই । সোপাই নিয়ম নীতি ধোঁৱা চাঙত তুলিলি । মই তেতিয়াও সহি থাকিলোঁ ,সিদিনা হাল খন নিলি নিলিয়েই আকৌ পথাৰৰ পৰা আহি সেইখনহে কৰিব লাগে নে ?   
নিতাই বুঢ়ীৰ মুখখন খোল খোৱাৰ লগে লগে গোটেই ঘৰখন চুপ-চাপ হৈ গল । বোৱাৰীয়েক কপাহীয়ে  গৈ টিউৱেলৰ পাৰৰ ক্ষয় গৈ গৈ সৰু হৈ পৰা কাঠচটাত থুকুচি থুকুচি কাপোৰ এসোপা ধুবলৈ আৰম্ভ কৰি দিলে । ডাঙৰ নাতিনী ৰুমীয়ে গামলা এটাত মাটি আৰু গোবৰ মিহলি কৰি ঘৰৰ মজিয়া মচিবলৈ ললে । সৰুজনীয়ে বাপেকলৈ বুলি চাহপানী কেটলীটো জুইত বঢ়ালে গৈকেৱল সাত বছৰীয়া নাতিয়েক  কণমইনাইহে বুঢ়ীয়ে খুন্দনাত খুন্দি থকা তামোলৰ ভাগ লবলৈ বুঢ়ীৰ কাষতে বহি থাকিল ।
-শুনিছ নে বোৱাৰী টোপালা এটা এতিয়াই বান্ধ । সকাম এভাগি পাতিবই লাগিব । মই অলপ পাছত কলিমন বেজৰ ওচৰলৈও যাম । কিবা বিধান (!) দিবও পাৰে নহয় ।
-টোপোলা বান্ধিলে কি হয় নো অ আইতা ?
এনে এটা গুৰুতৰ বিষয়ত গোৱাল গালি দি থকাৰ সময়ত এনে প্ৰশ্ন আনে কৰা হলে বুঢ়ীৰ মাথা গৰম হৈ গলহেঁতেনপিছে এতিয়া প্ৰশ্ন কৰিছে বুঢ়ীৰ নাতিয়েকে । গতিকে খঙ সামৰি ,খুন্দনাৰ পৰা গুৰি তামোলখিনি উলিয়াই ,অলপ তাক দি বাকীখিনি মুখত ভৰাই কলে
-টোপোলা মানে ,কিবা বিপদ বিঘিনি হলে আমাৰ মানুহে বুঢ়া গোসাঁইলৈ বুলি তামোল পান এযোৰ টোপোলা বান্ধি ঘৰৰ চাকি জ্বলোৱা ঠাইত থৈ দিয়ে । আৰু বিপদ বিঘিনি বোৰ আঁতৰ হলেই সকাম এটা পাতিম বুলি বুঢ়া গোসাঁইক কথা দিয়ে । মানে তোৰ ভাষাত কবলৈ গলে শপত খাই ।
-অ.. .এতিয়া যে আমাৰ দেউতাৰ গা ভাল নাই সেইবাবেই টোপোলা বান্ধিব লাগে ন ?
-অসেইবাবেই । মাৰে বাপেৰে আক মন কাণেই নকৰে নহয় ।
নিতাই বুঢ়ীৰ পুতেক মহেনৰ অসুখ হৈছে । অসুখ মানে মতগজ মানুহটো বিচনাৰ পৰা উঠিবই নোৱাৰা হল । দুদিনৰ আগত সি দুপৰীয়া হাল বাই আহি ঘৰৰ সমুখৰ স্কুলৰ ফিল্ডত থকা পুৰণি বৰ জোপাৰ ডাল এটা কাটিলে গৈ । সেইজোপা  ৰজা দিনীয়া গছ । তাত হেনো বহুতে বুঢ়া গোসাঁইক জিৰণি লৈ থকা দেখিছে । কোনোৱে কোনোৱে দেও ভূতো দেখিছে বোলে । কোনেও তাত উঠিবলৈকে সাহ নকৰে , ডাল কটাটো দূৰৈৰ কথা । গছজোপাৰ এটা ডাল পথালিকৈ গছ বঢ়াদি বাঢ়ি  গৈ ৰাস্তাৰ সোঁমাজ পাইছিল গৈ । আৰু মানুহ-দুনুহ অহা যোৱাত অসুবিধা কৰিছিল । গাঁৱৰ ৰাইজে বহুদিনৰ পৰা ডালটো কটাৰ বাবে যো –যা চলাইছিল যদিও কোনেও ডাল কাটিবলৈ আগবাঢ়ি অহা নাছিল । সিদিনা কিবা জক উঠাত মহেনে অকলে গৈ কুঠাৰ এখনেৰে ডালটো কাটি পেলালে গৈ । মহেনে এনেও নীতি নিয়ম বৰকৈ নামানে । দেও ভূতোও একেবাৰে বিশ্বাস নকৰে । সি যদি কাৰোবাক অলপ সমীহ কৰে সেইয়াই তাৰ মাক । সিদিনা বৰ গছৰ ডাল কাটি থকাৰ সময়ত মাক ঘৰত নাছিল । নহলে সি কাটিব পাৰেনে । পাছত কথাটো গম পাই মাকে ভালকৈ গালি এজাউৰি পাৰিলে । সেই  দিনা ৰাতিয়ে মহেনৰ তীৰ কঁপে জ্বৰ উঠিবলৈ ধৰিলে । লগতে ভ্ৰমো বকিলে । কপাহীয়ে গোটেই ৰাতি মহেনৰ কপালত গামোচা তিয়াই তিয়াই লগাই থাকিল । নিতাই বুঢীও শুব নোৱাৰিলে । কেনেকৈনো শুব পাৰিব । একমাত্ৰ পুতেকটো বিচনাত চটফটাই থাকিলে কোনজনী মাকে শান্তিৰে শুভ পাৰে । পুৱালৈ জ্বৰ অলপ কমিল যদিও দুৰ্বল হৈ যোৱাৰ বাবে মহেন বিচনাৰ পৰা উঠিবই নোৱাৰিলে । যোৱা দুটা দিন তেনেকৈয়ে গৈছে । একপ্ৰকাৰে কবলৈ গলে হঠাতে গোটেই ঘৰখনৰ সুখবোৰ হেৰাই যোৱা যেন হৈছে ।
-এই কথাই কথা নহয় বুজিছ বোৱাৰী ,মই বেজৰ ঘৰৰ পৰা আহোঁ । তই টোপোলাটো আগ কৰিবি ।
নিতাই বুঢ়ীয়ে অলপ ভাল চাই কপাহী চাদৰ এখন গাত লৈ টিউবেলৰ কাষ পালেগৈ । কপাহীৰ তেতিয়া কাপোৰ ধুই প্ৰায় শেষ হৈছিল । শাহুৱেকৰ কথা শুনি অলপ সন্দেহৰ সুৰত সুধিলে
-মই টোপোলা পুৱাই আগ কৰিলোঁ । পিছে ইমান দূৰ বাট আপুনি যাব পাৰিব জানো ?
-হেহ ,এই এবেগেত বাটহে । সাউতকেনে পাম গৈ ।
বুঢ়ীৰ কথা শুনি কপাহীয়ে আৰু আপত্তি নকৰিলে । এনেও বুঢ়ীয়ে পাঁচমাইল মান দূৰৈত থকা জীয়েকৰ ঘৰলৈ খোজকাঢ়িয়েই অহা যোৱা কৰে । গতিকে ভিতৰলৈ গৈ তামোল পান এযোৰ আৰু টকা পাঁচ টা আনি বুঢ়ীক দিলেহি । বুঢ়ীয়ে সেইকেইটা হাত পাতি লৈয়ে ওলাই গল ।
-হেৰা শুনিছা ।
মহেনৰ মাত শুনি শাহুৱেকক চাবলৈ এৰি কপাহী শোৱনি কোঠালৈ সোমাই গল ।
-আই ওলাই গল নে ?
-গল ।
-ভালেই হল দিয়া । তুমি এটা কাম কৰা চোন ৰমেনৰ ঘৰলৈ গৈ তাক চাইকেলখন লৈ আহিবলৈ কোৱা গৈ ।
-কিয় ?
-কিয় পাছত গম পাবা যোৱা । আই ঘুৰি অহাৰ আগতে মই মোৰ কামবোৰ কৰি লওঁ ।

নিতাই বুঢ়ীয়ে এবেগেত বুলি কোৱা বাটচোৱা দুমাইলতকৈ কম নহয় । আহাৰ মহীয়া ৰদ জাকত খোজ কাঢি কলিমন বেজৰ ঘৰ পাই গৈ মানে বুঢ়ীৰ গোটেই গাটো ঘামে জেপজেপীয়া হৈ গল । বেজৰ ঘৰৰ বাৰাণ্ডাতে বহি বুঢ়ীয়ে দীঘল দীঘলকৈ উশাহ দুটা ললে । বেজনীয়েও লৰালৰিকৈ কলহত থোৱা পানী এগিলাচত থেকেৰা দুটুকুৰা মান পিহি দিলেহি । থেকেৰা পানীকণ খাইহে বুঢ়ীৰ মুখৰ মাত ওলাল । কলিমন বেজ ঘৰতেই আছিল । বুঢ়ীৰ মুখত বিতং বাতৰি শুনি বেজে নিজৰ কাম আৰম্ভ কৰি দিলে । বুঢ়ীয়ে গভীৰ বিশ্বাসেৰে হাত জোৰ কৰি বেজৰ কাম বোৰ চাই থাকিল । বেজৰ কঁপাল কোঁচ খুৱা যেন দেখিলে বুঢ়ীৰ জীৱ চিৰিং কৰি যায় । প্ৰায় দহ মিনিট মান কিবা কিবি আঁক বাঁক কৰা পাছত কলিমন বেজে মাত লগালে-
বুজিছে ,এই মহেনক এইবাৰৰ পৰা তেনে কৰ্ম কৰিবলৈ নিদিব । অলপ নীতি নিয়ম মানিবলৈ কব । আপোনালোকৰ ঘৰখনত বহুদিনৰ পৰাই গুৰুৰ দোষে চুইছে । এতিয়া তাৰ ফল সি মহেনেই পাইছে । তাতে বৰজোপাত থকা দেওটোৱে চল চায়েই আছিল । ভালকৈয়ে লম্ভিলে ।
বেজৰ কথা শুনি নিতাই বুঢ়ীৰ মুখ শুকাই গল । কোনোমতে মাতষাৰ উলিয়া কলে
-মই কম কম । পিছে এইবাৰলৈ সাৰিবৰ বাবে কিবা এটা বিধান দিয়ক ।
-তাক পানী কাটি গা ধোৱাব লাগিব । তেহে সি গাটো টঙাব পাৰিব ।
পানী কাটি গা ধোৱাব লাগিব বুলি কোৱাত নিতাই বুঢ়ীৰ মুখখন আৰু শুকাই গল ।
-দেউ লৰাটো জ্বৰে বিষে বিচনাৰ পৰা উঠিবই পৰা নাই । এতিয়া যদি আকৌ পানী কাটি গা ধোৱাবলৈ যতনাব লগা হয় বহুত দেৰি হৈ নাযাব নে ?  পানী কাটি গা ধোৱাবলৈ জানো তিনিটা বোৱঁতী ঘাটৰ পানী আনিব নালাগিব ? সিমানখিনি সময়তো আমাৰ হাতত নাই ।
-সেইবোৰ চিন্তা নকৰিব । পানীখিনি বাৰু আবেলিলৈকে ময়ে যোগাৰ কৰি দিম । আমাৰ আশেপাশেই চোন কেইবাটাও ঘাট আছে । আপুনি আবেলিলৈ কাৰোবাৰ হতুৱাই পানীৰ টেকেলীতো নিয়াব । মই মন্ত্ৰ মাতি সাজু কৰি থম বাৰু । আৰু শুনক ,সেইপানীখিনিৰে বাৰীৰ বা বাঁহনিৰ চুকৰ  কোনেও নেদেখা আছুতীয়া ঠাইত তাক গা তিয়াবলৈ যাবলৈ কব ।  পানীখিনি মূৰত ঢলাৰ সময়ত মূৰৰ ওপৰত এখন চাউল চলা চালনী এখন পাতি লবলৈ কব । সেই চালনীৰ ফুটাৰে হে যাতে পানীখিনি তাৰ গাত পৰে । আৰু শেষত সেই তিয়নী কাপোৰ সোপা আৰু টেকেলী ,চালনী তাতে পেলাই পাচলৈ উভতি নোচোৱাকৈ ঘৰলৈ আহিবলৈ কব । সেইবোৰ বস্তু কিন্তু পাচত কোনোবাই গচকিলেও বেমাৰ হব । সেইবাবেই আছুতীয়া ঠাইত সেইদৰে গা তিয়াব লাগে ।

নিতাই বুঢ়ীয়ে বেজে কোৱা প্ৰতিটো শব্দই বৰ মনোযোগৰে শুনিলে । বেজৰ ঘৰৰ পৰা ঘুৰি আহোঁতে গোটেই বাটচোৱা মহেনক মনৰ মাজতে গালি পাৰি আহিল । হওঁতে বোৱাৰীজনী বেয়া নহয় ,তেওঁৰ প্ৰতিটো কথাই শুনে । পিছে এই মহেনৰ গাতহে কিবা বিজতৰীয়া বতাহ লাগিল । তাৰ বাবেই ঘৰখনৰ নিয়ম কানুনবোৰ শিথিল হৈ পৰিছে । আউবেলি বহাগ বিহুৰ কথাকে ধৰা হওঁক । গৰু গা ধোৱা দিনা বুঢ়ীয়ে হাবিৰ পৰা জেজেলি পকা আৰু টিকনি বৰুৱাৰ লতা কেইডাল মান আনি ঘৰৰ দুৱাৰৰ চৌকাঠত লগাই থলে । তেনে লতা থাকিলে দেও ভূত ঘৰত সোমাব নোৱাৰে বোলেফুটক নহয় মহেনৰ কপালত তাৰ কাঁইটে । মাকৰ হাক বচনত নামানি সি সোপাই নি বাহিৰত দলিয়াই পেলালে গৈ । বোলে এই সোপাই হেনো কাৰোবাক কণাহে কৰিব । বুঢ়ীয়ে সেইদিনা মনৰ দুখতে একো কৰিবই খোজা নাছিল । গধূলি বেলিকা বোৱাৰীয়েকে জাক দি থকা মহেনক  গৰুৰ বাবে  পিঠা খুন্দোঁতে  থাকি যোৱা খুদ গুৰি খিনিৰ সৈতে নহৰু আৰু পানী মিহলাই নিয়ম অনুসাৰে ঘৰৰ চাৰিওফালে চটিয়াব লৈ দিলে তেনে কৰিলেও হেনো দেও ভূত নাহে । মহেনে সেইটো নিয়ম মনা দেখিহে বুঢ়ীয়ে সেইবাৰ ঘৰখনত বিহু হবলৈ দিলে । নহলে সেইবাৰেই বুঢ়ীয়ে আত্মজাহ দিম বুলি পাঙিছিল ।

-বোলে সেইটো বাপকণ নহয় নে ?
ঘৰৰ কাষৰ আলিৰ কেঁকুৰিটো পাওঁতেই নিতাই বুঢ়ীৰ আলিৰ কাষৰে বাৰীখনলৈ চকু গল ।
-হয় আপাদেউ
বাপকণে বাৰীৰ পৰাই উত্তৰ দিলে ।
-বোলে সেইখনেৰে সেইজোপা কি কৰ ?
নিতাই বুঢ়ীয়ে বাপকণৰ হাতত থকা কুঠাৰ খনলৈ আঙুলিয়াই দি সুধিলে । বুঢ়ীৰ প্ৰশ্নটো শুনিয়েই বাপকণৰ গা চেবালে । আজি তাৰ ভাগ্যত ভালকৈ এবকলা পৰিব চাগৈ তথাপি নিজৰ ফালে জোৰ দি কলে
-এহ্ বৰমা ঘৰত খৰি এডোখৰো নাই ,গতিকে এইজোপাকে কাটো বুলি ভাবিছোঁ ।
-খৰি নাই বাবেই ফলৰ গছজোপা কাটিবি নে ? কেতিয়াবা লৰা-লুৰিবোৰেই খাই । হেৰৌ ,তেনে এজোপা গছ আকৌ ডাঙৰ হৈ ফল লাগিবলৈ কিমান সময় লব কেতিয়াবা ভাবি চাইছনে ?
-আপাদেউ,আজিকালি লৰা ছোৱালীয়ে টেপৰ টেঙা নাখায়েই । সেইবাবেই এনেকুৱা গছ নাইকিয়াই হল দেখা নাই ।
বাপকণে কাটিবলৈ লোৱা গছজোপাৰ ফালে চাই কলে ।
-নাইকিয়া হল বাবেহে যি এজোপা দুজোপা গছ আছে তাক কাটিব নালাগে । নহলে কোনোবা এদিন ছবি দেখাইহে লৰা ছোৱালীক চিনাকি কৰিব লাগিব এইজোপা চা টেপৰ টেঙা গছ । এইটো টেপৰ টেঙা ,পকিলে খাবলৈ বৰ ভাল । তাতে এই গছজোপাৰে ঢেঁকী সাজিবলৈ কিমান ভাল হয় পাহৰিলি নেকি ?
নিতাই বুঢ়ীৰ কথা শুনি বাপকণ সেমেনা-সেমেনি কৰি ৰল ।
-খৰি নাই যদি আমাৰ বাঁহনিৰ পৰা গছ এডাল কাটি আনিবি । কিন্তু এইডাল নাকাটিবি ।
 বাপকণৰ উত্তৰলৈ বাট নাচায় বুঢ়ীয়ে ঘৰৰ ফালে খোজ ললে । তেওঁ ভালকৈয়ে জানে তেওঁ মানা কৰি থৈ অহাৰ পাছত বাপকণে সেইজোপা গছ নাকাটে । কাটিবলৈ সাহো নকৰে ।
ঘৰ পাই দেখিলে মহেন বাৰাণ্ডাতে চকী এখনত আঁউজি বহি আছে । বুঢ়ীয়ে মহেনৰ কপাল খন চুই চালে । অলপ অলপ গৰম হৈ আছে । শাহুৱেকৰ আগমনৰ কথা গম পাই কপাহীয়েও পানী এঘটি লৈ ওলাই আহিল । বুঢ়ীয়ে পানী ঘটিৰে মুখ খন ধুই বাৰাণ্ডাতে বহি কলে
- বোৱাৰী, মই কৈছিলোঁ নহয় ইয়াৰ গাত বৰ জোপাৰ দেওটো লাগিব পাই । বেজেও তাকে কলে জাননেনহলে জানো কথা নাই বতৰা নাই তেনেকৈ হৌ হৌ কৈ জ্বৰ উঠে নে ।
-আই, বেমাৰে জাননী দি নাহে ।
মাকৰ কথাত ৰস পাই মহেনে মাত লগালে । মহেনৰ কথা শুনি বুঢ়ীয়ে চকু ঘোপা কৰি ভিতৰত সোমালগৈ । কপাহীয়ে অসহায় চকুৰে গিৰিয়েকলৈ চালে ।
আবেলিলৈ কলিমন বেজৰ মন্ত্ৰ-পূত পানীখিনি বুঢ়ীয়ে ঘৰলৈ অনোৱালে । পানীখিনি অনাৰ আগতেই বুঢ়ীয়ে বোৱাৰীয়েকক বাৰে বাৰে কৈ আছিল, পুতেকক যাতে যেনে তেনে কৰি হলেও গা তিয়াবলৈ মান্তি কৰাব লাগিব । নহলে গা ভাল নহব ।
পিছে বুঢ়ীয়ে ভবাৰ দৰে পানী টেকেলীটো লৈ বেচি যুঁজ বাগৰ কৰিব লগা নহল । মহেনে নিমাতেই বেজে কোৱাৰ নিয়মত গা তিয়াই আহিল ।
ৰাতিলৈ জ্বৰ একেবাৰে কমিল বুলিয়েই কব পাৰি । ভাতৰ পাতত বহি বুঢ়ীয়ে ফৰ্ফৰাই কলিমন বেজৰ গুণ বখানিবলৈ আৰম্ভ কৰিলে ।
-হেৰা, ঔষধ কেইটা আনাহে ।
ইতিমধ্যে ভাত খাই উঠা মহেনৰ মাতত বুঢ়ীয়ে নিজৰ বকলা বন্ধ কৰি চকু দুটা বহল কৈ মেলি তাৰ ফালে চালে ।
-দেৱাই ! কিহৰ দেৱাই ?
বুঢ়ীৰ প্ৰশ্ন শুনি মহেনে মিচিকিয়াই হাঁহিলে । পিছে একো নকলে । ৰহস্য ভাঙিলেহি বোৱাৰীয়েক কপাহীয়ে
-আই অথনি আপুনি ওলাই যোৱাৰ পাছত এখেত ৰমেনৰ লগত বগৰিটিঙত থকা ডাক্তৰখানালৈ গৈছিল । ডাক্তৰে বেজী দুটা দিলে বোলে আৰু কিবা কিবি দেৱাই অলপো দিলে । সেইখিনি খোৱাৰ পাছৰে পৰা জ্বৰটো কমিলচোন । গাৰ বিষও নাইয়ে হেনো ।
 কপাহীৰ কথা শুনি বুঢ়ীৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ । ডাক্তৰ বুলিলেই বুঢ়ীৰ নোম ডাল ডাল হৈ পৰে । সেই সিচুকৰ অকণৰ ঘৈণীয়েকজনী বাঁকে পাওঁতে বেজালি নকৰি তেনে ডাক্তৰক দেখুৱাৰ বাবেই মৰা নাছিল নে ! আৰু বুঢ়ীৰ যে আৰু এটা পুতেক আছিল, ভৰ ডেকা বয়সৰ সেই লৰাটো এনেকুৱা এটা জ্বৰতেই বুঢ়ীৰ বুকুত জুই দি  সিফলীয়া হল । সেইয়াও বেজৰ কাষ নাচাপি ডাক্তৰৰ দেৱাই খুৱাই থকাৰ বাবেই নহয় জানো ? কত মানুহ এই ডাক্তৰ মখাই মাৰিছে । তাতকৈ বহু বেচি মানুহ কলিমন বেজেই বচাইছে !
-এই ঘৰৰ মানুহে আকৌ সেই বিজতৰীয়া সোপাৰ কাষ চাপিছে ! মই পাৰোঁতেই সেই টিকা ফটা ৰদত গৈ বেজৰ পৰা বিধান আনিছিলোঁ গৈ নে ! তহঁতি মোৰ কথা উপলুঙা ক? মই ভবাবোৰ এনেই ভাবো বুলি ভাৱ ?  
বকি বকি বুঢ়ীয়ে ভাত খাই থকা কাঁহী খন ঠেলা মাৰি আঁতৰাই দিলে ।
মহেনে মাকলৈ চালেসি জানে, দুৰাৰোগ্য ৰোগত মৃত্যু হোৱা তাৰ ককায়েকৰ মৃত্যুৰ বাবে মাকে আজিও ডাক্তৰকেই জগৰীয়া কৰে ।  সেই আঘাতত তেওঁ আজিও জ্বলি পুৰি আছে । মাকে চাগৈ ভয় কৰে কিজানি সিও তেনেকৈ হেৰাই যাব ! আবেলি সেইবাবেই সি মাকে আনি দিয়া পানীখিনিৰে গা তিয়াইছিল । যদিও সেইবোৰত তাৰ তিলমানো বিশ্বাস নাই , কেৱল মাকৰ মনটো ভাল লাগক বুলিয়েই কৰিছিল । মাকলৈ তাৰ বিৰাট মৰম লাগি গল । আয়ৈ দেহি কমতি আজলী নে তাৰ এই মাকজনী । সি মাকৰ কাষ চাপি গৈ কলে
-আই,সেই ঔষধবোৰ মই কিবা এনেই হে খাইছোঁ । মই জানো নহয় ,মই ভাল হৈছোঁ তই সেই কলিমন বেজৰ পৰা আনি দিয়া পানীখিনিৰে গা তিয়াইহে । মই ডাক্তৰক বিশ্বাস নকৰো নহয়, মই তোক বিশ্বাস কৰোঁ বুজিছ, তোক
নিতাই বুঢ়ীয়ে পুতেকলৈ চালে ।  বুঢ়ীয়ে বুজি পাইছে পুতেকে আচলতে কোনটোক বেছি বিশ্বাস কৰে, ডাক্তৰৰ দেৱাই নে কলিমন বেজে দিয়া পানীখিনি । তথাপি বুঢ়ীৰ মনটো ভাল লাগি গল । পুতেকে যে সকলোতকৈ বেছি তেওঁকে বিশ্বাস কৰে ।
নিতাই বুঢ়ীৰ সোলা মুখখনত এটা বহল হাঁহি বিয়পি পৰিল ।


এইফালে বুঢ়ীয়ে হাঁহিলে সিফালে বৰ জোপাত থকা দেওটো ছটফটাই উঠিল । মাকৰ পুতেকৰ প্ৰতি থকা এনে টান আৰু পুতেকৰ মাকৰ প্ৰতি থকা এনে মৰমে যে তাক সদায় বৰ গছতে ওলমি থাকিবলৈ বাধ্য কৰায় । বৰ খঙ উঠে তেতিয়া । বৰ খঙ উঠে । খঙতে সি টেঁটু ফালি যোৱা চিঞৰ এটা মাৰি দিলে । পিছে বৰ জোপাৰ ধোন্দত থকা ফেঁচা কেইটাৰ বাহিৰে কোনেও তাৰ চিঞৰ নুশুনিলে । নিতাইৰ বুঢ়ীৰ ঘৰৰ কথাটো বহু দূৰৈৰ কথা । কাৰণ বুঢ়ীৰ ঘৰখন সেই সময়ত বুঢ়ীৰ হাঁহিয়ে আৱৰি আছিল ।





(লেখাটো জুলাইৰ সংখ্যাৰ অসমীয়া নাৰী যুগ নামৰ আলোচনীখনত আৰু সাহিত্য ডট অৰ্গৰ জুলাইৰ সংখ্যাত  প্ৰকাশ হৈছে)
 

No comments:

Post a Comment